নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হে’লমিট্ মূৰত নে কিলাকুটিৰ ভিতৰত ?

গৃহ মন্ত্রী আৰু পৰিবহন মন্ত্রী– নৱপ্রজন্মৰ ভোট হেৰোৱাৰ ভয়তে বাইক–স্কূটা(ৰ্) চালকৰ সাত খুন মাফনে ?

মাননীয় গৃহ মন্ত্রী সোণোৱালদেউ আৰু মাননীয় পৰিবহন মন্ত্রী চন্দ্র মোহন পাটোৱাৰীদেউ,– নমস্কাৰ গ্রহণ কৰিব৷ যোৱা ৫ ফে’ব্রুৱাৰীত মোৰ এই নিয়মীয়া শিতানটোতে ৰাজধানী মহানগৰী গুৱাহাটীৰ ছিটি বাছসমূহ নিয়ন্ত্রণ কৰাত আপোনাসৱৰ চৰকাৰখনৰ চূড়ান্ত বিফলতাৰ কথা লিখি আপোনাসৱৰ দৃষ্টি আকর্ষণ কৰিছিলোঁ৷ বহুদিন জুৰি লক্ষ্য কৰি আহিছোঁ,– যেতিয়াই এনে ধৰণে কঠোৰ সমালোচনা কৰা যায়, তেতিয়াই, তাৰ লগে লগে বা দিনদিয়েক পাছতে গৃহ বিভাগৰ আৰক্ষী বাহিনীৰ যান–বাহন শাখাই আৰু পৰিবহন বিভাগৰ কিছুমান বিষয়াই দুদিনমানৰ কাৰণে ৰাজপথত এটা জোৰদাৰ ‘ধৰ–পাকৰ’ অভিযান চলায় আগতীয়াকৈ খবৰ দি মাতি অনা সাংবাদিকৰ আগত এনেহে ভাও দেখুৱায় যেন– ‘এইবাৰ শেনৰ এজাত’ কিন্তু আকৌ দিনদিয়েক পাছত দেখোঁ,– সকলো ফুটুকাৰ ফেন, খোলাকটিৰ তাল৷ কোনোবাই কিবা সুধিলে সিসৱে কয়– বিভাগত যথেষ্ট সংখ্যক মানুহৰ অভাৱ৷ ইফালে, আপোনাসৱে আৰু বিত্ত মন্ত্রীয়ে কৈয়েই থাকে যে ‘সকলো খালী পদ পূৰণ কৰা হৈ আছে, প্রয়োজন অনুসাৰে নতুন নিযুক্তিও দি থকা হৈ আছে টকাৰ অভাৱত একো কাম পৰি নাথাকে৷’ সিফালে আকৌ বাতৰি ওলাইছে বোলে ধনৰ অভাৱত বিধায়ককো দৰমহা দিব পৰা হোৱা নাই কথাবোৰ কি? এফালে টাপলি মাৰিলে দেখোন আন এফালে ফিচিকে

যদি মানুহ তাকৰ, তেন্তে পৰিবহন বিভাগৰ আমোলা–বিষয়াই পৰিবহন মন্ত্রীক নকয় কিয়? আৰক্ষী বাহিনীৰ হর্তা–কর্তাসকলে গৃহ মন্ত্রীক নকয় কিয়? কওক যে অমাত্যসকলে কৈ ফুৰা কথাবোৰৰ বাবে বিভাগীয় চাকৰিয়ালসকল শ’লঠেকত পৰে৷ পৰিবহন মন্ত্রীয়েও বিত্ত মন্ত্রী আৰু মুখ্য মন্ত্রীক কওক যে বিত্ত মন্ত্রীয়ে কথাবোৰ যেনেদৰে কৈ আছে, তেনেদৰে কৈ নাথাকিলে ভাল৷ কিন্তু আচল কথাবোৰ তেনে নহয় ভালদৰে নিৰীক্ষণ কৰি থকা লোকে আচল কথাবোৰ জানে৷ সেইবোৰ কথা বহু বছৰ জুৰি কৈ আহিছোঁ৷ আৰু এটা ডাঙৰ কথা,– চাকৰিয়ালৰ সংখ্যা কিছু কম যদি বাৰু কম৷ কিন্তু যিমান চাকৰিয়াল আছে, সিমানখিনিয়ে নিজৰ অৱশ্য পালনীয় বৃত্তিগত কর্তব্যখিনি নিয়মমতে পালন কৰেনে? নকৰে৷ মই জানো৷ আৰু, আৰক্ষী বাহিনীত নতুনকৈ বিষয়া–চিপাহী নিযুক্তি দিলেও, সিসৱৰ বেছিভাগে যদি মন্ত্রী–বিধায়ক, আমোলা আৰু আত্মসমর্পণকাৰী ৰুদ্র বিপ্লৱীৰ উপৰি সঘনাই ক্রিকে’ট তাৰকা আৰু চিত্র তাৰকাৰ পিছে পিছে লেমটৌ–লিগিৰা হৈ দৌৰি ফুৰিব লাগে, তেন্তে, নাটনিতো থাকিবই৷ চুৰি–ডকাইতিও বাঢ়িবই৷
গৃহ মন্ত্রী মহোদয় আৰু পৰিবহন মন্ত্রী মহোদয়, আজি মই মূলতঃ ক’বলৈ ওলাইছোঁ বাইক্, সূকটা(ৰ্), সূকটী আদি যন্ত্রচালিত দুচকীয়া যান–বাহনৰ চালক–চালিকাসকলৰ্ আতিশয্য আৰু উদ্ভণ্ডালিজনিত অসংখ্য দুর্ঘটনা আৰু সেই দুর্ঘটনাবোৰৰ ফলত প্রতিবছৰে অতি সম্ভাৱনাপূর্ণ অলেখ লোকে, বিশেষতঃ যুৱক–যুৱতীয়ে, অকালতে অতি কৰুণভাবে মৃত্যুক সাৱটি লোৱাৰ কথা৷ কিন্তু তাৰ আগেয়ে মই গুৱাহাটী মহানগৰ আৰক্ষীৰ যান–বাহন শাখা আৰু পৰিবহন বিভাগৰ পৰা, মই যোৱা ৫ ফে’ব্রুৱাৰীত উত্থাপন কৰা এটা গুৰুত্বপূর্ণ প্রশ্ণৰ এতিয়াও নোপোৱা উত্তৰটো বিচাৰিছোঁ৷ পূর্বে, গুৱাহাটীত ছিটি বাছ চলাচল কৰা পথসমূহৰ ঠায়ে ঠায়ে, ‘ছিটি বাছ ৰোৱা ঠাই’ বা ‘ছিটি বাছ স্তপ্’ বুলি লিখি থোৱা কিছুমান ফলি আছিল৷ বাছ চলাচলকাৰীসকলে তেনেবোৰ ঠাইৰ বাহিৰেও অন্যান্য যেইকোনো ঠাইতে জধে–মধে বাছ ৰখা আৰু দায়িত্বহীন, অপৰাধী অনেক যাত্রীয়েও য’তে–ত’তে হাত দাঙি বাছ ৰখাই বাছত আৰোহণ কৰা অপৰাধটোৰ কথাটোতো আছেই৷ সেইটো বন্ধ কৰিব লাগিবই৷ কিন্তু সেইটো এটা সুকীয়া কথা৷ মোৰ প্রশ্ণটো হৈছে– বিগত বহু বছৰ ধৰি গুৱাহাটীৰ ক’তো সেই ফলিবোৰ দেখিবলৈ নোহোৱা হ’ল কিয়? মোৰ সন্দেহ হয়, ছিটি বাছ চলাচলকাৰীসকলে সেই ফলিবোৰ এৰুৱাই পেলাইছে যাতে বাছ ৰখা আৰু ৰখোৱাৰ বাবে সুনির্দিষ্ট বুলি একো ঠাই নাথাকে আৰু, সেয়ে হ’লে বাছবোৰ ইচ্ছা মতে য’তে–ত’তে ৰখাৰ বাবে পথটো সুৰসুৰীয়া হয়৷ মোৰ কথা হ’ল– সিবিলাকৰ এই ‘কর্ম’ত পৰিবহন বিভাগ আৰু যান–বাহন আৰক্ষীৰ মৌন সমর্থন আছে৷ সেয়ে যদি নহয়, তেন্তে সিসৱে কি কৰি আছে?

