ভাৰতবর্ষৰ কিছুমান পৌৰাণিক আখ্যানত বিশেষকৈ বেদত গো–ধন অপহৰণৰ কাহিনী পোৱা যায়৷ গো–ধন অপহৰণৰ বাবে বিষ্ণুৰ অৱতাৰ পৰশুৰামে বহুতো ক্ষত্রিয়ক নিধন কৰাৰ কাহিনী আছে৷ আখ্যান মতে, পৰশুৰামৰ পিতৃৰ গাইগৰু এটাক ৰজা এজনে অপহৰণ কৰা বাবে পৰশুৰামে ক্ষত্রিয়সকলৰ বিৰুদ্ধে যুদ্ধত অৱতীর্ণ হৈছিল৷ ৰামায়ণৰ এটা আখ্যানত শিশু, মুনি আৰু গো–হত্যাৰ পাপৰ বাবে যুদ্ধ, লোকসমাজৰ প্রব্রজন আৰু সামাজিক বিপর্যয় ঘটাৰ কথা পোৱা যায়৷ কাহিনীটোত মুনি হত্যা আৰু গো চুৰি কার্যক নিন্দা কৰাৰ লগতে গৰুৰ পোৱালিবোৰক শিশুসকলৰ সৈতে উপমা দিয়া হৈছে৷ ৰামায়ণত থকা কামধেনু আৰু বশিষ্ঠ আৰু বিশ্বামিত্রৰ কাহিনীটো গো–ধন অপহৰণৰ ওপৰত প্রতিষ্ঠিত৷ বিশ্বামিত্র মুনি ক্ষত্রিয় ৰজা কৌশিক হৈ থকা অৱস্থাত এবাৰ বশিষ্ঠ মুনিৰ কামধেনু গাইটোক অপহৰণ কৰিব খুজিছিল৷ বহু চেষ্টাৰ মূৰতো গাইটোক নিব নোৱাৰি তেওঁ অৱশেষত হাৰ মানে আৰু কঠোৰ তপস্যাৰ জৰিয়তে নিজকে ব্রহ্মর্ষিলৈ উন্নীত কৰিবলৈ সক্ষম হয়৷
অন্যান্য জীৱ–জন্তুতকৈ বেদত গো–ধন বা গো–মাতাৰ কথা বেছিকৈ পোৱা যায়৷ ঋগ্বেদত ‘গবিষ্টি’ শব্দটো যুদ্ধ–বিগ্রহক বুজাবলৈ ব্যৱহাৰ কৰা হৈছে৷ শব্দটোৰ আক্ষৰিক অর্থ হ’ল গো–ধনৰ হেঁপাহ৷ গতিকে গো–ধন অপহৰণৰ বাবে উদ্ভৱ হ’ব পৰা কন্দল বা যুদ্ধই হ’ল গবিষ্টি৷ এটা ষাঁডক আঘাত কৰাৰ দণ্ড আছিল ১০টা গাই আৰু গাই চুৰিৰ শাস্তি আছিল মৃত্যুদণ্ড৷ মনুস্মৃতিৰ মতে গো–ধন চুৰি মহাদোষ আৰু চৰম পাপ৷
ভাৰতীয় ইতিহাসত পশুপালন কৰা সমাজবোৰত গো–ধনৰ চৌর্য কাহিনীৰ কথা পোৱা যায়৷ ব্রিটিছ ঔপনিৱেশৰ সময়ত পঞ্জাবৰ কিছুমান গাঁৱত এনে কার্যৰ প্রতিযোগিতা চলিছিল আৰু ইয়াৰ দ্বাৰা নিজৰ নিজৰ সমাজৰ শ্রেষ্ঠত্ব প্রতিপন্ন কৰিবলৈ চেষ্টা চলোৱা হৈছিল৷ দক্ষিণ–পূব এছিয়াৰ এজন প্রখ্যাত ইতিহাসবিদ ৰামনাৰায়ণ ৰাৱাটে ১৮৮০ৰ পৰা ১৮৯০ চনৰ কালছোৱাত উত্তৰ প্রদেশত গো–ধন চুৰি কার্য আটাইতকৈ ডাঙৰ অপৰাধ আছিল বুলি উল্লেখ কৰিছে৷ কৃষিপ্রধান সমাজত গৰুৱেই আছিল আটাইতকৈ মূল্যৱান সম্পত্তি৷ গো–ধন চুৰি কার্যত ঠাকুৰ, ৰাজপুত, কুর্মি, ব্রাহ্মণ, চামাৰ, মুছলমান সকলো সম্প্রদায়ৰ লোক জডিত থকাৰ কথা পোৱা যায়৷
