বিকল্প চিকিৎসা
‘শৰীৰম ব্যাধি মন্দিৰম’– এই কথাষাৰ স্কুলত পঢ়ি থকা কালত শুনিবলৈ পাইছিলোঁ আমাৰ এগৰাকী নমস্য শিক্ষক প্রয়াত কেশৱ চন্দ্র গোস্বামীদেৱৰ মুখে৷ কথাষাৰৰ তাৎপর্য মই ওৰে জীৱন মর্মে মর্মে উপলব্ধি কৰি আহিছোঁ৷ কিয়নো কোনো এখন দেশৰ সমস্ত ঠাইৰ নাম কৈ শেষ কৰাটো সম্ভৱ হ’লেও মানুহৰ দেহ–মনক আক্রমণ কৰা ৰোগৰ নাম কৈ ঁতাব নোৱাৰি৷ দিনকদিনে এই নাম তালিকাখন দীঘল হৈ গৈয়ে আছে৷ সেই অনুসাৰে ৰোগ নিৰাময়ৰ উপযুক্ত অর্থাৎ ফলপ্রসূ চিকিৎসা–পদ্ধতিৰ অন্বেষণত মানুহ নিৰন্তৰ ৰত হ’বলগীয়া হৈছে৷ ফলত বিশ্বজুৰি শত–সহস্র ৰোগ নিৰাময়ৰ পদ্ধতি মানুহে বিচাৰি উলিয়াইছে৷ কিন্তু এই আটাইবিলাক চিকিৎসা পদ্ধতিৰ ভিতৰত আয়ুর্বিজ্ঞানেই Medical Science) প্রায় অবিসম্বাদী হৈ ৰৈছে৷ ইয়াৰ গুৰিতে আছে আধুনিক আয়ুর্বিজ্ঞানৰ ৰোগ চিনাক্তকৰণৰ সামর্থ্য৷ বিভিন্ন প্রকাৰৰ ৰোগ নির্ণয় diagnose) কৰিবলৈ উদ্ভাৱিত হৈছে অজস্র আহিলা–পাতি৷ ৰোগ নির্ণয়ত প্রযুক্ত এনে সা–সৰঞ্জাম নির্মাণৰ বিষয়টোৱে সম্প্রতি এনে প্রসাৰ লাভ কৰিছে যে ইয়াৰ ফলতbiomedical Engineering নামৰ এক পৃথক শৈক্ষিক বিভাগৰে জন্ম হৈছে৷ বহুবিলাক ৰোগ নির্ণয়কাৰী সঁজুলি অতিশয় ব্যয়বহুল হ’লেও বর্তমান সময়ত সেইবিলাক মানৱ সমাজত অপৰিহার্যৰূপে পৰিগণিত হৈছে৷ এনে সৰঞ্জামসমূহ আৰু আনুষংগিক পৰীক্ষাবিলাক খুব মহঙা হ’লেও আধুনিক আয়ুর্বিজ্ঞানভিত্তিক চিকিৎসা পদ্ধতিত ইবিলাক বিকল্পবিহীন হৈ উঠা দেখা গৈছে৷ আধুনিক চিকিৎসা বিজ্ঞানে ৰোগ নির্ণয় আৰু চিকিৎসাত এইপর্যন্ত যি সাফল্য আর্জিছে, সেয়া অভাৱনীয় বুলিয়েই ক’ব লাগিব৷ অদূৰ ভৱিষ্যতেও এই সাফল্যৰ ধাৰা অব্যাহত থকাটো নিশ্চিত৷ পিছে কথা হৈছে এই সর্বাধুনিক চিকিৎসা–পদ্ধতিয়ে একোটা জাতিৰ গড় আয়ুস বহু পৰিমাণে বৃদ্ধি কৰিছে যদিও ইয়াৰ ব্যয়বাহুল্যৰ হেতু সর্বসাধাৰণৰ বাবে অনেক প্রাণঘাতী জটিল ৰোগৰ উপযুক্ত চিকিৎসা লাভ কৰাটো সম্প্রতি অসম্ভৱ হৈ পৰিছে৷
