সমগ্র দেশৰ লগতে অসমতো বর্তমান কংগ্রেছ দলৰ বাবে জটিল সন্ধিক্ষণ৷ এই জটিল সন্ধিক্ষণত আপুনি প্রদেশ কংগ্রেছৰ সভাপতিৰ দায়িত্ব লাভ কৰিছে৷ সম্প্রতি বিধ্বস্ত হৈ পৰা দলটোক উদ্ধাৰৰ বাবে কেনে ৰণনীতিৰে আগবঢ়াৰ পৰিকল্পনা কৰিছে?
ঃ বাহ্যিকভাৱে দলটোৰ ক্ষেত্রত বহুতে জটিল সন্ধিক্ষণ হৈছে বুলি ক’ব খোজে যদিও মই ইমান জটিল হৈছে বুলি ভবা নাই৷ ১৯৮৯ চনলৈ চালে দেখা যায় যে সেই সময়ত বন্দুক–বাৰুদৰ ঝনঝননি আছিল৷ কংগ্রেছ কর্মীক গুলীয়াই হত্যা কৰাৰ লগতে ভয়–ভাবুকিৰে পদত্যাগ কৰিবলৈ বাধ্য কৰোৱা হৈছিল৷ সেই সময়ত কংগ্রেছ দলৰ পোষ্টাৰ মাৰিবলৈ মানুহৰ অভাৱ ঘটিছিল৷ কিন্তু দলৰ নেতা আৰু কর্মীসকলৰ তৎপৰতাত ১৯৯১ চনত প্রয়াত হিতেশ্বৰ শইকীয়াৰ নেতৃত্বত অসমৰ কংগ্রেছৰ চৰকাৰ হয়৷ ১৯৯৬ চনত প্রফুল্ল কুমাৰ মহন্তৰ নেতৃত্বত দ্বিতীয়বাৰ যেতিয়া অগপ চৰকাৰ ক্ষমতালৈ আহে, ৰাজ্যখনত গুপ্তহত্যাৰ বিভীষিকাই দেখা দিয়ে৷ সেই সময়ত ভবা হৈছিল, বহুতে কৈছিল– অসমত মহন্তৰ চৰকাৰ কমেও ১০ বছৰ থাকিব৷ আনকি সেই সময়ত আমাক প্রদেশ যুৱ কংগ্রেছৰ সভাপতিৰ দায়িত্ব দিয়া হৈছিল৷ সেই সময়ত দলৰ শীর্ষ মহলৰ পৰা প্রদেশ যুৱ কংগ্রেছ কমিটীখন ৩৫ জনীয়া কৰিবলৈ নির্দেশ দিয়া হৈছিল৷ কিন্তু কর্মীৰ অভাৱত আমি তেতিয়া ১৭জনতে সীমাবদ্ধ ৰাখিবলগীয়া হৈছিল৷ সেই সময়ত তৰুণ গগৈ নেতৃত্বাধীন প্রদেশ কংগ্রেছৰ মাত্র ৪জন সাধাৰণ সম্পাদকেৰে দল চলাবলগীয়া হৈছিল৷ ৰাজীৱ ভৱনলৈ গাড়ী অনাৰ পৰিৱর্তে ১ কিলোমিটাৰ আঁতৰত গাড়ী ৰাখি আহিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছিল৷ এফালে বন্দুকৰ বিভীষিকা, আনফালে আর্থিক সংকট৷ সেই সময়ৰ মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্তৰ অপ্রতিৰোধ্য জনপ্রিয়তাৰ বাবে কংগ্রেছৰ সভাত ত্রিপ্ল ডিজিটৰ সংখ্যাৰে মানুহ গোট খোৱা নাছিল৷ তেনে এক