লক্ডাউননামা
ইতিমধ্যে, প্রৱন্ধ–পাতি, গল্প, কবিতা আদিৰ যোগে,– ‘লক্ডাউন্ সাহিত্য’ বুলিব পৰাকৈ এক প্রকাৰৰ সাহিত্যয় সৃষ্টি হৈ গৈছে৷ আদাৰ জালৰ জুতি পাই এই কেঁতুৰিৰো গা উঠিল৷ সেয়ে বোলোঁ তাকে লৈ মঞি মূঢ়মতিয়েও কলমকে অকণমান পিহোঁ৷ ক’বলগীয়া কথাৰ লেখৰ অন্ত নাই৷ আনবোৰ পাছে–পৰে কেতিয়াবালৈ বুলি হেঁচুকি থৈ আমি সিবোৰৰ ভিতৰত মাথোন গোটাদিয়েকহে বেকত কৰোঁ বুলি ওলালোঁ ৷
পিচে তালৈ যোৱাৰ আগেয়ে, জয়জয়তে, একো দায়–দোষ নধৰিবৰ বাবে অসমৰ সমূহ সত্রৰ অধিকাৰ প্রভুসকললৈ বিনতি জনাই, পাঠকবৃন্দৰ লগত নাওমান ‘সৰু ধেমালি’ কৰি ল’ব খুজিছোঁ৷ লক্ডাউন্–এ কার্য্যতঃ আনিলে গৃহবন্দিত্ব৷ যোৱা প্রায় দুমাহ কাল ভাত, দাইল, আলু পিটিকা খাই ঘৰতে সোমাই আছোঁ৷ দুটামান একান্ত ব্যক্তিগত কাৰণত কেতিয়াবা ওলাই যাবৰ বাবে গাড়ী চলাবলৈ কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ পৰা অনুমতি পত্র এখন যোগাৰ কৰি লৈছিলোঁ৷ কিন্তু ওলাই গৈছিলোঁ মুঠতে পাঁচ–ছয়বাৰহে৷ দূৰত্বও অহাই–যোৱাই খুব বেছি ২/৩ কিলোমিটাৰহে৷ মুখত মাস্ক্ (‘মাক্স’ নহয়), মূৰত কেতিয়াবা এটা টুপী, কেতিয়াবা গামোচা৷ তাৰে ছে’ল্ফী তুলিছিলোঁ, ছে’ল্ফী তোলা, জীৱনত সেয়ে প্রথম৷ তাকে পঠাই দিছিলোঁ ছয়মাইল–জয়ানগৰ থকা বিৱাহিতা দুহিতালৈ৷ টাইপ্ কৰিছিলোঁ– ‘অসমীয়া হৈ মূৰত গামোচা বান্ধি মুকলিকৈ ওলোৱাৰ আনন্দ আৰু গৌৰৱেয় সুকীয়া’৷ তাই মন্তব্য দিলে–’Omn, deutaa, Oxomeeyaa Robin Hood’ (.)৷ মই উত্তৰ দিলোঁNahay O Putolee, Deven Hood’ (.)৷ মূৰত গামোচা বন্ধা আৰু টুপী পিন্ধাৰ কাৰণ হ’ল,– যোৱা দুমাহত চুলি বাঢ়ি ইমান দীঘল হ’ল যে কেশ গুচি কেশৰ হ’ল৷ ফলত বাহিৰলৈ ওলাই যোৱাও মস্কিল হ’ল৷ কাৰণ,– (‘ৰ’ব, মোৰ ‘মুদ্রাদোষ’টো সাব্যস্ত কৰি লওঁ,– ডাব্ল অউ oo থাকিলে দার্ঘ–ঊ–কাৰ হয়) ইতিমধ্যে, চৰকাৰী নির্দেশ মতে ছেলূনবোৰো বন্ধ হোৱাত কেশৰ কটাব নোৱৰা অৱস্থাত পৰিলোঁ৷ এতিয়া, দায়–দোষ, হ’লে খেমিবলৈ যে বিনতি কৰিছিলোঁ,– কথাফেৰা হ’ল, চুলি বৰকৈ দীঘল হোৱা হেতুকে চম্ভালিবলৈ একালি টান পৰাত, মাজতে ভাবিছিলোঁ,– নিজে থকা সুন্দৰপুৰতে কিছু শিচ্–ভকত গোটাই লৈ ‘সুন্দৰপুৰ সত্র’ নামে সত্র এখনকে পাতি ‘অধিকাৰ’ হৈয়েই লওঁ নেকি
