নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাকাল আৰু সামাজিক ব্যাধি

- নৃপাল বর্মা

দুহাজাৰ বিশ আৰু একৈশ (২০২০/২১ ইং) এক সুদীর্ঘ দিনৰ বাবে পৃথিৱী মৃত্যুদূতৰূপী নৰিয়াত পৰাৰ সময়৷ সমগ্র মানৱ জাতিটোৰ বাবে মহামাৰী ‘ক’ভিড–১৯’ৰ তাণ্ডৱ নৃত্যই অজানিতে মাতি আনিছে এক আচহুৱা তথা অপ্রকৃতিস্থ অন্তহীন চিন্তন৷ অপ্রকৃতিস্থ যেন লগা ভয়ানক বেমাৰবিধে ইতিমধ্যে আমাক বহু নতুন নতুন কথা শিকাই গ’ল – শিকাই আছে৷ ক্রমশঃ প্রতিভাত মানৱ সভ্যতা আজি জর্জৰিত–চূড়ান্তভাৱ্ অপমানিত৷ আমাক প্রকৃতিয়ে স্পষ্টকৈ শিকাই গ’ল –One should n’t fight against nature. And nature has got it’s own recording system.

ক’ৰোনাই সৃষ্টি কৰা ভয়াৱহতাৰ পৰিপ্রেক্ষিতত মনোবিজ্ঞানী আৰু বস্তুনিষ্ঠ বিজ্ঞানী সমাজৰ একাংশই বেমাৰবিধৰ গৱেষণাৰ লগতে ইয়াৰ নির্মূলকৰণৰ বাবে এক নিৰৱচ্ছিন্ন যুদ্ধংদেহি প্রচেষ্টাৰ চানেকি দেখুৱাইছে৷ ইতিমধ্যে অতিমাৰী বেমাৰবিধৰ বিৰুদ্ধে যুঁজ দিয়াত কিছু সফল হোৱা যেন অনুভৱ হৈছে৷ উদাহৰণ স্বৰূপে আমাৰ ভাৰতবর্ষতে ক’ভিশ্বিল্ড, ক’ভাক্সিন, এড২৬ ক’ভ২এছ, স্পুটনিক ভি, এমআৰএনএ–১২৭৩, জেডৱাই ক’ভ ডি, ডিআৰডি’ৰ গ্লুক’জ ছিৰাপ, এণ্টিবডী চেলাইন ইত্যাদি উপলব্ধ হৈছে৷ তথাপি যেন জটিলতা আঁতৰা নাই৷
আজিৰ পৰা কিছুদিন পূর্বে অসম চৰকাৰৰ অৱসৰপ্রাপ্ত জ্যেষ্ঠ স্বাস্থ্য বিষয়া ডাঃ ভৱেশ ভাগৱতীয়ে এখন দৈনিক বাতৰিকাকতত লিখা ‘ক’ৰোনাৰ শেষ ক’ত’ শীর্ষক লেখাটোৰ শেষভাগত এক বাস্তৱ মন্তব্য আগবঢ়াইছিল– আমি অন্য আৱশ্যকীয় দিশবোৰ একাশৰীয়া কৰি অকল ক’ৰোনাকেন্দ্রিক হৈ থাকিলে বিপদত পৰাৰ আশংকাই বেছি৷ মনত ৰাখিব লাগিব– ক’ৰোনা খেদা প্রতিযোগিতা নকৰি সামূহিকভাৱে ক’ৰোনা প্রতিৰোধ কৰাটোহে উত্তম পন্থা৷ লিখা কথাখিনি কিছু অপ্রিয় সত্য৷
এতিয়া আজিৰ গুৰুত্বপূর্ণ বিষয়টো হ’ল– পৃথিৱীৰ প্রায় সমস্ত দেশৰ প্রশাসন যন্ত্রবোৰে মূলতঃ ক’ৰোনাকেন্দ্রিক মহামাৰীৰ ওপৰতে শেন চকু দিছে৷ লগতে বেমাৰবিধৰ বিৰুদ্ধে পর্যাপ্ত সাৱধানতা অৱলম্বন কৰা দেখা গৈছে৷ এয়া নিশ্চয় ভাল কথা৷ বাতৰিকাকত, বিভিন্ন সভা–সমিতি, ইলেক্ট্রনিক মিডিয়া, চৰকাৰী–বেচৰকাৰী প্রচাৰ বিভাগ, টুইটাৰ, হোৱাটছএপ, ইউটিউব, ফেচবুক, ছ’চিয়েল মিডিয়া ইত্যাদিয়ে ক’ভিড–১৯ৰ ভয়াৱহতাৰ কথাহে অহৰহ প্রচাৰ কৰি আহিছে৷ যাৰ বাবে মানুহৰ আচাৰ–ব্যৱহাৰ, চলন–ফুৰণাদি বেছ প্রভাৱান্বিত হোৱা দেখা গৈছে৷ পৰস্পৰৰ পৰস্পৰৰ পৰা শাৰীৰিক, মানসিক দূৰত্ব বাঢ়ি গৈছে অজানিতে৷
