প্রজাৰ হিতসাধন আৰু দুখ নিবাৰণৰ হকে কর্ম কৰি সুস্থ–সবল ব্যক্তিত্বপূর্ণ লোকেৰে পৰিপূর্ণ এখন সমাজ গঠনৰ লক্ষ্য আগত ৰাখি কৰা শাসনেই হ’ল এজন ব্যক্তিত্বশালী শাসকৰ প্রধান কর্তব্য৷ ব্যক্তিৰ ব্যক্তিত্ব উত্তম হোৱা আৰু ৰাষ্ট্র স্বর্গৰাজ্য হোৱা দুয়োটা দিশ এটা আনটোৰ পৰিপূৰক৷ শাসক ব্যক্তিত্বশালী আৰু দর্শনপ্রিয় নহ’লে প্রজাগণেও দিক্–বিদিক হেৰুৱায়৷ ৰাজনীতিত সবাতোকৈ দৰকাৰী দিশটো হ’ল নীতি আৰু ‘স্বৰাজ’৷ ‘স্বৰাজ’ শব্দৰ অর্থ হ’ল আত্মসংযম আৰু মহাত্মা গান্ধীয়ে কৈছিল যে যিজন ব্যক্তিয়ে নৈতিক বিধি পালন কৰে, পিতা–মাতা, স্ত্রী, চাকৰ–নাকৰ, প্রতিবেশী, সমাজ সকলোৰে প্রতি নিষ্ঠাসহকাৰে কর্তব্য পালন কৰে, তেনে লোকেহে স্বৰাজ ভোগ কৰে৷ ৰাজ্য এখনেও স্বৰাজ ভোগ কৰিব পাৰে, যদিহে ৰাজ্যখনত এনেধৰণৰ নাগৰিক বুজনসংখ্যক থাকে৷ গান্ধীজীয়ে কৈছিল– ‘এটা জাতিৰ স্বৰাজ মানে সেই জাতিৰ প্রত্যেক ব্যক্তিৰ আত্মস্বৰাজৰ সমষ্টি মাথোঁ৷ আত্মস্বৰাজতকৈ ৰাজনৈতিক স্বৰাজ ডাঙৰ নহয়৷ সেই কাৰণে আত্মনিয়মৰ কাৰণে যিবোৰ সাধন আছে ৰাজনৈতিক স্বৰাজো তাৰ বলতহে পাব পাৰি৷’
আমাৰ দুয়োখন মহাকাব্য ‘মহাভাৰত’ আৰু ‘ৰামায়ণ’ত ব্যক্তি আৰু ৰাষ্ট্রীয় স্বৰাজ প্রতিষ্ঠাৰ ৰাজমার্গ উপস্থাপিত হৈছে৷ ব্যক্তিসত্তা কিদৰে পুৰুষোত্তম হয় আৰু ৰাষ্ট্র কিদৰে স্বর্গৰাজ্য হয় তাৰ সন্ধান দুয়োখন মহাকাব্যতে পোৱা যায়৷ ‘মহাভাৰত’ৰ ‘বিৰাট পর্ব’ ত মহাৰাজ যুধিষ্ঠিৰে যেতিয়া নিজৰ চাৰিজন ভাতৃ আৰু ৰাণী দ্রৌপদীক লৈ বিৰাট নগৰত অজ্ঞাতবাসত আছিল, তেতিয়া তেওঁলোকক বিচাৰি বিভিন্ন ৰাজ্য ভ্রমি ফুৰা অৱস্থাত পিতামহ ভীষ্মই দুর্যোধনক ৰজা যুধিষ্ঠিৰ থকা সম্ভাৱনীয় ঠাইৰ পৰিচয় সম্বন্ধে কৈছিল যে যিখন নগৰ বা গাঁৱত যুধিষ্ঠিৰ থাকিব সেই দেশৰ নাগৰিক দানশীল, উদাৰ আৰু জিতেন্দ্রীয় হ’ব৷ সেই ঠাইৰ নাগৰিকে শঠ কার্য কৰিবলৈ লজ্জাবোধ কৰিব আৰু তেওঁলোক লোকপ্রিয়ভাষী, ইন্দ্রিয়জয়ী, শ্রীময়, সত্যপৰায়ণ, হূষ্টপুষ্ট তথা বুদ্ধিমান হ’ব৷ তদুপৰি সেই ঠাইৰ নাগৰিসকল বিদ্বেষপৰায়ণ নহ’ব আৰু ধর্মৰ অনুসৰণকাৰী হ’ব৷
