নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক্রিপ্টোকাৰেন্সী আমি কিমান জানো?

-অনুলেখা কাকতী

যোৱা কেইটামান বছৰ ধৰি ‘ক্রিপ্টোকাৰেন্সী’ Cryptocurrency) শব্দটো আমি এবাৰ হ’লেও সকলোৱে শুনিছোঁ৷ ক্রিপ্ঢোকাৰেন্সীনো কি? হাতত লৈ ফুৰিব পৰা মুদ্রানে? বিটকইন এটাৰে দোকানৰ পৰা এক কেজি চাউল কিনি আনিব পৰা যায়নে? ইয়াৰ লেনদেনৰ হিচাপ বেংকে ৰাখেনে? প্রযুক্তিবিদ্যাৰ এইবিধ চমৎকাৰৰ সবিশেষ জানো আঁহক৷
ক্রিপ্টোকাৰেন্সী প্রকৃততে চকুৰে দেখা বা জেপত লৈ ফুৰিব পৰা মুদ্রা নহয়৷ টকা, ডলাৰ আদিৰ দৰেই দ্রব্য আৰু সেৱাৰ মাধ্যম যদিও ক্রিপ্টোকাৰেন্সী সম্পূর্ণ ভার্চুৱেল৷ অর্থাৎ এইবিধ কাৰেন্সীৰ মাধ্যমেৰে ডিজিটেল সম্পত্তিৰ সালসলনি সম্ভৱ৷ ঠিক একেদৰেই ইয়াৰ কিনা–বেচাও সম্পূর্ণ ডিজিটেল মাধ্যমতে সম্ভৱ হয়৷ আমি সততে শুনা বিটকইন Bitcoin) ক্রিপ্টোকাৰেন্সীৰেই এবিধ প্রকাৰ৷ ২০২২ চনৰ ফেব্রুৱাৰী মাহ পর্যন্ত প্রাপ্ত তথ্য মতে ক্রিপ্ঢোকাৰেন্সীৰ বজাৰত দহ হাজাৰতকৈও বেছি মুদ্রা বা কইন প্রচলন হৈ আছে৷ তাৰে কেইবিধমান হ’ল– ইথিৰিয়াম Ethereum), ডজকইন DoGecoin), ৰিপল Ripple), টেথাৰ Tether)৷ বর্তমান পর্যন্ত বিটকইন সবাতোকৈ জনপ্রিয়৷ এতিয়া, এটা দেখা নোপোৱা, চুব নোৱাৰা এবিধ মুদ্রাৰ মূল্য নির্ধাৰণ কিদৰে সম্ভৱ? সংবাদ মাধ্যমত যে শুনিবলৈ পাওঁ বিটকইনৰ মূল্য হ্রাস–বৃদ্ধি পাইছে তাক কোনে নিয়ন্ত্রণ কৰে? আচলতে কইন এটা সৃষ্টিৰ সময়তেই ইয়াৰ সংখ্যা নির্ধাৰণ কৰি থোৱা থাকে৷ বজাৰত ইয়াৰ সংখ্যা নাবাঢ়েও নুটুটেও৷ মাত্র ইয়াৰ অংশৰ কিনা–বেচা হয়৷ সেই অনুসৰি বিটকইনৰ সংখ্যা ২১ মিলিয়ন৷ আৰম্ভণিতে বিটকইনৰ মূল্য আছিল ০.০৯ ডলাৰ আৰু বর্তমান এটা বিটকইনৰ মূল্য ৪৩,০০০ ডলাৰ অর্থাৎ ভাৰতীয় মূল্যত প্রায় ৩১,৭৪,৭১৮.৬৩ টকা৷ কইন এটাৰ মূল্য নির্ধাৰণ সাধাৰণতে ইয়াৰ জনপ্রিয়তা, বজাৰৰ গতিবিধি আদিৰ দ্বাৰা নির্ণয় কৰা হয়৷ থূলমূলকৈ বুজিবৰ বাবে, ধৰা হওক মোৰ এবিঘা মাটি আছে৷ এতিয়া মাটি বিঘাৰ মূল্য, ইয়াৰ গ্রাহক কিমান? মাটিবিঘা সুবিধাজনক হয় নে নহয়, সেই অনুপাতেই দামৰ হ্রাস–বৃদ্ধি হ’ব কিন্তু মাটিৰ পৰিমাণ একেই থাকিব৷বিটকইনৰ ক্ষেত্রতো প্রায় একে কথাই খাটে৷