ক’ৰোনাই সমাজত এক নেতিবাচক কুপ্রভাৱৰ অংকুৰণ ঘটোৱাৰ লগে লগে সমান্তৰালভাৱে আর্থ–সামাজিক, ৰাজনৈতিক চিন্তা–চর্চা লগতে মানুহৰ আর্থিক অৱস্থাৰ অধোন্নতি পৰিলক্ষিত হৈছে৷ নিত্য–লাগতিয়াল বস্তু–সামগ্রীৰ ঢুকি নোপোৱা উচ্চ–মূল্য কিন্তু এক চিন্তাৰ কাৰণ৷ নিম্নবিত্তবোৰৰ কথাটো বাদেই আনকি মধ্যবিত্ত মানুহৰো চিন্তাৰ কাৰণ হৈছে৷ আৰু ইয়াৰ সুবিধা গ্রহণেৰে অসাধু এচাম মানুহৰ দুর্নীতিৰ সৈতে মিতিৰালি৷ উদাহৰণ স্বৰূপে অতি চিন্তনীয় হৈ পৰিছে যে এতিয়া গাখীৰ ব্যৱসায়ৰ নামত ৰাজ্যতSlow-poisoning অব্যাহত আছে৷ যিহেতু প্রশাসন কিম্বা আমাৰ ৰাইজ এই অবৈধ ব্যৱসায়ৰ ক্ষেত্রত সম্পূর্ণ গুৰুত্বহীন তথা অসজাগ দেখা যায় আৰু তাৰেই সুযোগ গ্রহণ কৰি অসাধু ব্যৱসায়ী এচামে অসমৰ প্রতিখন চহৰ–নগৰ–মহান আনকি গাঁওবোৰতো ভেজাল গাখীৰৰ ‘বেফিকৰ’ বেহা চলাই আছে৷ বিশেষকৈ মহানগৰ গুৱাহাটীত এইবিধ দুই নম্বৰী গাখীৰ হাজাৰ হাজাৰ লিটাৰ হিচাপত বিনাবাধাই কিনা–বেচাৰ এক বৃহৎ ছিণ্ডিকেট চলি আছে৷ বিশেষকৈ স্বচ্ছ পাতল পলিথিনৰ (এলডিপিই) পেকেটত এইবিধ বগা ৰাসায়নিক পদার্থ আৰু গাখীৰৰ মিশ্রণৰত জুলীয়া পদার্থবিধ সর্বব্যাপী বিক্রী হয়৷ মিনি ট্রাকবোৰত কিছুমান সৰু–ডাঙৰ কণ্টেইনাৰত তেনে গাখীৰ মজুত কৰা হয়৷ বানপানীলেখীয়া দৈনিক গাখীৰ উৎপাদন কৰিব পৰা ইমান হাজাৰ–লাখ গাইগৰু বাৰু ক’ত লুকাই আছে? জনামতে গাখীৰৰ ভঁৰাল গুজৰাটৰ পৰা আমদানি কৰা পাউডাৰৰ সিংহভাগৰ লগত ৰাসায়নিক দ্রব্যৰ মিশ্রণ ঘটাই গাখীৰৰ চমক সৃষ্টি কৰে৷ এই ৰমৰমীয়া ব্যৱসায়ৰ সৈতে অপ্রিয় সত্য যে নেপালী আৰু বিহাৰী সম্প্রদায়ৰ লোক বিশেষভাৱে সিদ্ধহস্ত দেখা যায়৷ ‘জয় আই অসম’ৰ দেশত এয়া এক ভয়ানক ৰেকেট৷ চৰকাৰী নিযুক্তিপ্রাপ্ত তথা বিভিন্ন দিশত সুৰক্ষিত ‘খাদ্য পৰিদর্শক’ Food inspector) কিছু কার্যদক্ষ–নিয়মনিষ্ হ’লে উভয়ৰ বাবে ফলপ্রসূ হ’ব৷ এই মুহূর্তত অগ্রাধিকাৰ ভিত্তিত এনে ভেজাল গাখীৰৰ প্রচলন প্রক্রিয়াটো কঠোৰভাৱে নিষেধ কৰাটো (ড্রাগ্ছ ব্যৱসায়ীক ধৰাৰ দৰে) নতুন চৰকাৰখনৰ আজি কর্তব্য আৰু প্রধান দায়িত্ব৷
