নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিএনএ নামৰ এই ৰহস্যময় বস্তুটো আচলতে কি?

এদিন এজন বন্ধুৱে কথা প্রসংগত মোক ক’লে – ‘বাতৰিকাকতত বিভিন্ন সময়ত ডিএনএ নামৰ এটা ৰহস্যময় বস্তুৰ উল্লেখ পাওঁ৷ কেইবাটাও উদাহৰণৰ পৰা বাছি বাছি মাত্র এটা উদাহৰণ দিওঁ৷ কেইবছৰমানৰ আগতে অগপ চৰকাৰৰ (১৯৯৪–২০০১) এজন ৰাজ্যিক পর্যায়ৰ মন্ত্রীৰ বিৰুদ্ধে এগৰাকী মহিলাই অভিযোগ কৰিছিল যে তেওঁৰ নৱজাত সন্তানৰ পিতৃ হ’ল সেই মন্ত্রীজন কিন্তু মন্ত্রীজনে কোনোপধ্যে মহিলাগৰাকীৰ সন্তানৰ পিতৃত্ব স্বীকাৰ কৰি ল’ব নোখোজে৷ অৱশেষত আদালতে মন্ত্রীজনৰ ডিএনএ পৰীক্ষাৰ হুকুম দিলে৷ এই ডিএনএ নামৰ ৰহস্যময় বস্তুটো আচলতে কি? যিহেতু তুমি বিভিন্ন বিষয়ৰ জ্ঞান আহৰণ কৰিবলৈ বিচিত্র বিষয়ৰ কিতাপ পঢ়ি থাকা, সেই কাৰণে মই ভাবিছোঁ যে তুমি ডিএনএৰ বিষয়ে কিছু আভাস মোক দিব পাৰিবা৷’
বন্ধুৰ প্রশ্ণটোৰ উত্তৰ দিবলৈ মই তলত লিখা কথাখিনি তেওঁক ক’ব লগা হ’ল৷
শৰীৰ বিজ্ঞান আৰু ৰসায়ন বিজ্ঞানৰ প্রাথমিক জ্ঞানখিনি নাথাকিলে ডিএনএৰ বৈজ্ঞানিক বিৱৰণ বুজিবলৈ তোমাৰ অসুবিধা হ’ব পাৰে৷ সেই কাৰণে ডিএনএৰ বৈজ্ঞানিক ব্যাখ্যালৈ যোৱাৰ আগতে তাৰ প্রতি তোমাক কৌতূহলী কৰি তুলিবলৈ কেইটামান চমকপ্রদ তথ্য দি লওঁ – যেনেকৈ কটন কলেজত আমাৰ ৰসায়ন বিজ্ঞানৰ অধ্যাপক ইন্দুভূষণ চক্রৱর্তী ছাৰে প্রথম বার্ষিকৰ প্রথম দিনৰ শ্রেণীটোত আমাক ৰসায়ন বিজ্ঞানৰ একো এটা কথা নকৈ কেৱল ৰসায়নৰ যাদুবিদ্যা দেখুৱাইছিল৷
এদিন মই ব্রিটিছ দার্শনিক জন বার্ডকাৰৰThe Meaning Of Death নামৰ কিতাপখন পঢ়ি থাকোঁতে এঠাইত ডিএনএৰ বিষয়ে কেইটামান বাক্য পঢ়িবলৈ পালোঁ৷ ডিএনএৰ বিষয়ে অন্যান্য কিতাপত পঢ়িছোঁ যদিও বার্ডকাৰৰ বাক্যকেইটাই মোৰ মনত বেছি দকৈ ৰেখাপাত কৰিলে৷ অৱশ্যে বাক্যকেইটা তেওঁ মেক ফার্নল নামৰ এজন বিজ্ঞানীৰ কিতাপৰ পৰা উদ্ধৃত কৰিছিল৷
মেক ফার্নলে লিখিছে– ‘যদি কোনোবা মানুহৰ বিস্ময় অনুভৱ কৰিব পৰা ক্ষমতা আছে, তেন্তে তেওঁ একো নকৰি অনুবীক্ষণ যন্ত্রৰে নিজৰ শৰীৰৰ শ্বেতৰক্ত কণিকাবোৰ চালেই হ’ল৷ তেওঁ প্রতিটো শ্বেতৰক্ত কণিকাৰ মাজত এটা ঘূৰণীয়া অণু দেখিবলৈ পাব৷ সেই অণুটোৰ সোঁমাজতে আছে ডিএনএৰ একোডাল চুলিসদৃশ ফিতা৷ এই কথাটো আক্ষৰিকভাৱে সত্য যে প্রায় ৩০০ কোটি বছৰৰ আগতে বিশ্বব্রহ্মাণ্ডৰ যিটো সর্বপ্রথম এককোষী অণুজীৱৰ সৃষ্টি হৈছিল আৰু যাৰ মাজত আদিমতম বিশ্বজনীন জেনেটিক Genetic) সংকেতটোৰ উদ্ভৱ হৈছিল, প্রাণৰ প্রথম প্রকাশ ঘটা সেই অণুজীৱটোৰ পৰা আজিলৈকে মৃত্যুহীন আৰু নিৰৱচ্ছিন্ন প্রৱাহৰ মাজেদি সেই বস্তুটো, অর্থাৎ ডিএনএ আহিয়েই আছে৷
