নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সেন্দূৰ সম্বন্ধৰহে প্রমাণ, প্রেমৰ নহয়

‘এনে কুন্দত কটা চেহেৰাটো লৈ জন্ম হৈছ তই, বিপিনৰ লগত বিয়া নহৱ, কোনোবা ৰাজকুমাৰ আহিব নেকি তোক বিয়া কৰাবলৈ?’ –মোৰ কাণত ঠহৰ ঠহৰকৈ পৰিছিল কথাবোৰ৷ বিৰহী বাইদেউক মাকে বকি আছে৷ মই তেওঁলোকৰ ঘৰৰ পৰা গাখীৰ আনিবলৈ গৈছিলোঁ৷ বিৰহী বাইদেউৰ দেউতাক তেওঁ আৰু তেওঁৰ ভনীয়েক সৰু হৈ থাকোঁতেই ঢুকাল৷ মাকে গাঁৱৰ মানুহৰ ঘৰত ধান, চাউল জাৰি, ভঁূই ৰুই, ধান দাই ছোৱালী দুজনীৰ সৈতে পৰিয়ালটো চলাই আছে৷ দুজনী গায়ো পুহিছে গাখীৰ বিক্রী কৰিবৰ বাবে৷ আমাৰ দেউতাই তেওঁলোকৰ ঘৰৰ পৰাই গাখীৰ অনাৰ বন্দৱস্ত কৰিছিল৷ কেতিয়াবা সেয়ে গাখীৰ আনিবলৈ ময়ো তেওঁলোকৰ ঘৰলৈ গৈছিলোঁ৷ বিৰহী বাইদেউক লৈ মাকৰ চিন্তাৰ অন্ত নাছিল৷ সেয়েহে কথাইপতি বাইদেউক মাকে দোষ ধৰি মানসিকভাৱে প্রায়েই অত্যাচাৰ কৰিছিল৷ আচলতে বিৰহী বাইদেউ দেখিবলৈ আন তেওঁৰ বয়সৰ ছোৱালীবোৰৰ দৰে চকুত লগা নহয়৷ তেওঁৰ গাৰ বৰণ অস্বাভাৱিকভাৱে ক’লা৷ তদুপৰি সৰুতেই ওলোৱা বসন্তৰ দাগে তেওঁৰ মুখমণ্ডলতো বহুতো দাগ এৰি থৈ গ’ল৷ অৱশ্যে বয়সে অকৃপণভাৱে সজাইছে তেওঁৰ দেহটো৷ বিৰহীক বিয়া নিদিয়াকৈ মাকে ভনীয়েককো বিয়া দিয়াৰ কথা নাভাবোঁ বুলি ইতিমধ্যে ঘোষণা কৰিছে৷ বিৰহীয়ে কিন্তু বিয়াৰ আশা এৰি দিয়া বুলিয়েই মানুহক কয়৷ সেইদিনা বিৰহীৰ মোমায়েকে তেওঁলোকৰ গাঁৱৰ বিপিনলৈ বিৰহীক বিয়াৰ প্রস্তাৱ লৈ আহিছিল৷ বিপিনৰ প্রথমা পত্নীৰ ইতিমধ্যে মৃত্যু হৈছে আৰু তেওঁৰ বিৰহীতকৈ বয়সৰ বেছি পার্থক্য নথকা তিনিটা ল’ৰা সন্তান আছে৷ গতিকে বিপিনক পত্নী নহয় তেওঁৰ সন্তানকেইটাক চাবলৈ এগৰাকী মাতৃৰ প্রয়োজন৷ বিৰহীৰ বাবে দৰাৰ সন্ধানত থকা মাকে মানুহক কয় যে যিকোনো এজন ল’ৰা পালেই তেওঁ বিৰহীক বিয়া দি চিন্তামুক্ত হ’ব খোজে৷ বিৰহীৰ ভনীয়েকেও লাহে লাহে