ৰামানুজনে সঁচাকৈয়ে ‘অসীম’ক জানিছিলনে?
এখন প্রখ্যাত ইংৰাজী জীৱনী–গ্রন্থৰ নাম হ’ল–The man who knew Infinity৷ গ্রন্থখনৰ ৰচকজনৰ নাম ৰবার্ট কেনিগেল আৰু যাৰ জীৱনৰ আধাৰত এই গ্রন্থ ৰচিত হৈছে, তেওঁ আছিল বিংশ শতাব্দীৰ প্রথমার্ধত ভাৰতত জন্মগ্রহণ কৰা অতুল্য গাণিতিক মনীষা শ্রীনিৱাস ৰামানুজন আয়েংগাৰ৷ তেওঁ বিশ্বৰ জ্ঞানপিপাসু লোকসকলৰ মাজত সাধাৰণতে ৰামানুজন নামেৰেই পৰিচিত৷ ৰামানুজনৰ বিষয়ে একাধিক গ্রন্থ আৰু বহুসংখ্যক প্রবন্ধ অসমীয়া ভাষাতো ওলাইছে৷ এই সকলো ৰচনাৰ প্রধান উৎস হৈছে সেই একেখন গ্রন্থ, যিখনৰ নামThe man who knew Infinity৷ কিতাপখনৰ নামটো শুনিলেই অনুমান কৰিব পাৰি যে জীৱনীকাৰ ৰবার্ট কেনিগেল ৰামানুজনৰ কেনে পর্যায়ৰ গুণমুগ্ধ আছিল৷ তেওঁ উক্ত গ্রন্থখনত ৰামানুজনক এক কিংবদন্তিৰ ৰূপ দিবলৈ প্রয়াস কৰিছে আৰু সেই বিষয়ত গ্রন্থকাৰগৰাকী চমকপ্রদভাৱে সফলো হৈছে৷ কেনে এক নিঃস্ব অৱস্থাৰ পৰা এজন খ্যাত তথা অর্ধশিক্ষিত তামিল যুৱকৰ পৰৱর্তী কালত এজনা বিশ্ববিশ্রুত গণিতজ্ঞলৈ উত্তৰণ ঘটিছিল, তাৰ এক মনোগ্রাহী বিৱৰণ আলোচ্য গ্রন্থখনত দাঙি ধৰা হৈছে৷ অৱশ্যে ইয়াত ৰামানুজনে গণিতৰ জগতখনলৈ আগবঢ়াই থৈ যোৱা অসামান্য অৱদানৰ তুলনাত তেওঁৰ সংগ্রামী জীৱনৰ কাহিনীয়েহে প্রাধান্য লাভ কৰিছে৷ সেইবাবে কিতাপখনৰ নামকৰণ আৰু ইয়াৰ অন্তর্বস্তুৰ মাজত সংহতি স্থাপন কৰাটো আমাৰ দৰে পঢ়ুৱৈৰ বাবে কষ্টকৰ হৈ উঠিছে৷ কিয়নো গণিতৰ জটিল তাত্ত্বিক বিষয়সমূহৰ গভীৰলৈ প্রৱেশ কৰাটো এই শ্রেণীৰ গ্রন্থ একোখনত স্বাভাৱিকতে সম্ভৱ হৈ নুঠে৷ যদিও কিতাপখনৰ নামটোৰ সৈতেInfinity অর্থাৎ অসীম ৰাশিৰ ধাৰণাটো সংলগ্ণ হৈ আছে, ইয়াৰ অভ্যন্তৰত অসীম সত্তাৰ সন্দর্ভত অধিক তথ্য পাবলৈ আমি আশা কৰিছিলোঁ৷ কিয়নো ৰামানুজনৰ প্রাৰম্ভিক জীৱনৰ সংঘাতসমূহ, কেম্ব্রিজৰ খ্যাতিমান অধ্যাপক হার্ডিৰ লগত তেওঁৰ যোগাযোগ আৰু এক সংক্ষিপ্ত জীৱনকালৰ সামৰণিৰ ফালে তেওঁ ভগ্ণস্বাস্থ্যৰে ভাৰতলৈ উলটি অহা ইত্যাদি কথাবোৰ আজিকালি