নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লি ৱেনলিয়াং ক’ৰোনা ভাইৰাছঃ এজন ডাক্তৰৰ মৃত্যুত চীনত জোকাৰণি

এজন চিকিৎসকৰ মৃত্যুৱে জোকাৰি গৈছে চীন৷ দেশজুৰি এতিয়া অধিক বাক্–স্বাধীনতা বিচাৰি বিদ্বৎ সমাজে ৰাষ্ট্রপতি ঝি জিনপিঙলৈ মুকলি পত্র প্রেৰণ কৰিছে৷ জিনপিঙৰ কার্যকালত সাধাৰণ নাগৰিকৰ বাক্–স্বাধীনতা খর্ব কৰা বুলি অভিযোগ উঠিছে৷ চৰকাৰৰ বিৰুদ্ধে অসন্তুষ্টি প্রকাশ কৰা ব্যক্তিৰ বিৰুদ্ধে আৰক্ষী বাহিনীয়ে চলাইছে অভিযান৷ লি ৱেনলিয়াং নামৰ ৩৪ বছৰীয়া চকু বিশেষজ্ঞজনৰ মৃত্যুৰ পিছত এতিয়া চীনৰ চৰকাৰৰ বিৰুদ্ধে উত্থাপিত অভিযোগ যে অসত্য নহয় সেয়া প্রমাণ হৈ গ’ল৷ যোৱা বৃহস্পতিবাৰে মাজনিশা য়ুহানৰ চেণ্ড্রেল হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে লিয়ে৷ ক’ৰোনা ভাইৰাছত আক্রান্ত ৰোগীক দিনে–নিশাই চিকিৎসা কৰি অহা চিকিৎসকজন অৱশেষত এই মাৰাত্মক ভাইৰাছৰ আক্রমণৰ বলি হ’ল আৰু কৰুণ মৃত্যুক সাবটি ল’লে৷
ছিভিয়েৰ একিউট ৰেছপিৰেটৰী ছিনড্রম(SARS)ৰ চিকিৎসা কৰা চিকিৎসা কর্মীসকল এনে সংক্রামক বীজাণুৰ দ্বাৰা আক্রান্ত হোৱাটো অলপো অস্বাভাৱিক কথা নহয়৷ প্রয়োজনীয় প্রতিৰোধমূলক ব্যৱস্থা গ্রহণ কৰাৰ পিছতো তেওঁলোক সম্পূর্ণ সুৰক্ষিত নহয়৷ কিন্তু যিটো কাৰণত লিৰ মৃত্যুৱে চীনৰ জনসাধাৰণৰ মাজত তীব্র প্রতিক্রিয়া সৃষ্টি কৰিছে, সেইটো হ’ল দেশখনৰ জনতাৰ সামাজিক–ৰাজনৈতিক পৰিস্থিতিৰ সৈতে জড়িত৷ লি আছিল সেই আঠজন চিকিৎসকৰ ভিতৰত অন্যতম যিয়ে য়ুহানত ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ বিষয়ে আগতীয়াকৈ সতর্কবাণী প্রেৰণ কৰি চৰকাৰৰ ৰোষত পৰিছিল৷ ডিচেম্বৰৰ শেষৰ ফালে য়ুহান চেণ্ড্রেল হাস্পতালৰ পৰীক্ষাগাৰত লিয়ে সাতজন ৰোগীৰ দেহত ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ প্রতিবেদন দেখা পাইছিল৷ সেইপর্যন্ত হাস্পতাল কর্তৃপক্ষই এই গুৰুতৰ বিষয়টো লুকুৱাই ৰাখিছিল আৰু ৰোগীসকলক গোপনে চিকিৎসা চলাই গৈছিল৷ কিন্তু লিয়ে সম্ভাব্য বিপদ সন্দর্ভত বন্ধুবর্গক সতর্ক কৰি দিবলৈ ছ’চিয়েল মিডিয়াৰ এটা গ্রুপত ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ তথ্য দিছিল৷ কম সময়ৰ ভিতৰতে লিৰ পোষ্টটো ভাইৰেল হৈ পৰে৷ আনকি য়ুহানৰ সংবাদ মাধ্যমতো লিৰ পোষ্ট প্রকাশিত হয়৷ ইয়াৰ পিছতে ৩ জানুৱাৰীৰ দিনা লিক য়ুহানৰ আৰক্ষীয়ে থানালৈ নি এই সন্দর্ভত সোধা–পোছা কৰাই নহয় তেওঁৰ ওপৰত মানসিক অত্যাচাৰো চলায়৷ হেঁচা প্রয়োগ কৰি তেওঁ এয়া এক উৰাবাতৰি বুলি স্বীকাৰোক্তি দিবলৈও বাধ্য কৰে৷ তেওঁ ভৱিষ্যতে ইয়াৰ পুনৰাবৃত্তি নহয় বুলি লিখি দিবলৈ বাধ্য হয়৷ ইয়াৰ চাৰি দিনৰ পিছতে লিৰ দেহলৈ ক’ৰোনা ভাইৰাছৰ সংক্রমণ হয়৷ এই ভাইৰাছত আক্রান্ত এগৰাকী মহিলাই চকুৰ বিষৰ বাবে তেওঁৰ কাষলৈ আহিছিল৷ লিয়ে পিছত নিজৰ ভুল স্বীকাৰ কৰি প্রকাশ কৰিছিল যে ৰোগীগৰাকীক চিকিৎসা কৰাৰ সময়তে তেওঁ কোনো প্রতিৰোধমূলক ব্যৱস্থা গ্রহণ কৰা নাছিল৷ অৱশ্যে নিজৰ দেহত সংক্রমণৰ প্রাৰম্ভিক লক্ষণ দেখাৰ লগে লগে লিয়ে ঘৰলৈ যোৱাৰ সলনি দুদিন হোটেলত থাকে আৰু তৃতীয় দিনা চিকিৎসালয়ত ভর্তি হয়৷ দুর্ভাগ্যৰ বিষয় যে চিকিৎসকৰ সকলো প্রচেষ্টাৰ পিছতো তিনি সপ্তাহ যুঁজ দি লিয়ে মৃত্যুক আঁকোৱালি ল’লে৷
লক্ষণীয় যে য়ুহান আৰক্ষীয়ে লি আৰু আন চিকিৎসককেইজনৰ বিৰুদ্ধে গ্রহণ কৰা ব্যৱস্থা শুদ্ধ নাছিল বুলি পিছত ভর্ৎসনা কৰে চীনৰ ছুপ্রিম পিপল্ছ ক’র্টে৷ ক’র্টে ৰায় দিয়ে যে চিকিৎসককেইজনৰ ‘উৰাবাতৰি’ য়ুহানৰ জনতাই বিশ্বাস কৰি যদি সেই সময়তে প্রতিৰোধমূলক ব্যৱস্থা গ্রহণ কৰিলেহেঁতেন আৰু য়ুহানৰ বৃহৎ মাংসৰ বজাৰখনলৈ যোৱা বন্ধ কৰিলেহেঁতেন, তেন্তে সেইটো খুব ভাল কথা হ’লহেঁতেন৷ ন্যায়ালয়ৰ এই ৰায়ক লৈ এতিয়া কেৱল চীনতে নহয় বিশ্বৰ অন্যান্য দেশতো তীব্র প্রতিক্রিয়া সৃষ্টি হৈছে৷ চীনে এই মাৰাত্মক বীজাণু প্রতিৰোধৰ বাবে তৎকালে ব্যৱস্থা গ্রহণ নকৰি বিশ্ব স্বাস্থ্য সংস্থাৰ নির্দেশনা উলংঘা কৰা বুলিও অভিযোগ উঠিছে৷ লি নিজে আছিল কমিউনিষ্ট পার্টীৰ এজন সদস্য৷ চৰকাৰৰ বিৰুদ্ধে তেওঁ কোনো ধৰণৰ মন্তব্যও কৰা নাছিল৷ তেওঁৰ একমাত্র উদ্দেশ্য আছিল সম্ভাব্য বিপদ সন্দর্ভত বন্ধুবর্গক সতর্ক কৰি দিয়া৷ কিন্তু য়ুহান চেণ্ড্রেল হাস্পতাল কর্তৃপক্ষৰ লগতে আৰক্ষী প্রশাসনৰ কার্যব্যৱস্থাই এই কথাকে প্রতিপন্ন কৰিলে যে চীনত নাগৰিকৰ বাক্–স্বাধীনতাৰ কোনো মূল্য নাই৷ ইয়াৰ বাবেই এতিয়া চীনৰ জনসাধাৰণে প্রশ্ণ উত্থাপন কৰিছে যে চৰকাৰে প্রকৃত তথ্য গাপ দিয়াৰ সলনি আৰম্ভণিতেই যুদ্ধকালীন তৎপৰতাৰে সঠিক পদক্ষেপ লোৱা নহ’ল কিয়? এনে পদক্ষেপেৰে ক’ৰোনা ভাইৰাছৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা নিশ্চিতভাৱে নিয়ন্ত্রণ কৰিব পৰা গ’লহেঁতেন৷
