নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জলবায়ু পৰিৱর্তন আৰু নাৰীৰ শাৰীৰিক সমস্যা

ড০ গীতালি শইকীয়া

নাৰীৰ স্বাস্থ্যৰ ওপৰত জলবায়ু পৰিৱর্তনৰ প্রভাৱ অতি চিন্তনীয়৷ বিশেষকৈ ঋতুস্রাৱ আৰু মাহেকীয়া চক্রৰ জলবায়ু পৰিৱর্তনৰ লগত যে সম্পর্ক আছে, সেই কথা বহু লোকে অনুমানেই কৰিব নোৱাৰে৷ কিন্তু স্বাস্থ্য, দৰিদ্রতা আদি বিভিন্ন কোণৰ পৰা চালে এই দুয়োটা বিষয়ৰ অংগাংগী সম্বন্ধ দেখা যায়৷ International Journal of Gynecology & Obstetrics ত প্রকাশিতClimate change, women’s health, and the role of obstetricians and gynecologists in leadership শীর্ষক প্রবন্ধৰ মতে ‘আন্তঃৰাষ্ট্রীয় গৱেষক আৰু চিকিৎসক সম্প্রদায়ে মত প্রকাশ কৰিছে যে জলবায়ু পৰিৱর্তনে গর্ভৱতী নাৰী, বিকশিত ভ্রূণ আৰু নাৰীৰ প্রজনন স্বাস্থ্যৰ ওপৰত গভীৰ প্রভাৱ পেলায়৷ দুর্বল লোকসকল বিশেষকৈ শাৰীৰিকভাৱে দুর্বল নাৰী, গর্ভৱতী নাৰী, শিশু, প্রতিবন্ধীসকল জলবায়ু পৰিৱর্তনৰ দ্বাৰা অত্যধিক ক্ষতিগ্রস্ত হয় আৰু এওঁলোকৰ অধিকাংশই দৰিদ্র৷’ অন্ধবিশ্বাস আৰু অযুক্তিকৰ বাধা–নিষেধে নাৰীক মানসিক আৰু শাৰীৰিক উভয় দিশৰ পৰা ক্ষতি কৰে৷ দৰিদ্রতা নির্মূলকৰণ, সমতা স্থাপনৰ বাবে কাম কৰা ইউনাইটেড নেচনছ ডেভেলপমেণ্ট প্রগ্রামৰ মতে জলবায়ু পৰিৱর্তনে নাৰীসকলৰ ওপৰত পেলোৱা প্রভাৱক বৃদ্ধি কৰে সমাজত প্রচলিত কিছুমান ভ্রান্ত ধাৰণা আৰু বৈষম্যই৷ বিশেষকৈ দৰিদ্র নাৰীসকল জলবায়ু পৰিৱর্তনৰ দ্বাৰা অত্যধিক ক্ষতিগ্রস্ত হয়৷ এইক্ষেত্রত বিভিন্ন উদাহৰণ আমি দাঙি ধৰিব পাৰোঁ৷ অসমৰ উজনি–নামনি সকলোতে এতিয়া বানে জুৰুলা কৰা মানুহৰ হুমুনিয়াহ৷ জলবায়ু পৰিৱর্তনৰ বাবে অতিবৃষ্টিয়ে সৃষ্টি কৰা বানে বহুলোকক ঘৰ এৰি আশ্রয় শিবিৰত থাকিবলৈ বাধ্য কৰে৷ পুৰুষ–নাৰী, পোহনীয়া গৰু–ছাগলী একেখন চালিতে বাস কৰিবলৈ বাধ্য হয়৷ এমুঠি আহাৰ আৰু মূৰৰ ওপৰত এখন নিৰাপদ যেন লগা আশ্রয়তকৈ অধিক তেওঁলোকে আশাই নকৰে৷ শিবিৰৰ সেই অস্বাস্থ্যকৰ পৰিৱেশত যেতিয়া এগৰাকী নাৰীৰ ঋতুস্রাৱ হয়, তেতিয়া তেওঁৰ মনৰ অৱস্থাও হয় অবর্ণনীয়৷ কোনোমতে প্রাণটো লৈ আশ্রয় শিবিৰ পোৱা নাৰীসকলৰ হাতত নাথাকে ছেনিটেৰী পেড অথবা ব্যৱহাৰযোগ্য কাপোৰ৷ আশ্রয় শিবিৰৰ বহু মানুহৰ মাজত এটা বা দুটা শৌচাগাৰ পানীৰ অভাৱে সেই দিনকেইটা ঋতুস্রাৱ হোৱা নাৰীসকলৰ বাবে বিভীষিকাময় কৰি তোলে আৰু বিভিন্ন ৰোগে নাৰীগৰাকীৰ শৰীৰত বাহ লোৱাৰ পূর্ণ সুযোগো পায় এনে অস্বাস্থ্যকৰ পৰিৱেশতে৷ এনেক্ষেত্রত আটাইতকৈ গুৰুত্বপূর্ণ হৈ পৰে স্বাস্থ্যসন্মত ঋতুস্রাৱ ব্যৱস্থাপনা ৷ কিন্তু এই বিষয়টো প্রায়েই উপেক্ষিত হোৱা দেখা যায়৷ অসমীয়া সমাজত ঋতুস্রাৱ সম্পর্কীয় বিভিন্ন নীতি–নিয়ম, বাধা–নিষেধ আছে, যাৰ বাবেও বিষয়টো সম্পর্কে পর্যাপ্ত আলোচনা নহয়৷ পৃথক শৌচাগাৰৰ অভাৱ আৰু ঋতুস্রাৱ অৱশিষ্ট ব্যৱস্থাপনাৰ অভাৱে বানৰ সময়ছোৱাত আৰু তাৰ পৰৱর্তী সময়তো নাৰীসকলক নানা সমস্যাৰ সন্মুখীন কৰায়৷ গোলাঘাট জিলাৰ ধনশিৰি আৰু যোৰহাট জিলাৰ ভোগদৈ নৈৰ বানে প্রায় সর্বস্বান্ত কৰা কেইখনমান গাঁৱৰ যুৱতী মহিলাৰ লগত এই সম্পর্কে আলোচনা কৰিছিলো৷ অসম ৰাজ্যিক দুর্যোগ প্রশমন বিভাগৰ এক তথ্য অনুসৰি ২০২১ চনত গোলাঘাট আৰু যোৰহাট জিলা বানৰ বাবে সর্বাধিক ক্ষতি হৈছিল৷ গোলাঘাটত ৫টা আৰু যোৰহাটত ৪টা আশ্রয় শিবিৰ স্থাপন কৰা হৈছিল৷ যোৰহাটৰ ঢেকৰগডাৰ যুৱতী অনামিকা কলিতাই আশ্রয় শিবিৰত পাৰ কৰা এটা সপ্তাহৰ কথা বর্ণনা কৰিছিল৷ ঘৰৰ পৰা মাত্র দুযোৰ কাপোৰহে তেওঁ আশ্রয় শিবিৰলৈ নিবলৈ সক্ষম হৈছিল৷

শিবিৰতে ঋতুস্রাৱ হোৱা অনামিকাই এটা ছেনিটেৰী পেডৰ বাবে হাহাকাৰ কৰিব লগা হৈছিল৷ নিশাটো যেনেতেনে কটাই কাহিলিপুৱাতেই নিত্য–নৈমিত্তিক কর্ম কৰি আহি এটুকুৰা নির্দিষ্ট ঠাইতে গোটেই দিনটো বহি থাকিল৷ সেইদিনা নেৰানেপেৰা বৰষুণৰ বাবে গা ধুই তিয়াই দিয়া কাপোৰো নুশুকুৱাত পৰৱর্তী দিনা কি পিন্ধিব, তাৰ চিন্তাত অনামিকা ছটফটাই থাকিল৷ সেই সময়ত বোলে নাৰী হৈ জন্ম লোৱাৰ বাবে তাইৰ নিজলৈকে অদমনীয় খং উঠিছিল৷ তাইৰ দৰেই অসহায় অৱস্থা আন দুগৰাকীমান নাৰীৰো হৈছিল৷ পিছদিনা বৰষুণ এৰিছিল আৰু প্রশাসনৰ মানুহে অন্য সামগ্রীৰ লগতে নাৰীসকলৰ হাতত তুলি দিছিল ছেনিটেৰী পেড৷ এতিয়া