গৃহ মন্ত্রী মহোদয়, পৰিবহন মন্ত্রী মহোদয়, মুখ্য সচিব চাহেব, পৰিবহন বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব চাহেব, গৃহ বিভাগ আৰু পৰিবহন বিভাগৰ প্রধান সচিব, আয়ুক্ত সচিব আৰু সচিব চাহেব–মেম চাহেবাসকল, পৰিবহন আয়ুক্ত (সঞ্চালক) চাহেব, আৰক্ষী সঞ্চালক প্রধান চাহেব, জিলা আৰক্ষী অধীক্ষক চাহেব–মেম চাহেবাসকল, জিলা পৰিবহন বিষয়া (ডী টী অউ)সকল তথা বিভাগৰ ক্ষেত্রভিত্তিক বিষয়া–কর্মচাৰীসক,– শুনকচোন, ৰাজপথত যান–বাহন দুর্ঘটনা প্রতিৰোধ কৰি আটাইকে জীৱনৰ সুৰক্ষা আৰু নিৰাপত্তা প্রদানৰ বাবে আপোনালোকে আটাই ভিন্ ভিন্ মহল আৰু পর্য্যায় তথা ভিন্ ভিন্ মাত্রা অনুসাৰে সুকীয়া সুকীয়াকৈ ব্যক্তিগতভাবে আৰু একেডাল শিকলি বা শৃংখলৰ বহুতো আঙঠিৰ দৰে সুসমন্বিত ৰূপত শৃংখলাৱদ্ধ আৰু ৰাজহুৱাকৈ দায়ৱদ্ধ একো একোটা আঙঠি হয়নে নহয়? মহোদয়–মহোদয়া আৰু চাহেব–চাহেবাসকল, নিজে উদণ্ডভাবে বাইক, সূকটা(ৰ্), সূকটী আদি চলোৱা বাবেই হওক বা উদণ্ড বাছ চালক, ট্রাক চালক, টেংকা(ৰ্) চালক ডাম্পা(ৰ্) চালক আৰু অন্যান্য যান–বাহন চালকে খুন্দিয়াই মহটিয়াই হত্যা কৰা বাবেই হওক, এই যে প্রতিবছৰে ৰাজ্যখনত ১৬/১৮/২২/২৮/৩৫/৪০/৫০ আদি বছৰীয়া অসংখ্য যুৱক–যুৱতী আৰু বয়সস্থ লোকে দুচকীয়া যান–বাহন দুর্ঘটনাত অত্যন্ত যন্ত্রণাকাতৰভাবে মৃত্যুবৰণ কৰে, সেই বাতৰিবোৰে আপোনালোকৰ মন, মগজু আৰু স্নায়ুতন্ত্রত অকণো কঁপনি নোতোলেনে? যদি তোলে, তেন্তে সেইবোৰ ৰোধ কৰিবলৈ আপোনালোকে একো ব্যৱস্থা নলয় কিয়?– লোৱাৰ দায়িত্ব আৰু ক্ষমতাতো আপোনালোকৰ হাততেই আছে দুর্ঘটনা ঘটি যোৱাৰ পাছত, তাত গোট খোৱা মানুহে চিঞৰ–বাখৰ কৰাৰ পাছত আৰক্ষীৰ উপ–পৰিদর্শক বা সহকাৰী উপ–পৰিদর্শক দুই–এজনে চিপাহী জনদিয়েক লগত লৈ আৰু পৰিবহন বিভাগৰ ম’টৰ যান–বাহন পৰিদর্শক (এ’ম্ ভী আই) দুজনমানে, ইতিমধ্যে যমৰ নগৰলৈ যোৱা লোককেইজনৰ ছিগা হাত–ভৰি আৰু থেঁতেলা খোৱা নাক–মুখ আৰু মূৰৰ তেজেৰে