হেৰাই যাব নেকি কাঁহ শিল্প
নিয়মীয়া বাৰ্তা, ১০ এপ্ৰিলঃ ‘সর্থেবাৰীত চৰাইৰ মাতত ৰাতি নুপুৱায়৷’ বান্ধৱী তুলিকাৰ কথাষাৰত আচৰিত হৈ তাইলৈ চালোঁ৷ ‘ৰ’বা, কাইলৈ আমি সর্থেবাৰীলৈ যামেই নহয়, গম পাবা সকলো৷’ –মিচিকিয়া হাঁহিৰে কথাকেইটা কৈ মোক কৌতূহলত পেলাই তাই শুই থাকিল৷ আচলতে আমি তেতিয়া কটন কলেজৰ সাংবাদিকতা আৰু গণসংযোগ বিভাগৰ ছাত্রী আছিলোঁ৷ পাঠ্যক্রমৰ অংশ হিচাপে ক্ষুদ্র গৱেষণা–পত্র অথবা তথ্যচিত্র প্রস্তুত কৰিব লাগে৷ সকলো ছাত্র–ছাত্রীয়ে দুজনীয়াকৈ গোট একোটা হৈ বিষয় নির্বাচন কৰি গৱেষণা কৰাৰ নিয়ম৷ তুলিকা আৰু মই সর্থেবাৰীৰ কাঁহ শিল্পৰ বিষয়েই এখন তথ্যচিত্র প্রস্তুত কৰাৰ সিদ্ধান্ত ল’লোঁ৷ শিক্ষাগুৰু ড০ ভাৰতী ভৰালী বাইদেউক বিষয়টো সন্দর্ভত জনোৱাত তেখেতেও উৎসাহ দিলে৷ গতিকে আমি দুয়ো সর্থেবাৰীলৈ যাবলৈ সাজু হ’লোঁ৷ সৰুৰে পৰা ঘৰত দেখি অহা সোণবৰীয়া কাঁহৰ বাচনবোৰ কেনেকৈনো তৈয়াৰ কৰা হয় তাক জনাৰ ইচ্ছা আছিল৷ গতিকে এইবাৰ মনৰ আশা পূৰণ হ’ব বুলি জানি উলাহে নধৰা হ’ল মন৷ উজনি অসমত কাঁহৰ বাচনৰ ব্যৱসায় কৰা সর্থেবাৰীৰ বীৰেন চৌধুৰী খুৰাৰ বাবে তুলিকাহঁতৰ ঘৰখন ভাতঘৰ স্বৰূপ আছিল৷ গতিকে তেওঁলোকৰ ঘৰতে থাকি তথ্যচিত্রৰ কাম কৰাৰ সিদ্ধান্ত ল’লোঁ আমি৷ পিছদিনা পুৱতি নিশাতেই চৌধুৰী খুৰাই আমাক জগালে৷ ডিচেম্বৰ মাহ, নিহালিৰ উম এৰাৰ মন নাছিল৷ খুৰাই মতা শুনিও নুশুনাৰ ভাও জুৰিলোঁ৷ তেখেতে স্বগতোক্তি কৰিলে বোলে, ইহঁতৰ কাম আজি নহ’ব৷ কথাষাৰ শুনি একেজাঁপে উঠিলোঁ৷ কাৰণ আমাৰ হাতত মাত্র দুটা দিনহে আছে৷ এই দুদিনতে যিমান পাৰোঁ সর্থেবাৰীৰ কাঁহ শিল্পৰ বিষয়ে তথ্য সংগ্রহ কৰাৰ লগতে দৃশ্যগ্রহণ কৰিব লাগিব৷ মুখ–হাত ধুই খুৰাৰ লগতে গৈ কঁহাৰৰ শাল এখনত উপস্থিত হ’লোঁগৈ৷ তেতিয়ালৈকে পোহৰ হোৱাই নাই৷ তুলিকাই কোৱা কথাষাৰৰ অর্থ তেতিয়াহে বুজিলোঁ৷ হয়, চৰাইৰ মাতত নহয়, কঁহাৰে কাঁহ পিটাৰ শব্দতহে ৰাতিপুৱায় সর্থেবাৰীত৷ নিজ চকুৰে নেদেখা হ’লে কাঁহ শিল্পীসকলৰ কষ্ট হূদয়ংগম কৰিব নোৱাৰিলোহেঁতেন৷ জাৰ–জহ সকলো ঋতুতে ‘নিচেই পুৱাতে