এগৰাকী নাৰী হ’ল জননী, তেওঁ সৃষ্টিকর্তা আৰু জীৱন দায়িনী৷ তেওঁৰ দেহ আৰু হৰম’নসমূহ এজন পুৰুষতকৈ পৃথক৷ তেওঁৰ প্রতিমাহে ৰক্তক্ষৰণ হয় আৰু সেয়ে জিৰণিৰ প্রয়োজন হয়৷ তেওঁ ৯মাহকৈ দীঘলীয়া সময়ৰ বাবে অত্যধিক কষ্ট ভোগ কৰি এটা সন্তান জন্ম দিয়ে৷ সেয়েহে তেওঁৰ শাৰীৰিক প্রয়োজনীয়তা এজন পুৰুষতকৈ সম্পূর্ণ পৃথক আৰু এই পৃথকতাৰ বাবেই এগৰাকী মহিলাক সন্মান প্রদর্শন কৰা হয়৷ দুর্ভাগ্যজনকভাৱে আজি নৱপ্রজন্মই সমতাৰ নামত যুগ যুগ ধৰি চলি অহা পৰম্পৰা আৰু ইয়াৰ সৈতে জডিত থকা আধ্যাত্মিক তথা ধর্মীয় বিশ্বাসসমূহক উলাই কৰিব বিচৰা দেখা গৈছে৷
ভাৰতবর্ষ শিৱশক্তি আৰাধনাৰ ভূমি৷ শক্তি ভগৱান শিৱৰ অংশ আৰু তেওঁলোক দুয়োজনে অভিন্ন৷ এইটো বিশ্বাস কৰা হয় যে যেতিয়া শক্তি শিৱৰ পৰা পৃথক হয়, তেতিয়া তেওঁ আসন্ন প্রাকৃতিক দুর্যোগৰ সংকেত বহন কৰি ৰুদ্রাণী বা কালী হিচাপে ধ্বংসাত্মক নৃত্যৰত হয়৷ এইখন ভাৰতত মা কামাখ্যাৰ যোনি হিচাপে নাৰী শক্তিক বার্ষিক অম্বুবাচী উৎসৱৰ সময়ত উপাসনা কৰা হয়৷ শক্তি দেৱীক উপাসনা কৰাটো হিন্দু ধর্মৰ তান্ত্রিক পৰম্পৰাৰ অভিন্ন আৰু গুৰুত্বপূর্ণ অংশ৷ আমাৰ এটা বিশ্বাস আছে যে আদিশক্তি (শাশ্বত শক্তি) বিশ্বৰ সর্বত্র সকলো ধৰণেৰে বিৰাজমান, মানুহৰ পৰা সাপলৈ, সাপৰ পৰা সৰু ঘৰচিৰিকাটোলৈ সকলোৰে দেহত আদিশক্তি বিৰাজমান৷ বিশ্ব এক জীৱন্ত শক্তি য’ত সকলো জীৱক সন্মান প্রদর্শন কৰা হয়, কাৰণ জীৱন প্রকৃতি আৰু লালন–পালনৰ সমষ্টি৷
নীলাচল পাহাৰত অৱস্থিত কামাখ্যা শক্তিপীঠত মা কামাখ্যাৰ বার্ষিক ঋতুস্রাৱ বা অম্বুবাচী এক উৎসৱৰ সময়৷ তিনিদিনৰ বাবে, অসমৰ সকলো মঠ–মন্দিৰৰ দুৱাৰ বন্ধ থাকে আৰু কৃষকসকলে এই সময়ছোৱাত সকলো ধৰণৰ কৃষি সম্পর্কীয় কার্য সম্পাদনৰ পৰা বিৰত থাকে৷ চতুর্থদিনা ভক্তসকলে দেৱীক দর্শন কৰিবলৈ আৰু প্রসাদৰ সৈতে বিতৰণ কৰা ৰঙা কাপোৰ সংগ্রহ কৰিবলৈ যায়৷ এই কাপোৰখনি বার্ষিক ঋতুচক্রৰ সময়ছোৱাত মা কামাখ্যাৰ যোনিক ঢ়াকি ৰখা হয় আৰু ইয়াক বহুতো সৰু সৰু টুকুৰাত বিভক্ত কৰি ভক্তসকলক অর্পণ কৰা হয়৷