আৰু এটি অতি গম্ভীৰ বিষয়লৈ আহোঁ৷ সেয়া হ’ল অসমৰ চুকে–কোণে প্রচলিত ভেজাল ফলমূলৰ মুক্ত ব্যৱসায়৷ তাৰ ভিতৰত কল, আম ইত্যাদিৰ স্বাস্থ্য হানিকৰ ব্যৱসায়৷ এই ফল (কেঁচা) বিধত কার্বাইডৰ কুব্যৱহাৰ কৰি ৰাতিৰ ভিতৰতে পকোৱাৰ যাদুৰ বিষয়ে সর্বজনবিদিত৷ দুদিন পিছতেই গেলগেলীয়াকৈ পকি ক’লা পৰি যোৱা সেইবোৰ অখাদ্য ভোজন কৰি আমি নিজৰ অপকাৰ কৰা নাই জানো? ৰাজহুৱা স্বার্থজনিত কাৰণত চৰকাৰখনে ইচ্ছা কৰিলে দুই–এদিনৰ ভিতৰতে এইবোৰ বন্ধ কৰিব পাৰে৷ কিছুদিন পূর্বে অসমত চালানী মাছৰ বিক্রী বন্ধ কৰাৰ নামত কিছু ধনাত্মক দিশ দেখা পাইছিলোঁ৷ কিহৰ বাবে সেয়া সফল হোৱাত বাধা আহি পৰিল – সেয়া কিন্তু প্রশ্ণবোধক হৈ থাকিল৷ নতুন চৰকাৰখনে মাছৰ ব্যৱসায় প্রক্রিয়াতো কিছু কঢ়া চকু দিয়ক৷ অন্যথাই দুষ্ট মাছ বেপাৰী এচামে খাৰৈ– ডেক্সিবোৰত ধুনীয়াকৈ কলপাত ৰাখি তাৰ ওপৰত ডাঙৰ ডাঙৰ চালানী মাছ ৰাখে৷ লক্ষণীয় যে মাছবোৰৰ গাত ছেগা–চোৰোকাকৈ মাছৰ তেজ আৰু সামান্যতম ‘পেঁক’ (পুখুৰীৰ মাটি)ৰ প্রলেপ লগাই নদী–বিলৰ লোকেল মাছৰ লোভ দেখুৱায় আৰু বেছিভাগ নগৰবাসীক সহজে বুর্বক সজাই দুগুণ মূল্যত বিক্রী কৰাৰ সুবিধা গ্রহণ কৰে৷
সকলো বিতর্কলৈ পিঠি দি ধৰা হ’ল বর্তমান ৰাজ্যৰ অর্থনৈতিক মন্দাৱস্থাৰ জোৰা মাৰিবলৈ ‘সুৰা’ৰ প্রচলন অতি আৱশ্যকীয় হৈ পৰিছে, বিশেষভাৱে চৰকাৰী ৰাজহ সংগ্রহৰ ক্ষেত্রত৷ সেয়া মানি লৈছে জনসাধাৰণে৷ কাৰণ অন্য বিকল্প নাই৷
পাণ মছলাৰ নামত প্রচলন কৰা অনিষ্টকৰ গুট্খা, শিখৰ আদিৰ বেচা–কিনা কিয় বন্ধ কৰিব পৰা নাই? কালৰূপী ড্রাগ্ছ নিঃশেষ কৰাৰ ক্ষেত্রত চৰকাৰখনে যি ব্যৱস্থা গ্রহণ কৰিছে, সেয়া অতি ধন্যবাদৰ পাত্র৷ কথা হ’ল গুট্খাৰ কুপ্রভাৱত ইতিমধ্যে কিছু নতুন প্রজন্ম ধ্বংসৰ গৰাহত৷ গুৰুত্বসহকাৰে লক্ষ্য কৰক ৰাস্তা–ঘাট, চৰকাৰী–বেচৰকাৰী কার্যালয়, ব্যক্তিগত ঘৰ, ৰাজহুৱা/ব্যক্তিগত প্রতিষ্ঠানৰ বেৰ তথা চৌহদবোৰত য’তে–ত’তে আজিৰ যুৱচামৰ থুই–পিক ছিটোৱা কুৎচিত দৃশ্যৰাজি চকুৰে দেখি অসহ্য লাগি যায়৷ চৰকাৰৰ সর্বসাধাৰণ ৰাইজৰ স্বার্থত কৰা সৎ–ভাল কামখিনিৰ এজন সমর্থক হিচাপে আহ্বান জনাওঁ, যাতে উল্লেখিত গুট্খা–শিখৰ ইত্যাদিৰ প্রচলন জৰুৰীভাৱে বন্ধ কৰে৷ অন্যথা ‘স্বচ্ছ ভাৰত’ লগতে সপ্তাহজোৰা ‘আৱর্জনামুক্ত ভাৰত’ অভিযানৰ শ্লোগান অপ্রাসংগিক হ’ব৷ আজি দুই বছৰমান আগতে জাপানৰ প্রধানমন্ত্রী আহিব বুলি গুৱাহাটীৰ প্রধান পথৰ ‘ডিভাইডাৰ’ৰ বেৰবোৰত সমজুৱাভাৱে ‘পিক’ (যেন একোজনAbstract Artist) ছটিওৱাৰ ভয়তহে যে প্লাষ্টিক ঢ়াকি ৰখা দৃশ্যবোৰ কিন্তু হাঁহিৰ খোৰাকৰ বাহিৰে একো নাছিল৷ নাঙঠ দেশত ধোবাৰ কি প্রয়োজন? তাতকৈ গুট্খা কোম্পানীৰ অনুজ্ঞা–পত্র কর্তন কৰি নৱপ্রজন্মটিক সম্পূর্ণ ধ্বংসৰ গৰাহলৈ ঠেলি দিয়া অভিশাপৰ খাজনা আদায় কৰাতকৈ এইবোৰৰ সমুদায় ব্যৱসায় বন্ধ কৰক৷ অন্ততঃ ভৱিষ্যতৰ প্রজন্মখিনিৰ কিছু সুস্থভাৱে বাচি থকাৰ সুযোগ থাকিব৷ বহু সংসাৰ বাচিব৷ ‘সব কা সাথ সবকা বিকাশ’ শ্লোগানটিয়ে সামাজিক গ্রহণযোগ্যতা পাব৷
লগতে’Advantage Assam’ ৰ যোগেদি বর্ধিত নিবনুৱা সংস্থাপনৰ গইনাত ৰাষ্ট্রীয় ঘাইপথৰ দুয়োকাষে ঔদ্যোগিকীকৰণৰ নামত প্রকৃত অধ্যয়ন আৰু চৰজমিন অভাৱত লোৱা কিছু অপৰিপক্ব সিদ্ধান্তটিয়ে ৰাইজৰ লাভৰ সলনি এজাক স্বার্থান্বেষী ব্যৱসায়ীৰহে সুবিধা হ’ব৷ অৱশ্যেই ঔদ্যোগিকীকৰণ অসমত লাগিব – এয়াও ধুৰুপ৷ যিহেতু ৰাজ্যখনৰ পর্বতসম নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্রত বিকল্প পথ ইতিমধ্যে নোহোৱা হৈছে৷ ঔদ্যোগিকীকৰণৰ নামত আমদানি ‘বণিয়া’ৰ পাকচক্রত পৰি থলুৱা–খিলঞ্জীয়া মানুহবোৰৰ বস্তি–বাৰী, খেতি–মাটি নিঃশেষ হোৱাৰ পূৰা আশংকা থাকিবই৷ প্রদূষণ বাধা দিব পৰা বসতিহীন অঞ্চল তথা কৃষিভূমি অনিষ্ট কৰিব নোৱাৰা জনশূন্য পতিত ভূমি Waste land development) এলেকাবোৰত উদ্যোগ স্থাপন কৰাৰ সুব্যৱস্থা কৰক৷Maximum trust should be on non-polluting medium and small scale enterprise (MSME) which balance the two demands of employment of environment. Emission norms as per central pollution control board (CPCB) Montreal protocol 1987 etc and other such international and national standards must be met. মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্রকৃত ঔদ্যোগিকীকৰণৰ বিষয়ে কিছু ধনাত্মক চিন্তা কৰক৷
