স্বাধীনতা
মোৰ ঘৰত থাকি মোৰ সহায়ক হিচাপে কাম কৰা দীপক কুর্মী ‘নিয়মীয়া বার্তা’ৰ অন্যতম সহকাৰী সম্পাদক Sub-editor)৷ মই ‘আমাৰ অসম’ৰ সম্পাদক হৈ থাকোঁতে তেওঁ আছিল নিৰাপত্তা ৰক্ষী৷ সেই সময়ৰ মোৰ প্রধান সহায়িকা উপ–সম্পাদক জিনামণি ফুকনে মোক এদিন ক’লে যে দীপক নামৰ ল’ৰাজন নিৰাপত্তা ৰক্ষীতকৈ বেছি দায়িত্বপূর্ণ কামৰ কাৰণে যোগ্য মানুহ৷ সুলেখিকা আৰু সংস্কৃতিৱান মহিলা জিনামণি ইংৰাজী আৰু ইতিহাস দুয়োটা বিষয়ৰে স্নাতকোত্তৰ৷ মই সম্পাদনা কৰা দুখন মূল্যৱান কিতাপৰ সহযোগী সম্পাদক আছিল জিনামণি৷ মই তেওঁৰ মতামতক বিশেষ গুৰুত্ব দিওঁ৷ তেওঁৰ উপদেশ মানি লৈ মই দীপকক মোৰ ব্যক্তিগত অফিচ পিয়ন হিচাপে নিযুক্তি দিলোঁ৷ মই ‘নিয়মীয়া বার্তা’লৈ মুখ্য সম্পাদক হিচাপে আহিব লগা হোৱাত দীপকো মোৰ লগতে আহিল অফিচ পিয়ন হৈ৷ কিন্তু জিনামণিয়ে দীপকৰ বিষয়ে কৰা মূল্য নিৰূপন যে সঁচা আছিল সেই কথা সঁচা বুলি প্রমাণ কৰি তেওঁ মাত্র কেইমাহমানৰ ভিতৰতে উপ–সম্পাদকৰ পদলৈ উন্নীত হ’ল৷ দীপকে ইংৰাজীও ভাল লিখে৷ তেওঁ নিজে ইংৰাজীত লিখা কেইখনমান চিঠি আছাম ত্রিবিউনতো প্রকাশ হৈছে৷
দীঘল ভণিতা এৰি এতিয়া আচল কথালৈ আহোঁ৷ দীপকে এদিন স্বেচ্ছাই ডাক্তৰী পৰীক্ষা কৰাই জানিব পাৰিলে যে তাৰ শৰীৰত ক’ৰোনাৰ সংক্রমণ হৈছে৷ পৰীক্ষাৰ অন্তত ডাক্তৰে তেওঁক ঘৰলৈ আহিবলৈ অনুমতি নিদিলে৷ বাহিৰে বাহিৰে তেওঁক লৈ যোৱা হ’ল বিশেষ চিকিৎসা কেন্দ্রলৈ৷
স্বাভাৱিকতেই এইবাৰ ডাক্তৰী পৰীক্ষাৰ সন্মুখীন হ’লোঁ মই৷ মোক কোৱা হৈছিল যে মাত্র তিনি ঘণ্টাৰ ভিতৰতে পৰীক্ষাৰ ফলাফল মোক জনোৱা হ’ব, কিন্তু সময় লাগিল প্রায় ২৪ ঘণ্টা৷ ইতিমধ্যে বিভিন্ন প্রকাৰৰ সংবাদ মাধ্যমৰ যোগেদি খবৰটো সমগ্র ৰাজ্যখনত ‘ভাইৰেল’ হ’ল ঃ হোমেন বৰগোহাঞি ক’ৰোনাৰ দ্বাৰা আক্রান্ত৷ ম’বাইল ফোনটো হাতৰ পৰা নমাবলৈ মই সুযোগ নোপোৱা হ’লোঁ অবিৰামভাৱে একেটা প্রশ্ণ ঃ আপুনি কেনে আছে?
