অসমৰ দদাতিকাষৰীয়া ৰাজ্য নাগালেণ্ড, মেঘালয়, অৰুণাচল প্রদেশ, মণিপুৰ, ত্রিপুৰাৰ তুলনাত মিজোৰাম ৰাজ্য গঠন প্রক্রিয়াত কিছু বিশেষত্ব দৃষ্টিগোচৰ হয়৷ ঔপনিৱেশিক কালত অসম সংলগ্ণ লুচাইপাহাৰে, স্বাধীনতাৰ পিচত মিজোপাহাৰ জিলা নামলৈ লুংলে, আইজল ইষ্ট, আইজল ৱেষ্ট নামৰ তিনিটাৰ সমষ্টিৰ পৰা তিনিজন প্রতিনিধিয়ে অসম বিধান সভা (১৯৫২, ৫৭) শুৱনি কৰিছিল৷ ১৯৬১ চনৰ ২৮ ফেব্রুৱাৰীত মিজো নেতা লালডেংগাই ‘মিজো নেচনেল ফ্রণ্ট’ গঠন কৰি মিজো পাহাৰক এখন সার্বভৌম ৰাষ্ট্রত ৰূপ দিয়াৰ মানসেৰে গঢ়ি তোলা সশস্ত্র বিদ্রোহে ৰাজনৈতিক পৰিৱর্তনৰ সূচনা কৰিলে৷ আইজল, দ্বাৰপুই, লুংলে, চিংগোভেং, চোৱাংটো, চিমলুৱং আদি ঠাইত মিজো জনতাই ভাৰতবিৰোধী সংগ্রামত লিপ্ত হ’ল৷ মুখ্যমন্ত্রী বিমলাপ্রসাদ চলিহাই বিদ্রোহ দমনৰ ক্ষেত্রত অসমর্থতা দেখুৱাত কেন্দ্রই ভাৰতীয় সেনাবাহিনী নিয়োগ কৰে৷ পাহাৰীয়া এলেকাত ভাৰতীয় সেনাই বিদ্রোহীৰ গতি ৰুদ্ধ কৰিব নোৱাৰাত বিমান বাহিনীয়ে বোমা নিক্ষেপ কৰিছিল৷ এনে পৰিস্থিতিত মিজো সশস্ত্র সংগ্রামী নেতাই সার্বভৌম ৰাষ্ট্র গঠনৰ চিন্তা পৰিত্যাগ কৰি এখন সুকীয়া ৰাজ্য বিচাৰে৷ কেন্দ্রীয় চৰকাৰে এই দাবী মানি লয়৷
মিজো পাহাৰৰ ৰাজনৈতিক ইতিহাস সূচনা হয় ১৮৯০ চনত৷ এই বর্ষটোতে দ্বিখণ্ডিত লুচাই পাহাৰৰ দক্ষিণ–লুচাই অংশটো বংগ প্রদেশৰ তলতীয়া হয় আৰু উত্তৰ–মিজো পাহাৰ এলেকাটো অসমৰ চীফ কমিছনাৰৰ দ্বাৰা শাসিত হয়৷ ১৮৯৮ চনৰ এক এপ্রিলত ইংৰাজ শাসকে দুই এলেকা একত্রিত কৰি ‘লুচাইপাহাৰ জিলা’ নামেৰে অসম প্রদেশ চীফ কমিছনাৰৰ তলতীয়া কৰিলে৷ ১৯৭২ চনত উত্তৰ–পূব ৰাজ্য পুনৰ গঠন আইনৰ দ্বাৰা মিজোৰামক কেন্দ্রীয়শাসিত ৰাজ্যত পৰিণত কৰা হয় আৰু ১৯৮৭ চনৰ ২০ ফেব্রুৱাৰীত মিজোৰামে পূর্ণাংগ ৰাজ্যৰ মর্যাদা লাভ কৰে৷ ১৯৯১ চনৰ লোকগণনা অনুসৰি ৰাজ্যখনৰ জনসংখ্যা ৬,৮৬,২১৭৷