অৱশেষত আৱশ্যকীয় কথাষাৰ ক’বই লাগিব যে মহামাৰী ‘ক’ৰোনা নিধন’ প্রক্রিয়াটোত জড়িত প্রতিজন চিকিৎসক, নার্ছ, ৱার্ডবয় ইত্যাদি স্বাস্থ্যকর্মীসকলে দিন–ৰাতি একাকাৰ কৰি ৰোগীসকলক সেৱা–শুশ্রূষা আগবঢ়াই আছে৷ যোৱা চৰকাৰখনৰ স্বাস্থ্যমন্ত্রী ড০ শর্মাই বেমাৰবিধক বাধা দিবলৈ যিদৰে অহোপুৰুষার্থ প্রচেষ্টা চলালে– তাক কিন্তু শলাগ নল’লে অকৃতজ্ঞতাৰ পৰিচয় দিয়া হ’ব৷ অৱশ্যেই এতিয়াৰ স্বাস্থ্যমন্ত্রী মহন্তকো বেচ কার্যদক্ষ যেন পৰিলক্ষিত হৈছে৷ আটায়ে ধন্যবাদৰ পাত্র৷ কিন্তু আজিৰ ওপৰিউক্ত কথাখিনিক লক্ষ্য ৰাখি এটি অপ্রিয় কথা পোনপটীয়াকৈ কোৱা ভাল যে অসমৰ বহুতো প্রাইভেট নার্ছিং হোম, বিশেষকৈ গুৱাহাটীৰ বহুসংখ্যক নার্ছিং হোমে প্রয়োজনতকৈ প্রতিজন ৰোগীৰ পৰা বহু বেছি চিকিৎসা বাবদ মাচুল আদায় কৰাৰ যেন এক অঘোষিত প্রতিযোগিতা চলাইছে৷ মেডিকেল পাঠ্যক্রমৰ মূলতত্ত্ব তথা নৈতিক বিজ্ঞান Ethics)ক বুঢ়া আঙুলি প্রদর্শন কৰিলে৷ কথাখিনি এইবাবেই স্পষ্টকৈ ক’ব লগা হৈছে– ক’ৰোনা মহামাৰীৰ প্রায় সুদীর্ঘ দুবছৰৰ অত্যাচাৰত জনসাধাৰণ মানসিক, বিশেষকৈ আর্থিকভাৱে জুৰুলা হৈ পৰিছে– যাৰ বিশেষ বর্ণনাৰ তেনেই নিষ্প্রয়োজন৷ নার্ছিং হোমবোৰৰো আগতকৈ খৰচৰ মাত্রা বাঢ়িছে বিভিন্ন দিশত– সেয়াও বাৰু সঁচা৷ কিন্তু তেওঁলোকে বিচৰা মতে ৰোগীৰ পৰা খৰচ আদায় কৰাৰ হয়তো অধিকাৰ, অনধিকাৰৰ কথা ক’তো সন্নিৱিষ্ট হোৱা নাই৷ চৰকাৰখনৰো তেনে কোনো নির্দিষ্ট নিয়ন্ত্রণ প্রক্রিয়া চকুত পৰা নাই৷ সময়ে সময়ে দূৰদর্শন আৰু বাতৰিকাকতত মন্ত্রী আৰু প্রশাসনিক বিষয়াসকলৰ দুই–এটি নিয়ম মাফিক মতামতহে দেখা যায়৷ আনকি ৩ অক্টোবৰত উপ–ৰাষ্ট্রপতি এম ভেংকায়া নাইডুৱে গুৱাহাটীত অতি গুৰুত্বপূর্ণ এটি অর্থৱহ বাক্য আওৰালে– চিকিৎসা সেৱা আচলতে এটি ‘মিছন’ হ’ব লাগে, এয়া কিন্তু কমিছনৰ প্রক্রিয়া হ’ব নালাগে৷
ইয়াৰ মাজতো ক’ৰোনাকেন্দ্রিক চিকিৎসাৰ বাবে তেনেই কমসংখ্যক যিকেইখন নার্ছিং হোমে ৰোগীৰ পৰা অতি তাকৰীয়া চিকিৎসা মাচুল গ্রহণ কৰিছিল, তেওঁলোকৰ কর্তৃপক্ষক ‘ছেল্যুট’ নামাৰি নোৱাৰিলোঁ৷

You might also like