১৯২৬ চনৰ ৮ ছেপ্ঢেম্বৰত শদিয়াত জন্মগ্রহণ কৰা ভাৰতৰত্ন ভূপেন হাজৰিকাৰ শুভ জন্মদিনটো আকৌ আহিল৷ জন্ম–মৃত্যুৰ এই নিৰৱচ্ছিন্ন সোঁতত কিমান মানুহ যে হেৰাই গ’ল, তাৰ সীমা–সংখ্যা নাই৷ এয়াই জীৱন আৰু জীৱনৰ চিৰন্তন সত্য৷ পিছে এই পৃথিৱীত এনে কিছুমান মানুহ জন্মে, যাৰ জন্মহে হয়৷ মৃত্যু নহয়৷ অর্থাৎ কায়িক মৃত্যুহে হয়৷ এইসকল লোকৰ বিস্ময়কৰ প্রতিভা আৰু ব্যক্তিত্বৰ অবিস্মৰণীয় প্রকাশে চিৰকাল তেওঁলোকক মানুহৰ পৃথিৱীত অমৰ কৰি ৰাখে৷ তেনে এজন বিস্ময়কৰ প্রতিভাৰ ব্যক্তি হ’ল প্রজ্ঞাৰ তৃষাৰে চিৰ উজ্জীৱিত অসমীয়াৰ হিয়াৰ আমঠু সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা৷
এইগৰাকী বিস্ময়কৰ প্রতিভাধৰ ভূপেন হাজৰিকাৰ গীতৰ মূল্যায়নৰ বিষয়ে আলোচনা কৰিবলৈ সাহস কৰাটোও এটা দুঃসাহস৷ হূদয়ত মৃদু কঁপনি উঠিছে যদিও তেওঁৰ ব্যক্তিত্বৰ আজন্ম পিয়াসী বুলিয়েই তেওঁৰ গীতত ব্যৱহূত বহুবোৰ দিশৰ আলোচনা নকৰি কেৱল শব্দ প্রয়োগ আৰু বিন্যাসৰ ওপৰত, শব্দৰ বাংময় ৰূপৰ বিষয়ে কিছু আলোচনা কৰিবলৈ প্রয়াস কৰিলোঁ৷
হাজৰিকাৰ গীতত প্রয়োগ কৰা শব্দবোৰ ইমানেই শক্তিশালী, ইমানেই উপভোগ্য যে শব্দবোৰ ইচ্ছা কৰিলে হাতৰ তলুৱাত লৈও চাব পাৰি কিমান উত্তাপ, জিভাত লৈও চাব পাৰি কেনেনো সোৱাদ৷ একে আষাৰতে ইয়াতকৈ বেছি আৰু কি কম৷ হাজৰিকাৰ গীতে মানুহৰ আত্মা কেতিয়াও জগাই তুলিব নোৱাৰিলেহেঁতেন, যদিহে তেওঁৰ গীতত সন্নিৱিষ্ট শব্দবোৰৰ যাদুকৰী শক্তি নাথাকিলেহেঁতেন৷ শব্দ যোজনাৰ এনে অভিনৱ সৃষ্টি, সৃষ্টিৰ সকলো কৌশল তেওঁ জন্মসূত্রে লাভ কৰিছিল৷ এই কথা তেওঁৰ আইতাকে ভূপেন হাজৰিকা জন্ম হোৱাৰ কেইদিনমান আগতে ব্যক্ত কৰিছিল যে ভূপেন হাজৰিকাৰ মামাক ‘অনাথ’–য়েই হেনো শান্তিৰ গর্ভত ল’ৰা হৈ জন্মিছে৷ এই সমস্ত কথা তেওঁৰ আইতাকে সপোনত পাইছিল (দেখিছিল)৷ শান্তি মানে শান্তিপ্রিয়া ভূপেন হাজৰিকাৰ মাতৃ৷ এয়া কিন্তু কোনো জাতিস্মৰৰ কাহিনী নহয়, ই সঁচা কাহিনী৷ সেইবাবেই আইতাকে ভূপেন হাজৰিকাক অনাথ বুলিহে মাতিছিল আৰু কৈছিল– ‘আকৌ তই জন্মিলি, এই বছৰৰ পিছত তই ২৩ বছৰৰ ইণ্টেলিজেঞ্চ জন্মিছ, সেই কাৰণে তই জিনিয়াছ৷ অনাথ আকৌ আহি ভূপেন হৈ জন্মগ্রহণ কৰিছহি’ (‘মই এটি যাযাবৰ’ গ্রন্থখনৰ পৰা উদ্ধৃত কৰা হ’ল)৷ এইদৰেই জন্ম হ’ল এই মহাপ্রতিভাৰ৷
