দিদি বনাম মোদী
২০২৪ চনৰ লোকসভা নির্বাচনলৈ এতিয়াও বহু দিন বাকী৷ নৰেন্দ্র মোদী নেতৃত্বাধীন এন ডি এ চৰকাৰখনৰ দ্বিতীয় ইনিংছটোৰ প্রায় দুবছৰহে হৈছে৷ সন্মুখত আৰু তিনি বছৰ বাকী৷ এই সময়ছোৱাই দেশখনৰ ৰাজনীতিক কোন পথে লৈ যায়, তাক এতিয়াই ক’ব নোৱাৰি৷ কিন্তু বর্তমানৰ দুৰৱস্থালৈ চাই কংগ্রেছে সেইটো নির্বাচনতো বিজেপিক প্রত্যাহ্বান জনোৱাৰ সম্ভাৱনা কম৷ দলটোৰ নির্বাচনী ব্যর্থতাৰ ধাৰাবাহিকতা বিৰতিহীন হৈয়েই আছে৷ শেহতীয়াকৈ চাৰিখন ৰাজ্য আৰু এটা কেন্দ্রীয়শাসিত অঞ্চলত অনুষ্ঠিত বিধানসভা নির্বাচনত কংগ্রেছৰ প্রদর্শন প্রকৃতার্থত চৰম হতাশাজনক৷ বিশেষকৈ কেৰালা আৰু অসমত ব্যর্থতাই কংগ্রেছৰ প্রতি দেশখনৰ জনসাধাৰণৰ মোহভংগত অধিক অৰিহণা যোগাব৷ কংগ্রেছে কেৰালাত ইতিহাস ভংগ কৰিব নোৱাৰিলে৷ দক্ষিণৰ ৰাজ্যখনৰ জনগণে পুনৰবাৰ বাঁওপন্থীৰ ওপৰতে আস্থা স্থাপন কৰি পূর্বৰ চৰকাৰখনকে ক্ষমতাত অধিষ্ঠিত কৰিলে৷ অথচ ৰাজ্যখনত ধাৰাবাহিকভাৱে প্রতিটো নির্বাচনত শাসক দল সলনি হৈ আহিছে৷ কিন্তু এইবাৰ ৰাজ্যখনত ইতিহাসৰ পুনৰাবৃত্তি নঘটিল৷ কংগ্রেছৰ শীর্ষনেতা ৰাহুল গান্ধীৰ প্রয়াসলৈ ৰাজ্যখনৰ জনগণে মূৰ তুলিয়েই নাচালে৷ একেদৰে পাঁচটা গেৰাণ্টীৰে অসমত দিছপুৰ দখলৰ বাবে সর্বশক্তিৰে চেষ্টা চলায়ো দলটো ব্যর্থ হ’ল৷ এ আই ইউ ডি এফ তথা কেইবাটাও দলৰ সৈতে মহাজোঁট গঠন কৰিও বিজেপিৰ একেৰাহে দ্বিতীয়বাৰ চৰকাৰ গঠনৰ স্বপ্ণভংগ কৰিব নোৱাৰিলে৷ পশ্চিমবংগত বামপন্থীৰে মিত্রতা স্থাপন কৰি লজ্জাজনকভাৱে দলটোৱে মুখথেকেচা খালে৷ অর্থাৎ দেশৰ চুকে–কোণে কংগ্রেছ তথা দলটোৰ প্রধানমন্ত্রী পদৰ প্রার্থী ৰাহুল গান্ধীৰ বিৰুদ্ধে আস্থাহীনতাৰ অভূতপূর্ব পৰিৱেশ এটা গঢ় লৈ উঠিছে৷ সৰল অর্থাৎ ক’বলৈ গ’লে চমৎকাৰৰ বাহিৰে আন একোৱেই ২০২৪ চনত কংগ্রেছক নতুন দিল্লীত চৰকাৰ গঠনৰ পথ আনি দিব নোৱাৰে৷ কিন্তু ইয়াৰ মাজতো দেশৰ বিৰোধী শিবিৰৰ বাবে এটা আশা হৈ আহিছে শেহতীয়াকৈ অনুষ্ঠিত বিধানসভা নির্বাচন৷ সেয়া হ’ল, পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনার্জী৷
