নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুপ্ত প্রতিভাক জাগ্রত কৰাৰ উপায়

বিল ময়ার্ছ আছিল আমেৰিকা যুক্তৰাষ্ট্রৰ এজন প্রাক্তন ৰাষ্ট্রপতি লীনডন জনছনৰ (১৯৬৩–১৯৮৯) প্রেছ ছেক্রেটাৰী৷ জনছনৰ কার্যকাল অন্ত পৰাত বিল ময়ার্ছৰো চাকৰি গ’ল, আৰু তেওঁ গ্রহণ কৰিলে টেলিভিছন সাংবাদিকৰ বৃত্তি৷ টেলিভিছন সাংবাদিক হিচাপে তেওঁ কেইবাখনো তথ্যচিত্র নির্মাণ কৰিছিল৷ সেইবোৰৰ ভিতৰত বিশেষভাৱে উল্লেখযোগ্য দুখন তথ্যচিত্র হ’লOn Creativity আৰুListening to America৷On Creativity শীর্ষক তথ্যচিত্রখন নির্মাণ কৰাৰ অভিজ্ঞতাৰ ভিত্তিত তেওঁ এটা প্রবন্ধ লিখিছিল–The Creativity Quest৷ প্রবন্ধটো মই পঢ়িবলৈ পাইছিলোঁThe American Review নামৰ আমেৰিকান আলোচনী এখনৰ ১৯৮২ চনৰ গ্রীষ্ম সংখ্যাত৷
প্রবন্ধটোৰ এঠাইত বিল ময়ার্ছে লিখিছে– ‘ছেমছন ৰাফায়েলছনে এখন আলোচনীৰ সম্পাদকলৈ তেওঁৰ কেইটামান গল্প পঠিয়াইছিল৷ তেওঁ লিখা প্রথম গল্প৷ গল্পকেইটা পঢ়িয়েই সম্পাদকজনে গল্পকেইটাৰ প্রশংসা কৰি লেখকজনলৈ এখন চিঠি লিখিলে৷ চিঠিখন পাই ৰাফায়েলছনৰ প্রথম প্রতিক্রিয়া হ’ল–’And I became a person’৷ বিল ময়ার্ছে মন্তব্য কৰিছে’For the inner life to flourish, everyone needs to be touched by someone’৷ এতিয়া মই মোৰ নিজৰ কেইটামান অভিজ্ঞতাৰ কথা কওঁ৷
মই ‘অসম বাণী’ৰ সম্পাদক হৈ থকাৰ সময়ত (১৯৯০–৯৬) এদিন এগৰাকী অচিনাকি মহিলাৰ পৰা প’ষ্টকার্ডত লিখা এখন সৰু চিঠি পালোঁ৷ তেওঁ চিঠিখন লিখিছে ‘অসম বাণী’ত প্রকাশিত এটা প্রবন্ধৰ কিবা এটা ভুল ধৰি৷ মই চিঠিখন উৰাই–ঘূৰাই কেইবাবাৰো পঢ়িলোঁ৷ পঢ়িলোঁ এই কাৰণেই যে চিঠিখনৰ ভাব আৰু ভাষাই মোৰ মনত গভীৰ প্রশংসাৰ উদ্রেক কৰিলে৷ অথচ চিঠিখন লিখা হৈছিল এটা প’ষ্টকার্ডৰ সীমিত পৰিসৰত মাত্র কেইটামান বাক্যত৷ মোৰ মনত নিশ্চিত বিশ্বাস হ’ল যে এনে এখন চিঠি লিখিব পৰা মহিলাগৰাকী সন্দেহাতীত বৈদগ্ধ্য আৰু মননশীলতাৰ অধিকাৰিণী, আৰু