এনে পৰিপ্রেক্ষিততে বিকল্প চিকিৎসা পদ্ধতিসমূহৰ প্রাসংগিকতা আজিও হ্রাস হোৱা নাই৷ কিন্তু এইখিনিতে প্রশ্ণ হয়– বিকল্প চিকিৎসা–পদ্ধতিয়ে প্রকৃততে কি বুজায়? বহল অর্থত নিঃসন্দেহে আয়ুর্বিজ্ঞান আধাৰিত চিকিৎসা–পদ্ধতিক বাদ দি আন সকলো পদ্ধতিয়েই বিকল্প চিকিৎসা পদ্ধতি Alternative medicine)৷ পিছে বিকল্প চিকিৎসাৰ এই সংজ্ঞা সকলোৱে মানি নলয়৷ সময়ে সময়ে আধুনিক চিকিৎসা–বিজ্ঞানক ‘এল’পেথি’Allopathy) নামৰ শব্দ এটাৰ প্রয়োগ হয়৷ লক্ষণীয়ভাৱে এই শব্দটোৰ প্রচলনকাৰী পক্ষটো হোমি’পেথি নামৰ আন এক চিকিৎসা–পদ্ধতিৰ অনুগামী আৰু তেওঁলোকৰ মতে হোমি’পেথিহে মুখ্য চিকিৎসা–পদ্ধতি আৰু ইয়াৰ সৈতে প্রভেদ সূচাবৰ বাবেই এল’পেথি শব্দটো সৃষ্টি কৰা হৈছিল৷ এটা সময়ত হোমি’পেথিক চিকিৎসাই প্রচুৰ জনপ্রিয়তা অর্জন কৰিছিল৷ কিছুমান ৰোগত হোমি’পেথিক ঔষধৰ কার্যকৰিতা সন্দেহাতীত৷ হোমি’ ঔষধৰ দাম ‘ডাক্তৰী’ ঔষধৰ তুলনাত বহু গুণে কম হোৱাৰ হেতু দৰিদ্র দেশবাসীৰ মাজত হোমি’পেথিৰ আদৰ আজিও অটুট আছে৷ পিছে এই পদ্ধতিৰ সুফল সংশ্লিষ্ট চিকিৎসকজনৰ অভিজ্ঞতাৰ ওপৰত অধিক পৰিমাণে নির্ভৰশীল৷ অৱশ্যে আয়ুর্বিজ্ঞানভিত্তিক চিকিৎসা–পদ্ধতি আৰু হোমি’পেথিত ৰোগ চিনাক্ত কৰাৰ ধাৰণাটোৱেই মূলতে সম্পূর্ণ পৃথক আছিল৷ কিন্তু বর্তমান সময়ত একাংশ হোমি’পেথিক চিকিৎসকেও ৰোগ নির্ণয়ৰ বাবে ‘এল’পেথিক’ পদ্ধতি অৱলম্বন কৰা আমাৰ দৃষ্টিগোচৰ হৈছে৷ আনহাতে হোমি’পেথিক চিকিৎসা–পদ্ধতিৰ মূল ভিত্তি বিজ্ঞানসন্মত নহয় বুলি উত্থাপিত অভিযোগ নতুন নহ’লেও সমগ্র বিষয়টোৱেই বিতর্কমূলক৷ এই প্রসংগতে উল্লেখ কৰিব লাগিব যে বহুতো যশস্বী আয়ুর্বৈজ্ঞানিক চিকিৎসকেও হোমি’পেথিক মান্যতা প্রদান কৰি গৈছে৷ প্রয়াত ডাঃ জীৱকান্ত শইকীয়া এসময়ত অসমৰ স্বাস্থ্য বিভাগৰ সঞ্চালক আছিল৷ তেখেতে যোৰহাটত এখন হোমি’পেথিক চিকিৎসা মহাবিদ্যালয় স্থাপন কৰিবলৈ মৃত্যুৰ পূর্বে পাঁচ লাখ টকাৰ এক দান আগবঢ়াই থৈ গৈছিল৷ ডাঃ শইকীয়াদেৱৰ ইচ্ছানুসৰি প্রতিষ্ঠা হৈছিল তেখেতৰ নামতে যোৰহাটৰ হোমি’পেথিক