মহাপুৰুষ মাধৱদেৱৰ অমৰ সৃষ্টি ‘নামঘোষা’ৰ ১৬টি পদত মহাপুৰুষ শংকৰদেৱ সম্পর্কত নিজস্ব ধ্যান আৰু ধাৰণা প্রকাশ কৰিছে মাধৱদেৱে৷ মাধৱদেৱৰ এই অমৃত বাণী যুগ যুগ ধৰি অসমৰ জনগণে দিনে–নিশাই উচ্চাৰণ কৰিছে৷ এনেদৰে উচ্চাৰণ কৰা পদকেইটিৰ এটা হ’ল–
‘শ্রীমন্ত শংকৰ হৰি ভকতৰ
জানা যেন কল্পতৰু৷
তাহান্ত বিনাই নাই নাই নাই
আমাৰ পৰম গুৰু৷’ (পদ– ৩৭৫)
‘গুৰু’ হ’বলৈ বিশেষ গুণৰ প্রয়োজন৷ মাধৱদেৱক যদি আমি মহাপুৰুষ বুলি লৈছেছাৱেই, তেন্তে মহাপুৰুষে নিশ্চয় উপৰুৱাকৈ কোৱা নাই যে শংকৰদেৱ ‘আমাৰ পৰম গুৰু৷’
শংকৰদেৱৰ প্রাসংগিকতা এইটো শতিকাত বহি বিশ্লেষণ কৰিলে হয়তো ভালদৰে আমাৰ বোধগম্য নহ’ব৷ আমি ঘূৰি চাব লাগিব পোন্ধৰশ শতিকালৈ৷ পোন্ধৰশ শতিকাৰ অসমলৈ৷ ব্যভিচাৰ, অন্যায়, অনীতি, সামাজিক শোষণ, নিপীডনে সাধাৰণ ৰাইজক জুৰুলা কৰিছিল৷ মানুহে এনে অন্যায় আৰু ব্যভিচাৰ ওফৰাই মূৰ দাঙি মুক্ত আকাশৰ ফালে চাবলৈ বিচাৰিছিল৷ সেই সাহস আৰু প্রেৰণা দিবলৈ তেওঁলোকে এজন নেতাৰ সন্ধান কৰিছিল৷ সেই সন্ধিক্ষণতে মহাপুৰুষ শংকৰদেৱৰ আৱির্ভাৱ ১৪৪৯ খ্রীঃত বৰদোৱাৰ আলিপুখুৰীত কুসুম্বৰ ভূঞাৰ ঔৰসত আৰু সত্যসন্ধাৰ গর্ভত৷ শৈশৱতে পিতৃ–মাতৃক হেৰুৱাই বুঢ়ীমাক খেৰসুতীৰ তত্ত্বাৱধানত ডাঙৰ–দীঘল হোৱা শংকৰদেৱৰ পাছৰ কাহিনীবোৰ ৰোমাঞ্চকৰ আৰু প্রেৰণাদায়ক৷ অভাৱ–নাটন, সামাজিক দুর্যোগ, ৰাজদ্রোহী হিচাপে শাস্তি ভোগ, জীৱন ৰক্ষা কৰিবলৈ জন্মস্থান ত্যাগ কৰা আদি অলেখ কাহিনীৰ মাজেৰে শংকৰদেৱে জীৱন গঢ়িছে৷ ঘাত–প্রতিঘাত আৰু সংঘাতে শংকৰদেৱক জাতীয় প্রেমৰ পৰা বিচ্যুত কৰিব পৰা নাই৷ এই আদর্শ আজিও আমাৰ বাবে প্রাসংগিক৷
জীৱনৰ বাৰটা বছৰ ভ্রমণত ব্যয় কৰিছিল শংকৰদেৱে৷ ভ্রমণৰ মাজেৰে ৰাজ্যখনৰ বাহিৰৰ লোকৰ লগত এক সাংস্কৃতিক আৰু আৱেগিক সম্পর্ক গঢ়ি তুলিছিল৷ আনৰ ভালখিনি কঢ়িয়াই আনিছিল নিজ ৰাজ্যলৈ আৰু নিজৰ ভাষা–সাহিত্য চহকী কৰিছিল৷ মাটিৰ লগত, মানুহৰ লগত সম্পর্ক নথকাসকল সময়ত হেৰাই যায় মানুহৰ স্মৃতিৰ পৰা আৰু কাগজৰ পাতৰ পৰা৷ শংকৰদেৱ আছিল মাটি আৰু মানুহক ভাল পোৱা আধ্যাত্মিক নেতা, ধর্মীয় নেতা, তথাকথিত মুখা পিন্ধা আৰু ছলাহী কথাৰে পেট প্রৱর্তোৱা গুৰু নাছিল৷ ভ্রমণৰ প্রাসংগিকতা আজিও আছে, চিৰকাল থাকিব৷
আলোচনা–পর্যালোচনা মানুহক আচল জ্ঞান দিব পাৰে৷ নিজে বুজি নোপোৱা কথা এটা আন দুজনৰ লগত আলোচনা কৰিলেহে প্রকৃত সত্য উদ্ঘাটন কৰিব পাৰি৷ নিজে বিশ্বাস কৰি অহা কথা এটা কেতিয়াবা ভুল প্রমাণিত হ’ব পাৰে, যদিহে নিজতকৈ জ্ঞানী এজনৰ লগত সেই বিষয়ে আলোচনা কৰা হয়৷ তদুপৰি মানুহ দুজনৰ মাজত আদর্শগত পার্থক্য থাকিব পাৰে৷ সেইবাবেই দুয়োজন শত্রু হোৱাৰ প্রয়োজন নাই৷ মতান্তৰ হ’ব পাৰে, মনান্তৰ হোৱাৰ কাৰণ নাই৷ শংকৰদেৱেও নিজৰ মত আদর্শ আৰু ধম্য় বিশ্বাস প্রতিপন্ন কৰিবলৈ শাস্ত্রজ্ঞ পণ্ডিত আৰু ৰজাৰ ৰাজসভাতো হাজিৰ হৈছে৷ ধীৰ–স্থিৰভাৱে যুক্তিৰ মাজেৰে নিজৰ কথা প্রতিপন্ন কৰিবলৈ বিচাৰিছে৷ তাকে কৰিবলৈ যাওঁতে ৰজা আৰু শাস্ত্রজ্ঞ পণ্ডিতক যথাযোগ্য সন্মান প্রদর্শন কৰিছে৷ এই আদর্শ আজিৰ সমাজৰ বাবেও প্রাসংগিক হৈ আছে৷
গুৰুজনাই অসমৰ মানুহক প্রদান কৰা মহৎ শিক্ষা হ’ল মানৱতা৷ পোন্ধৰশ শতিকাতে অসমৰ মানুহক শিকালে–
‘কুকুৰ শৃগাল গদর্ভৰো আত্মাৰাম৷
জানিয়া সবাকো পৰি কৰিবা প্রণাম৷৷’
প্রেম আৰু ভক্তি শংকৰী সাহিত্যৰ দুখন হাত৷ আত্মা হ’ল মানৱতা৷ ধর্মৰ উদ্দেশ্যই হৈছে মানৱৰ শ্রেষ্ঠ গুণৰাজিৰ বিকাশ ঘটাই মানৱীয় ভাবৰাশিৰ বিকাশ ঘটোৱা৷ উদাৰতা আৰু সাম্য ভাব ধর্মৰ মাজেৰে মানুহৰ অন্তৰত সোমাইছিল আৰু তাৰ গুণতে মানৱীয় প্রমূল্যবোধ প্রবল হৈছিল৷ এই কথাৰ সমর্থনত পণ্ডিত ডিম্বেশ্বৰ নেওগৰ ভাষ্য উদ্ধৃত কৰিব বিচাৰিছোঁ৷ তেওঁ কৈছে– সমাজ সংগঠনত শংকৰদেৱৰ আন এটা অতি মহৎ কীর্তি হৈছে সমাজত সকলো সম্প্রদায়ৰ মাজত উদাৰ–ওখ সাম্য ভাব বিস্তাৰ৷ তেওঁৰ ধর্মৰ এই গুণটোৱেই সমাজৰ প্রায় সকলো সম্প্রদায়কে মুগ্ধ কৰি থৈছে আৰু অকল মুগ্ধ কৰাই নহয়, সামাজিক উদাৰতাত সকলো সম্প্রদায়কে অতি ওখত ৰাখিছে৷ শংকৰদেৱৰ এই উদাৰ সাম্য ভাবৰ মোহন মন্ত্রৰ বলতে অসমীয়া সমাজ আজি বোধকৰো সমগ্র ভাৰতবর্ষৰ ভালেমান প্রাদেশিক সমাজতকৈ উদাৰ আৰু সেইদেখি উন্নত (গ্রন্থ– যুগনায়ক শংকৰদেৱ)৷