নতুন সমস্যা হৈছিল ব্যৱহূত পেডসমূহ নিষ্কাশন কৰাৰ৷ চাৰিওফালে পানী, আশ্রয় শিবিৰো আছিল এখন বিদ্যালয়ত৷ বিদ্যালয়ৰ চৌহদত পেড পুতিবলৈ তেওঁৰ মনে কোৱা নাছিল৷ সেয়ে ছেগ বুজি দুদিনৰ পিছত বিদ্যালয়ৰ চৌহদৰ বাহিৰত পেডসমূহ পুতিছিল৷ এইখিনিতে আৰু এটা কথা উল্লেখ কৰাৰ লোভ সামৰিব নোৱাৰিলোঁ, এগৰাকী মহিলাই তেওঁৰ জীৱনৰ ঋতুচক্রৰ সমগ্র সময়ছোৱাত ১২৫ কেজি জৈৱিকভাৱে নিষ্কাশিত নোহোৱা অৱশিষ্ট অথবা জাবৰ সৃষ্টি কৰিব পাৰে৷ গৱেষণাত প্রকাশ হৈছে যে এটা ছেনিটেৰী পেড সম্পূর্ণৰূপে নিশ্চিহ্ণ হওঁতে ৫০০ৰ পৰা ৮০০ বছৰৰ প্রয়োজন হয়৷ কাৰণ, ছেনিটেৰী পেডত ব্যৱহাৰ হোৱা প্লাষ্টিকবোৰ মাটিত মিলি নাযায় আৰু নিষ্কাশন নোহোৱা এই ছেনিটেৰী পেডৰ প্লাষ্টিকে মাটি–পানী দূষিত কৰি জীৱ–জন্তু আৰু মানৱ শৰীৰত নানা ৰোগৰ সৃষ্টি কৰে৷ তদুপৰি পেড প্রস্তুত কৰোঁতেও ব্যৱহাৰ হয় শৰীৰৰ বাবে ক্ষতিকাৰক প্রায় চাৰিটা পলিথিনত ব্যৱহাৰ হোৱা পৰিমাণৰ প্লাষ্টিক৷ তদুপৰি ৰেয়ন, ডি অক্সিন আদিৰ দৰে সুগন্ধিযুক্ত ছিন্থেটিক ৰাসায়নিক পদার্থবোৰে এলার্জী, খজুৱতি আদিৰ কাৰক হোৱাৰ লগতে কর্কট, সন্তানহীনতা, থাইৰয়ডৰ সমস্যাপর্যন্ত সৃষ্টি কৰিব পাৰে৷ ‘ হিউমেন ৰিপ্রডাকচন’ নামৰ জার্নেলখনত প্রকাশিত এক গৱেষণাধর্মী পত্রত কোৱা হৈছে যে কিশোৰীসকলে প্রদূষিত বায়ু সেৱন কৰাৰ ফলত অনিমীয়া ঋতুস্রাৱৰ সমস্যা সৃষ্টি হয়৷American Environment Protection Agency ৰ মতে জলবায়ু পৰিৱর্তনে বায়ুৰ মান প্রভাৱিত কৰে৷ গতিকে জলবায়ু পৰিৱর্তনে যে ঋতুস্রাৱক প্রভাৱিত কৰে সেই কথা অযুক্তিকৰ নহয়৷ বানৰ সময়ত বা আন সময়তো নিষ্কাশন কৰিব নোৱাৰা ঋতুস্রাৱ অৱশিষ্টই বায়ু প্রদূষিত কৰি নাৰীসকলক আন ৰোগৰ প্রতি সংবেদনশীল কৰি তোলে৷Environ Health নামৰ জার্নেল খনত প্রকাশিত Does Air Pollution Play a Vital Role in Infertility’ শীর্ষক গৱেষণা–পত্রত কোৱা হৈছে যে বিভিন্ন অধ্যয়নে প্রমাণ কৰিছে যে গর্ভাৱস্থাৰ পূর্বে আৰু গর্ভাৱস্থাত এগৰাকী নাৰী বায়ু প্রদূষণৰ সংস্পর্শলৈ অহাৰ ফলত তেওঁৰ উর্বৰতা হ্রাস পোৱাৰ উপৰি আইভিএফত সফলতাৰ হাৰ হ্রাস