তাইক ভাল মাত এষাৰো নিদিয়া হৈছে৷ আচলতে বায়েকৰ বাবেই তাই কোনো ল’ৰাকেই কথা দিব নোৱৰা বাবেই তাইৰ বায়েকলৈ অহর্নিশে খং এটা উঠি থাকে বুলি বিৰহীয়ে বুজি পায়৷ গাঁৱৰ ভাওনা, বিহু ফাংচন আদিতো যেতিয়া ডেকাবোৰে বিৰহীৰ কাষতে বহা ভনীয়েকলৈ বাৰেপতি দৃষ্টি নিক্ষেপ কৰে তেতিয়া বিৰহীৰ বুকুখন দুখৰ ভৰত গধুৰ হৈ পৰে৷ নিজৰ শৰীৰৰ বৰণ আৰু মুখৰ অবাঞ্ছিত দাগবোৰলৈ প্রচণ্ড খং উঠে তাইৰ৷ তেতিয়া মই আছিলোঁ হাইস্কুলৰ ছাত্রী৷ বিৰহীৰ মনৰ এই কথাবোৰ মই শুনিবলৈ পাইছিলোঁ এদিন মোৰ খুৰীৰ আগত তেওঁ নিজেই কৈ থাকোঁতে৷ মোৰ খুৰী আৰু বিৰহীয়ে প্রাথমিক স্কুলত একেলগেই পঢ়িছিল৷ আমাৰ যৌথ পৰিয়ালটোৰ বৃহৎ খেতি সামৰাৰ সময়ত দাৱনী হিচাপে মাকৰ লগত বিৰহীও আহিছিল৷ এসময়ৰ সহপাঠী বিৰহীৰ প্রতি স্বাভাৱিকতে মোৰ খুৰীৰ বিশেষ টান আছিল৷ সেয়েহে পথাৰৰ দাৱনীক চাহ দিবলৈ যোৱা খুৰীয়ে বিৰহীৰ মনৰ খবৰ ল’বলৈ পাহৰা নাছিল৷ খুৰী কইনা হৈ আমাৰ ঘৰলৈ আহোঁতে মোৰো স্ফূর্তিৰ অন্ত নাছিল৷ শিক্ষয়িত্রী খুৰীয়ে মোক ভিন্ন বিষয়ৰ বাহিৰা কিতাপ আনি দিছিল৷ তদুপৰি দৰমহা পোৱাৰ দিনাই ৰং–বিৰঙৰ খাৰু–মণিও তেওঁ মোৰ বাবে আনিছিল৷ গতিকে খুৰীৰ সৈতে মোৰ অতি কম সময়তে গভীৰ মৰমৰ সম্পর্ক গঢ় লৈ উঠিছিল৷ খুৰী দাৱনীক চাহ দিবলৈ গ’লেই লগত ময়ো গৈছিলোঁ৷ বাহিৰা কিতাপবোৰ বেছিকৈ পঢ়াৰ বাবেই হয়তো মানুহৰ মনৰ কাহিনীবোৰো পঢ়িবলৈ মোৰ মনত ইচ্ছা জন্মিছিল৷ খুৰী আৰু বিৰহীয়ে পতা কথাবোৰ নুশুনাৰ ভাও জুৰি মই শুনিছিলোঁ৷ বিশেষ বুজা নাছিলোঁ যদিও এই কথা বুজিছিলোঁ যে ধুনীয়া নোহোৱাৰ বাবেই বিৰহী বাইদেউৰ বিয়া হোৱা নাই আৰু সেয়েহে তেওঁলোকৰ ঘৰখনত অশান্তিৰো অন্ত নাই৷ বিৰহী বাইদেউৰ প্রতি মোৰো সহানুভূতি আছিল৷ কিন্তু মোৰ কৰিব পৰা একো নাছিল৷ খুৰীয়েও মাজে–সময়ে বিৰহী বাইদেউৰ বাবে দৰাৰ সন্ধান কৰা বুলি গম পাইছিলোঁ৷ বিৰহী বাইদেউক