নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্যতিক্রমী চিন্তাশক্তিৰে প্রাঞ্জল ড০ ভবেন্দ্র নাথ শইকীয়া

-প্রফুল্ল কলিতা

‘এজন মানুহক ভাল ব্যৱহাৰ কৰিলোঁ, এজন মানুহৰ বিষয়ে ভালকৈ ক’লোঁ, এই ভাবটোৱে এই কামটোৱে মনলৈ যে কি আনন্দ আনে, এনে কামে মনটো যে কি বহল কৰে, সেই উপলব্ধি এক ডাঙৰ সম্পত্তি৷’ –ড০ ভবেন্দ্র নাথ শইকীয়া৷
অসমৰ সমাজ জীৱনত জীৱিত কালতে এক কিংবদন্তিত পৰিণত হোৱা ব্যক্তি তেনেই তাকৰ৷ তেখেতসকলৰ মাজৰে অনেক প্রতিভাৰ আকৰ ড০ ভবেন্দ্র নাথ শইকীয়া আছিল অন্যতম৷ ড০ শইকীয়াই অসমীয়া চুটিগল্প, উপন্যাস, কবিতা, শিশু সাহিত্য, অনাতাঁৰ নাট, মঞ্চ–নাট, চলচ্চিত্র নির্মাণ আৰু পৰিচালনা, আলোচনী সম্পাদক, সামাজিক–সাংগঠনিক্ কর্মৰ লগতে অনেক ক্ষেত্রত বিৰল প্রতিভা আৰু অভিনৱত্বৰ স্বাক্ষৰ বহন কৰি থৈ গৈছে৷ যাৰ বাবে তেওঁক এক বিশাল অনুষ্ঠান বুলি সকলোৱে একমুখে স্বীকাৰ কৰে৷ তেওঁৰ অসাধাৰণ সৃষ্টি, দূৰদৃষ্টি, গঠনমূলক চিন্তা–ভাবনা তথা গভীৰ জীৱনবোধে সমৃদ্ধ কৰি ৰাখিছে অসমীয়া সমাজ, সাহিত্য আৰু সংস্কৃতিৰ পথাৰ৷ এইগৰাকী মহানুভৱ ড০ ভবেন্দ্র নাথ শইকীয়াৰ জন্ম হৈছিল ১৯৩২ চনৰ ২০ ফ্ব্রুেৱাৰীত নগাঁও চহৰৰ ফৌজদাৰীপটি (পট্টী)ত৷ বিদুৰ কুমাৰ শইকীয়া তেওঁৰ পিতৃ (পিতাই) আৰু মাতৃ (বৌ)ৰ নাম আছিল চম্পাবালা শইকীয়া৷ এসময়ত বজাৰত বস্তা পাৰি পাচলি বিক্রীৰে পঢ়াৰ খৰচ গোটোৱা শইকীয়াই ১৯৪৮ চনত ষ্টাৰ মার্কসহ নগাঁও চৰকাৰী হাইস্কুলৰ পৰা প্রৱেশিকা পৰীক্ষাত উত্তীর্ণ হৈ ঐতিহ্যপূর্ণ কটন মহাবিদ্যালয়ত ভর্তি হয়, আৰু তাৰ পৰাই ১৯৫২ চনত পদার্থ বিজ্ঞানত সন্মানসহ বি এছ চি ডিগ্রী লাভ কৰে৷ তাৰ পিছত ১৯৫৫–১৯৫৬ চনত কলিকতা বিশ্ববিদ্যালয়ৰ প্রেছিডেঞ্চী কলেজৰ পৰা পদার্থ বিজ্ঞানত এম এছ চি ডিগ্রী লাভ কৰে৷ তেখেতৰ সংগীতত ইমানেই ৰাপ আছিল যে এম এছ চি পঢ়ি থাকোঁতে বেংগলী ভাষাৰ হোমি’পেথী চিকিৎসা বিষয়ক পুস্তিকা এখনৰ অসমীয়া অনুবাদেৰে যিকেইটা পইচা পাইছিল, তাৰে সংগীত স্কুলত তবলাৰ শিক্ষা গ্রহণ কৰিছিল৷ এসময়ত অনুসূচিত জাতিৰ জলপানি গ্রহণ কৰা শইকীয়াদেৱে স্বাৱলম্বী হোৱাৰ লগে লগে সেই জলপানি স্ব–ইচ্ছাই ত্যাগ কৰিছিল৷ আনকি নিজ সন্তান দুটিৰ বেলিকাও সেই জলপানি ল’লৈ নিদিছিল৷
