জাতীয় উৎসৱ বুলিয়েই নহয়, গছ আৰু মানুহৰ সম্বন্ধক নিবিড় কৰি তোলা উৎসৱ ৰূপেও বিহুৰ এক সুকীয়া ভূমিকা আছে৷ গছৰ ফুল–ফল, পাত–ছাঁ সকলোৰে যেন বিহুত নিজা নিজা স্থান আছে৷ বিহু ঋতুকালীন উৎসৱ আৰু বিহুৰ সৈতে সম্পর্ক থকা প্রতিটো ঋতুৰ গছ–গছনিৰ লগত বিহুৰ বিভিন্ন পৰম্পৰা বিৰাজমান৷ ৰঙালী বিহুৰ বিশেষ ফুল হৈছে কপৌ আৰু বিশেষ গছ হৈছে বৰ বা আঁহত৷ নাচনীয়ে খোপাত কপৌফুল গুঁজি লয় আৰু বিহুৱা–বিহুৱতীসকল্ বৰ বা আঁহত গছৰ তলত নাচে৷ ‘আহোঁ বৰৰ তলে, যাওঁ বৰৰ তলে বৰৰে ঢ়পলা পাত/ঢ়োলত চাপৰ মাৰি বিহুলৈ ওলাইছোঁ, এষাৰি দি যাবা মাত…’ বুলি বিহুৱাই বিহুৱতীক বৰৰ তললৈ বিহু নাচিবলৈ আহ্বান কৰে৷ অতীজতে পথাৰ বা নৈ–বিল আদিৰ পাৰৰ গছৰ তলতে বিহু হৈছিল৷ বিহু গছৰ তলত নাচিলে গছৰ ফল–ফুল দিয়াৰ শক্তি বৃদ্ধি পায় বুলি বিশ্বাস আছিল৷ পথাৰত বিহু নাচিলে শস্যৰ উর্বৰতা বৃদ্ধি পায় বুলিও বিশ্বাস আছিল৷ এই বিশ্বাস কিন্তু অন্ধবিশ্বাস নাছিল৷ কিয়নো বর্তমানৰ বিজ্ঞানীসকলে গৱেষণা কৰি পাইছে যে গছৰ অনুভৱ শক্তি আছে৷ গছে মানুহৰ মৰম বুজি পায়৷ আনকি গছে মানুহৰ খং–ৰাগৰো উমান পায়৷ আফ্রিকাত হেনো এক বিশেষ প্রজাতিৰ মানুহ আছে, যিসকলে কাটিব বিচৰা গছডালক আগদিনা গালি পাৰি থৈ আহে, পিছদিনা গছডাল মৰি থাকে মানুহৰ মৰম–চেনেহ পোৱা, গীত–মাত শুনিবলৈ পোৱা গছে সুস্বাদু ফল আৰু ধুনীয়া ফুল দিয়ে৷ এয়া গৱেষণালব্ধ সত্য৷ অর্থাৎ গছৰ তলত বিহু গাই গছক অধিক উৎপাদনশীল কৰি তোলাৰ ভাবনা বিজ্ঞানসিদ্ধ৷ ই সংস্কৃতি মাথোন নহয়, প্রকৃতিক অধিক সৃজনশীল কৰি তোলা এক বিজ্ঞানসন্মত লোককৃষ্টি৷
উল্লেখ কৰা ভাল হ’ব যে ব’হাগৰ সময়খিনিত বিষুৱৰেখাৰ ওপৰত সৌৰৰশ্মি পোনে পোনে পৰে৷ ‘বিষুৱ’ শব্দৰ পৰাই বিহু শব্দৰ উৎপত্তি৷ কোচ ৰাজবংশীসকলে পতা উৎসৱৰ নাম ‘বিষুৱা’৷ ‘বিষুৱ’ৰ পৰা ‘বিষুৱা’, ‘বিষুৱা’ৰ পৰা ‘বিষু’ আৰু ‘বিষু’ৰ পৰা ‘বিহু’ শব্দৰ উৎপত্তি হৈছে৷ এই বিষুৱ সময়খিনিত পৃথিৱী আৰু সূর্যৰ অৱস্থান পোন হয় বাবে