বিপিন নামৰ মানুহজনলৈ মাকে বিয়া দিব খুজিছে বুলি মই বুজি পালোঁ আৰু কথাটো খুৰীক জনালোঁহি৷ সন্ধিয়া সময়ত খুৰী বিৰহী বাইদেউৰ ঘৰলৈ বুলি ওলাল৷ ইতিমধ্যে হাইস্কুলৰ ছাত্রী হিচাপে কিছু ডাঙৰ হৈছোঁ বুলি নিজৰ মনতে অনুভৱ হৈছিল আৰু খুৰীয়েও সেয়ে নিঃসংকোচে বিৰহী বাইদেউৰ লগত মোৰ উপস্থিতিতে কথা পাতিছিল৷ বিৰহী বাইদেৱে খুৰীক কৈছিল যে তেওঁ বিপিনৰ লগত বিয়া হ’ব৷ কিছুদিনৰ পিছত অনুষ্টুপীয়াকৈ বিপিন আৰু বিৰহীৰ বিয়া হ’ল৷ নিজৰ সংসাৰত খুৰীও ব্যস্ত হৈ পৰিল ময়ো পঢ়া–শুনাক লৈ ব্যস্ত হৈ থাকিলোঁ৷ প্রায় ১২ বছৰৰ পিছত এদিন খুৰীৰ লগত পুৰণি কথা পাতি থাকোঁতে বিৰহীৰ কথা ওলাল৷ খুৰীয়ে জনালে বিৰহীক বোলে মানসিক ৰোগী বুলি গিৰীয়েকে ঘৰৰ পৰা উলিয়াই দিলে আৰু তাইৰ মৃত্যু হ’ল৷ বিৰহীৰ দুখত পুনৰ এবাৰ চকুলো টুকিলে তেওঁ৷ এটা জীয়া গল্প শুনাৰ দৰে লাগিল, যেতিয়া খুৰীয়ে বিৰহীৰ বিবাহিত জীৱনৰ কাহিনী মোক ক’লে৷
… কপালত উজ্জ্বল সেন্দূৰৰ ফোঁট আৰু দুবেলা দুসাঁজ ভাত পেট ভৰাই যিজন মানুহৰ বাবে খাবলৈ পাইছে সেই মানুহজনক স্বামী বুলি প্রথমৰ পৰাই যথেষ্ট শ্রদ্ধা কৰিছিল বিৰহীয়ে৷ কিন্তু বিপিনৰ বাবে বিৰহী আছিল কেৱল এটা তেজ–মঙহৰ শৰীৰহে৷ শ্রদ্ধা বাদেই, বিৰহীৰ প্রতি বিপিনৰ বুকুৰ কোনো এটা কোণতে হয়তো এধানমানো মৰম নাছিল৷ বিপিনৰ তিনিওটা ল’ৰাকে মাকৰ মৰম দিবলৈ পার্যমানে চেষ্টা কৰিছিল তাই৷ কিন্তু তাইক এষাৰি মৰমৰ মাত দিবলৈও বিপিনৰ সময় নাছিল৷ লাহে লাহে বিৰহীয়ে বিপিনক ভাল পাই পেলাইছিল আৰু সেয়েহে বিপিনৰ উপেক্ষাকো তাই নীৰৱে সহ্য কৰিবলৈ লৈছিল এদিন ভাল দিন আহিব বুলি৷ বিপিনহঁতৰ ঘৰৰ কাষৰ মানুহবোৰে কেতিয়াবা সিহঁতৰ ঘৰলৈ আহিলে বিপিনৰ পূর্বৰ পত্নীৰ গুণ–গৰিমা গাইছিল৷ বিৰহীৰ মনত বিপিনৰ মৃত পত্নীৰ প্রতিও যেন ঈর্ষা হৈছিল৷ কিন্তু এদিন বিপিনৰ খুৰীয়েকৰ পৰাই গম পাইছিল যে অতি সুন্দৰী