তেওঁ লিখাত হাত দিলে আমি এগৰাকী নতুন প্রতিভাশালিনী লেখিকা পাম৷ মই ততালিকে তেওঁলৈ এখন চিঠি লিখি তেওঁৰ প’ষ্টকার্ডৰ চিঠিখনৰ প্রশংসা কৰিলোঁ আৰু ‘অসম বাণী’ত লিখিবলৈ তেওঁক অনুৰোধ কৰিলোঁ৷ মোৰ চিঠিখন পায়েই তেওঁ মোলৈ টেলিফোন কৰি মোক ক’লে যে তেওঁ জীৱনত কেতিয়াও একো লিখা নাই আৰু লিখাৰ কথা সপোনতো ভবা নাই৷ তেওঁৰ পৰিচয় সুধি মই জানিব পাৰিলোঁ যে তেওঁ যোৰহাটৰ আঞ্চলিক গৱেষণাগাৰৰ (এতিয়া নাম সলনি হ’ল) এগৰাকী বিজ্ঞানী, নাম অঞ্জনা বৰুৱা, জন্মসূত্রে বাঙালী, এজন অসমীয়া কলেজ শিক্ষকক বিয়া কৰি বৰুৱা হৈছে৷ তেওঁ লিখিবলৈ অপাৰগতা প্রকাশ কৰিলে যদিও ময়ো সহজে এৰা ভকত নহওঁ৷ বহুত বঢ়াই–বুজাই তেওঁক মই লিখিবলৈ বাধ্য কৰিলোঁ৷ দিল্লীলৈ বদলি হৈ যোৱাৰ আগলৈকে তেওঁ ‘অসম বাণী’ আৰু ‘আমাৰ অসম’ত কেইবাটাও অতি উচ্চ মানৰ ভাবগধুৰ প্রবন্ধ লিখিছিল৷ মোৰ মনত তিলমাত্র সন্দেহ নাই যে তেওঁ দিল্লীলৈ বদলি হৈ নোযোৱা হ’লে আৰু মোৰ সংস্পর্শত থকা হ’লে তেওঁ ইমানদিনে এগৰাকী মৌলিক প্রতিভাসম্পন্ন চিন্তাশীল লেখিকা হিচাপে নিজকে প্রতিষ্ঠা কৰিব পাৰিলেহেঁতেন৷
এই প্রসংগত মই যিটো কথাৰ ওপৰত বেছি গুৰুত্ব দিব খুজিছোঁ সেইটো হ’ল এই যে অঞ্জনা বৰুৱাৰ বৌদ্ধিক প্রতিভা আৱিষ্কাৰ কৰিবলৈ মোৰ দৰকাৰ হৈছিল এখন প’ষ্টকার্ডত লিখা মাত্র কেইটামান বাক্যৰ৷
মই ‘অসম বাণী’ৰ সম্পাদক হৈ থাকোঁতেই আন এগৰাকী মহিলাৰ এখন চিঠি পালোঁ– যিখন চিঠিয়ে মহিলাগৰাকীৰ জীৱন কিছু পৰিমাণে হ’লেও সলনি কৰি দিলে বুলি বোধহয় ক’ব পাৰি৷ কলকাতাৰ পৰা মোলৈ চিঠি লিখা মহিলাগৰাকী আছিল অনুৰাধা শর্মা পূজাৰী, তেওঁ চিঠিখনত লিখিছিল যে ‘অসম বাণী’ত লিখিবলৈ তেওঁক এটা সুযোগ দিব লাগে৷ তেওঁৰ চিঠিখন পোৱাৰ আগলৈকে মই কেতিয়াও তেওঁৰ নাম শুনা নাছিলোঁ৷ চিঠিখনৰ উত্তৰত মই লিখিলোঁ যে তেওঁৰ যদি লিখাৰ অভ্যাস আছে, তেন্তে কেইটামান নমুনা মোলৈ পঠিয়াই দিলে তেওঁৰ অনুৰোধটো বিবেচনা কৰি চাবলৈ মোৰ সুবিধা হ’ব৷ যথা