গণ–মনস্তত্ত্ব, প্রায়োগিক মনস্তত্ত্ব ইত্যাদি
অহা বুধবাৰৰ পৰা দুবছৰৰ মূৰত অনুষ্ঠিত হ’ব গুৱাহাটী গ্রন্থমেলা৷ ইতিমধ্যে গ্রন্থমেলাৰ থলীখনত বিপণী, মণ্ডপ আদিৰ নির্মাণকার্য সম্পূর্ণ হৈ উঠিছে৷ এইবাৰৰ গুৱাহাটী গ্রন্থমেলাত প্রায় দুকুৰি প্রকাশক আৰু অন্যান্য প্রতিষ্ঠানে অংশগ্রহণ কৰিব৷ গ্রন্থমেলা একোখনৰ এই প্রস্তুতিৰ সময়ত ইয়াৰ উদ্যোক্তাপক্ষ সততে এক সমস্যাৰ মুখামুখি হৈ অহা আমি দেখিবলৈ পাইছোঁ৷ উল্লেখযোগ্য যে গ্রন্থমেলাৰ অস্থায়ী বিপণীসমূহৰ শাৰী মেলাথলীৰ কাষেৰে পাৰ হোৱা ঘাই বাটটোৰ সমান্তৰালকৈ নির্মাণ কৰোঁতে পথাৰখন সোঁ আৰু বাঁও দুটা পক্ষত wing) ভগাই লোৱা হয়৷ এনেকৈয়ে মেলাথলীখন দুটা ভাগত বিভক্ত হৈ পৰে৷ এইখিনিতে ওপৰত কৈ অহা সমস্যাটোৰ উদ্ভৱ হোৱা দেখা যায়৷ কিয়নো গ্রন্থ বিক্রীৰ বাবে অহা প্রতিটো প্রতিষ্ঠানেই একোডোখৰ ‘ভাল ঠাই’ত নিজ নিজ বিপণীটো পাবলৈ বিচাৰে৷ কোনেও এমূৰত বা এচুকত থকা বিপণী ল’বলৈ ইচ্ছা নকৰে৷ এতেকে বিপণীসমূহৰ আবণ্টন উদ্যোক্তাপক্ষই ভাগ্যপৰীক্ষা Lottery) পদ্ধতিৰে কৰিবলগীয়া হয়গৈ৷ তেনে কৰিলে কাৰো ক’বলৈ একো বাট নাথাকে৷ কিন্তু কথা হৈছে, গ্রন্থমেলাত অংশ ল’বলৈ অহা প্রতিটো প্রতিষ্ঠানেই মনতে এটা অভিলাষ পুহি ৰাখে যে তেওঁলোকৰ নামত আবণ্টিত বিপণীটো (বা বিপণীখন) যেন মেলাথলীৰ বাঁও অংশটোত পৰে৷ কিয় এনে হয়? কিয়নো প্রায় প্রতিজন দর্শকেই মেলাত প্রৱেশ কৰিয়েই হেনো বাওঁপিনলৈ অগ্রসৰ হয়৷ সকলো দর্শক অথবা গ্রাহকৰ এই সমূহীয়া আচৰণৰ গুৰিতে থকা কাৰণটো তেনেহ’লে কি? এই প্রশ্ণৰ উত্তৰ বিচাৰি মনস্তত্ত্ব বিষয়ত স্নাতকোত্তৰ মহলাত অধ্যয়ন কৰি থকা মোৰ পুত্র কিম্বা কন্যাসম কেইবাজনৰো সৈতে কথা পাতিছিলোঁ৷ পিছে তেওঁলোকৰ মাজৰ এজনেও বিষয়টোৰ সন্দর্ভত মোক পতিয়ন নিয়াব নোৱাৰিলে৷ অৱশেষত মই নিজেই ভাবি ভাবি এটা সিদ্ধান্তত উপনীত হ’লোঁ যে সাধাৰণ অৱস্থাত প্রতিজন লোকেই ঘড়ীৰ কাঁটাৰ দিশত Clockwise) গতি কৰাৰ এক প্রৱণতাৰ দ্বাৰা পৰিচালিত হয়৷ অর্থাৎ মানুহৰ জীৱনত দুডাল বা তিনিডাল কাঁটাযুক্ত ঘড়ী নামৰ সময়–নিৰূপক যন্ত্রটোৰ প্রভাৱ ইমানেই বেছি, যিটো মানুহে নিজেও অনুভৱ নকৰে৷
