নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেৱোলাল গার্লোচা আৰু বিজেপি

   ভাৰতীয় জনতা পার্টীত প্রধানমন্ত্রীৰ দাবীদাৰৰূপে নৰেন্দ্র মোদীৰ অভ্যুত্থানৰ পিছৰেই পৰা আৰু অসমত ড০ হিমন্ত বিশ্ব শর্মাৰ বিজেপিত যোগদানে আমাকো দলটোৰ প্রতি আকর্ষিত কৰি তুলিছিল৷ প্রথম অৱস্থাত সকলো ঠিকেই আছিল৷ কিন্তু লাহে লাহে যেন দলটোৰ কাম–কাজে পূর্বৰ কংগ্রেছ দলৰ কাম–কাজবিলাকলৈ মনত পেলাবলৈ আৰম্ভ কৰিছে৷ বিভিন্ন দিশৰ ভিন্ন ক্ষেত্রত দলটো যেন দিশহীন হৈ পৰিছে৷ ন–পুৰণি মুষ্টিমেয়সংখ্যক নেতা–পালিনেতা ব্যস্ত হৈ পৰিছে ‘ক’ৰোনাৰে ধান চপোৱা’ সদৃশ ধন উপার্জনত৷ একেদৰে একাধিক অপৰাধীৰ বিচৰণভূমি হৈ পৰিছে বিজেপি দল৷ আজি আলোচনা কৰিবলৈ লৈছোঁ মাথোঁ এটা উদাহৰণেৰে৷

৷৷ ১ ৷৷

এইকেইদিন অসমৰ সংবাদ মাধ্যমত অতি চর্চিত বিজেপি নেতাজন হৈছে একালৰ দুর্ধর্ষ উগ্রপন্থী আৰু এতিয়াৰ উত্তৰ কাছাৰ পার্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য দেৱোলাল গার্লোচা ওৰফে ডেনিয়েল ডিমাচা৷ এইকেইদিন এই নেতাজন চর্চাত থকাৰ মুখ্য কাৰণ হৈছে ২০০৭ চনৰ ৪ জুন তাৰিখে উত্তৰ কাছাৰ পার্বত্য স্বায়ত্তশাসিত পৰিষদৰ প্রাক্তন মুখ্য কার্যবাহী সদস্য পূর্ণেন্দু লাংথাছা আৰু কার্যবাহী সদস্য নিন্দু লাংথাছাৰ দেশ কঁপোৱা হত্যাকাণ্ডৰ ওপৰত অসম আৰক্ষীয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা শপতনামা৷ ২৭ পৃষ্ঠাজোৰা শপতনামাখনত ১৩নং পৃষ্ঠাত কোৱা হৈছে যে During investigation of Dihangi P.S. Case No. 02/2008 U/S 120 (B)/ 121/121 (A)/ 302/392 IPC, R/W Sec 27 Arms Act and Added Sec. 10 of UA(P) Act, A prima Facie case U/S 120(B)/109/121/121(A)/ 396 IPC R/W Sec. 27 Arms Act and 10 of UA(P) Act was found well estatlished, and sufficient evidence was found against the following arrested accused persons to prosecute them in connection with case.’ অর্থাৎ পূর্ণেন্দু–নিন্দু হত্যাকাণ্ডৰ হত্যাকাৰীক অসম আৰক্ষীয়ে চিনাক্ত কৰিছে আৰু পর্যাপ্ত প্রমাণ অসম আৰক্ষীৰ হাতত আছে, য’ত ছয়জন এই হত্যাৰ লগত জড়িত অপৰাধীৰ নাম সন্নিৱিষ্ট কৰি শপতনামা দাখিল কৰা হৈছে৷ তাৰ দুই নং স্থানত থকা নামটোৱেই হৈছে দেৱোলাল গার্লোচা ওৰফে ডেনিয়েল ডিমাচা৷ দেৱোলাল কেৱল যে এই অপৰাধতেই জড়িত এনে নহয়, ইতিমধ্যেই চাৰিটা গোচৰৰ চার্জশ্বীট আছে দেৱোলাল ওৰফে ডেনিয়েলৰ নামত৷ নক’লেও হ’ব প্রায়কেইটা গোচৰতেই লাগি আছে ১২১ আৰু ৩০২ৰ দৰে ভাৰতীয় দণ্ডবিধিৰ দেশদ্রোহিতা আৰু হত্যাৰ ধাৰা৷ বিজেপিৰ দলীয় নেতৃত্বৰ মতে, দেৱোলাল এতিয়াও দোষী সাব্যস্ত convict) হোৱা নাই৷ গতিকে তেওঁ শাসনত থাকিব পাৰে৷ আইনৰ টেকনিকেল শব্দ বা বিচাৰৰ উপৰি দল এটাৰ নিজস্ব ধ্যান– ধাৰণা থকাটো (বিশেষকৈ অপৰাধৰ ক্ষেত্রত) উচিত নহয়নে প্রয়াত নিন্দু লাংথাছাৰ পুত্র ডেনিয়েল লাংথাছাই গুৱাহাটী উচ্চ ন্যায়ালয়ত পিতৃৰ হত্যাকাণ্ডৰ ন্যায় বিচাৰি তৰা আবেদনৰ ভিত্তিত অসম আৰক্ষীয়ে দাখিল কৰিছিল শপতনামা৷ ডেনিয়েল লাংথাছা সম্প্রতি হাফলং সমষ্টিৰ পৰা নির্বাচিত হৈ অহা পৰিষদৰ সদস্য৷ অর্থাৎ পৰিষদৰ ছেছন হলত ডেনিয়েল লাংথাছা মুখামুখি হয় পিতৃ হত্যাত অভিযুক্ত আৰু চৰকাৰখনে ৰক্ষণাবেক্ষণ দিবলৈ উঠিপৰি লগা দেৱোলাল গর্লোচাৰ৷