ৰাঙলী হোৱা ৰাজপথত উপস্থিত হৈ গহীন–গম্ভীৰভাবে টোকা বহীত কিবা দুটামান টুকি লৈ সাংবাদিকৰ আগত ঘটনাৰ কাৰণটো ক’লেই সমগ্র চৰকাৰখনৰ দায়িত্ব শেষনে? আপোনালোকে নাজানেনে যে এনেদৰে মৃত্যু হোৱাসকলৰ ভিতৰৰ অনেকজনেয় হয়তোবা মাক–দেউতাকৰ একমাত্র ল’ৰা বা ছোৱালী, নহ’লেবা পৰিয়ালৰ একমাত্র উপার্জনক্ষম ব্যক্তি? চৰকাৰখন মানৱীয় অনুভূতিসম্পন্ন আৰু নির্দিষ্টভাবে বিন্যস্ত দায়িত্বপ্রাপ্ত তথা ৰাইজৰ ধনেৰে বেতনভোগী কিছুমান মানুহৰ এক সমষ্টি, নে, মামৰে ধৰা মাথোন এটা যন্ত্র?

বহুত লিখা–মেলা কৰি নিৰন্তৰ হেঁচা দি থকা হেতুকে সংশ্লিষ্ট বিভাগীয় কর্মকর্তাসকলে কিছু ব্যৱস্থা লোৱাৰ ফলত অন্ততঃ ৰাজধানী মহানগৰী গুৱাহাটীত জানিবা বিগত প্রায় এটা বছৰত বাইক–সূকটাৰ–সূকট্ চালকসকলৰ বেছিভাগেই মূৰত হে’ল্মিট্ পিন্ধিবলৈ লৈছে৷ কিন্তু এতিয়াও অনেকেই হে’ল্মিট্বোৰ মূৰৰ পৰিৱর্তে কিলাকুটিৰ ভিতৰফালেহে পৰিধান কৰে, যাতে অলপ দূৰত যান–বাহনৰ তালাচী চলি থকা দেখিলেই…বুজিছে নহয়, পাঠক? তেনে চালকসকলক তেনে অৱস্থাতে ‘পাক্ৰাও’ কৰিব নালাগে বুলি কিবা বিধি আছে নেকি? অনেকৰে মূৰত ক্রিকে’ট্ খেলৰ দর্শকে পিন্ধা টুপীৰ নিচিনা কাপোৰৰ টুপী আন অনেকজনৰ মূৰত আকৌ কয়লা খনিৰ শ্রমিকৰ হে’ল্মিটৰ নিচিনা হে’ল্মিট্ বাইক আদিৰ চালকৰ বেলিকা জানো তেনেকুৱা হে’লমিট্ পৰিধান বিধিসংগত? আনহাতে, পৰিবহন বিভাগ তথা আৰক্ষীৰ তালাচী চলে সদায় সেই একেকেইটা প্রধান পথৰ সেই একেকেইটুকুৰা নির্দিষ্ট স্থানতে৷ ভিতৰুৱা বা সৰু–সুৰা পথবোৰত কেতিয়াও একো তালাচী চলোৱা নহয়৷ সিফালে, পাতে পাতে বগোৱা ১৪/১৫ বছৰীয়া কিশোৰ আৰু ২০/২৫/৩২ বছৰীয়া যুৱকৰ পৰা আৰম্ভ কৰি ৫০/৫৫ বছৰীয়া প্রৌঢ় লোকলৈকে মনুষ্যগণৰ বহুগণক মহানগৰীৰ ভিতৰুৱা আৰু আনকি মজলীয়া পথবোৰতো দেখা পাব,– দুৰন্ত আৰু প্রায় উৰন্ত গতিত চলন্ত বাইক–সূকটাৰৰ ওপৰত চালক আৰু আৰোহীকে ধৰি তিনিজন পর্য্যন্ত মুকলিমূৰীয়া ভকত ‘বিন্দাছ্’ ভাৱত ধাৱমান !!

