নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বর্ণিলৰ বর্ণিল কেনভাছ

ডাঙৰে কোনো কথাত মনত আঘাত পালে মনে মিলা মানুহক ক’ব পাৰে৷ দুখৰ ভৰত গধুৰ হোৱা বুকুখন পাতলাবলৈ বিশ্বাসী মানুহৰ কাষ চাপিব পাৰে৷ আৰু কেতিয়াবা হয়তো তেনেদৰেই নিজৰ দুখ অথবা সমস্যাৰ সমাধান পাই যাব পাৰে৷ কিন্তু যেতিয়া এটা শিশু বা কিশোৰৰ মনত দুখে ঘৰ সাজে তেতিয়া বাৰু তেওঁ কথাবোৰ কাৰোবাক খুলি ক’ব পাৰেনে? বহু ভাগ্যৱান শিশুৰ মনৰ খবৰ পিতৃ–মাতৃয়ে ঠিক সময়তে হয়তো পাব পাৰে, কিন্তু আন বহু শিশুৰ মনৰ খবৰ ল’বলৈ আপোন মানুহৰে হয়তো সময়েই নাথাকে অথবা বুজি নাপায় কিদৰে শিশুটোৰ মনৰ খবৰ উলিয়াব পাৰে৷ কিছুদিনৰ পূর্বে সম্পর্কীয় মাহী এগৰাকীৰ অসুখৰ খবৰ ল’বলৈ তেওঁলোকৰ ঘৰলৈ গৈছিলোঁ৷ মাহীৰ ঘৰৰ আহল–বহল বহা কোঠাটোৰ মজিয়াত পাৰি থোৱা কাশ্মীৰী দলিচাখনৰ ওপৰত পৰি আছিল কেইবাখনো ছবি৷ দেখিলে গম পায় যে ছবিকেইখন কোনো শিশুৱে অংকন কৰিছে৷ পানী ৰঙেৰে অংকন কৰা ছবিকেইখনৰ অর্থ সহজে বুজা টান৷ কোনোবাখনত অংকন কৰা হৈছে এজন পুৰুষ এগৰাকী মহিলা আৰু এটা কণমাণি ল’ৰা৷ আন কোনোবাখনত আকৌ ফুলেৰে আৱৰি থকা এটা ঘৰ৷ মই বহা কোঠাত সোমায়ে দলিচাত পৰি থকা সেই ছবিকেইখন হাতত তুলি লৈ চাই আছিলোঁ৷ মই জানো যে মাহীহঁতৰ ঘৰত কোনো সৰু ল’ৰা–ছোৱালী নাই৷ কেইমিনিটমানৰ পিছতেই মাহী কোঠাৰ পৰা ওলাই আহিল৷ কৌতূলহলৰ বাবে মাহীক দেখিয়েই মই সুধি পেলালোঁ যে কেনেবাকৈ মাহীয়ে নতুনকৈ ছবি আঁকিবলৈ শিকিছে নেকি? হাঁহি হাঁহি মাহীয়ে ক’লে– ‘এই বয়সত মইনো বাৰু কিয় ছবি আঁকিবলৈ শিকিম? সৰুতে পৰীক্ষাত ছবিত সদায়েই মই শ্রেণীটোৰ ভিতৰতে কম নম্বৰ পাইছিলোঁ৷ গতিকে যেতিয়া স্কুল শেষ কৰিলোঁ তেতিয়াই ছবিও বাদ দিলোঁ৷’ এইবাৰ মই সঁচাকৈয়ে আচৰিত হ’লোঁ আৰু মাহীক সুধিলোঁ সেই ছবিবোৰ কোনে আঁকিছে৷ মাহীয়ে ক’লে যে তেওঁলোকৰ ঘৰলৈ এজন নতুন সদস্য আহিছে আৰু সেই ছবিবোৰ তেৱেঁ আঁকিছে৷ মাহীয়ে ভিতৰৰ ফালে চাই বর্ণিল ওলাই আহাচোন, আলহী আহিছে বুলি কাৰোবাক মাতিবলৈ ধৰিলে৷ প্রায় ৮ বছৰীয়া বয়সৰ কণমাণি এটা মাহীহঁতৰ ভিতৰৰ কোঠাৰ পৰা ওলাই আহিল৷ ৰঙা বগা ল’ৰাটোৰ মুখখন