আকাংক্ষিতভাৱেই নির্বাচনৰ সাতদিনৰ পিছত অর্থাৎ ৯ মে’ৰ দিনা বিজেপিৰ নির্বাচিত বিধায়কসকল আৰু ৰাষ্ট্রীয় পর্যবেক্ষকৰ উপস্থিতিত সর্বসন্মতিক্রমে ৰাজ্যিক বিধায়িনী দলৰ বৈঠকত ৰাজ্যৰ প্রাক্তন স্বাস্থ্য, শিক্ষা আৰু বিত্ত দপ্তৰৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ উত্তৰসুৰী হিচাপে নির্বাচন কৰি মুখ্যমন্ত্রিত্ব প্রদান কৰিলে৷ অসম বিধানসভাৰ বিজেপি কক্ষত অনুষ্ঠিত বৈঠকখনত বিজেপিৰ ৰাষ্ট্রীয় নেতা নৰেন্দ্র সিং টোমৰ, অৰুণ সিং, বি এল সন্তোষ আৰু বৈজয়ন্ত পাণ্ডা উপস্থিত থাকি পর্যবেক্ষক ৰূপে সমগ্র প্রক্রিয়াটো সমাপন কৰে৷ অসমৰ ৰাজনীতিত ড০ হিমন্ত বিশ্ব শর্মাৰ প্রতিপত্তি আৰু প্রাসংগিকতা কিমান, সেয়া নতুনকৈ বখনাৰ কিবা প্রয়োজন আছে বুলি নাভাবো৷ তেওঁৰ ৰাজনৈতিক কর্মকাণ্ডই অসমীয়া জাতিক কি উপকাৰ বা অপকাৰ কৰিছে সেইখিনি পাছলৈ থৈও আজিৰ ৰাজ্যৰ ৰাজনৈতিক ক্ষেত্রখনত তেওঁ যে এজন অপৰিসীম বলৰ অধিকাৰী নেতা সেয়া বৈৰীজনেও স্বীকাৰ কৰিবই লাগিব৷ অনুগ্রহ বা বংশানুক্রমৰ ভিত্তিত নহয় সুদীর্ঘকালৰ প্রচেষ্টা আৰু নিৰলস সাধনাৰ জোৰত নিজৰ যোগ্যতাৰেই ৰাজ্যৰ পঞ্চদশ মুখ্যমন্ত্রী হিচাপে তেওঁ নিজক প্রতিষ্ঠা কৰি পেলালে৷ স্বাধীনতাৰ পৰৱর্তী সময়ত ৰাজ্যত হয়তো আঙুলিৰ মূৰত লেখিব পৰা দুজনমানহে ক্ষমতাৱান আৰু দক্ষ ৰাজনীতিক আছিল যি ইচ্ছা কৰিলেই কোনোবা এটা দলক ক্ষমতালৈ আনিব পাৰিছিল বা কোনোবা এটা দলক অকলেই ৰাজনীতিৰ পথাৰত অকামিলা কৰি দিব পাৰিছিল হয়তো দুজনমানহে প্রভাৱশালী ৰাজনীতিক আছিল, যি ৰাজ্যৰ লাখ লাখ জনতাৰ হূদয় জয় কৰিব পাৰিছিল, যি সমর্থকসকলতো বাদেই বৈৰীসকলৰো সমীহ–সম্ভ্রম আদায় কৰিব পাৰিছিল৷ তেনে এজন ব্যতিক্রমী ৰাজনীতিকেই হ’ল ড০ হিমন্ত বিশ্ব শর্মা৷ ১৯৬৯ চনৰ ১ ফেব্রুৱাৰীত জন্মগ্রহণ কৰা প্রতিভাশালী ৰাজনীতিকজনে ২০০১ চনৰ পৰা ২০১৫ চনপর্যন্ত জাতীয় কংগ্রেছৰ বিধায়ক হিচাপে জালুকবাৰী সমষ্টিক প্রতিনিধিত্ব কৰিছিল৷ পৰৱর্তী বিজেপিত যোগ দি তেওঁ ২০১৬ চন আৰু সদ্যসমাপ্ত ২০২১ৰ বিধানসভা নির্বাচনতো জয়যুক্ত হৈ বর্তমানৰ কার্যকালৰ বাবে ৰাজ্যৰ নতুন মুখ্যমন্ত্রী হিচাপে পৰিগণিত হৈ পৰিল৷ ৰাজ্যৰ ৰাজনীতিত জীৱন্ত কিংবদন্তি স্বৰূপ নেতাজন আজি প্রায় দুটা দশক ধৰি অসমৰ ৰাজনীতিৰ অভিকেন্দ্র হৈ আছে৷ নির্বাচনী যুঁজত তেওঁ ৱান মেন আর্মী, কাৰোবাৰ মতে ৰাজনীতিৰ চাণক্য৷ আনকি ৰাজ্যৰ বিশিষ্ট বুদ্ধিজীৱী হোমেন বৰগোহাঞিৰ মতে তেওঁ সাম্প্রতিক অসমৰ একমাত্র থিংকিং পলিটিচিয়ান৷ ছাত্র ৰাজনীতিৰ পৰা বিভিন্ন পৰিক্রমাৰে আগুৱাই আহি প্রতিটো প্রত্যাহ্বানক হেলাৰঙে অতিক্রম কৰি সদায়ে সফলতাৰ মুকুট পিন্ধিব পৰা অগাধ ৰাজনৈতিক প্রজ্ঞাৰ অধিকাৰী নেতাজন আচলতে কংগ্রেছী মুখ্যমন্ত্রী প্রয়াত হিতেশ্বৰ শইকীয়াৰ আঙুলিত ধৰি সংসদীয় ৰাজনীতিত খোজ পেলাইছিল৷ জালুকবাৰী সমষ্টিত অবিৰতভাৱে পঞ্চমবাৰৰ বাবে বিধায়ক নির্বাচিত হোৱা ৰাজনীতিকজন আচলতে, প্রতিবাৰেই কংগ্রেছ বিজেপি প্রতিখন চৰকাৰৰে কেন্দ্রীয় মস্তিস্ক স্বৰূপ অংগ হৈ নিজৰ প্রতিভা দেখুৱাইছিল৷ চৰকাৰৰ কেন্দ্রীয় মস্তিস্কৰ ভূমিকা ল’ব পৰাকৈ যি দক্ষতা আৰু অর্হতা লাগে সেয়া তেওঁ এতিয়াও পূৰামাত্রাই ধৰি ৰাখিছে৷ ২০০১ চনৰ পৰা তৰুণ গগৈ আমোলৰ কংগ্রেছশাসিত অসমৰ তিনিওটা কার্যকালতে শিক্ষা, স্বাস্থ্য, বিত্ত আদি গুৰুত্বপূর্ণ দপ্তৰৰ মন্ত্রী হৈ তেওঁ দক্ষতাৰে ৰাজ্যৰ উন্নয়নৰ গুৰিব’ঠা ধৰিছিল৷ কিন্তু কংগ্রেছৰ তৃতীয়টো কার্যকালত দলৰ শীর্ষ নেতৃত্বৰে মতবিৰোধ আৰু প্রাপ্ত সন্মান মর্যাদাৰ পৰা বঞ্চিত হোৱাৰ ক্ষোভত ২০১৫ চনৰ আগষ্ট মাহত তেওঁ দল ত্যাগ কৰি বিজেপিত যোগ দিছিল৷ তেওঁৰ লগতে প্রায় এক ডজন কংগ্রেছ এম এল এ আৰু দলীয় নেতা, তেওঁলোকৰ সমর্থক আৰু ভোটাৰসকলেও কংগ্রেছ ত্যাগ কৰি অসমৰ ৰাজনীতিত হিমন্ত বিশ্ব শর্মাৰ প্রভাৱ কিমান, সেয়া প্রতিপন্ন কৰি দিছিল৷ ৰাজ্যিক কংগ্রেছ আৰু চৰকাৰৰ দ্বিতীয় স্থানৰ অতি প্রভাৱশালী, থিংকটেংক স্বৰূপ নেতাজনক হেৰুৱাই ৰাজ্যিক কংগ্রেছ দলটো ছেদেলি–ভেদেলি হৈ পৰিল৷ ২০১৬ চনৰ অসম বিধানসভা নির্বাচনত মাত্র ২৬খন আসন লাভেৰে দলটো শোচনীয়ভাৱে পৰাজিত হোৱাৰ বিপৰীতে ড০ হিমন্ত বিশ্ব শর্মাৰ মুখ্য নেতৃত্বত ৰাজ্যত প্রথমখন বিজেপিৰ চৰকাৰ গঠন হৈ পৰিছিল৷ নির্বাচনী মিত্রতা, জাতীয় দল সংগঠনেৰে আলোচনা, বুজাবুজি, নির্বাচনী প্রচাৰ সকলোবোৰ দিশ অকলেই পৰিচালনা কৰি ৰাজনীতিৰ চাণক্যখ্যাত নেতাজনে যি তৎপৰতা আৰু পৰাক্রমেৰে ৰাইজৰ জনসমর্থন আঁজুৰি আনি শূন্যৰ পৰা ৰাজ্যত এখন নতুন চৰকাৰ গঠন কৰি পেলালে, সেয়া অসমৰ ৰাজনীতিৰ ইতিহাসত হয়তো ড০ হিমন্ত বিশ্ব শর্মাৰ অবর্তমানত দ্বিতীয় এবাৰ দেখাৰ সৌভাগ্য কাৰো নহ’ব৷ যি কি নহওক, অগপ, বিপিএফ, ৰাভা, তিৱা, মিচিং, কার্বি, ডিমাচা আদি সকলো আঞ্চলিক আৰু উপ–আঞ্চলিক শক্তিক ঐক্যবদ্ধ কৰি ৰামধেনু সদৃশ মিত্রতাৰে নির্বাচনত যুঁজি সর্বানন্দ সোণোৱালৰ নেতৃত্বৰ ৰাজ্যিক বিজেপিক তেওঁ অকলেই ৮৬খন আসন আনি দিছিল বুলি ক’লেও বঢ়াই কোৱা নহ’ব৷ নিকা ভাবমূর্তিৰ ৰাষ্ট্রীয় আৰু ৰাজ্যিক ৰাজনীতিৰে অভিজ্ঞ সর্বানন্দ সোণোৱালো অসমৰ ৰাজনৈতিক আকাশৰ অন্যতম প্রভাৱশালী ৰাজনীতিক৷ তেওঁ অগপ ত্যাগ কৰি ৰাজ্যিক বিজেপিৰ নেতৃত্ব লোৱা অভিজ্ঞ ৰাজনীতিক, আঞ্চলিকতাবাদী ভাবাপন্ন নেতা হিচাপে অৱধাৰিতভাৱেই মুখ্যমন্ত্রী হৈ পৰিল আৰু ড০ হিমন্ত বিশ্ব শর্মা হৈ পৰিল চৰকাৰ আৰু দলৰ দ্বিতীয় পদমর্যাদাৰ নেতা৷ অনেক সমালোচনা, বিতর্ক, নিন্দাকো হেলাৰঙে অতিক্রম কৰি ড০ শর্মাই সোণোৱাল নেতৃত্বৰ বিজেপি চৰকাৰখনক সকলো সময়তে বিপদত নপৰাকৈ আগুৱাই নি থাকিল৷ বিগত সময়ত ৰাজ্য প্রশাসনত ড০ শর্মাৰ বহুমুখী তৎপৰতা, দায়িত্ব পালনৰ নমুনা, সকলো দপ্তৰৰ ওপৰত থকা সাম্যক জ্ঞান, সেৱা আৰু জনসম্পর্ক দেখি বহুতে প্রশ্ণ কৰিবলৈ ধৰিলে যে ৰাজ্যত আচলতে মুখ্যমন্ত্রী কোনজন৷ ৰাষ্ট্রীয় নেতৃত্ব, সংঘ পৰিয়ালৰ নেতা আৰু ৰাষ্ট্রীয় সংবাদ মাধ্যমৰ বাবে ৰাজ্য ৰাজনীতিৰ মধ্যমণি হৈ পৰিল ড০ শর্মা৷ ড০ শর্মাৰ এনে উত্থানৰ অন্তৰালত আছিল তেওঁৰ ৰাজনৈতিক প্রজ্ঞা, দূৰদৃষ্টি, প্রখৰ বুদ্ধিদীপ্ততা, প্রত্যুৎপন্নমতিতা, কঠোৰ পৰিশ্রম কৰাৰ দক্ষতা, মনোবল, ৰাজ্যৰ সকলো সমস্যা আৰু জনতাৰ আশা–আকাংক্ষাৰ সন্দর্ভত থকা তেওঁৰ মৌলিক জ্ঞান৷ সর্বোপৰি বিগত পোন্ধৰ বছৰীয়া কংগ্রেছী আমোলত ৰাজ্য ৰাজনীতিৰ মূল ৰূপকাৰৰ ভূমিকা লৈ অহা ড০ শর্মাৰ বাবে ৰাজ্যিক বিজেপিৰ অন্যান্য ন–পুৰণি অনভিজ্ঞ নেতাসকলক নিজৰ ৰাজনৈতিক প্রজ্ঞাৰ ইন্দ্রজালত বশীভূত কৰি ৰখাটো তেনেই সৰু কথা হৈ পৰিছিল৷ আনকি কেন্দ্র আৰু ৰাজ্যৰ ৰাজনীতিত দীঘলীয়া সময় অতিবাহিত কৰা, অভিজ্ঞতাৰে পুষ্ট, অত্যন্ত ভদ্র আৰু শিষ্ট আচৰণৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ প্রতিভাও ড০ শর্মাৰ ওচৰত বহু সময়ত ম্লান পৰি ৰৈছিল৷ ড০ শর্মাৰ নেতৃত্বতে ২০১৯ চনৰ লোকসভা নির্বাচনত ৰাজ্যিক বিজেপিয়ে প্রধানমন্ত্রী মোদীক ৯জনকৈ সাংসদ উপহাৰ দিব পাৰিছিল৷ ইয়াৰ উপৰি তেওঁৰ নিশ্ছিদ্র নির্বাচনী ৰণকৌশলৰ বাবেই ৰাজ্যত অনুষ্ঠিত পঞ্চায়ত, নগৰ, নিকায় আৰু ষষ্ঠ অনুসূচী অঞ্চলৰ পৰিষদীয় নির্বাচনবোৰত অভিলেখসংখ্যক আসনেৰে বিজেপি আৰু বিজেপিৰ সহযোগী দলবোৰ জয়যুক্ত হৈ পৰিছিল৷ আনকি, নর্থ–ইষ্ট ডেম’ক্রেটিক এলায়েন্স চমুকৈ নেডা গঠন কৰি ড০ শর্মাই ইয়াৰ আহ্বায়ক হিচাপে মিজোৰামক বাদ দি উত্তৰ–পূবৰ কেউখন ৰাজ্যতে বিজেপি মিত্রজোঁটৰ চৰকাৰ গঠন কৰি উত্তৰ–পূর্বাঞ্চলৰ অবিসম্বাদী ৰাজনৈতিক নেতাৰ ভাবমূর্তি গঢ়ি তুলিছিল৷ সদ্যঘোষিত ২০২১ৰ পঞ্চদশ অসম বিধানসভা নির্বাচনতো ৭৫খন আসনেৰে বিজেপি মিত্রজোঁটৰ চৰকাৰখন দ্বিতীয়বাৰৰ বাবে ক্ষমতালৈ লৈ অনাৰ মুখ্য ব্যক্তিজনো হ’ল ড০ হিমন্ত বিশ্ব শর্মাই৷ বিগত ২০১৮–১৯ চনত হিন্দু নাগৰিকত্ব বিল পৰৱর্তী সময়ত আইনবিৰোধী যি ভয়াৱহ গণ বিদ্রোহ তাতেই ৰাজ্যিক বিজেপি দল আৰু চৰকাৰ ধ্বংস হৈ ধূলিসাৎ হৈ যোৱাৰ উপক্রম হৈছিল৷ দলত্যাগৰ ধুমুহাত পতিত হৈ গাঁও–নগৰ–চহৰ বিজেপি শূন্য হৈ আহিছিল৷ প্রধানমন্ত্রী ইন্দিৰা গান্ধী আমোলৰ জৰুৰীকালীন সময়ত কংগ্রেছবিৰোধী নেতা–কর্মীবোৰক অত্যাচাৰ কৰাৰ দৰে বিজেপি কর্মী–নেতা বিধায়কসকলক ‘কা’বিৰোধী জৰুৰীকালীন সময়ত জনতাই আক্রমণৰ লক্ষ্য কৰি পেলাইছিল৷ জ্বলাই দিয়া হৈছিল পথ, দলং আনকি বিজেপি বিধায়কৰ পৈত্রিক গৃহপর্যন্ত৷ আক্রমণ–প্রত্যাক্রম পুলিচৰ গুলীত পাঁচজনকৈ নিৰপৰাধী ডেকা ল’ৰাকো অসমবাসীয়ে হেৰুৱাব লগা হৈছিল৷ কিন্তু এনে মহাদুর্যোগতো দলটোৰ আনবোৰ নেতা জনতাৰ সন্মুখৰ পৰা আঁতৰি থকাৰ বিপৰীতে সন্মুখৰ পৰা