লাহে লাহে খাবা
আজিৰ টোকাটোৰ কাৰণে বাছি লোৱা বিষয়টোৰ মাজলৈ যোৱাৰ আগতে মই এখন চুটি পাতনি লিখিব খুজিছোঁ৷ মই যি সময়ৰ কথা ক’ব খুজিছোঁ সেই সময়ত মোৰ দুই পুত্র অনিন্দ্য আৰু প্রদীপ্তৰ বয়স যথাক্রমে ৭–৮ আৰু ৯–১০মান হৈছিল৷ খুব কম বয়সৰ পৰাই মই সিহঁতক কিতাপৰ প্রতি অনুৰক্ত কৰিছিলোঁ৷ ৰাতিপুৱাৰ জলপান আমি তিনিওজনে একেলগে খাইছিলোঁ৷ মোৰ তেতিয়া এনে এটা অভ্যাস হৈছিল যে জলপান খাবলৈ আৰম্ভ কৰিয়েই মই সিহঁতক মই পঢ়া কিতাপবোৰৰ বিষয়ে বিভিন্ন কথা আৰু লেখকসকলৰ জীৱনৰ আমোদজনক কথাবোৰ কৈছিলোঁ৷ গোটেইবোৰ কথা বুজি পাব পৰাৰ বয়স সিহঁতৰ হোৱা নাছিল কিন্তু মই বিশ্বাস কৰিছিলোঁ যে মই কোৱা কথাবোৰ সিহঁতৰ অৱচেতন মনত প্রোথিত হৈ থাকিব আৰু এদিন নহয় এদিন সিহঁতে তাৰ সুফল ভোগ কৰিবলৈ পাব৷ এতিয়া এই কথা জানি মই সন্তোষ অনুভৱ কৰিছোঁ যে মোৰ চেষ্টা অথলে যোৱা নাই৷
জলপান খাবলৈ বহি মই কথা ক’বলৈ মুখ মেলিলেই সিহঁত দুয়োটাই সমস্বৰে কৈছিল– ‘এতিয়া দেউতাই ৰাছেলৰ কথা ক’ব৷’
হয়, আন বহুতো লেখকতকৈ বা জ্ঞানী মানুহতকৈ ৰাছেলৰ কথা মই সিহঁতক বেছিকৈ কৈছিলোঁ, কাৰণ সেই মাত্র মই বার্ট্রাণ্ড ৰাছেলক আৱিষ্কাৰ কৰিছিলোঁ৷ ৰাছেলৰ মৃত্যুৰ ঠিক পিছতে মই এখন চুটি ৰচনা লিখিছিলোঁ– ‘ৰাছেলৰ স্মৰণত’, আৰু সেই ৰচনাখনত মই মোৰ ৰাছেল–ভক্তিৰ কাৰণ ব্যাখ্যা কৰি লিখিছিলোঁ– ‘বার্ট্রাণ্ড ৰাছেলক মই গুৰু বুলি স্বীকাৰ কৰি লৈছিলোঁ৷ কথাষাৰ শুনিয়েই বহুতৰ মুখত বিদ্রূপৰ বেঁকা হাঁহি ফুটি উঠিব ঃ ক’ত সেই দুর্ধর্ষ মহাদার্শনিক আৰু ক’ত এই প্রায়–নিৰক্ষৰ কলমজীৱী? ৰাছেলৰ দার্শনিক চিন্তাত দন্তস্ফুট কৰাৰ ধৃষ্টতা আৰু শক্তি এতিয়াতো মোৰ নায়েই, কস্মিনকালেও নহ’ব৷ ঘাইকৈ দুটা কাৰণে মই তেওঁৰ প্রতি আকৃষ্ট হৈছিলোঁ৷ প্রথমটো হ’ল তেওঁৰ গদ্য–শৈলী৷ সৰল, সুস্পষ্ট আৰু নির্মেদ এই ৰচনা–ৰীতিৰ বিশিষ্ট শক্তি আৰু সৌন্দর্যই প্রথম পৰিচয়ৰ দিনৰে পৰাই মোক মন্ত্রমুগ্ধ কৰি আহিছে৷ নিজৰ জীৱনৰ মৌলিক দৃষ্টিভংগীৰ বিষয়ে ৰাছেলে কৈছিল যে তেওঁhazy mist বা অস্পষ্ট ধূসৰতা ভাল নাপায় তেওঁ ভাল পায়sharp outlines, স্পষ্ট ৰূপৰেখা৷ সমগ্র জীৱন ধৰি তেওঁhazy mistৰ মাজত এইsharp outlineৰ অন্বেষণ কৰিছে৷ সেই অন্বেষণৰ প্রতীক হ’ল তেওঁৰ ভাষা৷
