হোমেন বৰগোহাঞিৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ বাবে বিভিন্ন পর্যায়ত চিন্তা–চর্চা আৰম্ভ হৈছে৷ ব্যক্তিগতভাৱে অথবা স্থানীয় কোনো অনুষ্ঠানে হয়তো প্রয়াত হোমেন বৰগোহাঞিৰ স্মৃতিত অনুষ্ঠান–প্রতিষ্ঠান উৎসর্গা কৰিব৷ কিন্তু বৰগোহাঞিৰ দৰে বিশাল ব্যক্তিত্ব আৰু বহুমুখী প্রতিভাৰ অধিকাৰী ব্যক্তি এগৰাকীৰ সোঁৱৰণীত সেইখিনি কৰাটোৱে যথেষ্টনে? অসম সাহিত্য সভাই এইক্ষেত্রত কি কৰিব পাৰে?
চৰকাৰৰ ভূমিকা কেনে হোৱা উচিত?
হোমেন বৰগোহাঞিৰ পৰলোকপ্রাপ্তিৰ পিছতেই মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ঘোষণা কৰিছিল যে বৰগোহাঞিদেৱৰ পার্থিৱ শৰীৰ আমাৰ মাজত নাথাকিলেও তেখেত আমাৰ মাজত চিৰবিৰাজমান হৈ থাকিব তেখেতৰ লেখাৰে, কথাৰে আৰু আদর্শৰে৷ বৰগোহাঞিৰ আদর্শ আৰু চিন্তাৰাজিক ভৱিষ্যৎ প্রজন্মৰ মাজত জীয়াই ৰখাৰ বাবে অসম চৰকাৰ সংকল্পবদ্ধ বুলি মুখ্যমন্ত্রীগৰাকীয়ে দোহাৰিছে আৰু যাৱতীয় ব্যৱস্থা ল’বলৈ শিক্ষামন্ত্রীক দায়িত্ব দিছে৷ মুখ্যমন্ত্রীৰ সচিবালয়ৰ তৰফৰ পৰা এখন ভিত্তি পত্র base paper) প্রস্তুত কৰিছে আৰু তাৰ ওপৰত কিছুসংখ্যক লোকৰ মতামত গ্রহণ কৰিছে৷ অৱশ্যে হোমেন বৰগোহাঞি সোঁৱৰণী প্রকল্পটো ৰূপায়ণ কৰাৰ দায়িত্ব থাকিব শিক্ষা বিভাগৰ৷
প্রকল্পটোৰ ৰূপৰেখা তৈয়াৰ কৰাৰ লগতে হোমেন বৰগোহাঞিৰ গুণমুগ্ধসকল, অসমৰ বিশ্ববিদ্যালয়কেইখন্, পৰিয়ালৰ লোক আৰু অসম সাহিত্য সভাৰ দৰে জাতীয় সংগঠনৰ মতামত গ্রহণ কৰিলে ই এক সামাজিক অনুষ্ঠানত পৰিণত হ’ব৷ শিক্ষা বিভাগে প্রকল্পটোক অন্তিম ৰূপ দিয়াৰ আগতে এটা ‘প্রস্তাৱ’ যুগুতাইছে৷ এই প্রস্তাৱত উল্লেখ কৰা বিন্দুবোৰ তলত হুবহু দাঙি ধৰা হ’ল৷
(১) হোমেন বৰগোহাঞিৰ ৪০ বছৰৰো অধিক কালৰ বাসস্থান হেঙেৰাবাৰী হাউছিং কমপ্লেক্স চৌহদত এটা পূর্ণাংগ স্মাৰক অনুষ্ঠান৷
(২) প্রস্তাৱিত স্মাৰক ভৱনটো, বৰগোহাঞিদেৱৰ আৱাসগৃহ সমগ্র ভৱনটো পুনৰ নির্মাণ কৰি সুসংহত ৰূপ দিয়া হওক৷ তেনে অৱস্থাত ভৱনটোত বসবাস কৰা পাঁচটা পৰিয়ালক যথাযোগ্যভাৱে হাউছিং কমপ্লেক্সৰে আন ঠাইত পুনৰ সংস্থাপিত কৰা হওক৷
(৩) আন ঠাইত সংস্থাপিত হোৱাৰ ক্ষেত্রত আৱাসীসকলৰ সন্মতি নাথাকিলে হাউছিং কমপ্লেক্সৰে আন মুকলি ঠাইত কেন্দ্রটো স্থাপন কৰা হওক৷
(৪) প্রস্তাৱিত হোমেন বৰগোহাঞি ভৱনটোত এটা সংগ্রহালয়, পুথিভঁৰাল, গৱেষণা কেন্দ্র আৰু অধ্যয়নকক্ষ তলত দিয়া ধৰণে নির্মাণ কৰোৱা হওক ঃ
(ক) বৰগোহাঞিদেৱৰ ব্যৱহূত কিতাপবোৰ অক্ষত অৱস্থাত কেৱল দর্শনৰ বাবেহে সংৰক্ষিত কৰা হওক৷
(খ) তেখেতে ব্যৱহাৰ কৰা বিভিন্ন অমূল্য সাজপাৰ, ব্যক্তিগত সামগ্রী, বিভিন্ন সময়ত সৃষ্টি কৰা বৌদ্ধিক সম্পদ, উপহাৰ, পেইণ্টিং, কলম, লেখন সামগ্রী, বাচন–বর্তন, আচবাব, আলোকচিত্র, ডায়েৰী আদি আৰু তেখেতৰ ঘৰত সংগ্রহ কৰা সমূহ সামগ্রী সংৰক্ষণ কৰা হওক৷ সংৰক্ষণযোগ্য সামগ্রীসমূহ নির্বাচন কৰিবলৈ এখন বাছনি সমিতি গঠন কৰিব পৰা যায়৷
(গ) বিভিন্ন সময়ত তেখেতে গুণমুগ্ধ আৰু পৰিচিত ব্যক্তিলৈ প্রেৰণ কৰা চিঠিপত্র আৰু তেওঁলোকৰ হাতত সংৰক্ষিত হৈ থকা বৰগোহাঞিদেৱৰ আলোকচিত্র আদি সংগ্রহালয়ত সংৰক্ষণ কৰা হওক৷
(ঘ) ভৱনটোৰ কোনো এটা মহলাত গোহাঞিদেৱৰ অধ্যয়নশীলতা আৰু সাহিত্যকৃতিৰ সৈতে সংগতি থকাকৈ এটা পুথিভঁৰাল স্থাপন কৰা হওক৷
(ঙ) বৰগোহাঞিদেৱৰ যশস্বী সাংবাদিক জীৱনৰ আদর্শৰে নবীন সাংবাদিকসকল আগবাঢ়িব পৰাকৈ এই ভৱনত আন এটা পুথিভঁৰাল অধ্যয়ন কক্ষৰে সৈতে নির্মাণ কৰা হওক৷
(চ) আন এটি শিশু পুথিভঁৰালো এই ভৱনত স্থাপন কৰা হওক৷
(ছ) বিশ্ববিদ্যালয়ৰ ছাত্র–ছাত্রীৰ সুবিধা হোৱাকৈ এটা গৱেষণা কেন্দ্র এই স্মাৰক ভৱনত স্থাপন কৰা হওক৷
(জ) প্রশাসনিক সেৱাৰ প্রতিযোগিতামূলক পৰীক্ষাত অৱতীর্ণ হ’ব খোজা পৰীক্ষার্থীৰ বাবে এই ভৱনত এটা অত্যাধুনিক সা–সুবিধাৰে পৰিপুষ্ট অধ্যয়ন কক্ষ স্থাপন কৰা হওক৷ এনে এটা কক্ষ স্থাপিত হ’লে পৰীক্ষার্থীসকলে উপযুক্ত পৰিৱেশত প্রয়োজনীয় শৈক্ষিক সমলৰ সৈতে অধ্যয়নৰ সুবিধা পাব৷