ভবেন্দ্র নাথ শইকীয়াই স্নাতকোত্তৰ ডিগ্রী লাভ কৰাৰ পিছতে ১৯৫৬–১৯৫৭ চনলৈ শিৱসাগৰ মহাবিদ্যালয়ত পদার্থ বিজ্ঞান বিভাগত প্র্বক্তাৰূপে কর্মজীৱনৰ পাতনি মেলি পিছত ১৯৫৭–৫৮ চনলৈ গুৱাহাটী বিশ্ববিদ্যালয়ত পদার্থ বিজ্ঞান বিভাগত ডেমনষ্ট্রেটৰ হিচাপে কার্যনির্বাহ কৰে৷ ১৯৫৮ চনত উচ্চ শিক্ষাৰ বাবে চৰকাৰী জলপানি লাভেৰে লণ্ডনলৈ যাত্রা কৰে৷ ১৯৬১ চনত লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা সুখ্যাতিৰে ডক্তৰেট ডিগ্রী লাভ কৰে তদুপৰি লণ্ডন ‘ইম্পেৰিয়েল কলেজ অৱ ছায়েঞ্চ এণ্ড টেকন’লজী’ৰ পৰা ডিপ্লমাও লাভ কৰে৷ সেই বছৰতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদার্থ বিজ্ঞান বিভাগত প্র্বক্তা, আৰু পিছলৈ ৰীডাৰ হিচাপে নিজৰ কর্মজীৱন আৰম্ভ কৰে৷ তদুপৰি বিশ্ববিদ্যালয়খনৰ আঞ্চলিক ভাষাত পাঠ্যপুথি প্রস্তুতি সমন্বয় সমিতিৰ সচ্বি হিচাপেও কার্যনির্বাহ কৰে ১৯৭৯ চন পর্যন্ত ৷ স্মর্ত্ব্য যে পাঠ্যপুথি প্রস্তুতি সমিতিৰ সচ্বি হিচাপে থকা কালছোৱাত তেওঁৰ দুটা অৱদান অসমীয়া জাতিৰ বাবে চিৰস্মৰণীয় হৈ ৰ’৷ প্রথমটো, বানান সম্পর্কে এটা নীতি আৰু বিদেশী শব্দ অসমীয়া ভাষাত লিখাৰ এক বিধিসন্মত ৰীতি৷ দ্বিতীয়তে, অসমীয়া বৈজ্ঞানিক পৰিভাষা৷ ১৯৭৮–৮১ চনলৈকে ৰে’লসেৱা আয়োগৰ, গুৱাহাটীৰ অধ্যক্ষ পদ অলংকৃত কৰি সুদক্ষ প্রশাসকৰ ভূমিকা পালন কৰে৷ এইগৰাকী কৃতবিদ্যৰ ২০০৩ চনৰ ১৩ আগষ্টত দেহাৱসান ঘটে৷
উল্লেখ্য যে অলেখ কৃতকর্মৰ মাজতে ড০ শইকীয়াই যেতিয়া উত্তৰ–পূব সীমান্ত ৰে’লসেৱা আয়োগৰ অধ্যক্ষ (সচ্বি) ৰূপে কার্যভাৰ গ্রহণ কৰিছিল, গুৱাহাটী উজান বজাৰৰ ব্রহ্মপুত্র নদীৰ দাঁতিকাষৰীয়া অঞ্চলটোত (পানীকলৰ ওচৰত) ৰে’ল বিভাগৰ বঙলা এটাত কার্যালয়ৰ কাম চলিছিল৷ বিভাগীয় কর্মী সংস্থা, ৰাজনৈতিক নেতা, আছু আদি বিভিন্ন যুৱ–ছাত্র সংগঠনৰ দল–মুৰব্বীয়ে নিয়োগ, ঠিকা–ঠুকলি সম্পর্কত সঘনাই সেই সময়ৰ সচ্বি শইকীয়াক লগ কৰিবলৈ ধৰিলে৷ কামতকৈ কথাৰ মহলা বেছি হোৱা যেন পাই ড০ শইকীয়াই বিনয়ীভাৱে বুদ্ধি এটা পাঙিলে৷ সাপো মৰক লাঠীও নাভাগক ধৰণৰ৷ তেওঁৰ মেজখনত অর্থাৎ নিজৰ চকীৰ বিপৰীতে অভ্যাগতক বহ্বিলৈ দিয়া চকীখৰ সন্মুখত, মেজৰ ওপৰত দৃষ্টি নিবদ্ধ হোৱা ঠাইত এখন কাগজত নিজ হাতৰ আখৰেৰে (ৰঙা চিয়াঁহীৰে) এটা শব্দ লিখি ফলকৰ আর্হিত ওলমাই থ’লে৷ সেই শব্দটো আছিল ‘চমুকৈ’ Be Brief)৷ সমুখাসমুখিকৈ বহা দুগৰাকী মানুহৰ মাজত মেজত যেতিয়া ‘চমুকৈ’ বুলি লিখা শব্দ এটা ভাহি থাকিব, তাৰ পিছতো বাৰু কোনোবা কথাচহকীয়ে মৰসাহ কৰি কথাৰ মহলা বঢ়াই থাকিবনে? সৰু শব্দ এটাৰ দ্বাৰাই হেনো ড০ শইকীয়াই ডাঙৰ সমস্যা এটাৰ সমাধান কৰিছিল৷ তাকো কোনো কটু শব্দ প্রয়োগ নকৰাকৈয়ে৷ ড০ ভবেন্দ্র নাথ শইকীয়াৰ এনেধৰণৰ সূক্ষ্ম চিন্তা–চর্চা, কাম কৰাৰ অভিনৱ পন্থাই সকলো শ্রেণীৰ মানুহক মোহাৱিষ্ট কৰি ৰাখিছিল৷ লগতে সকলোৰে পৰা সম্ভ্রম আদায় কৰিলৈ সক্ষম হৈছিল৷ উল্লেখিত উদাহৰণটো হৈছে তেখেতৰ অলেখ চিন্তাশীল কর্মৰ মাজৰে এটা মাথোঁ সৰল চানেকি৷ উল্লেখ্য– ‘ড০ ভবেন্দ্র নাথ শইকীয়াৰ বাবে সৰু কথাই বৰ৷ জীৱনৰ সৰু–সুৰা কথাবিলাকৰ মাজতে তেখেতে জীৱনৰ গভীৰ তত্ত্ববিলাকৰ সম্ভেদ বিচাৰি পাইছিল৷ সেয়েহে স্বসাধাৰণে বুজি নোপোৱা জটিল তাত্ত্বিক কথাৰে পঢ়ুৱৈক বিভ্রান্ত কৰাৰ পৰা তেখেত সদায় আঁতৰি আছিল৷’ উদাহৰণ ‘প্রান্তিক’ৰ সহজ–সৰল সম্পাদকীয় অথ্বা শেষপৃষ্ঠা৷
প্রকৃতার্থত অসমীয়া সমাজ জীৱনলৈ যিসকল মহৎপ্রাণ অসমীয়াই নিজৰ সৃষ্টি কর্মৰে বিভিন্ন দিশত সমাজলৈ অমূল্য অৱদান আগবঢ়াই থৈ গৈছে তাৰ ভিতৰতে ড০ ভবেন্দ্র নাথ শইকীয়া অন্যতম৷ ‘আতংকৰ শেষত’, ‘অন্তৰীপ’, আৰু ‘ৰম্যভূমি’ ড০ শইকীয়াৰ জনপ্রিয়, বহুপঠিত মূল্যবোধসম্পন্ন উপন্যাস৷ স্কুলীয়া জীৱনতে লিখা–মেলা আৰম্ভ কৰা ড০ শইকীয়াৰ প্রথমখন গল্প সংকলন ১৯৬৩ চনত (প্রহৰী) প্রকাশ পায়৷ মুঠ ১২খন গল্প সংকলনৰ ভিতৰৰে গহ্বৰ, সেন্দূৰ, শৃংখল, তৰংগ, এই