পোৱাৰ লগতে, প্রাকৃতিকভাৱে গর্ভধাৰণ কৰাৰ পিছতো নৱজাতকৰ মৃত্যুৰ হাৰ বৃদ্ধি হৈছে৷ তদুপৰি বায়ু প্রদূষণৰ লগত লৱজাতৰ কম ওজনৰ প্রসংগও জড়িত৷ বানৰ পিছতো আৱর্জনা, জীৱ–জন্তুৰ মৰাশ আদিৰ দুর্গন্ধই বায়ু প্রদূষিত কৰি নানা ৰোগৰ সৃষ্টি কৰে৷ নাৰীৰ ওপৰত জলবায়ু পৰিৱর্তনৰ প্রত্যক্ষ প্রভাৱ সম্পর্কে ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা কর্তৃপক্ষৰ প্রকল্প বিষয়া মন্দিৰা বুঢ়াগোহহায়ে জলবায়ু পৰিৱর্তন সম্পর্কীয় কাম–কাজৰ অভিজ্ঞতাৰে কয় যে জলবায়ু পৰিৱর্তনে ভিন্ন পৰিৱেশত নাৰীসকলক প্রভাৱিত কৰে৷ দুর্যোগ ব্যৱস্থাপনা কর্তৃপক্ষৰ এগৰাকী বিষয়া হিচাপে বানাক্রান্ত অঞ্চলৰ নাৰীৰ সমস্যাসমূহ নিজ চকুৰে দেখি তেওঁ অনুভৱ কৰে যে সাহায্য শিবিৰৰ নাৰীসকলৰ বাবে ছেনিটেৰী পেড অপৰিহার্য সামগ্রী আৰু লগতে সেইসমূহ নিষ্কাশনৰ সঠিক ব্যৱস্থাও অত্যন্ত জৰুৰী৷ উৎসাহেৰে তেওঁ জনাই যে সাহায্য শিবিৰত ছেনিটেৰী পেড উৎপাদন আৰু নিষ্কাশন যন্ত্রৰ ব্যৱস্থা দুর্যোগ ব্যৱস্থাপনা কর্তৃপক্ষই কৰিছে আৰু সাহায্য সামগ্রীৰ তালিকাত ছেনিটেৰী পেডক অত্যৱশ্যকীয় সামগ্রী হিচাপে অন্তর্ভুক্ত কৰা হৈছে৷ কিন্তু বান শাম কাটিলেই শাম নাকাটে নাৰীৰ ওপৰত জলবায়ু পৰিৱর্তনৰ প্রভাৱ৷ মানসিক চাপ আৰু অপুষ্টিকৰ খাদ্যই নাৰীৰ প্রজনন স্বাস্থ্যক ক্ষতি কৰে৷ জলবায়ু পৰিৱর্তনৰ প্রত্যক্ষ অথবা পৰোক্ষ প্রভাৱৰ বাবে কর্মসংস্থান হেৰুওৱা, নিম্ন আয়ৰ পৰিয়ালৰ নাৰীসকল মানসিক চাপত পৰে৷ নিম্ন আয়ৰ বাবেই পুষ্টিকৰ খাদ্য ক্রয়ৰ ক্ষমতাও হ্রাস হয়৷ ক্ষেত্র অধ্যয়নৰ সময়ছোৱাত মই দেখিছিলো যে গোলাঘাট, ধেমাজিৰ বহু বানাক্রান্ত অঞ্চলৰ দৰিদ্র নাৰী পুষ্টিহীনতাৰ চিকাৰ হৈছে৷

তদুপৰি জলবায়ু পৰিৱর্তনে উপার্জন হ্রাস কৰা মানুহে খাদ্যৰ ক্ষেত্রত সমায়োজন কৰাৰ ফলত পৰিয়ালত নাৰীগৰাকীয়েই অধিক ক্ষতিগ্রস্ত হয়৷ ৰাষ্ট্রীয় পৰিয়াল স্বাস্থ্যৰ সমীক্ষা অনুসৰি আমাৰ দেশৰ ২২খন ৰাজ্যত এনিমিয়াত আক্রান্ত শিশু আৰু মহিলাৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পাইছে৷ অসম আৰু উত্তৰ–পূর্বাঞ্চলৰ আন কেইখনমান ৰাজ্যত এই সমস্যাই অতি গুৰুতৰ ৰূপ ধাৰণ কৰিছে৷ অসমৰ ১৫ৰ পৰা ৪৯ বছৰ বয়সৰ ৬৫.