পত্নীজনীক বিপিনে হোৱাই–নোহোৱাই অত্যাচাৰ কৰিছিল আৰু সেই অত্যাচাৰ সহিব নোৱাৰিয়ে নানা শাৰীৰিক সমস্যাত ভুগি বিনা চিকিৎসাই তেওঁৰ মৃত্যু হৈছিল৷ বিৰহীয়ে বুজি পাইছিল যে বিপিনৰ হূদয় বুলি হয়তো কোনো বস্তুৱেই নাই৷ বছৰটো নুঘূৰোতেই বিৰহী মাক হ’বলৈ ওলাইছিল৷ নির্বিকাৰ বিপিনৰ কিন্তু স্বভাৱ সলনি হোৱা নাছিল৷ কোনো দিনে বিপিনে বিৰহীক সোধা নাছিল কাম কৰি কৰি ভাগৰত লেবেজান হৈ পৰা তাইৰ শৰীৰটো ভালে আছেনে, চুই চোৱা নাছিল পানীয়ে খোৱা তাই হাতৰ আঙুলিবোৰ৷ পূর্বৰ দৰেই পথাৰত ভূঁই ৰুবলৈও যাব লগা হৈছিল তাই৷ কেতিয়াবা যাব নোৱাৰোঁ বুলি ক’লেই বিপিনে কৈছিল যে কাম–বন নকৰিলে সি তাইক এনেই ভাত খুৱাই পুহি নাৰাখে৷ অতিষ্ঠ হৈ পৰা বিৰহীয়ে আহিব লগা সন্তানটোৰ কথা ভাবিয়ে নিজক শান্ত কৰি ৰাখিছিল আৰু অৱশেষত এদিন বিৰহী মাক হ’ল, কিন্তু এটি মৃত সন্তানৰ৷ পথাৰত কাম কৰি থকা বিপিনক কোনোবাই খবৰটো দিয়াত ঘৰলৈ আহি নির্লিপ্তভাৱে মৃত সন্তানটোক বাৰীৰ পাছফালে নি গাঁত খান্দি পুতি থ’লেগৈ৷ অতদিনে বিৰহীৰ বুকুত গোট খাই থকা দুখবোৰ সেইদিনা উলিয়াই দিয়াৰ সুযোগহে যেন তাই পালে৷ বিৰহীৰ কান্দোনত ওচৰ চুবুৰীয়ায়ো চকুলো টুকিলে৷ কিন্তু সাত্ব্ন্নাৰ এষাৰো মাত নিদিলে বিপিনে৷ বিৰহীৰ কষ্টৰ ফলতেই বিপিনৰ তিনিওটা ল’ৰাই হাইস্কুল অতিক্রম কৰিলে৷ তিনিটাকৈ মৃত সন্তান জন্ম দিয়া বিৰহী সিহঁতৰ বাবে কিন্তু এগৰাকী বনকৰা তিৰোতা যেনেই হৈ থাকিল৷ কিন্তু আচৰিতভাৱে বিপিনৰ প্রতি ভালপোৱা বিৰহীৰ মনত অক্ষত থাকিল৷ সকলো কামতে পার্গত বিৰহীক অৱশ্যে গাঁৱৰ মানুহবোৰে বৰ ভাল পায়৷ গাঁৱৰ বিয়া, সবাহত বিৰহীয়ে কাম কৰি নিদিলেই নহয়৷ বিপিন আৰু ল’ৰা তিনিটাক কেন্দ্র কৰিয়েই চলি থাকিল বিৰহীৰ জীৱন৷ বিৰহীয়ে গমেই নাপালে কেতিয়া যে তিনিওটা ল’ৰা বিবাহৰ যোগ্য হ’ল৷ বিৰহীৰ লগত কোনো ধৰণৰ কথা আলোচনা কৰাটো উচিত বুলি