মানুহৰ দৈনন্দিন জীৱনত এনেদৰে বহুতো পাৰিপার্শ্বিক কাৰকে গভীৰভাৱে প্রভাৱ বিস্তাৰ কৰি আহিছে৷ প্রায় তিনি দশক পূর্বে অসমৰ এগৰাকী বিশিষ্ট বিজ্ঞানী তথা শিক্ষাবিদ ড০ কুলেন্দু পাঠক মহোদয়ে মোক কথা–প্রসংগত এদিন কৈছিল যে মানুহৰ জীৱনক প্রগাঢ়ভাৱে প্রভাৱিত কৰা তেনে এটা প্রাকৃতিক কাৰক হৈছে চান্দ্র চক্র Lunar eyele)৷ নাৰীসকলৰ ঋতুচক্র আঠাইছদিনীয়া হোৱাটোও চান্দ্র চক্রৰে প্রভাৱ বুলি শ্রদ্ধেয় পাঠক ছাৰে মোক কৈছিল৷ অৱশ্যে চান্দ্র চক্রৰ দৈর্ঘ্য আৰু ঘড়ীৰ কাঁটা ঘূৰাৰ দিশৰ কথা দুটাৰ মাজত এক মৌলিক পার্থক্য আছে৷ চান্দ্র চক্র নিৰূপিত হৈছে প্রাকৃতিক নিয়মৰ দ্বাৰা আৰু তাৰ বিপৰীতে ঘড়ীৰ কাঁটাৰ বামাৱর্তী দিশ মানুহে নিজে নির্ধাৰণ কৰি লোৱা৷ যিজন মহান উদ্ভাৱকে ঘড়ী নামৰ আহিলাবিধৰ পোনতে আর্হি প্রস্তুত কৰিছিল, তেওঁ ঘড়ীৰ কাঁটাৰ ঘূৰণৰ দিশ বামাৱর্তী নকৰি দক্ষিণাৱর্তীও কৰিব পাৰিলেহেঁতেন৷ কিন্তু মোৰ অনুমান হয়, সেই অনামী উদ্ভাৱকগৰাকী সম্ভৱতঃ বাঁওপিনৰ পৰা সোঁপিনলৈ লিখা লিপিৰ লগত অভ্যস্ত আছিল৷ সেই হেতুকে তেওঁৰ মনোজগতত বামাৱর্তী চিন্তাধাৰাই গা কৰি উঠিছিল৷ তেওঁ যদি সোঁপিনৰ পৰা বাঁওপিনলৈ লিখা আৰবীমূলীয় লিপিৰে লিখা–পঢ়া কৰা লোক হ’লহেঁতেন, তেনেহ’লে বিশ্ববাসীয়ে দক্ষিণাৱর্তী কাঁটাযুক্ত ঘড়ী লাভ কৰিলেহেঁতেন৷ অৱশ্যে এইবিলাক মই অনুমান কৰা কথাহে৷ সেয়ে হ’লেও জীৱ–জগৎ আৰু জড়–জগতত সোঁ আৰু বাঁওৰ ধাৰণা দুটাই চিৰকাল ধৰি সুগভীৰ প্রভাৱ বিস্তাৰ কৰি আহিছে৷ আমি আটায়ে জানো যে সৌৰজগতৰ গ্রহমণ্ডলীয়ে নিৰন্তৰ সূর্যক প্রদক্ষিণ কৰি আছে৷ তেনেহ’লে এই গ্রহসমূহৰ বার্ষিক গতি বামাৱর্তী নে দক্ষিণাৱর্তী? পিছে মহাজাগতিক প্রেক্ষাপটত সোঁ–বাঁওৰ এই ধাৰণাই বিশেষ প্রভাৱ নেপেলায়৷ কিয়নো এই ধাৰণা দুটা এশ শতাংশই দ্রষ্টাৰ অৱস্থানসাপেক্ষ৷ যদি প্রদক্ষিণৰত গ্রহসমূহক ওপৰৰ পৰা পর্যবেক্ষণ কৰা হয়, তেনেহ’লে সিবোৰৰ গতি বামাৱর্তী ৰূপত পৰিদৃষ্ট হ’ব পাৰে৷ তলৰ পৰা চালে তাৰ ঠিক বিপৰীতটো দেখা যাব৷ অর্থাৎ সোঁ আৰু বাঁওৰ ধাৰণা দুটাৰ লগত তল–ওপৰ আৰু আগ–পিছৰ ধাৰণাকেইটাও ওতপ্রোতভাৱে জড়িত হৈ আছে৷
