নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যাৰ গীতে কৈছিল মাটিৰ মানুহৰ কথাঃ অপূর্ব বেজবৰুৱা

- ড০ গীতালি শইকীয়া

‘লুইতপৰীয়া মই গাভৰু, ৰংপুৰ বাকৰিলৈ যাওঁ’ অণিমা চৌধুৰীৰ কণ্ঠৰ গীতটো দুবাৰমান শুনিয়েই মোৰ মনত ৰৈ গৈছিল৷ সেইবাৰ স্কুলৰ বার্ষিক সপ্তাহৰ আধুনিক গীতৰ প্রতিযোগিতাত গীতটো পৰিৱেশন কৰি পুৰস্কাৰো লাভ কৰিলোঁ৷ গীতটোৰ গীতিকাৰ আছিল সদ্যপ্রয়াত অপূর্ব বেজবৰুৱা৷ গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালক– এই তিনিওটা পৰিচয়েৰেই তেওঁ অসমৰ সংগীতপ্রেমীৰ আপোন৷ বেজবৰুৱাদেৱক এদিন লগ পোৱাৰ আশা মনতে সাঁচি ৰাখিলোঁ৷ লাহে লাহে অপূর্ব বেজবৰুৱাৰ গীতবোৰ শুনিবলৈ ধৰিলোঁ৷ তেখেতৰ বিখ্যাত ‘কপৌ পাহি তোৰে খোপাত’, ‘চাহ গছৰ কোমল পাতত’, ‘তোৰে মন পাবলৈ চেনাই মই বলিয়া’ আদি গীতবোৰ প্রায় মুখস্থ হৈ পৰিল৷ অপূর্ব সুন্দৰ শব্দ, হূদয়স্পর্শী সুৰৰ গীতবোৰৰ আবেদন অনন্য৷ এদিন নিজৰ বৃত্তিৰ খাতিৰতে তেখেতৰ কাষ চপাৰ প্রয়োজন আহিছিল৷ ইতিমধ্যে তেখেতৰ জ্যেষ্ঠ কন্যা অৰুন্ধতী বেজবৰুৱাৰ সৈতেও কটন কলেজত অধ্যয়নৰ সময়তে ঘনিষ্ঠ হৈছিলোঁ৷ নির্দিষ্ট দিনত তেখেতৰ কাহিলিপাৰাৰ জনকপুৰৰ ঘৰত উপস্থিত হৈছিলোঁগৈ৷ শৈশৱ, কৈশোৰৰ পৰা আৰম্ভ কৰি চাকৰি জীৱনৰ পৰা অৱসৰলৈকে সকলো কথাই তেওঁ কৈছিল৷ সংগীত সাধনাৰ বাবেই মৰসাহ কৰি হাতত কোনো সাঁচতীয়া পইচা নোহোৱাকৈয়ে নাজিৰাৰ পৰা গুৱাহাটীলৈ অহা আৰু গুৱাহাটীত কৰা সংগ্রামৰ কথা তেখেতে বৰ সুন্দৰকৈ কৈছিল৷ একমাত্র সাধনাইহে যে এজন ব্যক্তিক তেওঁৰ ঈপ্সিত স্থানত উপনীত কৰাব পাৰে, সেই কথা তেখেতে বাৰে বাৰে কৈছিল৷ বহুতেই হয়তো নাজানে যে অপূর্ব বেজবৰুৱা অসমৰ প্রথম থলুৱা ৰেকর্ড প্রস্তুতকর্তাNorerco Companyৰ প্রথমখনEP Recordত কণ্ঠদান কৰা প্রথমগৰাকী অসমীয়া শিল্পী৷ ১৯৭৯–৮০ চনতে জ্যোতি চিত্রবনতো প্রথম অসমীয়া আধুনিক অডি’ এলবামৰ ৰেকর্ডিং কৰা হৈছিল অপূর্ব বেজবৰুৱাৰ প্রযোজনা, ব্যৱস্থাপনা তথা কণ্ঠ আৰু সংগীতেৰে৷ কেছেটখনৰ নাম আছিল ‘বহু মানুহৰ স’তে চিনাকি হ’লোঁ’৷ তেখেতে দুশখনমান অডি’ কেছেটত কণ্ঠদান কৰিছিল৷ অসমীয়া আধুনিক সংগীত জগতলৈ ‘বিহুসুৰীয়া আধুনিক গীত’ নামেৰে এক নতুন ধাৰাও অপূর্ব বেজবৰুৱাই আনিছিল৷ গীতিকাৰ হিচাপেও অপূর্ব বেজবৰুৱাৰ জনপ্রিয়তা প্রভূত৷ তেখেতৰ গীতৰ পুথি চিলমিল টোপনিতে, মহুৱা ফুলৰ গোন্ধ, কপৌ ফুলাৰ বতৰত, মন সাগৰৰ ঢ়ৌ, গীতৰ সুৰভি আৰু অপূর্ব বেজবৰুৱাৰ জনপ্রিয় গীত নামৰ পুথিকেইখনেও পাঠকৰ যথেষ্ট আদৰ লাভ কৰিছিল৷ থলুৱা সুৰ, চিনাকি শব্দৰ ব্যৱহাৰে তেখেতৰ গীতবোৰক শ্রোতাৰ বুকুৰ আপোন কৰি তুলিছিল৷ বর্তমান সময়ৰ কিছুমান গীতৰ কথাক লৈও তেখেতে অসন্তুষ্টি প্রকাশ কৰিছিল৷ তেখেতে কথাৰ মাজতে গৌৰৱেৰে জনাইছিল যে ড০ ভূপেন হাজৰিকাকে আৰম্ভ কৰি অসমৰ আগশাৰীৰ প্রায় সকলো কণ্ঠশিল্পীয়ে তেখেতৰ গীতত কণ্ঠ নিগৰোৱাৰ লগতে কবিতা কৃষ্ণমূর্তি, আশা ভোচলে, উদিত নাৰায়ণ, হেমা সৰদেশাইৰ দৰে শিল্পীয়েও তেখেতৰ গীত গাইছিল৷ তেখেতৰ আশা আছিল সুৰ সম্রাজ্ঞী লতা মংগেশকাৰৰ কণ্ঠত এটি গীত বাণীবদ্ধ কৰোৱাৰ৷ কিন্তু তেখেতৰ সেই আশা অপূর্ণ হৈ ৰ’ল৷ উজনিত শৈশৱ কৈশোৰ কটোৱা অপূর্ব বেজবৰুৱাদেৱৰ পিতৃ প্রয়াত নীৰা বেজবৰুৱা আছিল এজন চাহ খেতিয়ক৷ সাপেখাতী কুঁৱৰীবাৰী চাহ বাগানখন তেখেতৰ আছিল৷ স্বাভাৱিকতেই চাহ জনজাতিৰ লোকসংস্কৃতি, জীৱনধাৰাৰ সৈতে অপূর্ব বেজবৰুৱাৰো পৰিচয় আছিল৷ পৈণত বয়সত সেয়ে চাহ জনজাতিৰ লোকসংগীতৰ আধাৰত গীত ৰচনা আৰু সুৰ কৰাৰ তাগিদা তেওঁ হূদয়ত অনুভৱ কৰিছিল আৰু ড০ ভূপেন হাজৰিকাৰ পিছত তেৱেঁই কেইবাটাও তেনে গীত ৰচনা আৰু সুৰাৰোপ কৰি জনপ্রিয়তা লাভ কৰিছিল৷ কথাৰ মাজে মাজে অপূর্ব বেজবৰুৱাদেৱে গুণগুণাইছিল কেইবাটাও নিজৰে জনপ্রিয় গীতৰ কলি৷ সম্পূর্ণ ঘৰুৱা পৰিৱেশত তেখেতৰ গীত শুনি সেইদিনা মই শিহৰিত হৈছিলোঁ৷ অসমীয়া চলচ্চিত্র ৰঙা নদী, বুকুৰ মাজত জ্বলে, আই কিল্ড হিম