সিহঁতে নাভাবে৷ এদিন ডাঙৰ ল’ৰাটোৰ বিয়া ধুমধামেৰে হৈ গ’ল৷ বোৱাৰী আহিল যদিও বিৰহীৰ কিন্তু কামৰ বোজা নকমিল৷ পূর্বৰ দৰে শৰীৰৰ শক্তি নাছিল যদিও বিৰহীয়ে কাৰো মনত অশান্তি নহ’বলৈকে ঘৰৰ কামবোৰ নীৰৱে কৰি যায়৷ কিছুদিনৰ অগা–পিছাকৈ আন দুটা ল’ৰায়ো বিয়া কৰালে৷ তিনিজনী বোৱাৰীৰে ঘৰ ভৰি পৰিল আৰু লাহে লাহে এলাগী হৈ পৰিল বিৰহী৷ সকলোৱে মাছে–মঙহে ভাত খালেও বিৰহীলৈহে এটুকুৰা মাছে নাটে৷ এদিন চুবুৰিৰে এঘৰত বিৰহীয়ে মাছ খাবলৈ মন যোৱাৰ কথা ক’লত মানুহঘৰে বিৰহীক ভাত খোৱাৰ নিমন্ত্রণ দিলে৷ সেই ঘৰৰ কথাচহকী বোৱাৰীগৰাকীয়ে বিৰহীৰ সতীয়া পুতেকক বিৰহীয়ে মাছ খাবলৈ ইচ্ছা কৰাৰ বাবেই ভাতৰ নিমন্ত্রণ দিয়াৰ কথা কৈ দিলে আৰু ফলত বিৰহীৰ ওপৰত পুনৰ অবর্ণনীয় অত্যাচাৰ আৰম্ভ হ’ল৷ তেওঁলোকে বিৰহীৰ মানসিক সন্তুলন হেৰাবলৈ ধৰিছে বুলি ওচৰ চুবুৰীয়াৰ মাজত প্রচাৰ কৰিলে৷ বিধ্বস্ত বিৰহীয়ে চকু পানী টোকাৰ বাহিৰে কাৰো বিপক্ষে এটা শব্দও নক’লে৷ বিৰহীৰ সকলো দুখৰ খবৰ পাইছিল তাইৰ ভনীয়েকে৷ ভনীয়েকৰ বিয়া হৈছিল বিহাৰৰ এজন ৰিক্সাচালকৰ সৈতে৷ কিন্তু ৰিক্সাচালকজন বিৰহীৰ পিতৃৰ ভেটিতে পত্নীৰ সৈতে বাস কৰিছিল৷ তেওঁ আছিল অতি মৰমিয়াল৷ বিৰহীক ভনীয়েক আৰু জোঁৱায়েকে নিজৰ ঘৰলৈ লৈ আনিলে৷ কিন্তু বিৰহীৰ মনটো বিপিনৰ কাষত, বিপিনৰ ঘৰতেই যেন থাকি আহিল৷ এদিন খবৰ আহিল বিপিনৰ টান নৰিয়া৷ বিৰহীয়ে ভনীয়েক আৰু জোঁৱায়েকৰ হকা–বধা নামানি বিপিনৰ কাষ পালেগৈ৷ বিপিনৰ কোঠাত প্রস্রাৱ, পায়খানাৰ গোন্ধে অবর্ণনীয় পৰিৱেশৰ সৃষ্টি কৰিছিল৷ পূর্বতে বিৰহীক চকু পাৰি দেখিব নোৱৰা বোৱাৰীকেইজনীয়ে সেইদিনা যেন বিৰহীক দেখি সকাহহে পাইছিল৷ বিৰহীয়ে বিপিনৰ প্রতি মনত থকা সকলো খং, ক্ষোভ পাহৰি ব্যস্ত হৈ পৰিছিল তাৰ যত্ন লোৱাত৷ বিপিনৰ শৌচ, প্রস্রাৱত লেট লোৱা কাপোৰ–কানি পৰিষ্কাৰ কৰি বিপিনৰ প্রতি দায়িত্ব পালন