দ্বিতীয় যিটো কাৰণে মই ৰাছেলৰ প্রতি আকৃষ্ট হৈছিলোঁ সেইটো হৈছে জীৱন সম্পর্কে তেওঁৰ অতিশয় সৰল, সুস্পষ্ট আৰু সুস্থ দৃষ্টিভংগী৷ মই নিজে এজন স্বাস্থ্য–সচেতন মানুহ৷ স্বাস্থ্য সম্পর্কে মই যিকেইটা কথা শিকিছোঁ, সেইবোৰৰ বেছিভাগেই মই শিকিছোঁ বার্ট্রাণ্ড ৰাছেলৰ পৰা৷ ৰাছেলৰ দৰে ঈর্ষাযোগ্য ভাল স্বাস্থ্য খুব কম মানুহৰেই দেখা যায়৷ স্বাস্থ্যৰ লগত মনৰ খুব ওচৰ সম্পর্ক বুলি আমি সকলোৱেই মুখেৰে কওঁ কিন্তু কথাষাৰৰ গুৰুত্ব খুব কম মানুহেই উপলব্ধি কৰে৷ স্বাস্থ্যৰ লগত মনৰ ওচৰ সম্পর্ক বুলি কোৱা কথাটোৰ আন এটা অর্থ হ’ল স্বাস্থ্যৰ লগত মানুহৰ মানসিক প্রকৃতি, চিন্তাধাৰা আৰু জীৱন–দর্শনৰ ওচৰ সম্পর্ক স্বীকাৰ কৰা৷ ৰাছেলে তেওঁৰ কেইবাখনো ৰচনাত তেওঁৰ স্বাস্থ্যৰ বিষয়ে উল্লেখ কৰিছে৷ তাৰ পৰা বুজা যায় যে তেওঁৰ জীৱনৰ দৃষ্টিভংগী আৰু মানসিক প্রকৃতিৰ গঠনত সু–স্বাস্থ্যৰ প্রভাৱ সম্পর্কে তেওঁ নিজেও অত্যন্ত সচেতন আছিল৷ সকলো ক্ষেত্রতে সংযত আৰু পৰিমিত জীৱন যাপনেই যে তেওঁৰ সুস্বাস্থ্য আৰু দীর্ঘায়ু লাভৰ ঘাই কাৰণ আছিল সেই বিষয়ে কোনো সন্দেহ নাই৷
‘লাহে লাহে খাবা’ –এই অকিঞ্চিৎকৰ বিষয়টোৰ ওপৰত এখন ক্ষুদ্র ৰচনা লিখিবলৈ গৈ মই ৰাছেলক স্মৰণ কৰিলোঁ৷ এখন ৰচনাত কিবা প্রসংগক্রমে তেওঁ লিখিছিল It is always the small things which matter most৷ এই তুচ্ছ কথাটো আমি সকলো মানুহেই নিজৰ অভিজ্ঞতাৰ পৰাই জানো কিন্তু ‘লাহে লাহে খাবা’ৰ নিচিনা এটা সামান্য কথাৰ বিষয়ে এখন ৰচনা লিখিবলৈ সাহস গোটাবৰ কাৰণে মই ৰাছেলৰ নাম–মাহাত্ম্যৰ আশ্রয় ল’লোঁ৷