সময়ত তেওঁ ইতিমধ্যে আন এখন বাতৰিকাকতত প্রকাশ হোৱা তেওঁৰ কেইটামান প্রবন্ধৰ প্রতিলিপি মোলৈ পঠিয়াই দিলে৷ প্রবন্ধকেইটা পঢ়ি তেওঁৰ প্রতিভা সম্বন্ধে মই নিঃসন্দেহ হ’লোঁ৷ ‘অসম বাণী’ত প্রতি সপ্তাহে ‘কলিকতাৰ চিঠি’ শীর্ষক এলানি সংবাদধর্মী ৰচনা লিখিবলৈ মই তেওঁক পৰামর্শ দিলোঁ৷ ‘অসম বাণী’ত কলিকতাৰ চিঠি প্রকাশ হোৱাৰ প্রায় লগে লগে প্রবন্ধবোৰে বিপুল জনপ্রিয়তা অর্জন কৰিলে আৰু অসমৰ সাহিত্য আকাশত এটা নতুন তৰাই ভুমুকি মাৰিছে বুলি সকলোৱে অনুভৱ কৰিলে৷
এনেতে ‘অসম বাণী’ৰ বিহু সংখ্যাৰ কাৰণে প্রস্তুতি পর্ব আৰম্ভ হ’ল৷ মই অনুৰাধালৈ এখন চিঠি লিখি বিহু সংখ্যাৰ কাৰণে এখন উপন্যাস লিখিবলৈ তেওঁক অনুৰোধ কৰিলোঁ৷ মোৰ অনুৰোধ পাই তেওঁ টেলিফোনতে প্রায় গৰজি উঠিল– ‘মই জীৱনত সপোনতো উপন্যাস লিখাৰ কথা ভবা নাই এতিয়া আপুনি হুকুম দিলেই মই উপন্যাস লিখিব পাৰিম নেকি?’ প্রায় এমাহমান ধৰি উপন্যাস লিখা–নিলিখাক লৈ বহু বাক্–বিতণ্ডা চলিল৷ অনুৰাধাৰ এক কথা– মই জীৱনত উপন্যাস লিখাৰ কথা ভবা নাই আৰু কেতিয়াও লিখিব নোৱাৰোঁ৷ মোৰো এক কথা– উপন্যাস লিখিবৰ কাৰণেই ঈশ্বৰে তোমাক পৃথিৱীলৈ পঠাইছে, আৰু তুমি উপন্যাস লিখিবই লাগিব৷ অনুৰাধাই দুই–এদিন টেলিফোনতে কিছু কন্দা–কটাও কৰিলে৷ কিন্তু মই নাছোৰবান্দা৷ অৱশেষত ‘অসম বাণী’ৰ বিহু সংখ্যাৰ কাৰণে অনুৰাধাৰ উপন্যাস আহিল– ‘হূদয় এক বিজ্ঞাপন’৷
তাৰ পিছৰ কাহিনী এতিয়া ইতিহাস৷ এতিয়া অনুৰাধা শর্মা পূজাৰী অসমৰ এগৰাকী অতি জনপ্রিয় আৰু পাঠকৰ দ্বাৰা বিপুলভাৱে সমাদৃত অগ্রগণ্য ঔপন্যাসিক৷
২০০২ নে ০৩ চনত মই দিখৌমুখলৈ ফুৰিবলৈ গৈছিলোঁ৷ মোক ভালপোৱা কেইজনমান মানুহে মোক তালৈ নিমন্ত্রণ কৰিছিল৷ গৌৰীসাগৰৰ ওচৰত মই গাড়ীৰ পৰা নমাৰ লগে লগে কেইজনমান মানুহে মোক আদৰণি জনাবলৈ আগবাঢ়ি আহিল৷ অচিনাকি মানুহকেইজনে নিজেই নিজৰ চিনাকি দিবলৈ আৰম্ভ কৰিলে৷ ইতিমধ্যে সুদর্শন আৰু সপ্রতিভ চেহেৰাৰ এজন ডেকাই মোৰ মনোযোগ বিশেষভাৱে