চিকিৎসা মহাবিদ্যালয়খন৷ অসমৰ এগৰাকী বিশিষ্ট পদার্থ বিজ্ঞানী তথা শিক্ষাবিদ ড০ কুলেন্দু পাঠক মহোদয়েও ‘হোমি’পেথি বিজ্ঞানসন্মত নহয়’ বোলা কথাষাৰ অস্বীকাৰ কৰিছিল৷ সি যি নহওক, শেহতীয়াকৈ আয়ুর্বিজ্ঞানৰ যি প্রগতি সাধন হৈছে, তাৰ সমুখত হোমি’পেথি কিছু নিষ্প্রভ হৈ পৰাটো একো অস্বাভাৱিক কথা নহয়৷
আমাৰ দেশলৈ ইউৰোপীয় সভ্যতা–সংস্কৃতিৰ আগমন ঘটাৰ আগলৈকে ভাৰতীয় লোকসকলে ৰোগ নিৰাময়ৰ অর্থে গ্রহণ কৰা প্রধান স্বীকৃত চিকিৎসা–পদ্ধতিটো আছিল আয়ুর্বেদ–আধাৰিত৷ বিংশ শতাব্দীৰ আৰম্ভণিৰ সময়লৈকে বহুসংখ্যক ভাৰতীয় লোকে জাত যোৱাৰ ভয়ত ডাক্তৰী দৰব গ্রহণ নকৰিছিল৷ আজিও উত্তৰ ভাৰতৰ কিছুমান অঞ্চলত ফার্মাচীবিলাকক মানুহে ‘অংগ্রেজী দৱা কা দুকান’ বুলিহে কয়৷ ইয়াৰ অর্থ এয়ে যে দেশৰ বহু ঠাইত আধুনিক চিকিৎসা বিজ্ঞান এতিয়াও এক বিদেশী বস্তুৱেই হৈ ৰৈছে৷ একে সময়তে আয়ুর্বেদীয় চিকিৎসা–পদ্ধতিয়ে ইয়াৰ গৌৰৱোজ্জ্বল ঐতিহ্য ৰক্ষা কৰি চলিব পৰাটো নিশ্চয় সন্তোষৰ কথা৷ আয়ুর্বেদৰ মহত্ত্ব অম্লান কৰি ৰাখিবলৈ কেন্দ্রীয় চৰকাৰেও বিশেষ তৎপৰতা প্রদর্শন কৰি ‘আয়ুস মন্ত্রালয়’ মুকলি কৰিছে৷ ভাৰতৰ এই হাজাৰ বছৰীয়া চিকিৎসা–পদ্ধতিত অনেক ৰোগৰ নিৰাময়ৰ সম্ভাৱনা নিহিত থকা বুলি মই দৃঢ়তাৰে বিশ্বাস কৰোঁ৷ এই সন্দর্ভতে এটা আমোদজনক কথা মোৰ মনত পৰিছে৷ মই জীৱনৰ প্রায় সকলো সময়তে এনেকুৱা কিছুমান ৰোগত ভুগি আহিছোঁ, যিবিলাকৰ চৰিত্র ‘মৰিলে লগত যোৱা’বিধৰ৷ ইবোৰৰ ভিতৰত পোনতে নাম ল’ব লাগিব মধুমেহ আৰু উদৰাময়ৰ৷ সেয়ে এই দুটা ৰোগৰ ফলপ্রসূ নিৰাময় কাৰোবাৰ হাতত থকা বুলি শুনিলে তেওঁৰ কাষলৈ ঢ়াপলি মেলাটো মোৰ এটা স্বভাৱত পৰিণত হৈছে৷ এবাৰ এজন বন্ধুৰ মুখে শুনিলোঁ বোলে গুৱাহাটীৰ ফাঁচীবজাৰত এজন খুব নাম কৰা আয়ুর্বেদীয় পদ্ধতিৰ চিকিৎসক আছে, যি মধুমেহ আৰু অম্লপিত্ত ৰোগত অব্যর্থ ঔষধ দিব পাৰে৷ বন্ধুৱে লগতে এই কথাও মোক জনালে যে পুৱা ঠিক দহ বজাত টেলিফোনযোগে কবিৰাজজনৰ ‘এপইণ্টমেণ্ট’ নল’লে তেওঁক