নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড মানেই মৃত্যু নহয়ঃ ইতিবাচক চিন্তা–ধৈর্য–মানসিক শক্তিয়েই ক’ৰোনা জয়ৰ মূলমন্ত্র

-শৌভিক সোম

ঘাতক ভাইৰাছ ক’ৰোনাৰ দ্বিতীয় জোৱাৰে ৰাজ্যৰ সাম্প্রতিক পৰিস্থিতি ভয়াৱহ কৰি তুলিছে৷ অক্সিজেন, আই চি ইউ বিছনাৰ অভাৱত দেশৰ বিভিন্ন প্রান্তত বহু ক’ৰোনা আক্রান্তই মৃত্যুক আঁকোৱালি লোৱাৰ সময়তে অসমতো অতি উদ্বেজকনভাৱে বৃদ্ধি পাইছে ক’ৰোনাৰ সংক্রমণ৷ ২০২০ বর্ষৰ ক’ৰোনাৰ প্রকোপতকৈ ২০২১ বর্ষৰ ক’ৰোনাৰ প্রকোপ অতি ভয়াৱহ৷ কিয়নো, বিগত বর্ষতকৈ এই বর্ষত ক’ভিড–১৯ত আক্রান্তৰ সংখ্যা বহুগুণে বেছি, লগতে মৃত্যুৰ সংখ্যাও অধিক৷ তাৰ প্রধান কাৰণ আমাৰ সচেতনতাৰ অভাৱ বুলি মই ভাবোঁ৷ লগতে আৰু এটা কথা উল্লেখ কৰিব লাগিব যে সামাজিক দূৰত্ব নমনা আৰু মাস্ক নিপিন্ধাকৈ মুকলিকৈ ঘূৰা–ফুৰা কৰা৷ যি কি নহওক, আমাৰ মাজত মহামাৰীৰ ৰূপ লোৱা ক’ভিড–১৯ৰ বিৰুদ্ধে যুঁজিবলৈ দৈহিক আৰু মানসিকভাৱে আমি নিজকে সাজু কৰি তুলিব লাগিব৷ তাৰ বাবে আমি সদায় নেতিবাচক চিন্তা পৰিহাৰ কৰি ইতিবাচক চিন্তাক মনৰ মাজত স্থান দিব লাগিব৷ সেইবাবে আমি মানসিকভাৱে প্রস্তুত হ’ব লাগিব৷ সেই ধৰণৰ চিন্তা লৈ আজি মই ক’ভিডৰ সৈতে যুঁজি লাভ কৰা অনুভৱৰ লগতে সম্পূর্ণ আৰোগ্য হৈ নিজৰ অনুভূতি প্রকাশ কৰাৰ এক প্রয়াস কৰিলো৷ যোৱা ৮ এপ্রিলৰ কথা, নিশা মই মোৰ নিজৰ কর্ম সম্পাদন কৰি ঘৰলৈ আহি নিজকে কিছু অসুস্থ অনুভৱ কৰিলো আৰু লাহে লাহে গাৰ বিষো বৃদ্ধি পোৱা অনুভৱ কৰিলোঁ৷ এইদৰে এটা দিন পাৰ হোৱাৰ পিছত মই অনুভৱ কৰিলোঁ যে গধূলি হ’লেই মোৰ শৰীৰৰ উত্তাপ বৃদ্ধি পোৱা আৰম্ভ হয়৷ তাৰ পিছত মই দৰব খোৱাৰ সিদ্ধান্ত ল’লোঁ৷ তাৰে মাজতে মই নিজৰ কাম চলাই আছিলোঁ৷ দিনত ভালে থাকো, গধূলি হ’লেই শৰীৰৰ উত্তাপ বৃদ্ধি পায় আৰু জ্বৰ ১০৪লৈ গতি কৰে, দৰব খালে ১০২লৈ নামে৷ এইদৰে দুটা দিন পাৰ হোৱাৰ পিছত হঠাৎ এদিন পুৱা মই ৫ মিনিটৰ বাবে অচেতন হৈ পৰিলোঁ৷ লগে লগে মোৰ ঘৰৰ পৰিয়ালৰ চেষ্টাত সংজ্ঞা পুনৰ ঘূৰি আহিল৷ এনে হোৱাৰ ফলত মই মোৰ অসুস্থতাক বিশেষ গুৰুত্ব দিলোঁ৷ প্রথমতে মই মোৰ দুয়োটা সন্তানক মোৰ কাষৰ পৰা অন্য স্থানলৈ প্রেৰণ কৰিলোঁ৷ অলপো সময় নষ্ট নকৰি আমাৰ ঘৰৰ কাষত থকা জি এন আৰ চি চিকিৎসালয়লৈ গৈ চিকিৎসকৰ পৰামর্শ গ্রহণ কৰাৰ লগতে ক’ভিড পৰীক্ষা কৰালো যদিও তাত পৰীক্ষাৰ ফলাফল নিগেটিভ আহে৷ তাৰ পিছতো মোৰ মনে শান্তি পোৱা নাছিল, লগতে মই প্রচণ্ড দুর্বল অনুভৱ কৰিলোঁ৷ কিন্তু মই হাৰ মনা নাছিলোঁ৷ লগতে মই কামো কৰি আছিলোঁ৷ পৰৱর্তী দিনা মই এপ’লো হাস্পতালত উপস্থিত