অৱশেষত আচল খবৰটো প্রচাৰিত হ’ল ঃ মই সংক্রমিত হোৱা নাই৷ এইবাৰ আহিল দ্বিতীয়টো প্রশ্ণৰ উজান – মোৰ লগত কোন আছে? মোৰ ঘৰ–দুৱাৰ চফা কৰা আৰু ৰন্ধা–বঢ়াৰ কাম কোনে কৰিছে? প্রশ্ণ কৰা মানুহবোৰৰ কণ্ঠস্বৰত এনে এক গভীৰ আন্তৰিকতা আৰু ব্যাকুলতা আছিল যে প্রশ্ণবোৰ শুনি থাকোঁতে বা উত্তৰ দি থাকোঁতে মোৰ চকু দুটা সেমেকি উঠা যেন মই অনুভৱ কৰিলোঁ৷ তেওঁলোকৰ প্রতি মোৰ কৃতজ্ঞতাৰ ঋণ অপৰিশোধ্য৷
মই মোৰ সমগ্র লেখক জীৱন ধৰি মোৰ নিজৰ মানুহখিনিক কেইটামান বিশেষ কথাত গুৰুত্ব দিবলৈ সকীয়াই আছোঁ৷ সেইবোৰৰ ভিতৰত এটা হ’ল শাৰীৰিক পৰিশ্রমৰ অভ্যাস আৰু কাম কৰাৰ আনন্দ৷ স্বর্গীয় চন্দ্রপ্রসাদ শইকীয়াই তেওঁৰ জীৱন–কালৰ শেষৰ কোনোবা এটা বছৰত হঠাৎ এদিন ফোন কৰি মোক সুধিলে– ‘বৰগোহাঞি, কিবা কাৰণত আপোনাৰ ঘৰুৱা কাম কৰা মানুহজন নোহোৱা হ’লে আপুনি কি কৰে?’
মই ওলোটাই তেওঁক প্রশ্ণ কৰিলোঁ – ‘হঠাৎ এনে এটা প্রশ্ণ কিয় কৰিব লগা হ’ল?’
সিফালৰ পৰা তেওঁ উত্তৰ দিলে – ‘প্রবীণা মাকৰ ঘৰলৈ গৈছে৷ মই অকলশৰীয়া, চকুৰে ধোঁৱা–কোঁৱা দেখিছোঁ৷ মই নিজে চাহ একাপো নিজে কৰি খাব নোৱাৰোঁ৷ সেয়েহে জানিবলৈ মন গৈছে– ঘৰুৱা কাম কৰা মানুহজনে ছুটী লৈ নিজৰ গাঁৱৰ ঘৰলৈ দুদিনমানৰ কাৰণে গ’লে আপুনি কি কৰে?’
মই গহীনাই উত্তৰ দিলোঁ – ‘মই আপোনাৰ নিচিনাকৈ কেতিয়াও সম্পূর্ণ অকলশৰীয়া নহওঁ৷ সকলো সময়তে মোৰ লগত এজন মানুহ থাকে তেওঁৰ নাম হোমেন বৰগোহাঞি৷ সাধাৰণ দৈনন্দিন জীৱন–যাপনৰ লগত সম্পর্কিত এনে কোনো কাম নাই – ঘৰ চাফা কৰা, বাচন ধোৱা, কাপোৰ ধোৱা, ভাত ৰন্ধা, জোতা পলিছ কৰা– যিটো কাম তেওঁ কৰিব নোৱাৰে৷ কেৱল সেয়েই নহয়, কামবোৰ কৰি তেওঁ বিমল আনন্দও পায়৷ সমস্যা হয় কেৱল তেওঁ অসুস্থ হ’লে৷ তেওঁ অসুস্থও হয় কাচিৎহে৷… … এনে এজন মানুহ সদায় মোৰ লগত থাকিলে কেনেকৈ মোৰ সমস্যা হ’ব পাৰে?’