দেখা কৰাটো সম্ভৱ নহয়৷ পিছদিনা পুৱাই মই তেওঁৰ ‘এপইণ্টমেণ্ট’ ল’লোঁ আৰু সেইদিনা গধূলি সাত বজাত মোৰ বাবে কবিৰাজক দেখা কৰাৰ সময় নির্ধাৰিত হ’ল৷ যথা সময়ত তেওঁৰ কক্ষৰ সন্মুখত উপস্থিত হৈ দেখোঁ যে তাত বহুজন ৰোগী চিকিৎসকজনক দেখা কৰিবলৈ বহি আছে৷ মোৰ পাল পৰাত তেওঁৰ কক্ষত প্রৱেশ কৰি নমস্কাৰ এটা জনালোঁ৷ কিছু অত্যুৎসাহী হৈ মই তেওঁক ক’লোঁ যে এনে ধৰণৰ বিকল্প চিকিৎসা–পদ্ধতিসমূ প্রতি মোৰ গভীৰ আস্থা আছে৷ কবিৰাজজনে মোৰ কথা শুনি গৰজি উঠিল– আপুনি বিকল্প চিকিৎসা বুলি কিহৰ কথা কৈছে? ভাৰতত আয়ুর্বেদ যদি বিকল্প চিকিৎসা পদ্ধতি হয়, তেন্তে এই চিকিৎসা আপোনাৰ বাবে নহয়৷ তেওঁ ৰুক্ষ স্বৰেৰে কোৱা কথাকেইষাৰ জুকিয়াই চাই মই অনুভৱ কৰিলোঁ যে মানুহজনৰ ভাবানুভূতি অমূলক নহয়৷ মই মোৰ বক্তব্য প্রত্যাহাৰ কৰা বুলি জনাইহে তেওঁক শান্ত কৰিব পাৰিলোঁ৷ প্রথমে তেওঁ মোৰ লক্ষণবিলাক এটা এটাকৈ শুনি বহী এখনত টুকি ল’লে৷ এইখিনিত মই আয়ুর্বেদীয় পদ্ধতিৰ চিকিৎসকজনৰ এটা বৈশিষ্ট্য মন কৰিলোঁ৷ তেওঁৰ দৰে কোনো ডাক্তৰেই (প্রচলিত ভাষাত কবিৰাজ) ষ্টেথ’স্ক’প Stethoscope) নামৰ আহিলাবিধ সম্ভৱতঃ ব্যৱহাৰ নকৰে৷ তাৰ পৰিৱর্তে এই শ্রেণীৰ চিকিৎসকসকলে এক মিনিটমান হাতেৰে টিপি থাকি ৰোগীৰ নাড়ী পৰীক্ষা কৰে৷ সেইদিনা মোৰ বেলিকাও তাকেই কৰা হ’ল৷ কবিৰাজসকলে হেনো নাড়ী পৰীক্ষা কৰিয়েই ৰোগী একোজনৰ দৈহিক অৱস্থাৰ বহুতো বতৰা পায়৷ উদাহৰণস্বৰূপে ৰক্তচাপ, হূৎপিণ্ডৰ অৱস্থা ইত্যাদি৷ এইটো বোধহয় আয়ুর্বেদীয় পদ্ধতিত ৰোগ নির্ণয় কৰাৰ এটা প্রধান উপায়৷ এতিয়া কথা হ’ল, পৃথিৱীৰ প্রায় প্রতিটো চিকিৎসা–পদ্ধতিৰ লগত জড়িত লোকসকলে নিজ পদ্ধতিটোকে সর্বশ্রেষ্ঠ বুলি দাবী কৰে৷ কিন্তু মোৰ বিবেচনাৰে তেনে কোনোটো পদ্ধতিয়েই স্বয়ংসম্পূর্ণ নহয়৷ অৱশ্যে এটা কথাত সন্দেহ নাই, মানৱ দেহটোৰ সম্পর্কে পুংখানুপুংখ জ্ঞান লাভ কৰাৰ যিমান সুযোগ আয়ুর্বিজ্ঞানত আছে, সেয়া আন ক’তো দৃষ্টিগোচৰ নহয়৷ মানৱ দেহৰ অংগ–সংস্থান