নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম বিধানসভাত এইবাৰ কাৰ ৰাজত্ব চলিব

-প্রফুল্ল কলিতা

অসম বিধানসভাৰ নির্বাচন সমাগত৷ প্রশ্ণ হয়, কিহৰ ভিত্তিত কোন দলে, কোন ব্যক্তিবিশেষে নির্বাচন জিকিব? পূর্বৰ নেতাসকলে সমাজখনৰ কি উপকাৰ সাধন কৰিলে বা কৰিব? সঁচাকৈয়ে আজমল বাহিনী বিধানসভাৰ পৰা ২০০ মিটাৰ দূৰৈত ৰৈ যাব নেকি? এনে এশ এবুৰি প্রশ্ণ এতিয়া অসমৰ ৰাইজৰ মুখে মুখে যদিওবা ভোটদানৰ বিষয়টো একান্তই ব্যক্তিগত, নিতান্তই গোপনীয় বিষয় তত্রাচ আমি এনেদৰে আগবঢ়া উচিত যে যি ব্যক্তি বা দলৰ কর্ম–ভাবনাই আমাক, আমাৰ জাতিটোক সম্পদশালী হিচাপে গঢ়ি তুলিব পাৰে যাৰ বাবে আমাৰ পৰিয়াল–পৰিজন, গাঁওখন, জিলাখন, অঞ্চলটো, ৰাজ্যখন কিম্বা দেশখনৰ লগতে আপোন জাতিটোৰ অভূতপূর্ব শ্রীবৃদ্ধি হ’ব পাৰে তেনে ব্যক্তিক, তেনে দলক আমি সমর্থন দিয়া যুগুত৷ তদুপৰি ৰাজনৈতিকভাৱে অসচেতনতাৰ বাবে পূর্বতে জাতিটোৱে যি হেৰুৱালে বা যিখিনি নাপালে, সেয়া যাতে বর্তমান আৰু ভৱিষ্যৎ প্রজন্মৰ ক্ষেত্রত নঘটে, তাৰ বাবেই ৰাইজ জাগ্রত প্রহৰী ৰূপত আগবঢ়া উচিত৷ আমি আশা কৰিম– অসমৰ প্রতিগৰাকী ভোটাৰে সুস্থ–সবল আৰু সজ আচৰণেৰে প্রত্যেকে প্রত্যেকৰে মতামতক শ্রদ্ধাৰে চাব আৰু এটা সর্বাংগসুন্দৰ জাতি তথা এখন ঐতিহ্যশালী অসম গঠনত নির্বাচনৰ জৰিয়তে আগভাগ ল’ব৷
দেখা গৈছে, আগন্তুক বিধানসভা নির্বাচনত নামিবলৈ ন–পুৰণি সকলো ৰাজনৈতিক দলেই কঁকালত টঙালি বান্ধিছে৷ আক্রমণ–প্রত্যাক্রমণেৰে উত্তাল কৰি তুলিছে ৰাজ্যৰ ৰাজনৈতিক বাতাৱৰণ৷ আজিৰ ৰাজনৈতিক পৰিস্থিতি পর্যবেক্ষণ কৰিলে দেখা যায় যে পূর্বৰ দৰে এইবাৰৰ অসম বিধানসভাৰ নির্বাচন একপক্ষীয় নহ’ব মূলতঃ আগন্তুক নির্বাচনী যুঁজখন বিজেপি নেতৃত্বাধীন এনডিএ বনাম কংগ্রেছ–এআইইউডিএফ নেতৃত্বাধীন মহাজোঁট আৰু এজেপি–ৰাইজৰ দল নেতৃত্বাধীন আঞ্চলিক দলৰ মাজত সীমাবদ্ধ থকাটো প্রায় নিশ্চিত য’ত হাগ্রামা নেতৃত্বাধীন বিপিএফ দলেও ৰাজ্যৰ ৰাজনীতিত অনুঘটকৰ কাম কৰিব পাৰে৷ ইতিমধ্যে ৰাজনীতিৰ বজাৰত পূর্বতকৈ কিছু পৰিপক্কতাৰে আগ্রাসী ৰূপত শাসনাধিষ্ঠিত দলকে ধৰি আন আন দলবোৰেও নামি পৰা দেখা গৈছে৷ মন্দিৰ, মছজিদ অথবা আন প্রার্থনা গৃহসমূহ দর্শনত আগভাগ লৈছে৷ ইটোৰ পিছত সিটো চাইকেল কিম্বা