৷৷ ২ ৷৷

দেৱোলাল গার্লোচা মুখ্য কার্যবাহী সদস্য পদত অধিষ্ঠিত হোৱাৰ চাৰি মাহ পিছতেই অর্থাৎ ২০১৬ চনৰ অক্টোবৰ মাহত ৰাজ্যসভাৰ প্রাক্তন সাংসদ তথা উত্তৰ কাছাৰ পার্বত্য স্বায়ত্তশাসিত পৰিষদৰ প্রাক্তন মুখ্য কার্যবাহী সদস্য প্রকান্ত ৱাৰিছাক ছমাহত দুগুণ লাভ বিচাৰি নগদ পঞ্চাশ লাখ টকা ঋণ প্রদান কৰিছিল দেৱোলাল গর্লোচাই৷ উল্লেখ্য যে পৰিষদৰ সদস্যৰ দৰমহা আছিল তেতিয়া ৫ হাজাৰ টকা, কার্যবাহী সদস্যৰ প্রায় ১০ হাজাৰ টকা, মুখ্য কার্যবাহী সদস্যৰ দৰমহা আছিল প্রায় ১২ হাজাৰ টকা৷ দেৱোলালে ২০১৩ চনৰ মে’ মাহৰ পৰা ২০১৫ চনৰ অক্টোবৰ মাহলৈ ২৯ মাহ সদস্য, ২০১৫ চনৰ নৱেম্বৰ মাহৰ পৰা ২০১৬ চনৰ জুন মাহলৈ ৮ মাহ কার্যবাহী সদস্য আৰু ২০১৬ চনৰ জুন মাহৰ পৰা অক্টোবৰ মাহলৈ ৪ মাহ মুখ্য কার্যবাহী সদস্য হিচাপে পৰিষদৰ পৰা সর্বমুঠ দৰমহা পাইছিল ২,৭৩,০০০ টকা৷ ইয়াৰ পূর্বে ২০০৬ চনৰ পৰা ২০১২ চনৰ ৮ অক্টোবৰত চৰকাৰৰ সৈতে মীমাংসাৰ চুক্তিত স্বাক্ষৰ কৰাৰ পর্বলৈকে ডেনিয়েলৰূপী দেৱোলাল আছিল উগ্রপন্থী৷ এতিয়া প্রশ্ণ উঠিছে এগৰাকী প্রাক্তন সাংসদক নগদ পঞ্চাশ লাখ টকা দিবলৈ এই বৃহৎ অংকৰ ধন হঠাৎ ক’ৰ পৰা পালে দেৱোলালে? সততা আৰু নিষ্ঠাৰ কথা কোৱা বিজেপিৰ শীর্ষ নেতৃত্বই জবাবদিহি কৰিব নালাগিছিলনে দেৱোলালক কিন্তু সাহস আছে জানো বিজেপি নেতৃত্বৰ

৷৷ ৩ ৷৷

উত্তৰ কাছাৰ পার্বত্য স্বায়ত্তশাসিত পৰিষদৰ প্রাক্তন কার্যবাহী সদস্য মহেন্দ্র কেম্প্রাইৰ জ্যেষ্ঠ ভাতৃ জীৱন কেম্প্রাইৰ অপহৰণ হৈছিল ২০১৬ চনৰ ২৭ জানুৱাৰীৰ নিশা প্রায় চাৰে ৯ বজাত৷ ২৮ জানুৱাৰীত মহেন্দ্র কেম্প্রায়ে দিয়াংমুখ আৰক্ষী থানাত দাখিল কৰা এজাহাৰখনত উল্লেখ কৰা মতে, জ্যেষ্ঠ ভাতৃ জীৱনক অপহৰণৰ সময়ত অপহৰণকাৰীয়ে সেই বছৰৰে ২৯ জানুৱাৰীত হ’ব লগা পৰিষদৰ অনাস্থা প্রস্তাৱ কার্যসূচীত মহেন্দ্র উপস্থিত থাকিলে বিপদ হ’ব বুলি ভাবুকি প্রদান কৰিছিল৷ সেই সময়ত পৰিষদ চলাইছিল নিৰঞ্জন হোজাই আৰু দেৱোলাল গার্লোচাই৷ আৰু জীৱন কেম্প্রাই অপহূত হোৱা হাম্ৰি সমষ্টিটোক প্রতিনিধিত্ব কৰিছিল দেৱোলাল গার্লোচাই৷ মহেন্দ্রই অপহৰণকাৰীৰ ভাবুকি নামানি নিৰঞ্জন–দেৱোলালৰ বিৰুদ্ধে অনা অনাস্থা প্রস্তাৱত উপস্থিত আছিল আৰু নিৰঞ্জন–দেৱোলালৰ পৰা শাসনভাৰ দেৱজিৎ থাউচেনৰ হাতলৈ গৈছিল৷ জীৱন কেম্প্রাইৰ শুংসূত্র এতিয়ালৈ অসম আৰক্ষীয়ে উলিয়াব পৰা নাই৷