প্রত্যাহ্বান গ্রহণ কৰি বিজেপিৰ জনসমর্থনৰ ভেটি ডুবি নপৰাকৈ ৰক্ষা কৰা ব্যক্তিজনেই আছিল ড০ শর্মা৷ চৰকাৰবিৰোধী শ্লোগান আৰু হুংকাৰবোৰক গীত–মাত–নৃত্যলৈ পৰিৱর্তন কৰি পেলোৱাইছিল৷ কমদিনৰ ভিতৰতে ‘বিভাজন আৰু আধিপত্য স্থাপন’ নীতিৰে আন্দোলনকাৰী নেতা, শিল্পী, কর্মী আৰু সাধাৰণ জনতাৰ মাজত সন্দেহ সংশয়ৰ বাতাৱৰণ সৃষ্টি কৰি পেলাইছিল৷ অতি ছল–চাতুৰীৰে চৰকাৰবিৰোধী আন্দোলনটো দুর্বল কৰাই ড০ শর্মাই বিজেপিক নিশ্চিত পতনৰ পৰা ৰক্ষা কৰিছিল৷ দলটোৰ বাবে সৌভাগ্য আহি পৰিছিল তেতিয়া, যেতিয়া ক’ৰোনা মহামাৰীৰ পৰা বাচিবৰ বাবে ২০২০ চনৰ মার্চ মাহৰ পৰা কেইবাটাও পর্যায়ত ৰাজ্যত লকডাউন বলৱৎ হৈ পৰিছিল৷ এইবাৰ জনস্বাস্থ্য আৰু জনসাধাৰণৰ জীৱন ৰক্ষাৰ সংগ্রামত ড০ হিমন্ত বিশ্ব শর্মা জঁপিয়াই পৰিল৷ ক’ভিডৰ সময়ত অসমৰ ইমূৰৰ পৰা সিমূৰলৈ, ব্রহ্মপুত্রৰ পৰা বৰাকলৈ হিমন্ত বিশ্ব শর্মাই উদ্বাৰকাৰীৰ ভূমিকাৰে দৌৰি ফুৰিল৷ মৃত্যুৰ ভয়–শংকাৰ সেই বিভীষিকাময় পৰিৱেশত ৰাজ্যত ১২৬গৰাকী বিধায়ক থকাৰ পিছতো, সর্বত্রতে মাত্র ড০ হিমন্ত বিশ্ব শর্মাকেই উদ্ধাৰকাৰীৰ ৰূপত জনতাই দেখিবলৈ পাইছিল৷ সেয়ে তেওঁ হৈ পৰিছিল জনতাৰ মানত ভগৱান স্বৰূপ৷ সেই সময়খিনিত ড০ শর্মাই জনতাক যিয়েই আহ্বান দিছিল সকলোৱে তাক আন্তৰিকতাৰে পালন কৰিছিল৷ কর্মচাৰীসকলে তেওঁৰ আহ্বানত দৰিদ্র জনতাক খাদ্য দ্রব্য দান কৰিছিল, দৰমহাৰ পৰা কিছু অংশ চৰকাৰৰ দুর্যোগ নিবাৰণী নিধিলৈ দান কৰিছিল৷ আৰোগ্য হোৱা কোভিড ৰোগীয়ে প্লাজমা দান কৰিছিল… এইবোৰ কথাই জনতাৰ মাজত ড০ শর্মাৰ জনপ্রিয়তা কিমান, তাক প্রমাণ কৰে৷ ড০ শর্মাই একক প্রচেষ্টাৰে চৰকাৰ আৰু দলৰ হৈ যিদৰে বিপদ কালত ৰাইজৰ সেৱা আগবঢ়ালে তাৰ পৰা ‘কা’ আন্দোলনকালীন সময়ত জনতাৰ চৰম ঘৃণাত পর্যবসিত হোৱা ৰাজ্যিক বিজেপি দলটোৱে লাভৰ মুখ দেখিলে৷ দলটোৰ হেৰোৱা জনপ্রিয়তা লাহে লাহে উদ্ধাৰ হ’ল আৰু পূর্বৰ ছন্দত তেওঁলোকৰ কর্মকর্তা আৰু বিধায়কসকল উন্নয়নৰ চৰকাৰী আঁচনিবোৰ লৈ জনতাৰ পদূলিৰে আহ–যাহ কৰিব পৰা হ’ল৷ একমাত্র নির্বাচনী ৰণত দলটোক জয়যুক্ত কৰাৰ স্বার্থতে তেওঁ বাঙালী হিন্দুক