এটা পাহৰিব নোৱৰা গল্প
গোটেই জীৱনত হাজাৰ হাজাৰ গল্প পঢ়িলোঁ৷ বিশ্ব সাহিত্যৰ শ্রেষ্ঠ গল্পবোৰ অৱশ্যেই পঢ়িলোঁ ইংৰাজী অনুবাদত৷ বেছিভাগ গল্প এতিয়া আদ্যোপান্ত ভালকৈ মনত পেলাব নোৱাৰোঁ৷ বিস্মৃতিৰ কুঁৱলীৰ মাজত গল্পবোৰৰ ৰূপ অস্পষ্ট হৈ পৰিছে৷ কিন্তু এনেকুৱা বহুতো গল্প আছে– যিবোৰ গল্প মোৰ চেতনাৰ অবিচ্ছেদ্যংশত পৰিণত হৈছে৷ জীৱনৰ বিভিন্ন সময়ত, বিভিন্ন প্রসংগত, বিভিন্ন প্রয়োজনত সেইবোৰ গল্প আপোনা–আপুনি মনলৈ আহি থাকে৷ জীৱনৰ বহুতো সমস্যা নিজে বুজিবলৈ আৰু আনক বুজাবলৈ মই সেই গল্পবোৰ ব্যৱহাৰ কৰোঁ৷
তেনে এটা গল্প লিখিছিল মুল্কৰাজ আনন্দই৷
আমাৰ যৌৱন কালত মুল্কৰাজ আছিল এটা অতি উজ্জ্বল পৰিচিত নাম৷ ইংৰাজী ভাষাত সাহিত্য চর্চা কৰা ভাৰতীয় লেখককেইজনৰ ভিতৰত মুল্কৰাজ আনন্দই তেওঁৰUntouchable নামৰ উপন্যাসখনৰ যোগেদি প্রথম আন্তর্জাতিক খ্যাতি অর্জন কৰিছিল৷ ২০০৪ চনত ৯৮ বছৰ বয়সত তেওঁৰ মৃত্যু হৈছিল৷ কিন্তু মৃত্যুৰ বহু বছৰৰ আগৰ পৰাই মানুহে তেওঁক পাহৰিবলৈ আৰম্ভ কৰিছিল৷
মুল্কৰাজ আনন্দৰ বিখ্যাত উপন্যাসকেইখনৰ ভিতৰত মই পঢ়া প্রথম উপন্যাসখন আছিলTwo Buds and a A Leaf, –দুটি কলি এটি পাত৷ উপন্যাসখনৰ নামটোৱেই কয় যে উপন্যাসখনৰ পটভূমি আছিল অসমৰ চাহ বাগিচা৷ তেওঁ গল্পও লিখিছিল কিন্তু মই তেওঁৰ মাত্র এটা গল্পহে পঢ়িবলৈ পাইছিলোঁ৷ সেই গল্পটোকেই মই আজিলৈকে পাহৰিব পৰা নাই৷ গল্পটোৱে কোনোবা এটা বছৰত বিশ্ব সাহিত্যৰ সর্বশ্রেষ্ঠ গল্পৰ এটা সংকলনত ঠাই পাইছিল৷ ঠাই পাবলগীয়া গল্প৷
এতিয়া গল্পটো পঢ়ক৷
এটা সাত বছৰীয়া ল’ৰাই তাৰ দেউতাকৰ লগত এখন মেলা চাবলৈ গৈছিল৷ দূৰ–দূৰান্তৰৰ পৰা হাজাৰ–বিজাৰ মানুহ আহিছে মেলাত বিচিত্র বস্তু কিনা–বেচা কৰিবলৈ৷ বিশাল আয়োজন, বিচিত্র পণ্য–সম্ভাৰ৷ মেলাৰ ভিতৰত প্রৱেশ কৰিয়েই ল’ৰাটো পাগল হৈ গ’ল যিটো বস্তুত তাৰ চকু পৰে সেইটোকেই তাক লাগে৷ ইমানবোৰ বস্তু কিনিবলৈ দেউতাকৰ সামর্থ্য নাই৷ বিৰ দি বাট নোপোৱা ভিৰৰ মাজেদি দেউতাকে তাক হেঁচি–ঠেলি আগুৱাই নিছে৷ ল’ৰাটোৰ মুখত এটাই শব্দ– লাগে, লাগে, মেলাখনৰ প্রতিটো বস্তুৱেই তাক লাগে৷
দেউতাকে পুতেকৰ হাতখনত ধৰি আছিল কিন্তু কোনোবা এবাৰত মানুহৰ হেঁচা–ঠেলাত বাপেক–পুতেকৰ হাতৰ বন্ধন ছিগি গ’ল৷ প্রবল জনস্রোতে মুহূর্তৰ ভিতৰতে দুয়োকো দুফালে উটুৱাই লৈ গ’ল৷
জনসমুদ্রৰ জোৱাৰত দেউতাকক হেৰুৱাই পেলাই ল’ৰাটোৱে কান্দিবলৈ ধৰিলে৷ অকণমানি মৰম লগা ল’ৰাটোৰ বুকু–ভগা কান্দোন শুনি বহুত মানুহে তাক নিচুকাবলৈ চেষ্টা কৰিলে৷ তাৰ কান্দোন থমাবলৈ আন একো উপায় নাপাই মানুহবোৰে মেলাৰ পৰা ইটো–সিটো বস্তু কিনি তাক যাচিবলৈ ধৰিলে৷ কিন্তু একো বস্তুৰে প্রতি তাৰ ভ্রূক্ষেপ নাই৷ তাৰ হাতত গুঁজি দিয়া প্রত্যেকটো বস্তু দলিয়াই দি সি মাত্র কান্দি কান্দি চিঞৰে– ‘মোক দেউতাক লাগে, মোক দেউতাক লাগে…৷’
অলপ আগলৈকে দেউতাক যেতিয়া তাৰ লগত আছিল, সি বিচাৰিছিল মেলাখনৰ প্রত্যেকটো বস্তু৷
দেউতাক হেৰাই যোৱাৰ লগে লগে তাক কেৱল মেলাখনৰ কিয়, বিশ্বব্রহ্মাণ্ডৰ একো বস্তুকেই নলগা হ’ল তাক এতিয়া লাগে কেৱল দেউতাকক৷
প্রিয় পাঠক, গল্পটোৰ তাৎপর্য ব্যাখ্যা কৰি মই আপোনাৰ বুদ্ধিবৃত্তিক তথা হূদয়বৃত্তিক অপমান কৰিব নোখোজোঁ৷