এতিয়া সিবোৰ কথা দেখি–শুনি ৰং লাগিছে যে, তাহানিৰে পৰা, টকা–পইচা খাই গেৰেলা হৈ জগা কাঠ পৰাদি পৰি থকা চৰকাৰী বিভাগসমূহ আৰু লোকসকলৰ অনেকবোৰ এতিয়া লক্ডাউন্ৰ সময়ত বেছ সক্রিয়, সপ্রতিভ হৈ উঠিছে৷ বহুবাৰ লিখিছিলোঁ আৰু সুধিছিলোঁ যে তৰুণ গগৈ, গৃহ বিভাগৰ বহি ৰজা আৰু ৰকিবুল হুছেইন উঠি ৰজা হৈ থকা সময়তে নহয়, পাছলৈ গৃহ বিভাগৰ লগত একো আনুষ্ঠানিক সম্পর্ক নথকা সময়তো বিভাগৰ নপতা ফুকন হৈ থকা ৰকিবুল হুছেইনে সদনৰ ভিতৰে–বাহিৰে সঘনাই কৈ থকা,– আৰক্ষী বাহিনীত দহ হাজাৰ নতুন চিপাহী–বিষয়া নিযুক্ত হোৱা বোলা কথাষাৰ যে বর্তমান মুখ্য তথা গৃহ মন্ত্রী সর্বানন্দ সোণোৱালেও বহুবাৰ আবৃত্তি কৰি আছিল, সেই দহ হাজাৰ আৰক্ষী লোক গ’ল ক’লৈ, তৰুণ গগৈৰ ‘বীৰাংগনা’সকল গ’ল ক’লৈ বিপদ–আপদৰ সময়ত সিবোৰক পোৱা নাযায় কিয়, ৰাজআলিত গাড়ী দুর্ঘটনাত বছৰি ৪৫০০–৫০০০ মানুহ কুকুৰ–মেকুৰীৰ দৰে সিফলীয়া হোৱা সত্ত্বেও সেইবোৰ প্রতিৰোধ কৰিবৰ বাবে যথাস্থানত বগা সমৱেশ (এতিয়া নীলা) পৰিহিত যথেষ্ট সংখ্যক যান–বাহন আৰক্ষী মোতায়েন কৰা নহয় কিয় বুলি৷ অলেখবাৰ৷ কিন্তু কোনো পক্ষৰ পৰা একো উত্তৰ নাহে ৷
পিছে এতিয়া দেখোন শেনৰ এজাত মুলুকৰ চৌদিশে য’তে, যেতিয়াই উতনুৱা চেঙেলীয়া বা ডেকা কিম্বা পিলিঙা প্রৌঢ় লোকে লক্ডাউন্ ভাঙি বাইক বা স্কুটাৰত দুফেৰা–তিনিফেৰাকৈ উঠি ৰাজপথত কিবা সমীক্ষা চলাই টিঘিলঘিলাইছেহি, আমাৰ সর্বব্যাপী, আৰক্ষীয়ে ত’তে তেতিয়াই, শেনে কণুৱালৈ আৰু কুৰুৱাই (অসমীয়া ঈগ্ল্) কপৌ আৰু এন্দুৰলৈ চোঁ মৰাৰ দৰে চোঁ মাৰি আহি ‘বিন্দাছ্’ বাপুহঁতৰ ওপৰত জঁপিয়াই পৰি গুৰুলা–গুৰুলকৈ পিটি ৰাজআলিৰ ওপৰতে খেনোক কাণত ধৰাই উঠা–বহা কৰাই, খেনোক ভেকোলা জাঁপ মৰাই আৰু খেনোক বুক্ডন (মানে,– বুকু ডাউন্) কৰাই লবেজান কৰাই দিছে৷ নীতিগতভাৱে মই এইটো সমর্থন নকৰোঁ, আন বহুতেও নকৰে৷ কিন্তু সেইবোৰ, কোৱা কথাহে৷ নিয়ম মাফিক, ইমানবোৰ মানুহৰ নাম, ঠিকনা আদি ক’ত, কিমান সময় লৈ টুকি ৰাখি ক’ত, কেতিয়া গোচৰ দাখিল কৰিব, সেইবোৰ গোচৰৰ নিষ্পত্তি কিমান বিচাৰকে কিমান বছৰৰ মূৰত কেতিয়া কৰিব, কাৰ কি শাস্তি হ’ব, সেইবোৰ প্রশ্ণৰ অন্ত নাই৷ তাতে, ইমানবোৰ মানুহক ক’ৰ পইচাৰে খুৱাই–বুৱাই কিমান দিনলৈ হাজোতত, মানে, লক–আপত (‘ল’ক–আপ’ নহয়) একেলগে ৰাখিব, ইমানবোৰ হাজোত ক’ত ওলাব (তাতে, কভিড্–১৯) ইত্যাদি ‘হৰে’ক ছৱাল, জিস্কা কোঈ জৱাব নহী– লা জৱাব’৷ গতিকে,– ‘ড্রেস্তিক্ ৰে’মিডি ফ(ৰ্)এ’ ড্রেস্তিক্ ডিযীয্’ তদুপৰি, ৰ’দে–বৰষুণে, লঘোনে–ভোকে দিনে–ৰাতিয়ে খাপ পিটি, লৰা–ঢ়পৰা কৰি হায়ৰাণ হৈ থকা লোকৰ হাত–ভৰিৰ খজুৱতি মৰাৰ কথাও আছে৷ বাকচৰ পর্দাত দর্শকেও ধাৰা বিৱৰণীৰ জুতি লগা বচন সহিতে পৰিৱেশিত, ঘটনাৰ নাট্যৰূপৰ জুতিও লভিব পাৰিছে ৷
দেখা গ’ল,– সততে এলেহুৱা, পেটুৱা, দুর্নীতিগ্রস্ত বুলি সমালোচিত আমাৰ আৰক্ষী বাহিনীৰ লোকসকলেও প্রয়োজনত তৎপৰভাৱে আৰু কুশলতাৰে কাম কৰিব পাৰে৷ কিন্তু ৰাজহুৱা কল্যাণৰ স্বার্থত যথোচিতভাৱে সদ্ব্যৱহাৰ কৰাৰ পৰিৱর্তে যদিহে আৰক্ষীক (বা আন যিকোনো চৰকাৰী লোককে) সদায় ক্ষুদ্র, সংকীর্ণ দলীয় ৰাজনৈতিক স্বার্থত অপ–ব্যৱহাৰ কৰি থকা যায়, তেনেহ’লে আৰক্ষীও বা আন সকলো কামচোৰ, ধোদ, ফাঁকিবাজ, দুর্নীতিগ্রস্ত বে’–পৰোৱা আৰু অত্যাচাৰী হৈ পৰে৷ দৰাচলতে, সমগ্র বিষয়টো, নেতৃত্ব প্রদান তথা সৎ উদ্দেশ্যৰে প্রণোদন (মৌটিভেইশ্ন্)ৰ ওপৰত নির্ভৰশীল৷ অৱশ্যে, বর্তমান দৃশ্যপটত সার্বিক, আগ্রাসী মহাসংকটৰ ব্যক্তিগত উপলব্ধিৰ কথাও আছে ৷
এইখিনিতে দুটা কথা৷ প্রথমটো হ’ল,– এই যে আমাৰ আৰক্ষী বাহিনী হঠাৎ ইমান তৎপৰ আৰু কর্মদক্ষ হৈ উঠাৰ উপৰি, এই যে আমাৰ মুলুকৰ সর্বত্র বিয়পি পৰাকৈ হঠাৎ ইমানবোৰ আৰক্ষী লোক (নতুন দহ হাজাৰ?) ওলাল, এইসকলে অতদিনে ক’ত অজ্ঞাতবাস খাটি আছিল? অতদিনে তেওঁলোকৰ একো ‘প্রয়োজন’ হোৱা নাছিল নেকি? আটায়ে জনা কথা যে বাহিনীৰ পৰম বৰমূৰীয়া চাহেব–মেমচাহেবাস ঘৰ–গৃহস্থালিত সকলো প্রকাৰৰ (ভালদৰে বুজি লওক) ঘৰুৱা কর্ম সম্পাদনৰ অর্থে লগুৱা–লিকচৌ ৰূপে, ৰাইজৰ ধনেৰে বেতন ভোগ কৰা চিপাহীৰ সৰু–সুৰা একোটা পল্টনতো থাকেই, উচ্চ মধ্যম, মধ্যম আৰু নিম্ন মধ্যম বর্গৰ বিষয়াসকলৰো ঘৰে ঘৰে, পদমর্য্যাদা অনুযায়ী বুজন সংখ্যক চিপাহী বিভিন্ন ‘অর্ডালি’ৰূপে নিয়োজিত হৈ থাকে৷ এতিয়া প্রথম কথা, মানে, প্রশ্নটো হ’ল,– অতদিনে সেই ‘দহ হাজাৰ’ চিপাহী ৰাজনৈতিক নেতা, পালিনেতা, বিভিন্ন বর্গৰ আৰক্ষী বিষয়া, প্রশাসনীয় বিষয়া, তথা মুলুকলৈ ‘সার্বভৌমত্ব’ আনিবলৈ গৈ শেষত নেগুৰ পেলোৱা ৰুদ্র বিপ্লৱীগণৰ নিৰাপত্তাৰক্ষী বা লিটিকাই হৈ আছিল নেকি ?
