নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় সেনাৰ শক্তি Boeing AH-64 Apache হেলিকপ্টাৰ…

নিয়মীয়া বাৰ্তা, ২ জুলাইঃ ভাৰত-চীন সীমান্তত উত্তেজনা বিৰাজ কৰি থকাৰ মাজতে এটা বিষয় প্ৰায়ে মনলৈ আহে যে ভাৰতীয় সেনাই চীনৰ সৈতে যুঁজ দিবলৈ কেনেদৰে প্ৰস্তুত ? ভাৰতীয় সেনাৰ হাতত কি কি অত্যাধুনীক সামৰিক অস্ত্ৰ-শস্ত্ৰ আছে ?

 জানিব পৰা মতে, শেহতীয়াকৈ ভাৰত আৰু মার্কিন যুক্তৰাষ্ট্রই ভাৰতীয় সেনাবাহিনীৰ বাবে শেহতীয়াকৈ ৬ খন এপাচি হেলিকপ্টাৰৰ বাবে ৯৩০ মিলিয়ন ডলাৰৰ চুক্তি কৰিছে। এই চুক্তি ভাৰতীয় বায়ু সেনাৰ ২২ খন এপাচি হেলিকপ্টাৰৰ বাবে ২০১৫ চনত কৰা হৈছিল। এই চুক্তি অনুসৰি, মুঠ ২২ খন হেলিকপ্টাৰৰ ভিতৰত ১৭ খন ইতিমধ্যে ভাৰতে লাভ কৰিছে আৰু বাকী থকা কেইখন ২০২৩ চনৰ ভিতৰত বিতৰণ কৰা হ’ব।

AH-64E এপাচি হেলিকপ্টাৰ হৈছে মুখ্যত Advanced Attack Helicopter ।

এই হেলিকপ্টাৰসমূহ ৱেষ্টাৰ্ণ চেক্টৰত পাকিস্তান সীমান্তত ৰাজস্থানত মোতায়েন কৰা হ’ব।

ইয়াৰোপৰি এই চুক্তিত যুদ্ধযান, প্রশিক্ষণ, বিমানৰ প্ৰশংসাপত্র আৰু উপাদানৰ ভিতৰত ইঞ্জিন, ইঅ’ চেন্সর আৰু ৰাডাৰ অন্তর্ভুক্ত আছে । লগতে ভাৰতীয় সেনাই AH-64E এপাচি কনফিগাৰেশ্যন পাব, যি হৈছে বিশ্বৰ সকলোতকৈ উন্নত মাল্টি-ৰোল হেলিকপ্টাৰ আৰু নৱেম্বৰ ২০১১ চনত মার্কিন সেনাবাহিনীতো অন্তর্ভুক্ত হৈছিল।

এপাচি হেলিকপ্টাৰসমূহ মেছা, এৰিজনাত উৎপাদিত (নিৰ্মাণ) হয় আৰু এতিয়ালৈকে বিশ্বব্যাপী ৪০০ ৰো অধিক এপাচি হেলিকপ্টাৰ সৰবৰাহ কৰা হৈছে।

এপাচি হেলিকপ্টাৰসমূহত উন্নত ডিজিটেল সংযোগ, যৌথ কৌশলগত তথ্য বিতৰণ ব্যৱস্থা, অধিক শক্তি সমন্বিত কৰাৰ বাবে উন্নত ফেছ গিয়াৰ ট্রান্সমিশ্যন সহ অধিক শক্তিশালী T700-GE-701D ইঞ্জিন, আৰু নতুন সংমিশ্রণ মূল ৰটাৰ ব্লেড নিয়ন্ত্রণৰ ক্ষমতা আছে।

  • প্ৰণৱ জ্যোতি মহন্ত
You might also like