প্রায়োগিক মনস্তত্ত্ব Applied psychology) শব্দ দুটা শৈশৱতে মোৰ স্বর্গগত দেউতাৰ মুখত প্রথমবাৰ শুনা মনত আছে৷ উক্ত শব্দ দুটা দেউতাৰ মুখত উচ্চাৰিত হৈছিল আমাৰ এজন পৰলোকগত দাদাৰ প্রসংগত৷ তেখেতৰ নাম আছিল অমৃতপ্রসাদ বৰুৱা৷ প্রয়াত বৰুৱাদেৱ বিশ্ববিশ্রুত বষ্টন বিশ্ববিদ্যালয়ৰ প্রায়োগিক মনস্তত্ত্ব বিষয়ৰ প্রাধ্যাপক আছিল৷ তেখেতৰ পিতৃ ঈশ্বৰপ্রসাদ বৰুৱাই ঔপনিৱেশিক আমোলত এজন জিলা ন্যায়াধীশ হিচাপে কার্যনির্বাহ কৰিছিল৷ ঈশ্বৰপ্রসাদ বৰুৱাদেৱ মোৰ দেউতাৰ বৰ ভিনিহিয়েক হোৱা সূত্রে আমাৰ ডাঙৰজন জেঠপেহা আছিল৷ তেখেতৰে তৃতীয় পুত্র অমৃতপ্রসাদ বৰুৱাই বষ্টন বিশ্ববিদ্যালয়ত অধ্যাপনা কৰি অৱসৰ লোৱাৰ পাছতো মার্কিন যুক্তৰাষ্ট্রতে স্থায়ীভাৱে বসবাস কৰি আছিল৷ বছৰদিয়েক পূর্বে তেখেতৰ পৰলোকপ্রাপ্তি ঘটিছে৷
প্রথমবাৰ যেতিয়া মই ‘প্রায়োগিক মনস্তত্ত্ব’ শব্দ দুটাৰ তাৎপর্য সম্বন্ধে ভাবি চাবলৈ আৰম্ভ কৰিছিলোঁ, সেই সময়ত বিশেষ কিবা বুজি পোৱাৰ বয়স মোৰ হোৱা নাছিল৷ প্রায়োগিক গণিত কিম্বা প্রয়োগিক ৰসায়নবিদ্যাৰ ধাৰণাসমূহ তাৰ আগেয়েই মোৰ বাবে পৰিষ্কাৰ হৈ উঠিছিল৷ কিন্তু জীৱনৰ পৰৱর্তী কালত যেনিয়েই চাওঁ তেনিয়েই প্রায়োগিক মনস্তত্ত্বৰ প্রতিফলন ঘটিবলৈ ধৰিলে৷ মনৰ মাজত প্রশ্ণৰ উদয় হ’ল– প্রায়োগিক মনস্তত্ত্ব কাৰ বাবে অধিক প্রয়োজনীয়? উত্তৰো নিজে নিজেই আহি গ’ল৷ কোনো এজন ব্যক্তি সফল শিশু–সাহিত্যিক হ’বলৈ হ’লে তেওঁ শিশুসকলৰ মনস্তত্ত্ব সম্বন্ধে সম্যকভাৱে অৱগত হোৱাটো বাঞ্ছনীয়৷ একেই কথা অন্যান্য সৃষ্টিশীল ব্যক্তিসকলৰ বেলিকাও সমানে প্রযোজ্য৷ যিসকল লোকক নিজ সৃষ্টিৰ লক্ষ্য হিচাপে বাছি লোৱা হয়, তেওঁলোকৰ মনস্তত্ত্ব সম্বন্ধে কার্যকৰী ধাৰণা এটা আয়ত্ত কৰিবলৈ সমর্থ নহ’লে কোনো কবি, কোনো ঔপন্যাসিক অথবা কোনো চলচ্চিত্র–নির্মাতাই কৃতকার্যতা আশা কৰিব নোৱাৰে৷ অৱশ্যে এনে এচাম স্রষ্টাও আমাৰ সমাজত আছে, যিসকলে গণ–মনস্তত্ত্বৰ সাঁচত পেলাই নিজ সৃষ্টিক গড় দিয়াৰ কথাটো পছন্দ নকৰে৷ তাৰ বিপৰীতে নিজ সৃষ্টিৰ জৰিয়তে আনটো প্রান্তত থকা