নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘লকডাউন’ ক’ৰোনা নিয়ন্ত্রণত কার্যকৰীনে?

 ড০ জয়ন্ত বিশ্ব শর্মা

সম্প্রতি ভাৰতত ক’ৰোনা পৰীক্ষাত পজিটিভ হোৱা লোকৰ সংখ্যা বাঢ়িবলৈ ধৰিছে৷ যোৱা বছৰটোত যদি এটা কথা নিঃসন্দেহে প্রমাণ হৈছে, সেইটো হৈছে এই শ্বাসজনিত ভাইৰাছটোৰ ঋতুগত ৰূপটো৷ মই এই সম্ভাৱনাৰ কথা পূর্বে ব্যক্ত কৰিছিলোঁ৷ মূলতঃ অপতথ্যই সৃষ্টি কৰিব পৰা অহৈতুক ভয়–ভীত প্রশমন কৰাৰ বাবে যোৱা বছৰৰ আগভাগত একাধিক নিবন্ধ লিখিছিলোঁ৷ ফেচবুকতো পোষ্ট দিছিলোঁ৷ কিন্তু ক’ৰোনা সম্পর্কে বিশ্বজুৰি ভীতি প্রৱণতাৰ এক প্রবল গাঁথা তৈয়াৰ হৈ উঠিল৷ কেনেকৈ এক সামূহিক গাঁথা তৈয়াৰ হৈ উঠে, এটা সার্বজনীন মানসিকতা গঢ় লৈ উঠে, সেয়া বিস্ময়কৰ আৰু চিন্তনীয়৷ সেই সম্পর্কে মই জল্পনা–কল্পনা কৰিব খোজা নাই৷ বৰং বাস্তৱ অভিজ্ঞতা আৰু বিজ্ঞান পত্রিকাত প্রকাশিত সমলৰ ভিত্তিত ভাৰতৰ ক’ৰোনা পৰিস্থিতিত সহায়ক হ’ব পৰা দুটামান পর্যবেক্ষণ আলোচনা কৰিব বিচাৰিছোঁ৷
যোৱা জুন মাহৰ পৰা মই ইংলণ্ডৰ য়র্কছায়াৰ অঞ্চলৰ এখন চিকিৎসালয়ত মুখ্য মাইক্র’বায়’লজিষ্ট হিচাপে কর্মৰত৷ চিকিৎসালয়খনে যোৱা ১২ মাহত ৪,২৫০জন ক’ভিড–১৯ ৰোগীৰ বিপৰীতে ৪১,০০০ আন ৰোগীক চিকিৎসা কৰিলে৷ প্রায় ১০ শতাংশ ক’ভিড–১৯ ৰোগী৷ দৰাচলতে ইয়াৰ বহু ৰোগী ক’ভিড–১৯ৰ লক্ষণবিহীন, পৰীক্ষাতহে পজিটিভ ওলাইছিল, সেয়ে ক’ৰোনা সংক্রমিত বুলিহে ক’ব লাগে৷ ইয়াৰ ভিতৰত আকৌ কিছুসংখ্যকৰ পৰীক্ষাৰ ফলাফল ‘মিছা পজিটিভ’ আছিল৷ পৰীক্ষাসমূহে ‘মিছা পজিটিভ’ আৰু ‘মিছা নিগেটিভ’ ফলাফল দিয়ে৷ ই এৰাব নোৱাৰা সত্য৷ ইতিহাসত এইবাৰেই প্রথম যে পৰীক্ষাটোত পজিটিভ ওলোৱা মাত্রকে লক্ষণ থাকক বা নাথাকক বা ‘মিছা পজিটিভ’ হোৱাৰ সম্ভাৱনা আছে নেকি পুনৰীক্ষা নকৰাকৈয়ে ৰোগী বুলি নির্ধাৰণ কৰা হৈছে৷ প্রথমবাৰৰ বাবে চিকিৎসকৰ সলনি যন্ত্রক ৰোগ নির্ণয়ৰ দায়িত্ব দিয়া হৈছে৷ এয়া বহুলভাৱে হৈছে৷ সংক্রমণ নিয়ন্ত্রণৰ বাবে জনস্বাস্থ্য ৰক্ষা নীতিৰ ফালৰ পৰা এনে কৰা হৈছে৷Test, test and test এটা মন্ত্র কৰি লোৱা হৈছে৷ লক্ষণ নাথাকিলেও চিকিৎসালয়ত ভর্তি কৰাৰ সময়ত বা কেম’থেৰাপী দিয়া বা অস্ত্রোপচাৰ কৰাৰ পূর্বে সংক্রমণ আছে নেকি, পৰীক্ষা কৰাটো ইয়াত নিয়ম৷ এনে কৰোঁতে বহু লোক পজিটিভ ওলায়৷ লগে লগে তেওঁলোকক আছুতীয়াকৈ কৰা হয় বা আন সংক্রমিতৰ সৈতে এটা ৱার্ডত ৰখা হয়, কেম’থেৰাপী বা অস্ত্রোপচাৰ স্থগিত কৰি দিয়া হয়৷ তেওঁলোকৰ প্রধান ৰোগটোৰ চিকিৎসা বাধাগ্রস্ত হয়৷ কেম’থেৰাপী বা