ক’ৰোনা ভাইৰাছৰ অনিয়ন্ত্রিত ব্যাধিত আজি গোটেই বিশ্ব জর্জৰিত৷ তথ্য–প্রযুক্তি, বিজ্ঞান বা চিকিৎসা বিজ্ঞানৰ চমকপ্রদ চিন্তা উদ্ভাৱন উচ্চ শিখৰত উপনীত হোৱা সত্ত্বেও আজি গোটেই মানৱ জাতি এক অচিন, জটিল ভাইৰাছৰ আক্রমণত সন্ত্রস্ত হৈ উঠিছে৷ ভোগবাদী বিশ্বৰ উত্তাল জীৱন যাত্রা যেন স্তব্ধ হৈ পৰিছে৷ বিজ্ঞান আৰু মানৱ সভ্যতাৰ উচ্চ শিখৰত উপনীত হোৱা মানুহৰ দর্প–হংকাৰ চূর্ণ কৰি, ক’ভিড–১৯য়ে পৃথিৱীৰ গতিয়েই সলনি কৰি দিছে৷ প্রকৃতি, পৰিৱেশ আৰু জীৱশ্রেষ্ঠ মানুহৰ মাজত যেন এক নিৰৱচ্ছিন্ন সংঘাতৰ সৃষ্টি হৈছে৷ অনাগত ভৱিষ্যতক লৈ গোটেই মানৱ জাতিয়ে আজি এক অচিন শংকা নিৰাশা আৰু আতংকৰ মাজত দিন নিয়াইছে৷ তথাকথিত উন্নয়নৰ নামত, পাৰিপার্শ্বিকতা, পৰিৱেশ, প্রকৃতি আৰু পৃথিৱীৰ ওপৰত তথাকথিত সভ্য মানৱ জাতিয়ে চলোৱা নিষ্পেষণ আৰু নির্যাতনৰ বাবে সৃষ্টি হৈছে নতুন নতুন মৃত্যুদূত স্বৰূপ সংহাৰী ভাইৰাছ, যিয়ে মানৱ জীৱনলৈ কঢ়িয়াই আনিছে মৃত্যুৰ বিভীষিকা৷ ২০০৩ চনত চীনৰ দক্ষিণ অঞ্চলত উদ্ভৱ হোৱাSARS, ২০১২ চনত আবির্ভাৱ হোৱাMERS আৰু ১৯১৮ চনত সৃষ্টি হোৱা ‘স্পেনিছ ফ্লু’ৱে এক সংহাৰী ৰূপত লাখ লাখ মানুহৰ জীৱন অকালতে কাঢ়ি নিছিল৷ ১৮ শতিকাতেই ইংলেণ্ডৰ বিখ্যাত অর্থনীতিবিদ থমাছ, ৰবার্ট মালথাছে তেওঁৰ বিখ্যাত গ্রন্থ ‘An Essay on the principle of pupulation’ত উল্লেখ কৰিছিল যে বিশ্বত যেতিয়া জনসংখ্যাৰ বৃদ্ধিৰ হাৰ জ্যামিতিক হাৰত বৃদ্ধি পাব আৰু খাদ্যশস্যৰ উৎপাদন গাণিতিক হাৰত বৃদ্ধি পাব, তেতিয়া সৃষ্টি হ’ব খাদ্যৰ অভাৱ, ক্ষুধা আৰু দৰিদ্রতা৷ সেয়েহে মালথাছে বিশ্বক সকীয়াই দিছিল, যাতে জনসংখ্যা বৃদ্ধিৰ হাৰ খাদ্যশস্য উৎপাদনৰ হাৰতকৈ সদায়ে কম হৈ থাকে, অন্যথা প্রকৃতিয়ে নিজৰ সংহাৰী ৰূপ ধাৰণ কৰি মানুহক মৃত্যুৰ মুখলৈ ঠেলি দিব৷ ১৭৯৮ চনতেই মালথাছে উদ্ভাৱন কৰা জনসংখ্যা নীতিটো আজিও বিশ্বত প্রতীয়মান হোৱা যেন উপলব্ধি হৈছে৷ মালথাছ সেই সময়ত এই জনসংখ্যা নীতিটোৰ বাবে বিভিন্ন ব্যক্তিৰ দ্বাৰা সমালোচিত হৈছিল যদিও শেষত অর্থনীতিবিদ ডেভিদ, ৰিকার্ডো আৰু আলফ্রেড মার্ছালে মালথাছৰ পক্ষত থিয় দিছিল৷ এটা কথা স্বীকার্য যে জনসংখ্যা বিস্ফোৰণ উন্নয়নকামী ৰাষ্ট্রবোৰৰ মাজত এক প্রত্যাহ্বান ৰূপে থিয় দিছে৷ তাৰ পৰিণতিৰ ফলতেই ক’ৰবাত যেন