নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিক্ষা ব্যৱস্থাত প্রযুক্তিগত আহিলাৰ প্রয়োগ, গ্রন্থাগাৰিকৰ ভূমিকা ইত্যাদি

rড০ নির্মল ৰঞ্জন মজুমদাৰ

  ক’ৰোনা ভাইৰাছে বিশ্বজুৰি যি এক মহামাৰীৰ ৰূপ লৈ যি এক ভয়াৱহ পৰিৱেশৰ সূচনা কৰিছে, ইয়াৰ ফলত অন্যান্য খণ্ডৰ লগতে শিক্ষাখণ্ডলৈও এক অনাকাংক্ষিত গভীৰ সংকট নামি আহিল৷ ই বিশ্বৰ সকলো দেশৰে প্রশাসক আৰু শিক্ষক, শিক্ষাথ্সকলকে বাৰুকৈ চিন্তিত, শংকিত কৰি তুলিছে৷ যিকোনো এখন দেশৰেই প্রগতি আৰু উন্নতিৰ মূল চালিকাশক্তিয়েই হ’ল সেই দেশৰ শিক্ষা ব্যৱস্থা৷ কিন্তু ক’ৰোনাৰ বাবে সম্প্রতি সমগ্র বিশ্বৰে শিক্ষা ব্যৱস্থালৈ এক স্থবিৰতা আহিছে আৰু ফলত সমগ্র শৈক্ষিক খণ্ডলৈ যেন এক ঘোৰ অমানিশা নামি আহিছে৷ এই বছৰৰ পৰা ক’ৰোনাৰ ত্রাস হ্রাস পাব বুলি আশা কৰা হৈছিল যদিও বিশ্বৰ ভিন্ন প্রান্তত ই ন–ৰূপত আৱির্ভাৱ হৈছে বুলি সংবাদ মাধ্যমত প্রকাশ পাইছে৷ যোৱা বর্ষত ইউনেস্ক’ৰ UNESCO) পৰা প্রকাশ পোৱা তথ্য মতে, ক’ভিড–১৯ মহামাৰীৰ বাবে সম্প্রতি সমগ্র বিশ্বৰেই প্রায় ১.৫ বিলিয়ন শিক্ষাথ্ ক্ষতিগ্রস্ত হৈছে৷ ভাৰতৰ ক্ষেত্রত এই সংখ্যা প্রায় ৩২ কোটি৷ আন এক চৰকাৰী তথ্য মতে, ২০১৮–১৯ বর্ষত অসমত স্নাতক আৰু স্নাতকোত্তৰ মহলাত থকা নিয়মীয়া পাঠ্যক্রমৰ শিক্ষাথ্ৰ সংখ্যা হৈছে ৫,৭২,৫৮৭৷ আকৌ ২০১৭–১৮ বর্ষৰ তথ্য মতে, অসমত স্কুল পর্যায়তে আছে সর্বমুঠ ৫৩,৭৯,১২১ শিক্ষাথ্৷ এই দুই–তিনি বছৰৰ পৰিসংখ্যাৰ পৰাই সহজে অনুমান কৰিব পাৰি যে আমাৰ ৰাজ্যৰো বৃহৎসংখ্যক ছাত্র–ছাত্রীয়ে গভীৰ শৈক্ষিক সংকটৰ সন্মুখীন হৈছে৷ ক’ৰোনা ভাইৰাছৰ পৰা হাত সৰাৰ প্রথম কৰণীয় কামেই হ’ল সামাজিক স্থানৰ পৰা আঁতৰি থকা আৰু আন ব্যক্তিৰ লগত শাৰীৰিক দূৰত্ব বজাই ৰখা৷ এনে অৱস্থাত শিক্ষক–শিক্ষাথ্য়ে একেটা শ্রেণীতে উপস্থিত থাকি পাঠদান–পাঠগ্রহণ কৰাটো কোনোপধ্যেই সম্ভৱ নহয়৷ আনকি দেশত লকডাউন চলি থকাকালত ই আইন বিৰুদ্ধও৷ এনে এক জটিল ক্ষণতো যাতে শিক্ষণ–শিকন প্রক্রিয়াত যতি নপৰে তাৰ বাবেই বিশ্বৰ শিক্ষা বিশেষজ্ঞসকলে অনলাইন শিক্ষা পদ্ধতি অৱলম্বন কৰাৰ পৰামর্শ আগবঢাইছে৷ ইউনেস্ক’ৰ ফালৰ পৰাও তথ্য আৰু প্রযুক্তিবিদ্যাগত বিভিন্ন আহিলাৰ মাধ্যমেৰে প্রদান কৰা শিক্ষা ব্যৱস্থাত গুৰুত্ব আৰোপ কৰিছে৷