এতিয়া আহঁো কিছুমান বিশেষ প্রয়োজনীয় বিষয়লৈ৷ ডিজিটেল শব্দটো শুনিলেই প্রথমে ইয়াৰ সুৰক্ষাৰ দিশটো মনলৈ আহে৷ বিটকইন যদি এবিধ ডিজিটেল সম্পত্তিয়ে, ইয়াক নকল(copy) কৰিয়ে এটাৰ পৰা লক্ষাধিক কৰিব পাৰি নেকি? ডিজিটেল মাধ্যমত অসৎ উপায় অৱলম্বন কৰা তেনেই সহজ কথাচোন৷ প্রকৃততে আমাৰ বেংকসমূহৰ লেনদেনৰ হিচাপ ৰখাৰ যি ব্যৱস্থা তেনে এক ব্যৱস্থাৰেই বিটকইনৰ লেনদেনৰো হিচাপ ৰখা হয়৷ কিন্তু পার্থক্য এইখিনিতেই যে এই হিচাপ ৰখা বহীখন সকলোৱেই চাব পাৰে৷ ক্রিপ্ঢোকাৰেন্সীৰ কিমানবাৰ লেনদেন হৈছে, কাৰ ওচৰত কিমান পৰিমাণে আছে এই সকলোবোৰ সকলোৰে বাবেই মুকলি৷ লেনদেনৰ হিচাপ ৰখা ডিজিটেল ৰেকর্ড বহীখনক কোৱা হয় লেজাৰ LedGer)৷ কিন্তু আমোদজনক কথাটো হ’ল আপুনি বা মই বুজি পোৱা ভাষাত এই লেনদেনবোৰ লিখা নাথাকে৷ প্রত্যেকটো লেনদেন এনক্রিপ্ঢ Encrypt) হৈ সুৰক্ষিত হৈ থাকে৷ অর্থাৎ দুজন ব্যক্তিৰ মাজত লেনদেনৰ হিচাপ লেজাৰত কিছুমান ক’ড হিচাপে পঞ্জীয়ন হয়, যাতে তৃতীয় এজন ব্যক্তিয়ে পঢ়ি চাব নোৱাৰে৷ আভিধানিক ভাষাত এই প্রযুক্তিক ক্রিপ্টোগ্রাফী CryptoGraphy) বুলি কোৱা হয়৷ যেতিয়া এটা ক্রিপ্টোকাৰেন্সীৰ লেনদেন হয়, তেতিয়া লেজাৰখনত ৰেকর্ড হিচাপে পঞ্জীয়ন হয় আৰু লেজাৰখনত হোৱা এই হিচাপৰ সালসলনিক প্রত্যেকটো কম্পিউটাৰৰ জৰিয়তে চাব পাৰি৷ অর্থাৎ লেজাৰখন প্রতিটো কম্পিউটাৰত সংৰক্ষণ কৰি ৰাখিব পৰা যায়৷ অৱশ্যে আকাৰ size)ত ইমানেই ডাঙৰ যে গোটেই লেজাৰখন কোটি কোটি শক্তিশালী কম্পিউটাৰতহে সংৰক্ষণ হৈ আছে৷ অর্থাৎ এটা কম্পিউটাৰত লেজাৰখনৰ সামান্য এটা অংশহে ৰাখিব পৰা যায়৷ এই বহুসংখ্যক কম্পিউটাৰ সংযোজিত হৈ লেজাৰখন সংৰক্ষণ কৰি ৰখা পদ্ধতিটোক কোৱা হয় পিয়েৰ টু পিয়েৰ নেটৱর্ক Peer to Peer Network)৷ লেজাৰখন কিদৰে নিখুঁতভাৱে সংৰক্ষণ কৰা হয় জানো আঁহক৷ ক্রিপ্টোকাৰেন্সীৰ প্রতিটো লেনদেনক যদি আমি এটা ব্লক হিচাপে কল্পনা কৰোঁ, যিহেতু লেনদেনবোৰ আন্তঃসম্পর্কীয় হয়, এই আন্তঃসম্পর্কীয় প্রতিটো লেনদেনৰ ব্লক এডাল অদৃশ্য শিকলিৰে সংযোজিত হৈ থাকে৷ লেজাৰখনক সুৰক্ষিত কৰি ৰখাৰ এই প্রযুক্তিটোক কোৱা হয় ব্লক চেইন Bock Chain)৷ অর্থাৎ এটা ব্লকৰ লেনদেনত আগৰ লেনদেনৰ তথ্যও পোৱা যায়৷ আনহাতে ব্লকবোৰ কেৱল এটা কম্পিউটাৰতে নহয়, প্রতিটো কম্পিউটাৰতে চাব পাৰি৷ যদিহে লেজাৰখনত কোনো এটা লেনদেনত অসৎ ব্যক্তিয়ে ঠগবাজিৰ আশ্রয় লয়, তেন্তে বাকী প্রত্যেকটো কম্পিউটাৰত লেজাৰখনৰ সেই অংশত হোৱা বিসংগতিক জল্জল্–পট্পট্কৈ ওলাই পৰিব৷ ব্লক চেইনৰ দ্বাৰা লেজাৰৰ তত্ত্বাৱধান অধিক উন্নতমানৰ কৰি তোলা ব্যৱস্থাটোত লেনদেন নিশ্চিত কৰাৰ উপৰি আন এটা জটিল অংশ হৈছেবজাৰত নতুন ক্রিপ্ঢোকাৰেন্সী প্রচলন কৰাৰ একমাত্র উপায় বিটকইন মাইনিং Bitcoin Minin)৷ অত্যাধুনিক হার্ডৱেৰ অর্থাৎ অত্যন্ত জটিল গাণিতিক সমস্যা সমাধান কৰিব পৰা কম্পিউটাৰৰ জৰিয়তেহে বিটকইন মাইনিং সম্ভৱ৷ লেজাৰখনৰ এটা কপী, লেনদেনৰ দুটা ব্লকৰ মাজত সম্পর্ক আৰু সেই লেনদেনক ক্রিপ্টোগ্রাফীৰে এনক্রিপ কৰিব পৰা ক্ষমতাৰ সৈতে এই প্রক্রিয়াত ব্যৱহাৰ হোৱা কম্পিউটাৰৰ এটা জটিল গাণিতিক সমস্যা সমাধান কৰোঁতে ব্যৱহাৰ হ’ব পৰা সমলৰ পৰিমাণ সমতুল্য Equivalent) হয়৷ এই ব্যৱস্থাটো কষ্টসাধ্য আৰু যথেষ্ট ব্যয়বহুল হোৱাৰ লগতে অভাৱনীয় পৰিমাণৰ বিদ্যুৎশক্তিৰ প্রয়োজন হয়৷ মাইনিঙত সফল হ’লে এইখিনি ত্যাগৰ বাবদ পাৰিশ্রমিক হিচাপে মাইনাৰসকলে ক্রিপ্ঢোকাৰেন্সীৰ কিছু অংশ লাভ কৰে৷ বর্তমান পৃথিৱীত প্রায় ১ কোটি বিটকইন মাইনাৰ আছে৷
এতিয়া বিটকইন মাইনাৰৰ প্রয়োজন কিয় হয়? যদিও সমগ্র ব্যৱস্থাটো ডিজিটেল, মাইনাৰসকলে প্রতিটো লেনদেনৰ সত্যাসত্য নিৰূপণ কৰি সুৰক্ষিত ৰখাৰ লগতে এটা কইনৰ কিনা–বেচা যাতে দুবাৰ Double Spendin) নহয় তাৰ প্রতিও চকু ৰাখে৷ একমাত্র মাইনিঙৰ জৰিয়তেহে নতুন ক্রিপ্টোকাৰেন্সী বজাৰত প্রচলন কৰা সম্ভৱ৷ থূলমূলকৈ মাইনাৰসকলেই ক্রিপ্টোকাৰেন্সী বজাৰত চলাই ৰখাৰ কাম কৰে৷ উদাহৰণস্বৰূপে ২০২২ চনৰ ফেব্রুৱাৰী মাহ পর্যন্ত সর্বমুঠ ২১ মিলিয়ন বিটকইনৰ মাত্র ১৯ মিলিয়নহে বজাৰত লেনদেন হৈ আছে৷ সর্বপ্রথম বিটকইনটো Satoshi Nakamoto ই জেনেচিছ ব্লক (প্রথমটো ব্লক)ৰ জৰিয়তে মাইন কৰিছিল৷ মাইনাৰসকলে মাইনিঙৰ জৰিয়তে পৰৱর্তী বিটকইনটো সৃষ্টি কৰে৷ মাইনাৰসকল নোহোৱা হ’লেও বিটকইনৰ কিনা–বেচা চলি থাকিব, কিন্তু বিটকইনৰ সংখ্যা স্থবিৰ হৈ গ’লহেঁতেন৷
মাইনিং কেনেকৈনো কৰা হয়?
