নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৌতূহল

Disinterested intelleclual cuorisity is the lifeblood of real civilisation .

-G M Travelyan

আধুনিক যুগৰ অন্যতম শ্রেষ্ঠ ইতিহাসবিদ আর্নল্ড টয়নবীয়ে জীৱনৰ ৬৫টা বছৰ উছর্গা কৰিছিল মাত্র এখন কিতাপ ৰচনা কৰিবলৈ ঃA Study of History.

এদিন এজন সাংবাদিকে আর্নল্ড টয়নবীক সুধিলে– কিহৰ তাড়নাত আপুনি জীৱনৰ সুদীর্ঘ ৬৫টা বছৰ উছর্গা কৰিলে মাত্র এখন কিতাপ ৰচনা কৰিবলৈ?
আর্নল্ড টয়নবীয়ে উত্তৰ দিলে মাত্র এটা শব্দত– ‘কৌতূহল’৷
ৰাছিয়াত কমিউনিজমৰ পতনৰ খবৰ বিশ্বজুৰি ৰাষ্ট্র হোৱাৰ সময়ত মই দিল্লীত আছিলোঁ৷ মোৰ বন্ধু চন্দ্রধৰ ত্রিপাঠীৰ দেউতাক ঊষাপতি ভাটে (তেৱোঁ এজন আই এ এছ বিষয়া আছিল) মোক ক’লে– ‘কি বৰগোহাঞি, কার্ল মার্ক্সক পৰাস্ত কৰি অৱশেষত দেখোন আর্নল্ড টয়নবীৰেই জয় হ’ল৷’
ঊষাপতি ভাটৰ এই মন্তব্যৰ অর্থ আছিল এইটোৱেই যে কার্ল মার্ক্সৰ ইতিহাসৰ বস্তুবাদী ব্যাখ্যা মিছা বুলি প্রমাণিত হ’ল, সঁচা বুলি প্রমাণিত হ’ল আর্নল্ড টয়নবীৰ সভ্যতাৰ উত্থান–পতনৰ ব্যাখ্যা৷
আর্নল্ড টয়নবীয়ে যোৱা ছয় হাজাৰ বছৰৰ ২৬টা বিভিন্ন সভ্যতাৰ জন্ম, বিকাশ আৰু বিনাশৰ গতি–প্রকৃতি অধ্যয়ন আৰু বিশ্লেষণ কৰি তেওঁৰ বিখ্যাত গ্রন্থA Study of Historyত ইতিহাসৰ এটা নতুন ব্যাখ্যা দাঙি ধৰিছে৷ তেওঁৰ মতে, মাত্র এটা সূত্রৰ দ্বাৰাই পৃথিৱীৰ সকলো সভ্যতাৰ বিকাশ আৰু বিনাশৰ কাৰণ নির্ণয় কৰিব পাৰি৷ তেওঁৰ এই সূত্রChallenge and Response অর্থাৎ প্রত্যাহ্বান আৰু প্রত্যুত্তৰ নামেৰে বিখ্যাত৷ টয়নবীয়ে অজস্র তথ্যপাতিৰ সহায়েৰে বিশ্লেষণ কৰি দেখুৱাইছে যে প্রত্যেক সমাজেই পদে পদে নানাধৰণৰ প্রত্যাহ্বানৰ সন্মুখীন হয় এইবোৰ প্রত্যাহ্বানৰ সন্মুখীন হ’বলৈ গৈ যিবোৰ সমাজে বুদ্ধিমত্তা আৰু প্রাণশক্তিৰ পৰিচয় দিয়ে, সেইবোৰ সমাজ বিকাশৰ পথত আগবাঢ়ি গৈ থাকে৷ যেতিয়াই কোনো এখন সমাজ বা কোনো এটা সভ্যতাই এনেবোৰ প্রত্যাহ্বানৰ সন্মুখত পৰাজয় স্বীকাৰ কৰে, তেতিয়াই সেই সমাজৰ বা সভ্যতাৰ পতন হয়৷