ভাৰতৰ ছাত্র–ছাত্রীসকলকো শৈক্ষিক দিশত কিছু সকাহ দিয়াৰ নিমিত্তেই ইতিমধ্যে বিভিন্ন পদক্ষেপ চৰকাৰে লোৱা পৰিলক্ষিত হৈছে৷ যোৱাবর্ষৰ ১৭ মে’ত ভাৰতৰ মাননীয় কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে আমাৰ দেশত প্রথম শ্রেণীৰ পৰা দ্বাদশ শ্রেণীৰ শিক্ষাথ্ৰ উপযোগীকৈ ১২টা নতুন শৈক্ষিক টিভি চেনেল আৰম্ভ কৰাৰ কথা সদৰী কৰে৷ লগতে দেশৰ শতাধিক আগশাৰীৰ বিশ্ববিদ্যালয়ক অনলাইন পাঠ্যক্রম প্রদানৰ অনুমতি দিয়া বুলিও উল্লেখ কৰিছে৷ একেদৰে বিশ্ববিদ্যালয় অনুদান আয়োগে প্রায় দহটা মুক্ত শৈক্ষিক সমলৰ এখন তালিকা প্রকাশ কৰি সেইসমূহৰ পৰা পাব পৰা শৈক্ষিক সমলৰ সহায় লোৱাৰ বাবে শিক্ষাথ্সকলক পৰামর্শ দিছে৷ ভাৰতৰ উচ্চ শিক্ষাৰ নিয়ন্ত্রক এই আয়োগে যোৱা ২৫ মার্চ ২০২০ তাৰিখে দিয়া এক নির্দেশনাৰ যোগেদি ‘স্বয়ম’ Swayam), ইউজি ৷ পিজি মুক্ছ UG/PG MOOCs), ‘নেচনেল ডিজিটেল লাইব্রেৰী অৱ ইণ্ডিয়া’(NDLI), ‘ই–পিজি পাঠশালা’ e-PG Pathsala), সোদ্ধগংগা Shodhganga), ই–সোদ্ধসিন্ধু e-Shodh Sindhu), বিদ্বান Vidwan) আদিকে ধৰি আমাৰ দেশত উপলব্ধ এনে দহটা অনলাইন ব্যৱস্থা ব্যৱহাৰৰ বাবে আহ্বান জনাইছে৷ ইণ্টাৰনেট সংযোগী কম্পিউটাৰ অথবা ম’বাইল ফোনৰ যোগেদি তালিকাভুক্ত এই সেৱাসমূহৰ পৰা বিভিন্ন শৈক্ষিক পঠন সামগ্রী লাভ কৰিব পৰা যায়৷ একেদৰে গুৱাহাটী বিশ্ববিদ্যালয়েও ৩১ মার্চ, ২০২০ তাৰিখে একনির্দেশনাৰ যোগেদি বিশ্ববিদ্যালয় আৰু ইয়াৰ অন্তর্ভুক্ত মহাবিদ্যালয়সমূহক্ শিক্ষা প্রদানৰ ক্ষেত্রত অনলাইন ব্যৱস্থাৰ ব্যৱহাৰৰ কথা উল্লেখ কৰিছে৷ আনহাতে, সেইবর্ষৰে ২৯ এপ্রিলৰ আন এখন জাননীত গুৱাহাটী বিশ্ববিদ্যালয়ে এম ফিল আৰু পি এইচ ডি কৰা গৱেষকসকলৰ মূলViva-Voce পৰীক্ষাও আনকিVideo Conferenceৰ সহায়ত অনুষ্ঠিত কৰাৰ বাবে ব্যৱস্থা লোৱা বুলি উল্লেখ কৰিছে৷ ইয়াৰ পূর্বতে ২৮ এপ্রিলৰ আন এখন জাননীত স্নাতক আৰু স্নাতকোত্তৰ মহলাৰ ছাত্র–ছাত্রীসকলক e-libraryৰ সহায়তproject work কৰাৰ পৰামর্শ দিছে৷