হ’লোঁ৷ আৰু ঘৰৰ পৰাই থিৰাং কৰি গৈছিলো যে যি কি নহওক, মই চিকিৎসকৰ পৰামর্শ লৈ ভর্তি হৈ যাম৷ কাৰণ মোৰ মনত সন্দেহ উপজিছে যে মোৰ ক’ভিড হৈছে৷ নহ’লে এক সপ্তাহ দৰব খোৱাৰ পিছতো মোৰ জ্বৰ কিয় কমা নাই? আৰু এটা কথা মনলৈ আহিছিল যে এই ৰোগটো যাতে মোৰ পৰিবাৰ বা অন্যান্যৰ মাজত সংক্রমণ নহয় তাৰ বাবে নিজকে প্রস্তুত কৰি তুলিছিলোঁ৷ সেই সময়ত এইটোৱে মোৰ প্রাথমিক কর্তব্য আছিল বুলি ভাবিছিলোঁ৷ ইয়াৰ পিছতেই চিকিৎসালয়খনৰ চিকিৎসকে বিভিন্ন ধৰণৰ পৰীক্ষা কৰি আৰু মোৰ শৰীৰৰ অৱস্থা প্রত্যক্ষ কৰি তথা মোৰ নিজৰ ইচ্ছানুসৰি চিকিৎসালয়ত ভর্তি কৰালে৷ লগতে মোক ২৪ ঘণ্টাৰ বাবে’Hold’ত ৰাখিলে৷ আৰু মোৰ স্বাৱ লৈ পৰীক্ষাগাৰলৈ প্রেৰণ কৰিলে৷ পিছ দিনা দেওবাৰ আছিল৷ পুৱা ৮ মান বজাত চিকিৎসকে আহি ক’লে মোৰ ক’ভিড পজিটিভ৷ তৎক্ষণাত মই মানি ল’ব পৰা নাছিলো যে মোৰ ক’ভিড পজিটিভ৷ মই লগে লগে চিকিৎসকক প্রশ্ণ কৰিলো মোৰতো সব ঠিকেই আছে, মোৰ কেনেকৈ ক’ভিড হ’ল? মই খাব পাৰিছোঁ, মই সকলো বস্তুৰ গোন্ধ ল’ব পাৰিছোঁ৷ তেতিয়াহ’লে সেই মুহূর্তলৈ ক’ভিড লক্ষণ সন্দর্ভত ধাৰণা সেইখিনিয়ে আছিল৷ কিন্তু চিকিৎসকে যেতিয়া মোক বুজাই ক’লে যে বর্তমানৰ ক’ভিডৰ লক্ষণ মোৰ শৰীৰত পোৱা গৈছে৷ তাৰ পিছতে মনটো মোৰ শান্ত হ’ল৷ লগে লগে মোৰ পৰিয়ালক কথাটো অৱগত কৰোৱা হ’ল আৰু মোক ক’ভিড ৱার্ডলৈ স্থানান্তৰ কৰা হ’ল৷ ৰোগটোত আক্রান্ত হৈ ক’ভিড ৱার্ডত ভৰি দিয়াৰ কিছু মুহূর্তৰ পিছত মোৰ মনলৈ ভাব আহিল যে মই ক’লৈ আহিলো? কাৰণ ৱার্ডৰ পৰিস্থিতি আৰু এজন এজন ক’ভিড ৰোগীক প্রত্যক্ষ কৰি মোৰ মনটো অস্থিৰ হ’বলৈ ধৰিলে আৰু মই ঘৰৰ পৰিয়ালক ক’লো মোক তোমালোকে ইয়াৰ পৰা লৈ যোৱা৷ নহ’লে মই জীয়াই নাথাকো৷ সেই মুহূর্তত মোক মোৰ পৰিয়ালৰ সদস্যই যথেষ্ট সমর্থন কৰাৰ উপৰি বুজনি দিছিল৷ তাৰ পিছতে মই ৰোগৰ সৈতে যুঁজিবলৈ নিজকে মানসিকভাৱে সম্পূর্ণ প্রস্তুত হৈছিলোঁ৷ যিহেতু মই দুটি কন্যা সন্তানৰ পিতৃ৷ কর্মসূত্রে গুৱাহাটীত থাকোঁ, দেউতা নাই, মা–পত্নীৰ সৈতে আমি পাঁচজনীয়া পৰিয়াল৷ উপার্জনকাৰী অকল মই৷ যাৰ বাবে মই সেইদিনাৰ পৰাই মানসিকভাৱে শক্তিশালী হৈ এটাই পণ লৈছিলোঁ যে মই সুস্থ হ’বই লাগিব৷ লগতে ক’ভিডক পৰাস্ত কৰি পুনৰ মই পৰিয়ালৰ মাজলৈ ঘূৰি যাম৷ আৰু ক’ভিডে মোক একো কৰিব নোৱাৰে৷ আৰু ঘূৰি গৈ সমাজৰ পাঁচটা মানুহ তথা যিসকলে এই বেমাৰত আক্রান্ত হৈছে তেওঁলোকক উৎসাহ যোগাই ক’ম যে ইতিবাচক চিন্তা আৰু মানসিকভাৱে শক্তিশালী হৈ ক’ভিডৰ সৈতে যুঁজ দিয়ক, ধৈর্য নেহেৰুৱাব, আপুনি বিজয়ী হ’বই৷ তাৰ বাবে মই কেইটামান কাম কৰিছিলোঁ….

