কিতাপৰ অস্তিত্বৰ সংকটৰ বিষয়ত অসমৰ ইমূৰৰ পৰা সিমূৰলৈ অজস্র লোকক চিন্তিত দেখা গ’ল৷ ফোন আৰু হোৱাট্ছএপ বার্তাৰ জৰিয়তে নিজৰ দুশ্চিন্তা আৰু উদ্বেগৰ কথা মুকলিকৈ প্রকাশ কৰা লোকৰ সংখ্যাই শতকৰ ঘৰ অতিক্রম কৰাৰ পৰিসংখ্যাই সূচালে যে বিষয়টো গভীৰ৷ বিজনী–বিশ্বনাথ, মাজুলী–মঙলদৈ, টিহু–টিংখং সর্বত্রৰ পৰাই উচ্চাৰিত এটা অনুযোগ ঃ ‘অসমীয়া কিতাপৰ পাঠকৰ সংখ্যা কমি আহিছে৷’ এই অনুযোগৰ মাত্রাই কেতিয়াবা অনুযোগকাৰীক নিজকে চুই যায়, কেতিয়াবা প্রতিধ্বনিত হয় অভিযোগকাৰীৰ নিজৰেই ‘মনোজগত’৷ কেতিয়াবা তেওঁ দুখী হয় নিজে জীয়াই থকা সমাজখনক লৈ৷ বহুতৰে আকৌ কিবা এটা ইতিবাচক কৰাৰ মন তীব্র৷ বিশিষ্ট লেখক–চলচ্চিত্র সমালোচক উৎপল দত্তই পুৱাতেই বার্তা প্রেৰণ কৰিলে– আমি মানুহবোৰে অতীতত জীয়াই থাকিবলৈ ভাল পাওঁ, ভৱিষ্যদৃষ্টিৰো এতিয়া প্রয়োজন আহি পৰিছে৷ ডিব্রুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপিকা শিক্ষাব্রতী ড০ নীৰাজনা মহন্ত বেজবৰাই ‘গ’ পর্যায়লৈ আগবাঢ়ি যোৱাৰ সোপান সম্পর্কে গভীৰ চিন্তা ব্যক্ত কৰিলে৷ ‘গ’ পর্যায় (দ্রষ্টব্য ঃ ৭ জুলাই নিয়মীয়া বার্তা ঃ কিতাপ ঃ অস্তিত্বৰ সংকট নেকি?) হ’ল ‘অসমীয়া কিতাপৰ ডিজিটেল–নলাইন মাধ্যমত প্রকাশ আৰু অনলাইন ডিজিটেল বিক্রী ডিজিটেল পদ্ধতিতেই মূল্য আদায়’ৰ নতুন পর্যায়৷ নতুন মাত্রা৷
এইখিনিতে স্পষ্ট হৈ ল’ব লাগিব যে ‘গ’ পর্যায়লৈ উত্তৰণৰ অর্থ পৰম্পৰাগত কিতাপ প্রকাশ বা বিক্রীৰ বর্তমান ব্যৱস্থাক বাদ দিয়া নহয়৷ বর্তমান চলি থকা প্রকাশন–বিক্রীৰ সকলো কাম–কাজৰ ওপৰঞ্চি হিচাপেহে এই নতুন ব্যৱস্থালৈ আগবঢ়াৰ প্রয়োজনীয়তাৰ কথা কোৱা হৈছে৷ অর্থাৎ, কালিলৈ বা ভৱিষ্যতে প্রকাশ পাবলগীয়া কিতাপ এখনৰ কাগজৰ পৃষ্ঠাত হৈ ছপা– পকা বন্ধা বা কেঁচা বন্ধা সংস্কৰণৰ লগে লগে ডিজিটেল সংস্কৰণো