নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্বচ্ছ নিযুক্তিত প্রত্যাহ্বান

চৰকাৰী চাকৰিক সুৰক্ষিত আৰু সুনিশ্চিত কর্মসংস্থাপন হিচাপে সমাজৰ অধিকাংশই গণ্য কৰে৷ দৰমহাকে ধৰি অন্যান্য সা–সুবিধাৰ বাবে যিকোনো প্রকাৰে চৰকাৰী চাকৰিৰ সুবিধা গ্রহণ কৰিবলৈ বিচাৰে সিংহভাগ চাকৰি প্রার্থীয়ে৷ ৰাজ্যৰ মুখ্যমন্ত্রীৰ আসনত অধিষ্ঠিত হৈয়ে ড০ হিমন্ত বিশ্ব শর্মাই ৰাজ্যখনৰ ১ লাখ নিবনুৱাক চৰকাৰী চাকৰিত নিযুক্তিৰ প্রতিশ্রুতি দিছিল৷ এই নিযুক্তি প্রক্রিয়া সম্পূর্ণ স্বচ্ছ আৰু নিকাভাৱে সম্পন্ন কৰা হ’ব বুলিও মুখ্যমন্ত্রীগৰাকীয়ে ৰাজ্যবাসীক আশ্বস্ত কৰিছিল৷ শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ অধীনস্থ বিভিন্ন বিভাগত খালী হৈ থকা প্রায় ৩০ হাজাৰ পদৰ বিপৰীতে অনুষ্ঠিত পৰীক্ষাত ৰাজ্যখনৰ ১৪ লাখ ৩০ হাজাৰ ৪৩৭জন চাকৰি প্রার্থীয়ে আবেদন কৰিছে৷ ইয়াৰ ভিতৰত তৃতীয় বর্গৰ পদৰ বাবে ৮,৫২,১৮১গৰাকী, চতুর্থবর্গৰ পদৰ বাবে ৫,০৮,৮০৩গৰাকী আৰু গাড়ীচালকৰ পদৰ বাবে ৬৯,৪৫৩গৰাকী প্রার্থীয়ে আবেদন কৰিছে৷ ৰাজ্যখনৰ নিবনুৱা সমস্যা কিমান ভয়াৱহ আৰু জটিল, সেয়া শেহতীয়া পৰীক্ষাতে স্পষ্ট হৈছে৷ চৰকাৰী চাকৰিৰ বাবে থকা দুর্বাৰ আকাংক্ষাৰ বাবেই নিয়োগ প্রক্রিয়াত দুর্নীতি–নিয়ম বছৰ বছৰ ধৰি চলি আছে৷ চৰকাৰী নিযুক্তি প্রক্রিয়াৰ এনে অবৈধ কাৰবাৰৰ স’তে শাসকীয় দল আৰু প্রশাসনৰ প্রভাৱশালী চক্র জড়িত হৈ থকাটো নতুন কথা নহয়৷ মন্ত্রী–বিধায়ক, প্রভাৱশালী নেতা–পালিনেতা, দুর্নীতিগ্রস্ত বিষয়া–আমোলাৰে গঠিত চক্রটোৱে নিয়ন্ত্রণ কৰাৰ ফলত চৰকাৰী নিয়োগ প্রক্রিয়াত যোগ্য প্রার্থীসকল বঞ্চিত হৈ আহিছে৷ নিয়োগ প্রক্রিয়াত দুর্নীতি–নিয়ম ইমানেই বাঢ়িছে যে উপঢ়ৌকনৰ বাবে মোটা অংকৰ ধন অথবা প্রভাৱশালী চক্রটোৰ আত্মীয় নহ’লে চৰকাৰী চাকৰি লাভ কৰাটো এক অসম্ভৱ ঘটনা হৈ পৰিছিল৷ ৰাজ্যখনৰ চৰকাৰী নিযুক্তি প্রক্রিয়াত দশক দশক ধৰি চলি থকা এনে অবৈধ বজাৰখন অসমবাসীয়ে প্রত্যক্ষ কৰিছে৷ নিয়োগ প্রক্রিয়াত দুর্নীতি–নিয়মৰ অভিযোগত এই সময়ছোৱাত বুজনসংখ্যক বিষয়া–কর্মচাৰীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্রহণ কৰাৰ উপৰি কেইবাজনো বিষয়াক কাৰাগাৰলৈ নিক্ষেপ কৰা হৈছে৷ মাথোঁ চৰকাৰী নিযুক্তিৰ জৰিয়তে ৰাজ্যখনৰ বিস্ফোৰক নিবনুৱা সমস্যাৰ সমাধান সম্ভৱ নহয়৷ ৰাজ্যৰ প্রশাসনক অধিক গতিশীল কৰিবলৈ হ’লে আমাক প্রতিভাৱান আৰু নিষ্ঠাৱান বিষয়া–কর্মচাৰীৰ অতিকৈ প্রয়োজন৷ নিষ্ঠাৱান বিষয়া–কর্মচাৰী অবিহনে ৰাজ্যখনত স্বচ্ছ আৰু নিকা প্রশাসন প্রতিষ্ঠা হ’ব বুলি কোনো কাৰণতে আশা কৰিব নোৱাৰি৷ ইয়াৰ বাবে চৰকাৰী নিযুক্তি প্রক্রিয়াও সম্পূর্ণ স্বচ্ছ আৰু নিকা পন্থাৰে হ’ব লাগিব৷ যোগ্য প্রার্থীক বঞ্চিত কৰি সম্পন্ন কৰা নিযুক্তি প্রক্রিয়াৰ জৰিয়তে ৰাজ্য চৰকাৰে কোনো কাৰণতে শক্তিশালী কর্মবাহিনী গঠন কৰিব নোৱাৰে৷