অধ্যয়নশীল স্কুলীয়া ছাত্র–ছাত্রীসকলেও কম–বেছি পৰিমাণে জানে৷ ৰামানুজন সম্বন্ধে অনেক ৰসাল কাহিনীৰো বিদ্বৎ সমাজত প্রচলন আছে৷ এইবিলাকৰ ভিতৰত ৰামানুজন এবাৰ ইংলেণ্ডৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ থাকোঁতে তেওঁৰ খবৰ ল’বলৈ যোৱা পৰম শুভাকাংক্ষী অধ্যাপক হার্ডিয়ে ব্যৱহাৰ কৰা টেক্সি–গাড়ীখনৰ নম্বৰটোক লৈ প্রচলিত কাহিনীটোৱেই সবাতোকৈ প্রসিদ্ধ৷ পিছৰ দিনবিলাকত সেই বিশেষ সংখ্যাটোৱে (১৭২৯) ইমানেই জনপ্রিয়তা লাভ কৰিছিল যে ইয়াক ‘ৰামানুজন সংখ্যা’ বুলি নামকৰণ কৰা হৈছিল৷ লক্ষণীয়ভাৱে প্রতিগৰাকী মনীষীৰ নামৰ লগতে এনে একোটা কিংবদন্তি জড়িত হৈ আছে, যেনেকৈ মাধ্যাকর্ষণ শক্তিৰ আৱিষ্কাৰক ছাৰ আইজাক নিউটনৰ জীৱনৰ সৈতে গছৰ পৰা আপেল সৰি মাটিত পৰাৰ কাহিনীটো সাঙোৰ খাই আছে৷ সি যি নহওক, মাথোন তেত্রিশ বছৰীয়া জীৱনকালত স্বভাৱ–গণিতজ্ঞ ৰামানুজনে গণিতৰ জগতখনলৈ যি বিশাল বৰঙণি যোগাই যাবলৈ সমর্থ হ’ল, তাৰ বলতে তেওঁৰ নাম পৃথিৱীৰ সর্বকালৰ সর্বশ্রেষ্ঠ গণিতজ্ঞসকলৰ লগত একে শাৰীতে লিপিবদ্ধ হৈ ৰৈছে৷ এক সীমিত কালাৱধিৰ ভিতৰত তেওঁ সংখ্যাতত্ত্বলৈ Number theory) যোগাই যোৱা অনবদ্য অৰিহণা গণিতৰ ইতিহাসত চিৰস্মৰণীয় হৈ ৰ’ব৷ এইজনা ভাৰতীয় মনীষীয়ে পূর্ণায়ু লাভ কৰা হ’লে গণিতৰ জগতখন হয়তো অভাৱনীয়ৰূপে সমৃদ্ধ হৈ উঠিলহেঁতেন৷
আমি আজি আলোচনা কৰিবলৈ আগবঢ়া মূল বিষয়টোৰ পাতনি স্বৰূপেহে পূর্বোক্ত কথাখিনিৰ অৱতাৰণা কৰা হ’ল৷ এতিয়া প্রশ্ণ হৈছে, শ্রীনিৱাস ৰামানুজনে সঁচাই অসীম ৰাশি সম্বন্ধে সম্যক ধাৰণা আয়ত্ত কৰিবলৈ সমর্থ হৈছিলনে? এই সন্দর্ভত কিছু পদ্ধতিগত কথা আলোচনা কৰাৰো প্রয়োজন আমাৰ অনুভূত হৈছে৷ আন এটা প্রাসংগিক প্রশ্ণ হৈছে এয়ে যে অসীম ৰাশি সম্বন্ধে সম্পূর্ণ জ্ঞান কিম্বা ধাৰণা লাভ কৰাটো মানুহৰ পক্ষে কেতিয়াবা সম্ভৱ হ’বনে? পাছৰ প্রশ্ণটোৱে সর্বকালৰ চিন্তাশীল মানুহক গভীৰ চিন্তাত নিমজ্জিত কৰি ৰখাটো এই প্রসংগতে বিশেষভাৱে উল্লেখযোগ্য৷ দার্শনিক তথা বিজ্ঞানীৰ সমানেই শিল্পী আৰু সাহিত্যিকসকলো অসীমৰ ধাৰণাৰে গভীৰভাৱে প্রভাৱান্বিত হৈ অহা দেখা যায়৷ ইয়াৰ সর্বোৎকৃষ্ট উদাহৰণ হৈছে বিশ্বকবি ৰবীন্দ্রনাথ ঠাকুৰ৷ অসীমৰ ধাৰণা আৰু মানুহৰ সীমাবদ্ধতাক এটি গীতত তেওঁ এনেদৰে প্রকাশ কৰিছে–
সীমাৰ মাঝে অসীম তুমি/ বাজাও আপোন সুৰ/আমাৰ মধ্যে তোমাৰ প্রকাশ/ তাই এত মধুৰ…
এটা কথা কোৱা বাহুল্য যে অসীম সন্দর্ভত পূর্বোক্ত চাৰিটা শ্রেণীৰ অন্তর্গত লোকসকলৰ চিন্তাধাৰা একে নহয়৷ কিন্তু বিশ্ব–ব্রহ্মাণ্ডৰ অসীম চৰিত্রই প্রত্যেকৰ মনতে এক সুগভীৰ আলোড়নৰ সৃষ্টি কৰি আহিছে৷ অসীম ৰাশিসমূহক সীমাবদ্ধ কৰি তোলাৰ ভিন্নধর্মী প্রয়াসো মন কৰিবলগীয়া৷ সুদূৰ অতীততে, অর্থাৎ উপনিষদৰ যুগতে যি ব্রহ্ম কিম্বা পৰম ব্রহ্মৰ ধাৰণাই জ্ঞানতপস্বীসকলৰ মনত গঢ় লৈ উঠিছিল, সেয়া একে সময়তে আছিল অসীমক বুজোৰো প্রয়াস আৰু আনহাতে, অসীমক সীমিত কৰাৰো এক কৌশল৷ সদৃশ প্রচেষ্টা গণিতৰ ক্ষেত্রখনতো পৰিলক্ষিত হৈ আহিছে৷ ধর্মীয় দর্শনত ব্রহ্ম শব্দৰে যিদৰে অসীমক সীমিত কৰি তোলাৰ যত্ন কৰা হৈছে, তদ্রূপ গণিতত অসীম ৰাশিক সীমাবদ্ধ ৰূপ দিবলৈ এটা বিশেষ চিহ্ণ () ব্যৱহাৰ কৰি অহা হৈছে৷ অৱশ্যে এই বিশেষ চিহ্ণটোৱে সাধাৰণতে সংখ্যাৰ অসীমতাকে নির্দেশ কৰে৷ গণিতৰ চর্চাত সংখ্যাৰেখা নামৰ যিটো ধাৰণাৰ প্রচলন আছে, সেই সংখ্যাৰেখাৰ এটা প্রান্তত শূন্যই zero) অৱস্থান কৰিছে আৰু তাৰ আনটো প্রান্তত আছে ‘ইন্ফিনিটী’ (অর্থাৎ অসীম সংখ্যা)৷ কিন্তু এটা সংখ্যা কিমান ক্ষুদ্র হ’লে শূন্যত পৰিণত হয় তাৰ একো স্পষ্ট ধাৰণা মানুহৰ নোহোৱাৰ দৰে সংখ্যা এটা কিমান বৃহৎ হ’লে তাক অসীমৰ কাষ চপা বুলি বিবেচনা কৰা হ’ব, তাৰো একো সুনির্দিষ্ট নিয়ম নাই৷ শূন্য সম্বন্ধেও ধাৰণা কৰি লোৱাটো বে’চ কষ্টকৰ৷ কিন্তু তাতকৈও জটিল অসীম ৰাশিৰ ধাৰণাটো৷ শূন্যৰ লগত এক যোগ কৰিলে যোগফল হয় এক৷ তাৰ বিপৰীতে ‘ইনফিনিটী’ৰ লগত যিকোনো সংখ্যা যোগ কৰিলে তাৰ উত্তৰ ইন্ফিনিটীয়েই হৈ ৰয়৷ ইন্ফিনিটীৰ পৰা যিকোনো এটা