শিল্পীসকলে আৰম্ভ কৰে তেওঁলোকৰ দৈনন্দিন কার্যসূচী৷ পৰিকল্পনা অনুসৰি কাঁহৰ বাচন নির্মাণৰ প্রাৰম্ভিক কার্যাৱলীৰ পৰাই আমি দৃশ্যগ্রহণ আৰম্ভ কৰিলোঁ৷ অসীম ধৈর্যৰে, অতি সূক্ষ্ম হিচাপেৰে মুহি নামৰ সঁজুলিবিধত নির্দিষ্ট জোখত ৰাং আৰু কাঁহ মিলাই এঙাৰৰ সহায়ত জুইত গলাই লোৱা হয়৷ বস্তুখিনি গলি লাভাৰ ৰূপ ধাৰণ কৰিলে মিঠাতেল সানি সাঁচত ঢ়ালি দিয়া হয়৷ এজন শিল্পীক সুধি গম পালোঁ যে কেঁচাসামগ্রী গলোৱাৰ এই প্রক্রিয়াটোক আঁউতা বুলি কোৱা হয়৷ সাঁচত ঢ়লাৰ পিছত গলিত কাঁহখিনিয়ে পিঠাৰ আকৃতি লয়৷ পিঠা তৈয়াৰ হোৱাৰ পিছত ইয়াক পিটি বিভিন্ন আকৃতি প্রদান কৰা হয়৷ তদুপৰি সামগ্রীবোৰ প্রস্তুত কৰোঁতে গাল হাৰা, পাতহাৰা, হাতুৰী, হাত মেচিন আদি সঁজুলি ব্যৱহাৰ কৰা হয় বুলি আমি জানিলোঁ৷ কর্ম অনুযায়ী শিল্পীসকলৰ নাম বেলেগ বেলেগ হয়৷ জুইত কাঁহ ঘূৰোৱাজনক কঁহাৰ, মেচিন ঘূৰোৱাজনক গুৰেলা, আকাৰ প্রদান কৰা ব্যক্তিজনক মাইথনাৰ আৰু চাফা কৰা ব্যক্তিজনক কাইটনাৰ নামেৰে জনা যায়৷ প্রত্যেকজনেই সমগ্র প্রক্রিয়াটোৰ অবিচ্ছেদ্য অংগ৷ কঁহাৰ শিল্পীসকলৰ সৈতে কথা পাতি থাকোঁতেই পূব আকাশ ৰাঙলী কৰি দিনমণিয়ে নিজৰ আগমন ঘোষণা কৰিছিল৷ কিছুসময় জিৰণি লৈ আমি সর্থেবাৰী ভ্রমণৰ বাবে সাজু হ’লোঁ৷ ইতিমধ্যে আমি গম পাইছিলোঁ যে শালিয়া কাঠিয়া ঠেৰ, নামশলা, কাৰাকুছি আৰু গমূৰা নামৰ পাঁচটি খেলেৰে সর্থেবাৰী গাঁও গঠন হৈছে৷ প্রকৃতিৰ অকৃপণ সৌন্দর্যৰে পৰিবেষ্টিত সর্থেবাৰীৰ কেইবাজনো কাঁহ শিল্পী আৰু ব্যৱসায়ীৰ লগত কথা পাতি গম পাইছিলোঁ যে অসমৰ বিভিন্ন ঠাইৰ উপৰি ভাৰতৰ বিভিন্ন ঠাইৰ লগতে বিদেশলৈও কাঁহৰ সামগ্রীসমূহ ৰপ্তানি কৰা হয়৷ চীন, ভূটান, নেপাল, মণিপুৰকে ধৰি অসমৰ ওচৰ চুবুৰীয়া বিভিন্ন ৰাজ্যলৈ কাঁহী–বাটি তাল আদি যথেষ্ট পৰিমাণে ৰপ্তানি হয়৷ আন্তর্জাতিক বজাৰত কাঁহ শিল্পৰ যথেষ্ট সমাদৰ থকা সত্ত্বেও কঁহাৰসকলৰ আর্থিক অৱস্থা কিন্তু অতি হতাশজনক৷ শেহতীয়াকৈ দুটা বছৰ ক’ৰোনা মহামাৰীয়ে সমস্যা গুৰুতৰ কৰি তুলিছে৷ চীন তথা অন্যান্য দেশলৈ ৰপ্তানি বন্ধ হৈ পৰাত ক’ৰোনাৰ সময়ছোৱাত কাঁহ শিল্প ভয়াৱহ ক্ষতিৰ সন্মুখীন হয়৷ কাঁহ শিল্পক ক্ষতিগ্রস্ত কৰা আন কিছুমান কাৰক হ’ল কেঁচামালৰ ঊর্ধ্বমুখী দাম, এঙাৰৰ নাটনি আদি৷ যাৰ ফলত উৎপাদনো কিছু পৰিমাণে হ্রাস হৈছে৷ ১৯৩৬ চনতে কঁহাৰসকলৰ বিভিন্ন সমস্যা সমাধানৰ বাবে কোহিৰাম ডেকাই ‘অসম সমবায় কঁহাৰ সংঘ লিমিটেড’ স্থাপন কৰে৷ সমবায়ে শিল্পীসকলক কাঁহ আৰু এঙাৰৰ যোগান ধৰে৷ ইয়াৰ বিনিময়ত কঁহাৰসকলে তেওঁলোকৰ উৎপাদিত সামগ্রীসমূহ সমবায়ত জমা দিয়ে আৰু মজুৰি লয়৷ কিন্তু কঁহাৰসকলে যি মজুৰি লাভ কৰে, সেয়া আজিৰ প্রবল দাম বৃদ্ধিৰ যুগত এপাচি শাকত এটা জালুকৰ দৰেহে৷কেঁচা সামগ্রীসমূহো চৰা দামত অসমৰ বাহিৰৰ পৰাই ক্রয় কৰিব লগা হয়৷ এক কেজি কেঁচা কাঁহৰ দাম ৫২০ টকাৰ পৰা ৬০০ টকা আৰু নির্মাণৰ খৰচ হয়গৈ প্রায় ৭৫০ টকা৷ স্বাভাৱিকতে কাঁহৰ সামগ্রীৰ দাম প্লাষ্টিক, ষ্টীল বা অন্যান্য ধাতুতকৈ বেছি৷ মেচিনতো কাঁহৰ সামগ্রী নির্মাণ কৰিব পাৰি বাবে তেনে কাঁহৰ সামগ্রীৰ দাম কম আৰু বহু গ্রাহকে সেয়ে হস্তনির্মিত কাঁহৰ সামগ্রীৰ পৰিৱর্তে মেচিনত নির্মাণ কৰা কাঁহৰ সামগ্রী ক্রয় কৰিবলৈহে বিচাৰে৷ কঁহাৰ শিল্পী বিপিন পাঠকে জনালে যে কেৱল মনৰ সন্তুষ্টিৰ বাবেহে তেওঁ কাঁহশিল্পত জড়িত হৈ থকাৰ দৰে হৈছে৷ লগ পাইছিলোঁ মহাবিদ্যালয়ত অধ্যয়নৰত তেওঁৰ পুত্রকো৷ দেউতাকৰ শাৰীৰিক আৰু আর্থিক কষ্ট দেখি দেখি ডাঙৰ হোৱা যুৱকজনে সেয়ে কাঁহ শিল্পত জড়িত হোৱাৰ পৰিৱর্তে যেনে তেনে চাকৰি এটা যোগাৰ কৰিবলৈহে বিচাৰে৷ শিল্পীগৰাকীৰ ঘৰৰ চ’ৰাঘৰত বহিয়ে অনুমান কৰিছিলোঁ কিমান অভাৱক উপেক্ষা কৰি জীয়াই থকাৰ সংগ্রামত অহৰহ ব্যস্ত তেওঁ৷ কাঁহৰ মৰম লগা কাপ প্লেটত তেখেতৰ পত্নীয়ে কেটলিৰ মুখত দিয়া পিঠাৰে আমাক চাহ দিলে৷ আমাৰ ঘৰ উজনিত বুলি জানি দুপৰীয়াৰ আহাৰো তেওঁলোকৰ ঘৰতে কৰি যাবলৈ বৰকৈ ক’লে৷ সৰল মানুহগৰাকীয়ে কৈয়ে দিলে যে নিজৰ কাম হৈ যোৱাৰ পিছত আমি আৰু সেইমুৱা নহওঁ বুলি তেওঁ জানে৷ আমি দুই বান্ধৱীয়ে তেওঁক দিবলৈ কোনো উত্তৰ বিচাৰি নাপালোঁ৷ আচলতে সর্থেবাৰীলৈ বিভিন্ন