ওপৰত কৈ অহা হ’ল যে যোৱা কেইদিনমান ধৰি মোৰ ঘৰ–ৰখীয়া দীপক মোৰ লগত নাই৷ মই সম্পূর্ণ অকলশৰীয়া৷ আৰু স্বাধীন৷ কিন্তু প্রত্যেক দিনে মোক লক্ষ্য কৰি আহি আছে অবিৰাম প্রশ্ণবাণ ঃ মোৰ ৰন্ধা–বঢ়াৰ কাম কোনে কৰিছে? মই অকলে কেনেকৈ ঘৰ চলাইছোঁ?
মই মোৰ শুভাকাংক্ষী সকলো মানুহকে আন্তৰিক ধন্যবাদ জনালোঁ আৰু তেওঁলোকৰ প্রশ্ণৰ উত্তৰত লিখিলোঁ তলৰ কথাখিনি৷
বিখ্যাত আমেৰিকান সমাজ–বিজ্ঞানী আৰু স্থপতি লিউয়িছ মামফ’ডৰ এখন বিখ্যাত ৰচনা আছিল –Discipline for Daily Life৷ মোৰ জীৱনৰ ওপৰত সর্বাধিক প্রভাৱ পেলোৱা ৰচনাবোৰৰ ভিতৰত এখন হ’ল মামফ’ডৰ এই ৰচনাখন৷ প্রসংগক্রমে কৈ থওঁ যে ৰচনাখন পঢ়িছিলোঁWindow of the world এখন অনুপম ৰচনা সংকলনত৷ মোৰ এজন জুনিয়ৰ সহকর্মীয়ে কিতাপখন দুদিনমানৰ কাৰণে ধাৰলৈ নি মোৰ অতি মৰমৰ এই কিতাপখন কেতিয়াও ঘূৰাই নিদিলে৷ সেই অসৎ মানুহজনৰ প্রতি খঙৰ জুই মোৰ অন্তৰত এতিয়াও জ্বলিয়েই আছে৷
সি যি কি নহওক, মই ক’ব খোজোঁ যে মানুহৰ জীৱনটো উৎকৃষ্ট ৰূপত গঢ়িবলৈ এই ৰচনাখনত যিমানবোৰ মূল্যৱান উপদেশ দিয়া হৈছে সিমানখিনি উপদেশ মাত্র একেখন ৰচনাত পোৱাটো অসম্ভৱ বুলিয়েই মই ভাবোঁ৷ ৰচনাখনৰ শিৰোনামটোৱেই কৈ দিয়ে যে জীৱনৰ প্রতিটো দিন কেনেকৈ কটাব লাগে সেই বিষয়ে ৰচনাখনত বহুতো উপদেশ দিয়া হৈছে৷ মই গোটেই ৰচনাখনৰ কথা ইয়াত ক’ব নোখোজোঁ৷ মাত্র এটা প্রাসংগিক কথা আপোনালোকক কৈ শুনাব খোজোঁ৷ মানুহ কেনেকৈ স্বাৱলম্বী হ’ব লাগে সেই কথা উদাহৰণ সহকাৰে বুজাবলৈ গৈ মামফ’র্ডে তেওঁৰ ৰচনাখনত এজন ইটালিয়ান কাউণ্টৰ কথা উল্লেখ কৰিছে৷
জার্মানী আৰু ইটালীত যেতিয়া হিটলাৰ আৰু মুছোলিনিৰ একনায়কত্ববাদী শাসন প্রতিষ্ঠিত হ’ল, তেতিয়া সেই দুখন দেশৰ বহুতো গুণী–জ্ঞানী মানুহ আমেৰিকালৈ পলাই আহিছিল৷ তেওঁলোকৰ মাজত আছিল এজন ইটালিয়ান কাউণ্ট৷ তেওঁ ইটালীৰ পৰা পলাই গৈ আমেৰিকাত আশ্রয় লৈছিল৷ প্রথম কেইদিনমান