জন্মসূত্রে মহাপ্রতিভাৱান হাজৰিকাৰ সাধনা আৰু চিন্তাক বাস্তৱত ৰূপ দিয়াত সফল কৰিছিল বিষ্ণুপ্রসাদ ৰাভাৰ গণ দর্শনে আৰু জনতাৰ শিল্পী জ্যোতিপ্রসাদৰ শিল্প দর্শনে৷ তাৰ লগতে ক’ব লাগিব, বেজবৰুৱাই কৈশোৰ অৱস্থাতে (৫ বছৰ বয়সত) হাজৰিকাৰ গীত শুনি কণমানি হাজৰিকাৰ গালত মৰমতে যিটো চুমা দিছিল, সেই চুমাটোৱেই হাজৰিকাৰ গীতি মানসত আশীর্বাদস্বৰূপ হৈ কণ্ঠত সুৱাগুৰি ছটিয়াইছিল৷ এইদৰেই তেওঁৰ জীৱন ধন্য হৈছিল৷ শব্দৰ ওপৰত হাজৰিকাৰ অভাৱনীয় দখল আছিল৷ এই শব্দব্রহ্মৰ যাদুকাঠীৰ পৰশে তেওঁৰ গীত আৰু কবিতাক ঐশ্বর্যশালী আৰু মহিমামণ্ডিত কৰি তুলিছিল৷ কি পৰিস্থিতিত কি পৰিৱেশত কেনে শব্দ প্রয়োগ কৰিব লাগে, ঠিক সেই ধৰণেই তেওঁ প্রয়োগ কৰিছিল৷
তেওঁৰ অন্যতম শ্রেষ্ঠ গীত ‘জিলিকাব লুইতৰে পাৰ’ৰ শব্দচয়নেই তেওঁৰ শব্দ নির্বাচন ক্ষমতাৰ উৎকৃষ্ট উদাহৰণ–
‘আন্ধাৰৰ ভেটা ভাঙি
প্রাগজ্যোতিষত বয়
জেউতি নিজৰাৰ ধাৰ৷’
‘জেউতি নিজৰা’– এই শব্দ দুটাৰ বাছনি অসাধাৰণ৷ জিলিকাব লুইতৰে পাৰ বুলি সমগ্র অসমবাসীক একেটা পৰিচয়তে সামৰি লোৱা হৈছে৷ তেওঁৰ প্রায়বোৰ গীততেই ‘লুইত’ শব্দটো পোৱা যায়৷ ‘লুইত’ এনে এটা শক্তিশালী শব্দ, এই লুইতখনক লৈয়েই তেওঁ হাঁহিছিল, কেতিয়াবা কান্দিছিল৷ লুইতেই আছিল তেওঁৰ আশাৰ কাৰেংঘৰ৷ লুইতৰ সৈতে তেওঁ মনৰ কথা পাতিছিল৷ কেতিয়াবা খঙে–ৰাগে ক্ষোভত লুইতক গালি পাৰিছিল৷ কেতিয়াবা আকৌ নৈপৰীয়া মানুহৰ বুকুৰ খবৰ হূদয়েৰে লৈছিল৷
এখনি নৈৰে পাৰতে এটি ভগা পঁজাতে
পানেইৰ কামীহাড় সাবটি
তাইৰ পোনাকণে ফেঁকুৰে
নিজৰ ভোকাতুৰ সন্তানৰ মুখত এটোপাল গাখীৰ, এটি খুদকণ তুলি দিব নোৱাৰা এগৰাকী নৈপৰীয়া মাতৃৰ শোকাতুৰ ৰূপ ফুটাই তুলিছে উক্ত গীতটোত৷ আই মাতৃৰ দুঃখিত দলিত অৱহেলিতৰ বাবে তেওঁ কতবাৰ যে কান্দিছিল, নিয়ৰ মুকুতা যেন শব্দবোৰৰ মাজেৰে তেওঁ ভিন্ন সময়ত ভিন্ন ভাব ফুটাই তুলিছিল৷