আমাৰ সংস্কৃতিত মা কামাখ্যাক শক্তি ৰূপত আৰাধনা কৰা হয় আৰু তেওঁৰ বার্ষিক ঋতুস্রাৱক পৰম্পৰাগতভাৱে উদ্যাপন কৰা হয়৷ এজনী ছোৱালীৰ প্রথম ঋতুস্রাৱক ওচৰ–চুবুৰীয়াৰ সৈতে একেলগে উদ্যাপন কৰা হয়৷ অসমত ইয়াক আমি তোলনি বিয়া বুলি কওঁ৷ এজনী ছোৱালীৰ শৈশৱৰ পৰা নাৰীত্ব প্রাপ্তিৰ দিশত ই এক গুৰুত্বপূর্ণ স্তৰ৷
এই সময়ছোৱাতে এগৰাকী নাৰীৰ ভিতৰৰ শক্তিয়ে পূর্ণতা লাভ কৰে৷ তৃতীয় দিনা, ছোৱালীজনীয়ে এজোপা কলগছৰ সন্মুখত গা–পা ধুই নতুন কাপোৰ পিন্ধি থিয় হয়৷ যিহেতু কলগছক সনাতন ধর্মৰ লোকবিশ্বাসত পৱিত্র বুলি গণ্য কৰা হৈছে, এই কলগছজোপাক তেওঁৰ ভৱিষ্যতৰ স্বামী হিচাপে প্রতীকাত্মকভাৱে ধৰা হয়৷ আমাৰ অসমত তোলনি বিয়াৰ ৰীতি–নীতিৰ ক্ষেত্রত কলগছক মুখ্য দেৱতা হিচাপে গণ্য কৰা হয়৷ এই ৰীতি–নিয়মসমূহে এগৰাকী ছোৱালীৰ নাৰীত্ব প্রাপ্তিৰ সময়ত তেওঁৰ পূর্বৰ কর্মৰ বিৰূপ প্রভাৱ আঁতৰ কৰাত সহায়ক হয় বুলি লোকবিশ্বাসত পৰিগণিত হৈ আহিছে৷
ভাৰতীয় সংস্কৃতিত ঋতুস্রাৱৰ সৈতে সম্পর্কিত তেনে বহুতো পৰম্পৰা যোগ, আয়ুর্বেদ, সাধনা, মন্ত্রোচ্চাৰণৰ দৰে প্রাচীন ভাৰতীয় বিজ্ঞানৰ সৈতে জডিত৷ আমাৰ ঋষি আৰু সন্ন্যাসীসকলৰ দ্বাৰা চিনাক্ত কৰা শক্তিৰ নীতিয়েই বিশ্বত সুস্থ জীৱন যাপনৰ বাবে প্রধান চালিকা শক্তি হৈ পৰিছে, এইটো হ’ল জীৱন শক্তি অর্থাৎ প্রাণ, সৃষ্টিৰ প্রধান উৎস হিচাপে শক্তি৷ পশ্চিমীয়া এলোপেথিক ঔষধে মানৱ দেহৰ সৈতে প্রকৃতিৰ এই অন্তৰংগ সম্পর্কক চিনাক্ত কৰিবলৈ অক্ষম হৈছে আৰু সেয়েহে আধুনিক বিশ্বৰ শাৰীৰিক বা মানসিক বহুতো ৰোগ আৰু সমস্যাৰ সমাধান এলোপেথীয়ে আগবঢ়াব পৰা নাই৷