প্রয়োজনীয় অস্ত্রোপচাৰ স্থগিত কৰি দিয়াটো ৰোগী এজনৰ কল্যাণৰ পৰিপন্থী আৰু সাধাৰণ কথা নহয়৷ ইয়াৰ পৰিণতি ভীষণ হ’ব পাৰে৷ ইয়াৰ উপৰি কেৱল পৰীক্ষাটোৰ ভিত্তিত কিন্তু সঁচাকৈ সংক্রমিত নোহোৱা লোক এজনক আন আন সংক্রমিতৰ সৈতে একেলগ কৰি আছুতীয়াকৈ ৰখাটোও বিপজ্জনক কথা৷ কাৰণ এতিয়াহে সংক্রমণ হ’ব পাৰে৷ সেয়ে অপ্রত্যাশিত পজিটিভ মোৰ দৃষ্টিগোচৰ হ’বলৈ ধৰাত ফল পুনৰীক্ষা কৰাটো মোৰ কর্তব্য হৈ পৰিছিল৷ এটা প্রণালী তৈয়াৰ কৰি লৈছিলোঁ৷ পুনৰীক্ষাৰ অন্তত বহু ফল মই ‘মিছা পজিটিভ’ বুলি সিদ্ধান্ত দিবলৈ সমর্থ হৈছিলোঁ৷ পুনৰীক্ষাৰ বাবে পৰীক্ষাটো আন এক ধৰণে দুনাই কৰাকে ধৰি যন্ত্রই দিয়া সূচকাংক বিবেচনা কৰিব লাগে৷ ইয়াৰ উপৰি আন আন ধৰণৰ বিবেচনা, যেনে– ৰোগীৰ ইতিমধ্যে ক’ৰোনা নির্দিষ্ট এণ্টিব’ডী আছে নেকি, বিবেচনা কৰা যায়৷ কাৰণ যদি নির্দিষ্ট এণ্টিব’ডী আছে তেওঁৰ ইতিমধ্যে ক’ৰোনা সংক্রমণ হৈ গৈছে৷ সেয়ে পৰীক্ষাটোত ধৰা পৰা ভাইৰাছৰ যি চিন, সেয়া জীৱন্ত ভাইৰাছৰ পৰা অহা নাই বৰং মৃত ভাইৰাছৰ পৰাহে আহিছে৷ সংগ্রহৰ পৰা লেবৰেটৰীত সাজু কৰি যন্ত্রত তুলি দিয়ালৈকে পৰীক্ষাৰ বাবে লোৱা নমুনা পৰিৱেশত থকা মৃত ভাইৰাছ কণিকাৰ দ্বাৰা দূষিত হ’ব পাৰে৷ ক’ৰোনাৰ পৰীক্ষাটোৱে জীৱিত ভাইৰাছ ধৰা নেপেলায় বৰং জীৱিত বা মৃত ভাইৰাছৰ বিশেষ অংশহে ধৰা পেলায়৷ ৰোগী ভাল হোৱাৰ পাছত ৯০ দিন পর্যন্ত দেহত থকা ভাইৰাছক অৱশিষ্ট অংশই পজিটিভ ফল দিব পাৰে৷ এয়া মৃত ভাইৰাছহে ধৰা পৰিছে, মানুহজন সংক্রামক নহয়৷ ফলাফল ব্যাখ্যা কৰাৰ ক্ষেত্রত এই ধৰণৰ বহু বিবেচনা থাকে৷ ৰোগৰ প্রাদুর্ভাৱ কম থাকিলে, সংস্পর্শলৈ নহা বা লক্ষণ নথকা মানুহক পৰীক্ষা কৰি পোৱা পজিটিভ ফলক সন্দেহৰ চকুৰে চোৱা হয়৷ পুনৰীক্ষাৰ প্রয়োজন হয়৷ এনে পৰিস্থিতিও আছে, যেতিয়া নিগেটিভ ফল এটাকো সন্দেহৰ চকুৰে চাব লগা হয়৷ এয়াই চিৰাচৰিত নিয়ম৷ কাৰণ কোনো পৰীক্ষাই ১০০ শতাংশ সঠিক নহয়৷ এয়া সূর্য পূবত উদয় হয় লেখীয়া ই অমোঘ সত্য৷ মই এই বিষয়ে যোৱা বছৰ উনুকিয়াইছিলোঁ৷ এইবেলি নিজা অভিজ্ঞতা আৰু বৈজ্ঞানিক পত্রৰ পৰা পুনৰুল্লেখ আৰু পুষ্টিহে কৰিছোঁ৷ এই কথা সহজে অনুমেয় যে ক’ৰোনাৰ যি দৈনিক ফলৰ ধাৰা বিৱৰণী আমি পাই আছোঁ, সেই সংখ্যা যন্ত্রই দিয়া পজিটিভ ফলহে৷ এইসকল লোক সঁচাকৈ সংক্রমিত নে তাৰ কোনো পুষ্টি নাই৷ কিমানৰ দৰাচলতে ৰোগৰ লক্ষণ আছে, তাৰো কোনো পুষ্টি নাই৷ দেশ অনুযায়ী কেতিয়া কাক কি ধৰণে পৰীক্ষা কৰিব আদি ধৰণ–কৰণৰো সংগতি নাই৷ সেয়ে এখন দেশৰ সংখ্যা আন এখনৰ সৈতে তুলনা কৰা কঠিন৷ এই সংখ্যাবোৰে পৰিস্থিতিৰ খুব বেছি এটা সামগ্রিক দিশ সম্পর্কে এটা ধাৰণাহে দিয়ে৷