সংখ্যা (সি যিমানেই বৃহৎ নহওক লাগে) বিয়োগ কৰিলেও একেই কথা– ইনইফিনিটী ইন্ফিনিটীয়েই হৈ ৰয়৷ থূলমূলকৈ এইবিলাকেই হৈছে অসীম ৰাশি অর্থাৎ ইনফিনিটীৰ গাণিতিক ধর্ম৷ পিছে কথা হৈছে, ইন্ফিনিটীৰ পূর্বোক্ত চৰিত্রসমূহ ৰামানুজনৰ বহু শতিকা আগেয়েই মানুহৰ অৱগত হৈছিল৷ কলন গণিতৰ Calculus) আৱিষ্কাৰে অসীম ৰাশি জড়িত গাণিতিক সমস্যাসমূহৰ সমাধানৰ পথ বহু পৰিমাণে সুগম কৰি তুলিছিল৷ প্রসংগক্রমে এটা কথা উল্লেখযোগ্য যে দুজনা বিশিষ্ট গণিতজ্ঞই প্রায় একে সময়তে স্বতন্ত্রৰীয়ভাৱে কলন গণিত উদ্ভাৱন কৰিছিল৷ সেই দুজনা মহান মনীষী আছিল ছাৰ আইজাক নিউটন আৰু জার্মানীৰ গডফ্রিড উইলহেম নাইবনিৎস৷ মোৰ বোধেৰে কলন গণিতৰ আৱিষ্কাৰ অথবা উদ্ভাৱনেই গণিত শাস্ত্রৰ বিকাশৰ দিশত বৃহত্তম পদক্ষেপ আছিল৷ কিয়নো, অসীম ৰাশিক সসীম কৰি তোলাৰ কৌশল কলন গণিতৰ জৰিয়তে মানুহৰ আয়ত্ত হৈছিল৷ কিন্তু তাৰ পিছতো অসীম ৰাশি সম্বন্ধে মানুহৰ জ্ঞান সম্পূর্ণ হ’ল বুলি দাবী কৰিব পৰা অৱস্থা এটাৰ উদ্ভৱ হোৱা নাছিল৷
এইখিনিতে অতীত ভাৰতত বহুল প্রচলিত শব্দ এটা মোৰ মনলৈ আহিছে৷ এই বিশেষ শব্দটো হ’ল ‘ব্রহ্মবেত্তা’৷ সেই কালৰ কেইবাগৰাকীও ঋষি–মুনিক ব্রহ্মবেত্তা ৰূপে অভিহিত কৰা হৈছিল নতুবা দুই–একে নিজেই নিজকে ব্রহ্মবেত্তা বুলি দাবী কৰিছিল৷ এইসকলৰ ভিতৰত আছিল যাজ্ঞবল্ক্য, বিশ্বামিত্র আদি৷ কিন্তু এনেধৰণৰ ব্রহ্মজ্ঞান লাভ কৰাৰ কোনো দাবী আধুনিক দৃষ্টিভংগীৰে গ্রহণযোগ্য নহয়৷ কিয়নো, ব্রহ্মতত্ত্ব গণিতৰ অসীম ৰাশিৰ ধাৰণাতকৈও অনেক গুণে জটিল৷ গাণিতিক অসীমতাই মূলতে সংখ্যাৰ সীমাহীনতাকে নির্দেশ কৰে৷ কিন্তু ব্রহ্ম শব্দৰ প্রতিষ্ঠিত অর্থই গাণিতিক অসীম ৰাশিৰ উপৰি সকলো ভৌতিক অসীমতাকো সামৰি লয়৷ উদাহৰণ স্বৰূপে স্থান, কাল, ভৰ আদি প্রতিটোৱেই একো একোটা অসীম সত্তা৷ মোৰ দৃষ্টিত এনে সকলো অসীম সত্তাৰ সমাহাৰেই হৈছে ব্রহ্ম বা পৰম ব্রহ্ম৷ এতেকে এই পৃথিৱীত অতীততো বাদেই, ভৱিষ্যতেও কোনোবা ব্রহ্মজ্ঞাতাৰ আবির্ভাৱ হ’ব বুলি ভাবিবলৈ টান৷