অৱশ্যে অসমৰ উচ্চশিক্ষাৰ প্রেক্ষাপটত অনলাইন মাধ্যমটো একেবাৰে নতুন ব্যৱস্থা বুলি ক’ব নোৱাৰি৷ কাৰণ যোৱা তিনি–চাৰি বছৰৰ পৰা মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় পর্যায়ত নামভর্তিকৰণ, পৰীক্ষাৰ বাবে পঞ্জীয়নকৰণ, মাচুল জমাকৰণ, জলপানি আদিৰ প্রক্রিয়া অনলাইনৰ মাধ্যমেৰে সমাপন কৰি অহা হৈছে৷ তাৰো আগৰ পৰাই অসমৰ প্রায় প্রতিখন মহাবিদ্যালয়তেINFLIBNET-এ আগবঢোৱাN-LIST নামৰ অনলাইন সেৱা উপলব্ধ হৈ আছে৷ একেদৰে আই আই টি, গুৱাহাটীত অৱস্থিতNDLIৰ আঞ্চলিক কেন্দ্রৰ সহায়তো ৰাজ্যখনৰ বহুকেইখন মহাবিদ্যালয়েই অনলাইনৰ মাধ্যমত বহু পঠন সমল লাভ কৰি আহিছে৷ অসমৰ মহাবিদ্যালয়সমূহত্ বিভিন্ন প্রযুক্তিগত আহিলাৰ মাধ্যমেৰে শ্রেণীকোঠাত কিছুমান বিশেষ পাঠ পঢোৱাৰ ব্যৱস্থাও আছে, অৱশ্যে বেছিভাগ ক্ষেত্রতে এই শিক্ষণ পদ্ধতি অফলাইনহে, অনলাইন নহয়৷ ৰাজ্যৰ বহু মহাবিদ্যালয়ৰে নিজৰ কলেজWebsiteত একোটাelearning portal সংযুক্ত হৈ আছে আৰু শিক্ষাথ্ৰ সুবিধা হোৱাকৈ পাঠ্যপুথিৰ উপযোগীকৈ বর্তমান পাঠ্যপুথিৰ সংযোগী টোকাসমূহ সেইelearning portalতেupload কৰা হৈছে৷
একেদৰে উচ্চতৰ মাধ্যমিকৰ পর্যায়তো অনলাইন শিক্ষাৰ বাবে অসম চৰকাৰৰ ফালৰ পৰাই কিছু পদক্ষেপ লোৱা বুলি জানিব পৰা গৈছে৷ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ছাত্র–ছাত্রীসকলৰ সুবিধার্থে পাঠ্যপুথিসমূহ অনলাইনৰ মাধ্যমত ডিজিটেল কিতাপ আকাৰত পাব পৰাকৈ সংসদৰ ৱেবছাইটৰ যোগেদি উপলব্ধ কৰিছে৷ আনকি পাঠসমূহYouTubeৰ সহায়ত ভিডি’ আকাৰেও প্রচাৰ কৰা হৈছে৷ একেদৰে উচ্চতৰ মাধ্যমিকৰ প্রথম বর্ষৰ পাঠ্যপুথিসমূহো অনলাইনত উপলব্ধ কৰিলে নতুনকৈ নামভর্তি কৰিবলগীয়া শিক্ষাথ্সকল হয়তো উপকৃত হ’ব৷ স্কুল পর্যায়ৰ বহু পাঠ্যক্রমৰ বাবেওe-contant প্রস্তুতৰ ব্যৱস্থা অসম চৰকাৰে আৰম্ভ কৰিছে৷ বিদ্যালয় পর্যায়ৰ পাঠ্যপুথিসমূহত পাঠ অনুসৰিQRCode সংলগ্ণ কৰা হৈছে৷ এই কোডৰ পৰা স্মার্ট ম’বাইল ফোনৰ সহায়তে পাঠ্যক্রমৰ প্রতিটো পাঠ খৰচি মাৰি পঢিব পৰা যায়৷ আনহাতেDiksha নামৰ এপৰ সহায়তো স্কুলীয়া পাঠ্যক্রমৰ শিক্ষা আগবঢাই অহা হৈছে৷ আকাশবাণী আৰু দূৰদর্শনৰ মাধ্যমত শিক্ষাথ্ৰ উপযোগীকৈ অভিজ্ঞ শিক্ষকৰ দ্বাৰা শৈক্ষিক পাঠ্যক্রমৰ অনুষ্ঠান সঘনে প্রচাৰ কৰা হৈছে৷