(৫) প্রস্তাৱিত স্মাৰক অনুষ্ঠানটো পৰিচালনা কৰাৰ বাবে বৰগোহাঞিদেৱে অধ্যয়ন কৰি যোৱা কটন বিশ্ববিদ্যালয়ক দায়িত্ব অর্পণ কৰা হওক৷
(৬) অনুষ্ঠানটো সচল কৰি ৰখাৰ সুবিধাৰ বাবে অসম চৰকাৰে এটা পুঁজি Corpus Fund) যোগান ধৰক, যাৰ পৰা আহৰিত সুদেৰে অনুষ্ঠানটোৰ পৰিচালনাৰ ব্যয় যোগান ধৰিব পৰা যায়৷
(৭) চৰকাৰে দুবছৰৰ এক নির্ধাৰিত সময়ত এই অনুষ্ঠান নির্মাণ সম্পূর্ণ কৰক৷
(৮) হেঙেৰাবাৰী হাউছিং কলনী শ্রদ্ধাৰ হোমেন বৰগোহাঞিৰ নামেৰে নামকৰণ কৰা হওক৷
এই ভিত্তিপত্রখন প্রকৃততে প্রস্তাৱ নহয়, প্রকল্পটোৰ ৰূপৰেখাহে৷ এইখনৰ প্রতিটো বিন্দুৰে সংশোধন, সংযোজনৰ প্রয়োজন আছে৷ অসম ৰাজ্যিক গৃহ নির্মাণ পৰিষদৰ হেঙেৰাবাৰী চৌহদটোত বাৰ বিঘা মাটি আছে, ফ্লেটৰ সংখ্যা ২২০টা৷ কিন্তু আৱাসী পৰিয়ালৰ সংখ্যা ফ্লেটৰ সংখ্যাৰ সৈতে নিমিলে৷ অনেক ফ্লেট বছৰৰ পিছত বছৰ ধৰি তলাবন্ধ হৈ আছে৷ গৃহ নির্মাণ পৰিষদৰ সোপাঢ়িলা প্রশাসনিক ব্যৱস্থাৰ বাবে অপ্রয়োজনীয়ভাৱে দখল কৰি ৰখা লোকসকলক খালী কৰিবলৈ বাধ্য কৰিব পৰা নাই৷
এই বিষয়টো উল্লেখ কৰাৰ কাৰণ এয়ে যে বর্তমানৰ হাউছিং কলনীখনত এখন ‘হোমেন বৰগোহাঞি নগৰ’ স্থাপন কৰাৰ প্রস্তাৱ কৰা হৈছে৷ বর্তমান কলনীত মুঠ ২৬টা তিনি মহলীয়া আৰু এটা চাৰি মহলীয়া ঘৰ আছে৷ শেহতীয়াকৈ নির্মাণ কৰা চাৰি মহলীয়া ঘৰটো বাদ দি বাকী ঘৰবোৰ জৰাজীর্ণ হৈ পৰিছে৷ গুৱাহাটীৰ দৰে ভূমিকম্পপ্রৱণ ঠাইত ম্যাদ উকলা ঘৰবোৰত ভাৰাতীয়াক বসবাস কৰিবলৈ দিয়াটো কিমানদূৰ যুক্তিযুক্ত হৈছে, সেয়া চৰকাৰে বিবেচনা কৰা উচিত৷ যোৱা শতিকাৰ সত্তৰ/আশীৰ দশকতে নির্মাণ কৰা ঘৰবোৰ এতিয়া আৰু মানুহ বসবাসৰ উপযোগী হৈ থকা নাই৷ ঘৰবোৰ মেৰামতি কৰাৰ বাবে গৃহ নির্মাণ পৰিষদৰ হাতত পুঁজিৰ অভাৱ৷ এনে অৱস্থাত ব্যক্তিগত নির্মাণ সংস্থাৰ সহযোগত হেঙেৰাবাৰীত অৱস্থিত গৃহ নির্মাণ পৰিষদৰ কলনীটো পুনর্নিমাণ কৰাৰ প্রকল্প এটা হাতত লোৱা হৈছিল৷ বর্তমানৰ আৱাসীসকলেও প্রস্তাৱিত প্রকল্পটোত সন্মতি জনাইছিল৷ কিন্তু শেষ মুহূর্তত চৰকাৰে অনুমতি নিদিয়াত গৃহ নির্মাণ পৰিষদে