টয়নবীয়ে তেওঁৰ বিৰাট গ্রন্থত (সর্বমুঠ পৃষ্ঠা সংখ্যা ৩৪৮৮) এই ঘটনাৰ অজস্র উদাহৰণ দি তেওঁৰ ইতিহাস ব্যাখ্যা সত্য বুলি প্রমাণ কৰিবলৈ চেষ্টা কৰিছে৷
উদাহৰণস্বৰূপে, উত্তৰ আফ্রিকাৰ মৰুভূমি এসময়ত অতি সাৰুৱা জনপূর্ণ অঞ্চল আছিল৷ পশু চিকাৰ কৰি তাৰ অধিবাসীসকলে জীৱন ধাৰণ কৰিছিল৷ কিন্তু কালক্রমত ঠাইডোখৰ শুকাই মৰুভূমিত পৰিণত হ’বলৈ ধৰিলে, জীৱ–জন্তুবোৰ আন ঠাইলৈ পলাই গ’ল আৰু তাৰ অধিবাসীসকল জীৱন–মৰণ সমস্যাৰ সন্মুখীন হ’ল৷ এওঁলোকৰ কিছুমানে এই নতুন প্রত্যাহ্বানৰ সন্মুখীন হ’ব নোৱাৰিলে৷ জীৱ–জন্তু নোহোৱা হৈ যোৱা সত্ত্বেও তেওঁলোকে পূর্বাপৰ বৃত্তি সলনি কৰিব নোৱাৰি চিকাৰজীৱী হৈয়েই থাকিল৷ ফলত তেওঁলোকৰ কিছুমান মৰি নিশ্চিহ্ণ হ’ল, জীয়াই থকাবোৰ আদিম বন্য অৱস্থাতেই থাকি গ’ল৷
কিন্তু তাৰে আন কিছুমানে এই প্রত্যাহ্বানৰ উপযুক্ত প্রত্যুত্তৰ দিবলৈ সষ্টম হ’ল আৰু নিজৰ জীৱনধাৰাৰ আমূল পৰিৱর্তন কৰি পেলালে৷ তেওঁলোকে দলে দলে নীল নদীৰ উপত্যকালৈ প্রব্রজন কৰি তাৰ বিৰাট অৰণ্য পৰিষ্কাৰ কৰি নতুন বসতি স্থাপন কৰিলে, পিতনি আৰু জলাতক ঠাইবোৰৰ পানী উলিয়াই দি সেইবোৰ খেতিৰ উপযোগী কৰি তুলিলে নীল উপত্যকাক এখন বিৰাট শস্যক্ষেত্রত পৰিণত কৰিলে (পূর্ব বংগৰ পৰা অসমলৈ প্রব্রজন কৰা অভিবাসী মুছলমানসকলে অসমত কৰাৰ দৰে)৷ ফলস্বৰূপে এইসকল লোকেই গৌৰৱ–মণ্ডিত মিছৰীয় সভ্যতা সৃষ্টি কৰিলে৷ এই সভ্যতা ৪০০০ বছৰ জীয়াই থাকিল৷
টয়নবীৰ মতে, যেতিয়াই এখন সমাজ বা এটা সভ্যতাই ক্লান্তি বা আত্মসন্তুষ্টিৰ বশৱর্তী হৈ বাহিৰৰ বা ভিতৰৰ পৰা অহা প্রত্যাহ্বানৰ সন্মুখীন হ’বলৈ অসমর্থ হৈ পৰে, তেতিয়াই সেই সমাজ বা সভ্যতা ধ্বংসপ্রাপ্ত হয়৷ টয়নবীয়ে এই কথাও বিশ্বাস কৰে যে যিকোনো সভ্যতাৰে প্রাণশক্তি আৰু কর্মপ্রেৰণাৰ উৎস হ’ল সৃষ্টিশীল ব্যক্তিসকল বা এনে সৃষ্টিশীল ব্যক্তিৰে গঠিত সংখ্যালঘু গোটবোৰ৷