বন্দৰৰ আবেলি, সান্ধ্যভ্রমণ উল্লেখযোগ্য৷ ‘মৰমৰ দেউতা’ তেওঁৰ একমাত্র শিশু উপন্যাস৷ ‘শান্ত–শিষ্ট, হূষ্ট– পুষ্ট, মহাদুষ্ট’ শিশু গল্প সংকলন আৰু ‘পদ্যৰ ধেমালি’ তেওঁৰ একমাত্র কবিতাপুথি৷ আত্মজীৱনীখনৰ নামকৰণ কৰা হৈছে ‘জীৱন বৃত্ত’ হিচাপে৷ ১৯৭৭ত তেওঁৰ প্রথমখন চলচ্চিত্র ‘সন্ধ্যাৰাগ’ নির্মাণ কৰি উলিয়ায় তেওঁৰে গল্প ‘াণপ্রস্থ’ৰ অৱলম্বনত৷ এইখনৰ উপৰি অসমীয়া ভাষাত ‘অনির্বাণ’, ‘অগ্ণিস্নান’, ‘কোলাহল’, ‘সাৰথি’, ‘আৱর্তন’, ‘ইতিহাস’, আৰু হিন্দী ভাষাত ‘কালসন্ধ্যা’ নির্মাণ কৰি উলিয়ায়৷ উল্লেখ্য, সাতোখন অসমীয়া ছবিয়েই ৰাষ্ট্রীয় বঁটা লাভ কৰিবলৈ সক্ষম হয়৷ অনাতাঁৰ নাট, মঞ্চনাট, একাংকিকা আদিৰ নাট্যকাৰ তথা পৰিচালক হিচাপেও তেওঁৰ অৱদান অসাধাৰণ৷ এইখিনিতে উল্লেখ কৰা ভাল– ভ্রাম্যমাণ মঞ্চৰ বাবে ‘ৰামধেনু’, ‘নীলকণ্ঠ’, ‘সমুদ্রমন্থন’, ‘শতাব্দী’কে ধৰি স্বমুঠ ২৬খন নাটক ৰচনা, পৰিচালনা কৰিছিল ড০ শইকীয়াই৷ যিবোৰ নাটক আছিল উচ্চ প্রমূল্যবোধসম্পন্ন৷ স্বতোপৰি অসমৰ সম্ভ্রান্ত পষেকীয়া আলোচনী ‘প্রান্তিক’ৰ সম্পাদকৰ কার্যভাৰ গ্রহণ কৰিছিল ১৯৮১ চনৰ পৰা আমৃত্যু৷ লগতে শিশু আলোচনী ‘সঁফুৰা’ৰ স্বল আৰু প্রাণৱন্ত সম্পাদনাৰে অসমত শিশু সাহিত্যৰ ধাৰাটোক অনন্য মাত্রা প্রদান কৰিছিল৷ সমাজহিতৈষী কামত অগ্রণী শইকীয়াই সংগীত নাটক একাডেমীৰ সদস্য, সাহিত্য একাডেমীৰ সদস্য, ইউনেস্কোৰ ভাৰতীয় ৰাষ্ট্রীয় পৰিষদৰ সদস্য, অসম ৰাজ্যিক চলচ্চিত্র নিগমৰ সদস্য, শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্র সমাজৰ উপ–সভাপতি আদিৰ পদ অলংকৃত কৰিছিল৷ ড০ শইকীয়াই ‘শৃংখল’ গল্প সংকলনৰ বাবে ১৯৭৬ চনত সাহিত্য একাডেমী বঁটা লাভ কৰে৷ ২০০১ত লাভ কৰে পদ্মশ্রী সন্মান৷ তেওঁৰ জীৱনৰ অন্য এক কৃতি হৈছে– ‘ভবেন্দ্রনাথ শিশু কল্যাণ ন্যাস’ৰ উদ্যোগত সৃষ্টি হোৱা ‘আৰোহণ’৷ সদায়ে মানুহৰ কল্যাণার্থে সৎ কর্ম, সৎ ভাবনাত উৎসর্গিত ড০ ভবেন্দ্র নাথ শইকীয়াৰ মৃত্যুৰ দিনটোত আমি আমাৰ হিয়াভৰা শ্রদ্ধাঞ্জলি যাচিলোঁ৷

You might also like