লিক এতিয়া চীনৰ ছ’চিয়েল মিডিয়াত নায়ক আখ্যা দিয়া হৈছে৷ তেওঁৰ মৃত্যুৱে যিদৰে চীনা জনসাধাৰণক শোকস্তব্ধ কৰিছে, তাক ৰাষ্ট্রীয় শোকৰ সৈতে তুলনা কৰিছে বহুতেই৷ তেওঁৰ সতীর্থ চিকিৎসকলে প্রকাশ কৰা মতে, ক’ৰোনা ভাইৰাছৰ প্রাৰম্ভিক তথ্য লাভ কৰাৰ পিছতে সতর্কতামূলক ব্যৱস্থা সন্দর্ভত লিয়ে চিকিৎসালয় কর্তৃপক্ষৰ সৈতেও আলোচনা কৰিছিল৷ কিন্তু ইয়াৰ কোনো সঁহাৰি তেওঁ নাপালে৷ চিকিৎসাধীন হৈ থকা অৱস্থাত তেওঁ ছ’চিয়েল মিডিয়াত কেইবাটাও পোষ্ট দিছিল৷ তেওঁ আক্ষেপ প্রকাশ কৰিছিল যে আৰম্ভণিতেই য়ুহানত যুদ্ধকালীন তৎপৰতাৰ গ্রহণ কৰা হ’লে আক্রান্ত ৰোগীৰ সংখ্যা ইমান দ্রুতগতিত বৃদ্ধি নাপালেহেঁতেন৷ মানুহৰ পৰা মানুহলৈ এই ভাইৰাছ সংক্রমিত হয় বুলি স্বীকাৰ কৰিবলৈ কিয় ইমান সময়ৰ প্রয়োজন হ’ল বুলিও তেওঁ প্রশ্ণ উত্থাপন কৰিছিল৷ ৰাষ্ট্রপতিলৈ চীনৰ কেইবাজনো শিক্ষাবিদে লিখা এক মুকলি পত্রত এই ঘটনাক লৈ তীব্র ক্ষোভ প্রকাশ কৰা হৈছে৷ পত্রখনত চৰকাৰক আহ্বান জনোৱা হৈছে যাতে জনতাৰ বাক্–স্বাধীনতাক ৰক্ষণাবেক্ষণ দিয়া হয়৷ লিৰ মৃত্যুৰ বাবে চৰকাৰক মুকলিকৈ ক্ষমা প্রার্থনা জনাবলৈ দাবী কৰি পত্রখনত উল্লেখ কৰা হৈছে– ‘এয়া হ’ল মানৱসৃষ্ট দুর্যোগ আৰু লি ৱেনলিয়াঙৰ মৃত্যুৰ পৰা চীনে শিক্ষা লোৱা উচিত৷’ তাৎপর্যপূর্ণ যে দেশজোৰা প্রতিক্রিয়াৰ পিছত য়ুহানৰ প্রশাসন আৰু ৰাষ্ট্রীয় স্বাস্থ্য আয়োগে লিৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰিছে৷ নেটনেল ছুপাৰভাইজৰী কমিছনে ইতিমধ্যে তদন্ত ঘোষণা কৰিছে৷
লি সৰুৰে পৰা এজন মেধাৱী ছাত্র হিচাপে পৰিচিত আছিল৷ ১৯৮৬ চনৰ ২ অক্টোবৰত উত্তৰ–পূব চীনৰ বাইজেনত জন্মগ্রহণ কৰা লিয়ে ২০০৪ চনত প্রতিযোগিতামূলক পৰীক্ষাত সুখ্যাতিৰে উত্তীর্ণ হৈ য়ুহান ইউনিভার্ছিটীৰ স্কুল অৱ মেডিচিনত সাত বছৰীয়া স্নাতক আৰু স্নাতকোত্তৰ ডিগ্রীৰ পাঠ্যক্রমত নামভর্তি কৰিছিল৷ ২০১১ চনত তেওঁ সফলতাৰে উত্তীর্ণ হৈ তিনি বছৰ জিয়ামেন চেণ্টাৰত কাম কৰি ২০১৪ চনত য়ুহান চেণ্ড্রেল হাস্পতালত চকু বিশেষজ্ঞ হিচাপে যোগদান কৰিছিল৷ লিৰ মৃত্যুৰ সময়ত পত্নী আছিল সন্তানসম্ভৱা৷ ইতিমধ্যে তেওঁলোক এটি সন্তানৰ গৰাকী হৈছিল৷ উল্লেখ্য যে আৰম্ভণিতেই চিকিৎসকজনে পৰিয়ালৰ লোকক সংক্রমণৰ পৰা ৰক্ষা কৰাৰ বাবে হোটেলত আছিল যদিও যোৱা মাহত তেওঁৰ পিতৃ–মাতৃও ক’ৰোনা ভাইৰাছত আক্রান্ত হয়৷

You might also like