৪ শতাংশ নাৰী এনিমিয়াত আক্রান্ত৷ দৰিদ্রতাৰ বাবে সুষম আহাৰ ক্রয় কৰাৰ ক্ষমতা হ্রাস পোৱা মানুহবোৰে যি খাদ্য সামগ্রী ক্রয় কৰে তাৰো পুষ্টি তেওঁলোকে সম্পূর্ণ ৰূপে লাভ নকৰে৷ আমেৰিকা যুক্তৰাষ্ট্রত শেহতীয়াকৈ চলা এক গৱেষণা অনুসৰি জলবায়ু পৰিৱর্তনে আটা, চাউল আদিৰ দৰে গুৰুত্বপূর্ণ শস্যৰ পুষ্টি মূল্য হ্রাস কৰে৷ জলবায়ু পৰিৱর্তনৰ বাবে দায়ী গ্রীন হাউছ গেছৰ অন্যতম হৈছে কার্বন–ডাই–ক্সাইড৷ গৱেষণাত দেখা গৈছে যে অধিক কার্বন থকা অঞ্চলত উৎপাদন হোৱা শস্যৰ পুষ্টি গুণ হ্রাস হয়৷ শস্যই আভ্যন্তৰীণভাৱে যিমান প্রটিন আৰু ভিটামিন উৎপাদন কৰে সেয়া কার্বনে পৰিৱর্তন ঘটাই শস্যৰ আভ্যন্তৰীণ ৰসায়নত ব্যাঘাত জন্মায়৷ বিজ্ঞানীসকলৰ মতে কার্বন–ডাই–ক্সাইডৰ্ বর্ধিত যোগান শস্যৰ বাবে আশীর্বাদ স্বৰূপ হ’ব পাৰে, কাৰণ গছে সালোক সংশ্লেষণৰ বাবে ইয়াক ইন্ধনৰূপে ব্যৱহাৰ কৰে৷ কিন্তু গৱেষকে আৱিষ্কাৰ কৰিছে যে কিছুমান গছৰ আভ্যন্তৰীণ ৰাসায়নিক গঠনে বায়ুৰ পৰা কার্বন–ডাই–ক্সাইড আৰু মাটিৰ পৰা পোষক দ্রব্য আহৰণ কৰোঁতে কিছু সন্তুলন বিচাৰে৷ আই পি চি চিৰ তথ্য অনুসৰি অত্যধিক কার্বন–ডাই–ক্সাইড থকা অঞ্চলত উৎপাদন হোৱা ঘেঁহুত প্রটিন, জিংক আৰু আইৰনৰ পৰিমাণ হ্রাস পায়৷ তেনে অঞ্চলত উৎপাদন হোৱা বিন, চয়াবিন, বাদাম আদিতো জিংক, আইৰন আদিৰ পৰিমাণ হ্রাস হোৱা দেখা যায়৷ বিশিষ্ট চিকিৎসক ডাঃ ধর্মকান্ত কুম্ভকাৰেNutritional Anaemia. A Major Health Problem in Assam নামৰ প্রবন্ধটোত লিখিছে যে প্রদূষণ আৰু ভেজালকৰণে পাচলি, শস্য অথবা ফলকে ধৰি সকলো খাদ্যৰ উৎসৰ পুষ্টিগুণ হ্রাস কৰিছে৷ তেওঁৰ মতে অসমত শিশু, কিশোৰ–কিশোৰী, প্রজননক্ষম বয়সৰ নাৰী, গর্ভৱতী নাৰী আৰু স্তনপান কৰাই থকা নাৰীসকলৰ মাজত দ্রুতগতিৰে এনিমিয়া বা ৰক্তহীনতাৰ সমস্যাই দেখা দিছে৷ আমাৰ ৰাজ্যৰ ৪০ শতাংশ মাতৃ আৰু প্রসূতিৰ মৃত্যু পুষ্টিৰ অভাৱ আৰু আইৰনৰ অভাৱত হোৱা এনিমিয়াৰ ফলত হয়৷ তদুপৰি সময়ৰ পূর্বে জন্ম, নৱজাতকৰ ওজন কম হোৱা তথা মৃত্যুৰ দৰে সমস্যাৰো সৃষ্টি হয়৷

জলবায়ু পৰিৱর্তনৰ অন্যতম লক্ষণ হ’ল অত্যধিক উষ্ণতা বৃদ্ধি৷ উষ্ণতা বৃদ্ধিয়ে গর্ভৱতী মহিলা আৰু গর্ভস্থ শিশুক কেনেদৰে প্রভাৱিত কৰে সেই বিষয়ে উগাণ্ডাত এক গৱেষণা চলোৱা হৈছিল৷ গৱেষণাত দেখা গৈছিল যে অত্যধিক উষ্ণতাই গর্ভৱতী মাতৃৰ ওপৰত প্রত্যক্ষভাৱে প্রভাৱ পেলায়৷ উষ্ণতা বৃদ্ধিয়ে উষ্ণতা সংবেদনশীল ৰোগৰ বীজাণুক অধিক সংবেদনশীল কৰি তোলে আৰু গর্ভৱতী মহিলাক আক্রমণ কৰি সংক্রমণৰ সৃষ্টি কৰি গর্ভস্থ সন্তানৰ জীৱনলৈও সংকট আনে৷ জলবায়ু পৰিৱর্তনে সৃষ্টি কৰা কিছুমান আনুষংগিক সমস্যায়ো নাৰীক জীৱনৰ গুৰুত্বপূর্ণ মুহূর্তত বিপদৰ মাজলৈ ঠেলি দিয়া দেখা যায৷ যোৰহাটৰ উপকণ্ঠৰ জাঁজীমুখত ক্ষেত্র অধ্যয়নত গৈ দেখিবলৈ পাইছিলো প্রতিবছৰে বানে জুৰুলা কৰা অঞ্চলটোৰ বাট–পথ অনুন্নত, গর্ভৱতী নাৰীক চিকিৎসালয়লৈ নিবলৈ নাই সু–পৰিবহণৰ ব্যৱস্থা৷ স্থানীয় লোকৰ পৰা জানিব পৰা মতে প্রসৱৰ সময়ত আধা ৰাস্তা গাড়ীৰ অভাৱত ঠেলাৰেই কেতিয়াবা প্রসূতিক চিকিৎসকৰ ওচৰলৈ নিব লগা হয়৷ তেনে কৰোঁতে সময়ত চিকিৎসালয় নোপোৱাৰ ফলত কেতিয়াবা সদ্যোজাত শিশু অথবা কেতিয়াবা প্রসূতি নাৰীগৰাকীৰ মৃত্যুও হোৱা দেখা যায়৷ গুৱাহাটীস্থিত ই এছ আই চি হাস্পতালৰ স্ত্রী আৰু প্রসূতি ৰোগৰ চিকিৎসক ডাঃ ভাস্বতী হাজৰিকাই কয় যে নাৰীৰ ঋতুচক্র তথা উর্বৰতাক চাপৰ ৰূপত প্রভাৱিত কৰে জলবায়ু পৰিৱর্তনে৷ জলবায়ু পৰিৱর্তনে সৃষ্টি কৰা অতিবৃষ্টি, খৰাং, খাদ্যৰ সংকট আদিয়ে অনা আর্থিক সমস্যাই প্রধানকৈ নাৰীসকলক মানসিক চাপত ৰাখে আৰু তাৰ প্রত্যক্ষ প্রভাৱ নাৰীসকলৰ শৰীৰত ওপৰত পৰে৷

গতিকে সূক্ষ্মভাৱে লক্ষ্য কৰিলে দেখা যায় যে প্রত্যক্ষ আৰু পৰোক্ষ –দুযো ধৰণেৰেই জলবায়ু পৰিৱর্তনে নাৰীৰ স্বাস্থ্যক প্রভাৱিত কৰে৷ জলবায়ু পৰিৱর্তন আধুনিক মানৱৰ বাবে এক বৃহৎ প্রত্যাহ্বান৷ কিন্তু এই পৰিৱর্তন বহুলাংশে মানৱসৃষ্ট৷ সেয়ে এই পৰিৱর্তনৰ সন্মুখীন হ’বলৈও মানুহ সাজু হ’ব লাগিব৷ মানুহ নিজৰ জীৱন নির্বাহৰ ধৰণ–কৰণক লৈ সংযমী, সচেতন হ’ব লাগিব৷ এইক্ষেত্রত গুৰুত্বপূর্ণ হ’ল কার্বন পদাংক