শক্তিশালী বিৰোধীহীনতাত অসম
গণতান্ত্রিক ব্যৱস্থাত বিৰোধী দলৰ এক শক্তিশালী ভূমিকা থাকে৷ শাসকীয় দলৰ নেতাতকৈ বিৰোধী দলৰ নেতাৰ কথা–বতৰা, কাম–কাজৰ ওপৰত তীক্ষ্ণ দৃষ্টি থাকে সচেতন জনতাৰ৷ তেওঁলোকে শাসকীয় চৰকাৰখনক নিয়ন্ত্রণত ৰাখিবলৈ বা চৰকাৰৰ বেআইনী কাম জনতাৰ আগত উদঙাই দিবলৈ যিধৰণৰ পৰিকল্পনাৰে আগবাঢিব লাগে, তাতেই প্রকাশ পায় বৌদ্ধিক দক্ষতা, দল বা দলীয় নেতৃত্বৰ৷ সেয়েহে চৰকাৰৰ কাম–কাজৰ লগতে সচেতন লোকৰ দৃষ্টি নিবদ্ধ হৈ থাকে বিৰোধী নেতৃত্বৰ ওপৰত৷
বিগত বিধানসভা নির্বাচনৰ আগত আৰু চৰকাৰ গঠনৰ পাছত বিৰোধী নেতা হিচাপে যিসকলে মুখ্যতঃ আত্মপ্রকাশ কৰিছে সেইসকল নেতাই যেন তেনে এক বিচক্ষণতা দেখুৱাবলৈ সক্ষম হোৱা নাই৷ শাসকীয় দলৰ জনবিৰোধী কার্যবোৰ ৰোধৰ বাবে যিধৰণৰ পৰিকল্পনাৰে আগবাঢি যোৱাৰ প্রয়োজন আছিল তাৰ বিপৰীতে তেওঁলোকে সাময়িকভাৱে সাধাৰণ সমর্থকক আনন্দ দিয়াত যেন সন্তুষ্টি লভিছে, শাসকীয় নেতৃত্বক তৃতীয় শ্রেণীৰ সমালোচনাৰে৷ বিধানসভা নির্বাচনৰ আগত আঞ্চলিক গণ মর্চাৰ অজিত কুমাৰ ভূঞা, তদানীন্তন প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰা, অসম জাতীয় পৰিষদৰ লুৰিণজ্যোতি গগৈ আৰু বিধানসভা নির্বাচনৰ পাছত ৰাইজৰ দলৰ অখিল গগৈ আৰু প্রদেশ কংগ্রেছৰ নৱনিযুক্ত সভাপতি ভূপেন বৰাৰ কথা–বার্তা, আচৰণ দেখি–শুনি এটা ফঁকৰা যোজনালৈহে মনত পৰিছে– অতামুলী তামোল খাই পিকেৰে বোৱাই ৰাং, অঘৈণী ঘৈণী হ’ল, দুপৰতে বগাই চাং৷
কথাকাণ্ডবোৰ দেখি এনে ভাব হ’ল যেন নাপাবলগীয়াজনেই এক সুযোগ পাই একেদিনাই সকলো সলনি কৰাৰ সপোন দেখিছে অতি উৎসাহত৷
বিধানসভা নির্বাচনৰ আগত ৰাজ্যসভাৰ কংগ্রেছ–এ আই ইউ ডি এফৰ উমেহতীয়া প্রাথ্ হিচাপে সাংসদ হ’ল জ্যেষ্ঠ সাংবাদিক অজিত কুমাৰ ভূঞা৷ কংগ্রেছ আৰু ইউ ডি এফৰ মিত্রতাই তেতিয়ালৈকে আনুষ্ঠানিক ৰূপ নোলোৱাৰ সুযোগ ল’লে অজিত কুমাৰ ভূঞাই৷ ইয়াৰ ফলত দুয়োটা দলেই তেওঁলোকৰ যিকোনো এজন জ্যেষ্ঠ নেতাক ৰাজ্যসভাত পঠিওৱাৰ পৰা বঞ্চিত হ’ল৷ দুয়োটা দলৰ সংঘাতৰ পৰিণতিত তেওঁ সাংসদ হ’ল৷ ইয়াৰ সুবাদতে ইউ ডি এফৰ প্রতি কৃতজ্ঞ হৈয়েই অজিত