মিজোৰামৰ মুঠ এলেকা ২১,০৮৭ বর্গ মাইল৷ আয়তনৰ ফালৰ পৰা মিজোৰাম মণিপুৰৰ সমকক্ষ কিন্তু ত্রিপুৰাৰ তুলনাত দুগুণ৷ তিনিও ৰাজ্যৰ ভৌগোলিক অবয়ৱটোৰ ওপৰত চকু থ’লে এনে ভাব হয় যে এফালে মণিপুৰ আনফালে ত্রিপুৰাই মিজোৰাম শৰীৰটোক দুফালে দুখন কাণ সদৃশ কৰি ৰাখিছে, অৱশ্যে এখন কাণ কিছু ওপৰত আৰু আনখন দেখাত কিছু সৰু৷
ভাৰতীয় বন আইন Act.VII ১৮৬৫)ৰ দফা নং ২ৰ ভিত্তিত ১৮৭৭ চনৰ ১৫ মার্চত জাৰি হোৱা অধিসূচনা অনুসৰি কাছাৰ জিলাৰ (অবিভক্ত) অন্তর্গত সংৰক্ষিত বনাঞ্চলৰ পৰিমাণ ৫০৯ বর্গমাইল৷ ১৮৭৮ চনৰ নতুন বন আইনৰ ৩৪নং দফাৰ ভিত্তিত উক্ত সংৰক্ষিত বনাঞ্চল এলেকা কাছাৰ জিলাৰে অন্তর্গত বুলি ১৮৭৮ চনৰ ১৭ অক্টোবৰত জাৰি হোৱা অধিসূচনায়ো স্পষ্ট কৰি গৈছে৷ কিন্তু ইয়াৰে একাংশ সংৰক্ষিত বনভূমি ১৯০৪ চনৰ ১৬ মার্চত জাৰি হোৱা ১০৯২ নং (পি) অধিসূচনা অনুসৰি লুচাই পাহাৰলৈ হস্তান্তৰ কৰোৱা হয়৷ কাছাৰ জিলাৰ পৰা কাটি অনা এই সংৰক্ষিত বনভূমি লুচাই পাহাৰ জিলাত সংলগ্ণ কৰাৰ পিছত ১৯০৪ চনৰ ২৬ মার্চৰ ১০৯৩ নং (পি) অধিসূচনা অনুসৰি পাহাৰীয়া জিলাখনৰ ভৌগোলিক গাঁথনিটো নকৈ সজোৱা হয় আৰু একেটা দিনতে জাৰি হোৱা ১০৯৪ নং (পি) অধিসূচনা অনুসৰি লুচাই পাহাৰ জিলা সংলগ্ণ এই ভূমিখণ্ড পূর্ব আৰোপিত সকলো আইনী ব্যৱস্থাৰ পৰা মুক্ত বুলি জনোৱা হয়৷ স্বাধীনতাৰ আগেয়ে ১৯৩৩ চনৰ ৯ মার্চত জাৰি হোৱা ২১০৬ নং (এপি) অধিসূচনা অনুসৰি ব্রিটিশ শাসকে কাছাৰ–লুচাই পাহাৰ মাজত সীমা নির্ধাৰণ কৰি গৈছে৷ উক্ত অধিসূচনাই পাহাৰীয়া জিলাখনৰ যি সীমা উল্লেখ কৰি গৈছে তাত সীমা সংক্রান্তীয় ১৮৭৫ চনৰ ২৪ জুন আৰু ১৮৯০ চনৰ ১২ ছেপ্ঢেম্বৰত জাৰি হোৱা অধিসূচনাৰ লগতে ১৯০৪ চনৰ ১০৯২ (পি) অধিসূচনাৰ কথাখিনিকো স্থান দি গৈছে আৰু ইয়াৰ যোগেদি অবিভক্ত কাছাৰ জিলাখনৰ দক্ষিণ সীমাটো স্পষ্টকৈ জানিব পৰা কৰি গৈছে৷ কিন্তু স্বাধীনতাৰ পিছত মিজোসকলে জিলাখনৰ ভৌগোলিক সীমা সম্প্রসাৰণ হোৱাটো বিচাৰে৷ তেওঁলোকে ১৯৩৩ চনৰ অধিসূচনা মানি ল’ব নোখোজে৷ বিশেষকৈ ‘মিজোৰাম’ গঠনৰ পিছতে (১৯৭২) তেওঁলোকে ১৮৭৩ চনতBengal Eastern Frontier Regulationৰ আধাৰত জাৰি হোৱা সীমাটোকে ৰাজ্যখনৰো সীমা হোৱাটো দাবী কৰে৷