এতিয়া ক’ৰোনাৰ ঋতুগত ৰূপটোৰ কথালৈ আহিছোঁ৷ ভাৰতত এই সময়ত ক’ৰোনাৰ সংখ্যা বঢ়াটো অপ্রত্যাশিত নহয়৷ আৰম্ভণিতেই ক’ৰোনাই উত্তৰ গোলার্ধৰ নির্দিষ্ট দুটা অক্ষাংশৰ বলয়ত প্রবল ৰূপ লৈছিল৷ গ্রীষ্মৰ লগে লগে সংখ্যা কমি গৈছিল৷ ইয়াৰ পূর্বে দেশসমূহত কটকটীয়া ‘লকডাউন’ত দিয়া হৈছিল৷ যদি লকডাউনে ক’ৰোনা সংক্রমণ নিয়ন্ত্রণ কৰিছিল, যিটো দাবী কৰা হয়, তেনেহ’লে প্রত্যাশিতভাৱে বাধা–নিষেধ উঠাই দিয়াৰ পাছত গ্রীষ্মৰ মাহকেইটাত ক’ৰোনাৰ প্রাদুর্ভাৱ নাছিল, কিন্তু শীততো পুনৰ প্রাদুর্ভাৱ বাঢ়িব নালাগিছিল৷ কিন্তু যদিহে ক’ৰোনা শৰতত আৰম্ভ হৈ শীতৰ মাহকেইটাত প্রবল ৰূপ ধাৰণ কৰি বসন্ত অহাৰ লগে লগে কমি যোৱা এটা ঋতুগত সংক্রমণ হয়, তেনেহ’লে উত্তৰ গোলার্ধৰ দেশসমূহত ই পৰিলক্ষিত হ’ব৷ এই কথা বিজ্ঞান পত্রিকাত ভৱিষ্যদ্বাণী কৰা হৈছিল৷ ক’ৰোনাৰ বিৰুদ্ধে জনগণৰ প্রতিৰোধ ক্ষমতা প্রথমটো সংক্রমণৰ পাছত গঢ়ি উঠা নাছিল৷ প্রতিষেধকো ওলোৱা নাছিল৷ এই ভৱিষ্যদ্বাণী সফল হৈছে৷ ক’ৰোনাৰ ঋতুগত ৰূপটো প্রমাণ হৈছে৷ গ্রীষ্ম মণ্ডলীয় দেশসমূহত শ্বাসজনিত ভাইৰাছৰ ঋতু অস্পষ্ট, কিন্তু বাৰিষা সংক্রমণ অধিক হয়৷ সেয়ে ভাৰতত এতিয়া ক্রমে ক’ৰোনাৰ সংখ্যা বাঢ়িবলৈ ধৰাটো অস্বাভাৱিক নহয়৷ কিন্তু কিছু আগতীয়া অৱশ্যেই হৈছে৷ আজি ভাৰতত ক’ৰোনা পৰীক্ষাৰ সামর্থ্য আৰম্ভণিতকৈ বহু বেছি৷ সেয়ে এই আগতীয়া বর্ধিত সংখ্যা যোৱাবাৰতকৈ অধিক পৰীক্ষা কৰাৰ কাৰণে হ’ব পাৰে৷ মন কৰিবলগীয়া যে ক’ৰোনাৰ প্রতি আমাৰ প্রতিক্রিয়া অদ্ভুত৷ সঁচা বা মিছা পজিটিভ বিচার্য নহয়৷ এই পৰিপ্রেক্ষিতত এজন পজিটিভ ওলালেই সংস্পর্শলৈ অহা কেইবাগুণো অধিক লোকক পৰীক্ষা কৰা হয়৷ এনে কৰোঁতে সংস্পর্শলৈ আহিছিল নে নাই বা লক্ষণ আছে নে নাই, এই বিবেচনা শিথিল হয়, কাৰণ সকলোৰে উদ্বিগ্ণতা থাকে আৰু যি ক্ষেত্রত পৰীক্ষা কৰিবলৈ সামর্থ্যও আছে৷ এনে কৰোঁতে অনিয়ন্ত্রিত এটা শৃংখল প্রক্রিয়া আৰম্ভ হয়৷ অসংখ্য অপ্রয়োজনীয় পৰীক্ষা কৰাৰ ফলত আনকি গৰিষ্ঠসংখ্যক ফল মিছা হোৱাৰ এটা পৰিৱেশ গঢ়ি উঠে৷ কিমানসংখ্যাক ফল মিছা পজিটিভ হ’ব পাৰে, উলিওৱাৰ সূত্র আছে৷ এনে সূত্রৰ ভিত্তিতেই মই গৰিষ্ঠসংখ্যক ফল মিছা হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছোঁ৷ এই কথা মই পূর্বে বিশদ আলোচনা কৰিছিলোঁ৷ বিজ্ঞান পত্রিকাতো এই বিষয়ে মুকলিকৈ চর্চা হৈছে, কিন্তু এই পর্যবেক্ষণ ভীতিপ্রৱণ গাঁথাটোৰ সপক্ষে নাযায় বাবে জনগণৰ কর্ণগোচৰ নহয়গৈ৷
এতিয়া অর্বুদ টকাৰ প্রশ্ণটো হৈছে কি কৰা উচিত? এচাম সাংবাদিক বা সংবাদ প্রতিষ্ঠানে বিভীষিকাৰ বাতৰি প্রচাৰ কৰি ভীতি সঞ্চাৰ কৰিব৷ এতিয়ালৈ এজনো ক’ভিড–১৯ বেমাৰী দেখা নোপোৱা চিকিৎসকে বিশেষজ্ঞৰ ৰূপ ল’ব৷ যোৱাবেলি লাখ লাখ ভেণ্টিলেটৰ লাগিব বুলি কৈছিল৷ গৱেষণা বাদ দি ততাতৈয়াকৈ মেলেৰিয়াৰ ঔষধ খুৱাইছিল৷ নিজকে সুৰক্ষিত কৰিবলৈ মূৰৰ পৰা জোতালৈ প্লাষ্টিকৰ আৱৰণী লগাইছিল৷ ব্যক্তিগত সুৰক্ষা আৱৰণী নিশ্চয় লাগে, সেইবুলি মূৰ আৰু জোতাত লগাব নালাগে৷ পজিটিভ ৰোগী এজনক শ্বাসজনিত কণিকা উদ্ভৱ হ’ব পৰা প্রণালী(aerosol generating procedure) কৰিলেহে সম্পূর্ণ শৰীৰৰ বাবে আৰু বিশেষ(N99) মুখাৱৰণী লাগে৷ আন সময়ত ক’ভিড–১৯ বেমাৰীৰ শুশ্রূষাৰ বাবে সাধাৰণ মুখাৱৰণীৰেই হয়৷ মূৰ আৰু জোতাত প্লাষ্টিক বন্ধা এটা নাটকীয়তা, যি ভীতিগ্রস্ত পৰিৱেশৰ সৃষ্টি কৰে৷ এইবেলিও যে এনে নহ’ব, মই ন দি ক’ব নোৱাৰোঁ৷ চৰকাৰৰ পক্ষে অৱশেষত ‘লকডাউন’ দিয়া চৰম পন্থাহে বিকল্প হৈ ৰ’ব৷
‘লকডাউন’ মহৌষধ নহয়৷ ‘লকডাউন’ৰ সংজ্ঞা দেশ বা সময়ানুযায়ী বেলেগ হ’ব পাৰে৷ একাধিক নিষেধাজ্ঞা লকডাউনে সাঙুৰি ল’ব পাৰে৷ ক’ৰোনাপূর্ব কালত লকডাউনে এটা অঞ্চল চাৰিওফালৰ অঞ্চলসমূহৰ পৰা আছুতীয়া কৰি ৰখা বুজাইছিল৷ মানুহৰ যাতায়াত বা তথ্য সৰবৰাহ বন্ধ কৰা বুজাইছিল৷ প্রথম ক’ৰোনা সংক্রমণ হোৱা চীনৰ য়ুহানতো যি ‘লকডাউন’ দিয়া হৈছিল, তাত মানুহৰ ভ্রমণ–যাতায়াতহে বন্ধ কৰা হৈছিল৷ বর্তমান ‘লকডাউন’ বুলিলে সাধাৰণতে ভ্রমণৰ লগতে নিজৰ ঘৰৰ পৰা নোলাবলৈ জাৰি কৰা নিষেধাজ্ঞা বুজায়৷ লগতে ৰাজহুৱা সমাগম বন্ধ, অনা–ত্যাৱশ্যকীয় দোকান–পোহাৰ, অফিচ–কাছাৰী আৰু স্কুল–কলেজ বন্ধ এই আটাইকেইটা বা যিকোনো এটা বা একাধিক সংক্রামক ৰোগ নিয়ন্ত্রণৰ বাবে চৰকাৰে জাৰি কৰিব পৰা আন আন নিষেধাজ্ঞা৷
বিশ্ব স্বাস্থ্য সংস্থাৰ মতে শ্বাসজনিত ভাইৰাছবিধৰ সংক্রমণ নিয়ন্ত্রণৰ বাবে আটাইতকৈ প্রয়োজনীয় ব্যৱস্থাকেইটা হৈছে শ্বাসজনিত আৰু হাত পৰিষ্কাৰ বিধি মানি চলা, শাৰীৰিক দূৰত্ব বজাই ৰখা, জনসমাগম আৰু ভালদৰে বতাহ চলাচল কৰিব নোৱাৰা বন্ধ পৰিৱেশ পৰিহাৰ কৰা৷ এইকেইটা নিষেধাজ্ঞাৰ দ্বাৰা মনোৱাতকৈ স্বেচ্ছাই মানিব পৰা এটা বিশ্বাসৰ পৰিৱেশহে দীঘলীয়া সময়ৰ বাবে জনসাধাৰণৰ অনুবর্তিতা পাবলৈ হ’লে প্রয়োজনীয়৷ স্বাস্থ্য মূলতঃ মানুহৰ ব্যক্তিগত দায়িত্ববোধৰ বিষয়৷ মানুহক নিজৰ ঘৰত আবদ্ধ কৰি ৰখাটো বিপজ্জনকহে হ’ব পাৰে৷ ব্যক্তি স্বাধীনতা ইত্যাদি দিশ আমি আলোচনালৈ আনিব খোজা নাই, ই আন এটা বিশেষ বিষয়৷ যোৱা বছৰটোত আমি দেখিছোঁ যে ক’ৰোনাৰ সংক্রমণ মূলতঃ বতাহৰ চলাচল নথকা বন্ধ আৱাসস্থলী আৰু অতি ঘন জনবসতিপূর্ণ ঠাইসমূহত হৈছে৷ উত্তৰ গোলার্ধৰ শীতপ্রধান দেশসমূহত বৃদ্ধ নিৱাসসমূহ, কল–কাৰখানা, চিকিৎসালয় (মোৰ ইংলণ্ডৰ চিকিৎসালয়ৰ বাস্তৱ অভিজ্ঞতা), কাৰাগাৰ আৰু ঘৰুৱা আৱাসস্থলীতেই সর্বাধিক সংক্রমণ হৈছে৷ ইয়াৰ বিপৰীতে আংশকা কৰাৰ পাছতো বিভিন্ন ৰাজহুৱা বিক্ষোভৰ কাৰণে ডাঙৰ জনসমাগমত মুকলি ঠাইত হোৱা কাৰণে সংক্রমণ হোৱা নাছিল৷ ঠিক তেনেদৰে মহানগৰীসমূহত যতজন গাঁথনি অতি ঘন, দীন–দৰিদ্রৰ সংখ্যা বেছি আৰু এটা সৰু কোঠালিতেই বহু লোক বাস কৰে, তাত সংক্রমণ মাত্রাধিক হাৰত হৈছে৷ লণ্ডন, নিউয়র্ক, মুম্বাই, ৰি’ ডি জেনেইৰ’ বা ছাও পাওলো আদিৰ দৰে ঘন জনবসতিপূর্ণ মহানগৰীৰ দুখীয়া শ্রেণীৰ মাজত ক’ৰোনা সংক্রমণে প্রবল ৰূপ লৈছে৷ দেশ এখনৰ পৰিসংখ্যা চাওঁতে এই ধৰণৰ বিশেষ চিত্রখন অৱজ্ঞা কৰোঁ৷ ব্রাজিলৰ ক’ৰোনাৰ ভয় লগা ছবিখন আমাৰ মনত ভাহি উঠোঁতে আমি নাভাবোঁ যে ই সমগ্র দেশখনত সমানে হোৱা নাই বৰং ভাইৰাছবিধৰ অনুকূল পৰিৱেশ থকা দুই–চাৰিখন বিশেষ চহৰতহে ঘনীভূত হৈছে৷ এয়া শ্বাসজনিত ঋতুগত ভাইৰাছ এবিধৰ কাৰণে অকণো অপ্রত্যাশিত নহয়৷ কিন্তু এনে ধৰণৰ বিবেচনা নিয়ন্ত্রণৰ ক্ষেত্রত প্রয়োগ কৰাত আমি ব্যর্থ হৈছোঁ৷ কটকটীয়া ‘লকডাউন’ৰ লেখীয়া ব্যৱস্থাৰে দেশসমূহে অর্থনীতি বিধ্বস্ত কৰিছে৷ মধ্যবিত্তক দুখীয়া কৰিছে, দুখীয়াক অধিক দুখীয়া কৰিছে, ছাত্র–ছাত্রীৰ অপূৰণীয় ক্ষতি কৰিছে৷ অথচ ক’ৰোনা সংক্রমণো নিয়ন্ত্রণ কৰিব পৰা নাই৷ য’ত যেতিয়া কমিছে বা বাঢ়িছে মূলতঃ ঋতুগত ৰূপটোৰ কাৰণেহে কমিছে বা বাঢ়িছে৷
যোৱা বছৰটোত লোৱা বিবিধ কটকটীয়া ব্যৱস্থাসমূহ কিমান ফলপ্রসূ হৈছিল, তাৰ গৱেষণা হৈছে৷ কিন্তু দেশসমূহৰ ক’ৰোনাৰ প্রকৃত সংখ্যাসমূহৰ মাজত থকা অনিশ্চয়তাৰ কাৰণে এই গৱেষণাসমূহৰ ফল সদ্যহতে প্রাথমিক আৰু অনিশ্চিত বুলি বিবেচিত হৈছে৷ শাৰীৰিক দূৰত্ব নিশ্চিত কৰিব পৰা ব্যৱস্থা, যেনে– ৰাজহুৱা সমাগম, অফিচ–কাছাৰী আৰু স্কুল–কলেজ বন্ধ, ঘৰৰ পৰা ওলোৱা আৰু ভ্রমণ নিষেধাজ্ঞা ইত্যাদি একেলগে জাৰি কৰা হৈছিল৷ ইয়াৰ ফলত ক’ৰোনা সংক্রমণ ১৩ শতাংশ কমিছিল বুলি এটা গৱেষণাত কোৱা হৈছে৷ এই নিষেধাজ্ঞাসমূহৰ কোনোবা এটা বা দুটা নে আটাইকেইটাই প্রয়োজনীয় নতুবা কোনটো কিমান ফলপ্রসূ, গণনা কৰাটো অসম্ভৱ আছিল কাৰণ এইবোৰ একেলগে জাৰি কৰা হৈছিল৷ এয়া গৱেষণাগাৰত কৰা গৱেষণা নহয় বৰং বাস্তৱৰ পর্যবেক্ষণ৷ সেয়ে বিশ্লেষণ জটিল হয় আৰু সিদ্ধান্তত অনিশ্চয়তা