কুমাৰ ভূঞাই কংগ্রেছ–ইউ ডি এফৰ মিত্রতা নিশ্চিত কৰিলে আৰু ইউ ডি এফক যেন সঞ্জীৱনীহে দিলে৷ যাৰ ফলত কংগ্রেছ দলটো অসমীয়া খিলঞ্জীয়া লোকৰ পৰা পুনৰ যেন বিচ্ছিন্ন হ’ল৷ মিত্রজোঁট আৰু মহাজোঁটৰ ভোটৰ ব্যৱধানৰ হিচাপ দাঙি ধৰি ৰিপুণ বৰাই যিয়েই সাত্ব্ন্না নলওক কিয়, তেওঁলোকে ক’ত ভোট বেছি পালে, ক’ত কম পালে এবাৰ চাই লোৱা ভাল৷ মিত্রতা কৰিয়ে ইউ ডি এফক জীয়াই থকাত সাৰ–পানী যোগালে কংগ্রেছে, সেই কথা বুজিবলৈ বেছি বুদ্ধিৰ দৰকাৰ নাই৷ সাংসদ হৈয়ে ভূঞা ৰাজনৈতিক নেতা হৈ পৰিল৷ ৰাতিৰ ভিতৰতে কোনো নিম্ন পর্যায়ৰ সদস্য নহ’লেও এটা ৰাজনৈতিক দল খুলি ল’লে৷ আঞ্চলিক গণ মর্চা, ইয়াক এক ক্ষমতাকেন্দ্রিক ৰাজনৈতিক দল বুলি কোৱাতকৈ ঘটক দল বুলি কোৱাটো হয়তো অধিক সমীচীন হ’ব৷ এই ঘটক দলৰ মুখ্য ঘটকে অন্য নোৱাৰিলেও চিপিএম, চিপিআই আদিকে ধৰি দুই–এটা দলক চামিল কৰি মহাজোঁট নামকৰণ কৰি পেলালে৷ যিবোৰ দলক লৈ তেওঁ মহাজোঁট কৰি পেলালে তাৰ অনেকেই ইতিমধ্যেই মিউজিয়াম পাইছিলেই৷ তাৰ বাবে ভূঞাক ধন্যবাদ দিবই লাগিব৷ তেনে কেইটামান দলক লৈয়ে উৎসাহী অজিত কুমাৰ ভূঞাৰ যুদ্ধৰ হুংকাৰ মিত্রজোঁটৰ বিৰুদ্ধে৷ বিৰোধীৰ নেতা হিচাপে তেওঁ যিবোৰ ভৱিষ্যদ্বাণী কৰিব ধৰিলে তাকে লৈ অনেকৰ সন্দেহ হ’ল সঁচাকৈ এওঁ তিনিটা দশকৰো অধিককাল ধৰি সংবাদ মাধ্যমৰ অভিজ্ঞতাৰে পৰিপুষ্ট হয়নে? তেওঁৰ আগতীয়া ভৱিষ্যদ্বাণীক কোনো সাধাৰণ মানুহেই গুৰুত্ব নিদিলে৷ কাৰণ বিগত লোকসভা নির্বাচনৰ সময়ত ভোটগণনাৰ আগদিনা যিধৰণৰ ভৱিষ্যদ্বাণী কৰিলে, পিছদিনাখন তেওঁৰ ‘ফাটমেলা বসুমতী, পাতালে লুকাও’ অৱস্থা হৈছিল৷ নির্বাচনী সমীক্ষাৰ বাবে বহুদিন ধৰি তেওঁ মুখ দেখুৱাবলৈও লাজ কৰি আছিল৷ সেইজন ভূঞাৰ বিচক্ষণতাক কংগ্রেছ–ইউ ডি এফ নেতৃত্বই বুজি নাপালেও সাধাৰণ জনতাই বুজি পায়৷ বদৰুদ্দিনক মুখ্যমন্ত্রী পতা বা কিংমেকাৰ পতাৰ স্বপ্ণত থকা অজিত কুমাৰ ভূঞাই যে এইধৰণৰ প্রক্রিয়াৰে হিমন্ত বিশ্ব শর্মাৰ দৰে দক্ষ নেতাক ৰুধিব নোৱাৰে সেয়া প্রতীয়মান হৈছিল৷ অঘৈণী ঘৈণী হোৱাৰ অত্যুৎসাহত দুপৰতে চাং বগোৱা কার্যকো উপভোগ কৰিছিল এচামে৷ ‘কা’বিৰোধী নেতা