লোকসকলৰ মনস্তত্ত্বক প্রভাৱিত কৰিবলৈকে তেওঁলোকে প্রয়াস কৰে৷ অৱশ্যে এই বিষয়ত সাফল্য আর্জিবলৈ হ’লে একোজন স্রষ্টা অসাধাৰণ প্রতিভাৰ উপৰি দুর্দান্ত সাহসৰ অধিকাৰী হোৱাটো অপৰিহার্য৷ প্রকৃতপক্ষে এই প্রক্রিয়াটো জনসাধাৰণৰ ৰুচিবোধ নির্মাণৰ সৈতে সমার্থক৷ প্রশ্ণ হৈছে – গণ–মনস্তত্ত্ব অনুসৰি একোজন স্রষ্টাৰ সৃষ্টি–প্রক্রিয়া পৰিচালিত হ’বনে, নে তেওঁৰ সৃষ্টিসমূহে গণ–মনস্তত্ত্বক দিশা প্রদান কৰিব? মোৰ বোধেৰে এই দুয়োটাই এক উভমুখী বিক্রিয়াৰ দুটা পর্যায় মাথোন৷
সৃজনশীল ক্ষেত্রখনৰ উপৰি প্রায়োগিক মনস্তত্ত্বৰ বিষয়টোৱে অতিশয় গুৰুত্ব লাভ কৰা পৰিলক্ষিত হয় সকলো প্রকাৰৰ ব্যৱসায়–বাণিজ্যত৷ উপভোক্তা সম্প্রদায়ৰ চাহিদাসমূহৰ সামগ্রিক বিশ্লেষণ কার্যত প্রায়োগিক মনস্তত্ত্বৰ সহায় নহ’লেই নহয়৷ মন কৰিবলগীয়া যে সকলো প্রকাৰৰ পণ্যদ্রব্যৰ চাহিদা নির্ণয় কৰা কাৰণসমূহ একমাত্রিক বুলি ভাবিব নোৱাৰি৷ এবিধ বিশেষ পণ্যৰ বিষয়ে আলচ কৰিলেই কথাটো স্পষ্ট হৈ উঠিব৷ বর্তমান যুগত ভাৰতৰ দৰে এখন উন্নয়নশীল দেশতো প্রতিটো পৰিয়ালেই একোখন মটৰ–গাড়ীৰ গৰাকী হ’বলৈ বিচাৰে৷ সেইসকলৰ বিভিন্ন চাহিদাৰ প্রতি দৃষ্টি ৰাখি শতাধিক মটৰ–গাড়ী উৎপাদক প্রতিষ্ঠানে অলেখ আর্হিৰ মটৰ–গাড়ী বজাৰত উলিয়াই দি আহিছে৷ কিন্তু বাস্তৱত দেখা গৈছে যে তেনে প্রতিটো প্রতিষ্ঠানেই সমানে ব্যৱসায়িক সাফল্য অর্জন কৰিবলৈ সমর্থ হোৱা নাই৷ দুই–এক মটৰ–গাড়ী উৎপাদনকাৰী কোম্পানীয়ে এই দেশত বেহানি সামৰিবৰ উপক্রম হৈছে৷ তাৰ বিপৰীতে আন দুটামান প্রতিষ্ঠানৰ বজাৰ চমকপ্রদভাৱে সম্প্রসাৰিত হোৱা দেখা গৈছে৷ এই বৈপৰীত্যৰ মূলতে আছে প্রায়োগিক মনস্তত্ত্বৰ সার্থক প্রয়োগত ঘটা তাৰতম্য৷ কোৱা বাহুল্য যে প্রায়োগিক মনস্তত্ত্ববিদৰ একোটা গোট এনে প্রতিটো ব্যৱসায়িক প্রতিষ্ঠানৰ লগতে আছে৷ কিন্তু প্রতিবিধ পণ্যদ্রব্যৰ বিপণনৰ ক্ষেত্রতে তীব্র প্রতিযোগিতাৰ উদ্ভৱ হোৱাৰ হেতু সকলোৰে পক্ষে সেই প্রতিযোগিতাত তিষ্ঠি থকাটো সম্ভৱ হৈ উঠা নাই৷ শেহতীয়াকৈ গণ–মনস্তত্ত্বই এনে জটিল আৰু সূক্ষ্ম ৰূপ ধাৰণ কৰিছে যে সেই অনুপাতে প্রায়োগিক মনস্তত্ত্বক সময়োপযোগী গঢ় দি লোৱাটো হৈ উঠিছে এক বৃহৎ প্রত্যাহ্বান৷