বজাৰত (অনলাইন বজাৰত) উপলব্ধ হোৱাৰ কথা ইয়াত কোৱা হৈছে৷ ইয়াত নতুন সংযোজন হিচাপে ‘ডিজিটেল বাণীবদ্ধ কিতাপ’ Book Audio) বা ‘পঢ়ি দিয়া কিতাপ’ৰ কথাও স্পষ্টকৈ আহিব৷ এক তথ্য মতে, প্রতি পাঁচজন পুথিপ্রেমী আমেৰিকানৰ এজনেই ‘বাণীবদ্ধ কিতাপ’ শুনি ভাল পায় বা এনে কিতাপহে বিভিন্ন কাৰণত পছন্দ কৰে৷
প্রসংগক্রমে অসমীয়া ভাষাত আকাশবাণীয়ে প্রচাৰ কৰা উপন্যাস পাঠৰ অনুষ্ঠানৰ জৰিয়তে ‘বাণীবদ্ধ কিতাপ’ৰ প্রভাৱশালী স্বৰূপৰ কথা ভালদৰে উপলব্ধি কৰিব পাৰি৷ এনে উপন্যাস পাঠৰ অনুষ্ঠান ধাৰাবাহিকভাৱে প্রচাৰিত হয়৷ আৰম্ভণিৰ পৰা আজিৰ তাৰিখলৈ বহু উপন্যাস এনেদৰে আকাশবাণীৰ পাঠৰ মাজেদি পাৰ হৈ গৈছে৷ কিতাপৰ স্রোতাক মন্ত্রমুগ্ধ কৰিছে৷ কিন্তু এনে কোনো উপন্যাস বা যিকোনো এখন অসমীয়া পুথিৰ সম্পূর্ণ পাঠ বাণিজ্যিকভাৱে বাণীবদ্ধ কৰি ডিজিটেল ৰূপত বিক্রী–বিতৰণ কৰা ব্যৱস্থা চকুত পৰা নাই৷ প্রকাশকসকলেও চিন্তা কৰা নাই যেন বোধহয়৷ পাঠকসকলো (ইয়াত শ্রোতা) এই বিষয়ত সচেতন হৈ উঠিছে বুলি আনুষ্ঠানিকভাৱে জনা হোৱা নাই৷ এয়া কেৱল ‘বাণীবদ্ধ কিতাপ’ৰ চিনাকিহে মাথোন৷ মই যোৱা কেইদিনমানত দুজন এনে চেমনীয়াৰ স’তে কথা পাতিছোঁ যি বন্ধুবৰ গল্পকাৰ মৃণাল কলিতাৰ উপন্যাস ‘বকুল ফুলৰ দৰে’ আকাশবাণী গুৱাহাটীত শুনিবলৈ আৰম্ভ কৰাৰ পিছত এৰিব পৰা নাছিল৷ তথাপি বিভিন্ন কাৰণত মাজে–সময়ে কেইটামান খণ্ড শুনিব নোৱাৰাৰ বাবেই ক’ভিড মহামাৰীৰ সময় সত্ত্বেও দেউতাকক কৈ ছপা আখৰৰ কিতাপখন পঢ়িবলৈ যোগাৰ কৰিলে৷ কিতাপখনৰ ‘বাণীবদ্ধ সংস্কৰণ’ কিনিবলৈ পোৱা হ’লে হয়তো কিনিলেহেঁতেন৷ হয়তো আশা কৰিব পাৰি, ভৱিষ্যতৰ দিনবোৰত এই কথা সহজে সম্ভৱ হৈ উঠিব৷
দেখা গৈছে, কিতাপৰ এটা ‘স্বৰূপ’ আনটো স্বৰূপৰ পৰিপূৰক৷ প্রতিদ্বন্দ্বী নহয়৷ এয়া এক বিকাশ যাত্রা৷ আজি সাঁচিপাতৰ পুথি আমাৰ বাবে সংৰক্ষণযোগ্য অমূল্য সম্পদ৷ একেদৰে কালিলৈ হয়তোবা ডেৰকুৰি বা দুকুৰি বছৰৰ পাছতেই কাগজৰ পুথিও আমাৰ বাবে সংৰক্ষণ কৰিবলগীয়া সম্পদ যদি হৈ পৰে আচৰিত হ’বলগীয়া একো নাথাকিব সময়ৰ ম্যাদৰ কথা ন দি ক’ব নোৱাৰি, কিন্তু সময়বোৰ সেই দিশেই আগবাঢ়িছে, ইয়াত সন্দেহ নাই৷ কাগজৰ কিতাপৰ ডিজিটেল সংৰক্ষণৰ বাবে আৰম্ভ কৰা ব্যক্তিগত আৰু চৰকাৰী আঁচনিসমূহৰ কথাও এইখিনিতে আহি পৰে৷ এয়া এক আছুতীয়া বিশাল অধ্যায়৷
অসমীয়া কিতাপৰ ‘গ’ পর্যায়লৈ যাত্রাৰ সময় সমাগত৷ পিছে এই যাত্রা আপোনা আপুনি আগবাঢ়ি নাযায়৷ বহুবোৰ জটিল প্রশ্ণ আৰু প্রত্যাহ্বান সন্মুখত ঢ়াল হৈ ৰৈ আছে৷ প্রত্যাহ্বান নেওচি অসমীয়া কিতাপক ‘কিতাপৰ মহাযাত্রা’ৰ অংশীদাৰ কৰাটো জাতীয় কর্তব্য৷ বিশ্বদৰবাৰৰ কিতাপৰ মহাযাত্রাত অসমীয়া কিতাপক সম–ংশীদাৰিত্বৰে আগুৱাই নিয়াৰ বাবে নিজ নিজ ক্ষেত্রত সকলোৰে অংগীকাৰবদ্ধ হোৱাৰ সময় এয়া৷
এই প্রসংগত কেইটামান দিশ বৰ গুৰুত্বপূর্ণ৷ যথা (এক) ঃ ইংৰাজী মাধ্যমৰ জয়জয়–ময়ময় অৱস্থাৰ মাজতে (চক্রবেহুত বুলিলেও অত্যুক্তি কৰা নহ’ব নিশ্চয়) অসমীয়া শিশু–পুথিত শিশুসকলৰ আগ্রহ জন্মাব পৰাকৈ বা ৰাপ বহুৱাব পৰাকৈ শিশুৰ বয়স অনুপাতে উচিত মাত্রাৰ অসমীয়া শিশুপুথিৰ উপলব্ধতাৰ দিশ৷ (দুই) জ্ঞান–যাত্রাৰ পথত অসমীয়া ভাষাকেই সাৰথি অৱলম্বন কৰি জ্ঞানান্বেষণৰ বাটেদি অসীম জ্ঞান–ভাণ্ডাৰলৈ আগুৱাই যোৱাৰ পৰিসৰ সম্পর্কীয় দিশ৷ ইয়াত জ্ঞানান্বেষীৰ প্রয়োজন পূৰাব পৰাকৈ সাহিত্য, সমাজনীতি, অর্থনীতি, ৰাজনীতি, চিকিৎসা শাস্ত্র, ‘নেনো’ প্রযুক্তি, শক্তি, স্থাপত্য, নৃতত্ত্ব–ভূতত্ত্ব–কৃ বিজ্ঞান–খনিজ–পেট্র’লিয়াম–ইঞ্জিনীয়াৰিং–গ্ আদিৰ পৰা আৰম্ভ কৰি ৰ’বটিক্ছ প্রযুক্তি, জীন প্রযুক্তি আদি বিবিধ অনেক বিষয়ৰ পর্যাপ্ত অধ্যয়ন সামগ্রীৰে অসমীয়া ভাষাক পৰিপুষ্ট আৰু সমৃদ্ধ কৰাৰ দিশক সামৰি লোৱা হৈছে৷ (তিনি) ইয়াৰ লগে লগে আহিব ডিজিটেল উপকৰণত পঢ়িব পৰাকৈ অসমীয়া কিতাপৰ উপলব্ধতাৰ দিশ৷ ইয়াত কিণ্ডল, ক’বনুক আদিৰ দৰে অনেক উপকৰণত অসমীয়া ভাষাৰ উপলব্ধতাৰ সম্ভাৱনা আৰু অন্বেষণৰ দিশক উদ্দেশ্য কৰা হৈছে৷