অসমৰ বাবে আন এক গৌৰৱৰ কথা যে যোৱা বর্ষৰ এপ্রিল মাহত দেশ তথা ৰাজ্যত চলি থকা লকডাউনৰ মাজতে অসমৰ দুখন আগশাৰীৰ বিশ্ববিদ্যালয়ৰ দ্বাৰা অনুষ্ঠিত হৈ গৈছিল দুখনকৈ শৈক্ষিক অভিৱর্তন৷ গুৱাহাটীস্থিত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ে এখন আন্তঃৰাষ্ট্রীয় পর্যায়ৰ আলোচনা–চক্র আৰু তেজপুৰ বিশ্ববিদ্যালয়ে এখন ৰাষ্ট্রীয় পর্যায়ৰ কর্মশালা অনলাইনৰ মাধ্যমেৰে অনুষ্ঠিত কৰি আমাৰ ৰাজ্যৰ শিক্ষাখণ্ডত প্রযুক্তিবিদ্যাৰ প্রয়োগৰ যোগাত্মক দিশকেই প্রতিফলিত কৰিছে বুলি ক’ব লাগিব৷
উপৰিউক্ত আলোচনাৰ পৰা অসমৰ প্রতিটো স্তৰৰ শিক্ষা ব্যৱস্থাতে বর্তমান প্রযুক্তিবিদ্যাৰ ভিন্ন আহিলাৰ প্রয়োগ কৰা হৈছে, সেয়া বুজিব পৰা যায়৷ অৱশ্যে এইক্ষেত্রত এতিয়াও বহু কৰণীয় আছে৷ আমাৰ শিক্ষা ব্যৱস্থাত প্রচলিত গতানুগতিক শিক্ষণ পদ্ধতিৰ বিপৰীতে তথ্য আৰু প্রযুক্তিবিদ্যাৰ বিভিন্ন আহিলাৰ মাধ্যমেৰে প্রদান কৰা শিক্ষাৰ ক্ষেত্রত হয়তো প্রথমাৱস্থাত বিভিন্ন সমস্যাই দেখা দিয়াটো স্বাভাৱিক কথা৷ তথাপি এই শিক্ষা পদ্ধতিক আজিৰ প্রেক্ষাপটত অসমৰ শৈক্ষিক সমাজে আদৰি লোৱা দৰকাৰ, কাৰণ ই যে সময়ত দাবী৷ শিক্ষা পদ্ধতিৰ এনে পৰিৱর্তনক আঁকোৱালি লোৱাৰ বাবে শিক্ষক, শিক্ষাথ্ আৰু অভিভাৱক– সকলোপক্ষই মানসিকভাৱে প্রস্তুত হ’ব লাগিব৷ ইয়াৰ বাবে আনকি উপযুক্ত প্রশিক্ষণৰ ব্যৱস্থাও কৰিব লাগিব৷ কাৰণ অনলাইন শিক্ষা ব্যৱস্থা কেৱল ছাত্র–ছাত্রীৰ বাবেই নহয়, বহু শিক্ষকৰ বাবেও এক নতুন অভিজ্ঞতা৷ বহুক্ষেত্রত এই দিশত তাত্ত্বিক ধাৰণা থাকিলেও ব্যৱহাৰিক ধাৰণা অবিহনে এই পদ্ধতিৰে আত্মপ্রত্যয়সহ, সফলভাৱে শিক্ষা প্রদান কৰা সহজ নহয়৷ ছফট্ৱেৰৰ ভিন্নতায়ো কেতিয়াবা সমস্যাৰ সৃষ্টি নকৰা নহয়৷ ইয়াৰ বাবে হয়তো প্রথমে শিক্ষকসকলক অনলাইন শিক্ষা পদ্ধতিৰ ব্যৱহাৰিক দিশত বেছি অভিজ্ঞ কৰি তুলিব লাগিব৷