সোণোৱালদেউ আৰু পাটোৱাৰীদেউ, এয়া হৈছে মাথোন গুৱাহাটীৰ কথাহে৷ কিন্তু গুৱাহাটীয়েয়তো অসম নহয় (নঞর্থক হ’লেও ‘হ’ ধাতুৰ ক্রিয়া ৰূপ এতেকে ‘গুৱাহাটীয়েইতো’ নহয়)৷ অসমৰ বেছিভাগ নগৰ–চহৰতে বাইক–সূকটা(ৰ্)–সূকটী চালকসকলক দেখিলে ভাৱ হয় যে সেইবোৰ ঠাইত সম্ভৱতঃ হে’ল্মিটৰ দোকান নায়েই সংশ্লিষ্ট জিলা উপায়ুক্তসকলে, আৰক্ষী অধীক্ষকসকলে আৰু জিলা পৰিবহন বিষয়াসকলে তথা সিসৱৰ অধস্তন বিষয়া–কর্মচাৰীসক বা কাৰ বাবে কি কাটি থাকে ইফালে, সমগ্র অসমতে, দুর্গা পূজা, দীপান্বিতা, সৰস্বতী পূজা, শিৱৰাত্রি, ফাকুৱা, নিউ য়ের্য্ ডেই, ভেলেণ্টাইন্য্ ডেই, ভোগালীৰ উৰুৱা, ব’হাগ–জেঠ–আহাৰ শাওণৰ ‘জাতীয় উৎসৱ’ মঞ্চ বিহু আৰু আজিকালি গণেশ চতুর্থী, ষট্ পূজা আৰু ৰাখী বন্ধন বুলিলেও, সিবোৰ আটাই উৎসৱ যেন ‘বাইকোৎ–সৱ’–হে বাইক চালকৰ ওপৰত প্রায় সম্পূর্ণ নিয়ন্ত্রণহীনতাৰ ফলতেই শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন ঠাইত বৃদ্ধি হৈছে ‘চিলনী চোৰ’ৰ টিঘিলঘিলনি৷ পৰিস্থিতিয়ে ক্রমাৎ এনে ৰূপ লৈছে যে বছৰদিয়েক পূর্বে স্বয়ং গুৱাহাটীৰ ৰাজপথতে এদিন মাজ নিশা এগৰাকী সুৰামত্ত যুৱতীয়ে চৰকাৰী সমবেশ পৰিহিত, কর্তব্যৰত এজন আৰক্ষী লোকক চোলাৰ কলাৰত ধৰি ‘ঘটালি’ দিছিল৷ অৱশ্যে সাধাৰণ আইন–শৃংখলা তথা যান–বাহন শৃংখলাৰ এনে চৰম অৱনতি ঘটিছিল প্রাক্তন (মুখ্য তথা) গৃহ মন্ত্রী তৰুণ গগৈয়ে বিভিন্ন দিশত অসমৰ কফিনত উপর্য্যুপৰি তিনিসিৰীয়া গজাল মাৰি থকা, তেখেতৰ পোন্ধৰ বছৰীয়া আমোল তথা তেখেতৰ পৰিবহন মন্ত্রীসকলৰ আমোলতে৷ প্রশ্ণ হ’ল– যি দলীয় চৰকাৰৰ আমোলতে হওক, বাইক–সূকটা(ৰ্)–সূকটী চালকসকলৰ (লগতে