পদ্ধতিগত দিশৰ পৰা যদি আমি বিশ্লেষণ কৰোঁ, তেনেহ’লে আমি দেখিবলৈ পাম যে কোনো এক বিষয়ৰ বোধ লাভ কৰা আৰু জ্ঞান আয়ত্ত কৰা অভিন্ন কথা নহয়৷ এটা উদাহৰণ দিলেই কথাটো স্পষ্ট হৈ পৰিব৷ আধুনিক কালৰ এজনা প্রখ্যাত সাধক ৰামকৃষ্ণ পৰম হংসদেৱে নিজে এটা কথা বোধ কৰিছিল যে তেওঁ ঈশ্বৰ–জ্ঞান লাভ কৰিছে৷ কিন্তু প্রকৃততে সেয়া আছিল ঈশ্বৰ সম্বন্ধে হোৱা এক উপলব্ধিহে৷ গীতাত বর্ণনা কৰা ভক্তি মার্গেৰে অগ্রসৰ হোৱা বহুজন সাধকৰ বাবে এনে উপলব্ধি অসম্ভৱ নহ’লেও সেয়া হৈ ৰয় নিতান্ত ব্যক্তিগত পর্যায়ৰ বস্তু৷ পিছে জ্ঞানমার্গৰ কথা সম্পূর্ণ পৃথক৷ জ্ঞানমার্গৰ জৰিয়তে উপলব্ধ জ্ঞান ব্যক্তিগত পর্যায়তে আবদ্ধ হৈ নাথাকে৷ জ্ঞানমার্গৰ যাত্রীসকলে লাভ কৰা সকলো ধ্যান–ধাৰণা হৈ পৰে সমগ্র মানৱ জাতিৰ উমৈহতীয়া বৌদ্ধিক সম্পত্তি৷ এতিয়া কথা হৈছে, যাজ্ঞবল্ক্য, বিশ্বামিত্র কিম্বা আধুনিক কালৰ ৰামকৃষ্ণ পৰমহংসই তেখেতসকলৰ ব্রহ্মোপলব্ধিৰ অংশীদাৰ সমগ্র মানৱ জাতিক কৰি ল’ব পাৰিলে জানো?
লক্ষণীয়ভাৱে জ্ঞানমার্গত যি পৰম সত্তাক ব্রহ্মৰূপে অভিহিত কৰা হয়, ভক্তিমার্গত সেয়ে হৈ উঠে পৰমেশ্বৰ কিম্বা পৰমেশ্বৰী৷ জ্ঞানমার্গত এই পৰম সত্তাক সময়ে সময়ে সমস্ত অসীম সত্তাৰ সমাহাৰ হিচাপেও অৱলোকন কৰা হয়৷ তেনেহ’লে সেই পৰম সত্তাক (ড০ ৰাধাকৃষ্ণনে যাকThe Absolute আখ্যা দিছে) সীমিত কলেৱৰৰ মাজলৈ অনাৰ যিকোনো প্রয়াস জ্ঞানমার্গত গৃহীত হোৱাটো তেনেই সম্ভৱ৷ অসীম ৰাশিকে ধৰি যিকোনো অসীম সত্তা যিদিনাই মানুহৰ জ্ঞানৰ পৰিধিৰ ভিতৰলৈ আহিব, সেই মুহূর্ততে সিবিলাকে অসীম চৰিত্র হেৰুৱাই সসীম হৈ পৰিব৷ কিন্তু কোনো এটা অসীম সত্তাক সীমাবন্দী কৰি তোলাটো তাত্ত্বিকভাৱেই অসম্ভৱ৷ বিংশ শতাব্দীৰ এক সীমিত কালৰ বাবে বিশ্বৰ বিজ্ঞানী মহলে এখন সীমিত পৰিসৰৰ একক ব্রহ্মাণ্ডৰ ধাৰণাটো লালন–পালন কৰিছিল৷ অৱশ্যে বিগত দুটা দশকৰ কালছোৱাত পূর্বৰ ইউনিভার্ছৰ অর্থাৎ একক ব্রহ্মাণ্ডৰ আর্হিটো প্রায় পৰিত্যক্ত হোৱা যেন দেখা