সোণোৱালদেৱে আৰু ডঃ শর্মাদেৱে এইবোৰ কি কৈছে ? কিছুই বুজ্তে পাৰ্ছি না…..
কথাবোৰ দেখোন দিনে দিনে ক্রমাৎ কিবা অদ্ভুততকৈও অদ্ভুত, কিম্ভূততকৈও কিম্ভূত, কৌতূহলোদ্দীপকতকৈও কৌতূহলোদ্দীপক হৈ গৈ আছে যেন অজান দেশত এলিছ্ (এলিছ্ ইন্ ৱাণ্ড্(ৰ্) লেণ্ড্) সন্মুখীন হোৱা কথা–কাণ্ডবোৰৰ দৰে– ‘থিংয্ আ(ৰ্) গে’টিং কিউৰিছা(ৰ্) এণ্ড্ কিউৰিছা(ৰ্)
প্রায় আটাই লোকে মুলুকৰ মন্ত্রী সভাখনৰ অত্যন্ত প্রভাৱশালী মন্ত্রী বুলি অভিহিত কৰা, অনেক গুৰুত্বপূর্ণ বিভাগৰ মন্ত্রী (বিত্ত, শিক্ষা, স্বাস্থ্য, গড়কাপ্ঢানি আৰু কিবা–কিবি,– বাকী থাকিলগৈনো কি?) ডঃ হিমন্ত বিশ্ব শর্মাৰ কথাৰ পাক আটায়ে ঠাইতে ধৰিব নোৱাৰিলেও, তেখেত কথাৰ ‘পাক’ত পাকৈত বুলি আটায়ে জানে আৰু মানে আচলতেনো ক’লে কিটো, আৰু কিয়বা ক’লে, সেইটো তৰেকেগৈ পাছে–পৰেহে৷ কথাৰে ঠাইতে হাতীটোকে মাখিটো, আৰু, মাখিটোকে হাতীটো কৰাত শর্মা ‘সিদ্ধবল্কী’৷ সেই কথা পাছে৷ কিন্তু…
কিন্তু মুখ্য মন্ত্রী সর্বানন্দ সোণোৱালৰ পেটত পাক থাকিলেও, তেখেত কথাত বৰ বেছি পাক নথকা লোক বুলি আগৰে পৰা লোকগণৰ ধাৰণা আৰু বিশ্বাস৷ বোধ হয়, ৰাইজৰ সেই ধাৰণা আৰু বিশ্বাসতে ভাৰসা ৰাখি, বর্তমান ঘোৰ ৰাজনৈতিক চাকনৈয়াত পৰি ঘোৰপাক খাই থকা আৰু পূর্বে– ‘বোবাৰ শত্রু নাই’– বোলা কথাষাৰকে শিৰত লৈ কৰপুট আৰু মিচিকিয়া হাঁহিৰে ৰাইজৰ ভাল–বেয়াৰ খা–খবৰ লৈ প্রায় আটাই গুৰুত্বপূর্ণ কথাৰে পৰা গা এৰা দি থকা মুখ্য মন্ত্রী সোণোৱালদেৱে বিগত বেছ কিছু দিনত ৰাইজক– ‘আপোনালোকে মোৰ ওপৰত বিশ্বাস ৰাখক’, ‘আপোনালোকে মোক বিশ্বাস কৰক’ বুলি গায়ত্রী জপ কৰিবলৈ ধৰিছে৷ পিচে, অজীণ পাতকীসৱে কয় বোলে লোকজনে তেখেতক বিশ্বাসত ল’ব পৰাকৈ তেখেতেহে লোকজনক বিশ্বাসযোগ্য একো এফেৰা কৰি দেখুৱাব পৰা নাই৷ টেঙা আম খাই খাই খাৰখোৱা ‘আছামী’বোৰে এতিয়া নোমটেঙৰ হ’লহি৷ সিবোৰৰ মতে, হস্তিনাপুৰীয়া–নাগপু হাতৰ কাঢ়া মুঠিত থকা জৰীবোৰ হেনো বৰ অকোৱা–পকোৱাঃ লেব্ৰিন্থাইন্
