হিন্দু বাঙালীসকলৰ ওপৰত অসমীয়াভাষীৰ ইমান খং কিয় ?
অসমীয়াভাষী মানুহৰ ইমান খং কিয়? কিয় বাৰে বাৰে অসমত বাঙালীবিদ্বেষী মনোভাবে গা কৰি উঠে? কিয় বাঙালী বাংলা ভাষা বুলি ক’লেই এক ভাষিক বিপন্নতা অনুভৱ কৰে অসমীয়াসকলে? কিয় ইমান ঘৃণা, বিদ্বেষ, সন্দেহ??
আকৌ বৰাক তথা পশ্চিমবংগৰ এচাম বংগীয় মানুহৰো অসমীয়া বিদ্বেষ দীর্ঘকালৰ পৰা চলি আহিছে৷ কিয়?
এই প্রশ্ণ আৰু পৰিস্থিতিৰ শিপা কিন্তু ১৮৩৬ চনৰ পৰা ১৮৭২ চনলৈ অসমত ব্রিটিছে চৰকাৰীভাৱে বাংলা ভাষা জাপি দিয়াৰ ঘটনাৰ মাটিত সোমাই আছে৷ একাংশ অসমীয়া পণ্ডিত, বিদ্বান সাহিত্যিকে ‘বাংলা ভাষাৰ আগ্রাসন’ আৰু ‘বাঙালীৰ ষডযন্ত্র’ আখ্যা দি তথ্যবিহীনভাৱে একপক্ষীয়ভাৱে কলংক সানি যোৱাৰ ফলতেই অসমীয়াভাষীসকলৰ মনত এক তীব্র ঘৃণা–বিদ্বেষৰ জন্ম হৈছিল৷ অথচ ড০ সূর্য কুমাৰ ভূঞাই লিখিছে– ‘ক’বলৈ গ’লে ব্রিটিছ অহাৰ পূর্বে অসমত অসমীয়া আৰু বাঙালীৰ মিলনৰ গংগা–যমুনা স্রোত বৈছিল৷’ ঊনৈশ শতিকাত অসমত বাংলা ভাষা প্রচলনৰ অন্তৰালত বাঙালী আমোলাৰ হাত আছিল৷এই কথাৰ সপক্ষে কোনো তথ্য আছেনে? কেৱল সন্দেহৰ ওপৰত এটা জাতিক এক শতাব্দী ধৰি কাঠগডাত থিয় কৰোৱা হৈছে, তথ্যবিহীনভাৱে, ইতিহাসৰ বিকৃতি ঘটায়৷
অথচ অসমত বাংলা ভাষা প্রচলনৰ মূল সিদ্ধান্ত যে ব্রিটিছৰ আছিল, সেই কথা অজস্র তথ্য–প্রমাণেৰে গৱেষণা কৰি প্রমাণ দিছে দুজন অসমীয়া পণ্ডিতে৷ ড০ শিৱনাথ বর্মন আৰু প্রসেনজিৎ চৌধুৰীৰ ‘বাস্তৱ নে বিভ্রম অসমত বঙলা ভাষা প্রৱর্তনৰ ঐতিহাসিক উৎস সন্ধান’ নামৰ কিতাপখনত এই বিষয়ে অসংখ্য তথ্য আছে৷ তাৰে কেইটামান তুলি ধৰিছোঁ৷
১৮৫৩ চনত ভাৰতৰ বিভিন্ন প্রদেশত প্রাদেশীক ভাষাৰে শিক্ষা দিবলৈ স্থিৰ কৰিছিল৷ তেতিয়া ব্রিটিছৰ শিক্ষা বিভাগৰ গুৰিয়াল ৰবিনছন আৰু অসমৰ ৰেভিনিউ কমিছনাৰ জেনকিন্ছে দুটা মতামত লিখিতভাৱে আগবঢ়াইছিল৷
(১) ৰবিনছনৰ মতে, ‘অসমৰ কথিত ভাষা বঙলাৰে সৈতে মূলত একেই৷…অসমীয়া ভাষাটো বিশুদ্ধ বঙলাৰে বিকৃত ৰূপৰ উচ্চাৰণ মাথোন, আৰু ইয়াৰ বর্ণ বিন্যাসৰো একো নাই৷ পঢ়াশালিবোৰত বঙলাৰে শিক্ষা দিলেই ল’ৰাই সহজে অমিল উচ্চাৰণ মিলাই উন্নত ভাষা শিকিব পাৰিব আৰু ক্রমান্বয়ে নানান জ্ঞান আহৰণ কৰিব পাৰিব৷’ (প্রবন্ধ সৌৰভ, সম্পাদক পৰীক্ষিত হাজৰিকা, পৃ. ১৬–১৭)৷