কাছাৰ–মিজোৰামৰ মাজৰ ভৌগোলিক সীমা প্রকৃতিৰ চিৰ প্রবাসিনী নদী, জান–জুৰিক কেন্দ্র কৰি নিৰূপণ কৰা হৈছে৷ দুয়োখন জিলাৰ মাজত কেৱল দুটা এলেকাত– চত্তচূডা সর্বোচ্চ পার্বত্য অংশৰ পৰা লুংলে নদীপর্যন্ত আৰু ৰূকুনী নদীৰ পৰা ধলাই নদীপর্যন্ত তেতিয়া সীমাৰ স্পষ্টতা নির্ণয় কৰিব পৰা নগ’ল৷ স্বাধীনতাৰ পিছত ১৯৪৯–৫০ চনৰ সময়খিনিত অসম চৰকাৰৰ জৰীপ বিভাগে চত্তচূডাৰ পৰা লুংলেলৈকে সীমা নির্ধাৰণ কৰে আৰু একেদৰে ১৯৫৮–৬০ৰ সময়ছোৱাত ৰূকুনী নদীৰ পৰা ধলাই নদীলৈকে সীমা নির্ধাৰণ কৰি থকাৰ মাজতে মিজু দুর্বৃত্তই জৰীপ কর্মীক আক্রমণ কৰাৰ লগতে চৰকাৰী নথি–পত্র, নক্সা, জৰীপ কর্মীৰ কেম্প আদিত অগ্ণিসংযোগ কৰি জৰীপ কর্মীক পলাবলৈ বাধ্য কৰায়৷ সেই অংশত জৰীপ অসম্পূর্ণ হৈ ৰোৱাত দুই জিলাৰ মাজত সীমা নিৰূপণ প্রায় অসম্ভৱ হৈ ৰয়৷
১৯৫৮ চনৰ শেষভাগত সমগ্র মিজোপাহাৰ এলেকাৰ ববাহগছত ফুল Mautam) ধৰাৰ ঘটনাক কেন্দ্র কৰি সৃষ্টি হোৱা দুর্ভিক্ষৰ পৰা ৰক্ষা পাবলৈ মিজো জিলা পৰিষদে একাংশ ক্ষতিগ্রস্ত মিজো পৰিয়ালক কাছাৰ জিলাৰ অন্তর্গত সমতল ভূমিত বসতি কৰিবলৈ দিয়াৰ লগতে তেওঁলোকক খেতি–বাতি কৰাৰ বাট দেখুৱাই দিয়ে৷ বন বিভাগে (কাছাৰ জিলা) তেতিয়া অবৈধ ভূমি দখলকাৰীক খেদিব বিচাৰিছিল যদিও তেওঁলোকৰ প্রতি অসম চৰকাৰে উদাৰ মনোভাব পোষণ কৰি কৃষি–শস্য সংগ্রহলৈকে মিজোসকলক থাকিবলৈ অনুমতি দিয়ে৷ ১৯৫৯ চনত অসম চৰকাৰে মিজো ভূমি বেদখলকাৰীক তেওঁলোকৰ কৃষিশস্য সংগ্রহৰ পিছতো এবছৰ বেছিকৈ থাকিবলৈ অনুমতি প্রদান কৰে৷ অসম চৰকাৰে ৰাজহ বিভাগক তেওঁলোকে অধিকাৰ কৰা মাটিৰ পৰা খাজনা তোলাৰ নির্দেশ দিয়ে৷ পৰৱর্তী সময়ত বন বিভাগে তেওঁলোকক উভতি যোৱাৰ বাবে হেঁচা প্রয়োগ কৰিছিল৷ একাংশ লোকে বস্তি ত্যাগ কৰে যদিও ৰাজ্য চৰকাৰৰ উদাসীনতাৰ সুযোগ বুজি তেওঁলোকে কাছাৰ সংৰক্ষিত আৰু অসংৰক্ষিত অঞ্চলত গঢ়ি তোলা গাঁও–বস্তিলৈ পুনৰ ঘূৰি আহে৷ যোৱাটো শতিকাৰ ৮০ দশকলৈকে মিজু লোকৰ ভূমি বেদখলৰ পৰিমাণ ক্রমান্বয়ে বৃদ্ধি পাবলৈ ধৰে৷ বিশেষকৈ ফাইছন, বৰুণচেৰা, ৰামজনী, ঝপলা, হাৱাইথাং, ধলাই, বৰজুমি, ভৈৰৱী, ধবলাচেৰা এলেকাৰ পৰা বহু মিজো জনজাতীয় লোকে সীমান্ত জিলাখনৰ ভূমি গ্রাস কৰি যায়৷ কৃষিকার্যত নিয়োজিত এই লোকসকলে ঝুম খেতি কৰি বন্যভূমি এলেকা এফালৰ পৰা ধ্বংস কৰিছিল৷
১৯৭২ চনৰ পৰা মিজোৰাম চৰকাৰে কাছাৰ সংৰক্ষিত অসম বনাঞ্চলৰ মিজো লোকৰ দখলীকৃত এলেকাত বাধাহীনভাৱে ৰাস্তা– পদূলি নির্মাণ, স্কুল, চৰকাৰী অতিথিশালা, চৰকাৰী কার্যালয় নির্মাণৰ কাম চলাই আহিছে৷ লোহাৰবন্দ বনাঞ্চল, ধবলাচেৰাত মিজোৰাম চৰকাৰে জলসিঞ্চন প্রকল্প গঢ়ি তোলে৷ মিজোৰাম চৰকাৰে অসম ভূমি দখলকাৰী মিজো লোকক কৃষি ঋণ প্রদানৰ ব্যৱস্থা লয়৷ উক্ত এলেকাত বস্তি পাতি বসবাস কৰি অহা মিজো লোকে মিজোৰাম চৰকাৰকহে কৰ–কাটল পৰিশোধ কৰি আহিছে৷ নয়াঘোটঘোটি, ৰাইফলমাৰা, বাঘচেৰা, নলৰাম বস্তি আদিত মিজো লোকে দখল কৰি অহা ভূমিত অখিলঞ্জীয়া আৰু অজনজাতি লোকক আশ্রয় দি তেওঁলোকৰ যোগেদি খেতি–খোলা পৰিচালনা কৰি আহিছে৷ ভৈৰৱী এলেকাত পূর্বৰ মিজো মুখ্যমন্ত্রী আৰু চৰকাৰী উচ্চ বিষয়াসকলে বৃহৎ খাত–পাম তৈয়াৰ কৰি সেইবোৰত পূর্ববংগীয় পমুৱাৰ হতুৱাই খেতি–বাতি বর্তাই আছে৷ গতিকে ক’বই লাগিব যে অসম চৰকাৰৰ দুর্বলতাৰ সুযোগ বুজি এইবোৰ ঘটনা সম্ভৱ হৈ আহিছে৷ ১৯৭৭ চনৰ কাছাৰ জিলা বন বিষয়াৰ প্রতিবেদন অনুসৰি কাছাৰ সংৰক্ষিত বনাঞ্চলৰ ৪,৩০৪ বিঘা ভূমি মিজো বেদখলকাৰীৰ কবলত পৰিছিল৷
১৯৭২ চনৰ মে’ মাহত অসম চৰকাৰে মিজো বেদখলকাৰীক উচ্ছেদ কৰাৰ ব্যৱস্থা হাতত লোৱাত মিজোৰামৰ মুখ্য সচিবে মিজো খেতিয়কক খেতি চপোৱালৈকে অপেক্ষা কৰিবলৈ অনুৰোধ জনায়৷ ১৯৭৩ চনত অসম চৰকাৰৰ ফালৰ পৰা পুনৰ উচ্ছেদ অভিযান লোৱাৰ সময়ত মিজোৰামৰ মুখ্য সচিবে শ্বিলঙত উপস্থিত হৈ (১৯ নৱেম্বৰ, ১৯৭৩) অসমৰ মুখ্যমন্ত্রী শৰৎ চন্দ্র সিংহক লগ ধৰি মিজোসকলৰ প্রতি উদাৰীকৰণ নীতি গ্রহণৰ আহ্বান জনায়৷ মুখ্যমন্ত্রীয়ে এই অনুনয়–বিনয়ত ভোল যায়৷ ১৯৭৫ চনৰ প্রথম ভাগত অসম বন সুৰক্ষা কর্মীয়ে একাংশ মিজো বেদখলকাৰীৰ ঘৰ–দুৱাৰ ভাঙি দিয়ে যদিও একেখিনি লোকে কিছুদিনৰ পিছতে পুনৰ থিতাপি লয়৷