শিক্ষাৰ ক্ষেত্রখনলৈ অহা প্রযুক্তিগত দিশৰ এই পৰিৱর্তনক সাকাৰ ৰূপ দিয়াৰ ক্ষেত্রত শিক্ষানুষ্ঠানৰ পুথিভঁৰালসমূহৰ ভূমিকাও লক্ষণীয় হ’ব৷ উচ্চশিক্ষানুষ্ঠানৰ, বিশেষকৈ বিশ্ববিদ্যালয়, মহাবিদ্যালয় পর্যায়ৰ পুথিভঁৰালসমূহে শৈক্ষিক সংকটৰ সন্মুখীন হোৱা ছাত্র–ছাত্রীসকলক বিশেষভাৱে সহায় কৰাৰ দায়িত্ব ল’ব লাগিব৷ এইক্ষেত্রত মহাবিদ্যালয়ৰ গ্রন্থাগাৰিকজনৰ দায়িত্ব হ’ব অধিক৷ কাৰণ বহু অনলাইন শৈক্ষিক সমল তথা আন আন তথ্য উৎসৰ বিষয়ে মহাবিদ্যালয়ৰ প্রতিজন গ্রন্থাগাৰিকেই পাঠ্যপুথিগত দিশৰ পৰা জ্ঞাত আৰু অভিজ্ঞ৷ এই ব্যৱস্থাসমূহৰ ব্যৱহাৰৰ বিষয়ে ছাত্র–ছাত্রীসকলক প্রশিক্ষণ দিয়াৰ ক্ষেত্রত হয়তো গ্রন্থাগাৰিকজনৰে দায়িত্ব হ’ব মুখ্য৷ ঠিক একেদৰে মহাবিদ্যালয়সমূহৰ্ পুথিভঁৰালত সাধাৰণতে ছপা কিতাপহে বেছিকৈ ৰখা হয় যদিও বর্তমানৰ এই পৰিস্থিতিত অনলাইন ই–বুক, ই–জার্নেল আদিৰ প্রয়োজনীয়তাকো বিশেষভাৱে অনুভৱ কৰা হৈছে৷ পাঠ্যক্রমৰ প্রত্যক্ষ সহায় হ’ব পৰা ই–বুক, ই–জার্নেল, ই–মেগাজিন আদি ক্রয়ৰ ক্ষেত্রতো গ্রন্থাগাৰিকে ঊর্ধ্বতন কর্তৃপক্ষক অনুৰোধ কৰিব লাগিব৷ লগতে এই কথাটোও সত্য যে আন্তঃগাঁথনিৰ দিশৰ পৰা অসমৰ প্রতিখন মহাবিদ্যালয়ৰ মান একে নহয়৷ প্রযুক্তিগত দিশত সাধাৰণ আন্তঃগাঁথনিৰ সহায়তে উন্নতমানৰ সেৱা আগবঢোৱাৰ ক্ষেত্রতো গ্রন্থাগাৰিকসকল কিছু হ’লেও অভিজ্ঞ৷ গতিকে এই অভিজ্ঞতাক কামত লগাই সংকটত পৰা শিক্ষাথ্সকলক সেৱা আগবঢাবলৈ আগবাঢি আহিব লাগিব গ্রন্থাগাৰিকজনেই৷ উল্লেখ্য যে অসমৰ মহাবিদ্যালয়সমূহত্ প্রথমেcomputerisation আৰুautomationৰ প্রক্রিয়াও আৰম্ভ হৈছিল পুথিভঁৰালৰ পৰাইহে৷ গৌৰৱৰ কথা যে আজিৰ দিনত অসমৰ মহাবিদ্যালয়সমূহৰ্ প্রায় প্রতিটো পুথিভঁৰালেই কম্পিউটাৰ নিয়ন্ত্রিত৷ একেদৰে অসমৰ বহুসংখ্যক মহাবিদ্যালয়তে উপলব্ধNDLI আৰুN-LISTৰ দৰে ৰাষ্ট্রীয় পর্যায়ৰ অনলাইন সেৱাৰে সংযোগৰ ক্ষেত্রত গ্রন্থাগাৰিকজনেই সমন্বয়কৰ ভূমিকা পালন কৰি আহিছে৷ এইখিনিতে উল্লেখ কৰিব লাগিব যে ইতিপূর্বে উল্লিখিত গুৱাহাটী বিশ্ববিদ্যালয়ে দিয়া পৰীক্ষা সংক্রান্তীয় জাননীখনত স্নাতক পর্যায় আৰু স্নাতকোত্তৰ শ্রেণীৰ শিক্ষাথ্ৰ ক্ষেত্রত আধৰুৱা হৈ থকা ক্ষেত্রভিত্তিক অধ্যয়ন, পৰীক্ষাগাৰৰ ব্যৱহাৰিক কর্ম আদিৰ পৰিৱর্তে পুথিভঁৰালকেন্দ্রিক যি প্রকল্প