পিচে, দিন–কাল লাহে লাহে সলনি হ’লহি৷ এতিয়া সোণোৱালদেউৰ মুখৰ কথাতো পাক লাগিছে আৰু পক উঠিছে৷ সিদিনা ভোগালী ভোগ কৰিবলৈ বুলি মুখ্য মন্ত্রী মহোদয় যাওক গৃহ জিলা, গৃহ চহৰ, গৃহ গ্রাম আদি ইত্যাদিলৈ (‘ইত্যাদি’?)? তেখেতে, পুষ্পক ৰথৰ পৰা নামি, বাহিৰ ওলাবলৈ পালে কি নাপালে, য’লৈ বুলি পোনায়, ত’ৰে আদবাট পাইছিলগৈ কি নাপাইছিল, ওলাল নহয় হাতে হাতে কাউৰীৰ দৰে ক’লা কাপোৰ লৈ, জোকাৰি জোকাৰি ‘কা’ ‘কা’ ‘নৌ কা’ বুলি ছাতৰ একো মখা ইফালে হাতে হাতে কাপ্–কাগজ আৰু কেমে’ৰা লৈ সেই খবৰ খঁকুৱা নাৰদ মুনিগণতো আছেই৷ সোণোৱালো ইতিমধ্যে নোমটেঙৰ হৈ উঠিছেই৷ যিয়েই (‘জানেই’?) যি সোধে, সুধি থাকক তেখেতে তেখেতৰটোৰেই আৰম্ভ কৰিবই– ‘বৰাক–ব্রহ্মপুত্র, পাহাৰ–ভৈয়াম…’ ৰ’ব, সেইটো পাচে আগেয়ে তেখেতৰ ‘ওস্তাদৰ মাৰ’, মানে,– মাস্তা(ৰ্) স্ত্রৌক্ বাSoণোৱালস্ত্রৌক্টোৰ কথা৷
বার্তাজীৱীসৱে কাক কেতিয়া কি সুধি আহিছে, সিদিনা সোণোৱালক কি সুধিলে, কোৱাৰ আৱশ্যক নাই আটায়ে জানেঃ থোৰতে, বর্তমান পৰিস্থিতিৰ কথা, ‘কা’–ৰ বিৰুদ্ধে প্রতিবাদৰ কথা, অসমৰ ভৱিষ্যতৰ কথা৷ সোণোৱালৰ (অ–)স্পষ্ট উত্তৰঃ ‘আপোনালোকৰ কৃপাতে, আপোনালোকৰ দ্বাৰাই মই নির্বাচিত হৈছোঁ, বিধায়ক হৈছোঁ, মন্ত্রী হৈছোঁ, মুখ্য মন্ত্রী হৈছোঁ আপোনালোকৰ অনিষ্ট হোৱা একো কাম মই কৰিব নোৱাৰোঁ’ ইত্যাদি৷ আচলতে (মানে, ‘একচ্যুৱেলী’) মুখ্য মন্ত্রী মহোদয়ে বাৰু কি ক’লে? সাংবাদিকসকলক আৰু কাষতে মজুত থকা ছাতৰগণ আৰু অন্যান্যগণক কোৱাৰ লাচতে তেখেতে সিসৱক আৰু সিসৱৰ লগতে, নাগৰিকত্ব প্রদূষণ/ভেজালকৰণ আইনৰ বিৰোধিতা কৰা আটাইকে নক’লেনে যে সকলো জানি–শুনিয়েই, ভাৰতবর্ষক কার্য্যতঃ ক্রমাৎ এখন হিন্দু ৰাষ্ট্র কৰা হ’ব বুলিয়েই ‘আপোনালোকে’ আমাক নির্বাচিত কৰিছিল, ‘মোক মুখ্য মন্ত্রী’ পাতিছিল এতেকে, কংগ্রে’ছ চৰকাৰৰ বিৰোধিতা কৰি সেই চৰকাৰ ওফৰাই দিয়া ৰাইজৰ এতিয়া ভাজপা চৰকাৰৰ বিৰোধিতা কৰাৰ অধিকাৰ নাই কংগ্রে’ছ চৰকাৰ ওফৰাই দিয়াৰ অনুকূলে বাতৰি পৰিৱেশন কৰা অসমৰ সংবাদ মাধ্যমেও এতিয়া ভাজপা চৰকাৰৰ কুকর্মৰ বিৰোধিতা কৰাৰ অধিকাৰ হেৰুৱাই পেলাইছে? মুখত আত্মসন্তুষ্টিৰ এটা মিচিকিয়া হাঁহিৰে এসময়ৰ ‘সহজ–সৰল’ সর্বানন্দ সোণোৱালে, বিন্ধাকটা গাঁও–ৰ সর্বানন্দ সোণোৱালে, এই বুলিয়েই বিন্ধা কৰা নাইনে যে এয়ায় (‘এয়াই’ নহয় কাৰণটো পৰৱর্তী বন্ধনীৰ ভিতৰত) গণতন্ত্র, এয়ায় সংবাদ মাধ্যমৰ স্বাধীনতা (‘হ’ ধাতুৰ ক্রিয়া ৰূপ ‘হয়’–তো উহ্য)??? কি বোলে, পাঠক? ‘পৰিৱর্তন’ নহয়নে?