কেঁকোৰা চুলিকোছাৰ মাজত জিলিকি আছিল৷ বর্ণিল কাৰ ল’ৰা হ’ব পাৰে সেই কথা মই সোধাৰ আগতে মাহীয়ে মোৰ লগত তাক চিনাকি কৰি দিলে৷ মাহীৰ ননদৰ ল’ৰা বর্ণিল বোলে এতিয়াৰ পৰা মাহীহঁতৰ ঘৰতে থাকি পঢ়া–শুনা কৰিব৷ বর্ণিলে ঁকা ছবিকেইখন মোৰ ভাল লাগিছে বুলি তাক প্রশংসা কৰিলোঁ৷ সাধাৰণতে শিশুক প্রশংসা কৰিলে খুব আনন্দিত হয় বুলি মই জানো৷ ভাল কামত শিশুক প্রশংসা কৰাটো ডাঙৰসকলৰ কর্তব্য বুলিয়েই মই ভাবোঁ৷ আচৰিতভাৱে মোৰ প্রশংসা শুনিও বর্ণিল নিৰুত্তৰ হৈ থাকিল৷ মোৰ মুখলৈ থৰ লাগি চাই থকা বর্ণিলক কিয় জানো আন একো সুধিবলৈ মোৰ আৰু সাহস নহ’ল৷ তাৰ যেন দুচকুত থূপ খাই আছে অজস্র প্রশ্ণ৷ মাহীয়ে বর্ণিলক ভিতৰলৈ যাবলৈ ক’লে৷ ইতিমধ্যে বর্ণিলৰ হাতখন গম নোপোৱাকৈয়ে মই নিজৰ হাতত লৈছিলোঁ৷ অস্বাভাৱিকভাৱে নিৰুত্তাপ হাতখন মোৰ হাতৰ পৰা এৰুৱাই বর্ণিল ভিতৰলৈ গ’লগৈ৷ এনে লাগিল তাক ভিতৰলৈ যাবলৈ কোৱাত সি যেন ভালহে পালে৷ মই বর্ণিলক লৈ যে অধিক কৌতূহলী হৈছোঁ সেই কথা শিক্ষয়িত্রী মাহীয়ে বুজি পাইছিল৷ চাহ খোৱাৰ পিছত মাহীয়ে মোক বর্ণিলৰ বিষয়ে কোৱা কিছুমান কথাই বর্ণিলৰ প্রতি সহানুভূতিয়ে মোৰ বুকু ভৰাই তুলিলে৷ মাহীৰ ননদৰ এজন সৈনিকৰ সৈতে বিয়া হৈছিল৷ বর্ণিলৰ সৈতে ননদ স্বামীৰ কর্মস্থলীৰ কোৱার্টাৰতে বাস কৰিছিল৷ বয়সৰ চঞ্চলতাৰে বর্ণিল আছিল এটা অতি মৰমলগা শিশু৷ খেলি ভাল পোৱা বর্ণিলে বিদ্যালয়ৰ খেল–ধেমালিৰ প্রতিযোগিতাত সদায়েই শ্রেষ্ঠ হৈছিল৷ বর্ণিলক লৈ মাক–দেউতাকৰো সপোনৰ অন্ত নাছিল৷ কিন্তু সময় যেন বর্ণিল আৰু তাৰ মাক–দেউতাকৰ প্রতি সদয় নাছিল৷ এদিন মাক–দেউতাক আৰু বর্ণিল পাহাৰীয়া অঞ্চলত ফুৰিবলৈ যাওঁতে পথ দুর্ঘটনাত বর্ণিলৰ মাকৰ মৃত্যু হৈছিল৷ চকুৰ সন্মুখতে তেজেৰে তুমৰলি হোৱা মাকক দেখাৰ পিছতেই বর্ণিলৰ কণ্ঠ হেৰাই গৈছিল৷ সেইদিনাৰ পৰাই বর্ণিলে কথা ক’বলৈ পাহৰি গ’ল৷ হেৰাই গ’ল তাৰ মুখৰ হাঁহি৷ দুখৰ ডাৱৰে আৱৰি ধৰিলেও লাহে লাহে বর্ণিলৰ দেউতাকৰ চাকৰিৰ ব্যস্ততাত মাকক হেৰুওৱাৰ দুখবোৰ পাতল হ’ল৷ বর্ণিলক অচিনাকি মানুহৰ লগত থৈ চাকৰি কৰিবলৈ অসুবিধা হোৱাত এদিন দেউতাকে তাক আইতাকৰ ঘৰত থৈ গ’লহি৷ মাকক হেৰুওৱা ল’ৰাটো দেউতাকৰ পৰা বিচ্ছিন্ন হৈ হতাশ হৈ পৰিল৷ তাৰ আচৰণত হতাশাগ্রস্ততা স্পষ্ট হ’ল৷ মাজে মাজে খুৰাকৰ ল’ৰাহঁতৰ লগত বর্ণিলক খেলিবলৈ আইতাকে পঠিয়ায়, কিন্তু খেলৰ মাজতে কেতিয়াবা বর্ণিল অতি উগ্র হৈ পৰে৷ হূষ্ট–পুষ্ট বর্ণিলে এদিন খঙত একো নাই হৈ খুৰাকৰ পুতেকক ঘুচিয়াবলৈ ধৰিলে৷ বর্ণিলৰ সমবয়সীয়া ল’ৰাটোৱে জ্ঞান হেৰুৱাই পেলালে৷ অৱশ্যে সময়মতে চিকিৎসকৰ কাষ পোৱাৰ বাবে ল’ৰাটো মৃত্যুৰ পৰা বাচিল৷ লাহে লাহে বর্ণিলৰ প্রতি খুৰীয়েকৰ মনত ভয় সোমাল৷ তেওঁ বর্ণিলৰ লগত পুত্রক খেলিবলৈ নিদিয়া হ’ল৷ একেটা ঘৰতে থাকিও সমবয়সীয়া ল’ৰাটোৰ লগত খেলিবলৈ নোপোৱাত বর্ণিলৰ খং দুগুণে চৰিল৷ এদিন পঢ়া টেবুলত বর্ণিলে নিজৰ সকলো কিতাপ টুকুৰা–টুকুৰকৈ ফালি পেলালে৷ বর্ণিলৰ কাণ্ড দেখি খুৰাক–খুৰীয়েকৰ লগত আলোচনা কৰি আইতাকে বর্ণিলক মাকৰ ফালৰ আইতাকৰ ঘৰত থৈ অহাৰ সিদ্ধান্ত ল’লে৷ অৱশ্যে এই সিদ্ধান্ত তেওঁ নিজৰ মনৰ বিৰুদ্ধে ল’বলৈ বাধ্য হৈছিল৷ কাৰণ মাক নোহোৱা ল’ৰাটোক আন কোনোবাই মানসিক কষ্ট দিয়াটো আইতাকে সহ্য কৰিব পৰা নাছিল৷ মোমায়েকৰ ঘৰত বর্ণিল কিন্তু শান্ত হৈ আছিল৷ মাজে মাজে এলবামত থকা মাকৰ ফটোখন চাই চাই বর্ণিল আপোনপাহৰা হৈছিল৷ কথা ক’বলৈ এৰি দিয়া বর্ণিলে পঢ়াৰ প্রতি একেবাৰে আগ্রহ হেৰুৱাই পেলালে৷ বর্ণিলৰ একমাত্র মোমায়েকে ভাগিনীয়েকৰ এই দুর্দশা চাই থাকিব নোৱাৰি ফুৰাবলৈ নিও বুলি তাক লৈ গুৱাহাটীৰ বিখ্যাত শিশুৰোগ বিশেষজ্ঞ এজনৰ ওচৰলৈ গ’ল৷ বর্ণিলৰ জীৱনৰ সকলো কাহিনী শুনাৰ পিছত চিকিৎসকে ক’লে যে বর্ণিলৰ বাবে এটা ভাল ঔষধ হ’ল শিল্প চর্চা৷ তেওঁ বর্ণিলৰ বাবে আন কোনো ঔষধৰ পৰামর্শ নিদিলে৷ মোমায়েকৰ ঘৰত বর্ণিলে মৰমৰ অভাৱ পোৱা নাছিল৷ মোমায়েকে বর্ণিলক এখন ছবি শিকোৱা বিদ্যালয়ত নাম লগাই দিলে৷ দুদিনমান যোৱাৰ পাছত ছবিৰ বিদ্যালয়লৈ যাবলৈ অতি আগ্রহ দেখুৱালে বর্ণিলে৷ বর্ণিলৰ মাজত লাহে লাহে ইতিবাচক পৰিৱর্তন দেখিবলৈ পোৱা গ’ল৷ ভিন্ন ৰঙেৰে বর্ণিলে বুলাবলৈ ধৰিলে ইখনৰ পিছত সিখন উকা কাগজ৷ শান্ত হৈ পৰিল বর্ণিল৷ লাহে লাহে আইতা, মামা, ককা আদি শব্দবোৰো বর্ণিলে ক’বলৈ ধৰিলে৷ আচলতে শিল্প চর্চাই বর্ণিলক মনৰ দুখবোৰ প্রকাশৰ এক মাধ্যম প্রদান কৰিলে৷