আনহাতে, আয়ুর্বেদ চিকিৎসাত দেহত তিনিটা প্রধান জীৱনশক্তি অর্থাৎ বত (বতাহ), পিতা (অগ্ণি) আৰু কপ (পানী)ৰ মাজৰ সম্পর্ক আৰু আলাপৰ ওপৰত নির্ভৰ কৰে৷ আয়ুর্বেদিক বিজ্ঞানৰ ভিত্তিত, এই তিনিটা দশৰ কার্যৰ সৈতে ঋতুস্রাৱ নিকটভাৱে সম্পর্কিত৷ কেৱল মহিলাসকলকহে দেহৰ অত্যধিক দশ পৰিষ্কাৰ কৰাৰ বাবে এই বিশেষ সুবিধা প্রকৃতিয়ে প্রদান কৰিছে৷
এলোপেথীয়ে ইয়াক অনুধাৱন কৰিবলৈ অসমর্থ হৈছে, কিন্তু পুৰুষতকৈ মহিলাৰ দীর্ঘ জীৱনৰ এইটো এটা প্রধান কাৰণ৷ এগৰাকী মহিলাৰ ঋতুস্রাৱ চক্রৰ সময়ছোৱাত বত বা স্পর্শ বায়ু হ’ল নাৰীৰ ঋতুস্রাৱ ৰক্তৰ নিম্নমুখী প্রৱাহ৷ সেয়েহে, এনে কোনো কার্যকলাপ গ্রহণ কৰাৰ পৰা মহিলাসকলক ঋতুস্রাৱৰ সময়ত আঁতৰি থাকিবলৈ আমাৰ পূর্বপুৰুষসকলে উপদেশ দিছিল, যিটো মহিলাসকলৰ বাবে এই সময়ছোৱাত সুস্থ আৰু উপযোগী বুলি গণ্য হৈ আহিছে৷
ভাৰতৰ সংস্কৃতি আৰু পৰম্পৰাত ৰজস্বলা বা ঋতুমতী মহিলাক জীৱন্ত দেৱী বুলি বিবেচনা কৰা হয়৷ মা কামাখ্যা ইয়াৰ জীৱন্ত উদাহৰণ৷ এগৰাকী নাৰীয়ে ঋতুস্রাৱৰ সময়ছোৱাত তেওঁৰ চাৰিওকাষে থকা সকলো শক্তি শোষণ কৰি লয় আৰু ইয়াৰ ফলত দেহৰ ভিতৰত সংঘাতৰ সৃষ্টি হ’ব পাৰে৷ উদাহৰণস্বৰূপে মন্দিৰ–নামঘৰৰ দৰে স্থানত মন্ত্রোচ্চাৰণ বা উপাসনাৰ সময়ছোৱাত শক্তি ঊর্ধ্বগামী হয়৷ যদি এগৰাকী ঋতুমতী মহিলাই উপাসনা কৰে, তেন্তে তেওঁৰ দেহৰ ভিতৰৰ দশাসমূহৰ গুৰুতৰভাৱে অসামঞ্জস্য হ’ব পাৰে৷ তেওঁৰ শৰীৰৰ নিম্নমুখী প্রৱাহক মূর্তিটোৰ ঊর্ধ্বগামী প্রৱাহলৈ পৰিবাহী কৰে৷ চৰম পৰিণতিত, ইয়াৰ ফলস্বৰূপে ঋতুস্রাৱৰ সময়ত বিষ–বমি আদিয়ে দেখা দিব পাৰে৷