পৰিস্থিতিৰ মাজতো কিন্তু কংগ্রেছে মূৰ দাঙি উঠিবলৈ সক্ষম হয়৷ ১৯৯৮ৰ লোকসভা নির্বাচনৰ ছমাহমান আগৰে পৰা মানুহ কংগ্রেছৰ প্রতি ঢ়াল খাবলৈ আৰম্ভ কৰে৷ সেয়ে আমি পূর্বৰ সেই পৰিস্থিতিৰ তুলনাত আজিৰ পৰিস্থিতি জটিল বুলি নাভাবোঁ৷ অসমৰ জনসাধাৰণে এতিয়া বিজেপি চৰকাৰৰ কাম–কাজো চাব আৰু আমাকো চাব৷ যোৱা তিনিটা মাহত ৰাইজে চৰকাৰখনৰ কাম–কাজ দেখিছে৷ বর্তমানৰ চৰকাৰখনে কেৱল এজন ব্যক্তিক শক্তিশালী কৰাত লাগিছে৷ বিজেপিয়ে এককভাৱে নিৰংকুশ সংখ্যাগৰিষ্ঠ দলত পৰিণত হৈ ইউপিপিএল, অগপক দুর্বল কৰিব বিচাৰিছে৷ যোৱা পাঁচটা বছৰত বিজেপিয়ে গণশক্তিৰ ক্ষেত্রত যিটো কৰিলে, এইবাৰ ইউপিপিএল–গপক কৰিব বিচাৰিছে৷ দলক শক্তিশালী কৰা সম্পর্কত আমি ছটা প্রজন্মক পাইছোঁ৷ এই ছটা প্রজন্মক একত্রিত কৰি জ্যেষ্ঠসকলৰ পৰামর্শ আৰু আনসকলৰ পৰিশ্রমৰ মাজেৰে আগবাঢ়িব বিচাৰিছোঁ৷ আমাৰ কাষত থকা ছটা প্রজন্মৰ ভিতৰত এটা হৈছে ৭০ প্লাছৰ নেতাসকল৷ শৰৎ বৰকটকী, হিৰণ্য বৰা, পৃথিৱী মাঝি আদি ৭০ প্লাছ বয়সৰ নেতা৷ ইয়াৰ পিছতেই আছে ৬০ ঊর্ধ্বৰ ৰিপুণ বৰা, পৱন সিং ঘাটোৱাৰৰ দৰে নেতা৷ তাৰ পিছতেই আছে প্রদ্যুৎ বৰদলৈ, দেৱব্রত শইকীয়াৰ বয়সৰ নেতাসকল৷ ইয়াৰ পিছত আমি আৰু আমাৰ বয়সৰ কংগ্রেছীসকল৷ সেইদৰে যুৱ কংগ্রেছ আৰু এনএছইউআই দুটা প্রজন্মৰ কংগ্রেছী আছে৷ আমি এই ছটা প্রজন্মৰ সৈতে মত বিনিময় কৰি নতুন উদ্যমেৰে দলক শক্তিশালী কৰাত অগ্রসৰ হ’ব লাগিব৷ এইক্ষেত্রত পৰামর্শ বিচাৰি অচিৰেই চিন্তন বৈঠক এখন অনুষ্ঠিত কৰা হ’ব৷ সাংসদ প্রদ্যুৎ বৰদলৈক অধ্যক্ষ হিচাপে লৈ চিন্তন কমিটী গঠন কৰা হ’ব আৰু চিন্তন কমিটীৰ বৈঠকৰ সিদ্ধান্ত অনুসৰি অনাগত দিনৰ কার্যক্রমণিকা গ্রহণ কৰা হ’ব৷
যোৱা বিধানসভা নির্বাচনত কংগ্রেছৰ বিপর্যয়ৰ কাৰণ কি বুলি ভাবে? দলীয় মঞ্চত এতিয়ালৈ এই সম্পর্কত কোনো বিশ্লেষণ হৈছে নেকি?