কামত বিভিন্নজন যায়, তেওঁলোকৰ সমস্যাৰ গমো লয়, আশাও দি আহে কিবা এটা কৰাৰ, কিন্তু সময়ত সকলো ফুটুকাৰ ফেন হয়৷ কোনেও একো নকৰে কঁহাৰসকলৰ বাবে৷ ইতিমধ্যে বহুকেইজন কঁহাৰৰ লগত কথা পাতি অপ্রিয় সত্যবোৰ উপলব্ধি কৰিছিলোঁ৷ চৌধুৰী খুৰাৰ ঘৰত আমাৰ বাবে ভাত ৰান্ধি খুৰী ৰৈ আছিল৷ গতিকে পাঠকৰ পত্নীক বুজাই–বঢ়াই আমি নিজৰ কামত ব্যস্ত হৈ পৰিলোঁ৷ কঁহাৰসকলৰ জীৱন নির্বাহৰ মানো যথেষ্ট নিম্ন হৈ পৰিছে৷বংশগতভাৱে কাঁহ শিল্পকে জীৱন নির্বাহৰ উৎস হিচাপে লোৱা শিল্পীসকলে বৃদ্ধাৱস্থালৈকে এই কর্মত জডিত হৈ থাকে৷দিনটোৰ প্রায় ১২ ঘণ্টাই জুইৰ ওচৰত কাম কৰি থকাৰ বাবেই অধিকাংশ শিল্পীয়েই কাহ,বুকুৰ বিষ আদি নানা শাৰীৰিক সমস্যাত ভুগিব লগা হয়৷ চিকিৎসাৰ বাবে কেতিয়াবা হাতত টকা নাথাকে অথবা কেতিয়াবা সময় নাথাকে৷ কঁহাৰসকলৰ সমস্যাজর্জৰ জীৱনৰ কাহিনীয়ে দুচকু সেমেকাই তুলিছিল৷ সর্থেবাৰীৰ পৰা উভতি আহি বিভিন্ন পক্ষৰ লগত যোগাযোগো কৰিছিলোঁ, কিন্তু কোনো সুফল লাভ কৰা নাছিলোঁ৷ মাজে মাজে বিপিন পাঠক আৰু চৌধুৰী খুৰাৰ লগত কথা পাতি গম পাইছিলোঁ যে সমস্যা সমাধান হোৱা নাই,বৰঞ্চ বৃদ্ধিহে হৈছে৷ আধুনিক মানুহৰ থলুৱা সম্পদৰ প্রতি অৱহেলায়ো কাঁহশিল্পৰ প্রতি ভাবুকি আনিছে৷ অৱশেষত মোক্ষম আঘাত পৰিল লকডাউনৰ সময়ত৷ ৰপ্তানি কৰিব নোৱৰাত গুদামতে ৰৈ গ’ল বহু সামগ্রী৷ কাঁহ শিল্পীৰ বিপত্তি সীমাহীন হ’ল৷ অসমৰ বহু থলুৱা শিল্প এনেদৰেই ক্রমাৎ বিলুপ্তিৰ পথলৈ আগবাঢ়িছে৷ আমাৰ কাঁহ শিল্প বিষয়ক তথ্যচিত্রখনে শ্রেণীত সকলোৰে প্রশংসা লাভ কৰিছিল৷ কিন্তু তুলিকা আৰু মোৰ ব্যক্তিগত আলোচনাবোৰতো কঁহাৰ শিল্পীসকলৰ সমস্যা সমাধান কৰিব নোৱৰাৰ দুখে আগস্থান পাইছিল৷আজিও দুখে দহে, কাঁহ শিল্পৰ উন্নয়নৰ বাবে কিবা কৰিব নোৱাৰিনে?? অসমৰ অর্থনীতিক সমৃদ্ধ কৰাৰ পূর্ণ সম্ভাৱনা বহন কৰা এই শিল্পবিধক জীয়াই ৰাখিবৰ বাবে চৰকাৰে সুলভ মূল্যত কেঁচামাল যোগানকে ধৰি অন্যান্য ব্যৱস্থাসমূহ শীঘ্রে লোৱাৰ প্রয়োজন৷ অন্যথা উত্তৰ প্রজন্মই সংগ্রহালয়তহে দেখি অনুভৱ কৰিব লাগিব কাঁহৰ গৌৰৱগাথা৷