প্রস্তুতৰ নির্দেশ দিছে, এই ব্যৱস্থাই উচ্চশিক্ষাত পুথিভঁৰালৰ গুৰুত্ব বৃদ্ধি কৰাৰ লগতে গ্রন্থাগাৰিকসকলৰ দায়িত্বও কিছু পৰিমাণে বৃদ্ধি কৰিছে৷ এই ব্যৱস্থা অতি আদৰণীয় আৰু প্রশংসনীয়ও৷ প্রতিখন মহাবিদ্যালয়ৰে গ্রন্থাগাৰিকে শিক্ষকসকলৰ সহযোগত ছাত্র–ছাত্রীসকলক প্রকল্পৰ বাবে প্রয়োজনীয় শৈক্ষিক সমল লাভৰ ক্ষেত্রত সহায় আগবঢাব পাৰিব৷ এইখিনিতে আন এটি দিশতো ছাত্র–ছাত্রীসকলক সজাগ কৰা প্রয়োজন আছে বুলি ভাবোঁ৷ সেয়া হৈছে প্রসংগ পুথিৰ তালিকাকৰণ৷ ছাত্র–ছাত্রীসকলে জমা দিবলগীয়া ‘ৰিপ’ট’ প্রস্তুত কৰোঁতে সহায়ক হিচাপে লোৱা প্রসংগ পুথিৰ শুদ্ধ তালিকা এখন ৰিপ’টৰ শেষৰ ফালে সংলগ্ণ কৰাটো অতি দৰকাৰী কথা৷ ইয়াৰ অন্যথাই ছপা পুথিয়ে হওক বা অনলাইনৰ পৰা লোৱাই হওক, ৰিপ’টত সন্নিৱিষ্ট সঠিক উৎসবিহীন যিকোনো প্রসংগৰ বাবেই শিক্ষাথ্ এজন কুম্ভিলক বৃত্তিৰ দৰে শৈক্ষিক অপৰাধৰ লগত সাঙোৰ খাই পৰিব পাৰে৷ সেয়েহে প্রসংগ পুথি আৰু অন্য উৎসৰ বিতং তথ্য উল্লেখ কৰা অতি দৰকাৰী কথা৷ আনকি বিশ্ববিদ্যালয় অনুদান আয়োগে ২৩ জুলাই২০১৮ তাৰিখে কুম্ভিলক বৃত্তি সম্পর্কে প্রকাশ কৰা বিধিখনৰ মতে, যিকোনো শৈক্ষিক প্রকাশৰ লগত যদি কুম্ভিলক বৃত্তিৰ সম্ভেদ পোৱা যায়, তেতিয়া ই এক শাস্তিমূলক অপৰাধ হৈ পৰে৷ সেয়েহে শিক্ষাথ্সকলক এই দিশত সহায় তথা সজাগ আৰু সচেতন কৰাৰ ক্ষেত্রত গ্রন্থাগাৰিকজনে প্রত্যক্ষ ভূমিকা ল’ব পাৰে৷ অনলাইন শিক্ষাৰ বাবে আন এক অতি প্রয়োজনীয় দিশ হ’ল ছাত্র–ছাত্রীসকলক তথ্য–সাক্ষৰ আৰু ডিজিটেল–সাক্ষৰ কৰি গঢি তোলা, এইক্ষেত্রতো গ্রন্থাগাৰিকজনেই প্রত্যক্ষ ভূমিকা গ্রহণ কৰিব লাগিব৷
সম্প্রতি ভাৰতৰ বিশ্ববিদ্যালয় অনুদান আয়োগে প্রকাশ কৰা দেশৰ উচ্চশিক্ষাৰ বাবে শৈক্ষিক সূচী আৰু পৰীক্ষা সংক্রান্তীয় জাননীসমূহত আন আন বহু দিশৰ লগতে তথ্য আৰু প্রযুক্তি বিজ্ঞানৰ আহিলাৰ মাধ্যমেৰে অনলাইন পদ্ধতিত শিক্ষা প্রদানত গুৰুত্ব আৰোপ কৰিছে৷ আশাকৰোঁ অসমতো আগত দিনত মুখ্যতঃ শিক্ষক–গ্রন্থাগাৰিক সমন্বয়ত এই শিক্ষা পদ্ধতিয়ে বিশেষ মাত্রা লাভ কৰি শিক্ষাৰ ক্ষেত্রখনক পুনৰ সজীৱ কৰি তুলিব পাৰিব৷

You might also like