অসমীয়া শিশু–পুথিত শিশুসকলৰ ‘বয়স অনুপাতে ৰাপ আৰু’ ‘ৰাপ অনুপাতে পুথিৰ উপলব্ধতা’– এক অতি প্রয়োজনীয় গৱেষণাৰ বিষয়৷ ৰাপ অনুপাতে সঠিক পর্যায়ৰ কিতাপ থাকিলেহে ৰাপ গভীৰ হ’ব– পুথিৰ স’তে শিশুৰ সম্পর্ক গাঢ়ৰ পৰা গাঢ়তৰ হৈ গৈ থাকিব৷ এইক্ষেত্রত বিজ্ঞানসন্মতভাৱে ৩ৰ পৰা ৪ বছৰ, ৪ৰ পৰা ৫ বছৰ, ৫ৰ পৰা ৬ বছৰ, ৬ৰ পৰা ৭ বছৰ বয়সীয়া শিশুৰ বাবে পর্যায়ক্রমে প্রয়োজন পূৰাব পৰাকৈ বয়সভিত্তিক কিতাপৰ প্রস্তুকৰণ আৰু ‘উৎপাদন’ অপৰিহার্য৷ কিতাপৰ প্রস্তুতকৰণত কাগজৰ গুণাগুণৰ পৰা আৰম্ভ কৰি, ছবি–চিত্রৰ পৰিমাণ, ছবিৰ প্রকাৰ–আকাৰ, আখৰ জোঁটনি আদি বিবিধ দিশ অতি সচেতনতা, কাহিনীৰ ধৰণ, স্বৰূপ আদিৰ বিজ্ঞানসন্মত আলোচনা হোৱা উচিত৷ কণমানি শিশুৰ মানসিকতালৈ চাই কিতাপৰ স্বৰূপৰ বাৰে বাৰে পৰিৱর্তন কৰি পশ্চিমীয়া দেশত শিশুপুথিয়ে এটা নির্দিষ্ট পর্যায়ত ইতিমধ্যে আৰোহণ কৰিছে৷ কেইবাটাও গোটৰ জৰিয়তে বিজ্ঞানসন্মতভাৱে কামত আগবাঢ়িব পৰা যায়৷ সমাজৰ সকলো শ্রেণীৰ লোকৰ জৰিয়তে শিশু–মনস্তত্ত্বক গুৰুত্ব দি গোটসমূহ গঠিত হ’ব লাগিব৷
অসমীয়া শিশু সাহিত্যও যে একেবাৰে পাছ পৰি আছে তেনে নহয়৷ গর্বেৰে ক’ব পাৰি, বহু ভাৰতীয় আঞ্চলিক ভাষাৰ শিশু সাহিত্যতকৈ অসমীয়া শিশু–সাহিত্য আগবঢ়া৷ লক্ষ্মীনাথ বেজবৰুৱাৰ ‘বুঢ়ী আইৰ সাধু’ৱে আজিও জাকে জাকে শিশু–চেমনীয়াক আকর্ষণ কৰে৷ অজস্র নতুন সৃষ্টিও অবিৰাম গতিত হৈছে৷ কিন্তু শিশুৰ বয়স অনুপাতে ঢ়াপে ঢ়াপে মনোজগতত পোনে পোনে সোমাই যাব নোৱাৰিলে৷ ‘আজিৰ পৰিৱেশত’, এটা শিশুৱে নিজৰ অজানিতেই ইংৰাজী