১৷ প্রথমতে মই মোৰ পৰা ম’বাইল ফোন আঁতৰ কৰিছিলোঁ৷ ম’বাইল ফোন লগত থাকিলে সদায় নেতিবাচক চিন্তাৰ সংকেত দিয়ে৷ তদুপৰি ফোনত কথা পাতিলে আপোনাৰ শুভাকাংক্ষীয়ে ইতিবাচক কথা পতাতকৈ নেতিবাচক কথা পাতে৷ ফলত মনটো দুর্বল হয়৷ তদুপৰি মই কেতিয়াও ধৈর্য হেৰুওৱা নাছিলোঁ৷

২৷ দ্বিতীয়তে পুৱা উঠিয়েই ভগৱানৰ নাম লৈছিলোঁ, আৰু এটা কথাই কৈছিলো যে তুমি মোক শক্তি দিয়া৷

৩৷ তৃতীয়তে পুৱা–গধূলি খোজকাঢ়িছিলোঁ৷ লগতে খোৱাত খুব গুৰুত্ব দিছিলোঁ৷ কাৰণ মই ঠিক কৰি লৈছিলোঁ খোৱাটো ঠিক নকৰিলে, শৰীৰটো অধিক দুর্বল হৈ পৰিব৷ হাস্পতালৰ পৰা যি খাদ্যই দিছিল মোক, মই গ্রহণ কৰিছিলোঁ৷

৪৷ চতুর্থতে মই কেতিয়াও নিৰাশ হোৱা নাছিলোঁ৷ সদায় মই ৱার্ডৰ প্রতিগৰাকী ৰোগীৰ সৈতে কথা–বার্তা পাতি আনন্দ–স্ফূর্তি কৰিছিলোঁ৷ যাৰ বাবে মোৰ মনটো সদায় পাতল হৈ পৰিছিল৷ আৰু পৰিয়ালৰ সদস্যৰে খুব কম কথা পাতিছিলোঁ৷ তেওঁলোকৰ লগত কথা পাতিলেই মন দুর্বল হ’ব ভাবিয়েই, কথা কমকৈ পাতিছিলোঁ৷