থাকে৷ এইধৰণৰ প্রাথমিক অনিশ্চিত সিদ্ধান্ত জন–নীতিৰ বাবে নির্ভৰযোগ্য নহয়৷ মোৰ নিজা অভিমত, ক’ৰোনা সংখ্যাৰ ৰেখাডাল পর্যবেক্ষণ কৰিলে ইয়াৰ উঠা–নমা প্রাকৃতিক যেন লাগে৷ এই ৰেখাত কোনো বাধা–নিষেধৰ চকুত পৰা প্রভাৱ দেখা নাযায়৷ ইমান বৃহৎ পৰিসৰত ঘটা ঘটনা এটাৰ ৰেখাডালত বাধা–নিষেধ জাৰি কৰাৰ এটা ব্যৱধানৰ পাছত সংখ্যা দ্রুত নিম্নগামী গতি চকুত লগাকৈ পৰিলক্ষিত হ’ব লাগিব৷ যদি কেৱল সূক্ষ্ম গণনাৰ দ্বাৰাহে সামান্য হ্রাস হোৱাটো দেখুৱাব পৰা যায়, তেনেহ’লে বিস্তৰ ক্ষয়–ক্ষতিৰ তুলনাত এনে কটকটীয়া নিষেধাজ্ঞা গ্রহণযোগ্যনে প্রশ্ণ উঠিব৷
অনিশ্চয়তা ভৰা পৰিস্থিতিত বিভিন্ন বিকল্পৰ মাজত কোনটো পথ লোৱা হ’ব, এই জন–নীতি হুজুগত কৰা নাযায়৷ ক’ভিড–১৯ সম্পর্কীয় গাণিতিক তাত্ত্বিক আর্হিসমূহৰ কোনো এটাও নিখুঁত নহয়৷ প্রতিটোৰে সীমাবদ্ধতা আছে৷ আর্হি প্রস্তুত কৰোঁতাসকলে সীমাবদ্ধতাসমূহ নীতি নির্ধাৰণ কৰা জনপ্রতিনিধিক বুজাব লাগে যাতে নীতি নির্ধাৰণ কৰোঁতা জনপ্রতিনিধিয়ে সুস্থিৰ সিদ্ধান্ত ল’ব পাৰে৷ অথচ ভীতি সঞ্চাৰ কৰা তাত্ত্বিক আর্হিৰ অনিশ্চিত সিদ্ধান্তৰ ওপৰতে জন–নীতি তৈয়াৰ হৈছিল৷ মোৰ বিচাৰত বর্তমান জনপ্রতিনিধিয়ে যোৱা বছৰটোৰ অভিজ্ঞতাৰ দ্বাৰাহে পৰিচালিত হ’ব লাগিব৷ উদ্দেশ্য কি স্পষ্ট হ’ব লাগিব৷ গ্রহণ কৰা পথটোৰ মানুহৰ মাজত গ্রহণযোগ্যতা থাকিব লাগিব৷ ক’ৰোনা সংক্রমণৰ পৰা হোৱা দুটা মৃত্যু কমাবলৈ যাওঁতে আন দহটা মৃত্যু গ্রহণযোগ্য হ’বনে? দেশসমূহত বিস্তৰ অর্থনৈতিক ক্ষতি হৈছে, লৰা–ছোৱালীৰ শিক্ষা বাধাগ্রস্ত হৈছে, আন আন ৰোগত চিকিৎসা নাপাই মানুহ মৰিছে, নিঃসংগতা বাঢ়িছে, মানসিক স্বাস্থ্যৰ ক্ষতি হৈছে৷ এইবোৰৰ পৰিণতিত প্রথমবাৰৰ বাবে বহু বছৰৰ পাছত দাৰিদ্র্য বাঢ়িবলৈ ধৰিছে, ঘৰুৱা হিংসাকে ধৰি আন আন ধৰণৰ হিংসা–পৰাধ বাঢ়িছে৷ ‘লকডাউন’ৰ লেখীয়া নিষেধাজ্ঞাৰ উপযোগিতাৰ নির্ভৰযোগ্য প্রমাণ ওলোৱা নাই৷ কম কটকটীয়া অর্থনীতিৰ কম ক্ষতি কৰা আৰু দৈনন্দিন জীৱন কম ব্যাহত কৰা ব্যৱস্থাও অধিক ফলপ্রসূ হ’ব পাৰে৷ এয়া ক’ৰোনা সম্পর্কীয় আন এক বৈজ্ঞানিক পর্যবেক্ষণৰেই সিদ্ধান্ত৷ জনসমাগম এৰাই চলিব পৰাকৈ আৰু বিশ্ব স্বাস্থ্য সংস্থাই দিয়া বিধিকেইটা স্বেচ্ছাই মানিব পৰাকৈ প্রেৰণা দিব পৰা আৰু পৰিৱেশ ৰচনা কৰিব পৰা ধৰণৰ নীতিহে দীর্ঘম্যাদী আৰু ফলপ্রসূ হ’ব৷ সংক্রামক ৰোগৰ একেবাৰে আৰম্ভণিতহে কম সময়ৰ কাৰণে ‘লকডাউন’ৰ দৰে কঠোৰ নিষেধাজ্ঞা ফলপ্রসূ হ’ব পাৰে৷ আজি ক’ৰোনা সর্বব্যাপী এটা ঋতুগত ভাইৰাছ৷ ইয়াৰ নিয়ন্ত্রণ আজিৰ পৰিস্থিতিৰ অনুকূল হ’ব লাগিব৷ প্রতিষেধকৰ প্রসাৰত অধিক গুৰুত্ব দিব লাগিব৷ যি অঞ্চলত দ্রুত সঞ্চাৰ হয় বা যিসকলৰ গুৰুতৰ ৰোগ হয়, তেওঁলোকক নিৰাপত্তা দিব লাগিব৷ অযথা জনজীৱন স্তব্ধ হ’ব দিব নালাগিব৷ ক’ৰোনা বন্ধ আৱহাৱা আৰু অতি ঘন জনবসতিপূর্ণ অঞ্চলৰ ৰোগ৷ ই ঋতুগত৷ ইয়াৰ অর্থ এইটো নহয় যে ই আন ঠাইত সংক্রমণ নকৰিব৷ বীজাণু এবিধৰ অন্তর্নিহিত সঞ্চাৰী ক্ষমতা থাকে৷ কিন্তু এই ক্ষমতা বাস্তৱত বিভিন্ন কাৰকৰ মিশ্রিত প্রভাৱত কম বা বেছি হয়৷ ই অতি জটিল প্রক্রিয়া, কিন্তু ক’ৰোনাৰ মূল অনুকূল আৰু প্রতিকূল কাৰকসমূহ আমাৰ অজ্ঞাত হৈ থকা নাই৷ আমি অভিজ্ঞতাৰ ভিত্তিত পার্শ্ব ক্ষয়–ক্ষতি নূ্যনতম কৰি জন–নীতি কৰিব লাগিব৷
অনিশ্চয়তা থাকিলে প্রথম বা মৌলিক নীতিসমূহ আমাৰ পাথেয় হ’ব পাৰে৷ ক’ৰোনা সম্পর্কে অসামানুপাতিক ভীতিপ্রৱণ প্রতিক্রিয়াই কৰিব পৰা ক্ষয়–ক্ষতিৰ মই যি আশংকা কৰিছিলোঁ, সেয়া সঁচা প্রমাণিত হৈছে৷ শ্বাসজনিত ভাইৰাছ এবিধ সর্বব্যাপী হৈ পৰিলে ইয়াৰ নির্মূল সম্ভৱ নহয়৷ ব্রিটেইনৰ বহু অর্বুদ পাউণ্ড ব্যয়সাপেক্ষ পৰীক্ষা কৰা আৰু সংস্পশলৈ অহা লোকক বিচাৰি কোৱাৰেণ্টিং কৰি ৰখা ব্যৱস্থাটো বিফল হোৱা বুলি সংসদীয় কমিটীৰ ৰিপ’টত ওলাইছে৷ এয়া অপ্রত্যাশিত নাছিল৷ সুস্থিৰ গ্রহণযোগ্য জনস্বাস্থ্য নীতিৰে প্রশমনহে তেতিয়া কার্যকৰী হয়৷ আশাপ্রদ যে এবিধ বীজাণু অতি বহুলভাৱে সঞ্চাৰ হ’বলৈ হ’লে ই সহজে সংক্রমণ কৰিব পৰাৰ লগতে গুৰুতৰ ৰোগ কৰিব নালাগিব৷ আনহাতে ইবলা– ই অতি সংক্রামক, কিন্তু এটা মাৰক বেমাৰ কাৰণে ব্যাপক সঞ্চাৰ হ’ব নোৱাৰে৷ ক’ভিড–১৯ৰ ব্যাপক সঞ্চাৰ হৈছে, ই নিঃসন্দেহে অতি সংক্রামক আৰু আমি আশ্বস্ত হ’ব পাৰোঁ যে ই সাধাৰণতে গুৰুতৰ ৰোগ নকৰে (ব্যতিক্রমে সাধাৰণ নিয়মটোক ভুল প্রমাণিত নকৰে)৷ নহ’লে ই ইবলাৰ দৰে এটা অঞ্চলতে সীমাবদ্ধ হৈ থাকিলহেঁতেন৷ ক’ভিড–১৯ত মৃত্যু হোৱা বুলি যি পৰিসংখ্যা আমি পাওঁ, তাৰ ভিতৰত প্রত্যক্ষভাৱে লগতে আন ৰোগত অথবা বার্ধক্যজনিত কাৰণত মৃত্যু হোৱা সংখ্যাও সোমাই আছে৷ অৱশেষত ক’ভিড–১৯ৰ মৃত্যুৰ হাৰ হয়তো বহু কম বুলি পৰিগণিত হ’ব৷ আনকি অধিকাংশ বয়সস্থ লোকৰো ক’ভিড–১৯ লক্ষণ অতি পাতল হয়৷ এয়া মোৰ চাক্ষুস অভিজ্ঞতা৷ সৰু ল’ৰা–ছোৱালীক এই ৰোগে অবিশ্বাস্য ধৰণে এৰি দিছে, যিটো আমি ভয় নকৰা ইনফ্লুয়েঞ্জাৰ বিপৰীত৷ ইনফ্লুয়েঞ্জাৰ পেণ্ডেমিকত বয়সীয়া আৰু শিশু উভয়ে গুৰুতৰ ধৰণে আক্রান্ত হ’ব পাৰে৷ প্রতিটো মৃত্যু হূদয়বিদাৰক৷ মই ক’ভিড–১৯ত সর্বাধিক মৃত্যু হাৰবিশিষ্ট এখন দেশত কাম কৰোঁ৷ কেতবোৰ সংবাদ মাধ্যমত ওলাই থকা ধৰণৰ বিভীষিকাময় ‘ভিজুৱেল’ ইয়াত মই দেখা নাই৷ এই ধৰণৰ ভিজুৱেলসমূহ সম্পূর্ণ বাস্তৱ নহয়৷ এইবোৰ চাঞ্চল্য সৃষ্টিৰ বাবে অতিৰঞ্জিত অপ্রয়োজনীয়ভাৱে আৰু সংগতি নথকাকৈয়ে ৰাইজক দেখুওৱা হয়৷