সংঘাত হৈছে জীৱশ্রেষ্ঠ মানৱ জাতি আৰু প্রকৃতিৰ মাজত৷ তাৰ পৰিপ্রেক্ষিতত ব্যাহত হৈছে প্রকৃতি আৰু মানৱ জাতিৰ সন্তুলন৷ এয়া এক সমগ্র মানৱ জাতিৰ বাবে অভিশাপ৷ যোৱা বর্ষৰ আৰম্ভণিতে সমগ্র বিশ্বতে আৰম্ভ হোৱা ন’ভেল ক’ৰোনা ভাইৰাছ বা ক’ভিড–১৯ গোটেই মানৱ জাতিৰ বাবে এক বিৰাট প্রত্যাহ্বানস্বৰূপ হৈ উঠিছে৷ বিশ্ব অর্থনীতিৰ ওপৰত এক মোক্ষম আঘাত হনাৰ উপৰি, এই মাৰাত্মক ক’ৰোনা ভাইৰাছবিধে, মানুহৰ ভোগবাদী জীৱন যাত্রা দুর্বিষহ কৰি তুলিছে৷ ভোগ–লালসাৰে পৰিপূর্ণ সমাজ জীৱন যেন ক’ৰোনা ভাইৰাছৰ কবলত স্তব্ধ হৈ পৰিছে৷ অচিন বিষাণুৱে সৃষ্টি কৰিছে এক ভয়াৱহ সাম্প্রতিক সংকট৷ গোটেই বিশ্বই এই দুৰন্ত সংকট নিবাৰণৰ বাবে অহৰহ চেষ্টা চলাই আহিছে৷ উদ্ভাৱন কৰিছে বিভিন্ন ধৰণৰ ভেক্চিন, বৃদ্ধি কৰিছে অক্সিজেনৰ উৎপাদন আৰু বিতৰণ, জনস্বাস্থ্যৰ উন্নতিকল্পে নিয়োগ কৰিছে লাখ লাখ চিকিৎসক আৰু চিকিৎসাকর্মী, উন্নত কৰিছে জনস্বাস্থ্যৰ আন্তঃগাঁথনি আৰু বিশ্বৰ বিভিন্ন দেশে প্রয়োগ কৰিছে প্রশাসনিক বাধা–নিষেধ– যেনে লকডাউন, কাৰফিউ, কণ্টেইনমেণ্ট জ’ন প্রভৃতি৷ তথাপিও যেন বিশ্বৰ মানৱজাতি আজিও ক’ভিড–১৯ৰ ওচৰত পৰাভূত৷ বৰঞ্চ দিনে দিনে বৃদ্ধি পাই আহিছে ন ন ক’ভিড প্রজাতি Variant) বিশ্ব স্বাস্থ্য সংস্থাই নামকৰণ কৰা ৪ বিধCovid Variantৰ নাম হ’লALPHA, BETA, GAMA আৰুDELTA আৰু সেইVariant কেইটাৰ (প্রজাতি) উৎপত্তি স্থান হৈছে ক্রমান্বয়ে ইংলেণ্ড (ইউকে), ছাউথ আফ্রিকা, ব্রাজিল আৰু শেষত ভাৰত৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মতে আটাইতকৈ ভয়াৱহVariant বিধ হ’লDelta Variant, কিয়নো, সি সহজতে মানুহৰ গালৈ সংক্রমিত হয়, ইয়াৰ আক্রমণৰ তীব্রতা বেছি আৰু বিষময়, আৰু ইয়াক নিৰাময় আৰু নিয়ন্ত্রণ কৰাটো যথেষ্ট কঠিন৷ ইতিমধ্যেDelta+(Plus) Variant টো ভাৰতৰ মহাৰাষ্ট্রকে ধৰি কেইবাখনো চহৰত আবির্ভাৱ হৈছে৷ বিশ্বত এতিয়ালৈকে ৯খন দেশতDelta+ ক’ৰোনা ভাইৰাছৰ সংক্রমণ হৈছে৷