দ্বিতীয় প্রশ্নটো হ’ল, আমি যে মুখা পৰিধান কৰি আৰু, গাড়ী চলাওঁতে গাত ছীট্ বে’ল্ট্ বান্ধিহে বাহিৰলৈ ওলাওঁ, আন অসংখ্য লোকে একো আইন–বিধি, নির্দেশ নামানিবলৈ ‘সাহস’ কৰে কেনেকৈ? কিয়? সেইবোৰ মানুহে ‘আইন অমান্য আন্দোলন’ কৰি মহাত্মা গান্ধী হ’ব খোজে নেকি? আৰু, কাম নথকাকৈ ওলাই অহা বুলি আৰু মুখা নিপিন্ধা বুলি যে দবা পিটা দিয়ে, বাইক–স্কুটাৰত তিনিফেৰালৈকে উঠা বুলি আৰু অন্ততঃ চালকফেৰাই হে’ল্মিট্ নিপিন্ধা বুলি নধৰে কিয়? দৰাচলতে চৰকাৰে দৈনন্দিন জীৱন যাত্রাত মানুহে নাগৰিক জীৱনৰ সাধাৰণ আইন আৰু আচৰণ–বিধি নমনা কথাটো আওকাণ কৰি প্রকাৰান্তৰে প্রশ্রয় দিওঁতে দিওঁতে, বেছিভাগ মানুহ একপ্রকাৰ ‘নিৰীহভাৱে’ই তেনে আচৰণত অভ্যস্ত হৈ গ’ল৷ বিশেষতঃ তৰুণ গগৈৰ লেলপেলীয়া পোন্ধৰ বছৰীয়া (অপ–)শাসন কালত সেই প্রপঞ্চটো মুলুকত নিগাজি হৈ গ’ল৷ বাতৰি কাকতত আৰু বাকচৰ পর্দাত মই এই কথা বহুবাৰ লিখিছিলোঁ, কৈছিলোঁ যে অসমৰ ৰাজপথত আৰু অন্যান্য ক্ষেত্রত আইন–শৃংখলাৰ অৱস্থাটো দেখিলে, ৰাজ্যখনত যে এখন চৰকাৰ আছে, এজন মুখ্য মন্ত্রী তথা গৃহ মন্ত্রী আছে, এজন মুখ্য সচিব, এজন গৃহ সচিব, এজন আৰক্ষী সঞ্চালক প্রধান আৰু সিসৱৰ অধীনস্থ অনেক উচ্চ পদাধিকাৰী আছে, সেই কথা বিশ্বাস কৰিবলৈকে টান৷ এতিয়া বাৰুকৈ ফলাও কৰা হৈছে যে ৰাজহুৱা ঠাইত থুই পেলোৱাটো দণ্ডনীয় হ’ব কিন্তু দণ্ডনো কি, সেইটো হ’লে কোৱা হোৱা নাই৷ আৰু, কভিড্–১৯ৰ প্রৱেশৰ আগলৈকে, য’তে ত’তে থুই পেলোৱা কার্য্যটো অপৰাধ বুলি গণ্য কৰিব পৰা আচৰণ নাছিল নেকি? কিম্বা তাৰ প্রস্থানৰ পাছতো তেনে নহ’ব নেকি? পিচে, অন্ততঃ বিগত দিনকেইটাতে কোনো ৰাজহুৱা স্থানতে কোনেও থুই, তামোলৰ পিক আদি পেলোৱা নাইনে? মই কার্য ব্যৱস্থা গ্রহণৰ বিৰোধিতা কৰা নির্বোধ লোক নহওঁ ওৰেটো জীৱন সুস্থ, শৃংখলিত নাগৰিক পৰিৱেশৰ অনুকুলেহে মাত মাতি আহিছোঁ৷ কিন্তু কথা হৈছে, এনে কার্য ব্যৱস্থাৰ বাবে এটা সুপৰিকল্পিত, সমন্বিত বিতং ব্যৱস্থা (নে’টৱর্ক্)ও লাগিব৷ কোনে ক’ত কেতিয়া থুই বা পিক পেলায়, ঠাইতে ধৰা পেলাবলৈ, চোৰাংচোৱাৰে হওক বা আন কিবাৰে হওক, এটা তৎপৰ কর্মবাহিনী লাগিব৷ সেয়ে নহ’লে, প্রায় সকলো চৰকাৰী ঘোষণাৰ যি গতি হয়, সেই গতিয়েয় হ’বঃ মানে, কোৱা কথা ক’লে, গ’ল কথা, গুচিল আৰু ৷
