নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজনীতি–প্রৱঞ্চনা নহয়, এই সময় ঐক্যবদ্ধ যুঁজৰ

আৰু কিমান দিন? আৰু কিমান দিন গৃহবন্দী হৈ পৃথিৱীবাসীয়ে কটাব লাগিব? কেতিয়া শেষ হ’ব এই মহামাৰীৰ মহাসংকট? হার্ভার্ড বিশ্ববিদ্যালয়ৰ এদল বিজ্ঞানীয়ে কৈছে, মাথোঁ লকডাডনৰ জৰিয়তে আমেৰিকাই ক’ভিড–১৯ৰ সংকট আতিক্রম কৰিব নোৱাৰে৷ ২০২২ চনলৈকে সামাজিক দূৰত্ব মানি চলিব লাগিব৷ ইয়াৰ মাজতে বিশ্ব স্বাস্থ্য সংস্থাৰ বিশেষ দূত ডেভিড ন’বাৰোৱে যোৱা ১৮ এপ্রিলত কৈছে যে ক’ভিড–১৯ৰ কার্যকৰী প্রতিষেধক খুডব সোনকালে প্রস্তুত বা তৈয়াৰ হ’ব, সেইটো মানি চলাটো সঠিক নহ’ব৷ জনসাধাৰণে সামাজিক দূৰত্ব বজাই ৰাখি জীৱন যাপন কৰিবলৈ শিকিব লাগিব৷ কথাবোৰ নিগেটিভ৷ অর্থাৎ কোনো কোনো সহজেই হতাশ হ’ব পাৰে৷ কিন্তু এয়াই বাস্তৱ৷ পৃথিৱীখন এতিয়া যি অসুখত ভুগিছে, সেই অসুখৰ দৰব অতি সোনকালে বজাৰলৈ অহাৰ সম্ভাৱনা নাই৷ হার্ভার্ড বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলে কোৱাৰ দৰে আমি হয়তো সঁচাকৈয়ে ২০২২ চনলৈ সামাজিক দূৰত্ব মানি চলিবলগীয়া হ’ব পাৰে৷ হয়তো অধিক কালৰ বাবেও হ’ব পাৰে৷ যেতিয়ালৈকে ৰোগীৰ দেহত ব্যৱহাৰ কৰিব পৰাকৈ কার্যকৰী দৰব বা প্রতিষেধক নোলোৱালৈকে সামাজিক দূৰত্ব মানি চলাৰ বিকল্প নাথাকিব৷ যদি এয়াই নহয়, ক’ভিড–১৯ নামৰ এই মাৰাত্মক ৰোগবিধে সমাগত কেইটামান দশকলৈ পৃথিৱীখন সলনি কৰি দিব পাৰে৷ কিয়নো সুদীর্ঘ কাল ধৰি মানুহে গৃহবন্দী অথবা সামাজিক দূৰত্ব মানি চলি থাকিব লাগিলে, মানুহৰ মৌলিক প্রবৃত্তিৰ সলনি ঘটোৱাৰ সম্ভাৱনা থাকে৷ ইয়ে অনাগত দিনৰ পৃথিৱীখনক কি ৰূপ দিয়ে, তাক এতিয়াই কোৱা টান৷ মাথোঁ এটা কথাকে ক’ব পাৰি যে মাৰাত্মক ভাইৰাছবিধে গোলকীয় অর্থনীতি, সামাজিক ব্যৱস্থা, মনস্তাত্ত্বিক ক্ষেত্রখনলৈ অভূতপূর্ব পৰিৱর্তন আনিব৷ যিটো পৰিৱর্তন হয়তো দুখনকৈ বিশ্বযুদ্ধই মানৱ সমাজক দিবলৈ সক্ষম হোৱা নাছিল ৷

সংকটৰ এনে ভয়ংকৰ সময়ছোৱাত এচামে কিদৰে ৰাজনৈতিক মুনাফা আদায় কৰিব পাৰি, তাৰে ক্ষেত্র এখন বিচাৰি ফুৰিছে৷ বিশেষকৈ ভাৰতবর্ষত এনেধৰণৰ ছল চাই কঠীয়া পৰা লোকৰ সংখ্যা দিনক দিনে বাঢ়িব ধৰিছে৷ সেই বাবেই মুম্বাইৰ ৱান্দ্রাৰ মছজিদৰ সন্মুখত হঠাতে শ্রমিকৰ বিশাল তথা ডত্তেজনাপূর্ণ ভিৰ সৃষ্টি হয়৷ মোৰাদাবাদত চিকিৎসা কর্মীক আক্রমণ কৰা হয়৷ ছল চাই কঠীয়া