আকৃষ্ট কৰিছিল৷ তেওঁ নিজৰ চিনাকি দিলে অসম মেডিকেল কলেজৰ এজন সহকাৰী অধ্যাপক হিচাপে৷ লগতে তেওঁ এই কথাও ক’লে যে মোক লগ পাবৰ কাৰণেই এদিনৰ ছুটী লৈ তেওঁ গৌৰীপুৰৰ নিজৰ ঘৰলৈ আহিছে৷ তাৰ পিছত ডাক্তৰ প্রণয় ফুকনৰ ঘৰতে চাহ–জলপান খাই দিখৌমুখ ভ্রমণ কৰিবলৈ আগবাঢ়িলোঁ৷ মোৰ অন্যতম ভ্রমণ সংগী হ’ল ডাক্তৰ প্রণয় ফুকন৷ দিখৌমুখৰ অপৰূপ প্রাকৃতিক শোভা চাই চাই আৰু মোৰ লগৰীয়াসকলৰ লগত দিখৌমুখৰ বিষয়ে নানা কথা–বতৰা পাতি দুপৰ বেলাত এজন মিচিং বন্ধুৰ ঘৰত সোমালোঁ৷ আমাক চাঙত আথেবেথে বহুৱাই গিৰিহতনীয়ে প্রত্যেকজন অতিথিলৈকে একোবাটি ছাই আপং আগবঢ়ালে৷ সেই দলটোত আপং খোৱা মানুহ আছিলোঁ কেৱল মই৷ আপং খাই খাই মই ডাক্তৰ প্রণয় ফুকনৰ মুখলৈ চাই ক’লোঁ– মোৰ মনত এনে ভাব হৈছে যে আপোনাৰ জেপত এটা কবিতা আছে৷ কবিতাটো পাঠ কৰি শুনাব নেকি?
ডাক্তৰ প্রণয় ফুকনক মই আগতে কেতিয়াও লগ পোৱা নাছিলোঁ৷ তেওঁৰ নামটোও কাহানিও শুনা নাছিলোঁ৷ তেওঁ কবিতা লিখে বুলি মই কিয় অনুমান কৰিলোঁ আৰু ঠিক সেই মুহূর্তত তেওঁৰ জেপত এটা কবিতা আছে বুলি মই কিয় ধৰি ল’লোঁ, তাৰ ব্যাখ্যা মই আজিও বিচাৰি পোৱা নাই৷ কিন্তু ডাক্তৰ প্রণয় ফুকনে মোক অবাক কৰি দি পেণ্টৰ জেপৰ পৰা সঁচাসঁচিকৈয়ে এটা কবিতা উলিয়ালে আৰু থিয় হৈ কবিতাটো পাঠ কৰিলে৷
আজি ডাক্তৰ প্রণয় ফুকন অসমৰ এজন অতি জনপ্রিয় আৰু সুপ্রতিষ্ঠিত কবি৷ কিন্তু কবি প্রণয় ফুকনৰ জন্ম হৈছিল দিখৌমুখৰ এখন মিচিং গাঁৱৰ চাংঘৰত, কাৰণ সেইদিনাৰ পিছৰ পৰাই তেওঁ মোৰ আগ্রহাতিশয্যত এটাৰ পাছত এটাকৈ কবিতা লিখিবলৈ ধৰিলে আৰু ইখনৰ পাছত সিখনকৈ কবিতা পুথি প্রকাশ হ’ল৷
প্রণয়ৰ লগত চিনাকি হোৱাৰ কিছুদিন পিছতে মই ডিব্রুগড় বিশ্ববিদ্যালয়ৰ কার্যনির্বাহক পৰিষদৰ অধিৱেশনত যোগ দিবলৈ ডিব্রুগড়লৈ যাব লগা হৈছিল৷ সেই সময়ত মই শাৰীৰিকভাৱে কিছু অসুস্থ হৈ আছিলোঁ৷ মই প্রণয়ৰ আগত স্বাস্থ্য পৰীক্ষা কৰাবলৈ ইচ্ছা প্রকাশ কৰাত তেওঁ মোক ডিব্রুগড়ৰ বিখ্যাত