৷৷ ৪ ৷৷

ডিমা হাছাও জিলাৰ ১৯টা সৰু–বৰ জাতি জনগোষ্ঠীৰ প্রায়বোৰ সংগঠনৰ সৈতে আমাৰ যোগাযোগ হয় প্রতিদিনেই৷ ৮০ শতাংশই দেৱোলাল গার্লোচাক মুখ্য কার্যবাহী সদস্যৰ পৰা আঁতৰোৱাৰ বাবে আর্জি পেচ কৰি অহাৰ খবৰ আমাৰ হাতত আছে৷ সকলোৰে এটাই কথা– দেৱোলাল স্বেচ্ছাচাৰী, অশিক্ষিত আৰু অদক্ষ৷ ৰাইজৰ এই অনুভৱ অৱশ্যেই উপেক্ষা কৰি আহিছে বিজেপিৰ শীর্ষ নেতৃত্বই৷

উপসংহাৰঃ দেৱোলাল গর্লোচাৰ প্রতি আমাৰ কোনো ব্যক্তিগত পৰাকাষ্ঠা নাই৷ কিন্তু সমাজৰ হিতৰ কাৰণেই অন্ততঃ এনে ব্যক্তি শাসনত থকা উচিত নহয়৷ উগ্রপন্থী হৈ থকা সময়ৰ কাজ–কর্ম এতিয়াও যেন দেৱোলালে পাহৰিব পৰা নাই৷ মনৰ ভিতৰত সোমাই আছে উগ্রপন্থাৰ ভাব৷ ৰাইজৰ কাৰণে নিতান্তই দুর্বিষহ বিষয়৷ ষষ্ঠ অনুসূচীৰ ওপৰত বিশেষ জ্ঞান আৰু দক্ষতা থকা সৎ, ভদ্র আৰু অমায়িক প্রকৃতিৰ প্রাক্তন বিধায়ক সমৰজিৎ হাফলংবাৰক দলৰ পৰা বহিষ্কাৰ কৰা হৈছে৷ জিলা বিজেপিৰ উপ–সভাপতিৰ পদত থকা হাফলংবাৰৰ দোষ আছিল নাগালিম ইছ্যুক কেন্দ্র কৰি হোৱা উত্তেজনাত জিলা প্রশাসনৰ হাতত মাইবাঙৰ দুজন যুৱক ২০১৮ চনত নিহত হৈছিল৷ আৰক্ষীৰ গুলীত নিহত যুৱক দুজনৰ হৈ মাত মাতিছিল হাফলংবাৰে৷ স্বাভাৱিকতেই মুখ্য কার্যবাহী সদস্য দেৱোলালৰ ৰোষত পৰি দলৰ পৰাই বহিষৃকত হ’ল সমৰজিৎ৷

হত্যাৰ অভিযোগত অসম আৰক্ষীৰ শপতনামাতকৈও ভয়ংকৰ আছিল নে সমৰজিৎ হাফলংবাৰৰ কাণ্ড? ৰাজ্যিক বিজেপিৰ ন্যায়ৰ তুলাচনীখনত চাগে ওজন বৃদ্ধি কৰিব পৰা ক্ষমতা নিষ্ঠাৱান সমৰজিতৰ পক্ষে জেপ শূন্য আছিল৷ আমি ভাবোঁ সাংগঠনিক লাভালাভৰ বিপৰীতে হয়তো কাৰোবাৰ জেপৰ লাভালাভ বৃদ্ধি পাইছে কিন্তু দাগী অপৰাধীৰ পৰিৱর্তে স্বাভাৱিক ৰাজনীতিক এজনৰ যোগেদি পৰিষদ, দলীয় সংগঠন, অন্যান্য সকলো দিশত লাভালাভৰ অংক কৰাহে ৰাজ্যিক বিজেপিৰ কাৰণে শ্রেয়৷

  • দিগন্ত দাস

ফোনঃ ৯৪৩৫০–৭৭৬১১

You might also like