এটা কথাতহে ‘মুঝে মাথা ঘাব্ড়ৰাকেভী জৱাব নহী মিলা’৷ এই যে সোণোৱালদেৱে কথাই কথাই কয়– ‘বৰাক–ব্রহ্মপুত্র’, সেই কথাটো৷ মই বাৰে বাৰে কৈছোঁ যে বুর্ল্লুবুত্থুৰ–ব্রহ্ম নামটো প্রথমে নলৈ বৰাকৰ নামটোহে আগ কৰাত মোৰ আপত্তি কৰিবলৈ একো নাথাকিলহেঁতেন, যদিহে প্রাচীন কছাৰী ৰাজ্য কাছাৰ আৰু ডিমা হাছাওত খিলঞ্জীয়া কছাৰীসকলৰ সংখ্যাগৰিষ্ঠতা আৰু প্রাধান্য থাকিলেহেঁতেন৷ ১৮৩০ চনত কাছাৰ ৰাজ্যৰ ৰজা ইৰাগ্দাও ওৰফে গোবিন্দ চন্দ্রক এজন মণিপুৰী লোকে হত্যা কৰিলে৷ গোবিন্দ চন্দ্র অপুত্রক থকা হেতুকে, পে’ম্বাৰ্টন্ চাহাবৰ মতে, প্রজাগণৰ ইচ্ছা অনুসাৰে, ব্রিটিশে ৰাজ্যখন ১৮৩২ চনত এক ঘোষণা পত্র যোগে এখন জিলালৈ অৱনমিত কৰি ব্রিটিশ্ ইণ্ডিয়াত যুক্ত কৰি এজন অধীক্ষকৰ শাসনত অসমৰ আয়ুক্তৰ অধীনত ৰাখিলে৷ ১৮৩৬ চনত এই (অবিভক্ত) কাছাৰ জিলাক ঢ়াকা সংমণ্ডলৰ অন্তর্ভুক্ত কৰা হ’ল৷ কাছাৰৰ উত্তৰ খণ্ড শাসন কৰি থকা তুলাৰাম সেনাপতিয়ে,– গোবিন্দ চন্দ্রৰ পুত্র নথকাত, কাছাৰৰ সিংহাসনৰ বাবে ব্রিটিশক আৱেদন কৰিলে৷ ব্রিটিশে তুলাৰামৰ আৱেদন নাকচ কৰি তেওঁক ৰজা নাপাতি গোটাদিয়েক সৰু সৰু দায়িত্ব আৰু খুচুৰা বিচাৰৰ দায়িত্ব দি বছৰেকত, প্রতিটো হাতী দাঁত ৭০ পাউণ্ড্ ওজনৰ ৪টা দাঁত, ব্রিটিশক দিবলগীয়া চৈ–পেচকচ হিচাপে নির্ধাৰণ কৰি দিলে৷ পাচলৈ সেই পেচকচ ৪৯০ টকাত নির্ধাৰণ কৰা হ’ল আৰু তুলাৰামক মাহিলি ৫০ টকীয়া পে’ন্শন্ এটা দি বহুৱাই থোৱা হ’ল৷ এইবোৰ যিয়েয় নহওক, সকলো আছিল, বৰাক নৈ বৈ যোৱা বৰাক উপত্যকাৰ খিলঞ্জীয়া কছাৰী আৰু ডিমাছাসকলৰ কথা৷ কিন্তু আজি শিলচৰ, কৰিমগঞ্জ, হাইলাকান্দি, হাফলং, হাম্ৰেন, হাৰাংগাজাওত খিলঞ্জীয়া জনজাতিসকলৰ মুখত সিবোৰৰ মাতৃ ভাষাসমূহ অন্তৰ খোলা প্রাণোচ্ছল ৰূপত শুনা যায়নে বাৰু? অৱস্থাটো ত্রিপুৰাৰ আগৰতলাত ত্রিপুৰী যুৱক–যুৱতীয়ে নিজৰ মাতৃ ভাষা কক্বৰকত কথা পাতোঁতে ভয়ত পেঁপুৱা লাগি থাকিবলগীয়াৰ দৰে হোৱা নাইনে? মুখ্য মন্ত্রী মহোদয়, মই শিলচৰ, বদৰপুৰ, কৰিমগঞ্জ, হাইলাকান্দি, হাফলং, জাতিংগা, হাৰাংগাজাও, কার্বিং লাংপি, উমৰংচু আদি ঠাই দেখিছোঁ৷ সিবোৰত কাৰ কেনে, কিমান প্রতিপত্তি, সকলো দেখিছোঁ৷ আপুনি বুকুত হাত থৈ ৰাইজক ভাৰসা দিব পাৰিবনে যে আন্তঃৰাজ্যিক সীমা পাৰপত্র অবিহনে এই অঞ্চলবোৰত বহু দশক অবৈধভাবে বসবাস কৰি থকা হাজাৰ–বিজাৰ অনুপ্রৱেশকাৰীক এতিয়া তাৰ পৰা বহিষ্কাৰ কৰি তাৰ সহজ–সৰল খিলঞ্জীয়াখিনিক আপোনালোকে নিৰাপত্তা আৰু সুৰক্ষা দিব পাৰিব? নে, মুলুকগাঁও, ঘগ্রাপাৰ তথা অনেক গাঁও আৰু নগৰকে ধৰি, এনে পাৰপত্র ‘অপ্রয়োজনীয়’ বুলি বিবেচিত, ৰাজ্যৰ অন্যান্য ‘গুডাম’বোৰত সেই মহামানৱ মানৱ সম্পদবোৰ জাপি দিয়া হ’ব? এয়ে নহয় জানো, নগৈ গড়গাঁওৰ বতৰা কোৱা ভাগৱত, লাল, ৰাম, সিংঘল, নাড্ডা, মোদী, শাহ, য়োগী আদিৰ ভৱিষ্য দর্শন?
এতিয়া আহোঁ ‘বহু দপ্তৰী’ মন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মাৰ কথালৈ কথা মানে,– কথাৰ মাজতে পাক৷ বুজাওঁতে মন্ত্রীবৰে কথাবোৰ নিৰহ–নিপানীকৈয়ে বুজাই দিয়ে পিচে, তাৰ মাজতে ক’ৰবাত থাকে গাঁঠি এটা৷ ততালিকে তৰকিব নোৱাৰে লোকজনে৷ উৰহী গছৰ ওৰটো ওলায়গৈ পাছতহে৷ চৌদিশে লাগে হুলস্থূল পিচে, তেতিয়ালৈ বহুত পলম হৈ যায়,– যেন বৰষুণ গ’লে জাপি৷ ইতিমধ্যে মন্ত্রীয়ে নাকটো মোহাৰি বা নোমোহাৰিকৈয়ে আন এটা কথা দিয়ে উলিয়াই আগৰটো তল পৰে৷ ‘জাতি–মাটি–ভেটি’ বুলি চিঞৰি চিঞৰিয়েই শর্মাই ২০১৬ চনৰ বিধান সভা নির্বাচনত ভা(–ৰতীয়) জ(–নতা) পা(–র্টী)ক ৰণত জিকালে৷ পিচে, পাছতহে ভেদ ভাগিল যে ‘মাটি’ আৰু ‘ভেটি’য়ে অসমৰ, সেইটো হয়, কিন্তু ‘জাতি’–টোহে অসমীয়া নহয়৷ অন্ততঃ ভোদা অসমীয়াই কথাটো এতিয়া তেনেকৈয়ে বুজিছে, বুজি তিনি টেলেঙনি খাই নাম–গুণ গাই, নামাজ পঢ়ি ওপৰৰজনাক চিন্তিছে৷