আগবাঢ়িব নোৱাৰিলে৷ দিছপুৰত সেই সময়ত সর্বানন্দ সোণোৱাল নেতৃত্বাধীন মিত্রজোঁটৰ চৰকাৰ ক্ষমতাত আছিল আৰু বর্তমানৰ জলসম্পদ বিভাগৰ মন্ত্রী পীয়ূষ হাজৰিকা তেতিয়া হাউছিং বিভাগৰ মন্ত্রী আছিল৷ হোমেন বৰগোহাঞিৰ স্মৃতি ৰক্ষাৰ বিষয়ে আলোচনাৰ পাতনি মেলি এতিয়া গৃহ নির্মাণ পৰিষদৰ কাম–কাজৰ ওপৰত আলোকপাত কৰাত অনেক পঢ়ুৱৈ হয়তো আচৰিত হৈছে৷ গৃহ নির্মাণ পৰিষদৰ এটা ফ্লেটত ভাৰাতীয়া হিচাপে হোমেন বৰগোহাঞিয়ে জীনৰ শেষ ৩৮ বছৰকাল কটাইছিল৷ কাজেই তেওঁৰ স্মৃতি ৰক্ষাৰ বাবে প্রকল্পৰ কথা চিন্তা কৰিলে স্বাভাৱিকতে গৃহ নির্মাণ পৰিষদৰ হেঙেৰাবাৰী চৌহদটোৰ কথাই প্রথমে মনলৈ আহিব৷ সেইবাবেই গৃহ নির্মাণ পৰিষদ আৰু কলনীৰ বাসিন্দাসকলক আস্থাত লৈহে আগবাঢ়িব লাগিব৷ হেঙেৰাবাৰী হাউছিং কলনীত হোমেন বৰগোহাঞিয়ে জীৱনৰ শেষ দিনলৈকে বাস কৰা তিনি মহলীয়া গৃহটো স্মাৰকৰ স্নায়ুকেন্দ্র হিচাপে সজাই–পৰাই তুলিব লাগিব৷ সেই গৃহটোক কেন্দ্র কৰি অন্ততঃ ৪ বিঘা মাটিত পুথিভঁৰালকে ধৰি অন্যান্য অনুষ্ঠানবোৰ গঢ়ি তুলিব লাগিব৷ বাকী থকা মাটিখিনিত বহুতল বিশিষ্ট অট্টালিকা সাজি বর্তমানৰ আৱাসীসকলক সংস্থাপিত কৰিব পৰা যাব৷ সমগ্র কলনীটো পৰিকল্পিতভাৱে সজাই–পৰাই তুলিব নোৱাৰিলে অকল স্মাৰকৰ বাবে চিহ্ণিত ঠাইখিনিত আটকধুনীয়াকৈ ঘৰ এটা সাজিলেও পর্যটকক আকর্ষণ কৰিব নোৱাৰে৷
হেঙেৰাবাৰী হাউছিং কলনীটো হোমেন বৰগোহাঞি সোঁৱৰণী নগৰলৈ ৰূপান্তৰিত কৰিবলৈ গৃহ নির্মাণ পৰিষদক প্রকল্পটোৰ সৈতে জড়িত কৰি ল’ব লাগিব৷ পৰিষদৰ উপাধ্যক্ষ সুভাষ দত্তই এইক্ষেত্রত আগভাগ লোৱা দেখা গৈছে৷ হোমেন বৰগোহাঞিৰ স্মাৰক নির্মাণৰ বিষয়টোৰ তদাৰক কৰিবলৈ এগৰাকী বিশেষ কর্তব্যৰত বিষয়াক মুখ্যমন্ত্রীয়ে নিযুক্ত কৰিছে বুলি জানিব পৰা গৈছে৷ শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু ব্যক্তিগতভাৱে হোমেন বৰগোহাঞিৰ গুণমুগ্ধ৷ তেখেতৰ মৃত্যুৰ পিছত নশ্বৰদেহৰ সৈতে নৱগ্রহ শ্মশান পর্যন্ত এৰাএৰি হোৱা নাছিল ডাঃ পেগু৷ সেই হিচাপে তেওঁ নিশ্চয় স্মাৰক নির্মাণৰ কামটোক অগ্রাধিকাৰ দিব৷ প্রয়োজন হ’লে সমন্বয়কৰ ভূমিকাও ডাঃ পেগুৱে ল’ব পাৰিব৷