ওঁ, গ’ল কথা, গুচিল৷ মানে, সুলভ সামগ্রীৰ (‘সুলভ মূল্যৰ’ নহয়) দোকানৰ যোগে চৰকাৰে আলু–পিঁয়াজ যোগান ধৰা ব্যৱস্থাৰ যি গতি, সেই গতি এতিয়া কভিড্–১৯ যুদ্ধত ৰাইজক গলিয়ে গলিয়ে শাক–পাচলি যোগান ধৰা চৰকাৰী ব্যৱস্থাৰ যি গতি, সেই গতি ঃ কুৰি টকীয়া ‘চৰকাৰী পাচলি’ সিয়ান ‘উদ্যোগী’ দোকানী–বেপাৰীয়ে ঠাইতে সাউতকৈ কিনি লৈ নাওমান দূৰতে চল্লিশ টকাত বেচাৰ কাহিনী বস্তু–বাহানিৰ দাম চৌ চৌকৈ বঢ়া নাই, ডাঙৰ জুইৰ দৰে, ভৌ ভৌ শব্দ কৰি বাঢ়িছে৷ যিয়ে (জোনে?) যেনেকৈ পাৰে, সিয়ে তেনেকৈয়ে দাম বঢ়াই ডকাইতি কৰিছে৷ ৰহৰ আৰু ফলা মগুৰ দাম কিছুমান দোকানত প্রতিকিলোত ১০০/১১০ টকা, অলপ আঁতৰতে আন কিছুমানত ১৩০/১৪০ টকা৷ পাইকাৰী বেপাৰী আৰু খুচুৰা বেপাৰী বেলেগ৷ খুচুৰা বেপাৰী পাইকাৰী হ’ব নোৱাৰে৷ দাম বেছিকৈ লুটা খুচুৰা বেপাৰীয়ে কয়– ‘মই পাঁচ কিলো কিনি আনিহে বেচিছোঁ৷’ মই কওঁ– ‘আপুনি সেই অজুহাতত বেছি দাম লৈ বেচি আছে৷ পাঁচ কিলোগ্রেমৰে তিনি কিলোগ্রেম আপুনি বেচিব আৰু বাকী দুই কিলো আপোনাৰ পৰা ‘পাইকাৰী’ হিচাপ’ত কিনি নি, আপুনি লুটা দামতকৈও অধিক দাম লুটি সেই দুই কিলোকে দুশ/আঢ়ৈশ গ্রেমকৈ বেচিব আপোনালোক কি স্বয়ম্ভূ ‘পাইকাৰী’ ওলাইছে আৰু আপোনালোক আটায়ে যোগান বিভাগৰ চৰকাৰী চোৰবোৰৰ সৈতে যোত্র পাতি দেশত মহামাৰী চলি থকা সংকটৰ সময়ত এইবোৰ কেনেকুৱা বজাৰ চলাই জনসেৱা কৰিছে?’ উত্তৰ কি দিব? উত্তৰ নাই৷ হয়তো, তাহানিতে বজাৰত নাটক কৰা মহন্ত, সোণোৱাল আৰু ডিব্রুগড়ীয়া ফুকনৰ হাততহে আছে ইয়াৰ উত্তৰ৷ যোগান মন্ত্রী ফণীভূষণ চৌধুৰী থম থম মদন গোপাল চকীখন ৰাখিব পাৰিলেই হ’ল৷ ২০১৯ চনৰ ৭ মেইত অধমৰ ঘৰলৈ আহি অমাত্য প্রৱৰে কিবা–কিবি পৰামর্শ বিচাৰোঁতে অধমে ‘নোৱৰামর্শ’বোৰ বাদ দি ভালেকেইটা ‘পৰা’মর্শ দিছিল অধমৰ সাধ্যানুসাৰে৷ অমাত্যই ওঁ–আঁ কৰি থাকিল, কিন্তু হাঁ–না একো নক’লে৷ হয়তো ভাবিলে,– ইমান দশক জুৰি বিভাগটো হাতৰ মুঠিত ৰাখি চলাই অহা যিসকল আমোলা–বিষয়া আৰু পৰিদর্শকৰ যহত ‘শাক–সেন্দুৰ, সেই সকলকনো কেনেকৈ পাতে ভোকোৰা এন্দুৰ? আৰু, এই অধমৰ দৰে অচিন কাঠৰ থোৰানো ঢেঁকীত লগায় কেনেকৈ ?