প্রায়োগিক মনস্তত্ত্বই বিশেষভাৱে প্রভাৱ বিস্তাৰ কৰা কেইবাখনো ক্ষেত্র সম্বন্ধে ওপৰত আলোচনা কৰাৰ পাছতো আন কেইবাটাও বিষয় উল্লেখ কৰিবলৈ ৰৈ গৈছে৷ তেনে দুটা বিষয় হৈছে মানুহৰ ভাগ্য গণনা আৰু ধর্মৰ ব্যৱসায়৷ নিজকে ত্রিকালদর্শী অথবা ঐশ্বৰিক শক্তিসম্পন্ন ব্যক্তি হিচাপে প্রতিষ্ঠা কৰিবৰ অর্থে কি মাত্রাত গণ–মনস্তত্ত্বৰ জ্ঞাতা হ’ব লাগিব, সেই কথা বর্ণাই অন্ত কৰাটো দুৰূহ৷ আমাৰ ভাৰতীয় সমাজখন শত–সহস্র ঈশ্বৰ–মানৱেৰে ভৰি আছে৷ তেওঁলোকৰ অনুগামীৰ সংখ্যাও অনেক৷ নিজ নিজ ভক্তগণৰ পৰা অবিসংবাদী শ্রদ্ধা–ভক্তি লাভ কৰিবলৈ তেওঁলোকৰ মনস্তত্ত্বৰ নাড়ীজ্ঞান আয়ত্ত কৰা অপৰিহার্য৷ ইপিনে মানুহৰ ভূত–ভৱিষ্যৎ সম্বন্ধে কিছুমান যুক্তিহীন কথা বাৰম্বাৰ কৈ থাকিবৰ বাবেও গণ–মনস্তত্ত্বৰ সম্যক ধাৰণা নহ’লেই নহয়৷ এই ভৱিষ্যবক্তাসকলৰ গণ–মনস্তত্ত্ব সম্বন্ধে প্রাতিষ্ঠানিক শিক্ষা নাথাকিলেও তেওঁলোকৰ এই বিষয়টোৰ ওপৰত থকা দখল একোপধ্যেই গ্রাহ্য কৰিব নোৱাৰি৷ প্রায়োগিক মনস্তত্ত্বৰ জ্যেষ্ঠ অধ্যাপকসকলেও তেওঁলোকৰ পৰা অনেক কথা শিকিবলগীয়া আছে৷
ৰাজনীতি–বিশাৰদসক্ বাবেও প্রায়োগিক মনস্তত্ত্ব এটা অপৰিহার্য বিষয় হিচাপে পৰিগণিত হৈ আহিছে৷ প্রকৃততে এই বিষয়টোত ব্যুৎপত্তি অবিহনে কোনো ব্যক্তিয়ে ৰাজনীতিৰ পাথৰখনত ভৰি থোৱাৰ কথা ভবাই অনুচিত৷ সাম্প্রতিক কালত বিশ্বৰ প্রতিখন দেশতে ৰাজনৈতিক নেতাসকলে প্রায়োগিক মনস্তত্ত্বৰ সাহায্য গ্রহণ কৰাৰ কথা সর্বজনবিদিত৷ তাৰ মাজতে কাৰোবাৰ সাফল্যৰ মাত্রা প্রতিপক্ষৰ তুলনাত অধিক হোৱা দেখা যায়৷ লক্ষণীয়ভাৱে ৰাজনীতিৰ ক্ষেত্রখনত ৰাজনৈতিক দলসমূহে গণ–মনস্তত্ত্বক নিজ সুবিধা অনুযায়ী একোটা বিশেষ গঢ় দি ল’বলৈ অহোপুৰুষার্থ কৰে৷ কিন্তু তাৰ পাছতো ৰাজনৈতিক সাফল্য অর্জনৰ দিশত অন্যান্য বহুতো কাৰকে ক্রিয়া কৰাটো অতিশয় তাৎপর্যপূর্ণ৷ উল্লিখিত সকলো দিশ বিৱেচনা কৰি পৰিশেষত এই মন্তব্য কৰিব পাৰি যে গোলকীয় প্রেক্ষাপটত গণ–মনস্তত্ত্বৰ অধ্যয়নে দিনৰ পাছত দিন অধিক গুৰুত্ব লাভ কৰিবলৈ ধৰিছে৷