ভাষাৰ শিশু পুথিলৈ সোমাই যোৱাৰ সম্ভাৱনা প্রচুৰ৷ এনেদৰে এবাৰ যদি অসমীয়া কিতাপৰ পৰা ইংৰাজীলৈ ছিফ্ট হৈ তল বা গুচি গ’ল, অসমীয়া শিশু পাঠক (ভৱিষ্যতৰ পাঠক) এজন তৎক্ষণাৎ কমি গ’ল৷ ইয়াত অৱশ্যে এইটোও ক’ব খোজা হোৱা নাই যে এনেদৰে ছিফ্ট হোৱাজন আকৌ অসমীয়ালৈ কেতিয়াও ঘূৰিয়েই নাহে বা ভৱিষ্যতে অসমীয়া নপঢ়িবই৷ হয়তো পঢ়িব৷ হয়তো এদিন সম্পূর্ণকৈ ঘূৰিও আহিব কিন্তু ইয়াৰ বাবেও সুচিন্তিত পৰিকল্পনা–কিতাপ লাগিবই৷ তাকো ঢ়াপে ঢ়াপে বয়সৰ প্রয়োজন পূৰাব পৰাকৈ৷ খোৰাক যোগাব পৰাকৈ৷ অসমীয়া–ইংৰাজী দুয়ো ভাষাতেই পার্গত হোৱাটো, প্রকৃতার্থতেই আজিৰ সময়ত উচিত কথা৷ কিন্তু একে সময়তে এই লেখকে কেইবাজনো এনে ‘অসমীয়া’ ছাত্র–ছাত্রী দেখিছে বা বন্ধুবর্গ পাইছে যি অসমীয়াত কথাহে কেৱল ক’ব পাৰে, এটা শব্দ বা বাক্যও পঢ়িব বা লিখিব নোৱাৰে৷ ভৱিষ্যতে এনে লোকৰ সংখ্যাৰ বৃদ্ধিয়ে (যদি নেতিবাচক ৰূপৰ আশংকা কৰা হয়) লাহে লাহে খুউব ধীৰ গতিত এদিন অসমীয়া কিতাপৰ প্রয়োজনেই নোহোৱা কৰিব৷ এই ধীৰ গতিক বাধা দিয়া যদি আমাৰ দায়িত্ব, আজি সচেতনভাৱে জীয়াই থকাসকলৰ দায়িত্ব, তেন্তে সেই গুৰু দায়িত্ব বিজ্ঞানসন্মত শিশু–সাহিত্যৰ বিকাশ প্রক্রিয়াৰ পৰাই আৰম্ভ হোৱা উচিত৷ আৰম্ভ কৰাও উচিত৷ এনে চিন্তা এইবাবেই কৰা হৈছে যাতে অসমীয়া ভাষাৰ পাঠক সৃষ্টিৰ বিকাশৰ যুগমীয়া পৰম্পৰা স্তব্ধ হৈ নাযায়৷ শৈশৱ–কৈশোৰত এখনো অসমীয়া কিতাপ নপঢ়া লোকে পাছলৈ যে অসমীয়া কিতাপৰ প্রতি টান অনুভৱ কৰিব– মনে নধৰে৷ তদুপৰি যিসকলক আমি অসমীয়াত পঢ়িবলৈ উৎসাহিত কৰিব খোজোঁ, তেওঁলোকৰো সর্বাংগীণ বিকাশৰ ভেটি বা আধাৰ Foundation) ৰচনা কৰাৰ বহুখিনি দায়িত্ব শিশুসাহিত্যই গ্রহণ কৰিব লাগিব৷ সেইবাবেই বহুবোৰ মহত্ত্বপূর্ণ কাৰণতেই শিশু–সাহিত্যৰ বিশাল ভূমিকাক অস্বীকাৰ কৰিব নোৱাৰি৷