বর্তমান সময়ত মাংসৰ বাবেই প্রধানতঃ গো–ধনৰ চোৰাং ব্যৱসায় বাঢ়িবলৈ ধৰিছে৷ ভাৰতবর্ষৰ যিবোৰ প্রদেশত গো–হত্যা আৰু মাংস অবৈধ, সেই প্রদেশবোৰৰ পৰা গো–মাংসৰ প্রচলন থকা ঠাইবোৰলৈ গৰু চোৰাংকৈ নিয়া হয়৷ ভাৰতবর্ষত গৰুৰ সংখ্যা প্রায় ৩০ কোটি৷ কিন্তু ২৯খন প্রদেশৰ মাত্র ৮খন প্রদেশতহে মাংসৰ বাবে গো–হত্যা বৈধ৷ ওচৰ–চুবুৰীয়া দেশ বাংলাদেশত গো–মাংসৰ চাহিদা অত্যধিক বেছি, কিন্তু সেই অনুসাৰে গো–ধনৰ সংখ্যা পর্যাপ্ত নহয়৷ পশুসম্পদ বিভাগৰ কিছু তথ্য অনুসৰি, বাংলাদেশত বছৰি ৭১ লাখ টন মাংসৰ আৱশ্যক আৰু তাৰ বিপৰীতে দেশখনে ৬২ লাখ টনহে উৎপাদন কৰে৷ বাংলাদেশৰ কচাইখানাবোৰে নিজৰ দেশৰ ভিতৰত প্রয়োজনীয় মাংসৰ যোগান নাপায়৷ গো–মাংসৰ এনে অত্যধিক চাহিদাৰ বাবে বাংলাদেশত ভাৰতীয় গো–ধনৰ মূল্য বৰ বেছি৷ তদুপৰি চামৰা আৰু ৰাসায়নিক উদ্যোগৰ বাবে গৰুৰ ছাল আৰু হাডৰো চাহিদা আছে৷ ভাৰতবর্ষত এটা গৰুৰ মূল্য যদি ৫,০০০ টকা হয়, সেই একে গৰুকে বাংলাদেশত সহজে ৫০,০০০ টকাত বিক্রী কৰা সম্ভৱ৷ ঈদ বা উৎসৱৰ সময়ত একো একোটা গৰুৰ মূল্য ১ৰ পৰা ২ লাখ টকালৈকে উঠিব পাৰে৷
ভাৰতবর্ষ–বাংলাদেশ্ সীমান্তৰে গো–ধনৰ চোৰাং বেহা সেইবাবে এটা অত্যন্ত লোভনীয় ব্যৱসায় হৈ পৰিছে৷ এটা পৰিসংখ্যা মতে, বছৰি প্রায় ১৫ৰ পৰা ২০ লাখ গৰু চোৰাংভাৱে বাংলাদেশলৈ সৰবৰাহ কৰা হয়৷ ‘দ্য ছানডে গার্জিয়ান’ নামৰ বাতৰিকাকতখনৰ মতে, ভাৰতবর্ষৰ পৰা বাংলাদেশলৈ দিনে প্রায় ৬০,০০০ গৰু সৰবৰাহ হয়৷ ইয়াৰ পৰাই চোৰাং কাৰবাৰৰ বিশাল পৰিসৰৰ কথা অনুমান কৰিব পাৰি৷ সীমাৰ ইপাৰ–সিপাৰে হৈ থকা বেহাৰ মূল্য হৈছে বছৰি ৫,০০০ কোটিৰ পৰা ১০,০০০ কোটিৰ ভিতৰত৷