বাইক ৰেলীৰ লগতে পদব্রজে ভ্রমণ আৰম্ভ কৰিছে শাসক–বিৰোধীয়ে৷ যদিও অসমত কংগ্রেছৰ ভেটি এই মুহূর্তলৈকে সবল নহয়, এআইইউডিএফৰ সহায়ত নির্বাচনী বৈতৰণী পাৰ হোৱাৰ সপোন দেখিছে৷ সবল নেতৃত্বৰ অভাৱ আৰু দলৰ অন্তর্কলহে কংগ্রেছ দলটোৰ বাবে নেতিবাচক পৰিচয় বহন কৰিছে৷ সোণোৱাল চৰকাৰ মূলতঃ কেন্দ্রৰ দ্বাৰা নিয়ন্ত্রিত বিজেপিৰে চৰকাৰ সেয়েহে বিধানসভা নির্বাচনত ৰাজ্য চৰকাৰ আৰু কেন্দ্রীয় চৰকাৰৰ কাম–কাজ আৰু সদিচ্ছাই তাত প্রভাৱ পেলাব বুলি ক’ব পাৰি৷ নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে কেন্দ্রীয় চৰকাৰৰ সহযোগত ৰাজ্য চৰকাৰে নিবনুৱাৰ নিযুক্তিকে ধৰি জনসাধাৰণলৈ নানা চৰকাৰী আঁচনি মোকলাই দিছে৷ একমাত্র নির্বাচনী বৈতৰণী পাৰ হোৱাৰ স্বার্থত৷ উল্লেখ্য যে মোদীয়ে প্রথমবাৰ প্রধানমন্ত্রী হোৱাৰ পূর্বে নির্বাচনী প্রচাৰৰ সময়ত তেওঁৰ দলে চৰকাৰ গঠন কৰিলে বাংলাদেশীয়ে টালি–টোপোলা বান্ধি অসম এৰি যাব লাগিব বুলি হুংকাৰ দিছিল৷ বছৰি দুই কোটিকৈ নিবনুৱাক চাকৰি দিব বুলি প্রতিশ্রুতি দিছিল৷ নদীবান্ধৰ বিৰোধিতা কৰিছিল৷ জাতি–মাটি–ভেটিৰ সুৰক্ষা হেতু অসম চুক্তিৰ ৬নং দফা আখৰে আখৰে পালন কৰাৰ প্রতিশ্রুতি দিছিল৷ প্রতিশ্রুতি দিছিল ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ব্যৱস্থা কৰাৰ আৰু আছিল অনেক প্রতিশ্রুতি৷ কিন্তু বহু প্রতিশ্রুতি প্রতিশ্রুতি হৈয়ে ৰ’ল৷ জনগণৰ আশা–আকাংক্ষা পূৰণত ভালেখিনি ব্যর্থ হৈছে যদিও সেই ব্যর্থতা সবলভাৱে সর্বসাধাৰণ লোকৰ মাজত তুলি ধৰাত বিৰোধী দলসমূহ যেন ক’ৰবাত নহয় ক’ৰবাত ব্যর্থ হৈছে? তদুপৰি বিগত দুয়োটা লোকসভা নির্বাচনত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে কৃষকৰ উন্নয়ন হ’ব পৰাকৈ বিভিন্ন প্রতিশ্রুতি দিছিল যদিও দেশত কৃষক বিদ্রোহে ভয়াৱহভাৱে মূৰ তুলি উঠিল৷ তাৰ সুযোগ বিৰোধীয়ে ল’ব নোৱাৰিলে৷ সুযোগ ল’ব নোৱাৰিলে পেড্র’ল, ডিজেল আদি নানা সামগ্রীৰ দামবৃদ্ধিৰ৷ অথচ কংগ্রেছ চৰকাৰৰ দিনত এনে ইছ্যুসমূহকে সাৰোগত কৰি বিজেপি তথা সহযোগী দলসমূহে ক্ষমতা হস্তগত কৰিছিল৷ বিভিন্ন সমস্যাৰে জর্জৰিত ৰাজ্যখনৰ জটিল মুহূর্তত বর্তমানৰ চৰকাৰখনে বিভিন্ন স্তৰত এচাম শিক্ষার্থীৰ পৰা নিবনুৱালৈ, বিধৱাৰ পৰা বৃদ্ধ–বৃদ্ধালৈ, সাংবাদিক–লেখক–সাহ্ ক্ষণস্থায়ী হ’লেও বিভিন্ন সা–সুবিধা প্রদান কৰি নিজৰ ঢ়োলটো নিজে কোবোৱাত যেন সাংঘাতিকভাৱে সফল হৈছে? আৰু সেই উছৱত ৰজাঘৰৰ স’তে অগণিত লোক একাকাৰ হৈ পৰা পৰিলক্ষিত হ’ল৷
