নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সৰ্প উপত্যকা, য’ত আজি পৰ্যন্ত নাই এজনো মানুহ

নিয়মীয়া বাৰ্তা, ১৬ মেঃ বিশ্বৰ সৰ্প উপত্যাকাটো কথা আপুনি জানানে? ব্ৰাজিলত অৱস্থিত এটা উপত্যকাত আছে  কেৱল সাপ। প্ৰতি বৰ্গমিঃত আছে ৫ৰ পৰা ১০ ডালকৈ সাপ।

উল্লেখযোগ্য যে উপত্যকাটোত ১৯২০চনলৈকেহে কোনো লোকৰ আৱাসস্থল আছিল এই উপত্যকাটোত তাৰ পাছৰে পৰা কোনো লোক সাপৰ ভয়ত যাব পৰা নাই। উপত্যকাত সাপৰ বাহিৰে আন কোনো জীৱ-জন্তু নাই। বিশ্বৰ সবাতোতকৈ বিষাক্ত সাপৰ বসতিস্থল এই উপত্যকাটোত আছে প্ৰায় ২০ হাজাৰ বিষাক্ত সাপ।

অৱশ্য়ে বৰ্তমান দুস্কৃতিকাৰীয়ে চোৰাংভাৱে বিষাক্ত সাপবোৰ ধৰি বিষৰ বাবে বিক্ৰী কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। এই সাপৰ বিষৰ পৰাই প্ৰস্তুত কৰা হয় বিভন্ন ঔষধ। এই সাপবোৰ ইমানেই বিষাক্ত এই সাপে খুটিয়ালে আপোনাৰ এঘণ্টাৰ ভিতৰত মৃত্যু ঘটিব পাৰে।

You might also like