বাংলাদেশৰ কচাইখানালৈ নিয়া লাখ লাখ গৰুৰ সিংহভাগ ভাৰতবর্ষৰ৷ প্রায় সকলোবোৰ গৰু ৰাজস্থান, বিহাৰ, হাৰিয়ানা, পঞ্জাব, অসম, ওড়িশা আদিৰ গাঁৱৰ দুখীয়া খেতিয়কসকলৰ সম্পত্তি আৰু এইবোৰ চুৰি কৰি সৰবৰাহ কৰা হয়৷ ভাৰতবর্ষৰ খেতিয়কসকল খেতি–বাতিৰ বাবে এতিয়াও গো–ধনৰ ওপৰত নির্ভৰশীল৷ বাংলাদেশলৈ চালান দিয়াৰ উপৰি ভাৰতবর্ষত থকা কিছুমান অবৈধ কচাইখানালৈ এনেধৰণে চুৰ কৰা গৰু সৰবৰাহ কৰা হয়৷ চৰকাৰৰ অনুমতি–পত্র নথকা বহুতো কচাইখানাত অস্বাস্থ্যকৰ পৰিৱেশত গুপুতে গো–মাংসৰ বিক্রী চলি আছে৷ চোৰাং ব্যৱসায়ীয়ে এনেবোৰ কচাইখানাত চুৰ কৰা গৰু চৰা দামত বিক্রী কৰে৷ ভাৰতবর্ষত ৩০ হাজাৰৰো অধিক এনে অবৈধ আৰু গুপুত কচাইখানা আছে৷
হিন্দুস্তান টাইমছৰ এটা ৰিপ’ট মতে, ২০০৯ চনৰ পৰা ২০১৬ চনলৈ ৰাজস্থানত ৩০০০তকৈ বেছি গো–ধন অপহৰণৰ কেছ ৰুজু কৰাৰ লগতে ৬০০০ লোকক এনে ধৰণৰ অপৰাধত বন্দী কৰা হৈছিল৷ চোৰাং ব্যৱসায়ত ব্যৱহূত ২৭০০ৰো অধিক যান–বাহন বাজেয়াপ্ত কৰা হৈছিল৷ অকল ৰাজস্থানতে গৰুৰ চোৰাং বেহাত হাজাৰ হাজাৰ লোক ধৰা পৰা ঘটনাই গোটেই ভাৰতবর্ষত চলি থকা এই বিয়াগোম অপৰাধ চক্রৰ এটা সম্যক ধাৰণা দিয়ে৷ দুখীয়া কৃষকসকলৰ গৰু জাকে জাকে অপহৰণ কৰি আৰু ড্রাকত নির্মমভাৱে তুলি নি পশ্চিমবংগ আৰু অসমৰ সীমাৰে বাংলাদেশলৈ চালান দিয়া হয়৷ চোৰাং বেপাৰীয়ে নিত্যনতুন কৌশলেৰে এই গৰুবোৰ কাঁটা তাঁৰৰ সিটো পাৰলৈ স্থানান্তৰিত কৰে৷ স্থানীয়ভাৱে নির্মিত বাঁহৰ ক্রেন, গুপুত সুৰংগ বা তাঁৰ কাটি এই পশুধন সৰবৰাহ কৰা হয়৷ ড্রাকেৰে পৰিবহণ কৰা সময়ত বা কাঁটা তাঁৰৰ ওপৰেৰে পাৰ কৰাওঁতে বহুতো গৰু আঘাতপ্রাপ্ত হৈ মৃত্যুবৰণ কৰে৷ বহু কোটিটকীয়া আন আন অবৈধ ব্যৱসায়ৰ দৰে গো–ধনৰ চোৰাং ব্যৱসায়ো এটা সু–সংহত অপৰাধ চক্র আৰু হাজাৰ হাজাৰ কুখ্যাত দাগী অপৰাধীৰে এইবোৰ ছিণ্ডিকেট চলি আছে৷
বহু সময়ত নদীৰেও গৰু সৰবৰাহ কৰা হয়৷ গৰু পাৰ কৰাই নিয়া নদীবোৰ হ’ল বাংলাদেশৰ কালিন্দী, ইচ্ছামতী, ৰায়মংগল আৰু হাৰিয়াভাংগা৷ সাধাৰণতে গৰুবোৰ নি কোনোবা ভিতৰুৱা গাঁৱত লুকাই থোৱা হয় আৰু নিশা স্থানীয় ৰাখাল বা গৰখীয়া ল’ৰা কিছুমানে নদীৰে সিহঁতক পাৰ কৰাই নিয়ে৷ এই গৰখীয়া ল’ৰাবোৰ অতি পাকৈত সন্তৰণবিদ আৰু আন্ধাৰতো সিহঁতে দক্ষতাৰে কাম কৰিব পাৰে৷ এহাল গৰু নদীৰে পাৰ কৰোৱাৰ বাবদ প্রত্যেকে কিছু টকা লাভ কৰে৷