আজিৰ তাৰিখ (৮ এপ্রিল)ত ক’ৰোনাৰ ক্রমসঞ্চিত মৃত্যুসংখ্যাৰ ক্ষেত্রত ভাৰতৰ স্থান পৃথিৱীৰ ভিতৰত ১২০তম, ১২জন প্রতি লাখত৷ প্রধান দেশসমূহৰ ভিতৰত এই হাৰ সর্বাধিক গ্রেট ব্রিটেইনত, ১৮৬জন প্রতি লাখত৷ সমগ্র পৃথিৱীৰ গড হৈছে ৩৭জন প্রতি লাখত৷ ভাৰতত সংক্রমিতৰ সংখ্যা প্রতি লাখত ৯৩৮জন, স্থান ১২৬তম৷ বাতৰিকাকতত প্রকাশ হোৱাৰ দৰে ক’ৰোনাৰ ক্ষেত্রত ভাৰতৰ স্থান প্রথম দেশসমূহৰ মাজত নাই৷ মন কৰিবলগীয়া যে বাতৰিকাকতে ক্রমসঞ্চিত সংখ্যা একোটা কোনো বিভাজক নিদিয়াকৈ দি ভীতি সঞ্চাৰ কৰে৷ বিভাজকৰ দ্বাৰা হাৰ উলিয়াই দিলেহে প্রকৃত চিত্রখন বুজিব পাৰি৷ প্রতি লাখ হিচাপতহে তুলনামূলক চিত্রখন স্পষ্ট হয়৷
ইয়াৰ বিপৰীতে মাথোঁ এটা বছৰত, ২০১৯ চনত, যক্ষ্মা ৰোগত ভাৰতত ২৪ লাখ লোক আক্রান্ত হৈছিল আৰু মৃত্যু সংখ্যা আছিল ৭৯,১৪৪৷ এইখিনি চৰকাৰী ঘোষিত সংখ্যা৷ অনির্ধাৰিত কিমান সেইটো অনুমানৰহে বিষয়৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মতে এই সংখ্যা ক্রমে ২৬ লাখ আৰু ৪৪০,০০০৷ প্রতি লাখত কিমান হিচাপটো উলিয়াবলৈ পাঠকক দিলোঁ৷ ৪০ শতাংশ ভাৰতীয়ৰ শৰীৰত যক্ষ্মাৰ বীজাণু সুপ্ত অৱস্থাত আছে৷ যক্ষ্মাও এটা পেণ্ডেমিক৷ অথচ আমাৰ কাণসাৰ নাই৷ কিয়? কাৰণ মনস্তাত্ত্বিক৷ চাৰিটামান বছৰ ধৰিলেই যক্ষ্মাৰ ক্রমসঞ্চিত মৃত্যুসংখ্যা অভাৱনীয় হ’ব৷ মই ক’ৰোনাক কম বা বেছি গুৰুতৰ সজাব খোজা নাই, কিন্তু বৃহৎ প্রেক্ষাপটখন যে অৱজ্ঞা কৰিব নোৱাৰি আৰু কেনেদৰে মিডিয়াই আমাৰ ধ্যান–ধাৰণা বিকৃত কৰি এটা সমস্যা আন এটাতকৈ গুৰুতৰ কৰি দেখাই বুজাব খুজিছোঁ৷
বিজ্ঞানী সমাজৰ মাজত ক’ৰোনা নিয়ন্ত্রণ সম্পর্কীয় দুটা গাঁথা আছে৷ এটাজন স্ন’ স্মাৰক–পত্র[www.johnsnowmemo.com] আৰু আনটো গ্রেট বেৰিংটন ঘোষণা[www.gbdeclaration.org] পত্র ৰূপত দাঙি ধৰা হৈছে৷ প্রথমটোৱে কটকটীয়া ব্যৱস্থাৰে ক’ৰোনা নির্মূলৰ পোষকতা কৰে– আন ক্ষয়–ক্ষতি ভ্রূক্ষেপ নকৰে৷ এইটোৰ আধাৰতে দেশসমূহ পৰিচালিত হৈ আছে৷ দ্বিতীয়টোৱে ব্যৱস্থাসমূহ সামানুপাতিক আৰু নির্দিষ্ট হোৱাটো বিচাৰে যাতে সর্বজনীন ক্ষতি কমকৈ হয়৷ নক’লেও হ’ব যে মোৰ মত গ্রেট বেৰিংটন ঘোষণাৰ সৈতে অনুৰূপ৷ ক’ৰোনা এটা বিচিত্র, বিশাল বিষয়৷ এয়া সামান্য আলোকপাতহে৷
ফোন – +৪৪ ৭৪২৪ ১৪৬৬৩৬

You might also like