গণতন্ত্রৰ অর্থ অসমীয়াই বুজিলে যেতিয়াই শংকৰদেৱে নিজ পুত্রক নিজৰ আসন নিদি যোগ্য বুলি ভবা শিষ্য, পৰম বান্ধৱ মাধৱদেৱক অর্পণ কৰিলে৷ এই ত্যাগ আৰু বিচাৰে শংকৰদেৱৰ বিচক্ষণতা প্রমাণ কৰিলে আৰু তেওঁক অধিক মহত্ত্ব প্রদান কৰিলে৷ ‘নামঘৰ’ প্রতিষ্ঠা কৰি সকলোকে একেখন মজিয়াত বহি ধর্মচর্চা, জ্ঞানচর্চাৰ সুযোগ দিলে৷ আৰু সুযোগ দিলে নিজ গাঁওখনৰ, সমাজখনৰ অভাৱ–ভিযোগ আলোচনা কৰাৰ, সৰু সৰু বিচাৰবোৰৰ মোখনি মাৰি সমাজত সম্প্রীতি ৰক্ষাৰ বাবে৷ এই আদর্শ আজিও নামঘৰত বিৰাজমান৷ পাঁচশ বছৰৰো অধিক কালজুৰি অসমৰ সত্র–নামঘৰত ৰৈ আছে এই সমন্বয় আৰু ভাতৃত্বৰ ছবি৷ সেয়েহে সন্ত বিনোৱাজীয়ে অসমৰ মাটিত ভৰি দি কৈছিল– ‘আপোনালোকে (অসমৰ মানুহে) নামঘৰসমূহ মাত্র কামঘৰ কৰি তোলক৷ আপোনালোকৰ জয় অনিবার্য সর্বদিশত৷’
শংকৰদেৱে নিজৰ জাতিক প্রাণভৰি ভাল পাইছিল৷ সকলো অত্যাচাৰ মূৰত লৈও নিজৰ সাধনাৰ পৰা আঁতৰি যোৱা নাছিল৷ অসমৰ ভাষা–সাহিত্যক স্বকীয় ৰূপ আৰু মর্যাদা দিবলৈ মৃত্যুৰ আগমুহূর্তলৈ গুৰুজনাই কলম হাতত লৈ থাকিল, নিৰক্ষৰ লোকক শিক্ষাদান দিবলৈ, ভগৱানৰ ৰহস্য বুজাবলৈ ‘চিহ্ণযাত্রা’ৰ পট আঁকিলে, নিজে নাটকত ভাও দিলে, গীত ৰচনা কৰি সুৰ দিলে৷ এই জাতিপ্রেম সকলো অসমীয়াৰে থকা দৰকাৰ৷ আজিও ইয়াৰ প্রয়োজনীয়তা আছে৷
জ্ঞান আহৰণত বয়স কোনো বাধা নহয়৷ বয়স বেছি হ’ল বাবেই শিক্ষা আহৰণত লাজ কৰাৰ প্রয়োজন নাই৷ জ্ঞান পাবলৈ অধ্যয়নৰ দৰকাৰ৷ অধ্যয়নৰ বাবে শিক্ষাৰ দৰকাৰ৷ আখৰ চিনা দৰকাৰ৷ শংকৰদেৱে বাৰ বছৰতহে ফলি–পুথি লৈ স্কুললৈ গৈছিল৷ শিক্ষাৰ প্রয়োজনীয়তাৰ কথা কৈছিল আইতাক খেৰসুতীয়ে৷ এক অর্থত ক’বলৈ গ’লে– নিৰক্ষৰ, অনাখৰী খেৰসুতী আই প্রাপ্তবয়স্ক শিক্ষা Adult Education)ৰ জন্মদাত্রী৷ অসমে তাৰ বাবে গৌৰৱ কৰিব পাৰে৷ খেৰসুতীৰ প্রেৰণাত শংকৰ এদিন শংকৰদেৱ হৈছিল, মহাপুৰুষ হৈছিল৷ আজিও জাতিৰ পিতৃৰূপে সন্মানিত হৈ আহিছে৷
শংকৰদেৱৰ গুণৰ অন্ত নাই৷ আমাৰ তেজত সোমাই আছে শংকৰদেৱৰ অৱদান৷ শংকৰদেৱ অবিহনে অসমীয়াৰ অস্তিত্বই বা ক’ত? শংকৰদেৱ আজিও প্রাসংগিক পোন্ধৰশ শতিকাৰ সমানেই৷