মহাকাব্য ‘ৰামায়ণ’ত শ্রীৰামচন্দ্রক এজন আদর্শ ৰজা বা ৰাজনীতিজ্ঞ হিচাপে উপস্থাপন কৰা হৈছে৷ কাৰণ শ্রীৰামচন্দ্রই সমাজ আৰু জনগণৰ মাজত নিজকে এজন আদর্শৱান চৰিত্র আৰু আচৰণৰ পুৰুষ হিচাপে উপস্থাপিত কৰিবলৈ সক্ষম হৈছে৷ আন কথাত ৰাজনীতিত সম্পূর্ণৰূপে নীতি আৰু আদর্শ প্রয়োগ কৰাৰ বাবে শ্রীৰামচন্দ্রক ‘ৰজা’ বুলি কোৱাতকৈ ‘ৰাজর্ষি’ বুলি কোৱাহে উচিত হ’ব৷ দার্শনিক বাড্রাও ৰাছেলৰ মতেও সামাজিক জীৱনৰ প্রয়োজনীয়তাৰ সৈতে ব্যক্তিৰ ব্যক্তিগত আশা–আকাংক্ষাৰ তীব্রতৰ সমন্বয় সাধন কৰাটোৱেই হ’ল নীতিশাস্ত্র আৰু ৰাজনীতিৰ প্রধান অন্তৰায়৷ এনে ক্ষেত্রত শাসক বা ৰজা যদি ৰাজর্ষি নহয় আৰু শাসকৰ ব্যক্তিত্ব আৰু দর্শন যদি প্রজাহিতৰ বাবে নহয়, তেতিয়াই শাসকে অন্যায় আচৰণ কৰাত ব্যস্ত হয়৷ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ ভাষাত ক’বলৈ হ’লে–‘বলেৰে শাসন জনা নহয়, শাসন/ ধৰমত নাম তাৰ অন্যয় আচৰণ৷’
শ্রীৰামচন্দ্র ৰজা নহৈ ৰাজর্ষি হোৱাৰ কাৰণ হ’ল ৰজা হিচাপে শ্রীৰামচন্দ্রই আহৰণ কৰা কিছুমান নীতি আৰু গুণ৷ সেই গুণসমূহ হ’ল– সত্যবাদিতা, দয়াশীলতা, ভদ্র আচৰণ, ক্ষমা, প্রজাৰ প্রতি আদৰ–যত্ন, ঈশ্বৰত বিশ্বাস, ঘৰ–পৰিবাৰ আৰু সন্তানোচিত ব্যৱহাৰ, গুৰুৰ প্রতি শ্রদ্ধা, ভাতৃত্ববোধ, বন্ধুসুলভ আচৰণ, শৰণাথ্ক আঁকোৱালি লোৱা, সৰল জীৱন–যাপন, বাক্চাতুর্য, প্রতিশ্রুতি ৰক্ষা, ধর্ম–কর্মৰ প্রতি সদ্ভাব, দুষ্টক দমন, শত্রুভাবৰহিত, জনপ্রিয়তা ৰক্ষা কৰা, ধার্মিক হোৱা, নৈষ্ঠিকতা বর্তাই ৰখা, পৱিত্রতা আদি৷ এই গুণেৰে বিভূষিত শ্রীৰামচন্দ্র বনলৈ যোৱাৰ পৰত অসংখ্য প্রজা, আনকি পশু–পক্ষীও তেখেতৰ পিছে পিছে বনলৈ বুলি ৰাওনা হৈছিল আৰু শ্রীৰামচন্দ্রই হাজাৰবাৰ অনুৰোধ কৰিও প্রজাগণক ওভতাই পঠিয়াব পৰা নাছিল৷ অৱশেষত আটাইবোৰ প্রজা দুখে–ভাগৰে টোপনিত লালকাল দিয়াতহে শ্রীৰামচন্দ্র মনে মনে বনলৈ যাবলগীয়া হৈছিল৷ তদুপৰি যিগৰাকী সীতা শ্রীৰামচন্দ্রৰ বাবে অতি আদৰ আৰু বিশ্বাসৰ আছিল, সেই একেগৰাকী সীতাৰ কোনো দোষ বা পাপ নাই বুলি জানিও পৰীক্ষাত বহুৱাইছিল৷ ইয়াৰ একমাত্র কাৰণ আছিল প্রজাৰ মনৰ সন্দেহ নির্বাপিত কৰা, কাৰণ এজন আদর্শৱান ৰজাৰ প্রথম আৰু প্রধান কর্তব্য হ’ল প্রজাৰ হূদয় জয় কৰা৷