ঃ ক’ভিড পৰিস্থিতিৰ বাবে ৰাজ্যখনত বাহাল থকা এছ’পি আৰু আন্তঃজিলা যাতায়াত বন্ধ থকা বাবে প্রদেশ কংগ্রেছে কার্যনির্বাহক বৈঠক অনুষ্ঠিত কৰি নির্বাচনী বিপর্যয় সম্পর্কত পর্যালোচনা কৰিব পৰা নাই৷ কিন্তু বহুকেইটা পর্যায়ত ইতিমধ্যে ভার্চুৱেল মাধ্যমেৰে নির্বাচনী ফলাফল সম্পর্কত বিশ্লেষণ কৰা হৈছে৷ ইতিমধ্যে আমি কৈছোঁৱেই যে অচিৰেই এখন চিন্তন বৈঠক অনুষ্ঠিত হ’ব৷ সেই চিন্তন বৈঠকত অন্যান্য বিষয়ৰ লগতে নির্বাচনী ফলাফল সম্পর্কতো নির্মোহ বিশ্লেষণ কৰা হ’ব৷ অহা ১৫ আগষ্টৰ পিছতেই এই বৈঠক অনুষ্ঠিত কৰাৰ চিন্তাচর্চা কৰি থকা হৈছে৷
নির্বাচনী ফলাফল প্রকাশৰ পিছতেই আপোনালোকৰ দুজনকৈ বিধায়ক ক্রমে ৰূপজ্যোতি কুর্মী আৰু সুশান্ত বৰগোহাঁয়ে দল ত্যাগ কৰি বিজেপিত যোগদান কৰিলে৷ মিত্র দল এআইইউডিএফৰ বিধায়ক ফণী তালুকদাৰেও বিজেপিত যোগদানৰ চর্চা চলিছে৷ প্রদেশ কংগ্রেছৰ বহুকেইজন নেতাই ইতিমধ্যে বিজেপিত যোগদান কৰিলে৷ দলীয় বিধায়ক–নেতাৰ কংগ্রেছৰ প্রতি মোহভংগ হোৱাৰ কাৰণ কি বুলি ভাবে?
ঃ কংগ্রেছৰ প্রতি মোহভংগ হোৱা বুলি মানি নলওঁ৷ অসমত কংগ্রেছৰ দুজন বিধায়ক বিজেপিলৈ গৈছে৷ কিন্তু চুবুৰীয়া ৰাজ্য পশ্চিমবংগত বিজেপি দলৰ বিধায়ক পোনে পোনে তৃণমূল কংগ্রেছত যোগদান কৰিছে৷ আচলতে ২০০০ চনৰ পৰাই দেশৰ ৰাজনীতিত এনে প্রৱণতা দেখা গৈছে৷ সম্প্রতি দেশত পাঁচগৰাকী এনে মুখ্যমন্ত্রী আছে, যি কংগ্রেছৰ পৰা যোৱা৷ দামবৃদ্ধিৰ চেতনা নথকা, ত্যাগৰ চেতনা নথকা লোকক সমাজে নির্বাচনত জয়ী কৰাই অহা বাবেই এনে পৰিৱেশৰ সৃষ্টি হয়৷ আসন্ন উপ–নির্বাচনৰ সময়ত ৰাইজে এই বিষয়ে চিন্তা কৰি জনপ্রতিনিধি নির্বাচন কৰিব লাগিব৷ এসময়ত ৰূপজ্যোতি কুর্মীয়ে বিজেপিক অশালীন ভাষাৰে গালি পাৰিছিল৷ সুশান্ত বৰগোহাঁয়ে মৰিয়নিলৈ গৈ বিজেপিত যোগদান কৰা বাবে ৰূপজ্যোতি কুর্মীৰ বিৰুদ্ধে কৈছিল৷ আচলতে স্ক্রীপ্ঢ ৰীডাৰ কেতিয়াও লীডাৰ হ’ব নোৱাৰে৷
সন্মুখত পাঁচটা বিধানসভা সমষ্টিৰ উপ–নির্বাচন৷ আসন্ন উপ–নির্বাচনক লৈ আপুনি কিমান আশাবাদী? এইবাৰ উপ–নির্বাচনত আপোনালোকৰ প্রধান ইছ্যু কি হ’ব?