বিভিন্ন গৱেষণায়ো প্রমাণ কৰিছে যে আর্ট থেৰাপীয়ে শিশু আৰু কিশোৰক নিজৰ আঘাতৰ পৰা মুক্তি পোৱাৰ পথ দিয়ে৷ মনোবিজ্ঞানী ব্রুছ ড্রি পেৰীয়ে কৈছে যে, সৃষ্টিশীল কর্মৰ জৰিয়তে শিশুৱে শব্দৰে ক’ব নোৱৰা কথাবোৰ প্রকাশ কৰিব পাৰে৷ সৃষ্টিশীল কর্মই তেওঁলোকৰ মনত ভৱিষ্যতৰ বাবে আশাৰ সৃষ্টি কৰে আৰু সমগ্র জীৱনজুৰি এনে কর্মৰ প্রভাৱ তেওঁলোকৰ ওপৰত থাকে৷ তদুপৰি মগজুত সৃষ্টি হোৱা চাপ নিয়ন্ত্রণ কৰে সৃষ্টিশীল কর্মই৷ শিল্পকর্মত জড়িত হোৱাৰ ফলত শিশুসকলৰ দৃষ্টিভংগী বহল হয়৷ খং, উদ্বিগ্ণতা আৰু ভয়ৰ অনুভৱো ৰং আৰু ছবিৰ লগত খেলিয়েই সমস্যাত থকা শিশুসকলে পৰাভূত কৰিব পাৰে৷ অৱশ্যে কেৱল ছবিয়েই নহয়, ৰঙৰ প্রভাৱো যথেষ্ট গভীৰকৈ শিশুৰ মনত পৰে৷ বাৰে বাৰে আঁকি থকা আৰু কাৰো নির্দেশত নকৰা ৰঙে শিশুৰ মনৰ গোপন যাতনাক একেবাৰে উলিয়াই পেলোৱাত সহায় কৰে৷ গৱেষণাত দেখা গৈছে যে দুখত জর্জৰিত এটি শিশুক যেতিয়া নিজৰ পছন্দৰ ৰং বাছি ছবি আঁকিবলৈ কোৱা হয়, তেতিয়া তেওঁ ৰঙা–নীলা আৰু হালধীয়া ৰঙেৰে ছবি আঁকিবলৈ ধৰে৷ আৰু লাহে লাহে তেওঁলোকৰ অশান্ত মন শান্ত হোৱা দেখা যায়৷ শিশুৱে ছবি আঁকোতে প্রয়োগ কৰা ষ্ট্র’ক আৰু ৰঙৰ নির্বাচনে মনোৰোগ বিশেষজ্ঞই তেওঁলোকৰ মনৰ অৱস্থা বুজাত সহায় কৰে৷ অৱশ্যে বয়সৰ লগে লগে ৰঙৰ নির্বাচন সলনি হ’ব পাৰে৷ বহু মনোৰোগ বিশেষজ্ঞৰ মতে পানী ৰঙে শিশুক মনৰ চাপ হ্রাস কৰাত যথেষ্ট সহায় কৰে৷ কেৱল ছবি ঁকাই নহয়, মাটিৰ মূর্তি সজা বা অন্যান্য সৃষ্টিশীল কামে শিশুক নিজৰ দুখ, অপৰাধবোধ আদিৰ পৰা ওলাই অহাৰ শক্তি দিয়ে৷
বর্ণিলৰ জীৱনৰ দুখৰ কথা জনাৰ পিছত তাক এবাৰ সাবটি ল’বলৈ মোৰ খুব মন গৈছিল৷ বহু বছৰৰ পূর্বে মাহীৰ ঘৰত বর্ণিলৰ মাকক মই লগ পাইছিলোঁ৷ ৰাংঢ়ালী মাকৰ গুণী ল’ৰাটোৱে যেন পূর্বৰ মানসিক শক্তি ঘূৰাই পায় তাৰ বাবে ঈশ্বৰক প্রার্থনা কৰিলোঁ৷ সঁচাকৈয়ে অতীতৰ পৰাই যে শিল্পকলাই মানুহৰ জীৱনক উদ্দেশ্য আৰু অর্থ প্রদান কৰি আহিছে সেই কথা বর্ণিলৰ কাহিনীয়ে মোক আৰু এবাৰ মনত পেলাই দিলে৷

You might also like