স্মর্তব্য, ২০১৬ৰ অসম বিধানসভা নির্বাচনৰ প্রাক্মুহূর্তত অতি দক্ষতাৰে বিজেপি নেতৃত্বই অসমৰ জনজাতীয় সংগঠনসমূহক লগত লৈ নির্বাচনত চমক দেখুৱাবলৈ সক্ষম হৈছিল৷ আঞ্চলিকতাবাদৰ মূলমন্ত্র জাতি–মাটি–ভেটিৰ শ্লোগানেৰে খিলঞ্জীয়াৰ সুৰক্ষাৰ প্রতিশ্রুতি দি বিভিন্ন জনগোষ্ঠীৰ সমর্থন অভূতপূর্বভাৱে লাভ কৰিছিল৷ স্বাভাৱিকতেই সোণোৱালৰ দৰে এজন জনজাতীয় নেতাক মুখ্যমন্ত্রী হিচাপে প্রক্ষেপ কৰি বিজেপি প্রশংসাৰ পাত্র হৈ পৰিছিল৷ তথাকথিত অসমীয়া মূলসুঁতিৰ সমাজখনে, দলবোৰে স্বাধীনতাৰ পৰাই জনজাতীয় জনগোষ্ঠীসমূহক কৰা অৱহেলা–বঞ্চনাৰ পৰিপ্রেক্ষিতত বিজেপিৰ ৰণকৌশল সফল হৈছিল৷ এই ক্ষেত্রত আৰএছএছৰ ভূমিকা আছিল গুৰুত্বপূর্ণ৷ যোৱা ৩০ বছৰৰো অধিক কাল অসম তথা উত্তৰ–পূর্বাঞ্চলৰ জনজাতীয় লোকসকলৰ মাজত আৰএছএছে চলাই অহা কাম–কাজৰ ভিত্তিতেই বিজেপিয়ে এনেদৰে আগবাঢ়িব পাৰিলে বুলি সকলোৱে একমুখে স্বীকাৰ কৰিছে৷ প্রকৃততে সোণোৱাল চৰকাৰৰ আমোলত অসমৰ জনজাতিসকলৰ উন্নয়ন কিমান হৈছে? নমামি ব্রহ্মপুত্র, এডভাণ্টেজ অসমত চৰকাৰে গ্রহণ কৰা বিভিন্ন সিদ্ধান্তৰ পিছতো সামগ্রিকভাৱে ৰাজ্যখনৰ উন্নয়ন একপ্রকাৰ স্থবিৰ হৈ পৰিছিল৷ সময়ে সময়ে খিলঞ্জীয়াৰ সুৰক্ষাৰ ক্ষেত্রতো চৰকাৰৰ ভূমিকাক লৈ প্রশ্ণ উত্থাপন হৈছে৷ স্বায়ত্তশাসিত পৰিষদসমূহলৈ পুঁজি আবণ্টনৰ ক্ষেত্রত প্রশ্ণ উত্থাপন হৈছে৷ ৰজাঘৰৰ এসময়ৰ নলে–গলে লগা বন্ধু বিপিএফকে ধৰি স্বাভাৱিকতে অসন্তুষ্ট হৈছে কিছুসংখ্যক জনজাতীয় নেতা৷ সেয়েহে প্রশ্ণ হৈছে– এইসকল জনজাতীয় নেতাই এতিয়া কি স্থিতি ল’ব? আনহাতে, ছয় জনগোষ্ঠীক প্রদান কৰা জনজাতিকৰণৰ প্রতিশ্রুতি প্রতিশ্রুতি হৈয়ে ৰ’ল৷ এতিয়া সেইবোৰৰ প্রভাৱ সমাগত নির্বাচনত পৰিব নে নপৰে? ইতিমধ্যে সোণোৱাল চৰকাৰ আৰু মোদী চৰকাৰে সেয়া মোকাবিলা কৰিবলৈ জনগণৰ মন–মগজু অন্য দিশে ধাৱিত কৰাত সফল হৈছে৷ বিজেপিয়ে মিঞা মুছলমান অর্থাৎ বাংলাদেশৰ পৰা হোৱা মুছলমান প্রব্রজনৰ আৱেগিক বিষয়টো অসমবাসীৰ মাজত উত্থাপন কৰি আছে আৰু কৰি থাকিব৷ অসম দ্বিতীয় কাশ্মীৰ হ’ব বুলি বাৰম্বাৰ ভয়, শংকাৰ সৃষ্টি কৰিছে সাধাৰণ জনতাৰ মনত৷ তদুপৰি পাকিস্তান আৰু বাংলাদেশৰ হিন্দুত্ববিৰোধী কথা–বার্তাৰে আৱেগপ্রৱণ ৰাজ্যবাসীৰ মাজত দেশপ্রেমৰ ধল বোৱাই দিয়াত ভালেখিনি সফল হৈছে বিজেপিসহ সহযোগী দল৷ এনে অসংখ্য আহুকালৰ মাজতো ৰাজনৈতিক পর্যবেক্ষকসকলে ধাৰণা কৰা মতে– জনসাধাৰণে শক্তিশালী বিকল্পৰ অভাৱত ভুগি পুনশ্চ বিজেপিকে ভোটযুদ্ধত জয়ী কৰাব কিয়নো অসমত আঞ্চলিক দলৰ প্রচুৰ সম্ভাৱনা থাকিলেও সবল নেতৃত্ব আৰু সঠিক সময়ত সঠিক সিদ্ধান্ত ল’ব পৰা নেতাৰ অভাৱ দেখা যায়৷ বিশেষতঃ অগপই অসমবাসীক কৰা প্রতাৰণা ৰাইজে সহজভাৱে নলয়৷ ইফালে, কংগ্রেছ দলটোত আজিও বিশৃংখলতা বিদ্যমান৷ সবল নেতৃত্বৰ অভাৱ পৰিস্ফুট৷ সমান্তৰালভাৱে বদৰুদ্দিন আজমলৰ দল এআইইউডিএফ নতুনত্বহীন৷ বামপন্থী শিবিৰ তেনেই দুর্বল৷ এই মুহূর্তত সবাতোকৈ চর্চাৰ বিষয়টো হৈছে– আন্দোলনৰ নামত আন্দোলন কৰিলেই নহ’ব, জনগণক সমাধানৰ পথ পৰিষ্কাৰভাৱে দেখুৱাব পাৰিব লাগিব৷ তাৰ বিশ্বাসযোগ্যতা দেখুৱাব পাৰিব লাগিব৷ সর্বশেষত সোণোৱাল চৰকাৰে কৰা কিছু ভাল কামৰ আর্হি, কংগ্রেছৰ দিনৰ কৌটিকলীয়া দুর্নীতি তথা বিজেপিয়ে আগ্রাসী মনোভাবেৰে দেশপ্রেম–জাতিপ্রেমৰ্ অনেক উদাহৰণ তুলি ধৰি, অসম চুক্তিক বিজেপিয়েহে মান্যতা দিছে বুলি চিঞৰি, ৬নং দফা আগন্তুক দিনত আখৰে আখৰে পালনৰ কথা দোহাৰি বিজেপি আৰু সহযোগী দলসমূহে যে চৰকাৰ গঠন কৰিব, সেয়া নিশ্চিত কিয়নো কেইবাটাও বেয়াৰ মাজত কম পৰিমাণৰ বেয়াটোকে তুলি লোৱাটো প্রায়সংখ্যক মানুহৰে হাবিয়াস৷ সেয়া জীৱকুলৰ চিৰন্তন স্বভাৱ৷ অৱশ্যে এই কথা ঠিক যে এজেপিয়ে এজিপিক ধ্বংসৰ মুখলৈ ঠেলি দিব– যদুকুল ধ্বংস হোৱাৰ লেখীয়াকৈ৷ নির্বাচনী ফলাফলৰ পিছত দিছপুৰ দখলৰ স্বার্থত ৰাজ্যৰ ৰাজনীতিত সময়সাপেক্ষে বিপিএফৰ দৰে অগপও বিজেপিৰ এলাগী হৈ পৰিব পাৰে আৰু এজেপি–ৰাইজৰ দলে বন্ধুত্বৰ আসন পূৰালে আচৰিত হ’বলগীয়া একো নাথাকিব? আচৰিত হ’বলগীয়া একো নাথাকিব এআইইউডিএফৰ সমর্থনত বিজেপিয়ে চৰকাৰ চলাবলগীয়া দিন আহিলে? কাৰণ, ৰাজনীতিত অসম্ভৱ বুলি কোনো কথাই নাই৷ মন কৰিবলগীয়া বিষয়টো হৈছে– আগন্তুক বিধানসভাত দুই–এক বাঘৰ গোঁজৰণি শুনিবলৈ আজিৰ তাৰিখত কিন্তু অগণন লোক অপেক্ষাৰত

You might also like