মিজোৰাম চৰকাৰে ১৯৯১ চনত ৫৪নং ৰাষ্ট্রীয় ঘাইপথৰ লাইলাপুৰ সীমান্তৰ অসম এলেকাত (ধলাই সংমণ্ডল) টেক্স গেট স্থাপন কৰাৰ লগতে দুই কিলোমিটাৰতকৈও বেছি কাছাৰ জিলা অন্তর্ৱর্তী ভূমিত পুলিচ ছাউনী আৰু তিনিটা আৰ চি চি বৃহৎ অট্টালিকা গঢ়ি তোলে৷ এনে ভূমি আগ্রাসী ঘটনা উনুকিয়াই দি কাছাৰ জিলা প্রশাসনৰ ফালৰ পৰা সংশ্লিষ্ট কর্তৃপক্ষক ব্যৱস্থা গ্রহণৰ (১৩ মার্চ ১৯৯১) আহ্বান জনোৱা হয়৷ অসম চৰকাৰৰ গৃহ বিভাগে কাছাৰ জিলা প্রশাসনক (১৯ মে’ ১৯৯১) উচ্ছেদৰ ব্যৱস্থা গ্রহণৰ অনুমতি দিয়ে৷ জিলা প্রশাসনৰ ফালৰ পৰা উচ্ছেদৰ জাননী দিয়াত মিজোৰামৰ মুখ্য সচিবে উচ্ছেদ বন্ধ ৰাখি শান্তি সমন্বয়ৰ মাজেৰে বিষয়টো আলোচনা কৰাৰ প্রস্তাৱ আগবঢ়ায়৷ মিজোৰামৰ মুখ্যমন্ত্রীয়ে (১১ জুলাই, ১৯৯১) অসমৰ মুখ্যমন্ত্রী হিতেশ্বৰ শইকীয়ালৈ পত্র প্রেৰণ কৰি সীমা সমস্যা আঁতৰ কৰাৰ প্রস্তাৱ আগবঢ়ায়৷ ১২ অক্টোবৰ (১৯৯১) দুইগৰাকী মুখ্যমন্ত্রীৰ মাজত আলোচনা অনুষ্ঠিত হয় কিন্তু লাইলাপুৰ বিষয়টোৱে গুৰুত্ব নাপালে৷
মিজো লোকনির্মাণ বিভাগে হাৱাইথং বন এলেকাৰ পৰা লাইলাপুৰ ভাংৰাইটিলৈ কাছাৰ জিলা অন্তর্গত দখলীকৃত ভূমিৰ ওপৰেৰে পকীপথ নির্মাণ কৰে৷ অসম চৰকাৰৰ এই বিষয়টো দৃষ্টিগোচৰ নোহোৱাকৈ থকা নাছিল৷ অসমৰ ফালৰ পৰা এই পকীপথ নির্মাণৰ কাম বন্ধ কৰিবলৈ জনোৱা হয়৷ বিষয়টো অসম চৰকাৰে কেন্দ্রীয় গৃহ বিভাগকো অৱগত কৰিছিল (১৯৯৪)৷ কেন্দ্রীয় চৰকাৰৰ মধ্যস্থতাত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্রীৰ মাজত নতুন দিল্লীত আলোচনা অনুষ্ঠিত হয় (৬ ফেব্রুৱাৰী)৷ মিজোৰামৰ ফালৰ পৰা ভূমি বেদখল বন্ধ কৰাৰ লগতে পকীপথ নির্মাণ কাম বন্ধ ৰখাৰ প্রতিশ্রুতি দিয়ে৷ পৰৱর্তী সময়ত সচিব পর্যায়ৰ কেইবাখনো আলোচনা অনুষ্ঠিত হয় কিন্তু মিজোসকলৰ অসম ভূমি দখলী কার্য অন্ত নপৰিল৷