মাইনিং শব্দটোৰ অর্থ আক্ষৰিকভাৱে ইয়াত বুজোৱা হোৱা নাই৷ প্রকৃততে মাইনাৰসকলে অডিটিঙৰ কাম কৰাৰ বাবদ মাননি পোৱাৰ নিচিনা হয়৷ যিজন মাইনাৰে সেই বিটকইনটো বিচাৰি পায়, সেইটো তেওঁৰে হৈ পৰে৷ কিন্তু বিচাৰি পায় কেনেকৈ? ইমান সহজ হোৱা হ’লেতো কথাই নাছিল৷ কল্পনা কৰক এটা সাঁথৰ, এতিয়া সেই সাঁথৰটো সমাধান কৰিবলৈ আমি অৱশ্যেই প্রথমে কিবা এটা ধৰি ল’ব লাগিব৷ সেই ধৰি লোৱাটোক কোৱা হয় প্রুফ অৱ ৱর্ক Proof of work)৷ এতিয়া সেই প্রুফ অৱ ৱর্ককে সাৰথি কৰি আগবাঢ়ি গ’লেই আমি হয়তো সাঁথৰটো সমাধান কৰিবলৈ সক্ষম হ’ম৷ আমি সাধাৰণতে শুনো যে মাইনাৰসকলে কঠিন গাণিতিক সমস্যা সমাধান কৰিবলগীয়া হয়৷ এই কঠিন গণিত মানে কিন্তু এইটো নুবুজায় যে অংকটো টান বা সেইখিনি গণিতজ্ঞসকলে সমধান কৰিবলৈ যত্ন কৰা অংক৷ ওহোঁ, আচল সমস্যাটি হ’ল মাইনাৰসকলে ৬৪টা সংখ্যাযুক্ত সেই হেক্সাডেচিমেল hexadecimal) নম্বৰটো পাবলৈ যত্ন কৰে, যিটো সমাধান কৰিবলৈ দি থোৱাhexadecimal নম্বৰটোৰ আটাইতকৈ ওচৰৰ৷ সাধাৰণকৈ বুজিবলৈ হ’লে মই যদি আপোনাক কওঁ ১ অৰু ৫০ৰ ভিতৰত এটা সংখ্যা ইয়াত লিখি দিছোঁ, আপুনি মই ভবা নম্বৰটো ক’ব নালাগে, মাত্র সেই সংখ্যাটোৰ সমান বা তাতকৈ সৰু সংখ্যা এটা ক’ব লাগে৷ অর্থাৎ আপুনি যদি ৬০ বুলি কয়, তেন্তে ভুল কিন্তু যদি ৩০ আৰু ৪৫ বুলি কয়, তেন্তে সেইটো শুদ্ধ৷ কিন্তু ৪৫ সংখ্যাটো ৫০ৰ বেছি ওচৰৰ বুলি পিছে আপুনি বেলেগকৈ কিন্তু একো পইণ্ট নাপায়৷ এতিয়া কথা একেটাই৷ আপোনাৰ সলনি লাখ লাখ মাইনাৰ হ’ব বিচৰা ব্যক্তিক ৰাখক আৰু ১ৰ পৰা ৫০ৰ সলনি ৰাখক এটাhexadecimal সংখ্যা, অর্থাৎ যিটো সংখ্যাত ১,২,৩…ৰ পৰা একেবাৰে ১৬ লৈকে আছে (যিহেতু ইয়াত ১০, ১১, এইবোৰ দুই অংকীয় সংখ্যা, সেইবাবে আন কিবা বর্ণ বা চলকvariable)ৰ ব্যৱহাৰ কৰি এইhexadecimal সংখ্যাসমূহ লিখা হয়৷)৷ এটা উদাহৰণ ঃ0000000000000000057fcc 708cf0130d95e27c581 9203e9f967ac56e4df598ee, গতিকে আপুনি অনুমান কৰিব পাৰে এইদৰে ভবাটো কিমান টান হ’ব