শিশু সাহিত্য এক বিজ্ঞানসন্মত সাহিত্য৷ বিজ্ঞানসন্মত চিন্তাত আধাৰিত সাহিত্য৷ ছন্দোবদ্ধভাৱে কেইটামান শাৰী বা পৃষ্ঠা ৰচনা কৰিলেই শিশু সাহিত্য হৈ নুঠে৷ কণমানি এজনক ঢ়াপে ঢ়াপে খোৰাক যোগাব লাগিব শিশু সাহিত্যই৷ শিশু সাহিত্য এটা ছিৰিজ৷ ইয়াৰ বাবে বুজিব লাগিব শিশুৰ বিচিত্র ‘মনোজগত’৷ ‘মনোজগত’ৰ স’তে সামঞ্জস্য ৰাখি, প্রদান কৰিব খোজা খোৰাক একেবাৰেই উচিত মাত্রাত প্রদান কৰি শিশু সাহিত্য আকর্ষণীয়ভাৱে ৰচনা কৰাটো প্রকৃতার্থতেই খুউব জটিল কাম৷ জটিল হ’লেও অসম্ভৱ নহয়৷ আশাৰ কথা যে আমি শূন্যত নাই৷ আমি কেৱল আগবাঢ়ি যাব লাগিব৷ এইক্ষেত্রত আমাৰ অগ্রগামী চৰিত্রই অসমীয়া কিতাপৰ জয়ধ্বজা উৰি থকাৰ বাট চিৰদিনলৈ পৰিষ্কাৰ কৰিব৷
‘অসমীয়া কিতাপৰ মৃত্যুঘণ্টা’ শব্দকেইটা শুনিবলৈকে ভাল নালাগে৷ মুুঠেই মন নাযায় লিখিবলৈ৷ কলম থমকি ৰয় বাৰে বাৰে৷ এনে ভৱিষ্যৎ এক অবাঞ্ছিত ভৱিষ্যত৷ এই অবাঞ্ছিত ভৱিষ্যতক প্রত্যাহ্বান জনাই ‘অসমীয়া কিতাপৰ জয়যাত্রা’ৰ বাবেই আচলতে আমি ‘মৃত্যুঘণ্টা’ৰ উকমুকনি অনুভৱ কৰিবই লাগিব৷ আপোনাৰ ঘৰৰ–চুবুৰীয়াৰ ঘৰৰ মোৰ ঘৰৰ শিশু–চেমনীয়াই যেতিয়াই অসমীয়া গল্প এটা ফুটাই পঢ়িব নোৱাৰা হ’ব– এই উকমুকনি আমি অনুভৱ কৰিব পাৰিবই লাগিব৷ অসমীয়া পঢ়িব নোৱাৰাক লৈ গৌৰৱ কৰা ‘অসমীয়া’ক ধিক্কাৰ দি, একে সময়তে ‘জয়যাত্রা’ৰ প্রাথমিক কামত হাত দিব লাগিব৷ ‘অসমীয়া কিতাপৰ জয়যাত্রা’ৰ বাবে পৰিকল্পিত কার্য আঁচনিৰ সময় এয়া৷ সেইবাবেই হাতত কলম৷ এই কলম মৃত্যুঘণ্টাৰ কলম নহয়৷ এই কলম অসমীয়াৰ জয়গান গোৱাৰ কলম৷ এই কলম ব্যক্তি, সংস্থা, চৰকাৰ সকলোৱে হাতত তুলি ল’ব লাগিব৷ প্রথম ঢ়াপ ঃ সফল শিশুসাহিত্য৷ ই ‘ভেটি’ গঢ়িব৷ সফল ভেটিত স্থাপিত হ’ব অসমীয়া কিতাপৰ ‘জয়ধ্বজা’৷ বাজিব জয়গান৷ ইয়াৰ পাছতেই আহিব অন্য বহু কথা– বহু দিশ– বহু প্রশ্ণ