ঃ এই মুহূর্তত আমি সংগঠন শক্তিশালী কৰিব বিচাৰিছোঁ৷ উপ–নির্বাচন দলৰ লগতে ৰাইজৰ বাবেও সংগঠন শক্তিশালী কৰাৰ এটা সুযোগ৷ তেনে এক সুযোগৰ সদ্ব্যৱহাৰ কৰাৰ লক্ষ্যৰেই আমি এই নির্বাচনত অৱতীর্ণ হ’ম৷ তদুপৰি এই উপ–নির্বাচনতেই আমি যোৱা বিধানসভা নির্বাচনৰ সময়ত মুখ্যমন্ত্রীয়ে দিয়া প্রতিশ্রুতিসমূহ কিমান ৰূপায়ণ হ’ল, ক’ত ইউটার্ন মাৰিলে, সেই খতিয়ানো ৰাইজৰ আগত দাঙি ধৰিম৷ যোৱা নির্বাচনৰ সময়ত মুখ্যমন্ত্রীয়ে ২ লাখ নিবনুৱাক চৰকাৰী চাকৰি দিয়াৰ লগতে ৮ লাখক কর্মসংস্থাপন দিয়াৰ প্রতিশ্রুতি দিছিল৷ সেই প্রতিশ্রুতিৰ বাবে যুৱপ্রজন্মই বিজেপিক সমর্থন কৰিছিল৷ সম্প্রতি চৰকাৰে যি ১ লাখক চাকৰি দিয়াৰ কথা কৈছে, তাৰে ৮২ হাজাৰ পদেই খালী পদ৷ ইয়াত নতুনকৈ পদ সৃষ্টি হোৱা নাই৷ অৰুণোদয় আঁচনিৰ ক্ষেত্রত হিতাধিকাৰীক ৩ হাজাৰ টকা দিম বুলি কৈ এতিয়া ১ হাজাৰ টকা দিয়াৰ কথা ঘোষণা কৰিছে৷ মাইক্র’ ফাইনেঞ্চৰ ক্ষেত্রতো নির্বাচনৰ সময়ত দিয়া প্রতিশ্রুতি পৰৱর্তী পর্যায়ত সলনি হৈছে৷ আর্থিক বিকাশ, স্বনিয়োজন খণ্ডত চৰকাৰখনে একো কৰা নাই৷
উপ–নির্বাচন হ’বলগীয়া গোসাঁইগাঁও আৰু তামুলপুৰ সমষ্টি দুটা যোৱা বিধানসভা নির্বাচনত আপোনালোকে মিত্র দল বিপিএফক এৰি দিছিল৷ এইবাৰ উপ–নির্বাচনত সেই মিত্রতা অব্যাহত থাকিব নে কংগ্রেছে নিজাববীয়াকৈ প্রার্থিত্ব দিব?
ঃ বিপিএফৰ সভাপতি হাগ্রামা মহিলাৰীয়ে এতিয়ালৈ মোক এই সংক্রান্তত একো কোৱা নাই৷ হাগ্রামা মহিলাৰীয়ে এবাৰ ক’লেই সেই বুজাবুজি ভংগ কৰাৰ অধিকাৰ মোৰ নাই৷ আমি মহাজোঁটৰ ধর্ম পালন কৰিম৷
উপ–নির্বাচনৰ প্রসংগত ৰাইজৰ দলৰ সভাপতি বিধায়ক অখিল গগৈয়ে বিৰোধীৰ তৰফৰ পৰা ঐক্যবদ্ধভাৱে উমৈহতীয়া প্রার্থী দিয়াৰ কথা কৈছে৷ তেওঁ আনকি এইবাৰ বিৰোধী ঐক্যবদ্ধ নহ’লে অসমত কংগ্রেছ শূন্য হৈ যাব, নিজৰ কফিনত শেষ গজাল মাৰিব বুলিও কৈছে৷ এই সম্পর্কত আপুনি কি ক’ব?
