নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভবানন্দ দত্ত

প্রশংসাই মানুহৰ জীৱন কেনেকৈ সলনি কৰি দিব পাৰে সেই বিষয়ে উদাহৰণসহকাৰে মই একাধিক প্রবন্ধ লিখিছোঁ৷ নিয়মীয়া বার্তাত ‘মোৰ টোকাবহীৰ পৰা’ প্রবন্ধমালাৰ যিটো প্রথম প্রবন্ধ প্রায় ৫ বছৰ আগতে প্রকাশ হৈছিল, সেই প্রবন্ধটোৰ বিষয়বস্তু আছিল প্রশংসা৷ মোৰ এটা পৰম সৌভাগ্য যে মই জীৱনত বহুত প্রশংসা শুনিবলৈ পাইছোঁ৷ প্রশংসাবোৰ মোৰ প্রাপ্য হয় নে নহয় সি এটা সুকীয়া কথা৷ কিন্তু প্রশংসাই যে মোৰ জীৱনৰ ওপৰত বিৰাট প্রভাৱ পেলাইছে সেই কথা মই অস্বীকাৰ কৰিব নোৱাৰোঁ৷ সঁচা কথা ক’বলৈ হ’লে প্রশংসাই একাধিকবাৰ চৰম পতনৰ পৰা মোক ৰক্ষা কৰিছে৷ উদাহৰণস্বৰূপে মই ডিব্রুগড় চৰকাৰী হাইস্কুলৰ প্রাক্তন হেডমাষ্টৰ স্বর্গীয় ভৱেশ চন্দ্র মুখার্জী ছাৰৰ কথা ক’ব পাৰোঁ৷ ওপৰত লিখিছো যে মই জীৱনত বহুত প্রশংসা পোৱাৰ সৌভাগ্য অর্জন কৰিছোঁ৷ মোক আটাইতকৈ বেছি প্রশংসা কৰা মানুহজন আছিল স্বর্গীয় ভৱেশ চন্দ্র মুখার্জী আৰু স্বর্গীয় ভৱানন্দ দত্ত৷ আজি মই ভৱানন্দ দত্তৰ কথাই বেছিকৈ ক’ম৷ কিন্তু তাৰ আগতে ভৱেশ চন্দ্র মুখার্জী ছাৰৰ বিষয়ে এটা কথা কৈ লওঁ৷
মই আমাৰ অসমৰ মুখ্য সম্পাদক হৈ থকাৰ সময়ত এবাৰ ‘প্রথম কলম’ৰ বিষয়বস্তু আছিল ভবেশ চন্দ্র মুখার্জী৷ মোৰ আত্মজীৱনীতো মুখার্জী ছাৰে এটা অধ্যায় দখল কৰিছে৷ ‘বাৰ ওঠৰ’ নামৰ কিশোৰ আলোচনীখনতো মই মোৰ ‘ছাত্র জীৱন’ শীর্ষক এখন ধাৰাবাহিক স্মৃতি কথা লিখিছিলোঁ৷ সেইখনৰো মই সামৰণি মাৰিছোঁ ভৱেশ চন্দ্র মুখার্জী ছাৰলৈ মোৰ আৱেগ–বিহ্বল শ্রদ্ধাঞ্জলিৰে৷ ভৱেশ চন্দ্র মুখার্জী ছাৰে মোৰ জীৱনৰ ওপৰত কিমান সুদূৰপ্রসাৰী প্রভাৱ পেলাইছে সেই কথা বুজাবলৈ ইয়াতকৈ বেছি কথা নক’লেও হ’ব৷ বিভিন্ন প্রসংগত মই ছাৰৰ বিষয়ে একেটা কথাই বাৰে বাৰে লিখি আছোঁ– ‘জীৱনৰ বাটত আগবাঢ়ি গৈ থাকোঁতে মই যেতিয়াই পিছলি পৰিছোঁ আৰু ধ্বংসৰ অটল গহ্বৰত পতিত