পৃথিৱীত যিমানবোৰ প্রাণী আছে– উৰণ–বুৰণ–গজন– আৰু বৃক্ষলতাৰ দৰে স্থানু– এই সকলো জীৱৰে শৰীৰবোৰ কোটি কোটি কোষৰ Cell) সমষ্টি মাত্র৷ এই কোষবোৰেই হ’ল সকলোবোৰ প্রাণীৰ শৰীৰ নির্মাণৰ ইটা মাত্র৷ প্রাণীৰ শৰীৰত চাৰি প্রকাৰৰ কোষ থাকে আৰু সিহঁতৰ প্রত্যেকৰে কাম বেলেগ বেলেগ৷ স্নায়ুকোষবোৰৰ কাম হ’ল সংযোগী ব্যৱস্থা চলাই ৰখা৷ আৱৰণী কোষৰ কাম হ’ল শৰীৰটোক ছালেৰে আৱৰি ৰখাৰ উপৰি পাকস্থলীৰ নিচিনা শৰীৰৰ ভিতৰৰ অংগবোৰক নিৰাপদভাৱে আৱৰি ৰখা৷ সংযোগী কোষে শৰীৰটোক একগোট কৰি বান্ধি ৰাখে, আৰু পেশীকোষে শৰীৰৰ বিভিন্ন অংশবোৰক সচল কৰি ৰাখে৷ এই চাৰিবিধ কোষৰ ভিতৰত স্নায়ুকোষক বাদ দি বাকী তিনিবিধ কোষে নতুন নতুন কোষ সৃষ্টি কৰি থাকে৷ সিহঁতে নিজৰ কঁকালৰ নিচিনা ঠাইখনতে নিজকে চেপেটা কৰি হুবহু একে ধৰণৰ দুটা ভাগত বিভক্ত হৈ প্রাণীৰ মৃত্যু নোহোৱালৈকে নতুন নতুন কোষ সৃষ্টি কৰি থাকে৷ লগে লগে কোটি কোটি পুৰণি কোষৰ মৃত্যু হয়৷ প্রাণীয়ে নিজে নজনাকৈ সিহঁতৰ শৰীৰৰ ভিতৰত এনেকৈ অবিৰামভাৱে সৃষ্টি আৰু মৃত্যুৰ লীলা চলি থাকে৷ উদাহৰণ স্বৰূপে শৰীৰৰ পেশীত থকা কোষবোৰৰ প্রতি আশী দিনৰ মূৰে মূৰে মৃত্যু হয় আৰু সেইবোৰৰ ঠাই লয় নতুনকৈ সৃষ্টি হোৱা কোষবোৰে৷ ছালৰ কোষবোৰৰ আয়ুসকাল মাত্র ৪–৫ দিন৷ মৰা কোষবোৰ গা ধুওতে উটি যায়৷
একমাত্র ব্যতিক্রম হ’ল স্নায়ুকোষ৷ স্নায়ুকোষ এবাৰ মৰিলে সিহঁতৰ ঠাই ল’বলৈ নতুন কোষৰ সৃষ্টি নহয়৷
মানুহৰ শৰীৰৰ প্রতিটো কোষতে প্রায় ৪৬টা ক্রম’জম Chromosome) থাকে৷ প্রতিটো ক্রম’জমত থাকে জিন৷ এই জিনবোৰেই বংশগতি নির্ণয় কৰে৷ যৌন মিলনৰ যোগেদি এই জিনবোৰ পিতৃ–মাতৃৰ পৰা সন্তানলৈ প্রৱাহিত হয়৷ পৃথিৱীত প্রথম মানৱ–মানৱীৰ আৱির্ভাৱৰ দিন ধৰি এই প্রক্রিয়া নিৰৱচ্ছিন্ন গতিৰে চলি আছে৷ সেই কাৰণে ক’ব পাৰি যে আমাৰ প্রত্যেকৰ শৰীৰত কোটি কোটি বছৰৰ আগৰ আমাৰ পূর্বপুৰুষসকল জিনৰ ৰূপত বিৰাজ কৰি আছে৷