ভূপেন হাজৰিকাক শব্দৰ যাদুকৰ বুলি ক’ব পাৰি, শব্দ সম্রাট বুলি ক’ব পাৰি৷ সেই শব্দবোৰ যেতিয়া গীতৰ জৰিয়তে তেওঁৰ জিভাত পৰে, আস্ কি অপূর্ব৷ গীতৰ কথাবোৰ সুৰৰ লহৰ সানি ওলাই আহে, প্রতিধ্বনিত হয় তেতিয়া মানুহৰ হূদয়তন্ত্রীত৷ তেওঁৰ প্রিয় শব্দবোৰৰ ভিতৰত ‘লুইত’ এটি অন্যতম প্রতীকাত্মক শব্দ৷ কেতিয়াবা প্রতীকৰ ৰূপত, কেতিয়াবা কোমল কোমল– শেৱালি কোমল গোন্ধ ভৰা শব্দেৰে গভীৰ বিষয়ক মহামূল্যৱান গীত ৰচনা কৰিছিল৷ লুইতৰ পাৰৰ ডেকাসকলক বন্ধু বুলি সম্বোধন কৰি তেওঁ অসমৰ অস্তিত্ব ৰক্ষাৰ সংগ্রামত যেতিয়া নতুন পুৰুষে ১৯৭৯ চনত বিদেশী বহিষ্কাৰ আন্দোলনত জঁপিয়াই পৰিছিল, সেই সংগ্রামৰ প্রতি সঁহাৰি জনাই, আশিস জনাই যিটো কালজয়ী গীত ৰচিছিল, তাৰ তুলনা কৰিবলৈ ভাষা নাই–
লুইতপৰীয়া ডেকাবন্ধু
তোমাৰ তুলনা নাই
জীয়াই থকাৰ যুঁজত নামিছা
মৃত্যুশপত খাই৷
কেনে হূদয় চুই যোৱা শব্দ, অর্থৰ গভীৰতায়ো প্রাণ টানি ধৰে৷ ‘জীয়াই থকাৰ যুঁজ’, ‘মৃত্যুশপত’ ইয়াত জাতিৰ প্রতি সন্মান তথা আশীর্বাদ এই সকলোবোৰ যেন শব্দবোৰৰ মাজেৰে ফুটি ওলাইছে৷ একোটা একোটা শব্দৰ পৰাই তৰপে তৰপে অর্থৰ বিভিন্ন ভংগিমা প্রকাশ পাইছে৷ এই লুইতখনক লৈ কিমান যে গীত লিখিলে তেওঁ৷ এই লুইত শব্দটো, লুইতখন তেওঁৰ আপোনৰো আপোন৷ মানুহৰ সমাজত দেখা দিয়া অন্যায়, অনীতি, ব্যভিচাৰবোৰ দেখি তেওঁৰ অন্তৰে কান্দি উঠিছিল৷ সেইবাবে লুইতক তেওঁ কৈছে–
নৈতিকতাৰ স্খলন দেখিও
মানৱতাৰ পতন দেখিও
নির্লজ্জ অলসভাৱে বোৱা কিয়…
…………………………
তুমিয়ে যদি ব্রহ্মাৰে পুত্র
সেই পিতৃত্ব তেনে নামমাত্র
নহ’লে প্রেৰণা নিদিয়া কিয়?
ভীষ্মৰূপী, অজস্র বীৰক
জগাই নোতোলা কিয়?
মহাভাৰতৰ অন্যতম বলিষ্ঠ চৰিত্র পিতামহ ভীষ্মৰ সৈতে তুলনা কৰিছে তেওঁ অসম–সন্তানক৷ শব্দ আৰু ভাবৰ, চিন্তাৰ কি যে অপৰূপ সমন্বয়৷ ভাবিলে আচৰিত নালাগেনে? ভূপেন হাজৰিকাৰ কবিতাই হওক বা গীতেই হওক, সেইবোৰত ব্যৱহূত শব্দই একোপাট অস্ত্রৰ দৰে কাম কৰে৷ যি অস্ত্রই আঘাত নকৰে, বৰঞ্চ আঘাতবোৰ প্রশমিতহে কৰে৷ শব্দৰ গভীৰতাই এই কাব্য–গীতক অমৰত্ব প্রদান কৰে৷ (হাজৰিকাৰ কাব্য আৰু গীতৰ মাজত বিশেষ পার্থক্য বিচাৰি পোৱা নাযায়)৷ ৰুগীয়া দেহটোক সুস্থ কৰি তুলিবলৈ যিদৰে ঔষধৰ সু–প্রয়োগ অতিকৈ জৰুৰী, ভাষাৰ ক্ষেত্রতো সেই একে কথাই খাটে৷ হাজৰিকাৰ গীতবোৰ বুটাবছা শব্দৰ আকৰ৷ শব্দবোৰৰ অর্থৰ গভীৰতাই হূদয়ত দোলা দি থাকে৷
দোলা হে দোলা, হে দোলা, হে দোলা
বৰ বৰ মানুহৰ দোলা
……………………………….