৫৷ পঞ্চমতে, চিকিৎসালয়ত থকা প্রতিগৰাকী নার্ছ, চিকিৎসকৰ উপৰি অন্যান্যসকলৰ সৈতে ঘৰুৱাভাৱে কথা পাতিছিলোঁ৷ যাতে ঘৰৰ অভাৱ অনুভৱ নহয়৷ ইয়াৰ উপৰি নিজৰ মনটো শক্তিশালী কৰিবৰ বাবে মনে মনে সংগীতৰ এটা দুটা লাইন গুণগুণাইছিলোঁ৷

এইদৰে মই ৮টা দিনত সম্পূর্ণ সুস্থ হৈ ক’ভিডক পৰাস্ত কৰি ঘৰলৈ উভতিছিলোঁ৷ কিন্তু মই আজিও ঘৰৰ সদস্যৰে পোনপটীয়াভাৱে সংস্পর্শলৈ অহা নাই৷ ক’ভিডৰ পিছত মানিবলগীয়া নীতি–নিয়ম মানি ১৪ দিন ঘৰত থকাৰ পিছত কর্মত যোগদান কৰিছোঁ৷ এয়াই আছিল মোৰ ক’ভিড জয়ৰ কাহিনী৷ কিন্তু মই এটাই কথা ক’ম, কভিডক ভয় নাখাব, ক’ভিডে আমাক ভয় খাব লাগিব৷ ইয়াৰ লগতে আটাইতকৈ গুৰুত্বপূর্ণ কথা হ’ল, ক’ভিডৰ সৈতে যুদ্ধ কৰাৰ সময়ছোৱাত মই পোৱা তিনিগৰাকী জ্যেষ্ঠ চিকিৎসকৰ উপৰি নার্ছসকলৰ সহায়–শুশ্রূষা, যন্ত্রপাতি, সহযোগিতা– ব্যৱহাৰ আছিল অতি আন্তৰিকতাপূর্ণ৷ তেওঁলোকৰ উৎসাহ আৰু মানসিক সমর্থনো মই জয় কৰা ক’ভিড যুদ্ধাৰ আন এটা প্রধান কাৰণ৷ ক’ভিড এটা এনে ৰোগ, যিয়ে দুর্বল আৰু মানসিকভাৱে ভাগি পৰা ব্যক্তিক সহজতে আক্রমণ চলায়৷ যাৰ বাবে ক’ভিড ৰোগীয়ে প্রথমতে বেয়া চিন্তা পৰিহাৰ কৰি ভাল চিন্তা মনলৈ আনি আৰু মন–মগজুক ক’ভিডৰ বিৰুদ্ধে থিয় হ’বৰ বাবে চেষ্টা কৰক৷ লগতে শৰীৰক অধিক দুর্বল নহ’বলৈ তাৰ বাবে খাদ্য গ্রহণ সঠিক কৰিব লাগিব৷ আক্রান্ত ৰোগীক মানসিকভাৱে নিৰাশ নকৰি উৎসাহ প্রদান কৰা অতি প্রয়োজন৷ এই ৰোগত আক্রান্ত ৰোগীক যুঁজিবলৈ মানসিক সাহস দিব পাৰিব লাগিব৷ এই বেমাৰত আৰু অধিক সংকটজনক কৰি তোলে হতাশাই৷ গতিকে আক্রান্ত ৰোগী হতাশ হ’ব নালাগে৷ সদায় ৰোগীৰ পৰিয়ালে ইতিবাচক বাতৰি দিব লাগে৷ যাতে ৰোগীৰ মনৰ পৰা হতাশা নোহোৱা হয়৷ আটাইতকৈ গুৰুত্বপূর্ণ বিষয় যে ক’ভিড ৰোগীক একাংশই সমাজৰ পৰা আছুতীয়াকৈ ৰখাৰ চেষ্টা কৰে৷ গতিকে তেওঁলোকক সাহস–সহায় আৰু সহযোগিতাৰ উপৰি ইতিবাচক চিন্তাৰে মানসিক সমর্থন দিলেহে আজিৰ দিনত ভয়াৱহ মহামাৰী ক’ভিডক জয় কৰাটো যে অতি সহজ সেয়া এজন ক’ভিডযোদ্ধা তথা পোষ্ট ক’ভিড ৰোগীৰ অভিজ্ঞতা৷

You might also like