হিচাপেই অজিত কুমাৰ ভূঞাক নির্বাচিত কৰা কার্যই উদঙাই দিছিল যে দুয়োটা দলৰ মাজত সংসদত ‘কা’ৰ বিৰোধিতা কৰিব পৰা নেতাৰ অভাৱ যদি সঁচা অর্থত ‘কা’ বিৰোধী নেতাক নির্বাচন কৰিব বিচৰা হৈছিল, তেনে নেতাৰ হিচাপত ভূঞা দহ নম্বৰৰো তলত হয়তো থাকিব৷ কিন্তু ভূঞাৰ দ্বাৰা বিজেপিৰ বিৰুদ্ধে সকলোকে একত্রিত কৰিব পৰা যাব বুলি হয়তো দুয়োটা দলে অনুভৱ কৰিছিল৷ হয়তো তেনে এক ইংগিতো দিছিল তেওঁ ভূঞাই বিজেপি বিৰোধী সকলো দলক একত্রিত কৰিবটো নোৱাৰিলেই তেওঁ কোনো ৰাজনৈতিক দক্ষতাৰো পৰিচয় দিবলৈ সক্ষম নহ’ল৷
সেইদৰে সদৌ অসম ছাত্র সন্থাৰ সম্পাদকৰ পৰা একে কোবে এটা আঞ্চলিক ৰাজনৈতিক দলৰ সভাপতিৰ দায়িত্ব ল’লে লুৰিণজ্যোতি গগৈ৷ নতুন আঞ্চলিক দলটোত বহুতো অভিজ্ঞ আমোলা–বিষয়া জডিত হৈ আছিল৷ তেনে অলেখ লোক থকাৰ পাছতো ৰাজনীতিত অনভিজ্ঞ লুৰিণজ্যোতি গগৈ, ৰাজনীতিত ব্যর্থ নেতা হিচাপে চিহ্ণিত হোৱা প্রবীণ ডেকা, জগদীশ ভূঞাইহে দলটোৰ নেতৃত্ব ল’লে৷ দলটোৰ সভাপতিৰ দায়িত্ব লৈ গগৈ আদি উৎসাহী হ’লেও জনসাধাৰণে একো ব্যতিক্রম দেখা নাপালে৷ ছাত্র সন্থাৰ দৰে আক্রমণাত্মক বত্তৃণতাই মানুহক আকর্ষণ নকৰিলে৷ ড০ হিমন্ত বিশ্ব শর্মাক তুচ্ছ–তাচ্ছিল্যতে থাকি গ’ল দলটো৷ ১৯৮৫ চনৰ পটভূমি যে এয়া নহয় সেয়া যেন বুজিব পৰা নাছিল লুৰিণজ্যোতিয়ে৷ শাসক দলৰ বিৰুদ্ধে যোগ্য নেতা হিচাপে তেওঁ নিজকে প্রতিষ্ঠা কৰিব নোৱাৰিলে৷ যাৰ ফলত অসমতটো বাদেই দিয়ক সভাপতি হিচাপে এটা সমষ্টিতো জয়ী হ’ব নোৱাৰিলে তেওঁ৷ অথচ এক প্রচণ্ড সম্ভাৱনা দেখিছিল আগ্রাসী নেতাগৰাকীক লৈ বহুতো জনতাই৷ নিজক বিশ্লেষণ কৰি আগবাঢিলে নিশ্চয় এজন সম্ভাৱনাময় নেতা পাব অসমে৷
সদ্যপ্রাক্তন কংগ্রেছ সভাপতি ৰিপুণ বৰাই যৎপৰোনাস্তি মিত্রশক্তিৰ বিৰুদ্ধে যুঁজ দিব বিচাৰিছিল যদিও তেওঁৰ পূর্বৰ কিছু কার্যই বৰাক অস্বস্তিত পেলাইছিল আৰু নিজ সমষ্টিত গণভিত্তি নোহোৱা কথাটোৱে প্রচাৰ লাভ কৰিছিল৷ যাৰ ফলত তেওঁক নেতা হিচাপে জনসাধাৰণে ল’ব পৰা নাছিল৷ এনে এক স্নায়ৱিক যুদ্ধ বিজেপি নেতৃত্বয়ো খেলিছিল৷ সেয়ে তেওঁ মানসিকভাৱে হয়তো দুর্বল হৈ পৰিছিল নিজৰ সমষ্টিৰ কথা ভাবি৷ বাহিৰত তেওঁ যিয়েই প্রকাশ নকৰক কিয়? দলৰ আভ্যন্তৰীণ কন্দলেও অস্বস্তিত পেলাইছিল তেওঁক৷ ইমান দিনৰ ৰাজনৈতিক অভিজ্ঞতাই তেওঁলোকক কিবা শিকোৱা বুলিও আমাৰ মনে নকয়৷ নহ’লে হয়তো নির্বাচন সমাপ্ত হোৱাৰ পাছত হর্ছ ড্রেডিং আদিৰ নামত তেনে এক নির্লজ্জ নাটক নকৰিলেহেঁতেন৷ অসমৰ সামগ্রিক ৰাজনৈতিক ছবি বা জনসাধাৰণৰ ধ্যান–ধাৰণাৰ ওপৰত যেন তেওঁৰ কোনো ধাৰণাই নাই তেনে অনুভৱ হয়৷ সেই কথা হয়তো হাইকমাণ্ডেও পৰৱত্ সময়ত বুজি উঠিছিল৷
তেনে বিৰোধী নেতৃত্বাধীন দলক সহজভাৱে তচনচ কৰি বিধানসভা নির্বাচনত মিত্রশক্তি ক্ষমতা দখল কৰিবলৈ সক্ষম হৈছিল৷ ড০ হিমন্ত বিশ্ব শর্মাৰ ৰাজনৈতিক অংক যেন পুনৰবাৰ শুদ্ধ বুলি প্রমাণ কৰি দ্বিতীয়বাৰৰ বাবে বিজেপি নেতৃত্বাধীন চৰকাৰ গঠন হ’ল৷ চৰকাৰ গঠনৰ পাছতে মানুহে আশা কৰে এজন দূৰদৃষ্টিসম্পন্ন, বিচক্ষণ বিৰোধী নেতাক৷ যিয়ে চৰকাৰখনৰ ভুল–ত্রুটি আঙুলিয়াই দি সঠিক পথত ৰখাৰ ক্ষেত্রত বিশেষ ভূমিকা ল’ব পাৰে৷ জনসাধাৰণক চৰকাৰৰ ভুল–ভ্রান্তিবোৰ দেখুৱাই দিব পাৰে৷ চৰকাৰৰ ক্ষমতাশালী নেতাতকৈ তেওঁৰ ভাবমূর্তি হোৱাটো বিচাৰে নিকা আৰু আদর্শনীয়৷ চৰকাৰবিৰোধী নেতা হিচাপে ৰাইজৰ দলৰ পৰা নির্বাচিত হোৱা একমাত্র বিধায়ক অখিল গগৈক লৈ সচেতন মহলে বহু আশা কৰিছিল যদিও সেই আশাত যেন কম দিনৰ ভিতৰতে পানী পৰিল৷ নৱনির্বাচিত বিধায়কগৰাকী কাৰাগাৰৰ ভিতৰত থাকিয়েই জয়লাভ কৰিলে৷ ইয়াকে লৈ যেন তেওঁ আৰু তেওঁৰ সমর্থকৰ উৎসাহ আৰু অহংকাৰৰ সীমা নাই৷ জে’লৰ ভিতৰৰ পৰা জয়ী হোৱাৰ গৌৰৱ কৰাৰ লগে লগে এই কথাটোও উচ্চাৰিত হৈছে যে জে’লত থকাৰ বাবেহে তেওঁ জয়ী হ’ল নেকি? বিধায়ক হিচাপে নির্বাচিত হোৱাৰ পিছতে তেওঁ অত্যুৎসাহী হৈ যিধৰণৰ আচৰণ কৰিলে বিধানসভাৰ বাহিৰে–ভিতৰে, তাৰ বাবে তেওঁ হাঁহিয়াতৰ পাত্র হ’ল৷ তথ্যভিত্তিক কথাৰে বিধানসভাত দপদপাব বুলি ভবা অখিল গগৈ যেন এক জকাৰতহে পৰিণত হ’ল বা পৰিকল্পিতভাৱে কৰিব বিচৰা হ’ল৷ ইয়াৰোপৰি কোনোবা চুপাৰী মাফিয়াৰ অভিযোগ অখিল গগৈ তেওঁলোকৰ পৰা তিনি কোটি টকাৰ দাবী কৰিছিল৷ ইউ ডি এফৰ তিনিবাৰৰ বিধায়ক আমিনুল ইছলামে নির্বাচনত