অসমত ভাৰত–বাংলাদেশৰ ছিদ্রযুক্ত সীমাৰে অনায়াসে বাংলাদেশত প্রৱেশ কৰিব পাৰি৷ বহুতো গোপন পথেৰে অনেক অবৈধ ব্যৱসায় চলি আহিছে৷ ধুবুৰী জিলাৰ সিটো পাৰে বাংলাদেশৰ যাত্রাপুৰত চোৰাংকৈ নিয়া গৰুৰ এখন বিশাল বজাৰ বহে৷ সীমামূৰীয়া পশ্চিমবংগ আৰু মেঘালয়ৰ মাজেৰেও চোৰাং কাৰবাৰ চলে৷ ভাৰত–বাংলাদেশ সীমান্ত অতিক্রম কৰাৰ পিছত গৰুবোৰক বাংলাদেশৰ যাত্রাপুৰ হাটলৈ লৈ যোৱা হয়৷ ধুবুৰী আৰু দক্ষিণ শালমাৰা–মানকাচৰ জিলাৰ ভাৰত–বাংলাদেশ সীমান্তৰ উন্মুক্ত সীমান্ত অঞ্চলেৰে চুবুৰীয়া ৰাষ্ট্র বাংলাদেশৰ যাত্রাপুৰলৈ কোনোধৰণৰ পাৰপত্র নোহোৱাকৈ সঘনে অহা–যোৱা কৰিব পাৰি৷ বাংলাদেশৰ যাত্রাপুৰ বজাৰ পোৱাৰ পিছত বাংলাদেশী চোৰাং গৰুৰ ব্যৱসায়ী দলটোক প্রতিটো গৰুৰ বাবদ স্থানীয় গুণ্ডাকৰ দিব লাগে৷ এই টকা পোৱাৰ পিছত দলটোৱে নিজেই যাত্রাপুৰ বজাৰত গৰুবোৰ বিক্রী কৰাৰ দায়িত্ব লয়৷ নামনি অসমৰ ভাৰত–বাংলাদেশ সীমান্তৰ দক্ষিণ শালমাৰা–মানকাচৰ জিলাত চলি থকা অবৈধ গৰুৰ ব্যৱসায়ৰ বিষয়ে সচেতন মহল অৱগত৷ উক্ত গৰুৰ চোৰাং ব্যৱসায়ত জডিত মাফিয়াৰ দলটোৱে গৰুবোৰ বাংলাদেশলৈ পঠিওৱাৰ সময়ত নিজে টকা সংগ্রহ নকৰি একোজন ‘কালেক্টৰ’ নিয়োগ কৰে আৰু বাংলাদেশৰ গৰুৰ চোৰাং ব্যৱসায়ীৰ সৈতে গোপনীয় ‘কোড’ ব্যৱহাৰ কৰি অসমৰ বিভিন্ন ঠাইত থকা এজেণ্টসকলৰ সৈতে টকাৰ লেনদেন কৰে৷
অসম আৰু বাংলাদেশৰ মাজত ২৬৩ কিঃমিঃ সাধাৰণ সীমা আৰু তাৰে ১১৯ কিঃমিঃ হ’ল নদীপথ৷ অসমৰ কৰিমগঞ্জ আৰু বাংলাদেশৰ চিলেটৰ সীমা হ’ল ৯২ কিঃমিঃ আৰু তাৰে ৪১ কিঃমিঃ নদীসংকুল৷ ভাৰতৰ সীমান্তত চোৰাং কাৰবাৰ ৰোধ কৰিবলৈ সীমা সুৰক্ষা বল সকলো সময়ত থাকিলেও এই বিশাল সীমাত নিশ্ছিদ্রভাৱে পহৰা দিয়া প্রায় অসম্ভৱ৷ সুদূৰ লখিমপুৰ–ধেমাজিৰ পৰাও বাংলাদেশলৈ গো–ধন সৰবৰাহৰ ঘটনা আছে৷ গো–ৰক্ষকসকলে গো–পহৰণৰ আগজাননী পালে পুলিচক সহযোগিতা আগবঢ়ায় যদিও