গৈছে৷ শেহতীয়াকৈ ভাৰতীয় দর্শনত উল্লেখ থকা ‘অনন্ত কোটি ব্রহ্মাণ্ড’ৰ Multivarse) ধাৰণাটো পুনৰায় উলটি আহিছে অধিক সংহত ৰূপত৷ এই কথাই স্থান আৰু কালৰ অসীমতাকে প্রত্যক্ষভাৱে সমর্থন কৰিছে৷ প্রয়াত তাত্ত্বিক বিজ্ঞানী ষ্টিফেন হকিঙে তেওঁৰThe Grand Design গ্রন্থত এক বহু ব্রহ্মাণ্ডবাদী আর্হিৰ সম্ভাৱনা সুন্দৰকৈ ব্যাখ্যা কৰি দেখুৱাইছে৷ ইয়াৰ পৰা এটা সিদ্ধান্তই অবিসম্বাদী ৰূপত আত্মপ্রকাশ কৰিছে আৰু সেইটো হৈছে– অসীম যথার্থতে অসীম৷ আদি–ন্তবিহীন এক মহাবিশ্বৰ বাসিন্দা আমি– যাৰ বিশালতা সম্বন্ধে চিন্তা কৰাটোৱেই মানুহৰ পক্ষে অসম্ভৱ৷
এই নিবন্ধৰ আৰম্ভণিতে উল্লেখ কৰাThe man who knew infinity নামৰ গ্রন্থখনত অসীম সত্তাসমূহৰ ভিতৰত স্বাভাৱিকতে গাণিতিক অসীমতাৰ বিষয়টোৱেহে গুৰুত্ব লাভ কৰিছে৷ অৱশ্যে কিতাপখনৰ সপ্তম অধ্যায়ৰ নৱম নিবন্ধটোৰ নামকৰণ কৰা হৈছে ‘ৰামানুজন, গণিত আৰু ঈশ্বৰ’ বুলি (পৃষ্ঠা ২৮০)৷ এই নিবন্ধটোৰ এঠাইত গ্রন্থকাৰে কৈছে– He was sure, hardy wrote on another occasion, that ‘Ramanujan was no mystic and that religion, axcept in a strictly material sense, played no important part in his life. উদ্ধৃত বাক্যটোৰ পৰা এনে এটা অর্থই কৰি ল’ব পাৰি যে প্রচলিত ধর্ম–কর্মৰ প্রতি ৰামানুজনৰ বিশেষ আসক্তি নাছিল৷ কিন্তু সেয়ে হ’লেও অধ্যাপক হার্ডিয়ে ৰামানুজনক নাস্তিক, অজ্ঞেয়তাবাদী কিম্বা সংশয়বাদীসকলৰ পংক্তিভুক্ত কৰিবলৈকো অস্বীকাৰ কৰিছিল৷ অর্থাৎ জীৱন আৰু জগতৰ চৰিত্র উপলব্ধি সন্দর্ভত ৰামানুজনে এককভাৱেই এটা শ্রেণী গঠন কৰিছিল৷ ব্রহ্মাণ্ডতত্ত্বৰ ক্ষেত্রখনত আইনষ্টাইনে যিদৰে এটাUnified Field Theory উদ্ভাৱনৰ বাবে তৎপৰ হৈ উঠিছিল, তদ্রূপ ৰামানুজনেও হাতত কিছু সময় পোৱা হ’লে হয়তো সকলো অসীম সত্তাৰ একীকৰণৰ বাবে প্রচেষ্টা আৰম্ভ কৰিলেহেঁতেন৷ তেওঁৰ প্রস্থানোত্তৰ কালত তেনে এটা চিন্তা প্রকল্পক গতি দান কৰিবলৈ সম্ভৱতঃ ৰামানুজনৰ সমকক্ষ মনীষাৰ অভাৱ ঘটিছে৷