নাগৰিকত্ব সংশোধনী (ভেজালকৰণ) বিধেয়ক ২০১৬ই প্রথম খলকনিটো তোলোঁতে সাংবাদিকে শর্মাক ইটো–সিটো ‘পুচোঁতে’ (এনেয়েও অসমীয়া ভাষাৰ গতিটো কি হ’বগৈ, বুজা গৈছে), শর্মাই ক’লে বোলে অসমত সংস্থাপন পাবলগীয়া ‘বাঙালী’ (বাংলাদেশী) হিন্দুৰ সংখ্যা ‘কিমান হ’ব? এক বা ডেৰ লাখ খুব বেছি, দুই লাখ’ এতিয়া আকৌ ক’বলৈ ধৰিছে আৰু সিদিনা, ১৩ জেনুৱাৰি তাৰিখে বিধান সভাতো ক’লে বোলে,– তেনে বাংলাদেশীৰ সংখ্যা পাঁচ লাখতকৈ এজনো বেছি (৫,০০,০০১) হ’লে তেখেতে ৰাজনীতিকে ত্যাগ কৰিব সেইবোৰ বাৰু পাছে–পৰেও হৈ থাকিব৷ তেতিয়ালৈ বা দেশ–দুনিয়াৰ দস্তুৰ কি হয়গৈ ভাষাও বোৱঁতী নদীহে ধন্য ধন্য ভাৰতবৰিষত এতিয়ালৈকে কড়াই–গণ্ডাই কিমান ৰাজনীতিকে পদ ত্যাগ, ৰাজনীতি ত্যাগ, ৰাজহুৱা জীৱন ত্যাগৰ কথা ক’ত, কি প্রসংগত, কিয়, কিমানবাৰ ক’লে, তাৰ লেখ কোনে ৰাখিছে? এনেয়েও গেৰুৱা ৰংটো ত্যাগৰ ৰং
পিচে, সিদিনা ১৩ তাৰিখে বিধান সভাত শর্মাই ‘মাস্তা(ৰ্) স্ত্রৌক্’টো মাৰিলে তেখেতৰ পূর্বৰ গুৰু, প্রাক্তন মুখ্য মন্ত্রী তৰুণ গগৈক লৈহে৷ সিদিনা শর্মাই বিভিন্ন বছৰত নাগৰিকত্ব আইনখনৰ বিভিন্ন সংশোধন (প্রদূষণ)ৰ কথা বাৰম্বাৰ উল্লেখ কৰি সঘনাই গগৈদেউলৈ দৃষ্টি নিক্ষেপ কৰি তেখেতক অভিহিত কৰিলে ‘ৰাষ্ট্রনেতা’ বুলি ৰাজনীতিক (পলিটিকাৰ নহয়, ৰাজনীতিবিদ (পলিটিশিয়ান্)ও নহয়, একেবাৰে ‘ৰাষ্ট্রনেতা’ (স্তেইট্ছ্মেন্)৷ অসমত হাজাৰ হাজাৰ ৰাজনীতিক আছিল/আছে ৰাজনীতিবিদো অনেক কিন্তু চ্যুকাফা, (অৰাজনৈতিক ক্ষেত্রখনৰ–) পৰম পৱিত্র গুৰুজনা, স্বর্গদেউ প্রতাপসিংহ, আতন বুঢ়াগোহাঁই, জয়মতী কুঁৱৰী (ৰাষ্ট্রনেত্রী?) আৰু গোপীনাথ বৰদলৈৰ বাহিৰে অসমত ৰাষ্ট্রনেতা ক’ত? অথচ, ৰকিবুল হুছেইন, অকণ বৰা, গৌতম ৰয় আৰু অজন্তা নেওগ নিজৰ ‘নীলা চকুৱা বালক–বালিকা থকাৰ দৰে এদিন হিমন্ত বিশ্ব শর্মাও যিজন তৰুণ গগৈৰ নীলা চকুৱা বালক আছিল, কংগ্রে’ছী ৰাজনীতিৰ প্রতিভূ, পোন্ধৰ বছৰে অসম আৰু অসমীয়াৰ কফিনত কুৰিয়ে কুৰিয়ে গজাল মৰা সেইজন তৰুণ গগৈয়ে সিদিনা সদনত শর্মাক এই উভতি ধৰে, এই উভতি ধৰে যেন কৰি থাকিও, শর্মাই দিয়া খিতাপটো পাই দোধোৰ–মোধোৰ আৰু আত্মসন্তুষ্টিত ভুগি চকু–কাণ–নাক মোহাৰি মৌন হৈ থকাটোৱেয় ‘ৰাষ্ট্রনেতা’ৰ কর্তব্য বুলি বিবেচনা কৰিলে৷