পৰাসকলে লকডাডনৰ সময়ছোৱাত এনেধৰণৰ অবাঞ্ছিত আৰু জনস্বাস্থ্যলৈ বিপদ কঢ়িয়াই আনিব পৰা ঘটনা ঘটিলে কয়, এনে ধৰণৰ ঘটনা আৰু ঘটিব পাৰে৷ অর্থাৎ প্রকাশ্যে ডচটনি দি পৰিস্থিতি–পৰিৱেশ অধিক স্পর্শকাতৰ কৰি তোলা হয়৷ ৰাজনীতি কৰা মানুহে এনেদৰে ৰাজনীতি কৰি থাকিব বিচাৰে৷ তেওঁলোকৰ বাবে জনসাধাৰণৰ দুখ–দুর্দশা বুলি কোনো কথা নাথাকে৷ থাকে মাথোঁ পৰিস্থিতি–পৰিৱেশৰ সুযোগ কিদৰে ল’ব পাৰি, তাৰ সন্ধান চলাই থকা৷ যেতিয়াই সুযোগ আহি পৰে, তেতিয়াই তেওঁলোকে জঁপিয়াই পৰে৷ জঁপিয়াই পৰে বাবেই চামগুৰিত আর্তজনক সহায় কৰাৰ ছলেৰে ৰাহুল গান্ধী ফটোসম্বলিত মোনাখন দৰিদ্রৰ হাতত তুলি দিয়া হয়৷ ক্ষুধার্ত মানুহক প্রকাৰান্তৰে বুজাই দিবলৈ চেষ্টা চলোৱা হয়, এয়াই আপোনালোকৰ ভগৱান৷ দুখৰ সময়ত, সংকটৰ সময়ত তেওঁ আপোনালোকৰ কাষত থিয় দি নির্মালিৰ নামত কেইপদমান খাদ্যসামগ্রী যোগান ধৰিছে৷ আপোনালোকে ভগৱানৰ আশীর্বাদ হিচাপে গ্রহণ কৰি আমাৰ দলটোক কৃতার্থ কৰক৷ দেহত শাসক দলৰ মোহৰ থাকিলে এহেজাৰ টকীয়া সাহায্যৰ ধনখিনি ৰেচন কার্ড নাথাকিলেও পোৱা যায়৷ তেওঁলোকৰ বাবে পৃথিৱীৰ অসুখ মানেই নিজৰ নিজৰ সুখৰ বাটটো কোনোৱে খুলি দিয়া৷ আৰু তাৰে জপনামুখত থিয় দি তেওঁলোকে অপেক্ষা কৰে, সুযোগ কেতিয়া আহিব৷ ঘটনাবোৰ মাথোঁ ভাৰততে নঘটে৷ আমেৰিকা, চীনৰ দৰে বৃহৎ ৰাষ্ট্রতো ঘটে৷ দৰব দিলে ভাৰত ভাল, নিদিলে যমৰ দুৱাৰডলি দেখুওৱাৰ ভাবুকি দিয়া হয়৷ তেওঁ মানে আমেৰিকাৰ ৰাষ্ট্রপতিগৰাকীয়ে এতিয়া চীনক ধমক দিছে, ক’ভিড–১৯ যদি ইচ্ছাকৃতভাৱে পৃথিৱীৰ বুকুত বিয়পাই দিয়াটো প্রতিপন্ন হয়, তেন্তে চীনে ইয়াৰ কু–ফল ভোগ কৰিব লাগিব৷ ভাইৰাছবিধৰ ক্ষেত্রত চীনে কি কৰিছে, সেইটোক লৈ যদি আমেৰিকা যুক্তৰাষ্ট্রৰ মনোভাৱ সৎ আৰু নিকা থাকিলহেঁতেন, তেন্তে কথাটো সুকীয়া৷ কিন্তু যেতিয়া দেশখনক বুজন পৰিমাণত পি পি ইৰ প্রয়োজন হয় আৰু তাৰ বাবে চীনৰ মুখলৈ চাবলগীয়া হয়, তেনে সময়ত এছিয়াৰ ৰাষ্ট্রখনক ভাবুকি দিয়াৰ আঁৰত ৰহস্য কি, সেইটো বুজিবলৈ বিশ্ববাসীৰ অলপো সময় নালাগে৷ ডাবি–ধমকিৰ ৰাজনীতিবোৰ এইদৰে চলি থাকে৷ তাৰ মাজতে সুযোগ বুজি প্রতাৰণাৰ খেলবোৰো চলাই থকা হয়৷ চীনক নিজৰ পৰম মিত্র বুলি বিশ্ববাসীৰ সন্মুখত বুকু ফিন্দাই থকা পাকিস্তানক যেতিয়া মাস্কৰ নামত পুৰণি অন্তর্বাসত ফিটা লগাই টোপোলাই টোপোলাই পঠিওৱা হয়, তেতিয়া বুজিব লাগিব, সভ্যতাৰ চৰম দুর্যোগৰ সময়তো মহাজনে মহাজনৰ চৰিত্র সলনি নকৰে৷ ঠগি খোৱাটোক সদায়েই আগস্থান দিয়ে ৷