এইখিনি সেইবহুত ডাঙৰ প্রক্রিয়াটোক বুজিবলৈ যত্ন কৰাৰ সৰু এটা অংশহে৷ ইয়াত আৰু ওপৰত কোৱাতকৈ বহুখিনি টান কাৰিকৰী কথা সোমাই থাকে, যি এই প্রবন্ধৰ সীমাৰ বাহিৰত৷ গতিকে সেইখিনি আন এদিনলৈ থোৱা হ’ল৷
প্রচলিত অর্থনীতিত টকা–পইচাৰ লেনদেন বেংকৰ মাধ্যমেৰে হয় অর্থাৎ এক নির্দিষ্ট কর্তৃপক্ষই নিয়ন্ত্রণ কৰে, মুদ্রাস্ফীতি হয়, বিমুদ্রাকৰণ হয়, নতুন নোটৰ প্রচলন হয়৷ কেতিয়াবা হয়তো আপোনাৰ মনতো প্রশ্ন হয়– টকা কষ্ট কৰি ঘটিছোঁ আমি, কিন্তু ক’ত কিমান খৰচ কৰিছোঁ, কিমান জমা আছে তাৰ হিচাপ তৃতীয় পক্ষই জনাৰ যুক্তি ক’ত? আমাৰ টকাৰ আমিয়ে মালিক হ’ব নোৱাৰোঁনে ? নির্দিষ্ট কেন্দ্রীয় Centralized) কর্তৃপক্ষই নিয়ন্ত্রণ কৰাৰ প্রয়োজনীয়তাই বা ক’ত? ক্রিপ্টোকাৰেন্সীৰ সহায়ত হোৱা লেনদেন ব্যৱস্থা কিন্তু সম্পূর্ণ বিকেন্দ্রিক Decentralized)৷ বিটকইনৰ কিনা–বেচাত কোনো মাধ্যমৰ প্রয়োজন নহয়৷ সকলোৱে লেজাৰৰ ৰেকর্ড পঢ়ি চাব পাৰে৷ কোনো কর্তৃপক্ষৰ দ্বাৰা এই ব্যৱস্থা পৰিচালিত নহয়৷ বিটকইনৰ দ্বাৰা আন্তঃৰাষ্ট্রীয় লেনদেন ক্ষন্তেকতে সমাপন কৰিব পাৰি৷
এইখিনিতে মনলৈ আন এটা প্রশ্ন অহা স্বাভাৱিক৷ যদিহে বিটকইনৰ দ্বাৰা লেনদেন ইমানেই সুৰক্ষিত আৰু সহজ, তেন্তে আমি বেংক, এটিএমৰ সন্মুখত শাৰী পাতি যমৰ যাতনা ভোগ কৰাৰ প্রয়োজনেইবা কি? আচলতে ক্রিপ্টোকাৰেন্সীবোৰ ইমানেই নতুন যে কোনেও নাজানে প্রকৃততে ইয়াৰ মূল্য কিমান হোৱা উচিত৷ তাতোকৈ গুৰুত্বপূর্ণ যে ক্রিপ্টোকাৰেন্সীত বিনিয়োগ কৰা বৈধ হ’লেও দৈনন্দিন কার্যত বিনিময়ৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰিবৰ বাবে এতিয়াও বৈধতা লাভ কৰা নাই৷ অর্থাৎ আমি বিটকইনত বিনিয়োগ কৰা অংশটো টকালৈ সলনি কৰি ব্যৱহাৰ কৰিব পাৰোঁ, কিন্তু ঘৰত চিলিণ্ডাৰ শেষ হ’লে বিটকইন এটাৰে চিলিণ্ডাৰ এটা কিনি আনিবগৈ নোৱাৰোঁ৷ ক্রিপ্ঢোকাৰেন্সীৰ বজাৰখন ইমানেই নতুন যে ইয়াৰ ধাৰণাবোৰ জনসাধাৰণৰ মাজত বিয়পিবলৈ এতিয়াও যথেষ্ট বাকী৷ তদুপৰি মাইনিং পদ্ধতিত যথেষ্ট পৰিমাণে বিদ্যুৎ শক্তিৰ ব্যৱহাৰ হয়, যাৰ বাবে প্রকৃতিৰ প্রচুৰ ক্ষতিসাধন হ’ব পাৰে৷ আনহাতে পৃথিৱীৰ সকলো দেশতে নৱীকৰণযোগ্য সম্পদৰ ব্যৱহাৰ সুলভ হ’বলৈ এতিয়াও বহু বাকী৷