ৰাজ্যখনৰ ১ লাখ নিবনুৱাক স্বচ্ছ আৰু নিকা পন্থাৰে নিযুক্তি প্রদানৰ অংশ হিচাপে প্রায় ৩০ হাজাৰ পদৰ পৰীক্ষা সফলতাৰে সম্পন্ন হৈছে৷ পৰীক্ষা প্রক্রিয়াত এইবাৰ কঠোৰ ব্যৱস্থাৱলী গ্রহণ কৰা হৈছে৷ মুখ্যমন্ত্রী ড০ শর্মাই নিজেই সমগ্র প্রক্রিয়াৰ তদাৰক কৰি আছে৷ ৰাজ্যখনৰ নিবনুৱা যুৱক–যুৱতীসকলে অধীৰ আগ্রহেৰে অপেক্ষা কৰিছে নিযুক্তি প্রক্রিয়া স্বচ্ছ আৰু নিকাভাৱে সম্পন্ন হৈ উঠক৷ কিন্তু ৰাজ্যখনৰ নিবনুৱা যুৱক–যুৱতী আৰু ৰাজ্য চৰকাৰৰ এনে সদিচ্ছাৰ বিৰুদ্ধে সক্রিয় হৈ উঠিছে এক প্রভাৱশালী চক্র৷ চৰকাৰী চাকৰিৰ নামত বছৰ বছৰ ধৰি লুণ্ঠনৰাজ চলোৱা এই চক্রটোৱে কোনো কাৰণতে নিবিচাৰে নিযুক্তি প্রক্রিয়া স্বচ্ছভাৱে সম্পন্ন হোৱাটো৷ এই চক্রটোৱে ৰাজ্যখনৰ নিবনুৱা যুৱক–যুৱতীসকলৰ্ মাজত শংকাৰ বীজ ৰোপণ কৰিবলৈ বিভিন্ন ধৰণে চক্রান্ত চলোৱা পৰিলক্ষিত হৈছে৷ শেহতীয়াকৈ এই চক্রটোৱে একাংশ সামাজিক মাধ্যমৰ লগতে সংবাদ মাধ্যমকো ব্যৱহাৰ কৰিছে৷ তৃতীয় আৰু চতুর্থ বর্গৰ নিযুক্তি প্রক্রিয়াত অনিয়ম আৰম্ভ হোৱা বুলি ভিত্তিহীন প্রচাৰ চলোৱাৰ অভিযোগত আৰক্ষীয়ে ভিক্টৰ দাস নামৰ এজন লোকক গ্রেপ্তাৰ কৰিছে৷ আটকাধীন ভিক্টৰ দাসে সামাজিক মাধ্যমত যিবোৰ অভিযোগ উত্থাপন কৰিছিল সেয়া নিশ্চিতভাৱে উদ্বেগজনক৷ অসম আৰক্ষী তথা ৰাজ্য চৰকাৰেও ভিক্টৰ দাসৰ অভিযোগ গুৰুত্বসহকাৰে গ্রহণ কৰিছিল৷ কিন্তু তদন্তৰ সময়ত ভিক্টৰ দাসে গ্রহণযোগ্য কোনো তথ্যই উত্থাপন কৰা নাছিল বুলি আৰক্ষীয়ে সদৰী কৰে৷ যদিহে চৰকাৰৰ স্বচ্ছ আৰু নিকা নিয়োগ ব্যৱস্থাত কালিমা সনাৰ লগতে ৰাজ্যখনৰ লাখ লাখ নিবনুৱা যুৱক–যুৱতীৰ মনোবল ভাগি দিয়াৰ লক্ষ্যৰে ভিক্টৰ দাসে ষড়যন্ত্রত লিপ্ত হৈছে তেন্তে তাৰ অন্তর্নিহিত কাৰণ শীঘ্রে উদ্ঘাটন কৰাৰ দায়িত্ব আৰক্ষীয়ে ল’ব লাগিব৷ অভিযুক্ত ভিক্টৰ দাসৰ এনে স্থিতিৰ অন্তৰালত কোন চক্র জড়িত আছে সেয়াও চিনাক্ত কৰা উচিত৷ ভিক্টৰ দাস অথবা চক্রান্তকাৰী চক্রটোৱে যিমানেই অপপ্রচাৰ নচলাওক কিয়, নিয়োগ প্রক্রিয়া স্বচ্ছভাৱে সম্পন্ন হ’লে ৰাজ্যখনৰ শক্তিশালী বুনিয়াদ গঢ়ি উঠিব৷ স্বচ্ছ আৰু নিকা ব্যৱস্থাৰে ৰাজ্যখনত নিয়োগ প্রক্রিয়া যে সম্ভৱ সেয়া প্রায় ৭০ হাজাৰ টেট শিক্ষক নিযুক্তিৰ জৰিয়তে ১০ বছৰ পূর্বে প্রমাণ কৰি থৈছে বর্তমানৰ মুখ্যমন্ত্রী ড০ শর্মাই৷

You might also like