আৰু অন্যান্য যান–বাহন চালকৰো) ইমান দৌৰাত্ম্য, ইমান উদ্ভণ্ডালি, ইমান বে’–পৰোৱা আচৰণ, ইমান টিঘিলঘিলনি সত্ত্বেও সেইবোৰ দমন কৰি ৰাইজক নিৰাপত্তা দিয়াৰ বিষয়ত চৰকাৰৰ ইমান হেঁহো–নেহো, ইমান হেলেম–হেতেম, ইমান আঁঠুৰ কঁপনি কিয়? এয়া কি, পথভ্রষ্ট, উদণ্ড ‘নৱপ্রজন্ম’ৰ (আটাইৰে নহয়) অধিকাংশৰ ভোট হেৰুওৱাৰ ভয়? ক’ত ব্রিটিশৰ বিৰুদ্ধে মহাত্মা গান্ধীৰ আইন অমান্য আন্দোলন আৰু ক’ত উদণ্ড, উত্ভ্রান্ত বাহন চালকৰ আইন উলংঘা ‘আন্দোলন’ !!

ৰাজপথত যান–জঁট অধিক হোৱা ঠাইত কেতিয়াবা কেতিয়াবা কিছু সময় ৰৈ যান–বাহন চালক আৰু ‘কর্তব্যৰত’ আৰক্ষীৰ গতি–বিধি লক্ষ্য কৰাটো মোৰ এটা পুৰণা অভ্যাস৷ তেনে আৰক্ষী লোকক অলপ সহায় কৰাৰ লগতে মাজে মাজে মই সোধোঁ– ‘এয়া যে,– ‘হে’ল্মিট্ নিপিন্ধা বাইক চালকজন (বা ছীট্ বে’ল্ট নবন্ধা গাড়ীচালকজন) আপোনাৰ চকুৰ আগেদি পাৰ হৈ গ’ল, আপুনি নধৰিলে কিয়’? উত্তৰ আহে– ‘কি কৰিম ছাৰ, আমাৰ কথা নামানে নহয়– পুলিচো’ কম তাতে আকৌ আমাক একো কৰাৰ ‘পাৱাৰ’ (ক্ষমতা) দিয়া নাই নহয়, ‘অফিছাৰ্’ আহিলেহে ‘ফাইন্ কাটিব (জৰিমনা কৰিব)’৷ কৰক এতিয়া কি কৰে এয়ে আমাৰ যান–বাহন প্রশাসন !

গৃহ মন্ত্রী মহোদয় আৰু পৰিবহন মন্ত্রী মহোদয়, বাইক–সূকটা(ৰ্)–সূকটী চালকৰ উদ্ভণ্ডালিৰ কাহিনী ইমানেয় নহয় আৰু বহুত আছে৷ কিন্তু হয়তো সেইবোৰ আপোনাসৱৰ চকুত নপৰে, কিম্বা, চকুত পৰিলেও, সেইবোৰলৈ কেৰেপ কৰিবলৈ আপোনাসৱৰ গৰজ নপৰে কাৰণ, আপোনাসৱৰ যাত্রা সূচী থাকিলেই, আৰক্ষী শূন্য পথৰ দাঁতিত ততালিকে আৱির্ভূত হোৱা আৰক্ষীয়ে লাঠী–বেত জোকাৰি ‘ৰাস্তা অল্ কিলিয়েৰ’ কৰি দিয়ে কাৰণ, এয়া গণতন্ত্র !!