২০১৪ চনত অনুষ্ঠিত লোকসভা নির্বাচনৰ পিছত আজিলৈকে বিজেপিয়ে উভতি চাবলগীয়া হোৱা নাই৷ ইয়াৰ প্রধান কাৰণ নৰেন্দ্র মোদী৷ একেৰাহে সাত বছৰ ধৰি প্রধানমন্ত্রী ৰূপে দেশখনক নেতৃত্ব দিয়া নৰেন্দ্র মোদীৰ ভাবমূর্তিৰ সমকক্ষ বিৰোধী শিবিৰত এজনো নেতা নাই৷ কংগ্রেছে ৰাহুল গান্ধীক সন্মুখত লৈ আগুৱাবলৈ চেষ্টা চলাই আছে যদিও নৰেন্দ্র মোদীক প্রত্যাহ্বান জনাব পৰাকৈ দেশবাসীৰ মনত ৰাহুল গান্ধীৰ ইমেজটো আজিও গঢ়ি নুঠিল৷ বৰং ভাবমূর্তি দিনে দিনে নিম্নগামীহে গৈছে৷ ইয়াৰ বিপৰীতে এটা দল বা মিত্রজোঁটক একক শক্তিৰে শাসনলৈ অনাৰ সামর্থ্য আছে নৰেন্দ্র মোদীৰ৷ তেওঁৰ ভাবমূর্তিৰ ওচৰত সতীর্থ মন্ত্রী–সাংসদৰ ব্যর্থতাও তল পৰি ৰয়৷ কিন্তু সদ্যসমাপ্ত পশ্চিমবংগ বিধানসভা নির্বাচনত এই প্রভাৱশালী ভাবমূর্তিৰ ওপৰত এটা প্রচণ্ড আঘাত পৰে৷ সকলোৱে জানে যে এইবাৰৰ বংগ বিধানসভা নির্বাচনটো আছিল দিদি আৰু মোদীৰ মাজত পোনপটীয়া যুদ্ধ৷ প্রধানমন্ত্রী মোদীয়ে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাক লগত লৈ বংগত পদুম ফুল ফুলাবলৈ অহৰহ চেষ্টা চলাইছিল৷ প্রতিখন নির্বাচনী সভাত তেওঁ মুখ্যমন্ত্রী মমতা বেনার্জীক আক্রমণৰ লক্ষ্য হিচাপে লৈছিল৷ কিন্তু মূৰকত বিজয়ৰ হঁাহিটো মমতা বেনার্জীয়েহে মাৰিলে৷ এই পৰাজয়ৰ প্রতিধবনি বিজেপি, প্রধানমন্ত্রী, গৃহমন্ত্রীয়ে বহু দিনলৈ শুনি থাকিব৷ বংগ দখলৰ স্বপ্ণ ইমান নির্মমভাৱে ভংগ হ’ব, সেয়া তেওঁলোকৰ কল্পনাৰো অগোচৰ আছিল৷ অৱশ্যে নির্বাচনী যুঁজখনত মমতা বেনার্জী নিজেই পৰাজিত হয়৷ তথাপি তেওঁ হুইল চেয়াৰত যি দৃঢ়তা আৰু আত্মবিশ্বাসেৰে বিজেপিৰ বিশাল শক্তিটোৰ বিৰুদ্ধে যুঁজ দিলে, সেয়া ভাৰতৰ নির্বাচনী ইতিহাসত বহু দিনলৈ এটা চর্চিত বিষয় হৈ থাকিব৷