ছাৰ, অভিশপ্ত প্রেম আদিৰ বাবে গীত ৰচনা কৰিছিল৷ উল্লেখনীয় যে অভিশপ্ত প্রেম অসমৰ প্রথমখন দ্বিভাষিক বোলছবি৷ সেই বোলছবিখনত তেখেতে সংগীত পৰিচালনা কৰিছিল৷ পংকজ পল্লৱ শর্মাৰ পৰিচালনাত ‘দিঠকত হেৰাল সপোন’ নামৰ বোলছবিখনৰ লগতে দূৰদর্শনৰ ধাৰাবাহিক, টেলিফিল্ম, তথ্যচিত্রতো তেওঁ সংগীত পৰিচালনা কৰিছে৷ সংগীত সাধনাই তেখেতক ৰাইজৰ অকুণ্ঠ মৰমৰ পাত্র কৰা বুলিও তেখেতে স্বীকাৰ কৰিছিল৷ প্রায় দুঘণ্টামান সময় তেখেতৰ সান্নিধ্যত কটাই সেইদিনা ঘূৰি আহিছিলোঁ৷ চাকৰিৰ পৰা অৱসৰৰ পিছত শাৰীৰিক অসুস্থতাই তেখেতক মাজে সময়ে আমনি কৰিছিল৷ তেখেতৰ জীয়ৰী অৰুন্ধতীৰ মুখেৰেই গম পাইছিলোঁ যে শেহতীয়াকৈ তেখেতে অনুভৱ কৰিছিল যে এজন প্রবীণ শিল্পী হিচাপে পাবলগীয়া স্বীকৃতি যেন তেখেতে পোৱা নাই৷ অৱশ্যে ২০২০ বর্ষত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্রমা বিভাগৰ শিল্পী বঁটা, ২০২১ চনত চাতক সন্মান, নেবকাছৰ ‘সংগীত সম্রাট’ আদি বঁটা তেখেতে লাভ কৰিছিল৷ এই বছৰ অসম চৰকাৰৰ শিল্পী পেন্সনো তেখেতে লাভ কৰিছিল৷ স্বাভিমানী অপূর্ব বেজবৰুৱা সুৰ সম্রাজ্ঞী লতা মংগেশকাৰৰ একান্ত অনুৰাগী আছিল৷ ৬ ফেব্রুৱাৰীৰ পুৱা বেলাতেই মংগেশকাৰৰ দেহাৱসানৰ খবৰ শুনি তেখেত মর্মাহত হৈ পৰিছিল৷ গোটেই দিনটো কোঠাৰ দুৱাৰ বন্ধ কৰি লতা মংগেশকাৰৰ গীত শুনি পাৰ কৰিলে তেওঁ৷ পিছদিনা হঠাতে গুৰুতৰভাৱে অসুস্থ হৈ পৰিল অপূর্ব বেজবৰুৱা৷ চিকিৎসকে ঘোষণা কৰিলে তেখেতৰ ব্রেইন ষ্ট্র’ক হৈছে৷ অৱশেষত ৯ ফেব্রুৱাৰীত চিৰবিদায় মাগিলে অসমবাসীৰ শ্রদ্ধাৰ আৰু মৰমৰ শিল্পীগৰাকীয়ে৷ তেখেতে লিখিছিল– ‘প্রাণৰ শিল্পী হ’ব খোজোঁ তোমাৰ/হে মোৰ শ্রোতা বন্ধু/তুমি অবিহনে সংস্কৃতি জগতত/মই মাথোঁ এটি বিন্দু৷’
হয়, কেইবাদশকো অসমৰ সংগীতপ্রেমীৰ প্রাণত তেখেতৰ গীতে, সুৰে ঘৰ বান্ধিবলৈ সক্ষম হৈছিল৷ তেখেতৰ কায়িক অনুপস্থিতিতো সেই গীতবোৰেই সোঁৱৰাই থাকিব তেখেতৰ স্মৃতি৷

You might also like