সোণোৱালদেউ আৰু পাটোৱাৰীদেউ, কওঁ, শুনক৷ মই ক’ব খোজা নাই যে বাইক্, সূকটা(ৰ্) আৰু সূকটী চালকসকলৰ আটাই উদণ্ড বা আটায়ে আইন উলংঘন কৰি উদ্ভণ্ডালি কৰে৷ কিন্তু সিবিলাকৰ বুজন সংখ্যকেই যে ওপৰত উল্লিখিত তথা অন্যান্য অনেক প্রকাৰৰ আপত্তিজনক আৰু ৰাজহুৱা অসুবিধা সৃষ্টিকাৰী আচৰণ কৰে, সেই বিষয়ে তিলমানো সন্দেহ নাই৷ আইনসংগতভাবে ৰাজপথৰ তথা পথ বিভাজক (ৰৌড্ ডিভাইডা(ৰ্)ৰ বাওঁকাষেদি বাহন চলোৱাৰ পৰিৱর্তে, দূৰত্ব চমুৱাবলৈ বুলি, এনেবোৰ বাহন চালকৰ অসংখ্যজনে তেওঁলোকৰ বাহনবোৰ আইন বিৰুদ্ধভাবে, সোঁকাষেদিহে চলোৱাটো ৰাজ্যৰ সর্বত্রে আটায়ে নিতৌ প্রত্যক্ষ কৰা এটা সাধাৰণ দৃশ্য৷ অৱশ্যে, এই কাম যে মাথোন দুচকীয়া ম’টৰ যান–বাহন চালকসকলেহে কৰে, তেনে নহয় যন্ত্রচালিত তথা মানৱচালিত আৰু সৰু–ডাঙৰ সকলো প্রকাৰৰ যান–বাহনৰ চালকে, ‘সৌখিনিলৈহে যাম’ বুলি এই অপৰাধটো সংঘটিত কৰে৷ যদি তেনে অৱস্থাত কিবা দুর্ঘটনা হয়, তেতিয়া প্রধানতঃ দায়ী কোন? পৰিবহন বিভাগে অথবা যান–বাহন আৰক্ষীয়ে এনে কোনো অপৰাধীক ঠাইতে ধৰি শাস্তি বিহাৰ কথা অন্ততঃ মই নাজানো৷ ঘোচ খোৱা, সংশ্লিষ্ট চৰকাৰী চাকৰিয়ালে এনে ধৰণৰ অপৰাধবোৰ হৈ থাকিলেহে আনন্দ পায় যেন লাগে ৷

অনেক যান–বাহন চালকে, বিশেষতঃ বাইক, সূকটা(ৰ্) আৰু সূকটীৰ চালকে হর্ন্ বজাই সংকেত এটা পর্য্যন্ত নিদিয়াকৈ, একে দিশে গৈ থকা সন্মুখৰ যান–বাহন অতিক্রম (ঔভ্(ৰ্)টেইক্) কৰাটোও আন এটা নিতান্ত সুলভ দৃশ্য৷ তাতোকৈ ডাঙৰ কথা, দুচকীয়া ম’টৰ যান–বাহন চালকসকলৰ অলেখজনে সন্মুখৰ যান–বাহনৰ বাওঁকাষেদিহে সিবিলাকক অতিক্রম কৰে তাকো কৰে হর্ন নবজোৱাকৈ আৰু অত্যন্ত তীব্র বেগত আৰু সাপৰ দৰে একা–বেঁকা গতিৰে৷ ভয়ত বুকু কঁপাই যোৱা কাণ্ড এইবোৰ দেখোঁতা আৰু দেখি ব্যৱস্থা লওঁতা কোনো আইন ৰক্ষক নাই৷ সেয়েহে কওঁ, বোলোঁ– মনটোৱে কয়, কাহানিবা মোৰো পৈতৃক প্রাণটো কিবা নহয় কিবা প্রকাৰৰ পথ দুর্ঘটনায়ে কাঢ়িব৷ চৰকাৰ বুলিলে ‘মাই–বাপ’ কিন্তু এই মাই–বাপে একো নকৰে কিয়? ‘নৱপ্রজন্ম’ৰ ভোট হেৰুওৱাৰ ভয়ত? এনেকৈয়ে আমাৰ মুলুকত কোনোবা কাহানিবালৈ কোনো এখন নগৰ ‘স্মা(ৰ্)ট্ ছিটি’ হ’বগৈনে?