দোলাৰে ভিতৰত তিৰবিৰ কৰিছে
চহকী পাটৰে পাগ
…………………………………
মোৰহে ল’ৰাটিক এইবাৰ বিহুতে
নিদিলোঁ সূতাৰে চোলা৷
উক্ত গীতফাঁকিৰ হে দোলা, হে দোলা– এই শব্দ দুটাৰ শব্দৰ ধ্বনি আৰু প্রতিধ্বনিয়ে গীতটো অধিক ৰূপকাত্মক কৰি তুলিছে৷ এইদৰেই তেওঁ দেশৰ নিষ্পেষিত, দলিতসকলৰ উৱলিব খোজা জীৱনটোক লৈ অনেক গীত ৰচনা কৰিছে৷ য’ত ফুটি উঠেছে পুঁজিবাদী মানসিকতাৰ প্রতি তীব্র ঘৃণা৷ মার্ক্সবাদত বিশ্বাসী হোৱা বাবেই তেওঁ ব্যক্তিগত জীৱনতো দৰিদ্র, দলিতসকলৰ প্রতি আছিল অত্যন্ত সহানুভূতিশীল৷ শিল্পীৰ হূদয় যদি জনগণৰ সৈতে আত্মিকভাৱে গঢ়ি নুঠে, তেনেহ’লে তেওঁ শিল্পী হ’বই নোৱাৰে৷ এই বাবেই ভূপেন হাজৰিকা প্রকৃতার্থত এগৰাকী গণশিল্পী৷
তেওঁৰ আন এটি দৰদ ভৰা উল্লেখযোগ্য গীত হ’ল জিকমিক দেৱালী, য’ত নিহিত হৈ আছে নিঃস্বজনৰ প্রতি অনুকম্পা৷
জিকমিক দেৱালীৰ বন্তি জ্বলে
এন্ধাৰত কান্দে কোনে অকলে অকলে
ওচৰা উচৰি দুটি ঘৰ৷
এটি পঁজা, আনটি ৰজাঘৰ
ৰজাঘৰে হাঁহে, মাথোন পঁজাটিত বন্তি নজ্বলে৷
কোমল কোমল শব্দবোৰৰ মাজেৰে কত ভাবৰ যে প্রকাশ ঘটিছে চাওঁচোন, এফালে নগৰীয়া মানুহ, তেওঁলোকৰ যান্ত্রিক হূদয়, লগতে সামাজিক অসমতাৰ ছবিখন স্পষ্টভাৱে ফুঠি উঠিছে৷ শব্দ তিনিটা হ’ল– দেৱালী, পঁজা, ৰজাঘৰ৷ এই তিনিটা শব্দৰ মাজেৰেই ফুটি উঠিছে প্রচলিত সমাজ ব্যৱস্থাৰ প্রতি তীব্র বিষোদ্গাৰ৷ তেওঁ নিজেও তেওঁৰ সামাজিক জীৱনত, ব্যক্তিগত জীৱনত কাৰো সৈতে বৈষম্য ৰখা নাছিল৷ এয়া তেওঁৰ ব্যক্তিত্বৰ এক অনন্য ৰূপ৷ আমি সকলোৱে জানো– তেওঁৰ ব্যক্তিগত জীৱনৰ বহু দুখ স্তূপীকৃত হৈ মৃত্যুৰ দিনলৈকে পীড়া কৰিছিল৷ অসমৰ ৰাইজে কিন্তু মৃত্যুৰ পিছতহে তেওঁক ভালকৈ বুজিলে৷ নিজৰ যিমান দুখেই নাথাকক, তেওঁ এগৰাকী আধুনিক মনৰ শিল্পী হিচাপে শিল্পীৰ দায়বদ্ধতাৰ প্রতি সচেতন আছিল৷ তেওঁ হেজাৰ বঞ্চনা–ব্যর্থতা থাকিলেও কেতিয়াও হতাশাক প্রশ্রয় নিদিছিল, কাৰণ তেওঁ জানে– হতাশাগ্রস্ততাই মানুহক নিজৰ লগতে সমাজখনকো পংগু কৰে৷