বাCarbon Footprintৰ বিষয়ে জনাটো৷ কার্বন পদাংক হ’ল এজন ব্যক্তিয়ে সংঘটিত কৰা যিকোনো উৎপাদন কার্য আদিৰ দ্বাৰা নির্গত সেউজগৃহ গেছৰ পৰিমাণৰ সুচাংক৷ মানুহে খোৱা, পিন্ধা, ভ্রমণ কৰা সকলো কার্যৰ দ্বাৰা বিভিন্ন গেছ বায়ুমণ্ডললৈ এৰি দিয়ে৷ উদাহৰণস্বৰূপে, আমাৰ দেশত যথেষ্ট পৰিমাণে খাদ্য নষ্ট হোৱা দেখা যায়৷ খাদ্যৰ অপচয় ৰোধত নাৰীগৰাকীয়ে গুৰুত্বপূর্ণ ভূমিকা ল’ব পাৰে৷ অপচয় হোৱা খাদ্য মাটিত মিহলি হ’বলৈ ডাম্পিং গ্রাউণ্ডত পেলোৱাৰ পিছত ইয়াৰ পৰা মিথেন গেছ নির্গত হয় আৰু ই হৈছে সেউজগৃহ গেছ৷ গৃহিণী এগৰাকীয়ে মাত্র প্রয়োজনীয় পৰিমাণৰ আহাৰহে প্রস্তুত কৰি কার্বন পদাংক হ্রাস কৰিব পাৰে৷ ঘৰত প্লাষ্টিকৰ ব্যৱহাৰ কম কৰি বা বন্ধ কৰি, আহাৰত মাংসৰ ব্যৱহাৰ কম কৰি, স্থানীয়ভাৱে উৎপাদিত সামগ্রী ক্রয় কৰি এগৰাকী গৃহিণীয়ে কার্বন পদাংক হ্রাস কৰিব পাৰে৷ কার্বন পদাংক যিমানেই হ্রাস কৰিব পাৰিব, সিমানেই পৰিৱেশৰ বাবে ই লাভজনক হ’ব আৰু তাৰ দ্বাৰা বর্ধিত উষ্ণতা নিয়ন্ত্রিত অৱস্থাত থাকি প্রত্যক্ষভাৱে মানুহকেই বিভিন্ন সমস্যাৰ পৰা মুক্তি দিব৷ যিহেতু নাৰীসকল জলবায়ু পৰিৱর্তনৰ দ্বাৰা অধিক প্রভাৱিত হয়৷ সেয়ে তেওঁলোক অধিক সচেতন হোৱাৰ প্রয়োজন৷ ২০২২ চনত পৰিৱেশ দিৱসৰ থিম আছিলGender equality today for a sustainable tomorrow–র্থাৎ বহনক্ষম ভৱিষ্যতৰ বাবে বর্তমানৰ লিংগ সমতা৷ বিশ্বৰ প্রতিখন দেশত জলবায়ু পৰিৱর্তনৰ সৈতে সমায়োজন আৰু এই পৰিৱর্তন হ্রাসৰ বাবে কৰা চেষ্টাত নাৰীৰ ভূমিকাক স্বীকৃতি দিয়া আৰু বহনক্ষম ভৱিষ্যতৰ বাবেই এই থিম নির্বাচন কৰা হৈছিল৷ নাৰীসকল প্রকৃতিৰ ওপৰত যথেষ্ট নির্ভৰশীল৷ গতিকে প্রকৃতি সংৰক্ষণৰ দায়িত্বও তেওঁলোকে সুন্দৰকৈ পালন কৰাৰ ক্ষমতা আছে৷ নাৰীসকলে এনেদৰে নিজৰ বাবে অনুকূল পৰিৱেশ সৃষ্টি কৰি পৰোক্ষভাৱে সমগ্র মানৱ জাতিৰ হিতার্থে কাম কৰিব পাৰে৷

 

(অসম বিজ্ঞান প্রযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ জলবায়ু পৰিৱর্তন আৰু নাৰীৰ ওপৰত প্রভাৱ শীর্ষক প্রকল্পৰ অধীনত প্রস্তুত কৰা নিবন্ধ) 

You might also like