ক’ভিড–১৯ৰ আগ্রাসনত অসহায়প্রায় বিশ্বৰ বহু লোকে অনাগত দিনৰ পৃথিৱীখনত ডচ্চ–নীচৰ ব্যৱধান হ্রাস পাব বুলি আশা প্রকাশ কৰিছে৷ এই সময়ছোৱাত সমগ্র বিশ্বখন এনে এবিধ ৰোগ আৰু ৰোগবিধৰ পৰা সুৰক্ষিত হৈ থকাৰ বাবে এনে এটা ব্যৱস্থাৰ মাজত সোমাই পৰিছে, য’ত ডচ্চ–নীচৰ ব্যৱধানৰ সীমাৰেখাডাল শূন্যপ্রায় হৈ পৰিছে৷ তদুপৰি, বিশ্বজুৰি দেশে দেশে একেবিধ ৰোগৰ বিৰুদ্ধে যুঁজিব লগা হোৱাত আন্তঃৰাষ্ট্রীয় সহযোগিতাৰ ক্ষেত্রত পূর্বৰ বিন্যাসো সলনি হ’ব বুলি অনুমান কৰা হৈছে৷ আজি বিশ্বৰ ৫৫খন ৰাষ্ট্রই ভাৰতৰ পৰা মেলেৰিয়া প্রতিষেধক দৰব আমদানি কৰি ৰোগবিধৰ সৈতে যুঁজিবলৈ লৈছে৷ আনকি বৈৰী ৰাষ্ট্র পাকিস্তানেও ভাৰতবর্ষৰ পৰা দৰববিধ বিচাৰি আবেদন জনাইছে৷ ভাইৰাছবিধৰ প্রকোপ অধিক দিনলৈ থাকিলে, আন্তঃৰাষ্ট্রীয় সম্পর্কৰ ক্ষেত্রত বৃহৎ পৰিৱর্তন অহাটো নিশ্চিত বুলি ক’ব পাৰি৷ ইয়াৰ পূর্বে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আন্তঃৰাষ্ট্রীয় সহযোগিতাৰ আদৰ আৰু প্রাসংগিকতা বিশ্বব্যাপী বৃদ্ধি পাইছিল৷ ‘ডই ডইল মীট এগেইন…’ গীতটো গোৱাৰ কেইদিনমানৰ ভিতৰতে গঠন হৈছিল ৰাষ্ট্রসংঘ ৷ ক’ভিড–১৯ নামৰ এই মহামাৰীবিধে অনাগত দিনত হয়তো এখন নতুন পৃথিৱী আমাক দান কৰিব ৷ কিন্তু এই মুহূর্তত সকলোৱে ৰাজনীতি, প্রৱঞ্চনাৰ দৰে বিষয়বোৰ একাষৰীয়াকৈ ৰাখি ক’ভিড–১৯ৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে যুঁজ দিয়াটোহে দৰকাৰ৷ আর্তজনক সহায়ৰ বাবে ডঠা হাতখনত কোনো নেতাৰ ফটো নাথাকক, লকডাডন ভাঙিবলৈ কাকো ডচটনি দিয়া নহওক, কোনো ৰাষ্ট্রৰ ওপৰত অহেতুক চাপ সৃষ্টি কৰি নিজৰ স্বার্থসিদ্ধিৰ ঘৃণনীয় প্রচেষ্টা নচলক, সেয়াহে আজিৰ তাৰিখত অতি আৱশ্যক৷ পৃথিৱীখন কুশলে থাকিলে, মানুহৰ জীৱনলৈ অহা এই কঠিন প্রত্যাহ্বানৰ অন্ত পৰিলে ৰাজনীতি কৰাৰ সুযোগ আহিব৷ আহিয়েই থাকিব৷ ক’ভিড–১৯ক পৰাজিত কৰাৰ বাবে বিশ্বৰ প্রান্তে প্রান্তে চলি থকা গৱেষণা বা আন প্রচেষ্টাৰ ফল ধৰিবলৈ আৰু দহমাহমান লাগিব পাৰে৷ তেতিয়ালৈকে মানৱ সভ্যতাক সুৰক্ষিত কৰি ৰাখিবলৈ ভাইৰাছবিধৰ সংক্রমণ ৰোধৰ বিকল্প নাই৷ এই কঠিন সময়ছোৱা আমি কঠিনতাৰ মাজেৰেই পাৰ কৰিব লাগিব৷ আগলৈ যোৱাৰ সহজ–সৰল পথ নাই ৷

You might also like