ৰাজনীতিৰ ৰঙাফিতাৰ মেৰপেঁচ, ক্ষমতাৰ ৰাগিত মাতাল, দম্ভালি, অহংকাৰ, বাহ্যিকতা সকলো মিলি অশান্তিময় হৈ উঠা অসমখনৰ, ড০ ভূপেন হাজৰিকাৰ এই গীতবোৰে মৃত সঞ্জীৱনীৰ কাম কৰিব পাৰে৷ যদিহে এই গীতসমূহৰ মূল্য নিজকে অসমীয়া অসমীয়া বুলি কৈ থকা মানুহসকলে বুলি পায়৷
ড০ ভূপেন হাজৰিকাই তেৰটা ভাষাত গীত ৰচিছিল৷ যিগৰাকী শিল্পীয়ে তেৰটা ভাষাত গীত ৰচিছিল, তেওঁৰ ভাষাজ্ঞান কিমান প্রখৰ, শব্দৰ ওপৰত কিমান দখল আছিল, তেওঁৰ গীতসমূহেই জ্বলন্ত উদাহৰণ৷ গীতৰ মাজেৰেই নানা বুৰঞ্জী, ভূগোলৰ জ্ঞান দিছিল৷ এয়াও এক বিস্ময়কৰ প্রতিভা৷ বড়ো ভাষাৰ কিছু শব্দ তেওঁৰ… টিহু হ’ল তোমাৰ নাম… গীতটোত এইদৰে পোৱা যায়…
বড়ো ভাষাৰ ‘ডিহু’ শব্দহে বিষ্ণু ৰাভাই কোৱা
ডি মানে পানী আৰু হু মানে বোৱা হে
‘ডিহু’ ক্রমে ‘টিহু’ হ’ল হে, টিহু নদীৰ পাৰে
বাণীকান্ত কাকতিয়ে কয় বাৰে বাৰে৷
বাহ্ ভূগোল–বুৰঞ্জীৰ কেনে অপূর্ব সমন্বয়, সঁচাই আচৰিত নামানি নোৱাৰি৷ লগতে অপূর্ব শব্দ বিন্যাস৷
বড়ো, মিচিঙৰ দৰে খাচী পাহাৰৰ (বর্তমান মেঘালয়) খাচীসকলৰ মাজত প্রচলিত নানা শব্দৰ প্রয়োগেৰে তেওঁৰ এটি উল্লেখযোগ্য গীত হ’ল–
হে হে হে ঢ়োলে দগৰে
হে হে হে হিয়াৰ উমেৰে
নেদেখা এনাজৰীৰে
এ বান্ধো আমি পাহাৰ শিখৰৰে
মহান চিয়েমক৷
মহান চিয়েম শব্দ দুটাৰ অর্থ হ’ল খাচী ৰজা৷ গীতটোৰ শেষৰফালে ড০ হাজৰিকাই খাচী শব্দ আৰু প্রয়োগ কৰিছে৷ খাচী গাভৰুৰ গাৰ কাপোৰ ‘জেইনচেম’ৰ সৈতে মিল দেখিছে৷ আমাৰ অসমৰ অসমীয়া বস্ত্র সোণোৱালী মুগা, আৰু এটা শব্দ হ’ল ‘উব্লেই’ অর্থাৎ খাচীসকলৰ ঈশ্বৰ৷ এইদৰেই অসমৰ পাহাৰ–ভৈয়ামৰ সম্প্রীতি গঢ়াৰ মানসেৰে হাজৰিকাই এই গীতবোৰ ৰচনা কৰিছিল৷ খণ্ডিত হৈ যোৱা সাতভনীৰ দেশখন তেওঁ পুনৰ একত্রিত কৰাৰ একান্ত ইচ্ছাৰে এই গীতবোৰ ৰচনা কৰিছিল৷ মিজো মহিলাৰ সাজপাৰ ‘গোৱান’ মেখেলা, ফুলাম ‘কৰচেই’ চোলা, লুখুম টুপীৰ উল্লেখ গীতৰ মাজেৰে সকলো অসমীয়াক শিকাইছে৷ আন এটি মিজো ভাষাৰ সুন্দৰ শব্দ হ’ল ‘চিৰায়’৷ অর্থাৎ অসমীয়াত কৃতজ্ঞতা আৰু সম্ভ্রমসূচক অর্থাৎ ধন্যবাদ৷