এনে সহযোগিতাৰ উদাহৰণ অতি কম৷ অসম বিধানসভাত দাখিল কৰা এটা ৰিপ’ট মতে ২০১৬, ২০১৭ আৰু ২০১৮ চনত বাংলাদেশলৈ চোৰাংভাৱে সৰবৰাহ কৰিবলৈ লোৱা ৫০৫৬, ২৬৫ আৰু ৫৩৬টা পশু ৰক্ষা কৰা হয় আৰু আটক কৰা অপহৰণকাৰীৰ সংখ্যা হ’ল ক্রমে ২৪০, ১৭০ আৰু ৬০জন৷ আন এক সূত্রৰ মতে, ২০১৬ চনৰ পৰা এতিয়ালৈকে উদ্ধাৰ কৰা গো–ধনৰ সংখ্যা ২০ হাজাৰৰো অধিক আৰু এই সময়ছোৱাত প্রায় ১১০০ কেছ ৰুজু কৰাৰ লগতে ১৫০০ৰ বেছি চোৰাং সৰবৰাহকাৰীক আটক কৰা হৈছে৷ দুবছৰমানৰ আগেয়ে সীমা সুৰক্ষা বলে গৰু চোৰাংকৈ নিয়া প্রায় ৬৫টা গোপন পথ আৱিষ্কাৰ কৰি এই পথবোৰ বন্ধ কৰিবলৈ কেন্দ্রীয় চৰকাৰলৈ গোহাৰি জনায়৷ কেন্দ্রীয় গৃহ মন্ত্রালয়ে পশ্চিমবংগৰ চি বি আইক ২০১৯ চনত এই বিষয়ে অনুসন্ধান চলোৱাৰ ভাৰ দিয়ে৷
অপহৰণকাৰীৰ পৰা গৰুৰ জাকক ৰক্ষা কৰিলেও সেই গৰুজাকক কিদৰে সুৰক্ষা দিব পাৰি, সি হ’ল পুলিচ প্রশাসনৰ বাবে এটা উপৰুৱা চিন্তা৷ একো একোটা ডাঙৰ জাকক থাকিবলৈ ঠাই দিয়া, দানা–পানীৰ ব্যৱস্থা কৰা আৰু পশু চিকিৎসকৰ দ্বাৰা চিকিৎসা কৰোৱা আদি যথেষ্ট ব্যয়বহুল৷ চৰকাৰ বা প্রশাসনৰ নিজস্ব কোনো গোশালা নাই৷ তদুপৰি এই বিষয়ে চৰকাৰৰ কোনো পৰিকল্পনা বা নির্দিষ্ট কার্যপন্থা এতিয়ালৈকে পৰিলক্ষিত হোৱা নাই৷ চুৰি হোৱা সকলো গো–ধনৰ গৰাকীক বিচাৰি পোৱা আৰু ওভতোৱা অসম্ভৱ৷ সাধাৰণতে সৰবৰাহকাৰীৰ হাতৰ পৰা উদ্ধাৰ কৰালৈকে গৰুৰ জাকবোৰে কেইবাবাৰো হাত সলায় আৰু সেইবাবে কোন ঠাইৰ বা কোন মানুহৰ গো–সম্পত্তি, এইবোৰৰ সম্ভেদ উলিওৱা কষ্টসাধ্য৷ অন্যান্য কামৰ উপৰি এনে ধৰণে ৰক্ষা কৰা গো–ধনৰ প্রতিপালন পুলিচৰ এতিয়া উপৰুৱা কর্তব্য হৈ পৰিছে৷
অসমত আগৰে পৰা এখন গো সংৰক্ষণ আইন Assam Cattle Preservation Act,1950) আছে৷ এই বছৰৰ ২২ মে’ত অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে পৰৱর্তী বিধানসভাৰ অধিৱেশনত অসমত গো–সুৰক্ষা বিল প্রণয়নৰ কথা উল্লেখ কৰে৷ বহুতে ভবাৰ দৰে এইখন বিলে গো–হত্যা বা গো–মাংস ভক্ষণত কোনো বাধা আৰোপ নকৰে৷ ইয়াৰ একমাত্র উদ্দেশ্য হ’ল– অসমৰ বাহিৰলৈ গো–ধন নিয়া বা সৰবৰাহত বাধা দিয়া৷ আশা কৰিব পাৰি– এই গো–সুৰক্ষা বিলখনে অসমত গো–ধনৰ চোৰাং বেপাৰ সম্পূর্ণকৈ নহ’লেও লেখত ল’বলগীয়াকৈ কমাব৷ ২০১৪ চনত বিজেপি চৰকাৰখনে শাসনভাৰ গ্রহণ কৰাৰ পিছত গো–ধনৰ চোৰাং ব্যৱসায়ৰ বিষয়টো গুৰুত্বসহকাৰে লৈছে৷ ভাৰত–বাংলাদেশৰ সীমান্তত নতুনকৈ নির্মাণৰত কাঁটা তাঁৰৰ বেৰ আৰু নাইট ভিজন কেমেৰা আৰু লেজাৰেৰে নতুনকৈ সু–সজ্জিত সীমা সুৰক্ষা বলৰ সতর্ক পহৰাই চোৰাং কাৰবাৰ হ্রাস কৰিবলৈ সক্ষম হ’ব৷ ২০১৪ চনৰ পৰা প্রায় ৫.৩২ লাখ গৰু চোৰাং সৰবৰাহৰ পৰা ৰক্ষা কৰা সম্ভৱ হৈছে৷ এই গো–ধনৰ মূল্য হ’ল ৩৫০ কোটি টকা৷ ২০১৭ চনৰ পৰা ভাৰতবর্ষত গৰুৰ চোৰাং কাৰবাৰ যথেষ্ট হ্রাস পোৱা বুলি সংবাদ মাধ্যমত ইতিমধ্যে প্রকাশ পাইছে৷ আশা কৰিব পাৰি যে গো–ধনৰ অবৈধ ব্যৱসায় হ্রাস পোৱাৰ লগে লগে গো–ৰক্ষক আৰু ক’লা ব্যৱসায়ীসকলৰ মাজত সচৰাচৰ চলি থকা হত্যা, লুণ্ঠন আদি ঘটনাবোৰো লোপ পাব৷
সীমান্তত কাঁটা তাঁৰৰ বেৰ বা কঠোৰ পহৰা আদিয়ে গো–ধনৰ অবৈধ সৰবৰাহ হ্রাস কৰিবলৈ সক্ষম হ’লেও টকাৰ লোভে গৰু সৰবৰাহকাৰীসকল এনেবোৰ কামৰ পৰা বিৰত ৰাখিব নোৱাৰে৷ ঘটি থকা ঘটনাৰ মূল কাৰণ পুলিয়ে পোখাই উভালিব পাৰিলেহে এনেবাৰ সমস্যাৰ ওৰ পৰিব৷ চি এন এনৰ এটা বাতৰি মতে, সম্প্রতি ভাৰতবর্ষ হ’ল বিশ্বৰ ভিতৰত আটাইতকৈ বেছি ম’হৰ মাংস Water Buffaloes) ৰপ্তানি কৰা দেশ৷ এই মাংস ইজিপ্ত, ভিয়েটনাম, মালয়েছিয়া আৰু ছৌদি আৰবলৈ ৰপ্তানি কৰা হয়৷ ভাৰতবর্ষই সস্তীয়া ম’হৰ মাংস ৰপ্তানিৰে বাংলাদেশৰ মাংসৰ বজাৰ উভৈনদী কৰি তোলাৰ কথা বিবেচনা কৰিব পাৰে৷ যদি এই সুলভ মূল্যৰ ম’হৰ মাংস বৈধভাৱে বাংলাদেশলৈ যোগান ধৰিব পৰা যায়, চোৰাংভাৱে যোগান ধৰা গো–মাংস বা গো–ধন সৰবৰাহৰ দৰে এটা বহু কোটিটকীয়া কলংকিত বেহাৰ অন্ত পৰিব আৰু ভাৰতীয় খেতিয়কসকলৰ পোহনীয়া গৰুবোৰৰ অপহৰণ বন্ধ হ’ব৷ এই মাংস ৰপ্তানিৰ ফলত ভাৰতবর্ষই এক বুজন পৰিমাণৰ ৰাজহো সংগ্রহ কৰিবলৈ সক্ষম হ’ব৷