যোৱাটো শতিকাৰ ৭০ দশকৰ পৰা মিজোসকলে অত্যধিক হাৰত অসম ভূমিত বেদখল চলাই আহিছে৷ অসম–মিজোৰাম আন্তঃৰাজ্যিক সীমান্তৰ কেইটামান নির্দিষ্ট এলেকাত এনে ভূমি অধিগ্রহণ অতি স্পষ্ট৷ উদাহৰণ স্বৰূপে– ১৷ ৰামজনী এলেকা (কাছাৰ জিলা)– এইপর্যন্ত, এই এলেকাৰ ২৫০ হেক্টৰ অসম ভূমি চৰকাৰী আৰু বেচৰকাৰীভাৱে মিজো বেদখলীৰ কবলত পৰিছে৷ তথ্য অনুসৰি, ১৯৮৩ চনত ইয়াত চৰকাৰী চিকিৎসালয়, দুটা বৃহৎ ধান কল, গির্জা, তিনিখন স্কুল, বৃহৎ আকাৰৰ কৃত্রিম পুখুৰী আৰু পূর্ববংগীয় লোকৰ যোগেদি বৃহৎ কৃষিপাম গঢ়ি তোলা হৈছে৷ ১৯৮৪ চনৰ ২৬ মার্চত কাছাৰ জিলা প্রশাসনৰ ফালৰ পৰা ভূমি আগ্রাসন বন্ধ কৰিবলৈ কোৱা হৈছিল৷ কিন্তু কার্যক্ষেত্রত মিজো চৰকাৰে নীৰৱ ভূমিকাহে পালন কৰি আহিছে৷ মিজো চৰকাৰে ৰামজনী–ধবলাচেৰাৰ্ পৰা বিলকাঠী হৈ অসমৰ ভূমিৰ ওপৰেৰে ১০ কিলোমিটাৰ শিলচৰ–মিজোৰাম সংলগ্ণ পথ নির্মাণ কৰিছে৷ অসম চৰকাৰে ইয়াক বাধা দিয়াৰ কোনো ব্যৱস্থা হাতত নল’লে৷
ফাইছন এলেকা (কাছাৰ জিলা)– ইয়াৰ পৰা বৰুণচেৰালৈ অসমৰ ভূমিৰ ওপৰেৰে ৯ কিলোমিটাৰ পকীপথ ১৯৮৬ চনতে মিজোৰাম চৰকাৰে নির্মাণ কৰিছে৷ ১৯৭৮ চনৰ তথ্যমতে কমেও ৬০টা পৰিয়ালে ১৫০ হেক্টৰ ভূমিত মিজো বস্তি, কৃষিপাম গঢ়ি তুলিছিল৷ একেদৰে ধবলাচেৰাত ১২ হেক্টৰ বনভূমি মিজো লোকে দখল কৰিছে৷ বৰুণচেৰাত ৫৪নং ৰাষ্ট্রীয় পথৰ কাষৰীয়া অসম ভূমিত টেক্স গেট, তিনিটা স্থায়ী গৃহ আৰু মিজোৰাম পুলিচৰ শিবিৰ গঢ়ি তোলা হৈছে৷
লুচাইচেৰা (কৰিমগঞ্জ)– অসমৰ অন্তর্গত বাদচানটিলা সংৰক্ষিত এলেকাত অসম চৰকাৰৰ লগত কোনো আলোচনা নকৰাকৈ মিজো চৰকাৰে ১৯৮৩ চনত বৃহৎ কৃষিপাম গঢ়ি তুলিছে৷ ১৯৮৫ চনৰ ১৮ জুনত অসমৰ ফালৰ পৰা তৃতীয়টো প্রতিবাদ জনোৱা হয়৷ কিন্তু এই পর্যন্ত অসম চৰকাৰে কোনোধৰণৰ দৃঢ় পদক্ষেপ লোৱা নাই৷
লুংলে সংৰক্ষিত বনভূমি (কৰিমগঞ্জ)– এই সংৰক্ষিত বনাঞ্চলৰ অসমৰ অন্তর্গত এলেকাত মিজোৰামে প্রায় ১০০ হেক্টৰ ভূমি দখল কৰি চেগুণ পুলি ৰোপণ কৰিছে৷ ১৪খন মিজো বস্তি গঢ়ি উঠিছে৷ ১৯৮৫ চনৰ ১৮ জুনত অসমৰ ফালৰ পৰা ভূমি বেদখলমুক্ত কৰিবলৈ জনোৱা হৈছিল৷ কিন্তু কোনো সঁহাৰি পোৱা নগ’ল৷
মেদ্লিচেৰা, কাটমৰি, দেমগিৰি (কৰিমগঞ্জ) – মিজোৰাম চৰকাৰে ১৯৮৫ চনৰ পৰা এই অঞ্চলকেইটা ৰাজ্যখনৰ অন্তর্গত বুলি দাবী কৰি আহিছে৷ ইয়াত মিজোবস্তি, কৃষিপাম, স্কুল–কলেজ, কাঠৰ উদ্যোগ, বৃহৎ কয়লা ছিণ্ডিকেট গঢ়ি উঠিছে৷ বৃহৎ ফলকত গোটেই এলেকা মিজোৰামৰ অন্তর্গত বুলি জাহিৰ কৰি আহিছে৷
ভলচেৰা (হাইলাকান্দি)– ১৯৮১ চনত মিজোৰাম চৰকাৰে ইয়াত নিজাকৈ চৰকাৰী অতিথিশালা, গির্জা, স্কুল, কৃষিপাম গঢ়ি তুলিছে৷ ১৯৮১ চনৰ ২৪ জানুৱাৰীত অসম চৰকাৰে এই ভূমি এৰি দিবলৈ সতর্ক কৰি দিছিল৷ কিন্তু মিজোৰাম চৰকাৰে কোনো ব্যৱস্থা হাতত নল’লে৷ এইবোৰ কেইটামান উদাহৰণহে মাত্র৷ এইক্ষেত্রত অসমে উদাৰ–উদাসীন ভাব প্রকাশ কৰি কার্যক্ষেত্রত নিজকে দুর্বল বুলিহে পৰিচয় দি আহিছে৷
যোৱা ২৬ জুলাইত অপ্রৰোচিতভাৱে মিজোৰাম আৰক্ষী আৰু নাগৰিকে হাতত অত্যাধুনিক অস্ত্র লৈ অসমৰ এজন নাগৰিক আৰু ছজন পুলিচ জোৱানক হত্যা আৰু শতাধিক লোকক ঘুণীয়া কৰি গ’ল৷ গুৰুত্বপূর্ণ কথাটো আছিল যে ঘটনাৰ আগদিনা ২৫ জুলাইত কেন্দ্রীয় গৃহমন্ত্রীয়ে অসমৰ চুবুৰীয়া আটাইকেইখন ৰাজ্যৰ মুখ্যমন্ত্রীৰ লগত সীমা সমস্যাৰ ওপৰত আলোচনা কৰাৰ বাবে বৈঠকত প্রস্তাৱ দিছিল৷ এই ঘটনাৰ পৰা বুজিব পাৰি যে মিজোৰামে সীমা সমস্যা সমাধানৰ প্রতি আগ্রহী নহয়৷ যোৱা ৫ আগষ্টত (২০২১) মিজোৰামৰ গৃহমন্ত্রী লাল শ্বামলিনা, অসম সীমাঞ্চল মন্ত্রী অতুল বৰা, নগৰ উন্নয়ন মন্ত্রী অশোকানন্দ সিংহলৰ উপস্থিতিত অনুষ্ঠিত ৫ দফীয়া সচিব পর্যায়ৰ শান্তি চুক্তিয়ে এই জটিল–জ্বলন্ত সীমা সমস্যাটো পুনৰ গাপ দি ৰাখিব নেকি? এনেধৰণৰ শান্তিচুক্তি আগতে বহুকেইখন হৈ গৈছে৷ অসম চৰকাৰে সোপাঢ়িলা মনোভাব বিসর্জন দি দৃঢ়তাৰে এই সমস্যাৰ অন্ত পেলাওক৷