ঃ অখিল গগৈয়ে সেই কথা কৈছিল আৰু আমিও তাৰ প্রত্যুত্তৰ দিছোঁ৷ কিন্তু যোৱা শুকুৰবাৰে পুৱা অখিল গগৈয়ে আমাৰ সৈতে টেলিফোনযোগে বার্তালাপ কৰিছে আৰু দলৰ তিনিগৰাকী প্রতিনিধিক আমাৰ কার্যালয়লৈ পঠিয়াইছে৷ পাৰস্পৰিক সম্বন্ধ ৰক্ষাৰ বাবে আমিও আমাৰ প্রতিনিধি তেওঁলোকৰ কার্যালয়লৈ পঠিয়াইছোঁ৷ সেয়ে এই মুহূর্তত অখিল গগৈৰ পুৰণা কথাক লৈ নতুনকৈ বিশেষ ক’ব খোজা নাই৷ ৰাজ্যখনৰ অতি স্পর্শকাতৰ সমস্যা, বিশেষকৈ চুবুৰীয়া ৰাজ্যৰে সীমা বিবাদ আদিকে ধৰি বিভিন্ন ক্ষেত্রত বিধানসভাৰ ভিতৰে–বাহিৰে সকলো বিৰোধী ঐক্যবদ্ধ হৈ চৰকাৰক হেঁচা দিয়াত গুৰুত্ব দিছোঁ৷ অৱশ্যে এটা কথা স্পষ্ট– ৰাজ্যখনৰ স্পর্শকাতৰ বিষয়ক লৈ সকলো বিৰোধী উমৈহতীয়াভাৱে যুঁজ কৰাৰ পক্ষপাতী যদিও দল শক্তিশালী কৰাৰ ক্ষেত্রত কেতিয়াবা কেতিয়াবা মতবিৰোধ হ’ব পাৰে৷ আসন এৰি দিলেই মিত্রতা হ’ব বুলি কোনো কথা নাই৷ শত্রু চিনাক্তকৰণ আৰু কৌশল নিৰূপণহে মিত্রতাৰ মূল বিষয়৷
সাম্প্রতিক সময়ত বিৰোধী ৰাজনীতিৰ চর্চিত বিষয় এটা হৈছে কংগ্রেছ–এআইইউডিএফৰ্ মিত্রতা৷ বহুতেই এই মিত্রতাৰ মুকলি বিৰোধিতা কৰিছে৷ বিপিএফেও মহাজোঁটৰ প্রাসংগিকতাক অস্বীকাৰ কৰিছে৷ এনে অৱস্থাত মহাজোঁট সম্পর্কত কংগ্রেছ দলৰ স্থিতি কি?
ঃ মহাজোঁট গঠন কৰাৰ সময়ত আমি দলৰ নেতৃত্বত নাছিলোঁ৷ এআইচিচিৰ সাধাৰণ সম্পাদক তথা প্রদেশ কংগ্রেছৰ তত্ত্বাৱধায়ক জিতেন্দ্র সিঙৰ তৎপৰতাত আৰু সেই সময়ৰ প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাৰ নেতৃত্বত বিজেপিৰ আগ্রাসী ভূমিকা ৰোধৰ বাবে মহাজোঁট গঠন কৰা হৈছিল৷ অসমৰ জনসাধাৰণেও সেই সময়ত মহাজোঁট গঠন কৰাটো বিচাৰিছিল৷ মহাজোঁটে নির্বাচনী ফলাফল অনুসৰি ৫০ আসনত জয়লাভ কৰিছে আৰু ৬ৰ পৰা ৭খন আসনত এহেজাৰৰো কম ভোটত পৰাজিত হৈছে৷ কংগ্রেছে মহাজোঁটৰ মাজত অবিশ্বাসৰ বাতাৱৰণ সৃষ্টিত কোনো অৰিহণা যোগোৱা নাই৷ অৱশ্যে মহাজোঁটৰ কিছু কিছু অংশীদাৰে সময়ে সময়ে এনেধৰণে কথা কৈছে যে তেওঁলোকৰ দলৰ নামটো নক’লে তেওঁলোক বিজেপি নে আন দলৰ মানুহ বুজাই মস্কিল৷ বিপিএফৰ সভাপতি হাগ্রামা মহিলাৰীৰ লগত বহুদিন টেলিফোনযোগে যোগাযোগ কৰোঁ যদিও তেওঁৰ ম’বাইল অফ হৈ থকাত বার্তালাপ সম্ভৱ হোৱা নাই৷ শেহতীয়াকৈ বিপিএফৰ উপ–সভাপতি চন্দন ব্রহ্ম আৰু সাধাৰণ সম্পাদক, মুখপাত্র প্রবীণ বড়োৰ সৈতে কথা পাতি আমি হাগ্রামা মহিলাৰীৰ সৈতে আলোচনাত মিলিত হোৱাৰ বাবে আগ্রহ ব্যক্ত কৰিছোঁ৷ হাগ্রামা মহিলাৰী গুৱাহাটীলৈ আহিব নিবিচাৰিলে তেওঁ যদি আমাক কোকৰাঝাৰলৈ মাতে, তালৈ যাবলৈও সাজু আছোঁ৷ যোৱা তিনি মাহ আগেয়ে যিটো দলৰ সৈতে একেলগে নির্বাচন খেলিছোঁ, এইবাৰ তিনি মাহ পিছত বেলেগে বেলেগে নির্বাচন খেলিলে আচহুৱা আচহুৱা যেন লাগে৷ সেয়ে বিপিএফক বিষয়টো পুনৰ চিন্তা কৰিবলৈ আহ্বান জনাইছোঁ৷
কংগ্রেছ দলৰ ভিতৰচ’ৰাত লবী ৰাজনীতি যোৱা পাঁচটা বছৰত যথেষ্ট চলিল৷ আপুনি সভাপতি হিচাপে এই লবী ৰাজনীতিৰ অৱসান ঘটাব পাৰিব বুলি কিমান আশাবাদী?