ভাৰতবর্ষও ক্রিপ্টোকাৰেন্সীত বিনিয়োগ কৰাত কোনোগুণে পিছ পৰি থকা নাই৷ দিনে দিনে বিনিয়োগকাৰী আৰু বিনিয়োগ কৰা টকাৰ পৰিমাণ আশ্চর্যজনকভাৱে বৃদ্ধি পাব ধৰিছে৷ জানি আচৰিত হ’ব যে বর্তমানলৈকে ভাৰতবর্ষৰ ১৫–২০ মিলিয়ন লোকে প্রায় ১০ বিলিয়ন ডলাৰ ক্রিপ্ঢোকাৰেন্সীত বিনিয়োগ কৰিছে৷ আচলতে এই বিনিয়োগ ক্ষেত্রখনত ভাৰতৰ স্থান পৃথিৱীৰ ভিতৰতে লেখত ল’বলগীয়া৷ চৰকাৰেও যাৰ বাবে এইক্ষেত্রত কিছু পদক্ষেপ লোৱা দেখা গৈছে৷ ইউনিয়ন বাজেট–২০২২ত উল্লেখ কৰা মতে, ভাৰতবর্ষত ক্রিপ্টোকাৰেন্সীৰ লাভৰ ওপৰত ৩০ শতাংশ কৰ আৰু ১ শতাংশ টি ডি এছTDS) আৰোপ কৰা হৈছে৷ বিত্তমন্ত্রীগৰাকীয়ে ক্রিপ্ঢোকাৰেন্সীক কিন্তু ‘ডিজিটেল সম্পত্তি’ DiGital Asset) বুলিহে অভিহিত কৰিছে৷ ধৰা হ’ল আপুনি ১ লাখ টকাৰ ইথিৰিয়াম ক্রয় কৰিলে আৰু ১ লাখ ২৫ হাজাৰ টকাত বিক্রী কৰিলে৷ এতিয়া লাভ হোৱা ২৫ হাজাৰ টকাৰ ৩০ শতাংশ কৰ হিচাপে আপুনি চৰকাৰক আদায় কৰিব লাগিব৷ অৱশ্যে আপুনি ইথিৰিয়ামৰ সেই অংশটো টকালৈ সলনি নকৰা পর্যন্ত তাৰ ওপৰত কৰ আৰোপ নহয়৷ মন কৰিবলগীয়া দিশটো হ’ল যে ঠগ, প্রৱঞ্চনাৰ সন্দেহত বহুতে ক্রিপ্ঢোকাৰেন্সীত বিনিয়োগ কৰিবলৈ সংকোচ কৰে৷ কিন্তু চৰকাৰৰ দ্বাৰা কৰ আৰোপ কৰা বিষয়টোৱে এই কথা স্পষ্ট কৰিলে যে এই বিনিয়োগ সম্পূর্ণৰূপে সুৰক্ষিত আৰু ইয়েই পূর্বতকৈ অধিক বিনিয়োগকাৰীক আকর্ষণ কৰিব বুলিও ভবাৰ থল আছে৷ ক্রিপ্ঢোকাৰেন্সীত বিনিয়োগৰ সংযোজনে ভাৰতৰ অর্থনীতিত অনাগত দিনত এক নতুন দিগন্তৰ সূচনা কৰিব৷
বিগত কিছুবছৰ ধৰি ক্রিপ্টোকাৰেন্সী বিশেষকৈ বিটকইন, ইথিৰিয়াম আৰু ডজকইনৰ চর্চাই বাতৰিৰ শিৰোনাম দখল কৰিছে৷ ডিজিটেল লেনদেনৰ ক্ষেত্রত ক্রিপ্টোকাৰেন্সীৰ ব্যৱহাৰো লক্ষণীয়ভাৱে বৃদ্ধি পাইছে৷ ব্লক চেইন প্রযুক্তিৰে চলা এই লেনদেন সম্পূর্ণ নিখুঁত বুলি ভবা হয় যদিও চাইবাৰ অপৰাধীয়ে এই ব্লক চেইনৰ অন্তর্নিহিত বিজুতিবোৰ নতুন নতুন কৌশলেৰে ধৰা পেলাই তাৰ সহায়ত ডিজিটেল টকেন চুৰি কৰা , হেক কৰা লগতে ঠগবাজিৰো নানা তথ্য বিভিন্ন সময়ত