ক’ৰোনাৰ দ্বিতীয় লহৰ শেষ নৌহওঁতেই দেশৰ আগশাৰীৰ কেইবাজনো চিকিৎসাবিজ্ঞানী আৰু চিকিৎসকে অহা অক্টোবৰ মাহত ক’ভিড–১৯ৰ তৃতীয় জোৱাৰৰ প্রাদুর্ভাৱ ঘটাৰ সম্ভাৱনা ব্যক্ত কৰিছে৷ দিল্লীৰ সর্বভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠানৰ সঞ্চালক ডাঃ ৰণদীপ গুলেৰীয়াই ক’ভিড সংক্রমণৰ তৃতীয় জোৱাৰৰ প্রাদুর্ভাৱ অনিবার্য বুলি মন্তব্য কৰিছে আৰু তেওঁ অনুমান কৰিছে যে অহা ৬ৰ পৰা ৮ সপ্তাহৰ ভিতৰত ভাৰতত মাৰাত্মক ভাইৰাছৰ তৃতীয় জোৱাৰ পৰিলক্ষিত হ’ব পাৰে৷ ডাঃ গুলেৰীয়াৰ লগতে আন আন চিকিৎসা বিজ্ঞানীসকলেও একে মত পোষণ কৰিছে আৰু তেখেতসকলে আশংকা কৰিছে যে ক’ভিড–১৯সৃষ্ট সাম্প্রতিক পৰিস্থিতি আৰু অধিক জটিল হ’ব৷ এই বিষয়ত আন্তর্জাতিক পর্যায়তো বিভিন্ন চিন্তা–চর্চা আৰম্ভ হৈছে৷ ক’ভিড–১৯য়ে ভৱিষ্যৎ মানৱ জীৱনৰ বাবে এক অশনি সংকেত কঢ়িয়াই আনিছে৷ ইয়ে আর্থ–সামাজিক জীৱনৰ ওপৰত প্রভাৱ পেলোৱাৰ উপৰি, মানুহৰ মানসিক চিন্তাধাৰাৰ ওপৰতো এক প্রচণ্ড চাপৰ সৃষ্টি কৰিছে৷ ফলত হতাশা আৰু নৈৰাশ্যই মানুহৰ মন ছানি ধৰিছে৷
প্রায় ১৩৫ কোটি মানুহেৰে পৰিপূর্ণ ভাৰতবর্ষ পৃথিৱীৰ ভিতৰতে এক বৃহৎ জনবহুল গণতান্ত্রিক দেশ৷ এই দেশৰ এক বৃহৎসংখ্যক লোক দাৰিদ্র্যপীড়িত৷ অন্ন, বস্ত্র, আৰু বাসস্থানৰ যি মৌলিক চাহিদা, সেইখিনি পূৰাবলৈ এই দাৰিদ্র্যপীড়িত লোকসকল অসমর্থ৷ তাতে আকৌ বিগত বর্ষৰ প্রথম ঢ়ৌৱে ভাৰতৰ লাখ লাখ মানুহৰ জীৱন অকালতে কাঢ়ি নিয়াৰ উপৰি, এই ঢ়ৌৱে ভাৰতীয় অর্থনীতিত এক মোক্ষম আঘাত হানিছিল৷ শেহতীয়াভাৱে ভাৰতীয় ৰিজার্ভ বেংকে প্রকাশ কৰা চলিত বর্ষৰ জুন মাহৰ প্রতিবেদনত কোৱা হৈছে যে কাল ক’ৰোনাৰ প্রকোপৰ বাবে চলিত বিত্তীয় বর্ষত দেশৰ অর্থনীতিত প্রায় দুই লাখ কোটি টকাৰ লোকচান হ’ব পাৰে৷ দেশৰ অর্থনীতিত ই এক সর্ববৃহৎ লোকচান বুলি অভিহিত কৰিব পাৰি৷ অর্থনৈতিক লোকচানৰ উপৰি, ক’ভিড–১৯ মানুহৰ জীৱনৰ বাবে এক ভাবুকি স্বৰূপ হৈ উঠিছে৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ নির্দেশত দেশৰ হাজাৰ হাজাৰ চিকিৎসক আৰু চিকিৎসাকর্মীয়ে ক’ৰোনা প্রতিহত কৰিবৰ বাবে সক্রিয়ভাৱে যুঁজ দি থকা সত্ত্বেও যোৱা ২৫ জুনত ২৪ ঘণ্টাত ভাৰতত নতুনকৈ ৫১,৬৬৭জন লোকৰ ক’ভিড–১৯ চিনাক্ত হোৱাৰ বিপৰীতে ১,৩২৯জনৰ মৃত্যু ঘটিছে৷ দেশৰ অর্থনীতি বিধ্বস্ত কৰাৰ উপৰি মৃত্যুদূত ৰূপী এই কালান্তক ভাইৰাছবিধে লাখ লাখ মানুহৰ জীৱন অকালতে নিঃশেষ কৰি হাজাৰ হাজাৰ পৰিয়ালক নিথৰুৱা কৰি পেলাইছে৷ বিগত বর্ষৰ পৰাই আজি প্রায় ডেৰ বছৰ কালেই ক’ৰোনাই গোটেই বিশ্বক এক শিকনি দিলে যে প্রকৃতিসৃষ্ট মহামাৰী বা অতিমাৰী কিমান ভয়ানক হ’ব পাৰে৷ চিকিৎসা বিজ্ঞানৰ দর্প চূর্ণ কৰি, এই মহামাৰীয়ে পৃথিৱীৰ গতিয়ে সলনি কৰি দিলে৷ জনস্বাস্থ্য আৰু শৈক্ষিক জীৱনৰ ওপৰত ক’ভিড–১৯ এক প্রত্যাহ্বান হৈ উঠিল৷ লাখ লাখ ল’ৰা–ছোৱালী, ছাত্র–ছাত্রীৰ জীৱনলৈ অশনি সংকেত নামি আহিছে৷ শিক্ষা জীৱন ক’ৰোনাৰ আক্রমণত স্তব্ধ হৈ পৰিল৷ মানুহৰ সমাজ জীৱনৰ ওপৰতো ইয়াৰ নেতিবাচক/ইতিবাচক প্রভাৱ পৰিল৷ মানুহৰ সামাজিক দায়িত্ববোধ Social responsibility) বৃদ্ধি পালে৷ এই মহামাৰীৰ দিনত মানুহৰ পাৰস্পৰিক সহযোগিতা বৃদ্ধি পালে৷ খাদ্যাভ্যাস আৰু জীৱনশৈলীৰ পৰিৱর্তন হ’ল৷ শৰীৰৰ পুষ্টিৰ বাবে মানুুহেBRANDED FOODৰ সলনি, সহজতে উপলব্ধ হোৱা স্থানীয় খাদ্যৰ প্রতি মানুহৰ আগ্রহ বাঢ়িল৷ মানুহৰ মানসিক চিন্তাধাৰাৰো বহুত পৰিৱর্তন ঘটিল৷ যোগ, ধ্যান, প্রাণায়াম, ব্যায়াম প্রভৃতিৰ বাবে মানুহ লাহে লাহে আকর্ষিত হোৱা পৰিলক্ষিত হৈছে৷
ক’ৰোনাৰ মহা দুর্যোগৰ শিক্ষা লৈ, ওপৰত আলোচিত বিভিন্ন ক’ৰোনাসৃষ্ট সমস্যাবিলাক পর্যালোচনা কৰিব লাগিব৷ বিশ্বৰ বিভিন্ন দেশৰ পাৰস্পৰিক সহযোগিতাৰ ভিত্তিত আন্তৰিক প্রচেষ্টাৰে আমি ক’ৰোনা মহামাৰীক প্রতিহত কৰিব লাগিব৷ জাতি–ধর্ম নির্বিশেষে, বিশ্বৰ ধনী–দুখীয়া সকলো দেশৰ মাজত বিশ্ব ভ্রাতৃত্ববোধ জগাই তুলিব লাগিব৷ বিজ্ঞান আৰু আধুনিক মানৱ সভ্যতাই ভোগবাদী যি প্রাচুর্য্য মানৱ সমাজে আহৰণ কৰিছে, সেয়া যাতে অকল ধনিক শ্রেণীৰ মাজত আবদ্ধ নাৰাখি, বিশ্বৰ কোটি কোটি ভোকাতুৰ মানুহে যাতে তাৰে এটা অংশ পায়, তাৰো চিন্তা–চর্চা কৰিবৰ সময় হ’ল৷ জাতিৰ পিতা মহাত্মা গান্ধীয়ে এসময়ত কৈছিল–‘Earth provides enough to satisfy every man’s need, but not for every man’s greed’ গান্ধীজীৰ এই কথাফাঁকি যথেষ্ট তাৎপর্যপূর্ণ৷ প্রকৃতি আৰু বিশ্ব মানৱ জাতিৰ মাজত যি সংঘাত, তাক নিৰাময় কৰিবৰ বাবে, আমি প্রকৃতি আৰু পৰিৱেশক শ্রদ্ধা আৰু ভাল পাবলৈ শিকিব লাগিব৷ ঈশ্বৰসৃষ্ট সকলো জীৱকুলৰ প্রতি আমি দয়াশীল হ’ব লাগিব আৰু সহমর্মিতা দেখুৱাব লাগিব৷ বিজ্ঞান Science), আধ্যাত্মিকতা Spirituality) আৰু প্রজ্ঞাক Wisdom) আধাৰ হিচাপে লৈ আমি এখন নতুন পৃথিৱীৰ সপোন দেখিব লাগিব৷ বৈদিক ধর্ম আৰু ধাৰণাৰ বশৱর্তী হৈ গোটেই বিশ্বই উপলব্ধি কৰিব লাগিব–‘This Earth is our mother and we are its son.’