ঃ লবী ৰাজনীতিৰ অৱসান ঘটোৱাৰ সংকল্পৰেই মই প্রদেশ কংগ্রেছৰ সভাপতিৰ দায়িত্ব লৈছোঁ৷ মই সভাপতিৰ দায়িত্ব লাভ কৰাৰ ২৪ ঘণ্টাৰ ভিতৰতেই অসম–মিজোৰাম সীমান্তৰ লাইলাপুৰলৈ যাব লগা হয়৷ সেই সময়ত মই শিলচৰলৈ যাওঁতে লগত প্রদ্যুৎ বৰদলৈ, দেৱব্রত শইকীয়া, গৌৰৱ গগৈ, ৰকিবুল হুছেইন, কমলাক্ষ দে’ পুৰকায়স্থ আদি সকলোকে লৈ গৈছোঁ৷ আনকি শিলচৰত দিয়া সংবাদ মেলৰ সময়ত মই মাত্র ৪৫ ছেকেণ্ড কথা কৈছোঁ৷ বাকী সময়খিনিত দলৰ আনসকলক কথা কোৱাৰ সুযোগ দিছোঁ৷ যোৱা ৪ আগষ্টৰ দিনা আমি আনুষ্ঠানিকভাৱে প্রদেশ কংগ্রেছৰ সভাপতিৰ দায়িত্ব লোৱাৰ সময়ত দলৰ সকলোকে কথা কোৱাৰ সুযোগ দিছোঁ৷ সকলোৱে কৈছে দলৰ স্বার্থত সকলো ঐক্যবদ্ধ হ’ব৷ আমি আমাৰ সভাপতিত্বৰ কালছোৱাত দলৰ প্রতিগৰাকী লোককে বিভিন্ন কামত নিয়োজিত কৰি কামৰ মাজেৰে দেখুৱাই দিম– কংগ্রেছত এতিয়া লবী নাই৷
প্রদেশ কংগ্রেছৰ নতুন কার্যনির্বাহক কমিটীখন কেতিয়াৰ পৰা গঠন কৰিব?
ঃ সদ্যহতে নতুন কমিটী গঠন কৰাৰ কথা ভবা নাই৷ নতুন বছৰত পাৰদর্শিতাৰ ভিত্তিত নতুন কার্যনির্বাহক কমিটী গঠন কৰা হ’ব৷ সদ্যহতে দলৰ সকলোকে বিভিন্ন কামত নিয়োজিত কৰি দলক আগুৱাই লৈ যোৱাৰ পৰিকল্পনা কৰিছোঁ৷ বয়সৰ ফালৰ পৰা কিছু নেতাই সঘনে ভ্রমণ কৰিব নোৱাৰে৷ কিন্তু আমি সিদ্ধান্ত লৈছোঁ– প্রদেশ কংগ্রেছৰ ক’ৰ কমিটীৰ কোনো সদস্যই কোনো জিলালৈ গ’লে সেইসকল জ্যেষ্ঠ নেতাৰ ঘৰলৈ গৈ দলীয় কাম–কাজ সম্পর্কত পৰামর্শ গ্রহণ কৰিব লাগিব৷ বিগত দিনত কংগ্রেছত যি লবী ৰাজনীতি চলিছিল, আচলতে তাৰ মূল কাৰণ আছিল কমিউনিকেচন গেপ৷ আমি আমাৰ কার্যকালত সেই কমিউনিকেচন গেপ হ’বলৈ নিদিওঁ৷ প্রতিজন কংগ্রেছ কর্মীয়ে উপযুক্ত মর্যাদা আৰু সন্মান পাব৷