কৈছিলোঁ– ‘শাক–পাচলিবোৰ খেতিয়কৰ উৎপাদন থলীৰ পৰা আহি গ্রাহকৰ বজাৰ পোৱাহিলৈকে বাটত হেঙাৰ পাতি বোন্দাপৰ দি থকা আৰক্ষী ছিণ্ডিকেইটে আৰু বৃত্তিধাৰী মধ্যভোগী ৰাজনৈতিক দলীয় দালাল–লিটিকাইৰ ছিণ্ডিকেইট্সমূহে নির্বিবাদে চান্দা–ঘোচ তুলি কেনেকৈ আগতীয়াকৈ গ্রাহকৰ তেজ শোহে, সেই নির্মম কাহিনী কেইবাটাও বাকচে ইমূৰৰ পৰা সিমূৰলৈকে বহুবাৰ বিতংকৈ দেখুৱাইছে এতেকে সেইবোৰৰ ভিত্তিতে আপোনাসৱে নিজাকৈ অনুসন্ধান চলাই ব্যৱস্থা লৈ গ্রাহকক সকাহ দিয়ক’৷ পিচে, সকলো কথা মন্ত্রীৰ ইকাণে সোমাই সিকাণে ওলাল৷ হয়তো এনে অনুসন্ধানমূলক বাতৰি কোনো যোগান মন্ত্রীয়ে, কোনো বিভাগীয় আমোলাই আৰু কোনো পৰিদর্শকে বাকচৰ পর্দাত কেতিয়াও দেখাই নাই ৷
এই লিখক গ্রাহক সুৰক্ষা সংস্থাৰ সভাপতি থকা কালত সংস্থাৰ লগত অনুষ্ঠিত কেইলানি আলোচনাত যে মুখ্য মন্ত্রী হিতেশ্বৰ শইকীয়া, প্রফুল্ল মহন্ত আৰু তৰুণ গগৈয়ে তথা যোগান মন্ত্রী ডাঃ অর্ধেন্দু দে’, দিগেন বৰা, বিৰাজ শর্মা আৰু প্রদীপ হাজৰিকাই ৰাজ্যত এটা খাদ্য আৰু অসামৰিক যোগান নিগম প্রতিষ্ঠা কৰা হ’ব বুলি আৰু, সংস্থাৰ পৰামর্শ মতে, ৰাজ্যৰ ঠায়ে ঠায়ে শাক–পাচলি শীতলকৰণ ভঁৰাল প্রতিষ্ঠা কৰা হ’ব বুলি কিমানবাৰ প্রতিশ্রুতি দিছিল, তাৰ লেখ নাই৷ পিছে, পাঠক, অসমীয়াত যে ‘ফুটুকাৰ ফেন’ বুলি কথা এষাৰ আছে, জানেই নহয় অৱশ্যে দুফেৰা বাংলাদেশীক চৰকাৰী চাকৰি দি নিজৰ চৰকাৰী বাসভৱনত আশ্রয় দি ৰখা বুলি অভিযুক্ত, তথা ‘ছৌর্ছত দাম বাড়াইছে’ বোলা শব্দকেইটা সদায় জিভাৰ আগতে লৈ থকা এজনা যোগান অমাত্যৰ লগত সংস্থাৰ কেতিয়াও ‘মুলাকাত’ হোৱা নাছিল৷ আগেয়ে কৈছোঁৱেই যে বেছিভাগ চৰকাৰী প্রতিশ্রুতিৰ একো মূল্য নাই৷ এনে প্রতিশ্রুতি দিওঁতা তথা, বিশেষতঃ, নির্বাচনৰ আগে আগে আধাৰশিলা স্থাপন কৰোঁতা প্রায় আটাই ৰাজনীতিক অতি পেটুক, স্বার্থপৰ, কূট কৌশলী৷ ২০১৬ চনৰ বিধানসভা নির্বাচনত হাৰিব বুলি প্রায় নিশ্চিতভাৱে জানিও, নির্বাচনৰ দিন ঘোষিত হোৱাৰ আগে আগে তদানীন্তন মুখ্য মন্ত্রী তৰুণ গগৈয়ে কেইলাখমান ৰাজহুৱা টকা শৰাধ কৰি গুৱাহাটীত মে’ট্রৌ ৰেইলৱেইৰ আধাৰশিলা স্থাপন কৰাৰ উদ্দেশ্য কি আছিল? বিগত চাৰি বছৰতকৈও অধিক কালত, গুৱাহাটীৰ মে’ট্রৌ ৰেইলৱেই নির্মাণৰ অগ্রগতি কেনে? আমি গণতান্ত্রিক ৰাষ্ট্র তথা ৰাজ্যৰ নাগৰিক যদি হওঁ, তেন্তে, সেই কথা জানিবলৈ আমাৰ অধিকাৰ আছে, নে, নাই ?
তেনে প্রতিশ্রুতি আৰু আছিল কিন্তু ৰ’ব৷ সংকটৰ সময়ত যে মাথোন আৰক্ষী বাহিনী আৰু চিকিৎসক তথা চিকিৎসা কর্মীসকলহে তৎপৰ হৈছে, এনে নহয়৷ অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ অভিযন্তা–বিষয়া আৰু কর্মীসকলো হৈছে বিশেষ তৎপৰ৷ এইখিনি সময়ত বিদ্যুৎ যোগান ব্যাহত হোৱাৰ ঘটনাও তুলনামূলকভাৱে বেছ তাকৰ৷ মাজে মাজে ব্যাঘাত ঘটিলেও, বিজুতি শীঘ্রেই দূৰ কৰা হৈছে৷ অৱশ্যে, এই দিশত ৰাজ্যৰ সকলো ঠাইৰে অৱস্থা গুৱাহাটীৰ দৰে নিশ্চয় নহয়৷ কিন্তু সেয়া যিয়েয় নহওক, আকাশত মেঘে ঢ়েৰেকনি দুটামান মাৰিলেই বা মাটিত ছাগলী খেদা বৰষুণ দুটোপালমান পৰিলেই, দুর্ঘটনাৰ আশংকাত বিদ্যুৎ যোগান কাটি দিবলগীয়া অৱস্থা এতিয়াও বিৰাজমান৷ কিন্তু বেছিভাগ লোকেই নিশ্চয় পাহৰি গৈছে যে প্রদ্যুৎ বৰদলৈ আৰু ৰকিবুল হুছেইন শক্তি মন্ত্রী হৈ থাকোঁতে দুয়োজনে ২x৭ বিদ্যুৎ যোগানৰ অর্থে ‘সমগ্র ৰাজ্যতে শীঘ্রে আণ্ডা(ৰ্) গ্রাউণ্ড্ কেইব্ল্ বহুওৱা হ’ব’ বুলি বাৰম্বাৰ ঘোষণা কৰিছিল৷ সেইবোৰ কোন কাহানিৰ কথা কিন্তু কিবা হ’লনে? এতেকে এতিয়া, কভিড্–১৯এ চকুত আঙুলি গুঁজি পৰিস্থিতি দেখুৱাই দিয়াৰ পাছত, প্রশ্ণ হ’ল, ভৱিষ্যতে এনে মহা সংকটৰ বেলিকা বিদ্যুৎ যোগান অব্যাহত ৰাখিবলৈ চৰকাৰে কি কৰিব ?