কৌটিল্যৰ অর্থশাস্ত্রত মূলতঃ অর্থনীতিৰ ওপৰত আলোকপাত কৰা হৈছে যদিও দণ্ডনীতি সম্পর্কেও কিছু কথা কোৱা হৈছে৷ সকলো প্রকাৰৰ নীতিৰ ভিতৰত সমাজ কল্যাণৰ মূলনীতি হ’ল দণ্ডনীতি৷ আমেৰিকান দার্শনিক এমার্চনে কৈছে– ‘জ্ঞানীজনেই ৰাষ্ট্র৷ তেওঁ মানুহক ভাল পায় বাবে বন্ধু বা ব্যক্তিক আকর্ষণ কৰিবলৈ কোনো ৰাজপ্রাসাদ, আপ্যায়ন, অর্থৰ প্রলোভন আদিৰ প্রয়োজন নহয়৷ তেনে ব্যক্তিৰ স্বজন– তোষণৰ বন্ধু নাথাকে, কাৰণ সমাজৰ সৈতে তেওঁৰ সম্পর্ক দৈৱিক হয়৷’ নীতিগত ৰাজনীতিৰ আদর্শ সর্বদা গণতান্ত্রিক আদর্শৰ ওপৰত প্রতিষ্ঠিত হয়, য’ত সমাজৰ প্রতিজন ব্যক্তিয়ে সমান প্রেম, সন্মান আৰু মর্যাদা লাভ কৰে৷ মহাত্মা গান্ধীয়ে নিশ্চিতি দি কৈছিল যে মনীষীৰ হাতত লাঠুৱা দগাবাজ লোকৰ পৰাজয় অৱশ্যম্ভাৱী৷ এৰিষ্ট’টলেও বিশ্বাস কৰিছিল যে সমাজবিহীন ব্যক্তি হয় পশু নাইবা ঈশ্বৰ আৰু তেখেতৰ ‘ৰিপাব্লিক’ত সমাজনীতিৰ চাৰিটা বিশেষ গুণৰ কথা দোহাৰিছে৷ প্লেটোৱে যি চাৰিটা গুণক মুখ্য Cardinal) বুলি কৈছে সেইকেইটা হ’ল– জ্ঞান, সাহস, ধৈর্য আৰু ন্যায়৷ এখন উত্তম ৰাষ্ট্রত ন্যায় তাকেই কোৱা হয়, য’ত খোৰা মানুহ এজনে সমাজ হিতৰ কাৰণে বিশেষ একো কৰিব নোৱাৰিলেও তেওঁক কৃত্রিম ভৰি এখনৰ ব্যৱস্থা কৰি দিয়া হয়৷
শাসকৰ ব্যক্তিত্ব আৰু চৰিত্রই সমর্থকৰ বা প্রজাৰ ব্যক্তিত্বত বহুলাংশে প্রভাৱ বিস্তাৰ কৰে৷ শ্রীৰামচন্দ্রৰ সৈতে হনুমানৰ সম্পর্ক বুজাবলৈ হনুমানে কৈছে যে দেহবুদ্ধিত মই তোমাৰ দাস, জীৱবুদ্ধিত মই তোমাৰ অংশ আৰু আত্মবুদ্ধিত তুমিয়েই মই৷ তেল, শলিতা আৰু জুয়ে যিদৰে এগছি বন্তিৰ অস্তিত্ব বহন কৰে, সেইদৰে দেহবুদ্ধি, জীৱবুদ্ধি আৰু আত্মবুদ্ধিৰ সুসংগঠিত মিলনতেই ব্যক্তিৰ ব্যক্তিত্ব গঠিত হয়৷ শাসকেও প্রজাৰ হূদয়ত ৰাজত্ব কৰাৰ ব্যক্তিত্ব গঠন কৰি প্রজাৰ দুখ নিৱাৰণ কৰিব পাৰে৷ দার্শনিক থর্ৰয়ে কৈছিল যে যিখন চৰকাৰে আটাইতকৈ কম শাসন কৰে, সেই চৰকাৰখনেই সর্বোত্তম চৰকাৰ৷ মহামানৱ মহাত্মা গান্ধীৰ মতেও ধর্ম অবিহনে ৰাজনীতি এটা মৃত জন্তু৷