মুঠতে ড০ হাজৰিকাৰ গীতৰ যি শব্দ ভাণ্ডাৰ, সেইবোৰৰ প্রয়োগ ৰীতি বা শৈলী ইমানেই আকর্ষণীয় যে তুলনাবিহীন৷ তেওঁ গীতত প্রয়োগ কৰা শব্দবোৰ ইমানেই অর্থবহুল যে ইয়াক ভালদৰে সংগ্রহ কৰিলে, লগতে ভালদৰে সংৰক্ষণ কৰিলে সেইবোৰো হ’ব পাৰে অভিধানৰ একোটা অধ্যায়৷
ইয়াৰ উপৰি তেওঁৰ গীতত পোৱা গৈছে অসমীয়া সম্পূর্ণ ঘৰুৱা কথ্যৰীতিৰ প্রয়োগ, জতুৱা ঠাচ, ফকৰা যোজনা, উপমা, ৰূপক, চিত্রকল্প, প্রতীক ধর্মীয় শব্দৰ প্রয়োগ, পুৰণি অসমীয়া আৰু উপ–ভাষাৰ শব্দৰ প্রয়োগ ইত্যাদি ইত্যাদি৷ হাজৰিকাৰ এইসমূহ অমৃতসম শব্দই যে কেৱল গীতি সাহিত্যৰ জগতখনকেই চহকী কৰিছে এনে নহয়, তেওঁ অসমীয়া ভাষাটোকো এক বলিষ্ঠ ৰূপ দিছে৷
শব্দ প্রয়োগৰ ক্ষেত্রত এনে বিচক্ষণতা, এনে যাদুকৰী শক্তি, এনে সন্মোহনী শক্তি হয়তো ক’তোৱেই বিচাৰি নাপাওঁ৷ এইক্ষেত্রত ভূপেন হাজৰিকাক আমি কাৰো সৈতে তুলনা কৰিব নোৱাৰোঁ৷ ভূপেন হাজৰিকা ভূপেন হাজৰিকাই৷ এয়া তেওঁৰ আজন্ম প্রতিভা৷ অসম মাতৃৰ এনে সন্তান বহু পুণ্যৰ ফল৷ তেওঁৰ এই সমুদ্রসদৃশ বিপুল সম্ভাৰ অর্থাৎ গীতৰ যোগেৰে আমি যি ভোগ কৰিছোঁ আজি, তাক চিৰকাল আদৰ কৰিব লাগিব৷ এই অমূল্য সম্পদসমূহ সংৰক্ষণ আৰু পুনৰুজ্জীৱিত কৰাৰ দায়িত্ব সমগ্র অসমবাসীয়েই বহন কৰিব লাগিব৷ বিশেষকৈ নৱপ্রজন্মৰ সকলো কলাকুশলীয়ে এইক্ষেত্রত আগভাগ ল’ব লাগিব৷ প্রয়াত ৰত্ন ওজাৰ সুৰতেই সুৰ মিলাই ক’ব খুজিছোঁ যে ‘সকলো নদীয়েই সাগৰমুখী হোৱাৰ দৰে সামগ্রিকভাৱে তেওঁৰ সকলো গীতেই মানৱপ্রেম আৰু মহাজীৱনপ্রীতিৰ অভিমুখী’৷ শেষত এইগৰাকী মহীৰূহৰ এটি গীতৰ কলিৰে তেওঁলৈ শ্রদ্ধা নিবেদিলোঁ৷
জীৱনজোৰা খ্যাতিয়ে যদি
জীৱনটোকে খায়
বহু ধনৰ লোভে যদি মানুহ পাহৰায়৷
মানুহ যদি মানুহৰে হয় অন্তৰায়৷
(তেনে) দূৰতে থাওক খ্যাতি আৰু মিছা ব্যৱসায়৷