পোহৰলৈ আহিছে৷ ইয়াৰে এবিধ কৌশলক ৫১ শতাংশ হেক (৫১ শতাংশHack)বুলিও কোৱা হয়৷ এই পদ্ধতিত হেকাৰে ক্রিপ্টোকাৰেন্সী নেটৱর্কৰ জটিল গাণিতিক সমস্যা সমাধান কৰিব পৰা ক্ষমতাৰ নিয়ন্ত্রণ ৫১ শতাংশ নিজৰ অধীনলৈ আনি ব্লক চেইনৰ তথ্যবোৰৰ সালসলনি কৰি ভুৱা তথ্য সংযোগ কৰিবলৈ সক্ষম হয়৷ ২০২১ চনৰ আগষ্ট মাহত বিটকইন এছ ভি Bitcoin SV) এইবিধ কৌশলৰ আক্রমণৰ সন্মুখীন হোৱাত কইনবিধৰ মূল্য হঠাৎ ৫ শতাংশ হ্রাস পাইছিল৷ ২০১৯ চনত বিটকইন গ’ল্ডৰ ক্ষেত্রতো এই চাইবাৰ আক্রমণ হৈছিল৷ ইথিৰিয়াম ক্রিপ্টোকাৰেন্সীবিধ কেইবাবাৰো ৫১ শতাংশ হেকৰ বলি হোৱাৰ প্রমাণ পোৱা গৈছে৷ প্রতিটো ক্রিপ্ঢো একাউণ্ট ডিক্রিপ্ঢ Decrypt) কৰিব নোৱাৰাকৈ ক্রিপ্টোগ্রাফীৰে তলা মাৰি থোৱা হয়, কিন্তু সময়ে সময়ে হেকাৰৰ আক্রমণে প্রমাণ কৰে যে সেই তলাবোৰ প্রকৃততে এশ শতাংশ সুৰক্ষিত নহয়৷
২০২১ চনৰ মে’ মাহত ফেডাৰেল ড্রেড কমিছনে Federal Trade Commission) সদৰী কৰা মতে, প্রৱঞ্চকৰ এটা দলে ২০২০ চনৰ অক্টোবৰ মাহৰ পৰা ইলন মাস্ক Elon Musk)ৰ ভুৱা পৰিচয় লৈ প্রায় ২ মিলিয়ন ডলাৰৰ ক্রিপ্টোকাৰেন্সী সৰকাবলৈ সক্ষম হৈছিল৷ আমেৰিকা যুক্তৰাষ্ট্রৰ উপভোক্তা সুৰক্ষা কমিটীৰ প্রাপ্ত তথ্য অনুসৰি অতিৰিক্ত লাভৰ ভুৱা প্রতিশ্রুতি আৰু গেৰাণ্টীৰ বশৱর্তী হৈ প্রায় ৭০০০ লোক ইতিমধ্যে প্রৱঞ্চনাৰ বলি হৈছে৷ অৱশ্যে এই ঠগ–প্রৱঞ্চনাৰ পৰা ৰক্ষা পৰাৰ উপায় নথকা নহয়৷ ইয়াৰ প্রথমটোৱে হৈছে কম সময়তে বেছি লাভৰ প্রতিশ্রুতিবোৰ এৰাই চলা৷ ইয়াৰ উপৰি ‘টু ফেক্টৰ অথেণ্টিকেচন’ ক্রিপ্ঢ ৱালেটৰ সুৰক্ষিত পৰিচালনা, ৱালেটৰ পৃথক ঠিকনা ৰখা আদি নানা সাৱধানতা অৱলম্বনৰ উপায় আছে৷
বিশ্ব অর্থনীতিৰ গতিবিধি, বিজ্ঞান–প্রযুক্তিৰ অসাধাৰণ উন্নতি আৰু ক্রিপ্টোকাৰেন্সীৰ বাঢ়ি অহা প্রাসংগিকতালৈ লক্ষ্য কৰিলে বিটকইন, ডজকইন আদিবোৰ যে শীঘ্রেই আমাৰ দৈনন্দিন জীৱনৰ এৰাব নোৱাৰা অংশ হৈ পৰিব, সেয়া সহজেই অনুমেয়৷ গতিকে সুস্থ বিবেকেৰে ভাল–বেয়া প্রত্যেকটো দিশ চালি–জাৰি সঠিক সিদ্ধান্ত লোৱাৰ দায়িত্ব কেৱল আমাৰ হাতত৷

You might also like