টয়নবীৰ মত সকলোৰে গ্রহণযোগ্য হওক বা নহওক, এটা বিষয়ে কোনো সন্দেহ নাই যে তেওঁ বিংশ শতাব্দীৰ জ্ঞান–পিপাসু মানুহক বহু নতুন চিন্তাৰ খোৰাক দিছে৷A Study of History মানুহৰ জ্ঞান–সাধনা, পাণ্ডিত্য আৰু শ্রমশক্তিৰ এটা যুগমীয়া নিদর্শন হৈ ৰ’ব৷ নিঃস্বার্থ জ্ঞান–পিপাসা আৰু অপৰিসীম শ্রমশক্তি তথা শ্রম–সহিষ্ণুতাৰ stamina) অধিকাৰী এনেবোৰ মানুহেই ইউৰোপীয় সভ্যতা–সংস্কৃতিক বিশ্বজয়ী কৰি তুলিছে৷ ঊনৈশ শতিকাৰ সর্বশ্রেষ্ঠ ব্রিটিছ দার্শনিক হার্বার্ট স্পেনছাৰে তেওঁৰ ৰোগ–ক্লান্ত জীৱনৰ ৩৭টা বছৰ উছর্গা কৰিছিল এখন মাত্র কিতাপ লিখিবলৈ ঃ ওঠৰতা খণ্ডৰ ছিন্থেটিক ফিলছফী৷ তেওঁ বিয়া কৰিবলৈকো পাহৰি গ’ল৷ এডৱার্ড গিবনে তেওঁৰ ৫৪ বছৰীয়া জীৱনৰ অধিকাংশ সময় উছর্গা কৰিলে মাত্র এখন কিতাপ ৰচনা কৰিবলৈ ঃDecline and Fall of the Roman Empire৷ তেওঁ বিয়া কৰিবলৈকো পাহৰি গ’ল৷ টমাছ কার্লাইলৰFrench Revolution নামৰ এহেজাৰ পৃষ্ঠাৰ পাণ্ডুলিপিখন জুয়ে পুৰি ছাই কৰাৰ পিছত তেওঁ কেৱল স্মৃতিশক্তিৰ পৰাই আকৌ লিখি উলিয়ালে সেই বিশাল কিতাপখন৷ … এনেকুৱা মানুহৰ কেৱল তালিকা লিখিবলৈকে দৰকাৰ হ’ব বহুতো পৃষ্ঠাৰ৷
আর্নল্ড টয়নবীৰ ছটা খণ্ড আৰু ৩৪৮৮ পৃষ্ঠাৰ বিশাল কিতাপখন প্রকাশ হৈ ওলোৱাৰ পাছত পণ্ডিতসকলৰ বাহিৰে সর্বসাধাৰণ মানুহৰ মনত ই বিশেষ কৌতূহল সৃষ্টি কৰিব পৰা নাছিল৷ কিন্তু ১৯৪৬ চনত ডি চি ছমাৰভেল নামৰ এজন ঐতিহাসিকে দুটা খণ্ডত ইয়াৰ এটা সংক্ষিপ্তসাৰ প্রকাশ কৰে আৰু লগে লগে সি বেষ্ট ছেলাৰত পৰিণত হয়৷ মই নিজেও সংক্ষেপিত এই দুটা খণ্ডহে পঢ়িছোঁ, আৰু প্রায় অর্ধশতিকা ধৰি দুটা খণ্ডৰA Study of History মোৰ লগৰীয়া হৈ মোৰ ক্ষুদ্র পুথিভঁৰালত আছে৷
এই চমু টোকাটো আৰম্ভ কৰিছিলোঁ আর্নল্ড টয়নবীৰ কৌতূহলৰ কথাৰে৷ প্রসংগতঃ মনলৈ আহিছে এৰিক হবছবমৰ কথা৷ আর্নল্ড টয়নবীৰ দৰেই এৰিক হবছবমো বিংশ শতাব্দীৰ এজন শীর্ষস্থানীয় ইতিহাসবিদ৷ কিন্তু টয়নবীৰ বিপৰীতে তেওঁ মার্ক্সবাদী ইতিহাসবিদ৷
২০১২ চনৰ ১ অক্টোবৰত প্রায় ৯৫ বছৰ বয়সত মৃত্যু হোৱাৰ এসপ্তাহৰ আগতে হবছবমৰ জীয়েক জুলিয়া হবছবমে তেওঁক সুধিছিল–‘তুমি তোমাৰ নাতিবোৰলৈ কি উপদেশ এৰি থৈ যাবা?’
হবছবমে উত্তৰত কৈছিল– ‘মই বিচাৰোঁ যে সিহঁত কৌতূহলী হওক৷ মানুহৰ আটাইতকৈ ডাঙৰ সম্পদ হ’ল কৌতূহল৷’
একেটা কথাকে প্রায় একেটা ভাষাতে বাৰম্বাৰ কৈছিল মহাবিজ্ঞানী এলবার্ট আইনষ্টাইনেও৷

You might also like