(২) জেনকিন্ছৰ বক্তব্য আৰু স্পষ্ট–
‘অসমত বঙলা চলাবলৈ পৰামর্শ দিয়াৰ গুৰিতে মই৷ মই বঙলাৰ পক্ষপাতী৷ মোৰ আদেশহে ৰবিনছনে পালন কৰিছে৷ …অসমীয়া ভাষা শিক্ষাৰ বাহন কৰিব লাগিলে দেশৰ অধঃপতন হ’ব৷’ (পূর্বোক্ত গ্রন্থ, পৃ. ২৩, ২৭)
বন্ধুসকল, তেতিয়াৰ ব্রিটিছ প্রশাসনৰ মূল দুইগৰাকী ব্যক্তিৰ এই মন্তব্যৰ যোগেদি সুস্পষ্টভাৱে বুজা যায় যে ইংৰাজ ৰাজবিষয়াৰ নির্দেশমর্মে অসমত ঊনৈশ শতিকাত বাংলা ভাষা প্রৱর্তন কৰা হৈছিল৷
ইংৰাজে অসম দখল কৰাৰ ২৬ বছৰ আগতে ১৮০০ চনত, জন পিটাৰ ৱেইড(Dr. J. P. Wade)- An. Account of Assam নামৰ পুথিত অসমীয়া ভাষাক বাংলা ভাষাৰ এটা উপভাষা বুলি লিখিছিল The other termed is the Bakha {Bassa} being a dialect of the Bengalee)৷ ৱেইডৰ দৰে ব্রিটিছ প্রশাসনৰ বহু মানুহৰ ধাৰণাই আছিল এয়া৷ ৱেইডৰ পুথিখন প্রণয়নৰ সময় অসমত ব্রিটিছ অহা নাছিল৷ অসমতো বংগৰ কেৰাণী–মহৰীৰ আগমন ঘটা নাছিল৷ গতিকে ৱেইডৰ মন্তব্যৰ অন্তৰালতো ‘বাঙালীৰ ষডযন্ত্র’ আছিল বুলি কোৱা যাবনে?
বাদ দিয়ক সেইবোৰ৷ যিজন হেনৰি জন ষ্টেডমেন কটন অসমৰ প্রথম উচ্চ শিক্ষা প্রতিষ্ঠান কটন কলেজৰ মূল স্থপতি, তেওঁৰ ভাষ্য শুনক–
‘Every educated Assamese is bound to know Bengali just as every educated Assamese as a seperate language are, I am convinced, doomed failure.’
ব্রিটিছ বিষয়াবর্গৰ অযথা বাঙালী ‘প্রীতি’ (?) আৰু অনাৱশ্যক অসমীয়া বিদ্বেষৰ এনে নমুনা থকাৰ পাছতো সেই তাহানিৰ পৰাবাঙালীক জগৰীয়া কৰাৰ এক মানসিকতা গঢ় লৈ উঠিছিল৷ আৰু সেই মানসিকতাই যে কিমান ক্ষতি কৰিলে তাৰ প্রমাণ জ্ঞানপীঠ বিজয়ী ড০ বীৰেন্দ্র কুমাৰ ভট্টাচার্যৰ এই মন্তব্য– ‘দুর্ভাগ্যবশতঃ অসমীয়া ভাষা আৰু বঙালী ভাষাৰ মাজত এটা প্রতিদ্বন্দ্বিতা উপস্থিত হ’ল৷ ই অসমীয়া জাতীয়তাবাদী চেতনাক এটা নেতিবাচক ৰূপ দিলে৷’ (ডেৰশ বছৰীয়া অসমীয়া সংস্কৃতিত এভুমুকি, পৃ. ৫২)
প্রিয় বন্ধুসকল, ড০ বীৰেন্দ্র কুমাৰ ভট্টাচার্যৰ অসমীয়া–বাঙালীৰ দ্বন্দ্বই ‘অসমীয়া জাতীয়তাবাদী চেতনাক নেতিবাচক ৰূপ দিলে’ কথাটো আজিও প্রাসংগিক নহয়নে?