সিদিনা মই এদিনীয়া বিশেষ অধিৱেশনৰ পোনপটীয়া সম্প্রচাৰৰ যিমানখিনি দেখিলোঁ, সিমানখিনিত এই কথাতে বিস্ময় মানিলোঁ যে হিমন্ত বিশ্ব শর্মাই এফালৰ পৰা ইখনৰ পাছত সিখন শাস্ত্র মাতি গৈ থাকোঁতে, কংগ্রে’ছ্ আৰু এ’ আই য়ূ ডী এ’ফৰ বিধায়কসকলে আপত্তি আৰু বিৰোধিতাৰ নামত মাজে মাজে মৃদু গুঞ্জন একোটা তোলাৰ বাহিৰে যুক্তি আৰু তথ্যৰ একো ফলপ্রসূ প্রতিবাদ সাব্যস্ত কৰিব নোৱাৰি শর্মাক ‘ৱক্ ঔভ্(ৰ্) দিলে কিয়? মই প্রায়ে ভাবোঁ,– একো গৃহ কর্ম (হৌম্ ৱর্ক্) নকৰাকৈ সদনত বহি থাকিবলৈ বা টোপনিয়াই থাকিবলৈকে হ’লে কিম্বা সদনত অনুপস্থিত থাকিবলৈহে হ’লে লোকজনে জনপ্রতিনিধিত্বৰ বাবে দলীয় মনোনয়ন বিচাৰে কিয় আৰু দলেই বা দিয়ে কিয়?
বিগত বেছ কিছুদিন জুৰি ডঃ শর্মাই জাতীয়তাবোধ আৰু জাতিসত্তাবোধৰ বিষয়ত তথা জাতি গঠন প্রক্রিয়াৰ বিষয়ত, ভাষাৰ ভূমিকা, প্রয়োজনীয়তা আৰু অপৰিহার্য্যতাৰ কথা নাকচ কৰি ধর্মৰ কথা কৈ আহিছে৷ ক’ত আছে আধুনিক ৰাষ্ট্রবাদ আৰু জাতীয়তাবাদৰ বেলিকা এনে কালবিৰুদ্ধ (এনেক্রনিক্) অর্থাৎ সম–সাময়িকতাৰ প্রতিকূল ৰাষ্ট্র ধাৰণা? পশ্চিম পাকিস্তান আৰু পূব পাকিস্তান, এই দুয়োটা খণ্ড একেখন ইছলামীয় ৰাষ্ট্রৰে অংশ হোৱা সত্ত্বেও পূব পাকিস্তান কিয় ভাষা–সাহিত্য আৰু সংস্কৃতিৰ ভিত্তিত নতুনকৈ বাংলাদেশ হ’ল আদি ইত্যাদি বিষয় উত্থাপন কৰি হোমেন বৰগোহাঞিয়েয় হওক (‘হ’ ধাতুৰ ক্রিয়া ৰূপ), আন যি কোনো প্রবুব্ধ লোকেয় হওক, কোনো সমাজ বিজ্ঞানীয়েয় হওক কিম্বা সমস্ত আইনৰ তলা–নলা বুজা, সংবিধান বিশেষজ্ঞ বিয়াগোম উকীলেয় হওক যিয়েই যিহকে নকওক লাগে, শর্মাৰ বাবে সেইবোৰ আটাই নেচেল৷ উত্তৰ–পশ্চিম