anatomy) আৰু শৰীৰতত্ত্বৰ physiology) বিস্তৃত অধ্যয়ন কেৱল এই পদ্ধতিতহে ব্যাপকভাৱে কৰা হয়৷ এই বিষয় দুটাৰ সম্যক জ্ঞান অবিহনে কোনো এটা চিকিৎসা পদ্ধতিকে সম্পূর্ণ বুলিব নোৱাৰি৷ অৱশ্যে তাৰ পিছতো এটা কথা স্বীকাৰ কৰিবই লাগিব যে কিছুমান ৰোগৰ নিৰাময়ত আয়ুর্বিজ্ঞান ভিন্ন পদ্ধতি একোটায়ো চমৎকাৰ ফল দেখুৱাব পাৰে৷ কিন্তু নীতিগত কাৰণত এটা পদ্ধতিৰ অন্তর্গত চিকিৎসকসকলে আন এটা পদ্ধতিত অনুমোদন নজনায় বা জনাব নোৱাৰে৷ উদাহৰণস্বৰূপে সাধাৰণ ধৰণৰ হূদৰোগ কিছুমানত ‘অর্জুনাৰিষ্ট’ নামৰ আয়ুর্বেদসন্মত ঔষধবিধে ভাল ফল দেখুওৱাৰ প্রমাণ মই নিজে পাইছোঁ৷ পিছে ইয়াৰ অর্থ এইটো নহয় যে প্রতিজন হূদৰোগীয়েই হূদৰোগৰ বিশেষজ্ঞৰ Cardiologist) ওচৰলৈ নগৈ একমাত্র অর্জুনাৰিষ্টৰ ওপৰতে ভৰসা কৰি থাকিব৷
চিকিৎসকসকলৰ কর্মক্ষেত্র নিজ নিজ পদ্ধতিতে সীমাবদ্ধ থাকিলেও ৰোগী একোজনৰ ক্ষেত্রত এই নীতি প্রযোজ্য হ’ব নোৱাৰে৷ ৰোগ অনুসৰি এজন ৰোগীৰ যিকোনো এটা চিকিৎসা–পদ্ধতি বাছি লোৱাৰ সম্পূর্ণ স্বাধীনতা আছে৷ বহুতো ক্ষেত্রত দেখা যায় যে আয়ুর্বিজ্ঞানে নিদান দিয়া ঔষধবিলাকৰ পার্শ্বক্রিয়া অত্যধিক৷ সেয়ে এই বিষয়ত অভিজ্ঞতাপুষ্ট লোকসকলৰ পৰামর্শ সাধাৰণতে এনেকুৱা– ৰোগ নির্ণয়ৰ বাবে আয়ুর্বৈজ্ঞানিক Medical) পদ্ধতিসমূহ অৱলম্বন কৰক, কিন্তু চিকিৎসাৰ ক্ষেত্রত পৰাপক্ষত আন বিকল্প পদ্ধতিৰ সহায় লওক৷ হোমি’পেথিক, আয়ুর্বেদীয় কিম্বা তিব্বতীয় চিকিৎসা–পদ্ধতিও হ’ব পাৰে৷ নতুবা ৰোগৰ অৱস্থা চাই বনৌষধিও ব্যৱহাৰ কৰিব পাৰে৷
প্রকৃতপক্ষে যোৱা ছমাহমানৰ ভিতৰত কেইবাটাও ৰোগত মোৰ নিজা সংজ্ঞা অনুসৰি বিকল্প চিকিৎসা প্রয়োগ কৰি মই চমকপ্রদ ফল লাভ কৰিছোঁ৷ যোৱা জুলাই মাহৰ আৰম্ভণিতে মোৰ বুকুৰ বাঁও অংশৰ সিৰা এডাল উখহা বুলি অনুভৱ কৰিলোঁ৷ সামান্য বিষো হৈছিল৷ সেই সময়ছোৱা মই যোৰহাটত থকাৰ হেতু গুৱাহাটীৰ এজন চিকিৎসক বন্ধুৰ লগত ফোনযোগে পৰামর্শ কৰিলোঁ৷ তেওঁ মোৰ ‘মেষ্টাইটিছ’ হোৱা বুলি ক’লে আৰু এজন শল্য চিকিৎসকক