(১) আৰু দুটামান তথ্য দিওঁ–
আনন্দৰাম ঢ়েকিয়াল ফুকনে ‘অসমীয়া ল’ৰাৰ মিত্র’ নামৰ প্রথম অসমীয়া পাঠ্যপুস্তক ছপা কৰোঁতে বাঙালী মানুহেও অর্থসাহায্য কৰিছিল৷ (বেণুধৰ শর্মাৰ মণিৰাম দেৱান, পৃ.২০৩)
(২) ১৮৭২ চনত অসমীয়া ভাষা পুনৰ প্রতিষ্ঠাৰ বাবে যি আবেদন কৰা হৈছিল, তাত স্বাক্ষৰ কৰিছিল নগাঁৱৰ বিখ্যাত বাঙালী আইনজীৱী জানকীনাথ সেন আৰু ৰামলোচন সেনে–’Anandaram Dhekiyal Phukan : A plea for Assam and Assamese’ by Dr. Maheswar Neog, p. 22-23)
(৩) ১৮৭২ চনত নাজিৰাৰ আছাম কোম্পানীৰ কর্মচাৰীসকলে অসমৰ স্কুল আৰু আদালতত অসমীয়া ভাষা চলাবলৈ অনুৰোধ জনাই ‘অৰুনোদই’ পত্রিকাত যি পত্র দিছিল, তাত দুজন বাঙালী ভদ্র লোকৰ নাম পোৱা যায়– স্বৰূপচন্দ্র দেওয়ান আৰু মদনমোহন ঘোষ দাওয়ান৷
(৪) প্রাতঃস্মৰণীয় আনন্দৰাম বৰুৱাৰ সহপাঠী তথা ‘মৌ’ পত্রিকাৰ সম্পাদক বলিনাৰায়ণ বৰাৰ শহুৰেক বংগৰ বিশিষ্ট আই চি এছ ৰমেশ চন্দ্র দত্তক ব্রিটিছ প্রশাসনে অসমীয়া ভাষা স্বকীয়তা আছেনে নাই, সেই বিষয়ে মতামত প্রকাশৰ দায়িত্ব দিছিল৷ ৰমেশ চন্দ্রই স্পষ্টকৈ অসমীয়া ভাষাৰ পক্ষত থিয় হৈছিল আৰু জনাইছিল– সংস্কৃতমূলীয় হোৱাৰ বাবেহে কিছুসংখ্যক অসমীয়া আৰু বাংলা শব্দৰ মিল আছে যদিও অসমীয়া এটি স্বতন্ত্র ভাষা, কিয়নো অজস্র অসমীয়া ঘৰুৱা শব্দ বাংলাতকৈ সম্পূূর্ণ বেলেগ’…in the short familiar words the Bengalee tolally differs from Assamese.’
বাঙালী শহুৰেকে অসমীয়া ভাষাৰ পক্ষত থিয় হোৱাৰ পাছতো অসমীয়াভাষী জোঁৱায়েক বলিনাৰায়ণে কিন্তু বাংলা ভাষাৰ পক্ষত থিয় হৈছিল৷
সুপ্রিয় বন্ধুবর্গ, অসম আকৌ এবাৰ ক্রান্তিকাল আৰু কঠিন সময়ৰ মাজেৰে পাৰ হ’ব ধৰিছে৷ ভাষিক আৱেগে যেন আকৌ জাতিবিদ্বেষৰ জুই নজ্বলায়, সেয়াই কাম্য৷ অসমৰ বাঙালী সমাজেও মাতৃভাষা বাংলাৰ লগতে ধাত্রী ভাষা অসমীয়াক আন্তৰিকতাৰে গ্রহণ কৰা উচিত, সন্মান কৰা উচিত, চর্চা কৰা উচিত৷ অসমৰ মূল জনসংযোগী ভাষা কিন্তু অসমীয়া৷ আনহাতে অসমীয়া মানুহেও অকাৰণে বাঙালীবিদ্বেষৰ মানসিকতা ত্যাগ কৰা উচিত৷ অসমৰ জাতীয় জীৱনত বাঙালীসকলৰ অৱদান কম নহয়৷
উভয় পক্ষত শুভ আৰু অশুভ শক্তি আছে৷ আজিৰ এই উত্তপ্ত পৰিস্থিতিত আমি শুভৰ পক্ষত থিয় হোৱা অতি প্রয়োজন৷
লেখক– ডo প্ৰশান্ত চক্ৰৱৰ্তী
বাংলা বিভাগ, কটন বিশ্ববিদ্যালয়
ফোনঃ ৭০০২৭–৯১৭৭৩