নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইউটিউবৰ জৰিয়তে উপার্জন

-জয়া শইকীয়া

বর্তমান ইউটিউবৰ মাধ্যমেৰে বিশ্বৰ ভিন্ন প্রান্তত একাংশ যুৱ প্রজন্মই জনসাধাৰণক প্রতিদিনে ন ন খবৰ দিয়াৰ উপৰি ইয়াক প্লেটফর্ম হিচাপে লৈ সমাজৰ হকে কিছু লেখত ল’বলগীয়া কাম কৰি আছে৷ বর্তমান অসমত ইউটিউবাৰসকলৰ জনপ্রিয়তা যথেষ্ট বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে৷ অলপতে ৰাজ্যৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে জনপ্রিয় ব্লগাৰসকলৰ সৈতে মত বিনিময় কৰে৷
মুখ্যমন্ত্রীগৰাকীয়ে ইউটিউব ব্লগাৰসকলৰ কাম আৰু চিন্তাক প্রশংসা কৰাৰ লগতে তেওঁলোকৰ সৃষ্টিশীল কাম আৰু ৰাজ্যখনৰ জাতি–জনগোষ্ঠীৰ চহকী কলা–সংস্কৃতি, ঐতিহ্য, পৰম্পৰা, খাদ্যাভ্যাস আদিক বিশ্বৰ অন্যান্য প্রান্তৰ সৈতে পৰিচয় কৰাই দিবলৈ আহ্বান জনায়৷ মুখ্যমন্ত্রীৰে হোৱা মত–বিনিময় অনুষ্ঠানত ৰাজ্যৰ কেইবাগৰাকীও জনপ্রিয় ব্লগাৰে অংশগ্রহণ কৰিছিল৷ তাৰে ভিতৰত ডিম্পু বৰুৱা, ভূষণ পাঠক, সমৰ বৰুৱা (গ’ গুৱাহাটী গ’), বিকাশ ছেত্রীৰ নাম উল্লেখনীয়৷ এই মত বিনিময় অনুষ্ঠানত অনলাইনযোগেও কেইবাগৰাকীও ব্লগাৰে অংশগ্রহণ কৰছিল৷ উক্ত অনুষ্ঠানত অংশ লোৱা শিৱসাগৰ নিৱাসী জনপ্রিয় ইউটিউব ব্লগাৰ ভাস্কৰ দত্তৰে হোৱা এক বার্তালাপত তেওঁ জনায় যে ইউটিউব চেনেলক বর্তমান নৱ প্রজন্মই অর্থ উপার্জনৰ পথ হিচাপে বাছি লৈছে৷ কিন্তু ই একেবাৰে সহজ নহয়৷ এই কাম কৰাৰ বাবে যথেষ্ট অধ্যয়ন, অধ্যৱসায় আৰু একাণপতীয়া প্রচেষ্টাৰ প্রয়োজন৷ ‘পূর্বাঞ্চল’ জনপ্রিয় ইউটিউব চেনেলৰ গৰাকী ভাস্কৰ দত্তই পোনপ্রথমে এটা হিন্দী ভাষাৰ ইউটিউব চেনেলৰ জৰিয়তে ৰাইজৰ মাজত জনপ্রিয় হৈ পৰিছিল৷ কিন্তু ২০১৭ বর্ষত তেওঁ অসমীয়া ভাষাত আৰম্ভ কৰিছিল তেওঁৰ ইউটিউব চেনেল ‘পূর্বাঞ্চল’৷ ভাস্কৰ দত্তই সাতখন দেশ ভ্রমণ কৰাৰ সুন্দৰ অভিজ্ঞতা আৰু কৌশল বর্ণনা কৰিছে তেওঁৰ ইউটিউব চেনেলত৷ ৰাছিয়া, ডুবাই, মালয়েছিয়া, ইণ্ডোনেছিয়া, হংকং, মাকাও, নেপালৰ সুন্দৰ ভ্রমণ বৃত্তান্ত আৰু এইসমূহ দেশত ট্রেভেল এজেঞ্চীৰ সহায় অবিহনে অত্যন্ত কম খৰচত কেনেদৰে ফুৰিবলৈ গৈছিল সেই বিষয়েও তেওঁৰ চেনেলটোত খুব সুন্দৰভাৱে প্রচাৰ কৰিছে৷ ভাস্কৰ দত্তই উল্লেখ কৰা অনুসৰি ইউটিউব চেনেলৰ জৰিয়তে অর্থ উপার্জন কৰিব পাৰি, কিন্তু ইংৰাজী আৰু হিন্দী ভাষাৰ তুলনাত অসমীয়া ভাষাৰ ইউটিউব চেনেলত লাভ কৰা পইচাৰ পৰিমাণ যথেষ্ট কম৷
এইসমূহৰ উপৰি বর্তমান ছ’চিয়েল মিডিয়াত প্রায় দেখিবলৈ পোৱা যায় বিভিন্ন অনুষ্ঠান–প্রতিষ্ঠানে প্রচাৰ আৰু প্রসাৰৰ ক্ষেত্রত ইউটিউব ব্লগাৰসকলৰ সহায়ত বিজ্ঞাপনৰ জৰিয়তে জনপ্রিয়তা অর্জন কৰিছে৷ ব্লগাৰসকল বিজ্ঞাপনৰ এক মাধ্যম হৈ পৰা পৰিলক্ষিত হৈছে৷ যাৰ দ্বাৰা তেওঁলোকে অর্থ উপার্জনৰ আন এক পথ লাভ কৰিছে৷
ইউটিউব ব্লগ খুলিবলৈ যিসকল আগ্রহী তেওঁলোকে মন কৰিবলগীয়া আটাইতকৈ প্রয়োজনীয় দিশ দুটা হৈছে বিষয়বস্তু আৰু উপস্থাপনশৈলী৷ দৃশ্যগ্রহণৰ বাবে ডাঙৰ কেমেৰা লেন্স ক্রয় কৰাৰ পৰিৱর্তে ম’বাইল ফোনৰ কেমেৰাৰে ভিডি’ সুন্দৰভাৱে সংগ্রহ কৰা, স্ক্রিপ্ঢ অনুসৰি মূল বিষয়বস্তু, স্থান, এডিটিং, আৱেগ, সময়সূচী আদি নির্ধাৰণ কৰাৰ প্রস্তুতি, চর্চা আদিৰ উপৰি কাৰিকৰী ক্ষেত্রত নিখুঁত দৃশ্য উপস্থাপনৰ বাবে ট্রাইপড ব্যৱহাৰ কৰা, শব্দগ্রহণৰ বাবে বয়া মাইক(Boya Mic) ইত্যাদিৰ ব্যৱহাৰ কৰা৷
ইউটিউব ব্লগাৰসকলে বর্তমান অসমৰ বিভিন্ন বিষয় সন্দর্ভত প্রচাৰ আৰু প্রসাৰ কৰিছে৷ ডিম্পু বৰুৱাৰ ভিডি’ৰ আৰম্ভণিতে ‘হে দোস্ত’ শব্দটোৱে বর্তমান বহুতকে আকর্ষণ কৰা দেখা যায়৷ ঠিক তেনেদৰে ব্যৱহূত কিছু আদৰ আৰু আৱেগে দর্শকক আকর্ষণ কৰাত তেওঁৰ ব্লগৰ ফল’ৱাৰ আৰু ছাবস্ক্রাইবাৰৰ সংখ্যাৰ ভিত্তিত ২০২০ চনৰ ৮ অক্টোবৰত তেওঁ ‘গ’ল্ডেন প্লে’ বাটন’ Golden Play Button) লাভ কৰিবলৈ সক্ষম হয়৷ গল্ডেন প্লে’ বাটন লাভ কৰিবলৈ ছাবস্ক্রাইবাৰৰ সংখ্যা এক মিলিয়ন হ’ব লাগে৷

You might also like