সন্তুষ্টি দিয়াৰ পৰা আৰম্ভ কৰি বদৰুদ্দিন আজমল, এআইইউডিএফ দল আৰু বংগমূলীয় তথাকথিত আধিপত্যবাদীৰ নামত চৰম তিৰস্কাৰ কৰি সাম্প্রদায়িক মেৰু বিভাজনেৰে ক্ষমতা দখলৰ জাল পাতিছিল৷ তাৰ বাবে তেওঁ সাম্প্রদায়িক, হিন্দু বাংলাদেশীৰ পৃষ্ঠপোষক, জাতিদ্রোহী, মুছলমানবিৰোধী আদি অনেক বদনাম মূৰ পাতি ল’বলৈও কুণ্ঠাবোধ কৰা নাছিল অথচ যিটো সময়ত অধিকসংখ্যক বিধায়কেই গাত বোকা নলগোৱাকৈ চলিছিল৷ ড০ হিমন্ত বিশ্ব শর্মাই নিজৰ অফুৰন্ত দক্ষতা, কৌশল, প্রত্যুৎপন্নমতিতা আৰু পৰিশ্রমক নখটুৱা
হ’লে বা দলক জয়ী কৰাৰ স্বার্থত জাতীয় জীৱনক ধ্বংস কৰাৰ বদনাম অকলেই মূৰ পাতি নোলোৱা হ’লে হয়তো ২০২১ৰ বিধানসভা নির্বাচনত এঘড়ী যুঁজিবলৈ ৰাজ্যিক বিজেপিৰ শক্তি নাথাকিলহেঁতেন৷ দিকবিদিক হেৰুৱাই দলৰ বাকী নেতা–কর্মী, বিধায়ক–মন্ত্রীসকল্ যেতিয়া সমস্যাৰ পৰা নির্দিষ্ট দূৰত্বত অৱস্থান কৰি আত্মৰক্ষাৰ পথ লৈছিল, সেই সময়তে ড০ শর্মাই সকলো বিৰোধী আন্দোলনকাৰী শক্তি, বুদ্ধিজীৱী আৰু সংবাদ–পত্রৰ বিভিন্ন অভিযোগ–আপত্তিৰ উত্তৰ দিবলৈ বিনিদ্র ৰজনী কটাইছিল৷ ৰাজ্যৰ জনতাক মহামাৰীৰ পৰা বচাবলৈ অকলেই দিন–ৰাতি একাকাৰ কৰি যুঁজি আছিল৷ সমান্তৰালভাৱে শিক্ষা, স্বাস্থ্য আদি চৰকাৰৰ কেইবাটাও বিভাগৰ নিযুক্তিৰ প্রক্রিয়াও আগুৱাই নিছিল৷ ব্যস্ততাপূর্ণ ৰাজহুৱা জীৱনৰ মাজতে ড০ শর্মাই অসমৰ আর্থ–সমাজ–ৰাজনৈত পৰিস্থিতিক অৱলোকন কৰি ইখনৰ পিছত সিখন গ্রন্থও লিখি উলিয়াইছিল৷ ‘ভিন্ন সময় অভিন্ন মত’, ‘সমাগত সময়’, আৰু ‘এটা সময়ৰ পম খেদি’ তেওঁৰ ৰচিত তিনিখন গ্রন্থ৷ এনে দৃষ্টিকোণৰ পৰা লক্ষ্য কৰি ড০ হিমন্ত বিশ্ব শর্মাৰ দৰে এজন সর্বজনপ্রিয় আৰু দলটোৰ সুদক্ষ নেতাক ৰাজ্যৰ পৰৱর্তী মুখ্যমন্ত্রীৰ পদত অভিষিক্ত কৰাটো নিজৰ দলৰ বাবে নেতৃত্বৰ দূৰদর্শী সিদ্ধান্ত হিচাপে পৰিগণিত হ’ল৷ সকলো দিশতে কর্মদক্ষতাৰ পৰিচয় দিয়া ড০ শর্মাৰ নেতৃত্বই ৰাজ্যখনলৈ এক নতুন গতি আনি দিব পাৰিব বুলিয়ে ৰাইজে আশা কৰিছে৷ সুদক্ষ নেতাজনে এই গতিৰেই হয়তো ভাৰতীয় ৰাজনীতিত আৰু কেইবা খোজো আগুৱাই গৈ ৰাজ্যখনক সন্মানিত কৰিবও পাৰিব৷