দেখুৱাবলৈ উপদেশ দিলে৷ যোৰহাটৰ এজন শল্য চিকিৎসকৰ দ্বাৰা পৰীক্ষা কৰোৱাত তেওঁ মোক এবিধ ‘এণ্টিবায়’টিক’ৰ দহটা বেজী ল’বলৈ ক’লে৷ পিছে দহটা বেজী লোৱাৰ পিছতো মোৰ ৰোগটোৰ একো উপশম নহ’ল৷ এনেতে এগৰাকী ভগ্ণীস্থানীয়া মহিলাই মোক এটা বিকল্প ঔষধৰ সন্ধান দিলে৷ তেওঁৰ পৰামর্শ অনুসৰি দৈনিক একো চকল চালকুঁৱৰী aloe vera) তপতাই মোৰ উখহা সিৰডালত সেক দিবলৈ ধৰিলোঁ৷ এই চিকিৎসা কৰিবলৈ লোৱাৰ এসপ্তাহৰ ভিতৰত ৰোগটোৰ নিৰাময় হ’ল৷ চালকুঁৱৰীৰ ঔষধি গুণ দেখি মই তবধ মানিলোঁ৷ দ্বিতীয়তে আক্রান্ত হ’লোঁ একপ্রকাৰৰ স্নায়ৱিক ৰোগত৷ বাঁওহাতৰ তর্জনী আঙুলিৰ নখৰ গুৰিৰ এখণ্ড আংশিকভাৱে অসাৰ হৈ পৰিল৷ এই অংশটোত এমাহ ধৰি গো–মূত্র সানি দিয়াৰ পিছত ৰোগটোৰ আশী শতাংশ নিৰাময় হৈছে৷ কেইবছৰমান পূর্বে মোৰ সোঁ আঁঠুৰ তলৰ এচমকা ঠাই একে ধৰণে অসাৰ হৈ পৰিছিল৷ সেইবাৰ প্রথমতে এমাহ ধৰি এটা ডাক্তৰী কেপছুল খাই একো ফল পোৱা নাছিলোঁ৷ তাৰ পাছত অসাৰ ঠাইডোখৰত গো–মূত্র প্রয়োগ কৰি এসপ্তাহতে সম্পূর্ণৰূপে ৰোগমুক্ত হৈছিলোঁ৷
সদৌ শেষত ক’ব খুজিছোঁ মোৰ অম্লপিত্ত নিৰাময়ৰ কথা৷ যোৱা জুলাই মাহত শল্য চিকিৎসকৰ পৰামর্শক্রমে দহটা এণ্টিবায়’টিক বেজী লোৱাৰ পাছত মোৰ আগৰে পৰা থকা অম্লপিত্ত ৰোগ তুংগত উঠিল৷ এই ৰোগৰ আটাইতকৈ চোকা ডাক্তৰী দৰবটোৱেও কাম নিদিয়া হোৱাত মই বিবুধিত পৰিছিলোঁ৷ এনে সময়তে মোৰ এজন ভতিজাই পুৱাই খালী পেটত আধা পিয়লামান কেঁচা হালধিৰ ৰস খাবলৈ দিহা দিলে৷ তাৰ আগ ৰাতিটো পেটত গোট খাই থকা আম্লিক ৰসখিনি ‘বমন–ধৌতি’ ক্রিয়াৰে বাহিৰ কৰি ল’বলৈ ধৰাত যোৱা এসপ্তাহৰ ভিতৰত অম্লপিত্তৰ জ্বালা বহু পৰিমাণে কমিছে৷ এই ৰোগটো সম্পূর্ণ নিৰাময় হ’বৰ বাবে সম্ভৱতঃ আৰু কিছু দিনলৈ বমন–ধৌতি ক্রিয়া আৰু কেঁচা হালধিৰ ৰস সেৱন অব্যাহত ৰাখিব লাগিব৷
ওপৰৰ উদাহৰণকেইটাৰ পৰা এই কথাই প্রতীয়মান হৈছে যে বহু সময়ত আয়ুর্বৈজ্ঞানিক চিকিৎসাই একো সুফল দিব নোৱৰা অৱস্থাত বিকল্প চিকিৎসা–পদ্ধতিসমূ অসাধ্য সাধন কৰাটো সম্ভৱ নহয়৷