ভোজন–বিলাসী মানুহ বুলি ক’লে যেনেকুৱা মানুহক বুজায়, মই ঠিক তেনেকুৱা মানুহ নহওঁ৷ মুখত জুতি লগা অথচ বাহুল্যবর্জিত সাধাৰণ আহাৰ খাবলৈকে মই বেছি ভাল পাওঁ৷ ডাঃ শ্রীকৃষ্ণ মুৰাৰী নামৰ এজন পুষ্টি–বিজ্ঞানীৰ এটা কথা মই সদায় মনত ৰাখোঁ ঃ ‘ধনী মানুহৰ ৰোগবোৰ পৰিহাৰ কৰি চলিব খুজিলে সদায় দুখীয়া মানুহে খোৱা আহাৰ খাবা৷’ ডাঃ খ্রীষ্টিয়ান বার্নার্ডে কোৱা এটা কথাও মই সদায় মনত ৰাখোঁ ঃA simple well-balanced diet with the right combination of foods will supply all the necessary nutrients and at far less cost.
মোৰ প্রধান ভোজন–বিলাসিতা হ’ল এই যে খোৱাৰ পৰিৱেশটো হ’ব লাগে শান্ত, পৰিষ্কাৰ আৰু আনন্দদায়ক দ্বিতীয়তে মই খাবলৈ বিচাৰোঁ ধীৰে–সুস্থিৰে, লাহে লাহে, প্রত্যেক গৰাহ আহাৰ পৰিপূর্ণভাৱে উপভোগ কৰি৷ অলপতে এখন বাতৰিকাকতত এজন বিশ্ববিখ্যাত ৰন্ধন–শিল্পীয়ে লিখা এটা প্রবন্ধ পঢ়িলোঁ ঃFrankly we eat too much because we don’t value what we eat. We believe the bigger the plate the better the food. We need to be mindful of what we are eating. That will make an amazing differance to your health.
যিসকল মেদ–বহুল মানুহে নিজৰ ওজন কমাবলৈ চেষ্টা কৰে, তেওঁলোককো ৰবার্ট গ’ল্ডমেন নামৰ এজন বিজ্ঞানীয়ে উপদেশ দিছে– A corollary to the habit of eating less is the habit of eating slowly. When you take your time, savouring each morsel, the appetite is more readily appeased than when you bolt your food.
ওপৰৰ এই গোটেইখিনি কথা মই লিখিছোঁ মোৰ দুজনমান ঘনিষ্ঠ বন্ধুৰ কথা মনত ৰাখি৷ বহুত সময়ত মই তেওঁলোকৰ ঘৰত আলহী হ’ব লগা হয় আৰু তেওঁলোকে মোৰ কাৰণে ৰাজকীয় ভোজনৰ আয়োজন কৰে৷ কিন্তু দুখৰ কথা এইটোহে যে মই খাবলৈ আৰম্ভ কৰোঁতেই তেওঁলোকৰ খাই শেষ হয়৷ অকলে অকলে খাই থাকিবলৈ মোৰ জানো লাজ নালাগিব, বা মই অস্বস্তি অনুভৱ নকৰিম?
খোৱাৰ বিষয়ে আটাইতকৈ উত্তম নিয়মটো হ’ল এই যে আহাৰখিনি মুখৰ ভিতৰত ইমান সময় ধৰি লাহে লাহে চোবাব লাগে যাতে জিভাৰ পৰা ওলোৱা পাচক ৰসে আহাৰখিনি মুখতেই আধা হজম কৰি পেলায়৷ খৰকৈ খোৱা এজন মানুহক ধমক দি মোৰাৰজী দেশায়ে কৈছিল– ‘তুমি ভাবিছা নেকি যে তোমাৰ পেটতো দুপাৰি দাঁত আছে?’