শেহতীয়াকৈ কেইটামান প্রশ্ণ ৰাইজৰ মনলৈ আহিছে৷ স্বাস্থ্য মন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মাই তথা চৰকাৰে কভিড্–১৯ যুঁজখন ইমান সফল ৰূপত চলাই থকাৰ পাছত যোৱা ৪ মেইৰ পৰা লক্ডাউন্ ব্যৱস্থাবোৰ হঠাৎ ব্যাপকভাৱে শিথিল কৰি দিয়াৰ অন্তৰালত কোনোবা মহলৰ কিবা প্রচণ্ড হেঁচা আছিল নেকি, যাৰ ফলত ৰাজ্যত এতিয়া আতংকপূর্ণ পৰিস্থিতিৰ সৃষ্টি হৈছে? আজমে’ৰৰ পৰা ৪২জন যাত্রী কঢ়িয়াই অনা অনুমতিবিহীন বাছখনে অসমত প্রৱেশ কৰিলে কেনেকৈ? বাছখনত প্রায় দহজন কভিড্–১৯ আক্রান্ত লোক থকা সত্ত্বেও তেওঁলোকে ক’তো, কোনো পর্য্যায়তে ধৰা নপৰাকৈ থাকিল কেনেকৈ? যাত্রীসকলক কোৱৰণ্টীন্ (–‘ণ্টাইন’ নহয়) কৰা দূৰৰ কথা, কেইবাজনো কভিড্ ৰোগী গুৱাহাটী আৰু শিলচৰত বিয়পি পৰিব পৰাৰ পশ্চাদপটত কোনোবা বিশেষ মহলৰ ষড়যন্ত্র নাইতো? নাগালেণ্ডত থকা অলেখ বহিৰাগত লোকে একো স্বাস্থ্য পৰীক্ষা তথা পঞ্জীয়ন অবিহনে ৪ মেইতে কার্বি আংলঙত প্রৱেশ কৰি দোষী দোষী ভাৱেৰে চুচুক–চামাককৈ আলিয়েদি পদব্রজে যাত্রা কৰি থকাৰ দৃশ্য সম্প্রচাৰিত হৈ গৈছে৷ সেই লোকগণ ক’ৰবাত কোৱৰণ্টীন্ড্ হ’লনে ?
লক্ডাউন্ আৰম্ভ হোৱাৰে পৰা দেখা গৈছে যে যি সময়ত গুৱাহাটীৰ অন্যান্য ঠাইত ব্যৱস্থাটো আটাই মানুহে মানি চলিছে, সেই সময়তে, প্রধানতঃ ৰাজস্থানৰ বণিয়া আৰু বিহাৰৰ শ্রমিকে নিয়ন্ত্রণ কৰা ফাঁচী বজাৰৰ ‘খুল্লাম খুল্লা ডেম্ কেয়া(ৰ্)’ আচৰণ৷ আনকি, সন্ধ্যা ৬ বজাৰ পৰা পুৱা ৬ বজালৈ সান্ধ্য আইন ‘বলৱৎ’ থকা অৱস্থাটো, ৭ মেইৰ ৰাতি চাৰে দহ–এঘাৰ বজাতো ফাঁচী বজাৰ আৰক্ষী আস্থানৰ নাকৰ আগতে ফাঁচী বজাৰৰ গলিয়ে গলিয়ে মানুহ আৰু মাল–বস্তুৰ ‘ইধাৰ–উধাৰ’৷
এফালে নাগপুৰৰ সন্তুষ্টিৰ অর্থে, বাংলাদেশী আৰু অন্যান্য বাংলাভাষী দখলদাৰীৰে ভৰি পৰা ‘বৰাক’ৰ নাম ব্রহ্মপুত্রতকৈ আগেয়ে লৈ ‘বৰাক–ব্রহ্মপুত্র, পাহাৰ–ভৈয়াম’ বুলি গায়ত্রী গাই গৃহ মন্ত্রী সোণোৱালে জিলা সদৰে জিলা সদৰে ভ্রমি, ‘লক্ডাউন্ কঠোৰভাৱে বলৱৎ’ কৰিবলৈ জিলা কর্তৃপক্ষসমূহক নির্দেশ দিব লাগিছে আৰু, আনহাতে নাগালেণ্ডৰ পৰা কার্বি আংলঙত সোমাই ৰেইল আলিয়েদি এচামৰ সেই আৰু, অসমীয়া মানুহৰ পেট আৰু অসম চৰকাৰৰ ভাগ্য নিয়ন্তা ফাঁচী বজাৰৰ সেই বিভংগ কার্ফিউ নৃত্য ৷