সাম্প্রতিককালত আটাইতকৈ ভয়ংকৰ দিশটো হ’ল শিক্ষানুষ্ঠানসমূহত চলিব ধৰা নীতিহীন ৰাজনীতৰ পয়োভৰ৷ ছাত্র আৰু শিক্ষকে সক্রিয়তাৰে ৰাজনীতিত যোগদান কৰাটোৱেই হ’ল ছাত্র শক্তিৰ অপচয়৷ শিক্ষানুষ্ঠানসমূহত সততে দেখা যায় অধিকাংশ ছাত্র আৰু শিক্ষক দুয়োৱে ৰাজনৈতিক দলৰ কার্যত যোগদান কৰাই নহয়, সমস্ত শিক্ষানুষ্ঠানখনকেই ৰাজনৈতিক মঞ্চ কৰি গঢ়ি তোলাৰ আপ্রাণ চেষ্টা চলায় আৰু ইয়াৰ প্রাধন উদ্দেশ্য হৈছে স্বার্থজনিত সিদ্ধিলাভ৷ আমাৰ শিক্ষানুষ্ঠানসমূহক যদি অনতিবিলম্বে ৰাজনীতিৰ নীতিহীনতাৰ পৰা মুক্ত কৰিব পৰা নাযায়, তেনেহ’লে শিক্ষানুষ্ঠানৰ পাৰদর্শিতা ক্ষতিগ্রস্ত হ’ব আৰু ফলস্বৰূপে সমাজ তথা ৰাষ্ট্রৰ ভৱিষ্যৎ নিঃশেষ হৈ যাব৷ ছাত্র–ছাত্রীৰ প্রতি প্রকৃত স্নেহ আৰু তেওঁলোকৰ জীৱনৰ উন্নতিৰ প্রকৃত ভাবনা নাথাকিলে আৰু মূল্যৱান কথাবোৰ শিকাবলৈ আগ্রহ নাথাকিলে কোনো শিক্ষকেই ভাল শিক্ষক হৈ উঠিব নোৱাৰে৷ শিক্ষা আৰু শিক্ষকৰ প্রধান দায়িত্ব হ’ল ছাত্র–ছাত্রীসকলৰ বাবে এক বিৰাট সম্ভাৱনাময় ছবি এখন দাঙি ধৰা, কিন্তু ইয়াৰ বিপৰীতে যদি নিজ উদ্দেশ্য সাধনৰ বাবে ছাত্র–ছাত্রীসকলক ব্যৱহাৰ কৰা হয়, তেন্তে তেওঁলোক ধ্বংসৰ মুখলৈ গতি কৰিব৷ শিক্ষানুষ্ঠাসমূহক ৰাজনীতিমুক্তকৰনো একপ্রকাৰ নীতিৰ ৰাজনীতি বুলি ক’ব পাৰি৷ এইক্ষেত্রত পূর্বৰ শিক্ষামন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই গ্রহণ কৰা পদক্ষেপ নিঃসন্দেহে প্রশংসনীয়৷ ফ্রান্সিছ বেকনৰ মতে, ৰাষ্ট্র এখনৰ ক্ষমতা আৰু মহানতা সেই দেশৰ নগৰ–চহৰ নাইবা যুদ্ধ সৈনিকৰ শক্তিত নাথাকে ৰাষ্ট্রখনৰ জনগণৰ চৰিত্রৰ প্রতিফলনতহে শাসকৰ মহানতা প্রকাশ পায়৷ ৰজা নাইবা শাসকে সাত্বিক অভিলাষ আৰু শঠ অভিলাষৰ মাজৰ পার্থক্য চিনাক্ত কৰা উচিত৷ সাত্বিক অভিলাষ হ’ল কল্যাণ সাধনৰ ইচ্ছা, আনহাতে, শঠ অভিলাষ স্বার্থজনিত আৰু এনেবোৰ গুণৰ কাৰণে মহাকাব্য ‘ৰামায়ণ’ত বাল্মিকীয়ে ৰজা জনকক ‘মহর্ষিসদৃশ ৰাজর্ষি’ বুলি কৈছিল৷
আমাৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অসম ৰাজ্যৰ শাসনভাৰ গ্রহণ কৰাৰ লগে লগে এক নতুন আশাৰ ৰেঙনি উদ্ভাসিত হৈ উঠিছে৷ মুখ্যমন্ত্রীৰ কার্যপন্থা আৰু ৰাজনৈতিক বিচক্ষণতাই অসমখনক এক নতুন আলোকেৰে আলোকিত কৰি তুলি ভাৰতবর্ষৰ লগতে বিশ্বতেই অন্যতম কৰি গঢ়ি তুলিব বুলি ভবাৰ অৱকাশ আছে৷ মুখ্যমন্ত্রী আমাৰ সকলোৰে আদৰ আৰু আদর্শৰ ‘ৰাজর্ষি’ হওক৷