নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘কা’ আন্দোলনৰ সময়ত কৰা মন্তব্য আৰু তাৰ পিছৰ মন্তব্য…

যতীন বৰা

‘কা’ আন্দোলনৰ সময়ত– মই সদায় ৰাইজৰ লগত আছোঁ৷ অসমবাসীয়ে কেব বিচৰা নাই৷ ময়ো বিচৰা নাই৷
আন্দোলনৰ ছমাহৰ পিছত– প্রধানমন্ত্রী নৰেন্দ্র মোদী নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰ আৰু ৰাজ্যৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে অসমীয়া জাতিৰ, অসমীয়া সংস্কৃতিৰ বিৰুদ্ধে কোনো কাম কৰা নাছিল, কৰা নাই আৰু নকৰে৷

সীমান্ত শেখৰ

‘কা’ আন্দোলনৰ সময়ত– জীৱনৰ আটাইতকৈ মিষ্টেক বুলি ভাবিছোঁ৷ সেই গানটো গাইছোঁ (আকৌ এবাৰ মোদী চৰকাৰ…)৷ ভবা নাছিলোঁ যে এইখন চৰকাৰে ৰাইজৰ কথা নুশুনিব৷ প্রতিজন শিল্পীয়েই ভাবিছিলোঁ এইখন চৰকাৰে ৰাইজৰ প্রতিটো কথা শুনিব৷ এতিয়া মই এটা কথা কৈছোঁ– দূৰৈৰ পৰাই নমস্কাৰ৷ অসমৰ ৰাইজে কেতিয়াও কেব মানি নলওঁ৷ মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভুল আছিল সেই গানটো গোৱাটো৷ ভগৱানৰ ওচৰত প্রার্থনা কৰিছোঁ এনে বিশ্বাসঘাতকতা যাতে কাৰো লগত আগন্তুক সময়ত নহওক৷ কেব আমি নামানো, কেব আমি নামানো, কেব আমি নামানো৷
আন্দোলনৰ ছমাহৰ পিছত– এতিয়া ‘কা’ক লৈ মোৰ সম্পূর্ণ স্থিতি একেই আছে৷ ‘কা’ক লৈ হোৱা আন্দোলনৰ অৱস্থা আমি এতিয়া দেখিছোঁ৷ অসমৰ প্রতিজন নাগৰিকেই দেখিছে ‘কা’ আন্দোলন এতিয়া কি হ’লগৈ৷ ইমান দিনে ইমান কোটি আহিব লগা বাংলাদেশী কোনো এটা চেনেলত ছমাহত নেদেখিলোঁ৷

You might also like