ৰাইজৰ দলৰ বাবে দহ কোটি টকা বিচৰাৰ অভিযোগ মুকলিকৈ আনিছে৷ এইবোৰ অভিযোগে তেওঁক যে কিছু হ’লেও অস্বস্তিত পেলাইছে সেয়া ঠিক৷ সেয়া আবোল–তাবোল কথাৰে অখিল গগৈ উৰুৱাই দিলেও সাধাৰণ মানুহে কিন্তু ইমান সহজভাৱে উৰুৱাই নিদিয়ে৷ তেওঁ আৰম্ভ কৰা বহুতো আন্দোলন আধাতে বন্ধ হৈ যায় কিয় বুলিও বহুতে সন্দেহৰ আঙুলি টোঁৱাইছে৷ মহাজোঁটত চামিল নোহোৱা আৰু তেওঁক পৰিকল্পিতভাৱে জয়ী কৰি অনাত সঁচাকৈ বিজেপিৰ হাত আছে নেকি? ইয়াৰ ফলত ৰাজপথৰ আন্দোলন বন্ধ হ’ব এই ধাৰণাৰে সেই সন্দেহো এচামে নকৰাকৈ থকা নাই৷ আমিনুল ইছলামে তেওঁৰ বিৰুদ্ধে ১০ কোটি বিচৰাৰ অভিযোগ তোলাৰ পাছত তেওঁ সাংবাদিকক কৈছে যে তেৱেঁই একমাত্র সৎ বিধায়ক বিধানসভাত৷ ইয়াকে লৈ বিধানসভাৰ মজিয়াত মুখ্যমন্ত্রীও টিপ্পনি দিছে৷
মহাভাৰতত অর্জুনক কৃষ্ণই কৈছিল আত্মপ্রশংসা আৰু আত্মহত্যা একেই৷ আৰু এষাৰ কথা মনত পৰিল৷ যাৰ তীক্ষ্ণ জিভাক সকলোৱে ভয় কৰিছিল সেইজন জর্জ বার্ণার্ড শ্ব’ক এবাৰ মুখ বন্ধ কৰিছিল কম কথা কোৱা টয়নবীয়ে৷ বার্ণার্ড শ্ব’ই এবাৰ নিজকে ‘জিনিয়াছ’ বুলি অহংকাৰেৰে কৈ উঠিছিল৷ লগে লগে টয়নবীৰ উত্তৰ–‘বেশ্যাইও নিজকে সৌন্দর্যৰ ৰাণী বুলি ভাবে৷ ’ চৰকাৰৰ বিৰুদ্ধে ভাবি থকা এজন সঁচা অর্থৰ বিৰোধী যেন হেৰুৱালে সচেতন মহলে অতি কম দিনৰ ভিতৰতে৷ কিদৰে তেওঁ নিজকে যোগ্য আৰু সৎ ৰাজনীতিক হিচাপে প্রতীয়মান কৰিব পাৰে তাৰ ওপৰতে নির্ভৰ কৰিব ৰাজনৈতিক ভৱিষ্যৎ৷ ‘সাধাৰণ জীৱন, উচ্চ চিন্তন’ বুলি কথাষাৰ আছে যদিও ‘উচ্চ জীৱন, উচ্চ চিন্তন’ত কি অসুবিধা হ’ব? উচ্চ চিন্তা কৰাজনে সাধাৰণ জীৱন কটাবই লাগিব বুলি কোনো কথা নাই৷ তেনে সাধাৰণক বহুতে সম্প্রতি নাটক বুলিও ভাবিব লৈছে৷
নির্বাচনৰ আগৰে পৰাই কংগ্রেছৰ সভাপতি সলনিৰ গুণাগঁথা চলি আছিল যদিও সেয়া সম্ভৱ নহ’ল৷ কংগ্রেছৰ ইয়াকে লৈ চাৰিটামান লবী হোৱাৰ কথাও সংবাদ মাধ্যমত প্রচাৰ হ’ল৷ ৰিপুণ বৰাৰ নেতৃত্বত উজনি অসমত কংগ্রেছে মুখ থেকেচা খোৱাৰ পাছত চাৰিবাৰকৈ বিধায়ক হিচাপে নির্বাচিত হৈ অহা মৰিয়নিৰ ৰূপজ্যোতি কুম্য়ে বিধায়ক পদ ত্যাগ কৰি বিজেপিত যোগদান কৰিলে৷ এয়া কংগ্রেছৰ বাবে মোক্ষম আঘাত হোৱাৰ লগতে একাধিক কংগ্রেছ নেতাই বিজেপিত যোগদান কৰিলে৷ ৰিপুণ বৰাক আঁাঁতৰাই প্রদেশ কংগ্রেছৰ সভাপতিৰ দায়িত্ব অর্পণ কৰা হ’ল বিহপুৰীয়া বিধানসভাৰ প্রাক্তন বিধায়ক ভূপেন বৰাক৷ বৰাই যোৱা দুটা বিধানসভাৰ নির্বাচনত মুখ থেকেচা খাইছে৷ তেনে এজন নেতাৰ ওপৰত ভৱিষ্যতৰ সাংগঠনিক দায়িত্ব অর্পণ কৰি কংগ্রেছ কিমান সফল হ’ব কোৱা টান৷ তেওঁৰ নেতৃত্বৰ পাছতে থাওৰা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁই বিধায়ক পদ ত্যাগ কৰি বিজেপিত যোগদান কৰিলে৷ আন একাধিক সাংসদ, বিধায়কেও যোগদান কৰিব বুলি গুণাগঁথা চলি থকা বুলি প্রচাৰ হৈ আছে৷ নৱনির্বাচিত সভাপতিগৰাকীয়ে নিজ দলৰ সদস্যসকলক একত্রিত কৰি ৰখাত গুৰুত্ব প্রদান কৰাৰ বিপৰীতে মুখ্যমন্ত্রীৰ বিৰুদ্ধে সমালোচনাৰ নামত অৰুচিকৰ মন্তব্য কৰি নিজে নিজৰ মানসিকতাৰ পৰিচয় দিছে৷ মিজো দুর্বৃত্তই অসমৰ ছয়গৰাকী আৰক্ষী জোৱানকে ধৰি এগৰাকী নিৰীহ লোকক হত্যা কৰা প্রসংগত হত্যাৰ গৰিহণা আদিতকৈও মুখ্যমন্ত্রী সম্পর্কত মন্তব্য আছিল অতি অৰুচিকৰ৷ তেওঁ কৈ উঠিল মই মুখ্যমন্ত্রীৰ নতুন নাম দিলো ‘ঘৰগোনা’৷ বাঃ ভূপেন বৰা, ৰাজনীতিক হিচাপে আগতে নিজৰ ভৰিৰ তলৰ মাটি ঠিক কৰি লওক৷ নিজৰ ভৰিৰ তলৰ মাটি নথকা মানুহে তোষামোদেৰে কাৰোবাৰ অনুগ্রহতহে থাকিব লগা হয় নির্লজ্জভাৱে৷ সচেতন মহলে লক্ষ্য কৰিছে বিগত দিনৰ কাম–কাজ মুখ্যমন্ত্রীৰ৷ তেওঁ কি পর্যায়ৰ নেতা, সেয়া সময়ে নির্ধাৰণ কৰিব৷ কিছুদিন আগতে আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই আমাৰ সৈতে হোৱা এক বার্তালাপত অকপটে স্বীকাৰ কৰিছিল যে ‘অসমে অন্ততঃ এজন এনে মুখ্যমন্ত্রী পাইছে যিজনে দিল্লীক অসমৰ সম্পর্কে স্পষ্টকৈ বুজাই ক’ব পাৰে৷ ’ আমি আশা কৰোঁ সমালোচনাৰ বাবে সমালোচনা নকৰি প্রকৃত বিৰোধীৰ ভূমিকা লওক কংগ্রেছ নেতৃত্বই প্রধান বিৰোধী হিচাপে৷ নহ’লে নিজতকৈ উচ্চ কাৰোবাক বখলিয়াই এক বিকৃত আনন্দ লাভ কৰিব পাৰিব নিজৰ মাজতে, একো সুফল নহ’ব নিজ দল বা ৰাইজৰ৷ আমি বিচাৰোঁ চৰকাৰখনৰ বিপৰীতে এক শক্তিশালী বিৰোধী দল আৰু নেতা৷ যিটো সম্প্রতি ধৰা পৰা নাই৷