আদিত্য হাস্পতাললৈ লৈ গ’ল৷ হাস্পতালৰ মালিকৰ নাম ড০ নির্মল চাহেৱালা৷ তেওঁ মোক খুব ভালকৈ পৰীক্ষা কৰিলে আৰু মোৰ পৰা স্বাস্থ্য পৰীক্ষাৰ মাচুল লোৱাৰ পৰিৱর্তে হাস্পতালৰ কনফাৰেঞ্চ হলত ততাতৈয়াকৈ এখন সভা পাতি মোক ফুলৰ মালা পিন্ধাই সম্বর্ধনা জনালে৷ ডাক্তৰ চাহেৱালাৰ লগত এনেকৈ চিনাকি হোৱাৰ পিছত তেওঁ মাজে–সময়ে টেলিফোনত মোৰ লগত কথা পাতিবলৈ ধৰিলে৷ এদিন কথাৰ মাজতে তেওঁ ক’লে– ‘ছাৰ, আপুনি বহু বিচিত্র বিষয়ে সুখপাঠ্য ৰচনা লিখিছে কিন্তু অসমীয়াৰ বুকুৰ আপোন তামোলৰ বিষয়ে ক’তো এটাও শব্দ লিখা নাই বা মোৰ চকুত পৰা নাই৷ তামোলৰ বিষয়ে এখন ৰচনা লিখিবলৈ মই আপোনাক অনুৰোধ কৰিছোঁ৷’ উত্তৰত মই ক’লোঁ– ‘এসময়ত মই তামোল খাই খুব ভাল পাইছিলোঁ আৰু তামোলৰ বিষয়ে বহুত কথা জানিছিলোঁ৷ কেইবছৰমান আগতে মই তামোল সমূলঞ্চে ত্যাগ কৰিলোঁ আৰু তামোলৰ বিষয়ে আগতে জনা বহুত কথা পাহৰিও গ’লোঁ৷ তুমি তামোলৰ বিষয়ে যাৱতীয় সকলো কথা বর্ণনা কৰি মোলৈ এখন চিঠি লিখিলে মই তোমাৰ চিঠিখনৰ ভিত্তিত তামোলৰ বিষয়ে এখন ৰচনা লিখিবলৈ চেষ্টা কৰি চাব পাৰোঁ৷’
যথা সময়ত নির্মলৰ চিঠি আহিল৷ চিঠি নহয়– যেন অপূর্ব মাধুর্যপূর্ণ এখন ৰমণীয় ৰচনা৷ মই চিঠিখনৰ লগত মোৰ এটা পাতনি যোগ দি ‘আমাৰ অসম’ত চিঠিখন প্রকাশ কৰিলোঁ৷ সেই ৰচনাখনে চাৰিওফালে হুলস্থূল লগালে৷ ৰচনাখনৰ প্রশংসা কৰি জাপে জাপে চিঠি আহিবলৈ ধৰিলে৷ অসমৰ সাহিত্য মঞ্চলৈ চাহেৱালা উপাধিধাৰী এজন নতুন প্রতিভাশালী লেখকক আদৰণি জনাবলৈ পাই অসমীয়া পাঠক সমাজ উৎফুল্লিত হৈ পৰিল৷ ‘আমাৰ অসম’ত তামোলৰ বিষয়ে সেই ৰচনাখন প্রকাশ হোৱাৰ পিছত নির্মল চাহেৱালাই পিছলৈ আৰু ঘূৰি চাবলগীয়া হোৱা নাই কেইবাখনো কিতাপৰ লেখক নির্মল চাহেৱালাৰ ব্যক্তিগত ৰচনাবোৰ আজি অসমীয়া সাহিত্যৰ এক আপুৰুগীয়া সম্পদ বুলি স্বীকৃত হৈছে৷
মোৰ এনে ধৰণৰ শতাধিক অভিজ্ঞতাৰ পৰা বাছি বাছি মাত্র চাৰিটা অভিজ্ঞতাহে ক’বলৈ ঠাই পালোঁ৷

You might also like