কৰিছিল৷ হয়তো বিপিনৰ আয়ুসত চাউল আছিল৷ লাহে লাহে বিপিন আৰোগ্য হ’ল৷ কিন্তু পূর্বৰ স্বভাৱহে সলনি নহ’ল৷ বিৰহী পুনৰ এলাগী হ’ল৷ এবাৰ মাকৰ ঘৰলৈ গুচি যোৱা তিৰোতাৰ সেইখন ঘৰত কোনো স্থান নাই বুলি পুনৰ বিৰহীক ভনীয়েকৰ ঘৰলৈ উভতি যাবলৈ নির্দেশ দিলে বিপিনে৷ আচলতে বিপিনৰ তিনিও বোৱাৰীয়েকে বিচৰা নাছিল বিৰহী তাত থকাটো৷ এদিন সৰু পুতেকে জোৰ–জবৰদস্তি কৰি বিৰহীক ভনীয়েকৰ কাষত থৈ আহিলগৈ৷ মৃত্যুৰ মুখৰ পৰা ঘূৰি অহা বিপিনে জীৱনৰ বিয়লি বেলাত অন্ততঃ বিৰহীক বুজি পাব বুলি তাইৰ বিশ্বাস আছিল৷ কিন্তু ঘৰলৈ উভতি আহিব লগা হোৱা কথাটোৱে বিৰহীক মানসিকভাৱে অসুস্থ কৰি তুলিলে৷ অৱশেষত ওচৰ চুবুৰীয়াৰ পৰামর্শ মতে বিৰহীক ভনীয়েকহঁতে তেজপুৰ মানসিক চিকিৎসালয়ত থৈ আহিলগৈ৷ সময়ে কিন্তু সকলোকে শিক্ষা দিয়ে৷ বেমাৰে জুৰুলা কৰা বিপিনো লাহে লাহে ঘৰখনত অলাগতিয়াল হৈ পৰিল৷ এদিন বিনা চিকিৎসাই তিনি পুত্রৰ অৱহেলাত বিপিনৰ মৃত্যু হ’ল৷ আনহাতে, ক্রমে সুস্থ হৈ পৰা বিৰহীক ভনীয়েকহঁতে ঘৰলৈ ওভতাই আনিলে৷ বিপিনৰ মৃত্যুৰ খবৰ তাইক জনোৱা হ’ল৷ ইতিমধ্যে জীৱনে বিৰহীক ভালকৈয়ে সত্যৰ লগত পৰিচয় কৰি দিলে৷ সেন্দূৰৰ ফোঁটটো স্বজ্ঞানে মোহাৰি বিৰহীয়ে ভনীয়েকক বোলে ক’লে যে তেওঁৰ দায়িত্ব এই পৃথিৱীত শেষ হ’ল৷ এদিন ভনীয়েকৰ লগত বিৰহী বিপিনৰ মৰিশালী পালেগৈ৷ শেষবাৰৰ বাবে বিৰহীয়ে বিপিনক সেৱা জনালে৷ সেইদিনাই পুৱতি নিশা তীৰকঁপে উঠা জ্বৰত বিৰহীৰ মৃত্যু হ’ল৷ গাঁওবাসীৰ মনত বিৰহী ৰৈ গ’ল এক দুৰন্ত প্রেমিকা আৰু মমতাময়ী মাতৃৰ ৰূপত৷ বিৰহীৰ সতীয়া পুতেকহঁতক ময়ো চিনি পাওঁ৷ বিৰহীৰ দৰে নাৰীসকলৰ সুন্দৰ মুখাৱয়ৱ নাথাকিলেও এখন মমতাৰে ঐশ্বর্যশালী হূদয় থাকে৷ মইহে আজিও বুজি নাপালোঁ বিপিনে আচলতে বিৰহীৰ সেই হূদয়খন কিয় কোনোদিনে জুমি চোৱাৰ প্রয়াস নকৰিলে বা তাইক বুজি নাপালে৷

You might also like