এতিয়া আহো ডিএনএৰ কথালৈ৷ ওপৰত কোৱা হৈছে যে প্রায় ৩০০ কোটি বছৰৰ আগতে প্রথম এককোষী অণুজীৱৰ আৱির্ভাৱৰ দিন ধৰি তাৰ বুকুত উদ্ভৱ হোৱা ডিএনএ নামৰ বস্তুটো আজিলৈকে অবিৰামভাৱে ক্রিয়াশীল হৈ আছে৷ অথচ মানুহে তাৰ অস্তিত্বৰ কথা গম পালে মাত্র ১৯৫৩ চনত৷ সেই বছৰতে জে ডি ৱাটছন আৰু ফ্রাঞ্চিছ ক্রিক নামৰ দুজন বিজ্ঞানীয়ে ডিএনএৰ অস্তিত্ব ঘোষণা কৰিলে৷ দুয়োজনে ন’বেল পুৰস্কাৰ পালে৷
ডিএনএ হ’ল এটা দীঘলীয়া ৰাসায়নিক সংজ্ঞাসূচক শব্দ–সমষ্টিৰ সংক্ষিপ্ত ৰূপ৷ সম্পূর্ণ শব্দ–সমষ্টি হ’লdeoxyribonucleic acid৷
যোৱা তিনিশ কোটি বছৰ ধৰি ডিএনএই তাৰ স্মৃতিশক্তি হেৰুওৱা নাই আৰু কোনোকালেই নেহেৰুৱায়৷ পৃথিৱীত গছ–লতা আৰু বেক্টেৰীয়াকে ধৰি যিমান প্রাণী আছে সেই সমস্ত প্রাণীৰ শৰীৰত প্রতিটো জীৱন্ত কোষতে আছে ডিএনএ, আৰু আপোনাৰ চুলি বা নখৰ আগটোত থকা প্রতিটো ডিএনএত থাকে আপোনাৰ সমগ্র শৰীৰৰ সমস্ত তথ্য৷
কল্পনাতীতভাৱে ক্ষুদ্র একোটা ডিএনএৰ কণাই প্রাণীৰ সমগ্র শৰীৰটোৰ বিষয়ে যিমানবোৰ তথ্য সংগ্রহ বা সঞ্চয় কৰি ৰাখে৷ সেইবোৰক যদি ৰোমান লিপিত লিপিবদ্ধ কৰা হয়, তেন্তে কিতাপৰ আকাৰত প্রকাশ কৰিলে সেইখন কিমান ডাঙৰ কিতাপ হ’ব আপুনি কল্পনা কৰিব পাৰেনে?
১০০০টা খণ্ডৰ এখন বিশ্বকোষৰ সমান৷ ঈশ্বৰ নামৰ কিবা এটা পৰম সত্তা সঁচাকৈয়ে আছে নেকি বাৰু? কেনেকৈ ব্যাখ্যা কৰা যায় এই কল্পনাতীত পৰম বিস্ময়?
গৰু
যোৱা ২২ জানুৱাৰী শুকুৰবাৰৰ দিনটো মোৰ কাৰণে আছিল বিৰামবিহীন ব্যস্ততাৰ দিন৷ তাৰ মাজতে ঢ়ৌতে খৰ মাৰি মই আগবেলা ‘গৰু’ নামৰ চিনেমাখন চালোঁ৷ চিনেমাখনৰ নির্মাতা আৰু পৰিচালক হিমাংশু প্রসাদ দাস৷ মোৰ কাৰণে চিনেমাখনৰ প্রধান আকর্ষণ আছিল হিমাংশু প্রসাদ দাস, কাৰণ নৈতিক সাহসেৰে বলীয়ান এই তৰুণ পৰিচালকজনে সদায় ব্যতিক্রমধর্মী আৰু পৰীক্ষামূলক চিনেমা কৰে৷ তেওঁৰ গৰু নামৰ এই চিনেমাখনো তাৰ ব্যতিক্রম নহয়৷ আজিৰ ভাৰতত গৰুক কেন্দ্র কৰি যিটো হিংস্র বিতর্কৰ সৃষ্টি হৈছে তাৰ মাজতেই সমাজক এটা নতুন বার্তা দিবলৈ হিমাংশু প্রসাদে এই চিনেমাখন কৰিছে, আৰু সমাজক এটা নতুন বার্তা দিয়াত তেওঁ সফল হৈছে৷ অৱশ্যে তেওঁ মূল চিনেমাখনৰ লগত যিটো তৰল আৰু কৃত্রিম প্রেমৰ কাহিনী যোগ কৰি দিছে তাৰ কোনো প্রয়োজন নাছিল৷ ছবিখনৰ মূল কাহিনীটো আৰু এই প্রেমৰ কাহিনীটো তেল–পানীৰ নিচিনা হৈ থাকিল৷ ভাৰতীয় চিনেমাৰ আদর্শবাদী ধাৰাটোত হিমাংশু প্রসাদৰ ‘গৰু’ এটা শক্তিশালী সংযোজন৷

You might also like