হৈছোঁ, তেতিয়াই ছাৰক উদ্দেশ্য কৰি হাতযোৰ কৰি মই কৈছোঁ– ‘ছাৰ, মোৰ বিষয়ে অতুচ্ছ ধাৰণা প্রকাশ কৰি আপুনি কোৱা কথাকেইটা মোৰ কাণত সদায় বাজি থাকে মোৰ যেতিয়াই ভয়ংকৰ স্খলন হয়, তেতিয়াই মই ছাৰক উদ্দেশ্য কৰি কওঁ– ‘ছাৰ, আপুনি মোৰ বিষয়ে কোৱা চৰম প্রশংসাসূচক কথাকেইটা মই কেতিয়াও নাপাহৰো৷ মই যেতিয়াই ধ্বংসৰ পথত ভৰি দিওঁ আৰু অটল গহ্বৰত পতিত হওঁ, তেতিয়াই মই আপোনাৰ আশীর্বাদৰ শব্দকেইটা স্মৰণ কৰোঁ আৰু আপোনাক উদ্দেশ্য কৰি কওঁ যে ‘আপোনাৰ ভৱিষ্যৎ বাণী মই কেতিয়াও মিছা বুলি প্রমাণিত হ’বলৈ নিদিওঁ, চৰম পতনৰ পৰা আপোনাৰ আশীর্বাদেই মোক ৰক্ষা কৰিব৷’
সঁচাকৈ ৰক্ষা কৰিলেও৷
মোক প্রশংসাৰে প্লাৱিত কৰা দ্বিতীয়জন মানুহ আছিল ভবানন্দ দত্ত৷ আমাৰ যৌৱনকালত যিকেইজন মুষ্টিমেয় অসমীয়া বুদ্ধিজীৱীৰ প্রতিভাৰ দ্যুতীয়ে আমাৰ চকু জলক–তবক লগাইছিল তেওঁলোকৰ ভিতৰত এজন আছিল ভবানন্দ দত্ত৷ মোৰ কেতিয়াবা এনেকৈও ক’বলৈ মন যায় যে ভবানন্দ দত্ত যিমানখিনি বৌদ্ধিক গ্লেমাৰৰ অধিকাৰী আছিল, সিমানখিনি বৌদ্ধিক গ্লেমাৰ আজিলৈকে আন কোনো এজন অসমীয়া বুদ্ধিজীৱীয়ে অর্জন কৰিব পৰা নাই৷
ভবানন্দ দত্তৰ লগত মোৰ প্রথম পৰিচয় ঘটে ‘জয়ন্তী’ৰ পাতত৷ তেতিয়া মই হাইস্কুলৰ ছাত্র৷ বয়স কম আৰু বিচাৰ–বুদ্ধি অপৈণত আছিল যদিও ‘জয়ন্তী’ৰ পাতত লগ পোৱা ভবানন্দ দত্তৰ প্রতিভাৰ মৌলিকতা আৱিষ্কাৰ কৰিবলৈ আৰু প্রভাৱ অনুভৱ কৰিবলৈ মোৰ কোনো অসুবিধা হোৱা নাছিল৷ মই কটন কলেজৰ ছাত্র হৈ থকাৰ সময়ত অসমৰ আটাইতকৈ প্রভাৱশালী বুদ্ধিজীৱীকেইজনৰ ভিতৰত এজন আছিল ভবানন্দ দত্ত৷ তেতিয়া সভাই–সমিতিয়ে তেওঁক বহুবাৰ দেখিছিলোঁ তেওঁৰ ব্যক্তিত্বৰ প্রতি প্রবল আকর্ষণ অনুভৱ কৰিছিলোঁ৷ কিন্তু মানুহৰ সংগ এৰাই চলিব খোজা মোৰ সংকুচিত স্বভাৱৰ কাৰণে মই সেই সময়ত তেওঁক বা আন কোনোবা লেখক, বুদ্ধিজীৱীক ব্যক্তিগতভাৱে লগ ধৰিবলৈ চেষ্টা কৰা নাছিলোঁ৷ (অসমাপ্ত)

You might also like