বর্তমান আটাইতকৈ প্রয়োজনীয় বিষয়টো হৈছে প্রকৃতি আৰু পৰিৱেশৰ সংৰক্ষণ আৰু লগতে বাস্তব্য বিদ্যাৰ Ecology) প্রতি সজাগতা সৃষ্টি কৰা৷ আমি এক বাস্তব্য বিদ্যা সভ্যতা Ecological eivilization) নকৈ গঢ় দিব লাগিব৷ ইচ্ছাশক্তিক জাগ্রত কৰি সামূহিক প্রজ্ঞাৰ আধাৰ তৈয়াৰ কৰিব লাগিব য’ত আমাৰ কর্মৰ মাজত নিষ্ঠা, সততা, সাধুতা, ঐক্য আৰু সামাজিক দায়িত্বশীলতাৰ প্রতিফলন ঘটে৷ উঠি অহা নতুন প্রজন্মই অকল নিজৰ কাৰণে চিন্তা নকৰি সামূহিক প্রচেষ্টাৰে কেনেকৈ প্রকৃতিৰ ধ্বংসলীলা ৰোধ কৰিব পাৰি, কেনেকৈ বিভিন্ন জীৱকুলৰ মাজত এক সমন্বয় ৰক্ষা কৰিব পাৰি, বৌদ্ধিক চিন্তা–চর্চাৰে কেনেকৈ মানুহৰ আধ্যাত্মিকতাৰ উৎকর্ষ সাধন কৰিব পাৰি– এই সকলোবোৰ চিন্তা কৰাৰ সময় সমাগত৷ বিৱর্তমান পৃথিৱীত কোনো বস্তুৱে স্থায়ী নহয়, ৰাতিৰ এন্ধাৰৰ পিছত প্রভাতী সূর্যই যেনেকৈ ধৰাৰ বুকুত পোহৰ বিলায় ঠিক তেনেকৈয়ে এই মহামাৰীয়ে বিশ্বত যি ধ্বংসলীলা আৰম্ভ কৰিছে– তাৰো এদিন সমাপ্তি হ’বই৷ সেইটো নিশ্চিত৷
পৃথিৱীৰ জীৱজগত, প্রাণীজগত আৰু উদ্ভিদ জগতৰ মাজত এক এৰাব নোৱৰা পাৰস্পৰিক সম্পর্ক আছে৷ আৰু যেতিয়াই এই সম্পর্কৰ মাজত ভাৰসাম্য হেৰাই যায়, তেতিয়া প্রকৃতি Nature) অশান্ত হৈ উঠে– পৰিণামত সৃষ্টি হয় জীৱকুলৰ মৃত্যুৰ ধ্বংসলীলা৷ সেয়েহে প্রকৃতিক ব্যৱহাৰ কৰি জীৱজগতৰ বাবে আধুনিক বিজ্ঞানে যিমানবোৰ ঐশ্বর্য–বৈভৱ বিশ্ব মানৱৰ বাবে সৃষ্টি কৰিছে সেয়া যাতে ভবিষ্যৎ প্রজন্মৰ বাবে অভিশাপ নহয়, তাৰো আমি লক্ষ্য ৰাখিব লাগিব৷ কুৰি শতিকাৰ আমেৰিকাৰ প্রখ্যাত পৰিৱেশ বিজ্ঞানীBarry Commoner-এ ১৯৭১ চনতেই তেখেতৰ অমূল্য গ্রন্থ‘The closing circle’অত এটা বিখ্যাত উক্তি এইদৰে দাঙি ধৰিছিল–‘’We are in a environmental crisis, because the means by which we use the ecosphere to produce wealth are distructive of the ecosphere itself. The present system of production is self destructive the present course of human civilisation is suicidal’ আজিৰ পৰা ৫০ বছৰ পূর্বে লিখা এই উক্তিটো, কিমান তাৎপর্যপূর্ণ, তাক সহজে অনুমান কৰিব পাৰি৷