হোমেন বৰগোহাঞিৰ স্মাৰক নির্মাণৰ বাবে দুখন সমিতি গঠন কৰাত অগ্রাধিকাৰ দিব লাগিব৷ প্রথম সমিতিখনে স্মাৰক অনুষ্ঠানত থাকিবলগীয়া অনুষ্ঠান সম্বন্ধে সিদ্ধান্ত ল’ব৷ অসম সাহিত্য সভাৰ সভাপতিগৰাকী পদেন অধ্যক্ষ হ’লে ভাল৷ দ্বিতীয় সমিতিখন উচ্চ ক্ষমতাসম্পন্ন হ’ব আৰু প্রথম সমিতিখনে আগবঢ়োৱা পৰামর্শ অথবা অনুমোদনসমূহ কার্যকৰী কৰাৰ দায়িত্বত থাকিব৷ মুখ্যমন্ত্রী আৰু শিক্ষামন্ত্রী এই সমিতিখনৰ সৈতে জড়িত থাকিব লাগিব৷ বৰগোহাঞিদেৱৰ স্মৃতি ৰক্ষাৰ প্রচেষ্টাত যাতে তেওঁৰ গুণমুগ্ধ সকলো লোকে অংশগ্রহণ কৰিব পাৰে, তাৰ এটা পদ্ধতি সমিতি দুখনে উদ্ভাৱন কৰিব লাগিব৷ স্বনামধন্য সাহিত্যিকগৰাকীৰ পৰলোকপ্রাপ্তিৰ দুমাহ হওঁ হওঁ৷ তেওঁ বাস কৰা ফ্লেটটোৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব কোনো পক্ষই লোৱা নাই৷ মৃত্যুৰ সময়ত বৰগোহাঞিৰ লগত দুজন ব্যক্তিগত সহায়কাৰী আছিল৷ বৰগোহাঞিৰ অবিহনে কোনে তেওঁ এৰি থৈ যোৱা কিতাপ–পত্র, বয়–বস্তু আদি চোৱা–চিতা কৰিব, সেই কথা কোনেও নাজানে৷ বৰগোহাঞিৰ উত্তৰাধিকাৰী হিচাপে দুই পুত্রই তেওঁ এৰি থৈ যোৱা ব্যক্তিগত কাগজ–পত্র, ফটোৰ এলবাম আৰু বেংকৰ চেকবুক আদি নিজৰ জিম্মাত লৈছে৷ সাহিত্যিকগৰাকীয়ে সঘনাই ব্যৱহাৰ কৰা কিছুসংখ্যক কিতাপ শয়নকক্ষত ৰখা আছে৷ তেওঁৰ বৰপুত্রই শয়নকক্ষটো তলা মাৰি যোৱাত তাত পঁইতাচোৰাই বাহ বান্ধিছে৷ বৰগোহাঞিৰ মৃত্যুৰ এদিন পিছতে দিছপুৰ পুলিচৰ সহকাৰী আয়ুক্ত হিমাংশু দাসে প্রয়াত বৰগোহাঞিৰ ফ্লেটত থকা সম্পত্তিৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব দিয়ে সেই ফ্লেটত বৰগোহাঞিদেৱক সেৱা–শুশ্রূষা কৰি থকা ল’ৰা দুজনক৷ তেওঁলোক দীপক কুর্মী আৰু পৱন দাস৷ হোমেন বৰগোহাঞিৰ দুই পুত্রই দীপক আৰু পৱনক ফ্লেটটোত বাস কৰাৰ অনুমতি দিছে৷ প্রতিৱেশী হিচাপে এই নিবন্ধকাৰ প্রতিটো ঘটনাৰ বিষয়ে জ্ঞাত৷