প্রধানমন্ত্রী মোদীৰ বিৰুদ্ধে বংগকন্যাৰ এই সাফল্যই বিৰোধী শিবিৰত এটা নতুন আশাৰ সৃষ্টি কৰিছে৷ বংগকন্যা হ’ব পাৰে ২০২৪ চনত অনুষ্ঠিতব্য লোকসভা নির্বাচনত বিৰোধী শিবিৰৰ প্রধানমন্ত্রীৰ মুখ৷ ইমান দিনে নৰেন্দ্র মোদীক প্রত্যাহ্বান জনাব পৰা এটা ব্যক্তিত্বৰ অভাৱত থান–বান হৈ পৰা বিৰোধীয়ে মমতা বেনার্জীৰ নামত এগৰাকী প্রভাৱশালী নেত্রী লাভ কৰা বুলি ক’ব পাৰি৷ অৱশ্যে এইক্ষেত্রত কংগ্রেছ প্রধান বাধা হৈ থিয় দিয়াৰ সম্ভাৱনা আছে৷ এটা বিশেষ পৰিয়ালৰ সেৱা–শুশ্রূষাকে ৰাজনীতিৰ চৰমপ্রাপ্তি বুলি ধৰি দলটোৰ কেন্দ্রীয় নেতৃত্বত থকা চাতুকাৰ বাহিনীয়ে ৰাহুল গান্ধীক প্রধানমন্ত্রী পদত অধিষ্ঠিত কৰোৱাৰ চেষ্টাত থাকিব৷ ইয়ে বিৰোধী ঐক্যত বিধি–পথালি দিয়াটো নিশ্চিত বুলি ক’ব পাৰি৷ আন আন ৰাজনৈতিক দলৰ পৰা বিশেষ অসুবিধা সৃষ্টি হোৱাৰ আশা কম৷
মমতা বেনার্জীক যদি পৰৱর্তী লোকসভা নির্বাচনত বিৰোধীয়ে প্রধানমন্ত্রী পদৰ প্রার্থী হিচাপে লয়, মাজৰ এই তিনিটা বছৰত মোদী বনাম দিদি নামৰ যুঁজখন অধিক আকর্ষণীয় হৈ উঠিব পাৰে৷ তেওঁৰ নেতৃত্বত পূর্বৰ চৰকাৰখনৰ সৈতেও কেন্দ্রীয় চৰকাৰৰ অহি–নকুল সম্পর্ক আছিল৷ সংঘাত ইমানেই তীব্র আছিল যে মুখ্যমন্ত্রী মমতা বেনার্জীয়ে সংবিধানপ্রদত্ত ক্ষমতাৰ ঊর্ধ্বলৈ গৈও কেন্দ্রৰ সৈতে যুদ্ধংদেহি মনোভাব দেখুৱাইছিল৷ আনহাতে, ৰাজ্যপালৰ জৰিয়তেও ৰাইটার্ছ বিল্ডিঙত অসুবিধাৰ সৃষ্টি কৰাৰ বহু প্রয়াস চলিছিল বুলি মমতা বেনার্জীয়ে বিগত সময়ছোৱাত অভিযোগ কৰি আহিছে৷ এইবাৰ কেন্দ্র আৰু বংগ চৰকাৰৰ মাজত সংঘাতখন অধিক তীব্র হৈ উঠাৰ সম্ভাৱনা আছে৷ অৱশ্যে এই যুঁজখনে মমতা বেনার্জীৰ বাবে বিৰোধী শিবিৰৰ নেত্রী হোৱাৰ পথ মসৃণ কৰিব পাৰে৷ লগতে এইটোও সত্য যে ৰাষ্ট্রীয় আৰু ৰাজ্যিক পর্যায়ৰ ৰাজনীতি আৰু ৰাজনৈতিক নেতাৰ গ্রহণযোগ্যতাৰ মাপকাঠী সুকীয়া৷ ৰাষ্ট্রীয় ৰাজনীতিত মমতা বেনার্জীয়ে মোদীৰ ভাবমূর্তিক প্রত্যাহ্বান জনাব নোৱাৰিবও পাৰে৷ নতুবা ২০২৪ চনলৈ মাজৰ সময়ছোৱাত কেন্দ্রৰে সম্ভাব্য যুঁজখনে তেওঁৰ গ্রহণযোগ্যতাক অনন্য মাত্রাও দিব পাৰে৷ এই মুহূর্তত এটা কথাই ক’ব পাৰি, মোদীৰ ভাবমূর্তি, বিজেপিৰ ৰণকৌশলত দিশহাৰা বিৰোধী শিবিৰৰ বাবে মমতা বেনার্জী এটা আশাভৰা নাম৷