গছৰ ওপৰত সূর্যৰ তাপ আৰু পোহৰ পোনে পোনে পৰে৷ গছৰ পত্রৰন্ধ্রেৰে তাপ আৰু পোহৰ সৰকি যোৱাৰ এইখিনি সময়ত বিশেষভাৱে সুচল হয় বাবে গছৰ ‘মেটাব’লিজ্ম’ বা দৈহিক ৰাসায়নিক প্রক্রিয়া খৰতকীয়া হয়৷ গছত ন ন পাত ওলায়, শিপা গজে, ডাল–শাখা ওলায় আৰু গছবোৰ পৰিপুষ্ট হৈ লহপহকৈ বাঢ়ে৷ গছৰ শ্রীবৃদ্ধি ঘটোৱাত এই ব’হাগ বিহুৰ সময়খিনিত আৰু দুটামান প্রাকৃতিক পৰিঘটনাৰ অৱদান আছে, সেয়া হ’ল– ঢ়েৰেকনি আৰু বৰষুণ৷ বৰষুণে গছক পর্যাপ্ত পৰিমাণে পানী দিয়ে আৰু বিজুলী–ঢ়েৰেকনিৰ ফলত গছৰ শিপাত নাইট্র’জেন পুঞ্জীভূত হয়৷ নাইট্র’জেন গছৰ বাবে অতি দৰকাৰী মৌল৷ কিন্তু বায়ুত যথেষ্ট পৰিমাণে নাইট্র’জেন থকা সত্ত্বেও গছে বতাহৰ পৰা পোনে পোনে নাইট্র’জেন ল’ব নোৱাৰে৷ কিন্তু যেতিয়া বিজুলী–ঢ়েৰেকনি মাৰে, তেতিয়া গছৰ শিপাৰে সঞ্চাৰিত শক্তিয়ে নাইট্র’জেন মৌলক টানি আনি পুঞ্জীভূত কৰিব পাৰে৷ এইটো প্রকৃতিৰ এক বিশেষ পৰিঘটনা৷ সেইবাবে ব’হাগৰ বিহুঢ়োলৰ গুমগুমনি আৰু আকাশৰ গোঁজৰণি– দুয়োটাই গছৰ বাবে উপকাৰী, প্রকৃতি পৰিবর্ধনকাৰী৷ আনহাতে, এইক্ষেত্রত পছোৱা বতাহৰো ভূমিকা আছে৷ পছোৱা বতাহে নানাবিধ গছৰ ফুলৰ ৰেণু বা গুটি ইঠাইৰ পৰা সিঠাইলৈ কঢ়িয়াই লৈ যায়৷ এই পছোৱা যেন গুটি সিঁচা এজন প্রাকৃতিক কৃষকহে আনহাতে, অলপ টানকৈ বলা ধুমুহাই দুর্বল গছবোৰ উভালি পেলায়৷ এয়াও যেন এক প্রকৃতিৰ দায়িত্ব কিয়নো প্রকৃতিয়ে নির্বাচন কৰে জীৱনীশক্তিসম্পন্ন জীৱবোৰকহে, যাক ‘প্রাকৃতিক নির্বাচন’ বুলি কোৱা হয়৷ সুস্থ আৰু শাৰীৰিকভাৱে সক্ষমসকলকহে প্রকৃতিয়ে জীৱনৰ বাবে নির্বাচিত কৰে– এয়া বিজ্ঞানী ডাৰউইনৰ সূত্র আৰু এই সূত্রৰ বাস্তৱতা আমি ব’হাগ মাহৰ ধুমুহাৰ তাণ্ডৱৰ মাজত দেখিবলৈ পাওঁ৷