ঋতুস্রাৱৰ প্রথম দুটা দিনত খাদ্য ৰন্ধাৰ পৰা বিৰত থাকিবলৈ আয়ুর্বেদত উপদেশ দিয়া হৈছে৷ আয়ুর্বেদ অনুসৰি, খাদ্যত প্রাণ আছে, কাৰণ ই উদ্ভিদৰ পৰা সৃষ্টি হয় আৰু উদ্ভিদ ভূমিৰ পৰাই সৃষ্টি হয়৷ এই মাটিতেই আমি মানৱ জাতি জন্ম লাভ কৰোঁ আৰু মৃত্যুবৰণ কৰোঁ৷ ভূমিৰ পৰা উদ্ভিদৰ উৎপত্তিয়ে সূর্য (বিশ্বৰ সর্বোচ্চ শক্তি) আৰু আকাশৰ দিশলৈ শক্তিৰ ঊর্ধ্বগামী প্রৱাহক নিশ্চিত কৰে৷ উদ্ভিদৰ পৰা উৎপত্তি হোৱা খাদ্যও কপ চৰিত্রৰ, যিটোৱে সূচায় যুৱ শক্তিৰে পৰিপূর্ণ যাৰ মূল উদ্দেশ্য হ’ল দেহক পুষ্টিদায়কতা প্রদান কৰা৷
ঋতুস্রাৱৰ তেজক উত্তৰ–পূব ভাৰতৰ বহু সংস্কৃতিত গভীৰভাৱে সন্মান প্রদর্শন কৰা দেখা যায় আৰু ই পৰিয়াল এটিলৈ সম্পত্তি আৰু সমৃদ্ধি কঢ়িয়াই আনে বুলিও বিশ্বাস কৰা হয়৷ উদাহৰণ স্বৰূপে, মণিপুৰত এজনী ছোৱালী প্রথম পুষ্পিতা হোৱা কাপোৰখন তেওঁৰ মাকে পৃথককৈ ৰাখে আৰু তেওঁৰ বিয়াৰ সময়ত পুনৰ ঘূৰাই দিয়া হয়৷ এই কাপোৰখনে ছোৱালীজনী আৰু তেওঁৰ শহুৰৰ ঘৰৰ পৰিয়ালক দুর্বল স্বাস্থ্য আৰু বিত্তীয় অস্থিৰতাৰ দৰে অন্য কুপ্রভাৱৰ পৰা ৰক্ষা কৰাৰ ক্ষমতা থকা বুলি বিশ্বাস কৰা হয়৷ দেৱী উপাসনাৰ ভূমিত ঋতুস্রাৱক ‘অপৱিত্র’ বুলি ভবা বিশ্বাস কেতিয়াও নাছিল৷
বর্তমান যুগৰ আধুনিক চাকৰিয়াল নাৰীসকলৰ মাজত ঋতুস্রাৱৰ সৈতে জডিত বহুতো ৰীতি–নীতি দেখিবলৈ পোৱা নাযায়৷ কিন্তু একে সময়তে, এই ৰীতি–নীতিসমূহৰ সৈতে জডিত আধ্যাত্মিক বিজ্ঞানক অস্বীকাৰ কৰাটো নুবুজায়৷ ঋতুস্রাৱ এক স্বাভাৱিক পৰিষ্কাৰকৰণ প্রক্রিয়া, যিটোৱে নাৰীসকলক সুস্থ কৰি ৰখাত সহায় কৰে আৰু সেয়েহে যিমান দূৰ সম্ভৱ কোনো বাহ্যিক প্রভাৱৰ দ্বাৰা ই প্রভাৱিত হোৱা উচিত নহয়৷ আমাৰ দেশত যদি ঋতুস্রাৱৰ ৰীতি–নীতিসমূহ মহিলাক দমন কৰিবলৈ সৃষ্টি কৰা হৈছিল, তেন্তে নিশ্চয়কৈ মা দুর্গা, মা কালী বা মা কামাখ্যাৰ উপাসনা আমাৰ সংস্কৃতিৰ পৰা কেতিয়াবাই নাইকিয়া হ’লহেঁতেন৷
(লেখিকা জে এন ইউৰ পৰা ৰাজনীতি বিজ্ঞানৰ পি এইচ ডি আৰু বর্তমান ইণ্ডিক একাডেমীৰ অধীনত ৰিছার্চ ফেল’ হিচাপে অসমৰ ‘মা কামাখ্যা মন্দিৰ’ শীর্ষক বিষয়ত কাম কৰি আছে৷)