তেওঁ এখন ডাঙৰ হোটেলত আছিল৷ কিন্তু হোটেলত সদায় থকা সম্ভৱ নহয়৷ সেই কাৰণে তেওঁ এটা ভাৰা কৰিবলৈ বাধ্য হ’ল৷ কিন্তু কেৱল ঘৰ পালেইতো নহ’ব তেওঁক সেৱা–শুশ্রূষা কৰিবলৈ ভৃত্যৰ প্রয়োজন হ’ব৷ কিন্তু তেওঁ সবিস্ময়ে আৱিষ্কাৰ কৰিলে যে ভৃত্য হ’বলৈ ৰাজি হোৱা মানুহ আমেৰিকাত বিচাৰি পোৱা অসম্ভৱ৷ কাউণ্টজন ইটালীত থাকোঁতে তেওঁৰ প্রাসাদত আছিল প্রায় শতাধিক ভৃত্য৷ জোতাৰ ফিতা মাৰি দিয়া আৰু চোলাৰ বুটাম পিন্ধাই দিয়ালৈকে প্রতিটো কাম কৰিছিল তেওঁৰ ভৃত্যসকলে৷ একে আষাৰে ক’বলৈ গ’লে দৈনন্দিন জীৱনৰ সৰু–বৰ প্রতিটো কামৰ কাৰণে তেওঁ আছিল ভৃত্যসকলৰ ওপৰত সম্পূর্ণভাৱে নির্ভৰশীল৷ কিন্তু ভাৰাঘৰত থাকিবলৈ আৰম্ভ কৰিয়েই তেওঁ নিজৰ ৰন্ধা–বঢ়া, বাচন ধোৱা, ঘৰ চাফা কৰা, জোতাত ৰং দিয়া ইত্যাদি প্রতিটো কাম কৰিব লগা হ’ল তেওঁ নিজে৷ প্রথম কেইদিনমান তেওঁৰ খুব কষ্ট হৈছিল৷ এনে এটা কঠিন জীৱনত অভ্যস্ত হ’বলৈ স্বাভাৱিকতেই তেওঁৰ কিছু সময় লাগিছিল৷ কিন্তু লাহে লাহে যেতিয়া তেওঁ এই সকলোবোৰ কাম কৰাৰ অভ্যাস সম্পূর্ণৰূপে আয়ত্ত কৰিলে, তেতিয়া তেওঁ আৱিষ্কাৰ কৰিলে যে স্বাৱলম্বী হোৱাতকৈ ডাঙৰ সুখ মানুহৰ আন একো নাই৷ অৱশেষত তেওঁ এদিন অকপটভাৱে ঘোষণা কৰিলে – ‘স্বাধীন হোৱাৰ কি সুখ সেই কথা মই এতিয়াহে বুজি পাইছোঁ৷’
লিউয়িছ মামফ’র্ডে তেওঁৰ অতি জ্ঞানগর্ভ ৰচনাখনত আৰু লিখিছে – ‘সকলো শিক্ষাৰ প্রধান লক্ষ্য হ’ব লাগিব মানুহক স্বাৱলম্বী কৰা৷ মানুহ স্বাধীন হোৱাৰ প্রথম চর্তটো হ’ল এই যে এজন মানুহে স্বাভাৱিক সুস্থ অৱস্থাত জীৱন ধাৰণৰ কাৰণে কৰিবলগীয়া প্রতিটো কাম নিজেই কৰিব পাৰিব লাগিব৷ তাৰ কাৰণে তেওঁ আন কোনো মানুহৰ ওপৰত নির্ভৰ কৰিব নালাগিব৷ এজন আদর্শ মানুহ হ’বলৈ হ’লে তেওঁ সম্পূর্ণভাৱে আত্মনির্ভৰশীল হ’বলৈ শিকিব লাগিব৷’
মই দাবী কৰিব খোজো যে লিউয়িছ মামফ’র্ডে কোৱা অর্থত মই নিজে এজন সম্পূর্ণ আত্মনির্ভৰশীল মানুহ৷