বিহু সংস্কৃতি প্রকৃতিৰ অনুৰণন, প্রকৃতিৰ অনুসৰণ৷ প্রকৃতিৰ ছন্দকেই বিহুৱে মানুহৰ জীৱন ছন্দৰ সৈতে একীভূত কৰে৷ প্রকৃতিৰ মাজত বিজ্ঞানীসকলে বিচাৰি পাইছে ‘জৈৱ–ছন্দ’ বা ‘জীৱন–ছন্দ’৷ সেই ছন্দৰ বাবেই কুলিয়ে বসন্ত কালতহে মাতে, কপৌ ফুলে বসন্ত কালত৷ উদ্ভিদবিশেষে ফুলা আৰু ফল দিয়াৰ সময় বেলেগ বেলেগ হয় এই ‘জীৱন–ছন্দ’ বা ‘জৈৱ–ছন্দ’ৰ বাবেই৷ বিহুৰ মাজত আমি বিচাৰি পাওঁ এই জীৱন–ছন্দ আৰু সেই ছন্দক অনুসৰণ কৰিয়েই আমি বিহু গাওঁ, নাচোঁ৷ বিহু নচা আৰু গোৱা কেৱল ৰং–ৰহইচ নহয়, ই প্রকৃতিক জগাই তোলাৰো এক মানৱীয় কার্যসূচী৷ প্রকৃতিক ভাল পোৱা, প্রকৃতিৰ সৈতে একাত্ম হোৱাৰো এক কর্মসূচী৷ সেইবাবে গছবিহুত প্রকৃতিপ্রেমীসকলে গছকো বিহুৱান দিয়ে৷ গছপুলি ৰুৱে৷ ব’হাগ মাহত গছপুলি ৰোৱাটো অসমৰ গঞা কৃষক ৰাইজৰ এক বিশেষ কর্মসূচী আছিল৷ বাৰীক নকৈ গছৰ পুলি ৰুৱা হৈছিল৷ কিছুমান গছ আছে, যিবোৰৰ ডাল পুতিলেও হয়৷ এনে ডাল পুতিলে হোৱা গছবোৰৰ ডাল বাৰীৰ সীমনাত পুতি দিয়া হৈছিল৷ ব’হাগৰ বতৰত কৃষকে তামোলৰ গুৰিত, বাঁহৰ গুৰি বা আন আন গছবোৰৰ গুৰিত মাটি দিয়ে৷ কলৰ গুৰিত জেং–জাবৰ দিয়ে৷ এইখিনি সময়ত গছৰ গুৰি মজবুত কৰি ৰখাৰ লগতে শিপাই যাতে সাৰ পায়, তাৰ বাবেও খেতিয়কসকলে ব্যৱস্থা কৰে৷ সেয়েহে ৰঙালী বিহু কেৱল ৰং–ধেমালিৰ উছৱেই নহয়, প্রকৃতিক সেৱা কৰাৰো এক উছৱ৷ প্রকৃতিপ্রেমক মূর্ত কৰি তোলাৰ লগতে প্রকৃতিৰ পৰা আহৰণ কৰিবলগীয়াখিনিৰ উৎপাদন যাতে বৃদ্ধি পায়, তাৰ বাবে আমাৰ কর্তব্যখিনি বা সেৱাখিনিও কৰাৰ উত্তম সময় হৈছে এই বিহুৰ সময়খিনি৷ মহাজাগতিক প্রকৃতি আৰু জৈৱ–প্রকৃতিৰ যি ওতপ্রোত সম্বন্ধ, সেয়া ব’হাগ বিহুৰ সময়ত স্পষ্টভাৱে প্রকট হয় আৰু অনুঘটক হিচাপে মানুহে এই সময়খিনিতে প্রকৃতিক সক্রিয় আৰু সুন্দৰ কৰি তোলাত অংশ ল’ব পাৰে আমাৰ গছবিহুৰ দৰে উৎসৱৰ জৰিয়তে৷ প্রকৃতি সংগঠন অৰণ্য সুৰক্ষা সমিতি, অসমে গছবিহু পাতি হেৰাই যাবলৈ ধৰা গছৰ তলৰ বিহুক প্রকৃতিপ্রেম আৰু পৰিৱেশ সচেতনতাৰ উৎসৱ ৰূপে পাতি আহিছে৷ গছবিহুত সমিতিয়ে গছক বিহুৱান পিন্ধায়, গছপুলি ৰুৱে, গছৰ তলত বিহুগীত–নৃত্যৰ আয়োজন কৰে, ৰাইজৰ মাজত গছপুলি বিতৰণ কৰে আৰু গছ–গছনি বিষয়ক আলোচনাৰ আয়োজন কৰে৷ এনে আলোচনাত বয়োজ্যেষ্ঠসকলে গছৰ স্থানীয় বিভিন্ন নাম, সিহঁতৰ উপকাৰিতা, বিভিন্ন ঔষধি গছ–বন আদিৰ কথাবোৰ অৱগত কৰায়৷ যাৰ দ্বাৰা নতুন প্রজন্মই প্রৌঢ়সকলৰ পৰা পৰম্পৰাগত জ্ঞান লাভ কৰে৷ সমিতিয়ে গছবিহুত ৰুৱা গছবোৰ বর্তমান অসমৰ বিভিন্ন ঠাইত বৃক্ষ হৈ পৰিছে কিছুমান ঠাইত সৰু–সুৰা একোখন মানৱসৃষ্ট অৰণ্য হৈ পৰিছে৷ উদাহৰণস্বৰূপে ক’ব পাৰি, শোণিতপুৰ জিলাৰ ভেৰগাঁও আৰু পাচনৈবাসী ৰাইজে ৰুৱা গছবোৰ৷ এতিয়া ৰাইজে নিজে ৰুৱা গছৰ তলত গছবিহু পাতে
গছবিহু কেৱল যে প্রকৃতি বিজ্ঞানৰ পৰাই গুৰুত্বপূর্ণ, এনে নহয়, অর্থবিজ্ঞান বা অর্থনীতিৰ পৰাও সমানেই গুৰুত্বপূর্ণ৷ একোটা গছৰ পুলি ভৱিষ্যতৰ বাবে এক সঞ্চিত পুঁজি৷ এটা চেগুন গছৰ পুলি কুৰি বছৰৰ পিছত ত্রিশ–চল্লিশ হাজাৰ টকা মূল্যৰ সম্পদ হয়৷ আম–কঁঠাল আদি গছৰ কথাও তেনে৷ গছবিহুত গছপুলি ৰুই নিজৰ জীয়ৰীৰ বিয়াৰ সময়ত লগা আচবাবৰ কাঠখিনি আগতীয়াকৈ সঞ্চয় কৰা গুণীজনো ওলাইছে৷ এনে অভিজ্ঞতা আমাৰেই হৈছে৷ আমি এবাৰ ওৰাঙত গছবিহু পাতি গছৰ পুলি বিলাইছিলোঁ৷ যিখন ঠেলাত গছপুলিবোৰ অনা হৈছিল, ৰৈ যোৱা পুলিবোৰ তেওঁকে দিছিলোঁ৷ কেইবছৰমান পিছত তেওঁ গছবিহুৰ উদ্যোক্তা এজনক আনন্দেৰে ক’লেহি– ‘দাদা, গছবিহুত যে মোক আপোনালোকে পুলিবোৰ দিছিল, মই ৰুই থৈছিলোঁ৷ এতিয়া সেইবোৰ গছ হ’ল৷ মই এতিয়া লাখপতি’ সঁচাকৈয়ে অসমী আয়ে আমাক এনে প্রকৃতি দিছে যে কেইজোপামান গছ ৰুই থৈও আমি ভৱিষ্যৎ গঢ়িব পাৰোঁ৷ সতি–সন্তানক অর্থনৈতিকভাৱে শক্তিশালী কৰি তুলিব পাৰোঁ৷ সেয়েহে গছবিহুৰ সময়খিনিৰ সদ্ব্যৱহাৰ কৰি, কৃষ্টি–পৰম্পৰা ৰক্ষাৰ নিয়মখিনিৰ লগতে গছপুলি ৰোপণেৰে পৃথিৱীখন সেউজ কৰি ৰখাৰ দায়িত্বও আমি পালন কৰিব পাৰোঁ আৰু নিজকে অর্থনৈতিকভাৱেও টনকিয়াল কৰিব পাৰোঁ৷ বর্তমানৰ পৰিৱেশ সচেতন সভ্য সমাজৰ বাবে গছবিহু এক উৎসৱ বা সংস্কৃতিয়েই নহয়, মানৱ সভ্যতা আৰু প্রাকৃতিক ভাৰসাম্য বর্তাই ৰখাৰ বাবে আৱশ্যকীয় এক বিজ্ঞানসন্মত কার্যসূচীও৷