নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰুভূমিকৰণৰ চাৰিটা সত্য-

প্রতিবছৰে এক লাখ বিশ হাজাৰ বর্গ কিলোমিটাৰ অঞ্চল মৰুভূমিকৰণৰ দিশে গতি কৰে৷ ৰাষ্ট্রসংঘৰ মতে মৰুভূমিকৰণ জৈৱ বৈচিত্র্যৰ বাবে আটাইতকৈ ডাঙৰ প্রত্যাহ্বান ৷

  • নীৰৱ ঘাতক ৰূপে পৰিচিত মৰুভূমিকৰণ৷ প্রতিবছৰে নিউ মেক্সিকো অথবা প’লেণ্ডৰ সমপর্যায়ৰ অঞ্চলৰ ভূমিত উর্বৰা শক্তি নাশ হয়৷ ফলত সমপৰিমাণৰ অঞ্চলত বাস কৰা বহুসংখ্যক মানুহৰ প্রব্রজন হয় প্রতিবছৰে৷
  • আফ্রিকা মহাদেশত ৩৬খন দেশ মৰুভূমিকৰণৰ দ্বাৰা আক্রান্ত৷ এই অঞ্চলৰ ৭৫ শতাংশ ভূমি উর্বৰা শক্তিহীনতাৰ দিশে গতি কৰিছে৷
  • মৰুভূমিকৰণৰ বাবে মূলতঃ দায়ী ৰাসায়নিক দ্র্রব্য, অবিজ্ঞানসন্মত কৃষি উদ্যোগ আৰু অধিক হাৰত অৰণ্যাঞ্চল ধ্বংস৷
  • মৰুভূমিকৰণৰ বাবে খাদ্য সুৰক্ষাৰ দিশটোত অধিক আশংকা নামি আহিব ভৱিষ্যতে৷
You might also like