অন্যান্য বেছিভাগ যান–বাহন চালকৰ দৰে, দুচকীয়া ম’টৰ যান–বাহন চালকসকলৰো বেছিভাগেই আনৰ সুবিধা–সুবিধালৈ তিলমানো কেৰেপ নকৰাকৈ, ৰাজপথৰ কাষত, উৎসৱথলী আৰু সভাথলীত, হোটে’ল, ৰে’স্তৰাঁ, ফাস্ত্ ফূড Foo) কর্ণা(ৰ্) আদিৰ সন্মুখত অথালি–পথালিকৈ, একা–বেঁকাকৈ, মুঠৰ ওপৰত জধে–মধে বাহন ৰখা আৰু, তেনেবোৰ বাহনতে বহি বিভিন্ন খাদ্য আৰু শীতল পানীয় গ্রহণ কৰি সম্পূর্ণ ‘বিন্দাছ’ হৈ আড্ডা ‘জমাই’ থকা দৃশ্য অন্ধ অথবা ‘অচেতন’ লোকেহে নেদেখিব পাৰে৷ এনে আড্ডাৰ ফলত সৃষ্টি হ’ব পৰা যান–জঁট প্রতিৰোধ কৰাটো আৰক্ষীৰ কর্তব্যৰ ভিতৰত নপৰেই নেকি? নপৰিবও পাৰে চাগৈ, মঞি মূঢ়মতিয়েহে একো ভু–ভটং নাপাওঁ !

পুচ্ছপটঃ ‘কৰুণা ভাইৰাছ্’ঃ আন দেশত মেলি দিবৰ বাবে চীন দেশে তৈয়াৰ কৰা এবিধ ভাইৰাছৰ বিষয়টোৱে সম্প্রতি সমগ্র বিশ্বত তোলপাৰ লগাইছে৷ একাংশ বাঙালী লোকৰ মাজত এটা কথা ওলাইছে যে ‘কোৰোনা’ নামৰ সেই ভাইৰাছ্টোৱে হেনো কোনো বাঙালীৰে একো অনিষ্ট কৰিব নোৱাৰে কাৰণ, প্রতিজন বাঙালীয়ে হেনো শিশু অৱস্থাৰে পৰা সেই ভাইৰাছ্টোৰ লগতে বাস কৰিবলগীয়া হয় মানে, প্রতিটো বাঙালী শিশুকে ডাঙৰবোৰে কয়– ‘এইটা কোৰোনা, সেইটা (‘এইটো’ আৰু ‘সেইটো’ নহয়) কোৰোনা, অমুকটা কোৰোনা, তমুকটা কোৰোনা’ ইত্যাদি৷ সেয়ে, প্রতিজন বাঙালী হেনো কোৰোনা ভাইৰাছৰ পৰা নিৰাপদ, ‘ইমিয়ূন্’ সেয়া বাৰু বাঙালী ‘কোৰোনা’ৰ কথা৷ পিচে, দুই–এটা দৃশ্য–শ্রৱ্য অসমীয়া জনমাধ্যমত শুনিবলৈ পালোঁ বোলে– ‘কৰুণা ভাইৰাছ্’ ভালৰে কথা ভাইৰাছো যদি কৰুণা বা দয়াৰ প্রতীক হয়, তেনেহ’লে অসমীয়াক আৰু পায় কোনে? সেই ভাইৰাছ্টোৰ পৰা ‘আমি অসমীয়া নহওঁ দুখীয়া’ও ‘ইমিয়ূন্’ !!

You might also like