ঘৰতে বনাওক চিকেন কাবাব
উপকৰণ ঃ মাংস– ১/২ কেজি, আদা, নহৰু পেষ্ট– ২ চামুচ, গৰম মচলা পেষ্ট– ১ চামুচ, কাবাব পাউদাৰ– ৪ চামুচ, ৰিফাইন তেল– দুকাপ, জলকীয়াগুড়ি– ২ চামুচ, দৈ– ১/২ কাপ, কণী– ১টা, নেমু– ১টা, বেচন– ৫ ডাঙৰ চামুচ, নিমখ প্রয়োজন অনুসৰি ল’ব৷
প্রণালী ঃ প্রথমে মাংসখিনি নেমুৰস, দৈ, আদা, নহৰু, গৰম মচলা পেষ্টৰে ভালদৰে সানি ফ্রিজত ৩ ঘণ্টাৰ বাবে থৈ দিব৷ ৩ ঘণ্টামান পিছত মাংসখিনি উলিয়াই অলপ সময় ঠাণ্ডা হ’বলৈ দি তাত কাবাব পাউদাৰ, জলকীয়াগুড়ি, বেচন, কণী, নিমখ দি ভালদৰে সানি ল’ব৷ তাৰ পিছত এখন কেৰাহীত ৰিফাইন তেল দুকাপ দি ভালদৰে গৰম হ’বলৈ দিব যাতে মাংসখিনি দিলে কেৰাহীত লাগি নধৰে৷ এতিয়া তেল গৰম হোৱাত এক পিচকৈ মাংসবোৰ দিব, এটা ফাল ৭ মিনিটমানকৈ ভাজি কুৰকুৰিয়া ৰঙা হ’লে নমাই গৰমে গৰমে পদিনা চাটনিৰ লগত পৰিৱেশন কৰিব৷