ভাৰতীয় ধর্মীয় ধাৰণা আৰু দর্শনেয় মূল৷ আন কোনে কি কয়, নাজানো কিন্তু মোৰ দৃষ্টিত, বিগত কিছুদিনত চৰকাৰী চিঠি–পত্র, নীতি–নির্দেশনাত ‘ভুলক্রমে’ বাংলা ব্যৱহাৰৰ বৃদ্ধি, অসমীয়া পাঠ্যপুথিৰ মাজত বাংলাত লিখিত অধ্যায় সন্নিৱিষ্টকৰণ আদিত ক’ৰবাত কিবা এডাল যোগসূত্র, কিবা এখন নক্সা আছে৷
বিধান সভাত সিদিনা ডঃ শর্মাই ধর্মৰ বিষয়ে বহুত কথা ক’লে৷ সভা–সমিতিত ‘কা’ৰ কথা কওঁতে শর্মাই সততে ‘জাতি–মাটি–ভেটি’, ‘ধর্ম’, সত্রৰ মাটি–ভেটি সংৰক্ষণ আদিৰ কথা কয়েই বিশেষতঃ, বৰদোৱা সত্রৰ কথা৷ বৰদোৱা হ’ল পৰম পৱিত্র গুৰুজনাই তেৰাৰ কুৰি বছৰ বয়সতে নিজে প্রতিষ্ঠা কৰা প্রথমখনি সত্র৷ পিচে, সিদিনা মন্ত্রীয়ে সদনত ‘ধর্ম’–ৰ বিষয়ে কোৱা অনেক কথাৰ মাজতে ক’লে যে হিন্দু ধর্মত এজন ঈশ্বৰৰ কথা নাই, অনেক দেৱ–দেৱী আছে৷ বুজিব নোৱাৰিলোঁ৷ হিন্দু ধর্মত অনেক দেৱ–দেৱী ‘থকা’টো সঁচা৷ কোৱা শুনো তেত্রিশ কোটিৰ কথা কিন্তু হিন্দু ধর্মত এজন ঈশ্বৰ বা একেশ্বৰবাদ নথকাটো কেনে কথা একেশ্বৰবাদ প্রচাৰ কৰোঁতা অনেকজন হিন্দু ধর্ম গুৰুৰ কথা বাদেই, আমাৰ গুৰুজনাই প্রচাৰ কৰা ধর্মটোৱেয় হ’ল একশৰণ নামধর্ম৷ ঈশ্বৰ একেজনায়, নাম বিষ্ণু (ৱিষ্ণু), অৱতাৰী ৰূপ অনেক৷ সেই ৱিষ্ণুৰ উপাসনাত নাম–কীর্তনকে কৰা হওক বা পূজা–পাতলকে (গুৰুজনাৰ পন্থাৰ ব্যতিক্রমে) কৰা হওক, উপাসনা মাথোন সেই একেজনাৰেইহে৷ পূজা কৰা সত্রসমূহতো পূজা মাথোন ৱিষ্ণুৰেহে অন্য দেৱ–দেৱীৰ স্থান তাত নাই৷ সেয়ে বৈষ্ণৱ ধর্ম৷ তেনে স্থলত, এহাতে সততে গুৰুজনাৰ তথা বৰদোৱা সত্রৰ (সংৰক্ষণৰ) কথা আৰু, আনহাতে, হিন্দু ধর্মত ‘এজন ঈশ্বৰ নাই’ বোলা কথাটোৱে মোক বিপাঙত পেলাইছে৷ অৱশ্যে, একশৰণ নামধর্মৰ দুই–এক সত্রৰ অধিকাৰে ‘নমামি ব্রহ্মপুত্র’ত যোগ দিওঁতেই মোৰ গা চেবাইছিল৷ উস্, অসম ছিৰা–ছিৰ কৰাৰ বীজ সিঁচা নদিয়া–নবদ্বীপৰ সেই যে কৃষ্ণৰাম ভট্টাচার্য্য ‘ফার্বাতীয়া গোছাঁই !!!
ফোনঃ ৯৮৬৪৩–৬৯৮২১